Home Blog Page 1523

নিৰ্মীয়মান অৱস্থাতে বাগৰি পৰিল ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত মনুজুলি গাঁৱৰ পকী নলাৰ বৃহৎ অংশ

ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত কেইবা লক্ষাধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কাৰ্য চলাইছিল পকী নলাৰ৷

অভিযোগ অনুসৰি উক্ত পকী নলাৰ ঠিকা লাভ কৰা ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পকী নলাৰ নিৰ্মাণ কাৰ্য চলোৱাত আজি অকস্মাৎ বাগৰি পৰিল মনুজুলি গাঁৱৰ অতিৰিক্ত পানী উলাই যোৱাৰ বাবে নিৰ্মীয়মান পকী নলা৷

ইয়াকে লৈ আজি তদন্তৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপত মুণ্ডহীন অৰ্ধগলিত মহিলাৰ মৃতদেহ উদ্ধাৰ

অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ এখন চেলুনৰ পিছফালে বেৰৰ কাষত উদ্ধাৰ কৰা হৈছে মুণ্ডহীন মহিলাৰ অৰ্ধগলিত মৃতদেহ।

কোনো লোকে মহিলাগৰাকীক শিৰচ্ছেদ কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ইফালে মহিলাগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হৈছে মুণ্ড।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে এ এম চিলৈ প্ৰেৰণ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ। ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

Truecaller ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ

জনপ্ৰিয় কলাৰ চিনাক্তকৰণ এপ ট্ৰুকেলাৰে এণ্ড্ৰইড আৰু আইঅ’এছ অপাৰেটিং চিষ্টেমত ইয়াৰ প্ৰিমিয়াম ব্যৱহাৰকাৰীৰ বাবে কল ৰেকৰ্ডিং বৈশিষ্ট্য ঘূৰাই দিছে।

ব্যৱহাৰকাৰীয়ে এণ্ড্ৰইডত ট্ৰুকলাৰৰ ডায়েলাৰৰ পৰা পোনপটীয়াকৈ ৰেকৰ্ডিং কল আৰম্ভ কৰিব পাৰে। Truecaller এ এটা ৰেকৰ্ডিং বুটাম প্ৰদৰ্শন কৰিব যদি তেওঁলোকে এটা ভিন্ন ডায়েলাৰ ব্যৱহাৰ কৰে।

ইফালে iOS ত এটা কল ৰেকৰ্ডিং কৰাটো অলপ বেছি জটিল। আপুনি প্ৰতিবাৰ এটা কল ৰেকৰ্ডিং কৰিব বিচৰাৰ সময়ত এটা নিৰ্দিষ্ট ৰেকৰ্ডিং লাইন কল কৰিব লাগিব আৰু তাৰ পিছত ৰেকৰ্ডিং আৰম্ভ কৰিবলৈ দুটা কল একত্ৰিত কৰিব লাগিব।

আউটগোয়িং কলৰ বাবে আপুনি প্ৰথমে Truecaller এপ ব্যৱহাৰ কৰি ৰেকৰ্ডিং লাইনৰ সৈতে এটা কল আৰম্ভ কৰিব লাগিব তাৰ পিছত আপুনি কথা পাতিব বিচৰা ব্যক্তিজনক কল কৰিব লাগিব আৰু তাৰ পিছত দুটা কল একত্ৰিত কৰিব লাগিব।

নিৰাপত্তাজনিত কাৰণত বিপৰ শব্দই কলত থকা আনজনক সতৰ্ক কৰি দিব যে কথা-বতৰা ৰেকৰ্ডিং কৰা হৈছে। Truecaller এ প্ৰথমে ২০১৮ চনত প্ৰিমিয়াম এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এই বৈশিষ্ট্য মুকলি কৰিছিল আৰু তাৰ পিছত ২০২১ চনত সকলো এণ্ড্ৰইড ব্যৱহাৰকাৰীলৈ সম্প্ৰসাৰিত কৰিছিল।

কিন্তু ২০২২ চনত গুগলৰ এক্সেছিবিলিটি এপিআইৰ সীমাবদ্ধতাৰ বাবে এই বৈশিষ্ট্য আঁতৰোৱা হৈছিল, যিটো ট্ৰুকেলাৰে কল ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছিল।

এতিয়া এই বৈশিষ্ট্য ঘূৰি আহিছে যদিও কেৱল প্ৰিমিয়াম গ্ৰাহকৰ বাবে আৰু কেৱল আমেৰিকাত। কোম্পানীটোৱে শীঘ্ৰে ইয়াক আন দেশলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।

দেৰগাঁৱৰ গোলোং টেমেৰাত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ উদ্যোগত বড়ো ধানৰ বীজ চপোৱাৰ কৰ্মশালা

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ সময় উপযোগী পদক্ষেপ। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ উদ্যোগত, গোলাঘাট কৃষি গৱেষণা কেন্দ্ৰৰ সৌজন্যত বৃহস্পিবাৰে দেৰগাঁৱৰ সমীপৱৰ্তী গোলোং টেমেৰাত কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা বড়ো ধানৰ বীজ চপোৱাৰ এক কৰ্মশালা অনুষ্ঠিত হয়।

অনুষ্ঠানটিত উপস্থিত থাকে আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী বিবেক কুমাৰ,শস্য ৰক্ষা বিভাগ আৰু এপাৰ্টৰ তত্বাৱধায়ক সংযুক্তা শইকীয়া, উদ্যোগ শস্য বিভাগৰ বিজ্ঞানী ড°ভৈৰৱ গগৈ,গোলং টেমেৰা পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লয়িং, সহকাৰী অভিযন্তা ইমৰান হুছেইন, এপাৰ্টৰ প্ৰকল্প সহযোগী মনোজ পেগু, গৱেষণা আৰু প্ৰযুক্তি বিদ্যাৰ বিপ্লৱ বৰুৱা, দেৱজিৎ ভূঞা আৰু ভাস্কৰ জ্যোতি শৰ্মা, গাঁও প্ৰধান ফণীন্দ্ৰ লইংৰ লগতে প্ৰগতিশিল কৃষক সকল।

প্ৰশিক্ষণ কাৰ্যসূচীত কৃষি ক্ষেত্ৰতখনত জড়িত কৃষক সকলে বীজ নিৰ্বাচন, পানী যোগান, বতৰ পৰিৱৰ্তন, শ্ৰমিকৰ নাটনি, অনিয়ন্ত্ৰিত বজাৰ আদি বিভিন্ন সমস্যাত ভুগি আহিছে।

কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা এই বিভিন্ন সমস্যা সমূহৰ সমাধানৰ লগতে কৃষকৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই ‘ধানৰ বীজ সিঁচা, চপোৱা, শুকুৱাই সংৰক্ষণ কৰি প্ৰক্ৰিয়াকৰণ কৰা’ শীৰ্ষক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণৰ দ্বাৰা কৃষক সকল উপকৃত হ’ব বুলি জানিবলৈ দিয়ে।

তামুলপুৰৰ কুমাৰীকাটাত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ

আদিবাসী সেঙ্গেল অভিযানৰ কেন্দ্ৰীয় নেতৃত্বৰ উদ্যোগত আজি এদিনীয়া ভাৰত বন্ধ ঘোষণা কৰাৰ ফলত ঠায়ে ঠায়ে বন্ধৰ বিশেষ প্ৰভাৱ পৰে।

সমান্তৰালভাৱে আদিবাসী সেঙ্গেল অভিযান তামুলপুৰ ব্লক আৰু বাক্সা জিলা সমিতিৰ উদ্যোগত তামুলপুৰৰ কুমাৰীকাটাৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি গাড়ী বন্ধ কৰাৰ লগতে কুমাৰীকাটাৰ দোকান পোহাৰ বন্ধ কৰি দিয়ে।

প্ৰতিবাদকাৰী সকলে উই ওৱাণ্ট এছটি, ন’ এছটি ন’ ৰেষ্ট, মাৰাং বুৰু উভতাই দিয়ক, আমাৰ দাবী নায্য দাবী আদি শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে।

যোৰহাটৰ ম’হবন্ধা পুৰণা লাইন প্ৰাথমিক বিদ্যালয়ত “জন ভাগিদাৰী” কাৰ্যসূচী ৰূপায়ণ

বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ সন্দৰ্ভত অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি “জন ভাগিদাৰী”‘ শিৰোনামেৰে এক কাৰ্যসূচী ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত প্ৰতিখন জিলাক তিনিটা দিনত পালন কৰিবলৈ নিৰ্দেশ প্রদান কৰে।

এই নিৰ্দেশনা অনুসৰি যোৰহাট জিলাটো এই কাৰ্যসূচী ৰূপায়ন কৰি আছে৷ জিলাখনৰ যোৰহাট শিক্ষা খণ্ড,ম’হবন্ধা মণ্ডলৰ অন্তৰ্গত ম’হবন্ধা পুৰণা লাইন প্ৰাথমিক বিদ্যালয়ে ১৫জুনত বিদ্যালয়ত ‘জন ভাগিদাৰী” কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী, অভিভাৱকসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত ‘জন ভাগিদাৰী’ শীৰ্ষক কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হয়।

বৃক্ষ ৰোপণ কৰে প্ৰধান শিক্ষক অজিত ৰহিদাসে। “জন ভাগিদাৰী” বিশেষ শোভাযাত্ৰাৰ অন্তত পূৰণ তাঁতীয়ে সভাপতিত্ব কৰা সজাগতা সভা আৰু “জন ভাগিদাৰী” কাৰ্যসূচীৰ সফল ৰূপায়নত বিশেষভাবে সহযোগিতা আগবঢ়ায় নৱনিতা কৰ্মকাৰ,ৰীণা তাঁতী,মনিশা ৰবিদাস আৰু প্ৰেম খাৰিয়াই। কাৰ্য্যসূচীৰ শেষত জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণী পৰে।

নাজিৰাৰ শিক্ষা খণ্ডৰ বৰবৰুৱা মণ্ডল সমল কেন্দ্ৰত জনভাগিদাৰী সভা

অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি তিনিদিনীয়াকৈ জনভাগিদাৰী কাৰ্যসূচী ৰূপায়ন কৰি বৃহস্পতিবাৰে সামৰণি মৰাৰ উদ্দেশ্যে নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰবৰুৱা মণ্ডল সমল কেন্দ্ৰৰ ৪৯৮ নং হালোৱা গাওঁ প্ৰাথমিক বিদ্যালয়ত এখনি সভা অনুষ্ঠিত হয়।

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকে আতঁধৰা সভাখনত বিদ্যালয়ৰ লগত অভিভাৱক – অভিভাৱিকা তথা ৰাইজক জড়িত কৰণ আৰু ভূমিকা সম্পৰ্কেআলোচনা কৰে।

ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলেতৈয়াৰ কৰা বিভিন্ন শিক্ষন শিকন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু ছাত্ৰ – ছাত্ৰী সকলৰ ২০২২ বৰ্ষৰ গুণোৎসৱৰ ফলাফলৰ প্ৰমাণ পত্ৰ, সমসাজ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷

বহিঃৰাজ্যৰ কৰ্মস্থলীলৈ যোৱা অৱস্থাত ট্ৰেইনৰ পৰাই সন্ধানহীন মৰিয়নীৰ এজন ব্যক্তি; পৰিয়ালে উদ্ধাৰৰ বাবে সহায় বিচাৰিলে মুখ্যমন্ত্ৰীৰ…

বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈ সন্ধানহীন মৰিয়নিৰ এজন লোক। মৰিয়নিৰ চেলেংহাট টেঙাবাৰী গাঁৱৰ নিতু গগৈ নামৰ বিবাহিত লোক জন কৰ্মৰ সন্ধানত ৰে’ল যোগে ৰাওনা হৈছিল গুজৰাটলৈ। যোৱা ৩০ মে তাৰিখে আমগুৰি ৰে’ল ষ্টেচনৰ পৰা ট্ৰেইনেৰে গুৱাহাটীত উপস্থিত হৈ গুজৰাট অভিমুখী ট্ৰেইনত উঠিছিল নিতু গগৈ নামৰ ৪০ উৰ্ধৰ ব্যক্তিজন; কিন্তু ব্যক্তিজন গন্তব্যস্থান পোৱাৰ পূৰ্বে সন্ধানহীণ হৈ পৰে।

গুজৰাটৰ গান্ধীনগৰৰ সমীপৰ এটা প্লাউড ফেক্টৰিত কৰ্মৰত আছিল নিতু গগৈ। ৰে’ল যাত্ৰাকালতে ব্যক্তিজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

শেষ বাৰৰ বাবে পৰিয়ালৰ লগত ৩ জুন তাৰিখে ফোন যোগে যোগাযোগ কৰি ট্ৰেইনত তেওঁৰ বেগ কেইটা হেৰুৱা বুলি অৱগত কৰিছিল। তাৰ পাছৰ পৰাই যোগাযোগহীন হৈ আছে ব্যক্তিজন।

নিতু গগৈ কোনো দুষ্ট চক্ৰৰ কবলত পৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। আনহাতে ব্যক্তিজন সন্ধানহীন হোৱাৰ সন্দৰ্ভত টীয়ক আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও কোনো ধৰনৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

আনহাতে যোৱা ১৫ দিনে ব্যক্তিজন ক’ত কি পৰিস্থিতিত আছে সেই বিষয়ে একো সম্ভেদ লাভ নকৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। অজান আশংকাত উদ্বিগ্ন হৈ পৰিছে পত্নী আৰু পৰিয়ালৰ লোক।

আনহাতে পুত্ৰক উদ্ধাৰ কৰিবলৈ নিতু গগৈৰ মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংবাদমাধ্যমৰ যোগেদি কাতৰ আহ্বান জনাইছে।

মধ্যপ্ৰদেশৰ বাছ চালকৰ জীয়ৰী এতিয়া ISROৰ বিজ্ঞানী…

আৰ্থিক বাধাই ছানাৰ সপোনক কেতিয়াও সীমিত কৰা নাছিল।মধ্যপ্ৰদেশৰ এখন সৰু চহৰ বিদিশাৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান ছানা আলি। দেউতাকে বাছ চালকৰ কাম কৰাৰ বিপৰীতে মাক গৃহিণী। তাইৰ দেউতাকে অতি কঠোৰ পৰিশ্ৰম কৰিছিল

আৰু তেওঁলোকৰ ছোৱালীজনীৰ শিক্ষাৰ বাবে মাকৰ সোণৰ গহনাবোৰ বন্ধকত ৰাখিছিল।ছানাৰ আত্মীয়ই তাইৰ শিক্ষাৰ তীব্ৰ বিৰোধিতা কৰিছিল । সমাজৰ হেঁচাত বলি নহৈ আৰু ছোৱালীজনীৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি ছানাৰ পিতৃ-মাতৃয়ে তাইক শিক্ষা অব্যাহত ৰাখিবলৈ দিলে আৰু তাই বিদিশাৰ ‘সম্ৰাট অশোক টেকনিকেল ইনষ্টিটিউট”ৰ পৰা বি টেক আৰু এম টেক সম্পূৰ্ণ কৰিলে।“মই মোৰ ছোৱালীজনীক শিক্ষিত কৰিবলৈ বহুত কষ্ট কৰিলোঁ।

আমি সকলো অৰ্থনৈতিক বাধাৰ মাজতো তাইৰ শিক্ষা অব্যাহত ৰাখিলোঁ। মই মোৰ ছোৱালীজনীক ক’লোঁ যে তাই যিকোনো মূল্যতে পঢ়িব লাগিব আৰু নিজৰ লক্ষ্যত উপনীত হ’ব লাগিব। মোৰ ছোৱালীয়েও পঢ়া-শুনাত সকলো চেষ্টা কৰি এই পৰ্যায়ত উপনীত হ’ল। আমি বৰ সুখী। মই অনুৰোধ কৰো যে মোৰ ছোৱালীজনীয়ে হয়তো আৰু আগুৱাই যাব।’-ছানাৰ দেউতাকে এনেদৰে কয়।ছানা আলি বৰ্তমান ISRO ৰ এগৰাকী বিজ্ঞানী।

জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

বুধবাৰে নিশা জালুকবাৰীত এগৰাকী কিশোৰীৰ মৃতদেহ বাথৰুমত উদ্ধাৰ হৈছিল। ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি নিশ্চিত কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে আৰু এই হত্যাকাণ্ড বুলবুল হুছেইনে সংঘটিত কৰাৰ ক্লু লাভ কৰে।

অতি তৎপৰতাৰে আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত বুলবুল হুছেইনক।

আৰক্ষীয়ে বুলবুল হুছেইনক ছয়গাঁৱৰ হাতীচলা পামৰ পৰা গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে ধৃত বুলবুলে আৰক্ষীৰ আগত এই হত্যাকাণ্ডৰ বিষয়ে স্বীকাৰ কৰিছে।