Obesity, unhealthy weight. Nutritionist inspecting a woman's waist using a meter tape to prescribe a weight loss diet
মেদবহুলতাই আমাৰ শৰীৰত কি কি সমস্যা সৃষ্ট কৰে-
১) অষ্টিঅ’আৰ্থাইটিছ: মেদবহুলতাৰ বাবে অতিৰিক্ত ওজন বৃদ্ধি পোৱাৰ ফলত আঁঠুৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰে। কিন্তু প্রতিটো মানুহৰ শৰীৰত ইয়াৰ প্রভাৱ ভিন্ন হয়। কিন্তু কিছুমান মানুহৰ বাবে মেদবহুলতাৰ বাবে ওজন বৃদ্ধিয়ে আঁঠুৰ গাঁঠিত থকা কাৰ্টিলেজ (cartilage) ক্ষতি কৰে। এই অৱস্থা আৰু আগবাঢ়ি যায় আৰু অষ্টিঅ’আৰ্থাইটিছৰ ৰূপ লয়।
২) ষ্ট্ৰোক আৰু হৃদৰোগ : যিসকল লোকৰ ওজন বেছি হয়, তেওঁলোকৰ শৰীৰত উচ্চ কলেষ্টেৰল আৰু উচ্চ ব্লাড চুগাৰৰ সমস্যা হয়, এই দুয়োটা অৱস্থাই হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।
৪) কৰ্কট ৰোগৰ আশংকাঃ মেদবহুলতাৰ বাবে কিছুমান বিশেষ ধৰণৰ কেন্সাৰ আৰম্ভ হয়। সেইবাবেই কোৱা হয় যে মেদবহুল লোকৰ ক্ষেত্ৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা অতি বেছি। যেনে, কলন কেন্সাৰ, স্তন কেন্সাৰ, কিডনী কেন্সাৰ ইত্যাদি।
৫) পিত্তথলীৰ ৰোগঃ ফিট মানুহতকৈ মেদবহুল লোকৰ পিত্তথলীৰ লগত জড়িত ৰোগ বেছিকৈ দেখা যায়। বিশেষকৈ যিসকল লোকৰ ওজন অতি সোনকালে বাঢ়ে বা অতি সোনকালে ওজন কমি যায়। গতিকে ওজন কমাওঁতে পিত্তথলীৰ পাথৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰতি সপ্তাহত এক পাউণ্ড ওজন কমাব লাগে।
৬) টোপনিৰ বিকাৰ: অতিৰিক্ত টোপনি বা কম টোপনি, মেদবহুলতাৰ বাবে এই দুটা সমস্যাৰ যিকোনো এটা আপোনাৰ হ’ব পাৰে। এনে হয় কাৰণ অতিৰিক্ত চৰ্বিৰ বাবে শ্বাসনলীৰ ওপৰৰ অংশ সংকুচিত হয়, যাৰ বাবে শৰীৰত অক্সিজেনৰ অভাৱ হয় আৰু তেজৰ যোগান লেহেমীয়া হয়, সেয়েহে অধিক টোপনি হয়।
৭) হাঁপানীঃ আমেৰিকান লাং এছ’চিয়েচনৰ মতে পেট আৰু বুকুত অত্যধিক চৰ্বি জমা হ’লে হাওঁফাওঁ সংকুচিত হৈ উশাহ লোৱাত অসুবিধা হয়। ইয়াৰ ফলত হাঁপানীৰ সমস্যা হয়।
৮) ইউৰিক এচিডৰ সমস্যাঃ তেজত ইউৰিক এচিড বৃদ্ধিৰ সমস্যাক গাউট বোলা হয়। তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে গাঁঠিৰ বিষ আৰম্ভ হয়।