Home Blog Page 1543

এডাল টুথব্ৰাছ কিমান দিন ব্যৱহাৰ কৰিব লাগে? জানি লওক নহ’লে কম বয়সতে দাঁত বেয়া হোৱাৰ সম্ভাৱনা…

বহুতে দাঁতৰ উজ্বলতাৰ বাবে আয়ুৰ্বেদিক টুথপেষ্ট ব্যৱহাৰ কৰে। কিন্তু আমি সকলোৱে কৰা এটা ভুল হ’ল এডাল টুথব্ৰাছ বহুদিন ব্যৱহাৰ কৰা। সেয়েহে মানুহে দাঁত বগা আৰু আকৰ্ষণীয় দেখাবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰে। বহুতে দাঁতৰ উজ্বলতাৰ বাবে আয়ুৰ্বেদিক টুথপেষ্ট ব্যৱহাৰ কৰে। যদি আপুনিও এই কাম কৰে তেন্তে সাৱধান হওক। এডাল টুথব্ৰাছ দীৰ্ঘদিন ব্যৱহাৰ কৰাৰ বাবে দাঁত আৰু মুখৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। টুথব্ৰাছ সঘনাই সলনি কৰিব লাগে সেই কথা জানেনে?

সুস্থ দাঁতৰ বাবে প্ৰতিজন ব্যক্তিয়ে ৩ৰ পৰা ৪ মাহৰ পিছত টুথব্ৰাছ সলনি কৰিব লাগে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ব্ৰাছ ভাঙিবলৈ বা ব্ৰিষ্টলবোৰ নষ্ট হ’বলৈ ৪ মাহ অপেক্ষা কৰিব লাগে। যদি আপোনাৰ টুথব্ৰাছ ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে, তেন্তে আপুনি তৎক্ষণাত সলনি কৰক। বিশেষজ্ঞসকলে কয় যে যিসকল লোকৰ পৰিয়ালত যিকোনো ধৰণৰ দাঁতৰ সমস্যা বা স্বাস্থ্য সম্পৰ্কীয় জটিলতা আছে তেওঁলোকে ১ৰ পৰা ২ মাহৰ ভিতৰত টুথব্ৰাছ সলনি কৰিব লাগে।

দীৰ্ঘদিন ধৰি টুথব্ৰাছ ব্যৱহাৰ কৰিলে কি অসুবিধা হয়?

ব্ৰিষ্টল দুৰ্বলতা
টুথব্ৰাছৰ ব্ৰিষ্টলে দাঁত পৰিষ্কাৰ কৰাত সহায় কৰে আৰু অণুজীৱবোৰ আঁতৰাই পেলায়। দীৰ্ঘদিন ব্যৱহাৰ কৰিলে ব্ৰিষ্টলবোৰ ভাঙি পৰে, যাৰ ফলত সঠিকভাৱে কাম কৰিব নোৱাৰে।

বেক্টেৰিয়াৰ বৃদ্ধি
টুথব্ৰাছত বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰ আদি গজিব পাৰে। এই বীজাণুবোৰৰ অবাঞ্চিত বৃদ্ধিয়ে মুখত সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।

সংক্ৰমণৰ আশংকা
টুথব্ৰাছ দীৰ্ঘদিন ব্যৱহাৰ কৰিলে তাত বেক্টেৰিয়া আৰু বীজাণু সৃষ্টি হ’ব পাৰে, যাৰ ফলত দাঁত আৰু আঁঠুৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত দুই অসম সন্তান…

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত অসম সন্তানে বিজয়ধ্বজা উৰুওৱাৰ সম্পূৰ্ণ এটা দশকৰ পাছত আজি আন এক ইতিহাস ৰচিলে অসম আৰু অসমীয়াই। দুজন অসম সন্তানে বিশ্বৰ তৃতীয় সর্বোচ্চ শৃংগ মাউন্ট কাঞ্চনজংঘা আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। অসম পৰ্ৱতাৰোহণ সন্থাই এককভাৱে আয়োজন কৰা এই অভিযানৰ সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে পুৱা প্ৰায় ৭.১৫ বজাত ৮,৫৮৬ মিটাৰ উচ্চতাৰ মাউণ্ট কাঞ্চনজংঘা শৃংগৰ শিখৰত আৰোহণ কৰি ত্ৰিৰংগ পতাকা, সন্থাৰ অভিযান পতাকা আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোচা উৰুৱাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে আৰোহণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত মাউণ্ট কাঞ্চনজংঘালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰপৰা এইটোৱেই কোনো সংগঠনে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰা প্ৰথমটো বৃহৎ অভিযান। এই অভিযানৰ বাবে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহাৰ্য আগবঢ়াইছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, এই অভিযানৰ চীফ-দা-মিছন আছিল। উল্লেখযোগ্য যে দলটোৰ চাৰিজন সদস্য ক্রমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে যোৱা ১৮ মে’ত প্রথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাইছিল। দলটোৱে মাউণ্ট কাঞ্চনজংঘাৰ ৮,৪১৬ মিটাৰপৰ্যন্ত আৰোহণ কৰাৰ পাছতো কাৰিকৰী কাৰণত শিখৰলৈ মাত্ৰ ১৭০ মিটাৰ বাকী থকা অৱস্থাত সেইদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল।

দলটোৰ দুই সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কালি সন্ধিয়া প্রায় ৬.৩০ বজাত দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰপৰা শিখৰ আৰোহণৰ প্ৰয়াস করে। অত্যন্ত কঠিন পৰিস্থিতিৰ মাজেৰে সমগ্ৰ নিশা অতি কষ্টকৰ চেষ্টাৰ পাছত আজি পুৱা প্ৰায় ৭.১৫ বজাত তেঁওলোকে সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়। অসম পৰ্বতাৰোহণ সন্থাৰ মাউন্ট কাঞ্চনজংঘা অভিযান-২০২৩ ৭ জনীয়া দলটো যোৱা ১১ এপ্রিলত গুৱাহাটীৰপৰা ৰাওনা হৈছিল। ৰাষ্ট্ৰপতি দ্রৌপদী মূৰে যোৱা ৭ এপ্ৰিলত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰিছিল। অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলার চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়াকে ধৰি অসম পৰ্ৱতাৰোহণ সন্থাৰ মাউন্ট কাঞ্চনজংঘা অভিযান-২০২৩ বিষয়ববীয়াসকল উপস্থিত আছিল।
দলটোৱে শিলিগুৰিৰপৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হৈ তাৰপৰা তেওঁলোকে হিমালয়ৰ ৫,২০০ মিটাৰ উচ্চতাত অৱস্থিত বেছ কেম্পলৈ ট্রেকিং কৰি যায়। দলটোৱে যোৱা ২০ এপ্রিলত বেছ কেম্পত উপস্থিত হয়। দুর্ভাগ্যজনকভাৱে হঠাতে হোৱা অসুস্থতাৰ বাবে দলটোৰ যুটীয়া উপ দলপতি উপেন চক্ৰৱৰ্তীয়ে বেছ কেম্পৰপৰাই অসমলৈ ঘুৰি আহিবলৈ বাধ্য হয়। বেছ কেম্পৰপৰা তিনিটা কেম্প অতিক্ৰম কৰি দলটোৱে ১৩ মে ৭,৫০০ মিটাৰ উচ্চতাত স্থাপন কৰা ছামিট কেম্পত উপস্থিত হয়। ১৪ মে’ৰপৰা এটা অভিজ্ঞ শ্বেৰ্গা দলৰ সৈতে অভিযানকাৰী দলটোৱে শিখৰ আৰোহণৰ বাবে পথ মুকলি প্ৰক্ৰিয়া আৰম্ভ কৰে।


উল্লেখযোগ্য যে কাঞ্চনজংঘা অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে ২০১৫ আৰু ২০১৬ বৰ্ষত অসমৰপৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহণকাৰী মানস বৰুৱাই। উপ দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী। দলটোৰ অন্য সদস্যসকল হ’ল উপেন চক্রবর্তী (যুটীয়া উপ দলপতি), কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ।

ৰাতিপুৱা আপেল খোৱাটো উপকাৰি নে অপকাৰি? জানক এই বিষয়ে…

আপেলৰ উপকাৰিতাৰ বিষয়ে প্ৰায়ে কোৱা হয়, কিন্তু কিয় বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই ব্ৰেকফাষ্টত আপেল খাবলৈ পৰামৰ্শ দিয়ে। কোৱা হয় যে যদি আপুনি দৈনিক এটা আপেল খায় তেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। সেইবাবেই বেছিভাগ খাদ্য বিশেষজ্ঞই এই ফলটো দৈনিক খাদ্যত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে ৰাতিপুৱা খাব লাগে আপেল।

ব্ৰেকফাষ্টত আপেল খোৱাৰ সুবিধাৰ বিষয়ে জানক-

আপেল খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।আপেলৰ বাকলিত ফেনলিক যৌগ পোৱা যায়, যাৰ বাবে তেজত বেয়া কলেষ্টেৰল জমা নহয় আৰু আপুনি হৃদৰোগৰ পৰা ৰক্ষা পৰে।

ষ্ট্ৰোক প্ৰতিৰোধ
বহু গৱেষণাৰ পৰা দেখা গৈছে যে আপেল খালে ষ্ট্ৰোক আৰু ডায়েবেটিছৰ সম্ভাৱনা কমে ।

শক্তি বৃদ্ধি পায়
আপুনি ৰাতিপুৱা আপোনাৰ ৱৰ্কআউটৰ পূৰ্বে ব্ৰেকফাষ্টত এটা আপেল খাব। কাৰণ ব্যায়ামৰ পূৰ্বে আপেল খালে আপোনাৰ ষ্টেমিনা আৰু শক্তি বৃদ্ধিত সহায়ক হয়।

ওজন বৃদ্ধি হোৱাটো এটা ডাঙৰ সমস্যা বা মেদবহুলতা বহু ৰোগৰ মূল বুলি কোৱা হয়। যদি আপুনি ওজন বজাই ৰাখিব বিচাৰে তেন্তে ব্ৰেকফাষ্টত আপেল খাওক, কাৰণ আপেলত চৰ্বি নগণ্য আৰু আঁহৰ উপস্থিতিয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব।

জামুগুৰিহাটত নকল সোণসহ আটক এজনক…

জামুগুৰিহাটত নকল সোণসহ আটক এজন। জাল নোটৰ পিছত এইবাৰ জামুগুৰিহাটত জব্দ কৰা হৈছে নকল সোণ আৰু নকল সোণৰ ব্যৱসায়ী চক্ৰ। জামুগুৰিহাটৰ ভৰলীচাপৰিৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১ কেজি ৯ শ ৬০ গ্ৰাম ওজনৰ সোণৰ নাও৷নকল সোণৰ নাওৰ লগতে গ্ৰেপ্তাৰ কৰেএই ব্যৱসায়ত জড়িত থকা কাছেম আলী নামৰ সৰবৰাহকাৰীক৷

আৰক্ষী বিষয়া জোণমণি ৰাভাৰ মৃত্যুৰ পিছতে উত্তৰ অসমৰ জামুগুৰিহাটতো আৰক্ষীয়ে এইদৰে অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন

হাড় শক্তিশালী কৰিব বিচাৰে নেকি? প্ৰতিদিনে খাওক তিয়াই থোৱা আলমণ্ড…

গ্ৰীষ্মৰ গৰমত মানুহে প্ৰায়ে পেটৰ বিষত ভুগে, যাৰ ফলত তেওঁলোকৰ বহুত অসুবিধা হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যদি আপুনি খালী পেটত ১২ৰ পৰা ২০ টা তিয়াই থোৱা আলমণ্ড খাই শৰীৰে লাভ কৰিব বহু উপকাৰ। আলমণ্ডৰ এনে গুণ আছে যিয়ে শৰীৰক শীতল আৰু সুস্থ কৰি ৰখাত সহায় কৰে, আনহাতে আলমণ্ড খালে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে। আজি আপোনালোকক কম তিয়াই থোৱা আলমণ্ড খালে কি কি উপকাৰ হয়-

১) স্বাস্থ্যকৰ ছালঃ আলমণ্ডত প্ৰচুৰ পৰিমাণে ভিটামিন ই আৰু এ থাকে। ভিটামিন ইয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে আনহাতে ভিটামিন এয়ে ছালৰ কলাজেন বৃদ্ধি কৰাত সহায় কৰে যিয়ে ছালখনক ঠাণ্ডা আৰু উজ্জ্বল কৰি তোলে।

২) পেটৰ সমস্যাৰ পৰা সকাহ: আলমণ্ডত সৰু সৰু পুষ্টিকৰ উপাদান থাকে যিয়ে পাচন শক্তি শক্তিশালী কৰে। পেট ফুলা আৰু এচিডিটিৰ পৰা সকাহ দিয়ে আৰু পেটৰ সমস্যাৰ পৰা ৰক্ষা কৰে।

৩) ডায়েবেটিছ নিয়ন্ত্ৰণ: আলমণ্ডত এক প্ৰকাৰৰ বিশেষ প্ৰটিন থাকে যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে দৈনন্দিন খাদ্যত আলমণ্ড অন্তৰ্ভুক্ত কৰিব পাৰে।

৪) গধুৰ ওজনঃ আলমণ্ড খালে ওজন কমি যায়। ইয়াত উচ্চ প্ৰটিন আৰু ভিটামিনৰ নিষ্কাশন থাকে যিয়ে আপোনাক ভোক কমোৱাত সহায় কৰে।

কেদাৰনাথ ধাম দৰ্শন কৰি পূজা আগবঢ়ালে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে…

কেদাৰনাথ ধাম দৰ্শন কৰি পূজা আগবঢ়ালে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে।

শ্বুটিঙৰ বাবে অক্ষয় কুমাৰ ডেৰাডুনলৈ গৈছে। মঙলবাৰে কেদাৰনাথ ধামলৈ ৰাওনা হয় অভিনেতা অক্ষয় কুমাৰ।
বলীউডৰ অভিনেতা অক্ষয় কুমাৰ কেদাৰনাথ ধামত উপস্থিত হৈ পূজা কৰে। লগতে কেদাৰনাথ অঞ্চল পৰিদৰ্শন কৰে।

নাজিৰাৰ বিহুবৰত নৰবলিৰ অপচেষ্টা। যুৱতীৰ মাতৃক ২ লাখ টকা দিয়াৰ অভিযোগ, থানাত গোচৰ ভুক্তভূগীৰ…

একবিংশ শতিকাতো অন্ধ বিশ্বাসৰ পৰা পৰিত্ৰাণ পোৱা নাই একাংশ লোকে | শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী বিহুবৰত নৰবলিৰ অপচেষ্টা । শৈক্ষিক সমাজত পুনৰ লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । নাজিৰা বিহুবৰত সংঘটিত হৈছে এই ঘটনা । সহজলভ্য ধনৰ লালসাত এনে ধৰণৰ আজৱ ঘটনা সমূহ দুষ্ট চক্ৰ সমূহে ৰাজ্যত পুনৰাবৃত্তি কৰিব ধৰিছে। অভিযোগ অনুসৰি বিহুবৰৰ মোচোৰা মুণ্ডা নামৰ লোকজনে গুপ্ত ধনৰ সন্ধানত বলি দিবলৈ যো-জা চলাইছিল এগৰাকী যুৱতীক ।

যুৱতীৰ মাতৃক ২ লাখ টকা দি যুৱতীগৰাকীক কাম লৈ যোৱা পথৰ পৰা বলি দিবলৈ লৈ যোৱাৰ অপচেষ্টা কৰাৰ এক গুৰুত্বৰ অভিযোগ উঠিছে । প্ৰাণ ৰক্ষা কৰি ভুক্তভূগী যুৱতী গৰাকী উপস্থিত হয়গৈ আৰক্ষী থানাত । এতিয়া গুপ্ত ধনৰ লালসাত থকা অথবা নৰবলিৰ অপচেষ্টা চলোৱা বিহুবৰৰ মোচোৰা মুণ্ডা সদ্যহতে পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । আৰক্ষীৰ তদন্তৰ পাছতহে যুৱতীৰ মাতৃক ২ লাখ টকা দিয়া আৰু নৰবলিৰ অপচেষ্টা চলোৱাৰ ঘটনাৰ সবিশেষ পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে ।

আদিত্য, বৈভৱী আৰু নিতেশ, তিনিদিনত তিনিগৰাকী শ্ৰেষ্ঠ অভিনেতাৰ মৃত্যু, টিভি উদ্যোগত শোকৰ বন্যা…

আদিত্য, বৈভৱী আৰু এতিয়া নিতেশ, তিনিদিনত তিনিগৰাকী শ্ৰেষ্ঠ অভিনেতাৰ মৃত্যু, টিভি উদ্যোগত শোকৰ বন্যা।
আদিত্যৰ পিছত বৈভৱী আৰু নিতেশৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। সোমবাৰে অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃত্যু হয়, বুধবাৰে অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ মৃত্যু আৰু কিছু ঘণ্টাৰ পিছত টিভি অভিনেতা নিতেশ পাণ্ডেৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। বৰ্তমান টিভি উদ্যোগত শোক ছাঁ।

অভিনেতা, মডেল আদিত্য সিং ৰাজপুতৰ সোমবাৰে দেহাৱসান ঘটে। সন্দেহজনক পৰিস্থিতিত তেওঁৰ ঘৰৰ বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ হয়। আদিত্যৰ বয়স আছিল ৩২ বছৰ। ১৭ বছৰ বয়সৰ পৰাই তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল। স্প্লিটছভিলাৰ পৰা তেওঁ বহুত স্বীকৃতি লাভ কৰিছিল। আদিত্যৰ আকস্মিক মৃত্যুৱে সকলোকে আচৰিত কৰি তুলিছে। সম্প্ৰতি আৰক্ষীয়ে অভিনেতাজনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে।

বুধবাৰে পুৱা ‘ছাৰা ভাই বনাম চাৰা ভাই’ ছবিখনত জেচমিনৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী বৈভৱ উপাধ্যায়ৰ মৃত্যুৰ খবৰ। হিমাচল প্ৰদেশত এক গাড়ী দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। বৈভৱীয়ে টিভি ধাৰাবাহিকত কাম কৰিছিল। ‘চি আই ডি’ আৰু আদালাতৰ দৰে টিভি শ্ব’ত অভিনয় কৰিছিল। বৈভৱীয়ে ২০২০ চনত দীপিকা পাডুকনে অভিনীত ছবি ‘ছাপাক’তো কাম কৰিছিল। ইয়াৰ উপৰিও নাছিৰুদ্দিন শ্বাহৰ সৈতে ৱেব ছিৰিজ জিৰ’ কে এম এছত অভিনয় কৰিছিল।

৫১ বছৰীয়া নিতেশৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। শ্বাহৰুখ খানৰ সৈতে ওম শান্তি ওম ছবিত নিতেশে তেওঁৰ সহায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। দাবাং ২কে ধৰি বহু ছবিত তেওঁক দেখা গৈছিল। আনহাতে নিতেশক শেষবাৰৰ বাবে সৰু পৰ্দাত দেখা গৈছিল ‘অনুপমা’ ধাৰাবাহিকখনত ধীৰাজৰ চৰিত্ৰত।

তিনিদিনত তিনিজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে টিভি উদ্যোগে।

ৰে’ল দুৰ্ঘটনাত দুয়োখন ভৰি আৰু এখন হাত হেৰুৱা সুৰজ তিৱাৰী ইউপিএছচিৰ ফলাফলত ৯১৭ নম্বৰ স্থানেৰে উত্তীৰ্ণ…

সন্মুখৰ পথ যিমানেই জটিল নহওক কিয়, চেষ্টা কৰোঁতাজন কেতিয়াও থমকি নৰয় ৷ আমি একো নাই নাই বুলি চিঞৰি থকিলেই বা ছ’চিয়েল মিডিয়াত লিখি থাকিলেই কিবা হ’ব জানো? হাতে-কামে নালাগিলে কোনেও আমাক একো নিদিয়ে ৷সুৰজ তিৱাৰী নামৰ উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ এই যুৱকজনে ৰে’ল দুৰ্ঘটনাত দুয়োখন ভৰি আৰু এখন হাত হেৰুৱাইছিল ৷ কিন্তু এই ভয়ংকৰ পৰিস্থিতিত তেওঁ মানসিকভাৱে ভাগি নপৰিল ৷ কালি ঘোষিত ইউপিএছচিৰ ফলাফলত তেওঁ ৯১৭ নম্বৰ স্থানেৰে উত্তীৰ্ণ হয় ৷ তেওঁ সকলোৰে বাবে প্ৰেৰণাৰ উৎস ৷

গতিকে কাম কৰা দৃঢ় মনেৰে, তেতিয়া আনৰ হাতলৈ-মুখলৈ চাবলৈ অৱকাশেই নাথাকিব ৷

উৎসঃ ফেচবুক

আজি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী…

আজি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী। আজি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী। প্ৰতিবছৰে পালন কৰা হয় স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যু বাৰ্ষিকী দিৱস।

এইবাৰ গুৱাহাটী মহানগৰৰ মটক জনগোষ্ঠীৰ উদ্যোগত ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক মৃত্যু বাৰ্ষিকী দিৱসটো আজি দিছপুৰস্থিত লোকনিমাৰ্ণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এই অনুষ্ঠানটো। এই বৰ্ণাঢ্য অনুষ্ঠানটিত উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।