Home Blog Page 1518

গৰমৰ দিনত দৈ খোৱাটো স্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয় জানক…

দৈ বা দৈ-গাখীৰৰ লগত অসমীয়াৰ সম্পৰ্ক অতি গাঢ় আৰু চিনাকি পুৰণিকলীয়া । ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমীয়াসকল অতি আগৰণুৱা আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত অতি সিদ্ধহস্ত । দেশৰ অন্য প্ৰান্ততো ইয়াৰ প্ৰচলন যথেষ্ট হ’লেও অসমৰ দৰে ব্যৱহাৰিক ক্ষেত্ৰত তেনে বিস্তৃত নহয় ।

বাকী ৰাজ্যত ইয়াক সাধাৰণতে কিছু খাদ্য প্ৰস্তুতি আৰু ভাতৰ লগত খোৱাৰ বিপৰীতে অসমত একেধৰণৰ ব্যৱহাৰৰ উপৰি বিধে বিধে জা-জলপানৰ লগত জুতি লগাই খোৱাত অতি পাৰ্গত অসমীয়াসকল । প্ৰকৃততে অসমীয়াৰ নিজস্বতা থকা জলপান, যেনে-বৰা চাউল, কোমল চাউল, ভজা চাউল, দোৱাই ভজা চাউল, চিৰা, মুড়ী, সান্দহগুড়ি, পিঠাগুড়ি আদিৰ লগত দৈ মিলাই খালে যি তৃপ্তি পোৱা যায় সেই তৃপ্তি অনন্য । আৰু ব্যৱহাৰৰ পিছত হাত ধুলে এঠা এৰাব নোখোজা চুঙা-টেকেলিৰ দৈও হয়তো অসমতহে পোৱা যায় ।

অৱশ্যে এনে দৈ আজিকালি দুষ্প্ৰাপ্য সামগ্ৰীৰ দৰে হৈ পৰা দেখা গৈছে । তাৰ কাৰণ হৈছে, ম’হৰ অভাৱত ম’হৰ দৈৰ অভাৱ অৱধাৰিত হোৱাৰ উপৰি ম’হৰ গাখীৰৰ ভেজালকৰণ কৰিবলৈ লোৱাত এঠা দৈৰ প্ৰাপ্তিও দুষ্প্ৰাপ্য হ’ব ধৰিছে । তথাপি অৱশ্যে অধিক মূল্যৰ বিনিময়ত এনে দৈ অদ্যাপি বজাৰত অতি কম পৰিমানে হ’লেও পোৱাটো সম্ভৱপৰ হৈ আছে । উল্লেখ্য, সম্প্ৰতি অসমীয়া খাদ্যতো ৰুপান্তৰকৰণৰ কিছু প্ৰভাৱ পৰিবলৈ লোৱাত দৈৰ ব্যৱহাৰিক পৰিসৰো কিছু সীমিত হৈ পৰিছে । সেয়া হ’লেও কিন্তু বিহু বা সকাম-নিকামত দৈৰ প্ৰয়োজনীয়তাক উলাই কৰিব পৰা হোৱাগৈ নাই । আজিও দৈ পঞ্চামৃতৰ এক উপকৰণ ৰুপে প্ৰচলিত হৈ আছে ।

এইটো সৰ্বজনবিদিত যে দৈ হৈছে গাখীৰৰ এবিধ উৎপন্ন দ্ৰব্য । সেয়ে প্ৰকৃতিত ইয়াক মুক্তাৱস্থাত পোৱা নাযায় । মানুহে ইচ্ছা কৰিলে গাখীৰৰ পৰা প্ৰস্তুত কৰি ল’ব পাৰে । গাখীৰ বোলোতে সাধাৰণতে গৰু, ছাগলী, ম’হ, ভেড়া, উট, মেঠোন, য়াক আদি পোহনীয়া জন্তুৰ পৰাই সাধাৰণতে দৈ প্ৰস্তুত কৰা হয় । প্ৰকৃততে বেক্টেৰিয়াবিশেষৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় । সেয়েহে আমাৰ প্ৰকৃতিপ্ৰদত্ত উপকাৰী বেক্টেৰিয়া, যেনে- ষ্টেপ্ট’ককাছ লেক্টিছ, ষ্টেপ্ট’ককাছ থাৰ্মফিলাছ আৰু ষ্টেপ্ট’ককাছ বুলগেৰিকাছ আদিক এৱাঁ গাখীৰৰ লগত সংযোগ ঘটাব পাৰিলেই আমাৰ অজানিতে গাখীৰ দৈত পৰিণত হৈ উঠিব ।  প্ৰকৃততে বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে গাখীৰৰ কিন্নন ঘটাই দৈত পৰিণত কৰে । সেইবাবেই দৈ প্ৰস্তুতিৰ সময়ত অকণমান পুৰণা দৈ (য’ত বেক্টেৰিয়া সংযোজিত হৈ থাকে) মিহলাই ভালকৈ লৰাই দিয়া উচিত । দৈ প্ৰস্তুতি দ্ৰুততৰ হ’বৰ বাবে অৱশ্যে বায়ুমণ্ডলৰ উষ্ণতা ৩৫-৪০° চে:ৰ আৱশ্যক হয় । সেয়ে ঠাণ্ডাকালিতকৈ গৰমকালি সোনকালে গাখীৰৰ পৰা দৈ পোৱা সম্ভৱ । মন কৰিবলগীয়া যে গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বোহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিড CH3CH(OH)COOH লৈ পৰিৱৰ্তন কৰে ।  ফলত সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি পাব ধৰে । পৰিণতিত দিন বঢ়াৰ লগে লগে দৈৰ টেঙা গুণো বৃদ্ধি পাবলৈ ধৰাত পুৰণা দৈ আমি বেছিকৈ টেঙা পাওঁ ।

ওদালগুৰিৰ বাদলাপাৰা চাহ বাগিচাত নাদত পৰি কৰুণ মৃত্যু দুমহীয়া তৃষ্ণাতুৰ হাতী পোৱালিৰ

উৎকট গৰমত তৃষ্ণা নিবাৰণৰ বাবে হাতী পোৱালী এটাই পানীৰ সন্ধানত নাদত সোমাই পৰি কৰুণ মৃত্যুক আকোঁৱালি লোৱা এটা মৰ্মান্তিক ঘটনাই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ ভূটান সীমান্তবাসীৰ চকু সেমেকাই তুলিলে।

বুধবাৰে নিশা ওদালগুৰিৰ ভূটান সীমান্তবৰ্তী বাদলাপাৰা চাহ বাগিচাৰ খুটি লাইন চেকচন নম্বৰ ১০ত পানী খাবলৈ অহা এটা হাতীৰ পোৱালীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে বেদখলৰ ফলত ঘটা বনাঞ্চলৰ সংকোচন, পৰ্যাপ্ত খাদ্য আৰু পানীৰ অভাৱ আদি কাৰণত জিলাখনৰ ভাৰত -ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত সম্প্ৰতি বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে জাকে জাকে বনৰীয়া হাতী।

আনহাতে জনবসতিপূৰ্ণ অঞ্চলত বনৰীয়া হাতীয়ে বিচৰণ কৰাৰ ফলতে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতৰ ঘটনা।

খাদ্যৰ সন্ধানত ঘূৰি ফুৰা বন্য হস্তীৰ জাক এটা বুধবাৰে নিশা বাদলাপাৰা চাহ বাগিচাৰ কুঁৱাটোলৈ পানী খাবলৈ আহে। জাকটোৰে এটা প্ৰায় দুমহীয়া পোৱালি উক্ত কুঁৱাটোত হঠাতে পৰি ওপৰলৈ ওলাই আহিব নোৱাৰাত কৰুণ মৃত্যুক আঁকোৱালি লয়।

বুধবাৰেও ছয়মহীয়া এটি হস্তী পোৱালি পানী খাবলৈ আহি কুঁৱাত পৰি হোৱা কৰুণ মৃত্যুৰ দৃশ্যই জীৱ শ্ৰেষ্ঠ মানুহৰ চকু সেমেকাই তুলিছিল। পুনৰ এটি দুমহীয়া হস্তী পোৱালীৰ একেই কাৰণত মৃত্যু হোৱাত অসম চৰকাৰৰ বন বিভাগ আৰু বিটিচিৰ বন বিভাগক ৰাইজে তীব্ৰ গৰিহণা দিয়ে।

উন্মুক্ত অৱস্থাত থকা কুঁৱাসমূহ পুতি পেলাবলৈ বনবিভাগক ৰাইজে দাবী জনাইছে।

‘নাহিলে জীৱন দিম’- প্ৰেমিকক ফোন কৰাৰ পিছত প্ৰথমে আদালতত বিয়া, কিন্তু হোটেলত কথাবোৰ বেয়া হৈ গ’ল…

প্ৰেমিকৰ ওপৰত খঙত প্ৰেমিকাগৰাকীয়ে প্ৰথমে প্ৰেমিকক তাইৰ ওচৰলৈ মাতিছিল, হত্যাৰ ভাবুকি দিছিল। আদালতত তাইক বিয়া কৰাইছিল। ইয়াৰ পিছতে হোটেলত ছুৰীৰে প্ৰেমিকৰ ব্যক্তিগত অংশটো কাটি পেলালে।

বুধবাৰে এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল পাটনাৰ এগজিবিচন ৰোডত অৱস্থিত এখন হোটেলত। প্ৰেমিকক তাৎক্ষণিক চিকিৎসাৰ বাবে পিএমচিএইচলৈ প্ৰেৰণ কৰাৰ বিপৰীতে প্ৰেয়সীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

প্ৰেমিকজন চি আৰ পি এফ জোৱান। ৫ জুনত পাটনা চহৰৰ অসামৰিক আদালতত দুয়োৰে বিবাহ হয়। পিএমচিএইচৰ চিকিৎসকগৰাকীৰ মতে, চিআৰপিএফৰ জোৱানৰ ব্যক্তিগত অংশ ৬০ শতাংশ কৰ্তন কৰা হৈছে।

ছত্তীশগড়ৰ সুকমাত তেওঁ কৰ্মৰত। প্ৰেমিকাগৰাকী দৰভঙাৰ বাসিন্দা। চাৰি বছৰ পাটনাত থাকি পঢ়া-শুনা কৰিছিল। চি আৰ পি এফ জোৱান সীতামৰ্হিৰ বাসিন্দা। দুয়োজনেই ঘনিষ্ঠ আত্মীয়ও।

গান্ধী মৈদান আৰক্ষী থানাই পিএমচিএইচলৈ গৈ ২৯ বছৰীয়া জোৱানৰ বক্তব্য লয়। অৱশ্যে এই সন্দৰ্ভত কোনো কথা ক’বলৈ সাজু হোৱা নাই। গান্ধী মৈদান থানাৰ এজন এছ আইয়ে অফ ৰেকৰ্ডক জনাইছে যে প্ৰেমিকাক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে পিএমচিএইচত উপস্থিত হৈছে জোৱানৰ ভায়েক আৰু অন্যান্য আত্মীয়।

আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত বৰষুণ আহিব…

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত বৰষুণ অহাৰ সম্ভাৱনা ভৱিষ্যদ্বাণী কৰাৰ লগে লগে তীব্ৰ গৰমৰ ঢৌৰ মাজত অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহে সকাহ লাভ কৰাৰ সম্ভাৱনা আছে৷

বুধবাৰে আইএমডিয়ে দীৰ্ঘদিনীয়া বতৰৰ পূৰ্বাভাস জাৰি কৰি কয় যে, “ম্যানমাৰৰ উপকূলৰ পূব-মধ্য বংগ উপসাগৰৰ ওপৰেৰে গড় সমুদ্ৰপৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত ঘূৰ্ণীবতাহৰ পৰিবহন অব্যাহত আছে।

এই পৰিঘটনাৰ বাবেই অহা ৪৮ ঘণ্টাৰ ভিতৰত উত্তৰ-পূব অঞ্চলৰ কিছু অংশত দক্ষিণ-পশ্চিম বাৰিষাৰ আৰম্ভণিৰ বাবে পৰিস্থিতি অনুকূল হৈ পৰে বুলি আইএমডিয়ে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে।

পাঁচ দিনীয়া বতৰৰ পূৰ্বাভাসত বতৰ বিভাগে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। দ্বিতীয় দিনা আই এম ডিয়ে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ওপৰেৰে বহু ঠাইত আৰু অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ ওপৰত দুই এটা ঠাইত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল।

তৃতীয় দিনা অসম আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহত বহু ঠাইত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ কাৰ্যকলাপৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে। চতুৰ্থ দিন আৰু পঞ্চম দিনত বতৰ বিভাগে কয় যে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ অন্যান্য অঞ্চলত বেছিভাগ ঠাইতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ কাৰ্যকলাপ দেখা পোৱাৰ সম্ভাৱনা আছে।

লক্ষণীয় যে দিনৰ উষ্ণতা ৪ ডিগ্ৰী চেলছিয়াছৰ পৰা ৬ ডিগ্ৰী চেলছিয়াছলৈ (স্বাভাৱিকতকৈ ওপৰত) বৃদ্ধি পোৱাৰ মাজতে যোৱা দুসপ্তাহ ধৰি অসমকে ধৰি উত্তৰ-পূব অঞ্চলৰ কেইবাটাও অঞ্চল তীব্ৰ গৰমৰ তৰংগত লৰচৰ কৰি আছে। কালি গুৱাহাটী মহানগৰীত ৪ বছৰৰ পাছত সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হয়।

গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্টত স্পষ্টীকৰণ APDCL ৰ…

উৰহী গছৰ ওৰ উলাল, গৰিমাৰ ফেচবুক পোষ্টত স্পষ্টীকৰণ APDCLৰ
বিদ্যুতৰ নামত কোনোধৰণৰ বৰ্ধিত মাচুল পৰিশোধ কৰিব লগা হোৱা নাই গৰিমা শইকীয়া গাৰ্গেঃ APDCL

শেহতীয়াকৈ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি অহা বিষয়টোক লৈ সৰব চৰ্চা চলিছে সমগ্ৰ ৰাজ্যতে। বিদ্যুতৰ বিল বেছি অহাক লৈ ডিজিটেলী আক্ষেপ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰো। কালি গৰিমা গাৰ্গৰ এটা ফেচবুক পোষ্টৰ পাছতেই অধিক চৰ্চা লাভ কৰিছে বিদ্যুতৰ বিল বেছি অহা বিষয়টো।

সামাজিক মাধ্যম তথা ফেচবুকত গৰিমা গাৰ্গে এনেদৰে উল্লেখ কৰে যে, ‘যোৱা মাহত ১০,৫০০… এই মাহৰ প্ৰথম ৫ দিনত ২০০০… মানে মাহৰ শেষলৈ ১২,০০০। বহেমিয়ানৰ ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট ফেনো বন্ধ থাকে। আমাৰ ওচৰত ডাঙৰ গছো নাই।’

গৰিমা শইকীয়া গাৰ্গৰ এই বিশেষ পোষ্টৰ পাছতেই অধিক চৰ্চা লাভ কৰে বিষয়টোৱে। এক প্ৰকাৰ কমেণ্টৰ বৰষুণ হয় তেওঁৰ পোষ্টটোত। কিন্তু এতিয়াহে উৰহী গছৰ ওৰ উলাল। গৰিমা শইকীয়া গাৰ্গৰ উক্ত পোষ্টটোতে বিদ্যুৎ বিভাগে এটা স্পষ্টীকৰণ প্ৰকাশ কৰে। কমেণ্ট যোগে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড কয় যে, ‘হেল্লো মেডাম, আমি আমাৰ ৰেকৰ্ড পৰীক্ষা কৰিছো আৰু লক্ষ্য কৰিছো যে আপোনাৰ এপ্ৰিল মাহৰ প্ৰিপেইড বিলৰ পৰিমাণ আছিল ৬,০৯৮ টকা আৰু মে মাহৰ প্ৰিপেইড বিলৰ পৰিমাণ আছিল ৬,৪৫৯ টকা। অৱশ্যে, আপুনি এপ্ৰিলত কোনো ৰিচাৰ্জ কৰা নাছিল, সেয়েহে মে’ মাহত আপুনি দুমাহৰ বাবে ৰিচাৰ্জ কৰিব লগা হৈছিল, যাৰ ফলত অধিক বিল পৰিশোধ কৰিব লগা হৈছিল। অনুগ্ৰহ কৰি আপোনাক এনে পৰিস্থিতি পৰিহাৰ কৰিবলৈ নিয়মীয়াকৈ ৰিচাৰ্জ কৰিবলৈ অনুৰোধ জনাইছো।’

বিভাগীয় স্পষ্টীকৰণটোৰ পৰা এই কথাটো নিশ্চিত হৈছে যে, বিদ্যুতৰ নামত কোনো ধৰণৰ বৰ্ধিত মাচুল পৰিশোধ কৰিব লগা হোৱা নাই গৰীমা গাৰ্গে। বৰঞ্চ বিদ্যুত খৰচ কৰাৰ নামত দিব লগা ধন ৰাশি নিয়মীয়াকৈ দিয়া নাছিল তেওঁলোকে। বিদ্যুতৰ বিলৰ নামত অধিক ধন দিব লগা হৈছে বুলি এক প্ৰকাৰ মিথ্যাছাৰৰ আশ্ৰয় লোৱা নাই নে গৰিমা শইকীয়াই গাৰ্গে। সামাজিক মাধ্যমত এনে বিষয় এটা উত্থাপন কৰাৰ আগতে কিয় এনে হৈছে তাৰ কাৰণ ভালদৰে পৰীক্ষা কৰি নাছালে তেওঁ। যিহেতু তেওঁলোকৰ দৰে লোকৰ যথেষ্ট অনুৰাগী আছে। তেনেক্ষেত্ৰত অনুৰাগীসকলক এনে কথা কোৱাৰ আগত নিজৰেই কিবা কৰণীয় ৰৈ গৈছে নেকি এবাৰ ভাবি চোৱা হ’লে নিশ্চয় এই বিষয়টো উত্থাপন নহ’লহেঁতেন। বিভাগৰ স্পষ্টীকৰণৰ পিছত এইটো প্ৰমাণ হৈছে যে, তেওঁ নিজৰ লাখ লাখ অনুৰাগীৰ ওচৰত এক প্ৰকাৰ মিছা মাতিলে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰকাশ কৰা এই স্পষ্টীকৰণটোৰ পিছত এতিয়া কি মন্তব্য আগবঢ়ায় জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সেয়া লক্ষ্যণীয় হ’ব।

শুকুৰবাৰেও বহু ৰে’ল কৰা হৈছে বাতিল, মেৰামতিৰ বাবে বাহাংগা ষ্টেচনত সেৱা ব্যাহত

বালেশ্বৰৰ বহাংগা বজাৰ ষ্টেচনৰ সমীপত এক দুৰ্ঘটনা সংঘটিত হয় কৰ্মণ্ডল এক্সপ্ৰেছৰ।

দুৰ্ঘটনাৰ পিছত ৬ দিন পাৰ হৈ গ’ল। সেই লাইনত ৰেলৰ চলাচল এতিয়াও স্বাভাৱিক নহয়। বৃহস্পতিবাৰৰ পিছত সেই লাইনৰ বহু ৰে’ল শুকুৰবাৰেও বাতিল কৰা হৈছে। ৰে’লৱেই এই অধিসূচনা প্ৰকাশ কৰি এই তালিকা ঘোষণা কৰিছে।

ৰে’লৱেৰ সূচী অনুসৰি বহাংগা বজাৰ ষ্টেচনত মেৰামতিৰ বাবে শুকুৰবাৰে খড়গপুৰ-ভদ্ৰক অংশত মুঠ ২৬খন ৰে’ল বাতিল কৰা হয়।

সেইবোৰ হ’ল – বাংৰিপোসি-পুৰী ছুপাৰফাষ্ট এক্সপ্ৰেছ, বালেশ্বৰ-ভুৱনেশ্বৰ স্পেচিয়েল, বালেশ্বৰ-ভদ্ৰক মেমু স্পেচিয়েল, ছিলদাহ-পুৰী ডুৰাণ্ট এক্সপ্ৰেছ, দীঘা-বিশাখাপট্টনম সাপ্তাহিক ছুপাৰফাষ্ট এক্সপ্ৰেছ, হাওৰা-ভুৱনেশ্বৰ জনাষ্টবদী এক্সপ্ৰেছ, হাওৰা-পুৰী শতাব্দী এক্সপ্ৰেছ, হাওৰা-ময়ছুৰু ছুপাৰফাষ্ট এক্সপ্ৰেছ, খাৰ্গপুৰ এক্সপ্ৰেছ , ভুৱনেশ্বৰ-বালেশ্বৰ বিশেষ, পুৰুলিয়া-ভিল্লুপুৰম পষেকীয়া ছুপাৰফাষ্ট এক্সপ্ৰেছ।

ইয়াৰ উপৰিও খড়গপুৰ-ভদ্ৰক MEMU বিশেষ আৰু ভদ্ৰক-খৰগপুৰ MEMU বিশেষ পথ সংকুচিত কৰা হৈছে। সেই দুখন ৰে’ল শুকুৰবাৰে বালেশ্বৰলৈকে চলিব।

২৫ বছৰত ২১ বাৰ আইভিএফ! ১ কোটি টকা খৰচ, ৩বাৰ গৰ্ভপাত। অৱশেষত ৫৪ বছৰ বয়সত মাতৃত্ব অৰ্জন এগৰাকী মহিলাৰ…

এগৰাকী নাৰীৰ বাবে আটাইতকৈ সুন্দৰ সপোন হ’ল মাতৃ হোৱা, এই ইচ্ছা পূৰণ কৰিবলৈ এগৰাকী মহিলাই সমগ্ৰ পৃথিৱীৰ লগতে যুঁজিবলৈ সাজু। এই কাহিনীটোও একেধৰণৰ, এগৰাকী নাৰীয়ে মাতৃ হ’বলৈ কি নকৰে? যদি প্ৰাকৃতিকভাৱে চেষ্টা কৰিও সন্তান নহয়, তেন্তে কিছুমানে আইভিএফ চিকিৎসা গ্ৰহণ কৰে। আইভিএফ ঠিকেই আছে, কিন্তু কিমানবাৰ? ২৮ বছৰ বয়সৰ পৰাই এগৰাকী মহিলাই মাতৃ হোৱাৰ চেষ্টা আৰম্ভ কৰিছিল। প্ৰথমে প্ৰাকৃতিক চেষ্টা কৰিছিল, তাৰ পিছত আই ইউ আই চেষ্টা কৰিলে কিন্তু এটাতো ফল নাপালে। কিন্তু ভাগ্যই গতি সলালে। বছৰবোৰ পাৰ হৈ যোৱাৰ লগে লগে মহিলাগৰাকীয়ে আইভিএফ কৰি থাকিল। আশা কোনোবা এদিনা তেওঁ সন্তানৰ মাতৃ হ’ব। কিন্তু এই প্ৰচেষ্টাত ২৫ বছৰ পাৰ হৈ গ’ল। এই ২৫ বছৰত তেওঁ ২১ বাৰ আইভিএফৰ চেষ্টা কৰিছিল। এই প্ৰক্ৰিয়াত তেওঁ প্ৰায় এক কোটি টকা ব্যয় কৰিছিল। কিন্তু কোৱা হয় যে শেষ ভালেই সকলো ভাল।এতিয়া ৫৪ বছৰ বয়সত সেই মহিলাগৰাকী মাতৃ হৈছে। এটি কন্যা সন্তান জন্ম দিছে।

এক কবৰৰ অনুসৰি মহিলাগৰাকীৰ নাম হেলেন ডালগ্লিছ, গ্লাছগোত থাকে। আইভিএফ যাত্ৰাৰ প্ৰায় ১০ বছৰ পিছত হেলেনে স্কটিছ পৰামৰ্শদাতাই বন্ধ্যাত্বৰ ওপৰত কথা কোৱা শুনিছিল। তাৰ পিছত হেলেনে এই নতুন ঠাইখনৰ পৰা চিকিৎসা লোৱাৰ সিদ্ধান্ত লৈ নিজৰ ক্লিনিক সলনি কৰিলে। অৱশেষত ৫৪ বছৰ বয়সত হেলেন এটি সন্তানৰ মাতৃ হৈ পৰে। ছেপ্টেম্বৰ মাহত হেলেনে এগৰাকী কন্যা সন্তান জন্ম দিয়ে। এই সকলোবোৰ কথা কওঁতে হেলেনে কয় যে হয়তো এতিয়া মই যোৱা ২৫ বছৰ ধৰি মোৰ বিষ আৰু চকুলো পাহৰিছো। এই শিশুটি মোৰ ওচৰলৈ মোৰ পিতৃয়ে স্বৰ্গৰ পৰা পঠিয়াইছে।

শিৱসাগৰৰ ভটিয়াপাৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত ‘শ্ৰী ৰঘুপতি’ চাবলৈ দৰ্শকৰ ভিৰ। পৰৱৰ্তী সময়তো অভিনেতা ৰবি শৰ্মাৰ পৰা এনে ছবি আশা কৰিছে দৰ্শকে…

বহু প্ৰত্যহ্বানৰ অন্তত সোমবাৰে চিত্ৰগৃহলৈ অহিল বিগ বাজেটৰ অসমীয়া ছবি শ্ৰী ৰঘুপতি । অন্য়ান্য প্ৰান্তৰ লগতে শিৱসাগৰতো ছবিখনৰ প্ৰথম দৰ্শনীৰ পৰাই আদৰি লৈছে দৰ্শকে। ৰাজ্যৰ প্ৰতিটো চিত্ৰগৃহৰ লগতে শিৱসাগৰৰ ভটিয়াপাৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত দৈনিক চাৰিটাকৈ হোৱা দৰ্শনীত এতিয়া অশেষ সমাদৰ দেখিবলৈ পোৱা গৈছে। ৰাইজৰ সৈতে ছবি উপভোগ কৰিলে আমগুৰিৰ অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই।

শিৱসাগৰ দৰ্শকে অভিনেতা ৰবি শৰ্মাৰ পৰা পৰৱৰ্তী সময়তো এনে ধৰণৰ ছবি আশা কৰাৰ লগতে ছবিখনত জড়িত সকলো ক’লা কোশলীকো শ’লাগ লয়। ভাস্কৰজ্যোতি চিত্ৰগৃহৰ স্বৰ্তাধিকাৰী গৰাকীয়েও এনে ধৰণৰ ছবিৰ জড়িয়তে অনাগত সময়ত আসমীয়া চলচিত্ৰ প্ৰতিষ্ঠানলৈ আমূল পৰিৱৰ্তন আহিব বুলি সংবাদ-মাধ্যমৰ আগত মন্তব্য কৰে।

ওদালগুৰি মাজবাটত শিশু শ্ৰমিক উদ্ধাৰ অভিযান…

শিশু শ্ৰমিক উদ্ধাৰ মাহ উপলক্ষে আজি ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়। বচপন বচাও আন্দোলন দল, শ্ৰমিক পৰিদৰ্শক বিষয়া, ওদালগুৰি জিলাৰ শিশু সুৰক্ষা বিষয়া,চাইল্ড লাইনৰ দল, কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ অংশীদাৰ NGO, মাজবাট CWPO’ আৰু মাজবাট আৰক্ষী দলৰ সৈতে সমন্বয় কৰি আজি মুঠ ১০ জন শিশুক বিভিন্ন দোকান আৰু হোটেলৰ পৰা কৰ্মৰত অৱস্থাত উদ্ধাৰ কৰা হয়।

আনহাতে শিশু কেইটিৰ যতন আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলাৰ শিশু কল্যান সমিতিত হাজিৰ কৰা হয়,লগতে পৰৱৰ্তী সময়ত স্বতাধিকাৰী পক্ষৰ সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সুৰক্ষা বিষয়া পল্লৱী শৰ্মাই জানিবলৈ দিয়ে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

খাদ্য প্ৰতি গুৰুত্ব দিয়াটো পুৰুষৰ প্ৰধান কাম। নহ’লে জীৱনলৈ আহিব বহু সমস্যা…

পুৰুষে খোৱা-বোৱাৰ ক্ষেত্ৰত যত্ন লোৱাটো অতি প্ৰয়োজনীয়। স্বাস্থ্যসন্মত খাদ্য সেৱন কৰিলেহে পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি হয় আৰু শৰীৰক দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিব পাৰে। আজি আমি আপোনালোকক ক’ম যে পুৰুষে কি কি কি বস্তু সেৱন কৰিব লাগে আৰু কি কি খাদ্য সেৱন কৰিব নালাগে-

পুৰুষে এই সমূহ বস্তুৰ পৰা আঁতৰি থাকিব লাগে-

বাহিৰত পোৱা প্ৰচেছড মাংস শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ সেৱনে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি কৰে। কেৱল এয়াই নহয়, প্ৰচেছড মাংস খোৱাৰ ফলত শুক্ৰাণুৰ সংখ্যাও হ্ৰাস পায়। সেইবাবেই প্ৰচেছড মাংসৰে তৈয়াৰী বস্তুবোৰ খাদ্যৰ পৰা বাদ দিয়ক।
মিঠা বস্তু
দৈনিক মিঠা বস্তু সেৱন কৰিলে পুৰুষৰ বন্ধ্যাত্ব বৃদ্ধি পাব পাৰে। একে সময়তে মিঠা বস্তু সেৱনৰ ফলত শুক্ৰাণুৰ সংখ্যা কমি যোৱাৰ লগতে আন বহুতো ৰোগ হ’ব পাৰে। সেইবাবেই পুৰুষে বেছি মিঠাই খাব নালাগে।


উচ্চ নিমখৰ বস্তু
নিমখ থকা খাদ্য মানে ছডিয়ামে পুৰুষৰ বন্ধ্যাত্ব বৃদ্ধিৰ কাম কৰে। এনে পৰিস্থিতিত যদি আপুনি পিতৃ হোৱাৰ কথা ভাবিছে তেন্তে আজিৰ পৰাই পিজ্জা, বাৰ্গাৰ আৰু নুডলছ আদি খোৱাৰ পৰিমাণ কমাই দিব।
ধূমপান কৰা
যদি আপুনি চিগাৰেট খায়, তেন্তে সাৱধান হওক কাৰণ ই পুৰুষৰ বন্ধ্যাত্ব বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ। ধূমপান শৰীৰৰ বাবে ক্ষতিকাৰক হব পাৰে। যদি আপুনি দৈনিক চিগাৰেট খায়, তেন্তে শুক্ৰাণু কমি যোৱাৰ সম্ভাৱনা।

সুৰা-

ভুলতেও পুৰুষে মদ সেৱন কৰিব নালাগে। কাৰণ মদ্যপান কৰিলে শুক্ৰাণুৰ সংখ্যা কমি যায়।