Home Blog Page 1522

বাৰ্মিংহামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্টত খেলিব অসমৰ দৃষ্টিহীন খেলুৱৈ চিমু দাসে

অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ সুখবৰ। প্ৰতিবন্ধকতা নেওচি দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমীয়া ছোৱালী ক্ৰিকেটাৰ। অসমৰ এগৰাকী দৃষ্টিহীন মহিলা খেলুৱৈয়ে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেশ্যনেল ব্লাইণ্ড স্প’ৰ্টছ ফেডাৰেচন ৱৰ্ল্ড গেমছ, ২০২৩ ত খেলাৰ সুযোগ লাভ কৰিছে।

ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাই প্ৰকাশ কৰা মতে ইতিমধ্যে বাৰ্মিংহামত অহা ১৮ আগষ্টৰ পৰা ২৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে ভাৰতীয় মহিলা দলটো সাজু হৈ উঠিছে। অতি সৌভাগ্যৰ কথা যে দলটোত বি-ৱান শাখাত নগাঁৱৰ কঠীয়াতলিৰ কছাৰীগাঁৱৰ জীয়ৰী চিমু দাসো আছে।

বিশ্ব ক্ৰীড়াংগণত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰা দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত তেনেই নতুন ভাৰতীয় দলৰ হৈ অসমৰ এগৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিতভাৱে এটা ইতিবাচক খবৰ। দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত কাম কৰি থকা অসমৰ একমাত্ৰ বেচৰকাৰী সংস্থা তথা অসমত দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক কেয়াৰ ইউ ৩৬৫ ৰ সমৰ্থন আৰু সহযোগিতাত চিমুৱে ভাৰতীয় দলৰ আন খেলুৱৈসকলৰ দৰেই এতিয়া কঁকালত টঙালি বান্ধিছে।

পূৰ্বে ৰাজস্থান দলৰ বাবে খেলা চিমুৱে ভাৰতীয় দলটোৰ হৈ ইয়াৰ পূৰ্বে নেপালত এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত ভাগ লৈ চিমুৱে প্লেয়াৰ অৱ দ্য মেচ আৰু প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান বুটলিবলৈও সমৰ্থ হৈছিল। চিমুৱে প্ৰতিযোগিতাত ভাল ফল প্ৰদৰ্শন কৰি যাতে ভাৰত তথা অসমৰ নাম উজলাবলৈ সক্ষম হয় তাৰ বাবে ৰাজ্যবাসীয়ে আশীষ কামনা কৰিছে।

উল্লেখ্য যে ১৬ জনীয়া ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলটোত বি-ৱান আৰু বি-থ্ৰি শাখাত ৬ গৰাকী আৰু বি-টু শাখাত ৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে । ভাৰতীয় দৃষ্টিহীন ক্ৰিকেটৰ মহিলা আৰু পুৰুষ উভয় দলেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰত আবদ্ধ এটি বনৰীয়া হাতী

তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰত এটি বনৰীয়া মাইকী হাতী আঘাতপ্ৰাপ্ত হৈ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে খাদ্যৰ সন্ধানত ভূটানৰ পাদদেশৰ পৰা নামনিলৈ আহি অসুস্থ হৈ পৰা মাইকী হাতীটো প্ৰৱল বৰষুণৰ বাবে জাকৰ সতে যাব নোৱাৰি লেব্ৰা নদীৰ দাতিত বোকা পানীৰ মাজত আৱদ্ধ হৈ পৰি ৰয়।

বৃহস্পতিবাৰৰ পৰা নদীখনৰ দাঁতিত এনেদৰে পৰি থকা বুলি জানিব পাৰি কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ বিভাগীয় চিকিৎসকৰ দ্বাৰা হাতীটোৰ চিকিৎসা আৰম্ভ কৰিছে৷

সম্প্ৰতি কুমাৰীকাটা বনবিভাগৰ নিৰীক্ষণতে লেব্ৰা শান্তিপুৰতে আছে অসুস্থ বনৰীয়া হাতীটো।


ভূটান সীমান্তত প্ৰৱল বৰষুণ হোৱাৰ ফলত বনবিভাগৰ দলে প্ৰতিকূল বতৰৰ মাজতে হাতীটো সুস্থ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

নাপ্তাপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ পৰা চোৰে লুটি নিলে পাঁচ লাখ টকাৰ সম্পত্তি

দৰঙৰ পাথৰিঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নাপ্তাপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ পৰা চোৰে লুটি লৈ গ’ল প্ৰায় পাঁচ
লাখৰো অধিক টকাৰ সম্পত্তি।


নাপ্তাপাৰা উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা নিশা সৌৰশক্তি আহৰণ কৰা ষোল্লখন প্লেট চুৰি কৰে।

আনহাতে এখন অৰ্ধভগ্ন অৱস্থাত পেলাই থৈ যায়। পাঁচ কিলোৱাট বিদ্যুৎ আহৰন কৰিব পৰা উচ্চ ক্ষমতা সম্পন্ন মেছিনৰ প্লেট সমুহ চোৰ হোৱাত ৰাইজে আচৰ্য প্ৰকাশ কৰে।

ঘটনা সন্দৰ্ভত উপস্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষই পাথৰিঘাট আৰক্ষীক এজাহাৰ দাখিলৰ পিছতে আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়।

ৰাইজৰ প্ৰশ্ন- সঘনাই হৈ থকা এই চুৰি কাৰ্য ৰোধ কৰিবলৈ সক্ষম হ’ব নে দৰং আৰক্ষীয়ে ?

ৰঙিয়াৰ বিদ্ধস্ত বাটপথথকলৈ ক্ষুব্ধ আছুৰ স্মাৰক পত্ৰ প্ৰেৰণ…

ৰঙিয়াৰ বিদ্ধস্ত বাটপথথকলৈ ক্ষুব্ধ আছুৰ স্মাৰক পত্ৰ প্ৰেৰণ।


ৰঙিয়াৰ বিদ্ধস্ত ৰাজপথক লৈ ক্ষুব্ধ আছুৰ কৰ্মীসকলে ৰঙিয়াৰ মহকুমাধিপতিৰ জড়িয়তে আজি দিনৰ ভাগত বিভাগীয় মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অনতিপলমে যদিহে ৰঙিয়া চহৰৰ অন্যতম মুখ্য পথ NT ৰোড পুনৰ্নিৰ্মাণ নকৰে পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২৫ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্তৰ চৰকাৰী ভ্ৰমণলৈ যাব কিন্তু কিয় জানক…

📌প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২৫ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্তৰ চৰকাৰী ভ্ৰমণলৈ যাব

📌প্ৰধানমন্ত্ৰীয়ে ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব

📌মোডীয়ে দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা আগবঢ়াবলৈ ৰাষ্ট্ৰপতি বাইডেনক সাক্ষাৎ কৰিব

📌২৩ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে যুটীয়াভাৱে প্ৰধানমন্ত্ৰী মোডীৰ বাবে মধ্যাহ্ন ভোজনৰ আয়োজন কৰিব

পুনৰ এক ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য…

পুনৰ এক ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য। পুৱা কিছু সময় পূৰ্বে ৰাজ্যখনত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

আজি পুৱা ১০ বাজি ১৬ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অনুভূত হয় এই জোকাৰণি। এই ভূমিকম্পৰ জোকাৰণি উত্তৰ পূৰ্বাঞ্চলৰ আন স্থানৰ লগতে বাংলাদেশতো অনুভূত হৈছে। 

খেজুৰে কলাইটিছ, ক’ল’ন কেন্সাৰক প্ৰতিহত কৰিব পাৰে…

গৱেষকৰ অধ্যয়নৰ পৰা জনা যায় যে বিবিধ ফলৰ তুলনাত খেজুৰত পুষ্টিদ্ৰব্য অধিক নাথাকে। কিন্তু যিকেইবিধ পুষ্টিদ্ৰব্য থাকে, সেয়া সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। খেজুৰত অধিক পৰিমাণৰ শৰ্কৰা থাকে বাবেই খাবলৈ অধিক সুস্বাদু হয়। ইয়াৰ গুণসমূহ এনেধৰণৰ-

  • খেজুৰত অধিক পৰিমাণে আঁহযুক্ত পদাৰ্থ থাকে বাবেই কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে খেজুৰ ভক্ষণ কৰিলে পেট সম্পূৰ্ণ খোলোচা হৈ যায় আৰু পেটৰ অন্যান্য অসুখো নিৰাময় কৰে।
  • খেজুৰে কলাইটিছ, ক’ল’ন কেন্সাৰক প্ৰতিহত কৰিব পাৰে।
  • মগজুৰ সুস্থ ক্ৰিয়া-বিক্ৰিয়াত খেজুৰৰ ভিটামিন বি য়ে সুপ্ৰভাৱ পেলায়।
  • খেজুৰত উপলব্ধ মেগনেছিয়ামে হৃদপিণ্ডৰ বিভিন্ন অসুখ, বহুদিনীয়া পুৰণি বাতবিষ, ডায়েৰীয়া আৰু পুষ্টিদ্ৰব্যৰ অভাৱত ঘটা ৰক্তহীনতা ৰোগত বাধাৰ প্ৰাচীৰ হিচাপে দেখা দিয়ে।

  • খেজুৰৰ মেগনেছিয়ামে দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ অথবা দেহত দেখা দিয়া উচ্চ ৰক্তচাপ নিম্ন ৰক্তচাপলৈ অৱনমিত কৰাত বিশেষ অৰিহণা যোগায়।
  • এদল গৱেষকৰ মতে, হৃদৰোগীয়ে যদি নিতৌ ১০০ মি:গ্ৰা: খেজুৰ ভক্ষণ কৰে তেনেহ’লে তেওঁ হাৰ্টষ্ট্ৰোকৰ বিপদ ৯ শতাংশ কমাব পাৰে।
  • আন এদল গৱেষকৰ অধ্যয়নত ধৰা পৰিছে যে গৰ্ভৱতী মহিলাই যদি নিতৌ খেজুৰ খোৱাৰ অভ্যাস কৰে, তেনেহ’লে তেওঁ প্ৰাকৃতিকভাৱেই সন্তান প্ৰসৱ কৰাৰ ক্ষমতা লাভ কৰে।

ৰাসায়নিক বিশ্লেষণ কৰি গৱেষকে ১০০ গ্ৰাম খেজুৰত পোৱা বিভিন্ন পুষ্টিকৰ উপাদানসমূহ এনেধৰণৰ-

আঁহযুক্ত পদাৰ্থ- ৬.৭ গ্ৰাম

মেংগানিজ- ০.৩ মি:গ্ৰা:

পটাছিয়াম- ৬৯৬ মি:গ্ৰা:

মেগনেছিয়াম- ৫৪ মি:গ্ৰা:

কপাৰ- ০.৪ মি:গ্ৰা:

ভিটামিন বি- ০.২ মি:গ্ৰা:

শৰ্কৰা- ৬৬.৫ গ্ৰা:

বহু হাজাৰ বছৰ পূৰ্বৰ পৰাই ইৰাক, আৰৱ, উত্তৰ আফ্ৰিকাৰ উপৰিও আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়া, অৰিজোনা, ফ্লৰিডাত খেজুৰৰ খেতি কৰা হৈছিল। কৃষি বিশেষজ্ঞৰ মতে, খেজুৰ পুলি ৰোপণ কৰাৰ ৪-৮ বছৰৰ পৰাহে খেজুৰৰ ফল আশা কৰা হয়। বাণিজ্যিক দিশত অৱশ্যে ৭-১০ বছৰৰ অন্তত খেজুৰৰ ফল পাৰি আনি বজাৰত উলিয়াই দিয়া হয়।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদলাট্ৰাৰীত অঘটন! পুখুৰীত পৰি সন্ধানহীন এজন ছাত্ৰ…

নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ হিদলাট্ৰাৰীত অঘটন।‌ গাঁৱখনৰে ছতিন মেধিৰ পুত্ৰ নিপন মেধি (২০) নামৰ এজন ছাত্ৰ পথৰ দাঁতিত থকা এটি পুখুৰীত পৰি সন্ধানহীন হয়।

জানিব পৰা মতে ফুটবল খেলিবলৈ গৈ পানীত পৰা ফুটবলটি আনিবলৈ গৈয়েই সন্ধানহীন হয় ছাত্ৰজন। বি এড ছিক্স ছেমিছটাৰত অধ্যয়ন কৰি আছিল ছাত্ৰজনে।

ঘটনাস্থলীত মুকালমুৱা আৰু দৌলাশাল আৰক্ষী উপস্থিত হৈছে যদিও SDRF আৰু NDRF বাহিনী বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই। স্থানীয় লোকে ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

কামৰূপ মহানগৰত আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক শুভ বিতৰণ

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণী অনুষ্ঠানৰ শুভ উদ্ধোধন কৰা হয়৷

কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে দিশপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাই৷ বৃহস্পতিবাৰে চন্দ্ৰপুৰ আৰু ডিমৰীয়া উন্নয়ণ খণ্ডৰ মুঠ ২২ গৰাকী হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়৷

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ (AB-MMJAY) অধীনত এই কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰিব।এই চিকিৎসা সেৱা প্ৰতিখন চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ পঞ্জীভুক্ত চিকিৎসালয়ত উপলব্ধ হ’ব।

এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰি বিধায়ক গৰাকীয়ে জনায় যে, আয়ুষ্মান কাৰ্ড পৰ্যায়ক্ৰমে জিলাখনৰ সকলো খণ্ডৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ’ব।

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিয়ে আয়োজন কৰা অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাসৰ লগতে কামৰূপ মহানগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

বিলাসীপাৰাত পৱিত্ৰ মাৰ্ঘেৰিটা

বিলাসীপাৰা প্ৰেছ ক্লাৱত আজি ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ সাংবাদিকসকলৰ লগত মত বিনিময় কৰে৷ দুপৰীয়া বিলাসীপাৰা প্ৰেছ ক্লাৱৰ সভাপতি বাপ্পা সৰকাৰৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, “গণতন্ত্ৰত সাংবাদিকৰ ভূমিকা অপৰিসীম৷ সাংবাদিকসকলে সমাজক শুদ্ধ পথ দেখুৱায়”৷

ধুবুৰী লোক সভা সমষ্টিত অগপ দলে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, “বিজেপি দলে এতিয়ালৈকে কোনো সমষ্টিত কাৰ লগত বুজা পৰা কৰিব বা আসন বিতৰণ কৰিব কোনো সিদ্ধান্ত লোৱা নাই ৷ যথা সময়ত সেয়া স্পষ্ট হ’ব”৷

অনুষ্ঠানত তেওঁ লগতে প্ৰকাশ কৰে যে ধুবুৰী জিলাত কোচ ৰাজবংশী জনগোষ্ঠীয় সাংস্কৃতিক প্ৰকল্প এটাৰ বাবে পঞ্চাশ লাখ টকা মঞ্জুৰি দিয়া হ’ব৷ বিজেপিৰ জন সম্পৰ্ক অভিজানত সাংসদগৰাকী ধুবুৰী জিলাত প্ৰায় এসপ্তাহ থাকিব বুলিও প্ৰকাশ কৰে৷