Home Blog Page 1524

মৃত্যু উপত্যকাত পৰিণত হৈছে নামনি অসমৰ চাপৰ আৰু বিলাসীপাৰা…

মৃত্যু উপত্যকাত পৰিণত হৈছে নামনি অসমৰ চাপৰ আৰু বিলাসীপাৰা |
এটাৰ পিছত আন এটা কৈ হত্যাকাণ্ডই জোঁকাৰি গৈছে চাপৰ তথা বিলাসীপাৰা |
শেহতীয়া কৈ পুনৰ সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড |


চাপৰৰ শালকোচা চৰুৱাবাখৰাত নিশা সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ |
অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে আনোৱাৰ হুছেইন নামৰ লোক এজনক |
আনোৱাৰ হুছেইন গাঁও খনৰ পৰছ আলীৰ ২৬ বছৰীয়া পুত্ৰ |
আনোৱাৰ হুছেইন পেষাত স্থানীয় মছজিদ এটাৰ ইমাম আছিল আৰু ঘৰুৱা আৰবী শিক্ষকৰ কাম কৰিছিল |
নিজৰ ঘৰৰ চোতালতে নিশা কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰে আনোৱাৰ হুছেইনক |


হত্যাকাণ্ড সংঘটিত কৰি নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলাই যায় হত্যাকাৰী |
ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো |
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই |
এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে |

নগাঁৱৰ কচুৱা তিনিআলীৰ পৰা উৎখাত জোৱাৰ আড্ডা…

নগাঁৱৰ কচুৱা তিনিআলীৰ পৰা উৎখাত জোৱাৰ আড্ডা ৷

কচুৱা আৰক্ষীয়ে অভিযান চলায় তিনিটা জুৱাৰী (টিৰ খেলৰ) আটক কৰাৰ লগতে দুটা মবাইল, নগদ ধন আৰু টিৰ খেলৰ টিকত জব্দ কৰে ৷ ধৃত জুৱাৰী কেইটা ইব্ৰাহিম আলী, ফইজুল ইছলাম আৰু ছিৰাজ আলী ৷

বৰ্তমান কচুৱা আৰক্ষীৰ জিম্বাত ধৃত জুৱাৰী কেইটা ৷

প্ৰবীণ নাট্যকাৰ, অভিনেতা তথা ‘শ্ৰীগুৰু’ থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ দেহাৱসান…

প্ৰবীণ নাট্যকাৰ, অভিনেতা তথা ‘শ্ৰীগুৰু’ থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ দেহাৱসান। আজি পুৱা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে নেত্ৰকমল বৰঠাকুৰে

প্ৰয়াত বৰঠাকুৰ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। নাট্যক্ষেত্ৰৰ উপৰিও তেওঁ আছিল এগৰাকী শিক্ষক। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত তেওঁ আছিল সক্ৰিয় অংশগ্ৰহণকাৰী।

৮৮ বৰ্ষীয়া এইগৰাকী বহুমুখী প্ৰতিভাধৰ আছিল সুদক্ষ অভিনেতা, নাট পৰিচালক। অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘নটৰাজ’ থিয়েটাৰত তেওঁ গ্ৰেজুৱেট শিক্ষকৰ চাকৰি এৰি যোগদান কৰিছিলগৈ।

সেই সময়ত এয়া আছিল একেবাৰে নাভূত-নাশ্ৰুত কথা। নাট্যজগতত অভিনেতা হিচাপে খোপনি পোতাৰ পাছতে তেওঁ ‘শ্ৰীগুৰু’ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

নাট্যকাৰ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা নেত্ৰকমল বৰঠাকুৰৰ এখন জনপ্ৰিয় নাট ‘বলিয়া হাতী’। তেওঁ ৰচনা কৰা আন কেইবাখনো নাটকে বিশেষ সমাদৰ লাভ কৰিছিল। লগতে তেখেতে হাতীচোং অঞ্চলৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰো নেতৃত্ব বহন কৰিছিল । এইগৰাকী বহুমুখী প্ৰতিভাৰ মৃত্যুত সমগ্ৰ নগাওঁ জিলাতেই শোকৰ ছাঁ পৰিছে।

কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্ন…

কলডিল সকলো জনগোষ্ঠীৰে অতি প্ৰিয় পাচলি। কলডিলৰ ভিতৰত ভীমকলৰ ডিল অতি সুস্বাদু। পাহাৰীয়া কলৰ ডিলবোৰো সাধাৰণতে তিতা হোৱা হেতুকে সৰ্বসাধাৰণে ভীমকলৰ ডিল পাচলি হিচাপে গ্ৰহণত অগ্ৰাধিকাৰ দিয়ে। অৱশ্যে ইয়াৰ চাহিদা ক্ৰমে বৃদ্ধি পাবলৈ ধৰাত বজাৰত ইয়াৰ দামো ক্ৰমে বৃদ্ধি পাবলৈ ধৰাত বজাৰত ইয়াৰ দামো ক্ৰমে বৃদ্ধি পাবলৈ ধৰা দেখা যায়। সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু স্বাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে।

কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্নও। ইয়াৰ এশ গ্ৰাম দ্ৰব্যত পোৱা মুখ্য উপাদানবোৰ এনে-

  • কাৰ্ব’হাইড্ৰেট ৫ গ্ৰাম,
  • প্ৰ’টিন ১.৫ গ্ৰাম,
  • খনিজ লৱণ ৫.৮ গ্ৰাম আৰু প্ৰচুৰ ফাইবাৰ।

খনিজ লৱণৰ সামান্য পৰিমাণে কেলছিয়াম, ছ’ডিয়াম, পটাছিয়াম আৰু আয়োডিনো পোৱা যায়। ইয়াত নিহিত হৈ থকা শক্তিৰ পৰিমাণ হৈছে ২৮ কেলৰি/১০০ গ্ৰাম। উল্লেখ্য যে কলডিলৰ প্ৰকাৰভেদে পুষ্টিগুণৰ পৰিমাণো ভিন্ন ভিন্ন হয়।

ঔষধি গুণ –

  • কলডিলৰ আঞ্জা খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।
  • কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।
  • ই লৌহ পদাৰ্থৰ ভাল উৎস হোৱাত গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম পথ্য।

  • ইয়াৰ প্ৰচুৰ পৰিমাণে(আঁহ) থকাৰ হেতুকে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।
  • ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়। ইয়াৰ বিপৰীতে কিন্তু উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে ইয়াক অপথ্য বুলি কোৱা হয়।
  • পেটচলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে বেচ সুফল পোৱা যায়।
  • কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খালে এচিডিটী হ্ৰাস পায়।

লেখক: অৰ্পণ দত্ত

অবশেষত মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি কাকতিক নিলম্বন

IGP জিৎমল দলেৰ নিৰ্দেশত মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিক নিলম্বন। নামনি মাজুলী বালিচাপৰি থানাত সংঘটিত হোৱা ধন দাবী কাণ্ডৰে জড়িত থকাৰ অভিযোগত দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে গড়মূৰ থানাত ৰুজু হৈছিল গোচৰ। চোৰৰ সন্দেহত গণৰোষৰ বলি হোৱা দিব্যজ্যোতি নাথ নামৰ যুৱকজনক মুকলি কৰি দিয়াৰ বাবে দ্বীপজ্যোতি কাকতিয়ে লৈছিল নগদ ২,৫০০ টকা ধন।

বুধবাৰে দিব্যজ্যোতি নাথৰ মেৰুৱাবাৰীৰ বাসগৃহত উপস্থিত হয় IGP জিৎমল দলে আৰু নাথৰ ভাষ্য গ্ৰহণ কৰে। ইয়াৰোপৰি IGP দলে দিব্যজ্যোতি নাথৰ পৰিয়াল তথা বালিচাপৰি থানাৰ আৰক্ষীসকলৰো ভাষ্য গ্রহণ কৰে।

উল্লেখ্য যে, দ্বীপজ্যোতিৰ বিৰুদ্ধে গড়মূৰ থানাত লিখিত অভিযোগ দাখিল কৰিছিল মেৰুৱাবাৰীৰ আনন্দ নাথে। আনন্দ নাথৰ এজাহাৰৰ ভিত্তিতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল দ্বীপজ্যোতি কাকতিক।

১০ জুনৰ নিশা দিব্যজ্যোতি নাথে শহুৰেকৰ ঘৰলৈ যাওঁতে চোৰৰ অভিযোগত গণৰোষৰ বলি হৈছিল। ইয়াৰ পাছতে তেওঁক আৰক্ষী দ্বীপজ্যোতি কাকতিয়ে উদ্ধাৰ কৰি থানালৈ লৈ আনিছিল।

থানাত বাঘগাঁও গাঁওৰক্ষী বাহিনী,গাওঁপ্ৰধান আৰু দিব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথৰ উপস্থিতিত এখন চুক্তিত স্বাক্ষৰ কৰি মুকলি কৰি দিয়াৰ নামত লৈছিল উক্ত ধনৰাশি।

ধন দাবীৰ অভিযোগত আৰক্ষী দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছতেই বুধবাৰে বিয়লি IGP জিৎমল দলেৰ নিৰ্দেশত নিলম্বন কৰে।

নৃশংস! পত্নীক হত্যা, কন্যাক কাটি শৰীৰৰ অংগ পেলাই দিলে খালত

৪৩ বছৰীয়া পত্নীক হত্যা কৰা, তেওঁৰ ১৫ বছৰীয়া জীয়েকক কাটি টুকুৰাবোৰ খালত পেলাই দিয়া এজন ৫২ বছৰীয়া ব্যৱসায়ীক কেন্দ্ৰীয় শাসিত অঞ্চল দিউ দমন আৰু দাদৰা আৰু নগৰ হাভেলীৰ চিলভাচাত গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্ত যোগেশ মেহতাই তেওঁৰ জীয়েকক হত্যা কৰিছিল যিয়ে তাইৰ মাতৃ ৰেশ্মাক বচাবলৈ চেষ্টা কৰিছিল। মেহতাই সোমবাৰে সন্ধিয়া প্ৰথমে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি জনাইছিল যে তেওঁৰ পত্নীক হত্যা কৰা হৈছে।

অৱশ্যে, সোধা-পোছাৰ সময়ত, তেওঁ ভাগি পৰিছিল আৰু তেওঁৰ অপৰাধ স্বীকাৰ কৰিছিল। অভিযুক্ত যোগেশ মেহতাই বিশেষভাৱে সক্ষম জ্যেষ্ঠ কন্যাৰ উপস্থিতিত পত্নী আৰু কন্যাক হত্যা কৰাৰ অভিযোগ। বস্তাত পত্নীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

নলবাৰী জিলাত বড়ো ধান ছপোৱা উৎসৱ

নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়, আত্মা (ATMA) ৰ উদ্যোগত এপাৰ্ত (APART) আঁচনিৰ অধীনত চামতা কৃষি চক্ৰৰ অন্তৰ্গত বনগাঁওত “বড়ো ধান চপোৱা উৎসৱ” অনুষ্ঠিত কৰা হয়।

জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধিয়ে শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত কৃষকসকলক উদ্দেশ্যি আধুনিক কৃষি পদ্ধতি, খেতিত আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ, কৃষকৰ খৰচ কম আয় বৃদ্ধি, আদি বিষয়ত আলোচনা কৰাৰ লগতে সজাগ কৰে।

ইয়াৰ উপৰিও অনুষ্ঠানত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন অভিলাষী আঁচনি যেনে PMKISAN, PMKSY, PMFBY, CMSGUY আদি আঁচনিৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

উক্ত আঁচনিৰ অধীনত কৃষক ৰাইজে কেনেকৈ সুবিধা সমুহ লাভ কৰিব সেই বিষয়ে অৱগত কৰে। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ সহযোগী বিজ্ঞানী ড° বিপিন কুমাৰে ধান ৰোৱাৰ পৰা শস্য চপোৱালৈ আৰু কৃষি যন্ত্ৰিকীকৰণৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে জনায়।

আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কণিষ্ঠ গৱেষক অম্লান দ্বীপ শইকীয়া ই কৃষি যন্ত্ৰ সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষি যন্ত্ৰ সমূহ পৰিচয় কৰাই দিয়ে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বনগাঁওস্থিত কৃষক কল্যাণ এফ পি অ’ ৰ পথাৰত বৰো ধানৰ খেতি আধুনিক কৃষি যন্ত্ৰ কম্বাইন হাৰভেষ্টাৰৰ (Combine Harvester) সহায়ত চপোৱাৰ লগতে কৃষক ৰাইজৰ মাজত কৃষি যন্ত্ৰৰ প্ৰদৰ্শনী কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° মনোজ কুমাৰ ভূঞা আৰু কৃষি উন্নয়ন বিষয়া মৃদুপবন মুদৈ, দি পি দি (আত্ম) ড° জয়া গগৈ লগতে এপাৰ্ট ,আত্মা,বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল আৰু কৃষক কল্যাণ এফ পি অ’ ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী চাহ বাগানত শিশু সৰবৰাহ আৰু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাখনৰ অন্তৰ্গত বিভিন্ন বাগান কৰ্তৃপক্ষৰ সহযোগত বাগান অঞ্চলত সঘনাই ঘটি থকা মানৱ সৰবৰাহ ,শিশু শ্রমিক, বাল্য বিবাহ ,নাৰীজনিত অপৰাধ আদি বিভিন্ন দিশ সামৰি জিলা প্ৰশাসনে সজাগতা সভা অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে কেইমাহ মান আগতে জিলাৰখনৰ অন্তৰ্গত মুঠ ২৩ খন চাহ বাগিচাত সজাগতা সভা অনুষ্ঠিত কৰিছিল জিলা প্ৰশাসনে।

কিছুদিন আগতে ওদালগুৰি জিলা প্ৰশাসনে মাজুলী চাহ বাগানৰ পৰা তিনিজন শিশুক সৰবৰাহীৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়।

উক্ত ঘটনাৰ সংক্ৰান্তত ৰাইজক সজাগ সচেতন কৰিবলৈ বুধবাৰে মাজুলী চাহ বাগিচাত জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ লগতে বাগান কৰ্তৃপক্ষৰ সহযোগত বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰে।

সভাত ভেৰগাও মহকুমাৰ মহকুমাধিপতি পল্লৱী কছাৰী, ওদালগুৰি জিলা উপায়ুক্ত ড° সাদনেক সিঙ, জিলা সহকাৰী আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগু,বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মাই সজাগতা মূলক ভাষণ দিয়ে।

সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ড° ভুবেনেশ্বৰ স্বৰ্গীয়াৰী,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া ৰাজেশ হাজৰিকাই বিভাগীয় আঁচনিৰ ওপৰত আৰু মাজুলী এ চি এম এছৰ সভাপতি অনন্ত গোৱালাই বাগান অঞ্চল অভাৱ অভিযোগ সম্পৰ্কীয় ভাষণ দিয়ে।

তিনি শতাধিক অভিভাৱকৰ লগতে ছাত্র ছাত্ৰী উপস্থিত থকা সজাগতা সভা খনত মোবাইল মেডিকেল ইউনিট আৰু আৰ বি এছ কে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়।

সভাত জিলা শিশু সুৰক্ষা সমিতি, চাইল্ড লাইন,শিক্ষা বিভাগ, সমাজ কল্যান বিভাগ, শ্ৰম বিভাগ, পুলিচ প্ৰশাসন, জন স্বাস্থ্য কাৰিকৰী বিভাগ,ডি আৰ ডি এ, শিশু কল্যান সমিতি,বাগান পৰিচালনা সমিতি,জে জে বি, আশা কৰ্মী, শিক্ষক, শিক্ষয়িত্ৰী, অংগনাৱাড়ী কৰ্মী ,আদিবাসী ছাত্র সংগঠন, এছ এম চিৰ বিষয় ববীয়াসকল উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বঢ়ায়।

বিহাৰত ৪ হাত, ৪ ভৰি আৰু দুটা হৃদয় লৈ জন্ম হ’ল শিশু

বিহাৰৰ সাৰণ জিলাৰ ছাপৰাত মঙলবাৰে এগৰাকী মহিলাই চাৰি হাত আৰু চাৰি ভৰিৰ অনন্য কন্যা সন্তান জন্ম দিয়ে। তাইৰ মূৰৰ আকৃতিও আছিল অস্বাভাৱিক।

এই অসাধাৰণ দৃশ্যৰ সাক্ষী হ’বলৈ নাৰ্চিং হোমত এক বৃহৎ জনসমাগম হয়, যাৰ ফলত ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হয়। মতামত ভিন্ন আছিল, কোনোৱে ইয়াক ঐশ্বৰিক অৱতাৰ হিচাপে গণ্য কৰাৰ বিপৰীতে কোনোৱে ইয়াক জৈৱিক বিজুতি হিচাপে লয়। কিন্তু দুৰ্ভাগ্যবশতঃ জন্মৰ কিছু সময়ৰ পিছতে কেঁচুৱাটিৰ মৃত্যু হয়।

ছাপৰাৰ শ্যামচাকৰ সঞ্জীৱনী নাৰ্চিং হোমত জন্ম হৈছিল শিশুটিৰ। নৱজাতকটো দেখি ডাক্তৰো সমানেই আচৰিত হ’ল। চিকিৎসালয়খনৰ ভিতৰতে এই খবৰটো দ্ৰুতগতিত প্ৰচাৰিত হৈ কৰ্মচাৰী আৰু ৰোগী উভয়ৰে মাজত কথা-বতৰাৰ সূচনা হয়। ছচিয়েল মিডিয়াত কন্যা শিশুটিৰ ছবিয়ে ব্যাপক চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰে৷

চিকিৎসালয়খনৰ সঞ্চালক ডাঃ অনিল কুমাৰে এই অস্বাভাৱিক কেঁচুৱা ছোৱালীজনীৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰে। তাইৰ এটা মূৰ, চাৰি কাণ, চাৰি ভৰি আৰু চাৰি হাতৰ লগতে দুটা মেৰুদণ্ড আছিল। আমোদজনক কথাটো হ’ল তাইৰ বুকুত দুটা ধপধপাই থকা হৃদয় আছিল। চিকিৎসালয় পৰিচালনা সমিতিয়ে নৱজাতকটো প্ৰসৱৰ বাবে অপাৰেচন কৰে, যি জন্মৰ লগে লগে জীয়াই আছিল যদিও দুৰ্ভাগ্যজনকভাৱে প্ৰায় ২০ মিনিটৰ পিছত তেওঁৰ মৃত্যু হয়।

ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত হৈছে অসমৰ সুৰঞ্জনা দত্ত…

অসমৰ সুৰঞ্জনা দত্ত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক । ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত হৈছে অসমৰ সুৰঞ্জনা দত্ত ।

সুৰঞ্জনা দত্ত এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত অসমৰ প্ৰথমগৰাকী মহিলা বিষয়া৷ কটন কলেজৰ পৰা ষ্টেণ্ড কৰি পাছত কটনৰে পৰা ডিগ্ৰীৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে ।

চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে কাম কৰাৰ ওপৰিও তেখেত জাপানতো কৰ্মৰত আছিল।