দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৮৬৪ জন অষ্ট্ৰেলিয়ান সৈন্যক লৈ এখন জাপানী জাহাজ সাগৰত ডুব গৈছিল। তাৰ পিছত বহু বছৰ পাৰ হৈ গ’ল, এই আটাইকেইটা বছৰত সেই জাহাজৰ কোনো লেখ-জোখ পোৱা নগ’ল৷ শেহতীয়াকৈ দক্ষিণ চীন সাগৰৰ লুজন দ্বীপৰ উত্তৰ-পশ্চিম অংশত বিজ্ঞানীৰ এটা দলে জাহাজখন উদ্ধাৰ কৰে। এই কথা দাবী কৰা হৈছে সংবাদ মাধ্যমৰ “স্বাধীন” প্ৰতিবেদনত।
অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে শনিবাৰে ঘোষণা কৰে যে এছ এছ মণ্টেভিডিঅ’ মাৰু নামৰ জাহাজখন গভীৰ সাগৰত উদ্ধাৰ হৈছে। ১৯৪২ চনত ফিলিপাইনছৰ ওচৰৰ সাগৰত ডুব গৈছিল জাহাজখন। গৱেষকসকলে অনুমান কৰিছিল যে যুদ্ধবন্দীসকলক সেই জাহাজখনলৈ লৈ যোৱা হৈছে।
এই জাহাজখনক অষ্ট্ৰেলিয়াৰ ইতিহাসৰ ‘আটাইতকৈ ভয়াৱহ দুৰ্যোগ’ বুলি বিবেচিত হৈছে। পাপুয়া নিউ গিনিৰ পৰা চীনৰ হাইনান প্ৰদেশলৈ যুদ্ধবন্দী কঢ়িয়াই নিয়াৰ সময়ত আমেৰিকাৰ নৌসেনাৰ যুদ্ধ জাহাজখনে টৰ্পিডোৰে আঘাত কৰা জাহাজখন ৮৬৪ জন লোকৰ সৈতে ডুব যায়। তেতিয়াৰ পৰা জাহাজখনৰ সন্ধান পোৱা নাই।
অষ্ট্ৰেলিয়া চৰকাৰী সূত্ৰ অনুসৰি গৱেষকসকলে এই জাহাজখন সাগৰৰ পৰা ১৩ হাজাৰ ৩২৩ ফুট তলত উদ্ধাৰ কৰে। কিন্তু এই জাহাজ ধ্বংসস্তূপত ৮৬৪ জন নহয়, ১০০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।
১৮ মাৰ্চৰ পৰা অমৃতপালত ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে; আৰু তেতিয়াৰ পৰা এই খলিস্তানী নেতাই বাৰে বাৰে নিজৰ স্থান সলনি কৰি আছে। অভিযানৰ অন্তত প্ৰথমে দেখা গৈছিল এখন মাৰ্চিডিজ গাড়ীত অমৃতপালক। তেওঁৰ লগত এজন সহযোগী আছিল। ইয়াৰ পিছত তেওঁলোকে চাৰিখন গাড়ীৰে পলায়ন কৰে। আৰক্ষীৰ চেকপইণ্টত কনভয়টো ৰখাই দিয়ে আৰক্ষীয়ে। কিন্তু বেৰিকেড ভাঙি পলায়ন কৰিলে অমৃতপাল।
আৰক্ষীৰ মতে, অমৃতপালে মাৰ্চিডিজৰ পৰা নামি ব্ৰেজা গাড়ীত খুন্দা মাৰে। তাৰ পৰা নামি বাইকেৰে ১০ৰ পৰা ১২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ পিছত খালিস্তানী নেতাজনে আন এখন বাইকত উঠিল। ১৮ মাৰ্চৰ নিশা জলন্ধৰৰ পৰা লুধিয়ানাত প্ৰৱেশ কৰিছিল অমৃতপালে। যদিও তেওঁৰ চাৰিজন সংগী জলন্ধৰতে থাকি গ’ল। সেই নিশা অমৃতপালে শেখপুৰাৰ গুৰদ্বাৰাত প্ৰায় এঘণ্টা সময় কটালে। আৰক্ষীৰ মতে, গুৰদ্বাৰাৰ গ্ৰন্থীয়ে অমৃতপালক এখন স্কুটি আৰু এখন বাইক দিছিল। নিশা প্ৰায় ৯:৩০ বজাত এখন স্কুটিৰে পলায়ন কৰে খালিস্তানী নেতাগৰাকী। গ্ৰন্থিৰ নেতাজনে বাইকখন চলাইছিল। আনখন বাইকত আছিল অমৃতপালৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত। সি সিফাললৈ গ’ল।
অলপ পিছতে এখন ছবি ওলাই পৰিল। য’ত অমৃতপালক গোলাপী ৰঙৰ পাগুৰি পিন্ধি বাইক চলোৱা দেখা যায়। চকুত ছানগ্লাছ। ২০ মাৰ্চত অমৃতপলে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত উপস্থিত হয়। তাত তেওঁক চৰকাৰী বাছত উঠা দেখা যায়। অমৃতপাল আৰু পাপলপ্ৰীতে হাৰিয়ানাৰ এগৰাকী মহিলাৰ ঘৰত আশ্ৰয় লৈছিল। পিছত বলজিৎ কৌৰ নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।
উপগ্ৰহটো প্ৰেৰণ কৰাৰ পিছত সাধাৰণতে ৰকেটৰ কিছু অংশ বায়ুমণ্ডলত জ্বলি যায় বা মহাকাশত ওপঙি যায়। কিন্তু এইবাৰ ৫৭ নং পিএছএলভিৰ এটা অংশ (পিএছএলভি অৰ্বিটেল এক্সপেৰিমেণ্টেল মডিউল-II বা ‘পিঅ’ইএম-II’) বাহকৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত আন এটা কামত নিযুক্ত কৰা হৈছে।
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ৫টা লক্ষণ!কেতিয়াও আওকাণ নকৰিব এই লক্ষণ সমূহ…। আপোনাক সুস্থ আৰু ৰোগৰ পৰা আঁতৰাই ৰখাত প্ৰতিৰোধ ক্ষমতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় তেন্তে আপুনি সদায় সুস্থ হৈ থাকিব। আনহাতে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লে ৰোগৰ আশংকা বহু বেছি হয়। বহু সময়ত ইমিউনিটি চিষ্টেম দুৰ্বল হ’লেও হয় কিন্তু বুজি পোৱা নাযায়। আজি আমি আপোনালোকক এনেধৰণৰ ৫টা লক্ষণৰ বিষয়ে ক’ম, যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লে শৰীৰত দেখা দিয়ে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ৫টা লক্ষণ-
যদি কাৰোবাৰ ইমিউনিটি দুৰ্বল হয়, তেন্তে তেওঁ খুব সঘনাই ঠাণ্ডাৰ অনুভৱ কৰে। যেতিয়া শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মাত্ৰা শক্তিশালী হয় তেতিয়া ই আমাক ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু যদি ইমিউনিটি দুৰ্বল হৈ থাকে তেন্তে ঠাণ্ডা আৰু চৰ্দিৰ সমস্যা বহুত হয়।
যেতিয়াই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়, তেতিয়াই শৰীৰে ভাগৰুৱা অনুভৱ কৰে। ইয়াৰ বাবে শৰীৰৰ যিকোনো অংশই বিষ হ’বলৈ আৰম্ভ কৰে। আচলতে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে শৰীৰৰ শক্তি ব্যৱহাৰ কৰি ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া হয় আৰু শৰীৰে ভাগৰুৱা অনুভৱ কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ এটা লক্ষণ হ’ল পাচনতন্ত্ৰ দুৰ্বল হোৱা। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ দৰে সমস্যা বৃদ্ধি পায়। কেতিয়াবা ইমিউনিটি দুৰ্বলৰ বাবে পেটত বহুত বিষ হয়। আচলতে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে বেক্টেৰিয়া অতি সহজে পেটত প্ৰৱেশ কৰি পেটৰ লগত জড়িত ৰোগৰ জন্ম দিয়ে।যদি দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকে আঘাত পালে সহজে ভাল নহয়।গতিকে যেতিয়াই এনে কোনো লক্ষণ দেখা যায় তেতিয়াই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।