Home Blog Page 1654

“এজন প্ৰশাসনিক বিষয়া হ’বলৈ নিজৰ আভ্যান্তৰিণ ফিৰিঙতি চিনাক্ত কৰা’ -কটনিয়ানলৈ এই আহ্বান ভাৰত ভূষণ দেৱ চৌধুৰীৰ

“প্ৰশাসনিক বিষয়া হ’বলৈ কেৱল কঠোৰ অধ্যয়ন কৰাই যথেষ্ট নহয়। নিজৰ দক্ষতা বা আভ্যন্তৰীণ কাৰণ চিনাক্ত কৰিব লাগিব যিয়ে লক্ষ্য প্ৰাপ্তিৰ দিশত কাম কৰি থাকিবলৈ প্ৰৰোচিত কৰে”। আজি কটন বিশ্ববিদ্যালয়ত ‘এপিএছচিৰ দ্বাৰা পৰিচালিত পৰীক্ষা’ সন্দৰ্ভত অনুষ্ঠিত এক সজাগতা কৰ্মশালাত মুখ্য বক্তা হিচাপে ভাষণ দি অসম লোক সেৱা আয়োগৰ (এপিএছচি) অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে এই কথা ব্যক্ত কৰে।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (কেবিআৰ) প্ৰেক্ষাগৃহত অসম লোক সেৱা আয়োগৰ (এপিএছচি) সহযোগত বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰই (চিবিচি) এই কৰ্মশালাৰ আয়োজন কৰে৷


তেওঁ ভাষণত গুৰুত্ব আৰোপ কৰে যে, শিক্ষাৰ্থীসকলে অধ্যয়নৰ লগতে তেওঁলোকে ভাল পোৱা সকলোবোৰ কৰিব লাগে। প্ৰশাসনিক সেৱাত কেৰিয়াৰ হৈছে আৰ্থিকভাৱে লাভজনক আৰু চাকৰিটোৰ বহুমাত্ৰিক প্ৰকৃতিয়ে ব্যক্তিত্ব বিকাশও কৰে। এজন ভাল প্ৰশাসনিক বিষয়াৰ ভাষাৰ দক্ষতা আৰু মানুহৰ প্ৰতি সহানুভূতিশীল হোৱাটো উচিত। তেওঁ লগতে কয় যে, এজন প্ৰশাসনিক বিষয়া হৈছে এক সমস্যা সমাধানকাৰী, যি কেৱল চাকৰিটোৰ বহুমাত্ৰিক প্ৰকৃতিৰ পৰা প্ৰাপ্ত অভিজ্ঞতাৰ দ্বাৰা পুষ্ট হৈ পৰে৷


প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত কঠোৰ পৰিশ্ৰমৰ সলনি স্মাৰ্ট কামৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৌধুৰীয়ে কয়, “তুমি কেনে প্ৰদৰ্শন কৰা সেয়া গুৰুত্বপূৰ্ণ নহয়। প্ৰতিযোগিতামূলক পৰীক্ষাত আনে কেনে প্ৰদৰ্শন কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে প্ৰতিটো নম্বৰেই গুৰুত্বপূৰ্ণ।” বাছনি প্ৰক্ৰিয়াৰ ওপৰত দীঘলীয়াকৈ বক্তব্য ৰাখি চৌধুৰীয়ে লগতে কয় যে প্ৰিলিমছ (প্ৰৱেশিকা)ত অৱতীৰ্ণ হোৱাৰ সময়ত অনুমানযোগ্য আৰু অপ্ৰত্যাশিত দুয়োটা প্ৰশ্নৰ সৈতে মোকাবিলা কৰিব লাগিব।


যিকোনো প্ৰশাসনিক সেৱাৰ আকাংক্ষীৰ মূল কাম হ’ব লাগে অপ্ৰত্যাশিত প্ৰশ্নবোৰক অনুমানযোগ্য প্ৰশ্নলৈ ৰূপান্তৰ কৰা। তেওঁ পৰামৰ্শ দিয়ে যে, নিয়মীয়াকৈ শীৰ্ষ বাতৰিসমূহ অনুসৰণ কৰিব লাগে। ভাল কিন্তু নিম্নতম সংখ্যক কিতাপ পঢ়িব লাগে, মডেলৰ প্ৰশ্নকাকত অনুসৰণ কৰিব লাগে আৰু তেওঁলোকৰ অধ্যয়নৰ পৰিকল্পনা কৰিব লাগে।


কটন বিশ্ববিদ্যালয়ত আজিৰ কৰ্মশালাখন আয়োগে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অসমৰ বিভিন্ন জিলাত এপিএছচিয়ে অনুষ্ঠিত কৰা কৰ্মশালাৰ শৃংখলাৰ ভিতৰত অন্যতম। তেওঁ কয় যে, এপিএছচিয়ে অনাগত দিনত কটন বিশ্ববিদ্যালয়ত মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰত গুৰুত্ব দি এক বিশেষ কৰ্মশালা আয়োজন কৰিব৷


ইফালে, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই তেওঁৰ ভাষণত কয় যে, প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলে অধ্যৱসায় কৰিব লাগিব।

এটা জনপ্ৰিয় সংস্কৃত শ্লোকৰ দ্বৰা তেওঁ কয় যে, ‘আমাৰ যিকোনো জ্ঞানৰ এক-চতুৰ্থাংশ আমাৰ শিক্ষকসকলৰ পৰা আহে, আত্ম-অধ্যয়নৰ পৰা এক-চতুৰ্থাংশ,আমাৰ সামাজিক পৰিধিৰ পৰা এক-চতুৰ্থাংশ আৰু আমাৰ নিজৰ অভিজ্ঞতাৰ পৰ এক-চতুৰ্থাংশ,’ সামগ্ৰিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই কথা কয় অধ্যাপক ডেকাই।

চিবিচিৰ সঞ্চালক ড° সংগীতা বৰঠাকুৰে তেওঁৰ স্বাগতম ভাষণত শিক্ষাৰ্থীসকলক তেওঁলোকৰ চাৰিওফালৰ সমাজত আৰু তেওঁলোকৰ মাতৃভূমিত চাব বিচৰা পৰিৱৰ্তনবোৰ আনিবলৈ অসামৰিক সেৱাত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে। ‘তোমালোকে কেৱল ডাঙৰ সপোন দেখিব লাগিব আৰু এই সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ নিজে সংকল্প ল’ব লাগিব। তেওঁ লগতে কয় যে, সৰ্বশ্ৰেষ্ঠখিনি উলিয়াই অনাত সহায় কৰিবলৈ আমি তোমালোকৰ সৈতে চিৰদিনৰ বাবে পৰামৰ্শদাতা হিচাপে আছোঁ”। পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপক ড° ৰুমা তালুকদাৰৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোত ৪০০ ৰো অধিক শিক্ষাৰ্থী, শিক্ষক, সদস্য আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷


জানুৱাৰী ২০২২ত গঠন কৰা চিবিচিয়ে শিক্ষাৰ্থী, শিক্ষক, সদস্য আৰু কৰ্মচাৰীৰ দক্ষতা বিকাশৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছে।

আগষ্ট ২০২২ৰ পৰা বিশ্ববিদ্যালয়ত অসামৰিক সেৱা পৰীক্ষাৰ ওপৰত এক প্ৰশিক্ষণ কাৰ্যসূচীও চলি আছে। বৰ্তমান কটন বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ৮৮ জন শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰিছে। যিটো Civil Services Achievers’ Point (চিএছএপি)ৰ দ্বাৰা পাঠ্যক্ৰম মাচুল ৮০% হ্ৰাস কৰি আগবঢ়োৱা হৈছে।

“শিশুৰ দিন” উদযাপনেৰে আনন্দমুখৰ অসম গ্ৰন্থমেলা, বঙাইগাঁও

অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ বৰ্ণিল কাৰ্যক্ৰমণিকাই বঙাইগাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ভাষা-সাহিত্যপ্ৰেমী ৰাইজৰ মাজত সৃষ্টি কৰিছে উৎসাহ-উদ্দীপনা৷

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ গান্ধী ময়দানত যোৱা ১৩ মাৰ্চৰ পৰা সাতদিনীয়াকৈ আয়োজিত হৈছে এই গ্ৰন্থমেলা৷

আজি ইয়াত “শিশুৰ দিন” উদযাপন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন, কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা৷ পুৱা ১১ বজাত বন্তি প্ৰজ্বলিত কৰি “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট লেখক, অনুবাদক , সাহিত্য আকাডেমী বঁটাৰে সন্মানিত সুসাহিত্যিক ৰাজা দেৱজিৎ বসুমতাৰীয়ে৷ উদ্বোধনী ভাষণত তেওঁ কয় যে কুইজ, চিত্ৰাংকন , আকস্মিক বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতাই শিশুৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে৷

এনে অনুষ্ঠানে শিশুসকলৰ মানসিক বিকাশ আৰু মনৰ দৃঢ়তা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়৷ তেওঁ শিশু আৰু অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাই কয়—“ভাল মানুহ হোৱাটো জীৱনৰ লক্ষ্য কৰি লোৱা উচিত৷ প্ৰকৃতাৰ্থত মানুহ হোৱাৰ সাধনাই এনে লক্ষ্যত উপনীত কৰায়৷ মানুহৰ প্ৰতি মৰম-সন্মান , সদাচাৰ, পৰোপকাৰ—এইবোৰ ভাল মানুহৰ গুণ৷ মানুহ এই গুণৰাজীৰ অধিকাৰী হ’লে সমাজ-জীৱন শান্তিপূৰ্ণ হয়৷”

তেওঁ অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাটো সমাজৰ বাবে শুভকৰ্ম বুলি উল্লেখ কৰি দুয়োটা সংস্থাকে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লখ্য যে ৩ শতাধিক শিশুৱে চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত যোগদান কৰে।

আকস্মিক বক্তৃতাৰ “ক” শাখাত পঞ্চী প্ৰিয়ম দাসে প্ৰথম, দেৱাস্তুতি ৰূপম নাথে দ্বিতীয়, হাৰ্দিক ওজাই তৃতীয় আৰু অনন্যা গৌতমে উদগনি বঁটা লাভ কৰে৷ “খ” শাখাত ৰত্নাপ্ৰভা সিংহই প্ৰথম , অনিন্দিতা দাসে দ্বিতীয়, পল প্ৰদ্যুম্ন দাস আৰু প্ৰৱাহিনী গৌতমে যুটীয়াকৈ তৃতীয় আৰু মৃগাক্ষি কাশ্যপে উদগনি বঁটা লাভ কৰে৷

“গ” শাখাত ৰৌশন দাসে প্ৰথম, প্ৰযুক্তা শৰ্মা আৰু অয়ন কাশ্যপে যুটীয়াকৈ দ্বিতীয়, আকাশদ্বীপ গোস্বামীয়ে তৃতীয় আৰু উৰ্মিমালা সাহাই উদগনি বঁটা লাভ কৰে৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত কৌশানী চৌধুৰীয়ে প্ৰথম , মঞ্জিষ্ঠা মেধিয়ে দ্বিতীয় , জ্যোতিষ দাসে তৃতীয় স্থান লাভ কৰে৷

ইয়াত আয়ুস দেৱনাথ , তৃষা দে’ , পঞ্চী প্ৰিয়ম দাসে উদগনি আৰু এৰিকা চৌধুৰীয়ে বিশেষ উদগনি বঁটা লাভ কৰে ৷ “খ” শাখাত স্নেহাশিস পুৰকায়স্থই প্ৰথম, আয়ুস্মান শইকীয়াই দ্বিতীয়, দেৱাংগ ৰয়ে তৃতীয় স্থান লাভ কৰে ৷ ইয়াত জ্যোতিৰূপ পাল , স্নিগ্ধা ঘোষ , মেৰীপ্ৰিয়া বৰা, শ্ৰীপৰ্ণা সৰকাৰে উদগনি বঁটা লাভ কৰে৷

“গ” শাখাত ফ্ল’ৰিনা বৰাই প্ৰথম, অৰ্পণা বৈদ্যই দ্বিতীয় , বেদব্ৰত সাহাই তৃতীয় স্থান লাভ কৰে৷ ইয়াত তিষি দেৱনাথ, নিশিতা শৰ্মা, চন্দ্ৰাশ্ৰী ৰয়, ক’য়েল দাসে উদগনি বঁটা লাভ কৰে৷

এই ফলাফল অনুসৰি কাইলৈ বঁটা বিতৰণী কৰা হ’ব৷ আজি চিত্ৰাংকন আৰু আকস্মিক বক্তৃতাৰ পাছত মুকলি কুইজ পৰিচালনা কৰে নয়নজ্যোতি বৰাই। সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে প্ৰবোধ দাসে৷

কাইলৈ বিয়লি আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলা , বঙাইগাঁৱৰ সামৰণি অনুষ্ঠান৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক কুল শইকীয়াই৷

বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহা , গৱেষক -লেখক ড° মলিনা দেৱী ৰাভা,, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য গকুল বৰ্মন , বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়ো আৰু বিশিষ্ট লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই৷

মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক ক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱে পুনৰ এবাৰ মিডিয়া ক্ৰিকেটৰ ফাইনেলত স্থান নিশ্চিত কৰিলে।

অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ ক্ৰিকেট প্ৰতিযোগিতাত ক্ৰমাগতভাবে তৃতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে।

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত আয়োজক অসম ক্ৰীড়া সাংবাদিক সন্থাক ৬ ৰানত পৰাস্ত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬০ ৰান।

গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ মৃগাংক শৰ্মাই ৬২, অধিনায়ক বিনয় কলিতাই অপৰাজিত ৪৫ আৰু সঞ্জীৱ বেজবৰুৱাই আগবঢ়াই ২৪ ৰানৰ অৱদান।

প্ৰত্যুত্তৰত অসম ক্ৰীড়া সাংবাদিক সন্থাই ১৫৪ ৰানতে সামৰে ইনিংছ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ বেটিঙত অপৰাজিত ৪৫ ৰান আৰু বলিঙত ১ উইকেট দখল কৰা বিনয় কলিতা বিবেচিত হয় মেন অব দ্যা মেচ।

উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হব লগীয়া ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব মুখামুখি হব মিডিয়া মেনেজমেণ্টৰ।

ঢেকীয়াজুলিত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ পৰ্যালোচনা সভা

ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ মিঠাআম বঙালী গাঁৱৰ দয়াল দাস পানিকা প্ৰেক্ষাগৃহত আজি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷

উল্লেখ্য যে চাওঁতাল জনগোষ্ঠীৰ শৈক্ষিক,সামাজিক,বৌদ্ধিক আৰু বিভিন্ন জলন্ত সমস্যাক লৈ আজি সংগঠনটোৱে উক্ত পৰ্যালোচনা সভাখনি অনুষ্ঠিত কৰে৷ আজি বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত কৰা পৰ্যালোচনা সভাখনিত সংগঠনটোৱে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷

মিঠাআম বঙালী গাঁৱৰ দয়াল দাস পানিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আজিৰ পৰ্যালোচনা সভাখনিত সদৌ চাওঁতালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক বীৰেন চৰেন, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক উত্তম মুৰ্মু, সংগঠনটোৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন উপ সভাপতি মতিলাল হাচদা,সাংগঠনিক সম্পাদক প্ৰদীপ বেছৰা, সাংস্কৃতিক সম্পাদক চহেন মুৰ্মু,প্ৰচাৰ সম্পাদক অজিত চৰেন, সংগঠনটোৰ ঠেলামৰা আঞ্চলিক সমিতিৰ সম্পাদক তপন চৰেন, মিছামাৰী আঞ্চলিকৰ সম্পাদক চুকলাল হেমৰম, গড়মাৰা আঞ্চলিক সমিতিৰ সভাপতি দেৱনাথ টুডু, সম্পাদক হলেশ্বৰ মুৰ্মু, হুগ্ৰাজুলি আঞ্চলিক সমিতিৰ সভাপতি দেৱীলাল চৰেন, সমাজকৰ্মী যোগেন হেমৰমৰ,পৱন মাৰ্ডীৰ লগতে চাওঁতাল সংগঠনটোৰ  বিষয়ববীয়া সকলৰ উপৰিও সদস্য সকল উপস্থিত থাকে৷

এছিয়ান খো খো চেম্পিয়নশ্বিপলৈ সাজু অসম; গুৱাহাটী পালেহি ইৰাণ, মালয়েছিয়া, দক্ষিণ কোৰিয়াৰ দল

অসম খো-খো সন্থাই ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰিব লগা আন্তর্জাতিক প্রতিযোগিতা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখ্য যে প্রতিযোগিতাৰ স্থলী তামুলপুৰৰ খেলপথাৰত বিশ্ব মানদণ্ডৰ অস্থায়ী ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বি টি আৰৰ এলেকাত হ’বলগা আন্তর্জাতিক প্রতিযোগিতাখনক গৌৰৱৰ সুযোগ ৰূপে লৈছে অসম খো-খো সন্থাৰ অধ্যক্ষ তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে।

উল্লেখ্য যে বড়ো আয়োজক কমিটীৰো সভাপতিৰ দায়িত্বত আছে। ইফালে, অহা ২০-২৩ মাৰ্চলৈ অনুষ্ঠিত হ’বলগা চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হৈছে আৰু তিনিখন বিদেশী ৰাষ্ট্ৰৰ দল।

অসম খো খো সন্থাৰ সভাপতি তথা এছিয়ান খো খো চেম্পিয়নশ্বিপৰ আয়োজক কমিটীৰ সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱাই জনোৱা অনুসৰি আজি দিনত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে ইৰাণ আৰু মালয়েছিয়াৰ দলে।

আনহাতে, নিশা গুৱাহাটীত উপস্থিত হয় দক্ষিণ কোৰিয়া দল। ইতিমধ্যে ভূটান আৰু নেপালৰ পুৰুষ-মহিলাৰ দলে এদিন পূর্বেই আহি অসমত উপস্থিত হৈছে। আয়োজক ভাৰতসহ ছটা দল অসম আহি পোৱাত স্বাভাৱিকতে প্রতিযোগিতাৰ আয়োজকৰ তৎপৰতা বৃদ্ধি পাইছে।

ইফালে, আজি চেম্পিয়নশ্বিপত খেলিব লগা ভাৰতীয় দল দুটা বাচনি কৰাৰ কথা আছিল যদিও সেয়া এদিন পিছুৱাই কাইলৈহে আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলি ভাৰতীয় খো খো ফেডাৰেছনে জানিবলৈ দিছে। উল্লেখ্য যে চাৰিদিনীয়া প্ৰতিযোগিতাখনত ১২ খন দেশৰ প্ৰায় আঠশ খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰিব। কাইলৈ বাকী থকা দলবোৰ গুৱাহাটী পাব বুলি অবগত কৰে সভাপতি বৰুৱাই।

পশ্চিম বংগৰ ঠাকুৰনগৰত অনুষ্ঠিত মতুৱা ধৰ্ম মহা মেলাত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ ২১২তম জয়ন্তী উদযাপনৰ বাবে আয়োজিত মতুৱা ধৰ্ম মহা মেলাত অংশগ্ৰহণ কৰিবলৈ পশ্চিম বংগৰ ঠাকুৰবাৰীৰ শ্ৰীধাম ঠাকুৰনগৰত উপস্থিত হয়।

তেখেতৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, যি হৈছে মতুৱা মহাসংঘৰো সংঘাধিপতি।

“ভক্তিতেই আছে শান্তি, শক্তি, জ্ঞান আৰু সংস্কৃতি। ভক্তিৰ বাবেই আমি এই মহা মেলাত একত্ৰিত হোৱাৰ পৰম সুযোগ লাভ কৰিছোঁ।”- এই বুলি উল্লেখ কৰি অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে কয়, “শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ জয়ন্তী উপলক্ষে আজি এই পৱিত্ৰ স্থানত উপস্থিত হৈ মই ধন্য অনুভৱ কৰিছোঁ। বঞ্চিত আৰু দলিত লোকসকলৰ কল্যাণৰ দিশত শ্ৰীশ্ৰী ঠাকুৰজীৰ মূল্যবান অৱদান আমি সদায় মনত ৰাখিব লাগিব। আধ্যাত্মিকতাৰ উপৰি শিক্ষাৰ প্ৰসাৰ, সমতা স্থাপন আৰু সমাজত মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত তেখেতৰ সমৰ্পিত প্রচেষ্টা সমাজ জীৱনৰ বাবে আশাৰ উজ্জ্বল উদাহৰণ হৈ ৰ’ব। আদৰণীয় মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বাস কৰে যে, মতুৱা ধৰ্ম মহা মেলা হৈছে মতুৱা সম্প্ৰদায়ৰ জীৱন্ত আৰু বাৰেবৰণীয়া সংস্কৃতি তথা পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন, য’ত প্ৰতিফলিত হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মূলমন্ত্র।”

লগতে সোণোৱালে কয়, “এই মহা মেলা স্থানীয় লোকসকলৰ বাবে এক উত্তম উপলক্ষ। ইয়াত স্থানীয় শিল্পীসকলে তেওঁলোকৰ থলুৱা সা-সামগ্ৰী আৰু কাৰুশিল্প প্ৰদৰ্শন কৰিছে। মই সকলোকে ভাৰতৰ সভ্যতা-সংস্কৃতিৰ ঐতিহ্যৰ এই অনন্য প্রদর্শন দর্শন কৰিবলৈ আহ্বান জনাইছোঁ, য’ত প্ৰতিফলিত হৈছে ভ’কেল ফ’ৰ ল’কেলৰো মূলমন্ত্র।”

পূর্বে মতুৱা ধৰ্ম মহা মেলা সন্দৰ্ভত শান্তনু ঠাকুৰে কৰা টুইটৰ উদ্ধৃতি দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছিল যে, মতুৱা মহা মেলা হৈছে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান যিয়ে মতুৱা সম্প্ৰদায়ৰ জীৱন্ত সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰে। মই অধিক সংখ্যক লোকক এই মেলা ভ্ৰমণ কৰিবলৈ অনুৰোধ কৰিছোঁ। দয়া আৰু সেৱাৰ পথ দেখুওৱাৰ বাবে মানৱ সমাজ শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ থাকিব।

আজি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেইবা সহস্রাধিক মতুৱা অনুগামী আৰু ভক্তই “হৰি বোল, হৰি বোল” ধ্বনিৰে উষ্ম সম্বৰ্ধনা আৰু সাদৰ-সম্ভাষণ জনায়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু মতুৱা মহাসংঘৰ সংঘাধিপতি শান্তনু ঠাকুৰে উল্লেখ কৰে যে, শ্ৰীধাম ঠাকুৰনগৰৰ এই মেলা ধৰ্মীয় দৈৱত্ব, বৈচিত্ৰ্য আৰু শান্তি-সম্প্ৰীতিৰ মহামিলনথলী হিচাপে পৰিগণিত হৈছে।

মেলাখন সৰ্বভাৰতীয় মতুৱা মহাসংঘৰদ্বাৰা ১৯ মাৰ্চৰ পৰা ২৫ মাৰ্চ, ২০২৩লৈ আয়োজন কৰা হৈছে।

শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ আশীৰ্বাদ বিচাৰি সপ্তাহটোত প্রায় ৪৫ লাখ লোকে মেলাখনলৈ যোৱাৰ সম্ভাৱনা আছে।

তিনি দিনত MONEY DOUBLE! ১ লাখ ১০ হাজাৰ দি পালে উকা কাগজৰ টোপোলা! প্ৰবঞ্চক চক্ৰৰ কৱলত পৰি চৰম সিদ্ধান্ত ল’লে এজন যুৱকে

ধিঙৰ শ’লগুৰি টুপৰ গুলজাৰ হুছেইন নামৰ এইজন যুৱকে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে৷ অভিযোগ অনুসৰি, একেখন গাঁৱৰে প্ৰৱঞ্চক যুৱক ইজাজুল হ’কে প্ৰায় দুমাহ ধৰি টকা দিলে দুগুন কৰি দিয়াৰ প্ৰলোভন দি আহিছিল৷

প্ৰৱঞ্চক ইজাজুলৰ কথাত ভুল গৈ যুৱকজনে পৰিয়ালৰ পৰিয়ালৰ লোকৰ পৰা ধাৰ ঋণ কৰি নগদ একলাখ দহ হাজাৰ টকা জমা কৰে। আৰু সেই একলাখ দহ হাজাৰ টকাসহ গুলজাৰক লগত লৈ প্ৰৱঞ্চক ইজাজুলে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা প্ৰবঞ্চকৰ দলৰ ওচৰলৈ গৈছিল যোৱা সোমবাৰে৷

কিন্ত তাত উপস্থিত হৈয়ে গুলজাৰৰ সন্দেহ ঘণিভূত হোৱাত প্ৰবঞ্চকৰ দলটোক তেওঁ মাত্ৰ ২০ হাজাৰ টকাহে দিবলৈ মান্তি হৈছিল৷ গুলজাৰে বাকী ৯০ হাজাৰ টকা দিবলৈ অমান্তি হোৱাত প্ৰৱঞ্চকৰ দলেটোৱে গুলজাৰক ঘেৰি ধৰি উদ্যত মাৰণাস্ত্ৰ দেখুৱাই ভয় ভাবুকিৰে ইজাজুলৰ পৰা এক লাখ দহ হাজাৰ টকা কাঢ়ি ৰাখি এটা টোপোলা পেকিং কৰি কয়, এই টোপোলাটো তিনিদিনৰ পিছত খুলিলে তেওঁ ২লাখ ২০হেজাৰ টকা লাভ কৰিব বুলি কৈ উভতাই পঠিয়াই দিয়ে৷

সেই মতেই গুলজাৰে তিনিদিনৰ মুৰত টুপোলাটো খুলি চোৱাত দেখে টকাৰ দৰে বান্ধি থোৱা সকলো বগা কাগজহে। লগে লগে যেন গুলজাৰৰ মুৰত সৰগ ভাগি পৰে; আৰু প্ৰবঞ্চক ইজাজুলৰ লগত তৰ্কা তৰ্কি কৰি তেওঁৰ পাল্চাৰ বাইক খনো জব্দ কৰি ৰাখে গুলজাৰৰ পৰিয়ালে৷

কিন্তু ধাৰ ঋণ কৰি টকা যোগাৰ কৰা গুলজাৰে নিৰুপায় হৈ যোৱা কালি নিজ ঘৰতে চিপ লৈ চৰম সিদ্ধান্ত লয়৷ এই ঘটনা পোহৰলৈ অহাত সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷ গুলজাৰৰ পৰিয়ালে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে ধিং আৰক্ষীৰ৷ ধিং আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব৷

ৰাজপথৰ খাদ্য পৰিবেশনৰ অভিযানত ২১ বছৰীয়া বি-টেক পানী পুৰী ৱালি তাপসী উপাধ্যায়

২১ বছৰীয়া তাপসী উপাধ্যায়, বি-টেক পানী পুৰী ৱালি নামেৰে জনপ্ৰিয় এগৰাকী উদ্যোগী। তাপসীয়ে ভাজি পূৰী প্ৰস্তুত কৰি বিক্ৰী কৰে।

বি-টেকত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি ব্যৱসায় আৰম্ভ কৰিছিল। তাপচীয়ে মানুহক স্বাস্থ্যসন্মত খাদ্য পৰিবেশন কৰাব বিচাৰে আৰু তেওঁৰ ষ্টলত বিভিন্ন স্বাস্থ্যসন্মত বিকল্প যোগ কৰিব বিচাৰে।

তাই কয় যে বহুতে স্নাতক হোৱাৰ পিছত ৰাজপথৰ খাদ্য বিক্ৰী কৰাৰ পছন্দক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

কিছুমানে তাইক ‘নিৰাপদ’ হোৱাৰ স্বাৰ্থত ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিছিল। তাই বহু প্ৰত্যাহ্বান নেওচি এই কাৰ্য চলাই গৈছে।

অসমত দুটাকৈ ভূঁইকঁপ

শনিবাৰে পুৱা ৰিখটাৰ স্কেলত ৩.৬ আৰু ২.৮ প্ৰাবল্যৰ এটাৰ পিছৰ পৰা আন এটা ভূমিকম্পই মধ্য অসম জোকাৰি যায়। অৱশ্যে, ভূমিকম্প দুটাত কোনো লোক আঘাত বা সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা পোৱা নাই।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ৰিখটাৰ স্কেলত ৩.৬ প্ৰাবল্যৰ প্ৰথম ভূমিকম্প পুৱা ৯.০৩ বজাত ৰেকৰ্ড কৰা হৈছিল, ইয়াৰ কেন্দ্ৰস্থল ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত থকা যোৰহাট জিলাৰ তিতাবৰৰ ওচৰত ৫০ কিলোমিটাৰ গভীৰতাত আছিল।

চুবুৰীয়া জিলা শিৱসাগৰ, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ লোকসকলেও এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা লখিমপুৰতো কম্পন অনুভৱ কৰিছিল। নগালেণ্ডৰ উত্তৰ-পশ্চিম অংশৰ বহুতো অঞ্চলত ভূমিকম্প অনুভৱ কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ৰিখটাৰ স্কেলত ২.৮ প্ৰাবল্যৰ দ্বিতীয়টো কম্পন দিনৰ ১১.০২ বজাত পঞ্জীয়ন কৰা হৈছিল, যাৰ কেন্দ্ৰস্থল আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দৰং জিলাৰ দলগাঁৱৰ ওচৰত৷

এই ভূমিকম্প ৯ কিলোমিটাৰ গভীৰতাত আছিল৷ ভূমিকম্পটো ওদালগুৰি, বাক্সা আৰু শোণিতপুৰ জিলাত বাস কৰা লোকসকলে অনুভৱ কৰে৷ আনহাতে মৰিগাঁৱত থকা লোকসকলেও জোকাৰণি অনুভৱ কৰে৷

জম্মু-কাশ্মীৰৰ পুলৱামাত গুলী বিনিময়ৰ অন্তত পলায়ন সন্ত্ৰাসবাদীৰ

দক্ষিণ কাশ্মীৰৰ পুলৱামাৰ মিত্ৰিগাম অঞ্চলত শনিবাৰে (১৮ মাৰ্চ) পুৱা সন্ত্ৰাসবাদী আৰু সেনা যৌথ দলৰ মাজত বন্দুকৰ যুদ্ধ সংঘটিত হয়, য’ত সন্ত্ৰাসবাদী পলায়ন কৰে।

আৰক্ষীয়ে জনোৱা মতে, পুলৱামাৰ মিত্ৰিগাম গাঁৱত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে সৃষ্টি হোৱা এক নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অনুসন্ধান অভিযান আৰম্ভ কৰা হয়।

তালাচী তীব্ৰতৰ হোৱাৰ লগে লগে লুকাই থকা সন্ত্ৰাসবাদীয়ে অনুসন্ধানকাৰী দলটোৰ ওপৰত গুলীচালনা কৰে যাৰ ফলত অঞ্চলটোত কিছু বন্দুকৰ সংঘৰ্ষ হয়।

কিছুসময় গুলীচালনাৰ আদান-প্ৰদানৰ অন্তত সিফালৰ পৰা কোনো ধৰণৰ গুলীচালনা হোৱা নাছিল আৰু তালাচীৰ সময়ত এনকাউণ্টাৰ স্থানত কোনো সন্ত্ৰাসবাদী পোৱা নগ’ল বুলি আৰক্ষীয়ে জনায়।

এনে লাগে যেন প্ৰাৰম্ভিক গুলী বিনিময়ৰ সময়ত আন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদীয়ে পলায়ন কৰে বুলি এজন আৰক্ষী বিষয়াই জনায়।

ইফালে, সন্ত্ৰাসবাদী, আৰু এছ আই এৰ দ্বাৰা পঞ্জীয়ন কৰা বিচ্ছিন্নতাবাদী গোচৰৰ সন্দৰ্ভত তদন্তৰ অংশ হিচাপে মধ্য আৰু দক্ষিণ কাশ্মীৰ জিলাৰ একাধিক স্থানত ৰাজ্যিক তদন্ত সংস্থাই অভিযান চলাই আছে।

সূত্ৰসমূহে জনোৱা মতে, স্থানীয় আৰক্ষী আৰু চি আৰ পি এফৰ সহায়ত তদন্তকাৰী সংস্থাটোৰ চোৰাংচোৱাই গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰ, অনন্তনাগ, কুলগাম, শ্বোপিয়ান, আদি জিলাত অভিযান চলাইছিল।

শ্বোপিয়ান জিলাৰ ৰেবেন জৈনাপোৰাৰ বাসিন্দা আব্দুল ৰাজিক ৱাগাইৰ পুত্ৰ সৰ্জন আহমেদ ৱাগায় @Barkati ৰ বাসগৃহত এছ আই এৰ দলসমূহে অভিযান চলায়।

চৰকাৰী সূত্ৰই জনোৱা মতে, ইতিমধ্যে এছ আই এত পঞ্জীয়ন হোৱা এটা গোচৰৰ সৈতে জড়িত অভিযান চলোৱা হৈছে। তেওঁ কয় যে গোচৰৰ সবিশেষ পিছত শ্বেয়াৰ কৰা হ’ব।