Home Blog Page 1520

একেৰাহে চতুৰ্থ দিনাও জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে

তদন্তকাৰী সংস্থাৰ দলটোৱে ডি আই জি লাভলী কাটিয়াৰৰ তত্বাৱধানত গেষ্ট হাউচত মৃত এচ আইৰ মাতৃ (সুমিত্ৰ ৰাভা)ক জেৰা কৰি আছে বুলি জানিব পৰা গৈছে৷

তদুপৰি ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদ আৰু নিলম্বিত আৰক্ষী বিষয়া মনোজ ৰাজবংশীকো চিবিআইয়ে জেৰা অব্যাহত ৰাখিছে।

ইফালে, নগাঁৱৰ জোনমনি ৰাভাৰ চৰকাৰী বাসগৃহত মৃত আৰক্ষী বিষয়াজনৰ সন্দেহজনক মৃত্যু হ’ব পৰা কোনো প্ৰমাণৰ বাবে পুংখানুপুংখভাৱে তালাচী চলোৱা হৈছে।

জোনমনি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে।

উল্লেখ কৰিব পাৰি যে অসমৰ নগাঁও জিলাৰ কলিয়াবৰত সংঘটিত পথ দুৰ্ঘটনাত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) জোনমনি ৰাভা নিহত হয়।

যোৱা ১৬ মে’ত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত ৰাভাই যোৱা বাহনখনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুভাগী গাঁৱৰ সমীপত ‘ইউ পি ৭৮ইউটি ৪৫১৮’ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল৷

মুছলিম ছাত্ৰ সন্থাৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন সম্পন্ন…


গুৱাহাটী হাতীগাওঁত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে এই প্ৰতিষ্ঠা দিৱস।মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুকলি সভাৰ আয়োজন কৰে ছাত্ৰ সংগঠনটোৱে। মুকলি সভাখনত সভাপতিত্ব কৰে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিন আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে।

উক্ত মুকলি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে কয় যে এই সময়ত মুছলিম ছাত্ৰ সন্থা অসমৰ সভাত উপস্থিত হ’বলৈ হ’লে সাহস থাকিব লাগিব।আনহাতে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ময়ূৰী দত্তই সকলোৱে মিলা প্ৰীতিৰে দেশখনক আগুৱাই নিবলৈ কৈ নিজৰ এটি গীতেৰে ভাষণ সমাপ্ত কৰে। মুকলি সভাখনত প্ৰথমবাৰৰ বাবে একেলগে দেখা গ’ল মুছলিম ছাত্ৰ সন্থা,এবছু,বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা,সদৌ তাই আহোম ছাত্ৰ সন্থা,ঊলেমা কাউন্সিল অসম,সদৌ বৰ্মন মান্দাই ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ প্ৰতিনিধিৰ সমন্বয় যাত্ৰা।

মুছলিম ছাত্ৰ সন্থা অসমৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসত অতিথি হিচাপে অংশগ্ৰহণ কৰে আবুল খায়েৰ, প্ৰাক্তন সাধাৰণ সম্পাদক,মুছা,মুছাৰ কাৰ্যকৰী সভাপতি জব্বৰ আলী, প্ৰচাৰ সম্পাদক মজনুৰ হুছেইন,সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি চাও মনোজ গগৈ,এবিএমছু ৰ সভাপতি আশ্ৰাফুল হুছেইন শ্বেইখ ,ঊলামা কাউন্সিল অসমৰ সভাপতি মৌলানা ৰফিকুল ইছলাম, বৰ্মন মান্দাই ছাত্ৰ সন্থা সাধাৰণ সম্পাদক পদুম বৰ্মন, মুছা প্ৰাক্তন সাংগঠনিক সম্পাদক আৰ্শাদ বক্শী, আমছুৰ প্ৰাক্তন সভাপতি মাহমুদ হাচান, নিখিল বড়ো ছাত্ৰ সন্থা প্ৰতিনিধি,মুছা প্ৰাক্তন কৰ্মী আৰু দুই শতাধিক বিভিন্ন জিলা সমিতিৰ কৰ্মী ইয়াৰ ওপৰিও যুৱ সমাজ কৰ্মী জছিম খান,ইউটোবাৰ বিকি আহম্মেদ আৰু 70 জনকৈ ছাত্ৰ-ছাত্ৰী। প্ৰতিকুল বতৰৰ মাজতো শান্তি পুৰ্ন বাবে সম্পন্ন হয় মুছাৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস।

মুকলি সভাৰ পিছতে অনুষ্ঠিত হয় ছাত্ৰ সংগঠনটোৰ বিশেষ কেন্দ্ৰীয় কাৰ্যকৰী সভা।কেন্দ্ৰীয় আৰু জিলা সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাৰ সভাপতিত্ব কৰে ছাত্ৰ সংগঠনটোৰ সভাপতি জালাল উদ্দিনে।
*সভাৰ সিদ্ধান্ত মৰ্মে ছাত্ৰ সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিখন ভংগ কৰাৰ ওপৰিও ওদালগুৰি জিলা সমিতিৰ সভাপতি মিয়াৰুল ইছলাম,দৰং জিলা সমিতিৰ সভাপতি জেহেৰুল খলিফাক কেন্দ্ৰীয় সমিতিৰ সম্পাদক পদলৈ পদোন্নতি কৰে আৰু বৰপেটা জিলা সমিতিৰ সভাপতি মহিবুল ইছলামক উপ-সভাপতি পদলৈ পদোন্নতি কৰে।

*আনহাতে অহা একমাহৰ ভিতৰত প্ৰতিখন জিলা সমিতি সাধাৰণ সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে। সভাৰ শেষত সাংবাদিক সকলক সম্বোধন কৰি ছাত্ৰ নেতা জালাল উদ্দিনে কয় যে অলপতে যিহেতু অসমৰ প্ৰতিখন জিলাতে বানপানী হ’ব পাৰে গতিকে ছাত্ৰ সন্থাৰ সকলো সদস্যকেবানাক্ৰান্ত স্থান সমূহত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে জিলা প্ৰশাসনৰ লগত একেলগে কাম কৰাৰ নিৰ্দেশ দিয়ে। শেষত সকলো স্তৰৰ ব্যক্তিক মুছলিম ছাত্ৰ সন্থা অসমৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস সফল কৰাৰ বাবে ধন্যবাদ জনাই সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে।

পিলিক চৌধুৰী, দেউকণ আৰু নৃপেন্দ্র নাৰায়ণ সিংহ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

প্ৰি-সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া, মৰিগাঁও তত্ত্বাৱধানত আগন্তুক আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত কৰিবলৈ ঠিৰাং কৰা হৈছে বুলি জিলা ক্ৰীড়া বিষয়া চন্দন তালুকদাৰে জানিবলৈ দিছে।

এই প্ৰতিযোগিতাত পিলিক চৌধুৰীৰ প্ৰতিযোগিতাৰ বাবে (১৪ বছৰ অনূ্ৰ্ধ্ব ল’ৰাৰ বয়সৰ সীমা) ০১-০১-২০১০ চনৰ তলত জন্মগ্ৰহণ কৰা হ’ব লাগিব । দেউকণ প্ৰতিযোগিতাৰ বাবে (১৭ বছৰ অনূ্ৰ্ধ্ব ল’ৰাৰ বয়সৰ সীমা) ০১-০১-২০০৭ চনৰ তলত জন্মগ্ৰহণ কৰা হ’ব লাগিব ।


নৃপেন্দ্র নাৰায়ণ সিংহ বাবে (১৭ বছৰ অনূ্ৰ্ধ্ব ছোৱালীৰ বয়স সীমা) ০১-০১-২০০৭ চনৰ তলৰ জন্মগ্ৰহণ কৰা হ’ব লাগিব । উক্ত ফুটবল প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ৰ যি সমূহ বিদ্যালয়ে অংশগ্ৰহণ কৰিব বিচাৰে, সেই বিদ্যালয়সমূহক অহা ১৯ জুন, ২০২৩ তাৰিখৰ ভিতৰত অনলাইনযোগে www.subrotocup.in এই ৱেবছাইটত ২,০০০ টকা জমা কৰি লগতে খেলুৱৈৰ নাম, বয়সৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, পাছপৰ্ট ফ’টো জমা কৰি পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ’ল ।

তাৰোপৰি অনলাইনযোগে কৰা পঞ্জীয়নৰ প্ৰমাণ পত্ৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, মৰিগাঁৱত ২০-০৬-২০২৩ তাৰিখৰ ভিতৰত জমা দিবলৈ অনুৰোধ কৰা হ’ল । উল্লেখ থাকে যে যি সমূহ বিদ্যালয়ে ৱেবছাইটযোগে পঞ্জীয়ন কৰিব সেইসমূহ দলকহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিয়া হ’ব । সবিশেষ জানিবৰ বাবে ৮৪৮৬৬৩৩৭৮৫/৮৮৭৬৩৩৩৫৫৩ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

আদিপুৰুষে দ্বিতীয় দিনটোত বক্স অফিচত বিশ্বজুৰি ২৫০ কোটি টকাৰ উপাৰ্জন…

প্ৰভাস-কৃতি ছানন অভিনীত ছবি আদিপুৰুষে দ্বিতীয় দিনটোত বক্স অফিচত নিজৰ সফল দৌৰ অব্যাহত ৰাখি বিশ্বজুৰি ২৫০ কোটি টকাৰ বহু ওপৰত উপাৰ্জন কৰে।

শুকুৰবাৰে (১৬ জুন) বিশ্বজুৰি মুক্তি পোৱা ওম ৰাউতৰ আদিপুৰুষ ছবিয়ে প্ৰথম দিনটোত ১৪০ কোটি টকা উপাৰ্জন কৰে। উইকেণ্ড আৰু ইয়াৰ চাৰিওফালে হোৱা বিশাল হাইপৰ বাবে আদিপুৰুষে আন্তঃৰাষ্ট্ৰীয় বক্স অফিচত দ্বিতীয় দিনটোত জয়ৰ ধাৰা অব্যাহত ৰাখিছিল।

আদিপুৰুষে মুকলি দিনটোত বিশ্বজুৰি ১৪০ কোটি টকা সংগ্ৰহ কৰে।
এই ছবিখনে ঘৰুৱা বজাৰত ব্ৰহ্মস্ত্ৰ (২০২২) আৰু পাথান (২০২৩)ৰ বক্স অফিচৰ অভিলেখ ভংগ কৰে।
প্ৰভাস অভিনীত ছবিখন ₹৫০০ কোটিৰ ৰিপৰ্ট বাজেটত নিৰ্মাণ কৰা হৈছিল।

যোৰাবাটত অসম আৰক্ষীয়ে এজন জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ৰাজ্যত জালনোটৰ ৰমৰমীয়া ব্যৱসায়। যোৰাবাটত অসম আৰক্ষীয়ে এজন জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা জব্দ কৰিছে ২৪.৫ লাখ টকা। এই জালনোটখিনি কঢ়িয়াই আনিছিল জিয়াবুৰ ৰহমান নামৰ এজন যুৱকে।

বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাট আউটপোষ্টৰ এটা দলে জিয়াবুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে।

ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে…

🍀 ৰঙা চাহত বিভিন্ন উপকাৰী এন্টিঅক্সিডেণ্ট পোৱা যায় যিয়ে আমাৰ শৰীৰক ফ্ৰি ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

🍀ৰঙা চাহত থকা বিভিন্ন এন্টিঅক্সিডেণ্টৰ বাবে ইয়াক সেৱন কৰিলে আমি অধিক কৰ্মক্ষম হৈ পৰো, এলাহ ভাগৰ পলকতে নাইকিয়া হয়।

☘️ ৰঙা চাহত থকা এন্টিঅক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। ইয়াৰ বাবে ৰঙা চাহত ডালচিনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।

☘️ নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়। অৰ্থাৎ ই ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে।

☘️ নিয়মিত ভাৱে ৰঙা চাহ সেৱন কৰি থাকিলে ই বয়স বৃদ্ধিৰ সময়ত হাড়ৰ ঘনত্ব কমি যোৱা কাৰ্য্যত বাধা দিয়ে। যাৰ ফলত হাড় ঠুনুকা নহয় আৰু ই অষ্টিঅ’পৰচিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। সেয়েহে এই চাহ মহিলা সকলৰ বাবে বিশেষভাৱে উপকাৰী।

বিজেপিৰ শালকোচা মণ্ডলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ উপলক্ষে ৰেডিঅ বিতৰণ

ভাৰতীয় জনতা পাৰ্টীৰ শালকোচা মণ্ডলৰ সভাপতি পতুল চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত শালকোচা পঞ্চায়ত ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত উপলক্ষে শালকোচা মণ্ডলৰ সমূহ বুথ কমিটীৰ সভাপতিক লৈ এখন ৰেডিঅ’ বিতৰণ সভা অনুষ্ঠিত হয়।

নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ এই অনুষ্ঠানটো পোনপটীয়াকৈ শুনাৰ বাবে উক্ত মণ্ডলৰ সমূহ বুথ কমিটীৰ সভাপতিক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদিকা তথা বিলাসীপাৰা জিলা প্ৰভাৰী টিনামণি দৈমাৰীয়ে এটা কৈ ৰেডিঅ বিতৰণ কৰে।

এই মন কী বাত ৰেডিঅ’ অনুষ্ঠানৰ জৰিয়তে প্ৰতিটো বুথ কমিটীয়ে সফল হ’ব বুলি নেত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে। বুথ কমিটীয়ে ৰেডিঅ পাই সুখী আৰু আনন্দিত হয়।

নেত্ৰী গৰাকীৰ এনে কাৰ্যত শালকোচা মণ্ডলৰ সমূহ বুথ কমিটীৰ সভাপতিয়ে ধন্যবাদ জ্ঞাপন কৰে।

-ছুৰুত জামান, বিলাসীপাৰা

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি৷ খানদঙৰ বান্ধ খুলি দিয়াত কপিলী জলস্তৰ বৃদ্ধি পোৱাত কামপুৰ গোসাঁইগাঁও প্ৰেমজান মথাউৰি ছিঙি নিলে কপিলীৰ বাঢ়নী পানীয়ে৷

ৰাইজৰ অভিযোগ, বিগত বৰ্ষত দুটাকৈ প্ৰলয়ংকাৰী বানে গোঁসাইগাঁৱৰ প্ৰেমজান মথাউৰি ছিঙি নিয়াৰ পাছত মেৰামতিৰ নামত কেইগাড়ী মান মাটি পেলায় দ্বায়িত্ব সামৰে বিভাগে ৷

যাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত নৈ পৰীয়া ৰাইজ। বাঢ়নী পানীয়ে প্লাবিত কৰিব কামপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও৷

আমগুৰিৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বিজেপিৰ বিশাল জনসমাবেশ

কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৰূপায়ন হৈ থকা “মহা জন সম্পৰ্ক অভিযান”ৰ অংশস্বৰূপে ১৮ জুন দেওবাৰে এখন বিশাল জনসভা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

উক্ত জনসভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দই।

ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান: স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যাস পুঁজিৰ নগদ মাননী

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ছাত্র ছাত্ৰীসকলক অভিনন্দন জনোৱা আৰু অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ মাজত শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ মানসেৰে শনিবাৰে চৰাইদেউ জিলাৰ সাপেখাতী ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।


ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চন্দন বৰগোহাঁইয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে সেই বিদ্যালয়ৰে শিক্ষক ডিম্বেশ্বৰ কোঁৱৰে।  

সভাখনত ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চন্দন বুঢ়াগোহাঁইৰ সু-পুত্ৰ বিশ্বজিৎ বুঢ়াগোহাঁইক স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যাস পুঁজিৰ নগদ মাননী, অভিনন্দন পত্ৰ,কলম আৰু ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে উত্তীৰ্ন হোৱা মুঠ ১৮ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক কলম কিতাপেৰে অভিনন্দন জনায়।

এই গাম্ভীয্যপূৰ্ণ অভিনন্দন অনুষ্ঠানত স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যাস পুঁজিৰ দাতা মোহন চন্দ্ৰ বুঢ়াগোহাঁই , আমেৰিকাৰ অস্থায়ী বাসিন্দা অভিযন্তা চিৰঞ্জীৱ বুঢ়াগোহাঁই, গাঁও প্ৰধান জীতেন দত্ত ,গোপীনাথ গগৈ , বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি নীলমণি গগৈ ,মানসী ৰাইদিহিঙীয়া , নীলিমা বৰগোহাঁই আদি কৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি তেওঁলোকৰ  নিজ নিজ ভাষণত  ছাত্ৰ ছাত্ৰী সকলক  ভৱিষ্যতৰ  সু -নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অধিক যত্নপৰ হ’বলৈ আহ্বান জনায়।

-ৰূপামণি গগৈ,চৰাইদেউ