Home Blog Page 1521

পুনৰ চলচ্চিত্ৰ জগতলৈ বিধায়িকা সুমন হৰিপ্ৰিয়া, নৱেম্বৰৰ পৰা ছবিৰ দৃশ্যগ্ৰহণ

অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে সুখবৰ। এখনৰ পাছত আনখন অসমীয়া ছবি ছুপাৰহিট হোৱাৰ পিছত ছবি নিৰ্মাণৰ বাবে আগুৱাই আহিছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকল।

পুনৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ যে বাবে সাজু হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া। প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা তথা বিধায়িকা সুমন হৰিপ্ৰিয়াই অহা নৱেম্বৰ মাহৰ পৰা এখন নতুন অসমীয়া ছবিৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখ যে ‘কইনা মোৰ ধুনীয়া’, ‘ককা দেউতাৰ ঘৰ জোৱাঁই’, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি ‘কদমতলে কৃষ্ণ নাচে’ আদি সুমন হৰিপ্ৰিয়াৰ জনপ্ৰিয় ছবি।

আহিবলগীয়া নতুন ছবিখনো ড° বেজবৰুৱা ২, শ্ৰী ৰঘুপতিৰ দৰে দৰ্শক ৰাইজে আদৰি ল’ব বুলি আশা কৰিছে সুমন হৰিপ্ৰিয়াই। হাজো সমষ্টিৰ বিধায়িকাগৰাকীয়ে ছবিখনত স্থানীয় শিল্পীকো অভিনয়ৰ বাবে সুযোগ দিব বুলি জানিবলৈ দিয়ে। আহিবলগীয়া নতুন ছবিখন একশ্যনধৰ্মী হ’ব বুলি জানিবলৈ দি বিধায়িকা গৰাকীয়ে কয় ছবিখনৰ স্কীপ্ট ইতিমধ্যে সাজু হৈছে৷

নৱেম্বৰ মাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তীৰ্থনগৰী হাজোৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত ছবিখনৰ পৰা দৃশ্যগ্ৰহণ হ’ব। অৱশ্যে ছবিখনৰ নাম কি হ’ব পৰৱৰ্তী সময়তে দৰ্শকে জানিব পাৰিব মন্তব্য কৰে বিধায়িকা তথা চলচিত্ৰ নিৰ্মাতা সুমন হৰিপ্ৰিয়াই।

‘আদিপুৰুষ’ক সমালোচনা কৰি ‘ৰামায়ণ’ নিৰ্মাতা ৰামানন্দ সাগৰৰ পুত্ৰই ক’লে ‘সম্পূৰ্ণ তথ্য সলনি হ’ল’

জনপ্ৰিয় টেলিভিছন শ্ব’ ‘ৰামায়ণ’ নিৰ্মাণৰ বাবে পৰিচিত ৰামানন্দ সাগৰৰ পুত্ৰ প্ৰেম সাগৰে ‘আদিপুৰুষ’ চিনেমাখনক সমালোচনা কৰি কয় যে “সম্পূৰ্ণ তথ্য সলনি কৰা হৈছে”।

প্ৰেম সাগৰে কয়, “দেউতাইও ৰামায়ণ বনোৱাৰ সময়ত সৃষ্টিশীল স্বাধীনতা ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁ ভগৱান ৰামক বুজি পাইছিল। তেওঁ সৰু সৰু পৰিৱৰ্তন কৰিছিল…কিন্তু তেওঁ কেতিয়াও তথ্যৰ লগত খেলা-ধূলা কৰিবলৈ চেষ্টা কৰা নাছিল।”

মেঘালয়ৰ ইষ্ট খাছি পাহাৰত ভূমিস্খলনত চাৰি নাবালক নিহত…

মেঘালয়ৰ ইষ্ট খাছি পাহাৰ জিলাৰ মাউফ্লাং চি এণ্ড আৰ ডিৰ অন্তৰ্গত লাইটলাৰেম গাঁৱত সংঘটিত হোৱা ভূমিস্খলনত চাৰি নাবালক নিহত হোৱাৰ লগতে দুজন আহত হয়।

তদুপৰি পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ ডাউকী থানাৰ সীমাৰ অন্তৰ্গত দৰং শ্বনংপডেং পথৰ দৰং গাঁৱত অবিৰত বৰষুণৰ ফলত ভূমিস্খলন হয়। বৰ্তমান পুনৰুদ্ধাৰৰ কাম চলি আছে। পূব খাছি পাহাৰ জিলাৰ কেইবাটাও পথো ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মৃতক প্ৰত্যেকৰে পৰবৰ্তী আত্মীয়ক ৪ লাখ টকাৰ এক্স গ্ৰেচিয়া ঘোষণা কৰিছে। যোৱা সপ্তাহত ভূমিস্খলন আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ গাৰো পাহাৰ অঞ্চলৰ পৰিস্থিতিৰ মূল্যায়নৰ বাবেও চাংমাই এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ বিষয়ে বৈঠকত উপস্থিত থকা বিষয়াসকলে নিজ নিজ অধিকাৰক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন সাহায্য ব্যৱস্থাৰ বিষয়ে অৱগত কৰাৰ লগতে বানপানীৰ পানী কমি অহাৰ বাবে বেছিভাগ অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বুলিও অৱগত কৰিছে।

ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন অমিত শ্বাহৰ…

গৃহ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে কুচ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে প্ৰথমে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশী জৰীপ কৰিব আৰু কুচ, আৰু মাণ্ডভিৰ জাখাউ বন্দৰ ভ্ৰমণ কৰিব বুলি পিটিআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

আশ্ৰয় গৃহতো অমিত শ্বাহে ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্তসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

পিছত তেওঁ ভূজৰ স্বামী নাৰায়ণ মন্দিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তসকলৰ মাজত বিতৰণ কৰা খাদ্য আৰু অন্যান্য সা-সুবিধাসমূহ পৰ্যালোচনা কৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

হাজো ৰাজহ চক্ৰ কাৰ্যলয়ত ডাক বিভাগৰ অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়নৰ্থে সজাগতামূলক কাৰ্যসূচী সম্পণ্ণ…

হাজো ৰাজহ চক্ৰ কাৰ্যলয়ত কামৰূপ জিলা প্ৰশাষন ও গুৱাহাটী ডাক সংমণ্ডলৰ সৌজ্যনত ডাক বিভাগৰ বিভাগীয় অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়নৰ্থে এটি সজাগতা কাৰ্যসূচী সম্পণ্ণ হ’য়।

ভাৰত চৰকাৰৰ মহিলা সন্মান সঞ্চয় পত্ৰ ,পি এম কৃষক সন্মান নিধি আচনি,সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ দ্বাৰা গ্ৰামীন ডাক জীবন বীমাৰ জড়িয়তে IPPB AccounT ‘ত জনসাধৰনে কিদৰে ভাৰত চৰকাৰৰ আচনিসমূহৰ সুবিধা গ্ৰহন কৰিব পাৰে তাৰ সঠিক দিশসমূহ পৰ্যবেক্ষন কৰাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা হ’য়।

তদুপৰি আজি শ শ কৃষকে নিজৰ নামসমূহ কৃষক সন্মান নিধি আচনিত পঞ্চীয়নকৃত কৰাৰ বাবে দীঘলীয়া ভীৰ হোৱাও পৰালক্ষিত হৈছে। শীৰ্ষক কাৰ্যসূচী পৰ্যবেক্ষন কৰি ডাক বিভাগৰ জ্যোষ্ঠ অধীক্ষক আব্দুল জালিল তালুকদাৰ ,জীয়াউল হ’ককে প্ৰমূখ্যে প্ৰায়সংখ্যক বিভাগীয় লোকে ভাৰত চৰকাৰৰ জনকল্যানমূখী আচনিৰ সঠিক গুনগত দিশসমূহৰ বিষয়ে ৰাইজক সজাগ কৰে।

উত্তৰ ছিকিমত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে কেইবাটাও পথ…

উত্তৰ ছিকিমত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে। কেইবাটাও পথ খহি পৰাৰ ফলত কমেও ২হাজাৰ পৰ্যটক আৱদ্ধ হৈ আছে। ঘৰলৈ কেনেকৈ উভতিব সেই  চিন্তাতে সময় কটাইছে।

ইতিমধ্যে উত্তৰ ছিকিমত বৰ্ষা নামিছে। যাৰ বাবে নিশাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো পাহাৰীয়া নদী ওফন্দি উঠিছে। সেই পানীত ডুবিছে ৰাস্তাবোৰ। কেইবা ঠাইতো ভূমিস্খলন ঘটিছে।

১০ নং ৰাষ্ট্ৰীয় ঘাইপথত খহনীয়া হোৱাৰ বাবে লাচুং, লাচেন, ইউমথাঙৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পেগঙৰ সমীপতো খহনীয়াৰ বাবে পথ অৱৰোধ হৈ পৰিছে।

মধুৰিআমৰ উপকাৰীতাৰ বিষয়ে জানক…

গ্ৰীষ্মকালীন ফলমূলবিলাকৰ ভিতৰত এবিধ উত্তম ফল মধুৰিআম বা গুৱাভা। মধুৰিআম দেখাত নাচপতিৰ দৰে। কেঁচাতে সেউজীয়া যদিও পকিলে পাতল হালধীয়া বা গুলপীয়া দেখা যায়। ভিতৰত অসংখ্য গুটিৰে ভৰা। বিভিন্ন প্ৰকাৰৰ মধুৰিআমবোৰৰ ভিতৰভাগ বগা যদিও এবিধৰ পকিলেও ওপৰভাগ সেউজীয়া আৰু ভিতৰভাগ বেঙুনীয়া দেখা যায়।

মধুৰিআমৰ উপকাৰিতা অনেক। ইয়াত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়। পুষ্টিকৰ খাদ্য হিচাপে আয়ৰন আৰু ফলিক এচিডো পোৱা যায়। মধুৰিআম খালে কোষ্ঠকাঠিন্য দূৰ হয়। পুৰুষসকলৰ বাবেও মধুৰিআম বৰ উপকাৰী। আঘাত পোৱা ঠাইত মধুৰিআমৰ পাত খুন্দি লেপি দিলে উপশম পোৱা যায়। নাকেৰে তেজ ওলালে মধুৰিআমৰ ৰস দিলে তেজ বন্ধ হয়। মুখৰ ভিতৰত ঘা হ’লে মধুৰিআমৰ পাত খুন্দি ৰস মুখত লৈ থাকিলে ঘা ভাল হয়। পেটৰ কৃমি দূৰ কৰা আৰু তেজ হাগনী হ’লে মধুৰিআম খালে সুফল পোৱা যায়। মধুৰিআমে শাৰীৰিকভাৱে শক্তি প্ৰদান কৰে। হজমী শক্তি বঢ়ায়, কলেষ্টৰেল কমায় আৰু ওজনো হ্ৰাস কৰে। কাহ আৰোগ্য পাবলৈ হ’লেও মধুৰিআম খাব লাগে। গৱেষকসকলে গৱেষণা কৰি পোৱা তথ্য মতে, মধুৰিআম এণ্টিঅক্সিডেণ্টযুক্ত। কেন্সাৰ প্ৰতিষেধক, এজমা, উচ্চ ৰক্তচাপ, খজুৱতি, দাঁতৰ ৰোগ, হাওঁফাওঁৰ দুৰ্বলতা আদি অনেক ৰোগৰ বাবে অতি উৎকৃষ্ট ফল। একাপ মধুৰিআমৰ ৰসত থকা পুষ্টিকৰ উপাদানসমূহ এনেদৰে পোৱা যায়-

কেলচিয়াম- ৫০ মি:গ্ৰা:,

কাৰ্বহাইড্ৰেট- ১৯.৬ মি:গ্ৰা:,

ফাইবাৰ- ৮.৯ মি:গ্ৰা:,

ফেট- ০.৯ মি:গ্ৰা:,

ফছফৰাছ- ৪৮ মি:গ্ৰা:,

প্ৰ’টিন-১.৩৫ মি:গ্ৰা:,

লেখিকা: কবিতা ফুকন,

ধুবুৰীত ২০২৩ বৰ্ষৰ কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস; আঠ গৰাকী বিশিষ্ট ব্যক্তিলৈ সাতটা বঁটা ঘোষণা

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ঝঘৰাপাৰ ষ্টেডিয়ামত কেন্দ্রীয় ভাবে অহা ২০জুনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ’ব।


এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ লগতে কলা- সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অৱদান যগোৱা ছগৰাকী বিশিষ্ট ব্যক্তিক তিনিটাকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হ’ব।

ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। তিনিটা ৰাষ্ট্ৰীয় বঁটা ক্ৰমে ২০২২ বৰ্ষৰ শ্ৰী শ্ৰী মাধৱ দেৱ বঁটা সাহিত্যিক অৰূপ কুমাৰ দত্তক, ২০২২ বৰ্ষৰ বীৰ চিলাৰায় বঁটা মৰণোত্তৰ ভাবে শ্বহীদ ভাস্কৰ কলিতাক আৰু ২০২৩ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা গৱেষক ড° টিয়াতশি জমিৰলৈ আগবঢ়োৱা হ’ব।

একেদৰে ৰাজ্যিক পৰ্যায়ৰ তিনিটা বঁটা ক্ৰমে ২০২৩ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা লোকশিল্পী নকুল দাসক, ২০২৩ বৰ্ষৰ সতী সাধনী বঁটা বিজ্ঞানী ড° জয়ন্তী চুতীয়াক আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা সমাজ সেৱী বলৰাম ফাংচক প্ৰদান কৰা হ’ব বুলি শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই সদৰী কৰে।

সিদিনা বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিব। মন্ত্রী বড়াই সংবাদ মেলত জনোৱামতে বিষ্ণু ৰাভা দিৱসৰে সংগতি ৰাখি ২০জুনৰ পুৱা ৯বজাৰ পৰা ছাত্র- ছাত্ৰীৰ মাজত চিত্রাংকণ, বিষ্ণু ৰাভাৰ গীত আৰু কুইজ প্ৰতিযোগিতাৰ লগতে দিনৰ দুই বজাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰ ওপৰত এখনি আলোচনা চক্রও অনুষ্ঠিত হ’ব বুলি মন্ত্রী বড়াই জানিবলৈ দিয়ে।

তেজপুৰৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী অমল সেনগুপ্তৰ দেহাৱসান

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক সংগঠক আৰু দুৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক তথা সৰবৰহী ব্যক্তি অমল সেনগুপ্তৰ শুকুৰবাৰে দুপৰীয়া হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত বিয়োগ ঘটাত তেজপুৰৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে৷

ৰিংকু নামৰে সকলোৰে মাজত জনপ্ৰিয় সেনগুপ্তই ১৯৬৯ চনত জন্মগ্ৰহণ কৰিছিল আৰু ওৰাং হাইস্কুলৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেজপুৰতে সামাজিক জীৱনত জড়িত হোৱাৰ সমান্তৰালভাৱে নিজকে এগৰাকী স্বাৱলম্বী ব্যৱসায়ী ৰূপে পৰিচিত হৈ পৰিছিল৷

তেজপুৰৰ বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠনৰ লগত জড়িত থকা অমল সেনগুপ্তই দুৰদৰ্শনৰ ধাৰাবাহিক ‘বাস্তৱ’ৰ প্ৰযোজকৰূপে আত্মপ্ৰকাশ কৰাৰ পিছত কেবাখনো ধাৰাবাহিক আৰু তথ্যচিত্ৰ, চুটি ছবিৰ প্ৰযোজনা নিয়ন্ত্ৰক আৰু প্ৰযোজনা সহযোগী হিচাপে কাম কৰিছিল৷

অসম ৰেপাৰটৰীৰ অনুষ্ঠান কাৰ্যবাহীৰূপে দীৰ্ঘদিন দায়িত্ব গ্ৰহণ কৰা সাংস্কৃতিক সংগঠকগৰাকীয়ে কুৰি খনৰো অধিক নাটকৰ প্ৰযোজনা আৰু ব্যৱস্থাপনাৰ দায়িত্ব বহন কৰিছিল৷ তেজপুৰ অবৈতনিক বাঙালী নাট্য সমাজৰ এটা কাৰ্যকাল কোষাধ্যক্ষ আৰু কেবাটাও কাৰ্যকাল কাৰ্বনিৰ্বাহক সদস্যৰূপে দায়িত্ব গ্ৰহণ কৰা অমল সেনগুপ্ত অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু অসম শিল্পী সমাজ, নৱৰংগ, ডায়পাৰ্ক, জংগম, ৰং, এলক, মাটি আখৰা আদি বহু সামাজিক-সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত আছিল৷

বাণ থিয়েটাৰ আৰু শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰত্যক্ষ সদস্য নোহোৱা সত্বেও সেনগুপ্তই দুয়োটা সংগঠনৰ প্ৰায় সকলো কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত আছিল৷ অধুনালুপ্ত বাতৰি কাতত ‘সকালবেলা’ত তেজপুৰৰ সাংবাদিকৰূপেও সেৱা আগবঢ়াইছিল সেনগুপ্তই৷ অধ্যয়ন পিপাসু সেনগুপ্তই সকলো সামাজিক-সাংস্কৃতিক কামকাজত নিজকে জড়িত ৰখাৰ লগতে বিভিন্ন সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াই সুহৃদ ব্যক্তি হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিল৷

বিগত কিছু মাহ ধৰি অসুস্থ হৈ থকা তেজপুৰ পুলিচ ৰিজাৰ্ভ নিবাসী অমল সেনগুপ্তই নিজ বাসগৃহতে চিকিৎসাধীন অৱস্থাত থকাৰ পিছত আজি স্বাস্থ্যৰ অৱনতি ঘটাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ এই দুখবৰ বিয়পি পৰাৰ লগে লগে তেজপুৰৰ অসংখ্য গুণমুগ্ধই বাসগৃহলৈ আহি সৰবৰহী ব্যক্তিগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেজপুৰ অবৈতনিক বাঙালী নাট্য সমাজৰ হৈ গৌতম মৈত্ৰ, বিশ্বজিৎ পুৰকায়স্ত, জয়ন্ত মুখাৰ্জী আৰু কেশৱ দাস, অসম ৰেপাৰটৰীৰ হৈ জান তালুকদাৰ, শান্তনু শইকীয়া, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ হৈ পুলক কুমাৰ ডেকা, ধ্ৰুৱজ্যোতি নাথ, ৰূপজ্যোতি গোস্বামী, জয়ন্ত পোখৰেল, জাফাৰ হৈ হেমন্ত কুমাৰ নাথ, প্ৰাক্তন উপ পৌৰপতি সত্যজিৎ স্বৰ্গীয়াৰী, বাণ থিয়েটাৰৰ হৈ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, নৱৰংগৰ হৈ চামচেৰ আহমেদ আৰু জয়ন্ত খনিকৰ, ডায়পাৰ্কৰ হৈ নাজিম আহমেদ, শোণিতপুৰ প্ৰেছ ক্লাবৰ হৈ দীপ কুমাৰ কলিতা, ড্ৰামাপ্লছৰ সুব্ৰত দাস আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত অমল সেনগুপ্তই পত্নীৰ লগতে দুই সন্তান আৰু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

ইফালে তেওঁৰ মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট অভিনেতা মৃদুল চুতীয়া, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰনাথ শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি-সম্পাদক বংকিম শৰ্মা আৰু জিতুমণি দেৱ চৌধুৰী, অসম ৰেপাৰটৰীৰ সভাপতি ডাঃ প্ৰদীপ লহকৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা,সাংবাদিক দিব্যজ্যোতি নাথ,অৰূপ কলিতা প্ৰমুখ্যে বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা ঞ্জাপন কৰে৷উল্লেখযোগ্য যে,প্ৰয়াত সেনগুপ্ত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ এজন সদস্যৰ দৰেই আছিল৷

জোনালী নাথৰ হত্যা কাণ্ডৰ উচিত তদন্ত আৰু হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তি বিচাৰি স্মাৰক পত্ৰ…

নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি গোৱালপাৰা জিলা কমিটিয়ে দেশত সঘনে ঘটি থকা নাৰী নিৰ্যাতন, নাৰী হত্যা আদি ঘটনা সমূহত সদায় উদ্বেগ প্ৰকাশ কৰি আহিছে, শুকুৰবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতত বেনাৰ ফেষ্টুন আদি লৈ ‘জোনালী নাথক ন্যায় দিয়ক’, ‘নাৰী হত্যা বন্ধ কৰক’, ‘মহিলা সমিতি এক হওক’ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

কিছুদিন পূৰ্বে ঘটি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে বিজেপিৰ গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ পিছত নাৰী যে আজিৰ সমাজত মুঠেও নিৰাপদ নহয় সেই কথা দলটোৰ নেতৃবৰ্গ‌ই উল্লেখ কৰে।

জোনালী নাথৰ নৃশংস হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নিখিল ভাৰত গনতন্ত্ৰ মহিলা সমিতিয়ে। উল্লেখ্য যে এই প্ৰতিবাদি কাৰ্যসূচীক সমৰ্থন কৰি বাম পন্থী নেতা ননী দাসে কয়, “জোনালী নাথৰ হত্যাকাণ্ডৰ দুঘন্টা পিছতে হত্যাকাৰীক আটক কৰি আৰক্ষীৰ শীৰ্ষ বিষয়াই গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল যোগে যি মন্তব্য কৰিছিল সেয়া কেৱল আৰক্ষীয়ে বাঃ বাঃ লোৱাৰ বাবেহে, কিন্ত সেয়া অতি দুৰ্ভাগ্য জনক”৷

লগতে বামপন্থী নেতা গৰাকীয়ে গোটেই ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্রদান কৰি জোনালী নাথৰ পৰিয়ালটোক ন্যায় প্রদান কৰিব লাগে বুলি দাবী জনায়। উল্লেখ্য যে বিজেপি নেতৃ জোনালী নাথৰ হত্যাকাণ্ডৰ হত্যাকাৰীক উচিত শাস্তি বিহাৰ লগতে ,সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ‌ও দাখিল কৰে নিখিল ভাৰত গনতন্ত্ৰ মহিলা সমিতিয়ে।