Home Blog Page 1552

নেপালে ভাৰতলৈ বিদ্যুৎ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিলে, সবিশেষ জানো আহক…

শনিবাৰৰ পৰা নেপালে নিজৰ বিনিময় বজাৰৰ জৰিয়তে ভাৰতলৈ বিদ্যুৎ ৰপ্তানি আৰম্ভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে হিমালয়ৰ দেশত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে নদীসমূহৰ পানী বৃদ্ধিৰ বাবে জলবিদ্যুতৰ উৎপাদন বৃদ্ধি পাইছে। যোৱা বছৰো নেপালে জুন মাহৰ পৰা নৱেম্বৰ মাহলৈকে ভাৰতলৈ জলবিদ্যুৎ ৰপ্তানি কৰিছিল।

নেপাল চৰকাৰৰ মালিকানাধীন নেপাল বিদ্যুৎ কৰ্তৃপক্ষৰ মুখপাত্ৰ সুৰেশ ভট্টৰাইয়ে কয় যে দেশখন উদ্বৃত্ত হোৱাৰ বাবে আমি শনিবাৰৰ পৰা ভাৰতক ৬০০ মেগাৱাট ঘন্টা বিদ্যুৎ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছো।

আপোনালোকক কওঁ যে কিছুদিনৰ আগতে নেপালে ঘৰুৱা চাহিদা পূৰণৰ বাবে ভাৰতৰ পৰা ৪০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ আমদানি কৰিছিল। নেপালত শীতকালত বিদ্যুতৰ ঘৰুৱা চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে গ্ৰীষ্মকালত চাহিদা হ্ৰাস পায়। নেপালত বাৰিষাৰ আৰম্ভণিৰ লগে লগে হিমালয় নদীৰ উচ্চ জলস্তৰৰ পৰা জলবিদ্যুৎ উদ্যোগসমূহে অতিৰিক্ত বিদ্যুৎ উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে।

যোৱা বছৰ ভাৰতলৈ শক্তি ৰপ্তানি কৰি নেপালে প্ৰায় ১২ বিলিয়ন টকা উপাৰ্জন কৰিছিল। একে সময়তে এইবাৰো ভাল বৰষুণৰ বাবে নেপালে শক্তি বিনিময় বজাৰৰ জৰিয়তে ভাৰতলৈ শক্তি ৰপ্তানি কৰি ভাল উপাৰ্জন কৰিব।

দুধনৈৰ ডাবলীত আলট্রা বাছ আৰু পিকআপ ভানৰ মাজত সংঘৰ্ষ…

  • দুধনৈৰ ডাবলীত পথ দুৰ্ঘটনা।
  • আলট্রা বাছ আৰু পিকআপ ভানৰ মাজত সংঘৰ্ষ।

  • খাৱৈত বাগৰি পৰে দুয়োখন বাহন।
  • দুৰ্ঘটনাত আহত বাছখনৰ কেইবাগৰাকীও যাত্রী।

বৰ্তমানেও বাহনৰ ভিতৰত আবদ্ধ পিকআপ ভানখনৰ চালকজন।

১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই ঘটনা।

ঘটনাস্থলীত উপস্থিত আৰক্ষী।

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা নিটি আয়োগৰ বৈঠকলৈ নাহিল কেইবাজনো মুখ্যমন্ত্ৰী

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিটি আয়োগ পৰিষদৰ বৈঠক বাদ দিলে কেইবাজনো মুখ্যমন্ত্ৰীয়ে।

বৈঠকত অংশগ্ৰহণ নকৰা নেতাসকলৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও,তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট।

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ২৪ জন বিধায়কেৰে সিদ্দাৰমাইয়াই লাভ কৰিলে সম্পূৰ্ণ মন্ত্ৰীসভা

শনিবাৰে কৰ্ণাটকৰ কেবিনেট সম্প্ৰসাৰণ কৰা হয় আৰু নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে শপত গ্ৰহণ কৰোৱাসকলৰ ভিতৰত এন ৰাজন্না, দীনেশ গুণ্ডু ৰাও, শৰণবছপ্পা দৰ্শনপুৰ, শিৱানন্দ পাটিল, এইচ কে পাটিল, কৃষ্ণ বাইৰেগৌড়া, এন চালুভাৰায়স্বামী, কে ভেংকটেষ্টকে, ডাঃ এইচ চি মহাদেৱপ্পা, আৰু ঈশ্বৰ খন্দ্ৰে আদি।

শুকুৰবাৰে কংগ্ৰেছ দলে শনিবাৰে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া নেতৃত্বাধীন চৰকাৰখনত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া ২৪জন বিধায়কৰ তালিকা প্ৰকাশ কৰে। ইয়াৰ লগে লগে কেবিনেটে ৩৪ৰ সম্পূৰ্ণ শক্তি লাভ কৰে। নতুন মন্ত্ৰীসকলে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু তেওঁৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ উপস্থিতিত শপত গ্ৰহণ কৰে।

ইফালে, কৰ্ণাটকৰ কংগ্ৰেছ নেতা ৰুদ্ৰপ্পা লামানিৰ সমৰ্থকসকলে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ (কেপিচিচি) কাৰ্যালয়ৰ বাহিৰত নেতাজনৰ মন্ত্ৰী পদৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। সিদ্ধাৰামাইয়াই ২ মে’ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে, ডি কে শিৱকুমাৰৰ সৈতে আন আঠজন মন্ত্ৰীয়ে তেওঁৰ উপ-মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

মুখ্যমন্ত্ৰী আৰু শিৱকুমাৰে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে কৰ্ণাটকৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হয়। দক্ষিণ ৰাজ্যৰ ৬৬খন আসন লাভ কৰা শাসকীয় বিজেপিক উৎখাত কৰি ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ ১০ মে’ত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে…

শনিবাৰে ৰাতিপুৱা অহা ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত । গুৱাহাটী মহানগৰীত এই বৰষুণৰ প্ৰকোপ দেখিবলৈ পোৱা নাযায় যদিও দাতি-কাষৰীয়া অঞ্চলসমূহ বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় বৰষুণ আৰু ধুমুহাৰ বাবে ।

৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰত বৃষ্টিপাতে ভূমিস্খলন সংঘটিত কৰাৰ ফলত বন্ধ হৈ পৰিছে সুৰংগ পথ । ইয়াৰ ওপৰিও ৰাষ্ট্ৰীয় ঘাইপথ বোকা পানীৰে ভৰি পৰাৰ ফলত ব্যাহত হৈ পৰিল যাতায়ত সেৱা । যাৰ ফলত প্ৰশাসনে সুৰংগ পথটো বন্ধ কৰি দিয়াৰ ওপৰিও অব্যাহত আছে মুকলিৰ বাবে প্ৰচেষ্টা ।

ইয়াৰ ওপৰিও ছিপাঝাৰত প্ৰচণ্ড ধুমুহাই ধ্বংস কৰিলে কেইবাটাও বাসগৃহ । ছিপাঝাৰতো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰিল যাতায়ত সেৱা ।

এম আইৰ বিৰুদ্ধে ১২৯ ৰানেৰে শ্বুবমেন গিলে কি অভিলেখ ভংগ কৰিলে?

আই পি এল ২০২৩ৰ কোৱালিফায়াৰ ২ত এম আইৰ বিৰুদ্ধে ১২৯(৬০) ৰান সংগ্ৰহ কৰি শ্বুবমান গিলে আই পি এল প্লে অফত সৰ্বাধিক স্ক’ৰ ৰেকৰ্ড কৰে।

গিলে ১০টা ছয় সংগ্ৰহ কৰে, যিটো আই পি এলৰ প্লে অফ মেচত বেটছমেনৰ সৰ্বাধিক ছয়। আই পি এলৰ একেৰাহে চাৰিটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িছে গিলে (৩৭৬)।

লগতে একেৰাহে ৪ টা টি-২০ ইনিংছত ৩ শতকৰে প্ৰথম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পিছত ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ ছবিখনক লৈ নতুন বিতৰ্ক…

পৰিচালক সুদীপ্ত সেনৰ ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ক লৈ বিতৰ্ক শেষ নৌহওতেই পশ্চিমবংগত এখন নতুন ছবিক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্ক। ছবিখনৰ নাম ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ এই হিন্দী ছবিখনৰ পৰিচালনা সনোজ মিশ্ৰৰ।

এই ছবিখনৰ ট্ৰেইলাৰ নেট জগতত বিয়পি পৰাৰ লগে লগে তৎপৰ হৈ পৰিল পশ্চিমবংগৰ পুলিচ। পৰিচালক সনোজলৈ পোনপটীয়াকৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছে।

অভিযোগ উত্থাপন হৈছে যে এই ছবিখনৰ জৰিয়তে পশ্চিমবংগৰ সন্মানক ক্ষুণ্ণ কৰাৰ চেষ্টা কৰা হৈছে। আমহাৰ্ষ্ট ষ্ট্ৰীট থানাত সোধা-পোছাৰ বাবেও পৰিচালকগৰাকীক মাতি পঠোৱা হৈছে।

পৰিচালক সনোজ মিশ্ৰ মুম্বাইৰ বাসিন্দা। মুম্বাইৰ ওছিৱাৰা থানাৰ আৰক্ষীৰ জৰিয়তে পৰিচালকলৈ আইনী জাননী প্ৰেৰণ কৰা হৈছে। বংগ আৰক্ষীৰ ফালৰ পৰা তাৎক্ষণিক সঁহাৰি বিচৰা হৈছে।

বাতৰি অনুসৰি,  ছবিখনৰ পৰিচালক সনোজে কয় যে ‘’এই ছবিখন পশ্চিমবংগক বদনাম কৰিবলৈ নিৰ্মাণ কৰা হোৱা নাই। আমি তথ্য দাঙি ধৰিছো। পুংখানুপুংখ গৱেষণাৰ অন্তত ছবিখন নিৰ্মাণ কৰা হৈছে।”

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে ১১ জনীয়া সমিতি গঠন…

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে আফ্ৰিকান দেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছিল চিতাৰ।

আমদানি ঘটোৱা এই চিতাসমূহ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল।

কিন্তু কেন্দ্ৰৰ এই পৰিকল্পনাত নামি আহিছে বাধা। কুনোত মুকলি কৰা চিতাৰ এইপৰ্যন্ত তিনিটা প্ৰাপ্তবয়স্ক চিতা আৰু তিনিটা নৱজাত পোৱালীৰ মৃত্যু ঘটিছে।

ইয়াৰ ফলশ্ৰুতিত চিতাৰ বাসস্থান আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাৰ উপযুক্ততা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত তীব্ৰবেগী বাইকৰ খুন্দাত শিশুৰ থিতাতে মৃত্যু…

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ ৰেল ষ্টেচনৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে দুপৰীয়া ভাগত হোৱা এক পথ দুৰ্ঘটনাত এটি শিশু থিতাতে নিহত হয়।

জব্বৰ খান নামৰ বাইক আৰোহী জনে মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈ অভিমুখে গৈ থকা অৱস্থাত পাৱৈ ৰেল ষ্টেছনৰ সমীপত এ এচ ২৩ এ এফ ৬৫৭১ নম্বৰৰ তীব্ৰবেগী বাইকখনে পাৱৈ চাহ বাগিছাৰ নাগাপাৰ অঞ্চলৰ ৰাজ ওৰাং (৭) নামৰ শিশুজনক খুন্দা মাৰে ।

বাইকৰ খুন্দাত শিশুজনৰ থিতাতে নিহত হয়। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃত শিশুজনক উদ্ধাৰ কৰাৰ লগতে উদণ্ড বাইক চালকজনক আটক কৰিছে।

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত জানেনে আপুনি…

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে এই সন্দৰ্ভত দিয়া পৰামৰ্শ নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে। কিয়নো নিবন্ধৰ প্ৰস্তুতকৰ্তাসকল খাদ্য আৰু চেনি উদ্যোগৰ স্বাৰ্থৰ সৈতে জড়িত।

এই অধ্যয়নৰ বাবে ধনৰ যোগান ধৰিছে আন্তৰ্জাতিক জীৱ বিজ্ঞান নামৰ প্ৰতিষ্ঠান এটাই। প্ৰতিষ্ঠানত সহযোগীসকল হৈছে খাদ্য আৰু কৃষি ৰসায়ন কোম্পানীসমূহ। তাৰ ভিতৰত আছে কোকাকোল, জেনেৰেল মিল্ছ, হাফেদিন, ফাষ্টফুড আৰু মনচাণ্টো। সমালোচকসকলৰ মতে ইয়াৰ আগতেও খাদ্য উদ্যোগে এনে প্ৰচেষ্টা কৰিছে য’ত হিবিজিবি খাদ্য, চেনিযুক্ত পানীয় আদিয়ে সৃষ্টি কৰিব পৰা মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যবিষয়ক সমস্যাৰ সম্ভাৱনা নুই কৰিব পাৰি। এনে প্ৰয়াস ১৯৬০ চনৰ পৰা চলি আছে। সেই সময়ত চেনি উদ্যোগে বিশিষ্ট বিজ্ঞানীৰ জৰিয়তে অত্যধিক চেনিয়ে হৃদৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। বৰং সংপৃক্ত চৰ্বিয়েহে এনে ৰোগৰ সৃষ্টি কৰে বুলি এক ধাৰণা প্ৰকাশ কৰিছিল।

নিউয়ৰ্ক টাইমছৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কোকাকোলা কোম্পানীয়ে চেনিযুক্ত পানীয় আৰু মেদবহুলতাৰ সম্পৰ্ক নস্যাৎ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে এদল বিজ্ঞানীক ধন দিছিল। খাদ্য আৰু পুষ্টি বিশেষজ্ঞসকলে কৈছে উপৰিউক্ত নিবন্ধটিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্কলোকক চেনিযুক্ত পানীয়, কেণ্ডী আৰু চেনিযুক্ত বীজশস্য যথাসম্ভৱ কমকৈ খোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু উপৰিউক্ত নিবন্ধৰ প্ৰস্তুতকৰ্তা বিজ্ঞানীসকলে যুক্তি দৰ্শাইছে যে চেনি সন্দৰ্ভত প্ৰচলিত নিৰ্দেশনাৰ অধিক সমীক্ষা হ’ব লাগে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় নহয়। এনে নিবন্ধ এনে এটা সময়ত প্ৰকাশ কৰা হৈছে যিসময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য কৰ্তৃপক্ষসমূহে চেনি আৰু চেনিযুক্ত খাদ্যৰ মাত্ৰা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে- ফল, পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বয়স্ক উভয়েই নিয়ন্ত্ৰণ কৰা উচিত। সংস্থাৰ পৰামৰ্শ হৈছে চেনিৰ পৰা সৰ্বাধিক ১০ শতাংশ কেলৰী পাব পৰাকৈ খাদ্য আৰু পানীয় খাব লাগে। অধিক চেনিযুক্ত খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰে।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) নিৰ্দেশনা জাৰি কৰিছে যে সকলো পেকেজ কৰা খাদ্যৰ পেকেটৰ ওপৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব চেনিৰ মাত্ৰা। ব্ৰিটেইনতো চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতত এইপৰ্যন্ত এই সন্দৰ্ভত নিৰ্দেশনা বা পৰামৰ্শ জাৰি কৰা পৰিলক্ষিত হোৱা নাই।

অসমত এতিয়া ভোগালী বিহুৰ বতৰ। এই সময়ত যথেষ্ট পৰিমাণৰ পিঠা, লাড়ু, চিৰা, দৈ, গুড়, মিঠাই আদি খোৱা হয়। এইবোৰৰ বেছিভাগতেই যথেষ্ট পৰিমাণৰ চেনি বা গুড় ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ্য যে গুড়তো যথেষ্ট পৰিমাণৰ চেনি থাকে। গতিকে সাৱধান হ’ব। এইবোৰ খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

আমাৰ বহুতে ধাৰণা কৰে যে আমাৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্যদ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়। এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই।

ডাঃ জীৱন দত্ত বৰুৱা