বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক বিহুৱা নাচনীৰ বিহু প্ৰদৰ্শনীৰ বাবে সৰুপথাৰত আজি বাচনি শিবিৰ আয়োজন কৰা হয় ৷ পুৱা দহ বজাৰ পৰা ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া,নাচনীৰ,তালিয়া ,পেঁপুৱা সকলে অংশগ্ৰহণ কৰে । উক্ত বাচনি শিবিৰত গুৱাহাটীত প্ৰশিক্ষিণ প্ৰাপ্ত প্ৰশিক্ষকসকলে উক্ত বাচনি শিবিৰত উপস্থিত হৈ বিহুৱা বিহুৱতী সকলৰ মাজৰ পৰা যোগ্য জনক নিৰ্বাচিন কৰাৰ কথা উল্লেখ কৰে ।
উল্লেখ্য যে ধনশিৰি মহকুমাৰ পৰা ২০০ গৰাকী নাচনী,ঢুলীয়াৰ লগতে পেঁপুৱাই এই বাছনি জৰিয়তে গুৱাহাটীত অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কায্যসূচীত অংশগ্ৰহণ কৰিব ৷ উক্ত বাচনি শিবিৰত ধনশিৰি মহকুমাধিপতি দিনচেংফা বৰুৱা, চক্ৰ বিষয়া হেমাংগ নবিশ ,নিৰ্বাচনী বিষয়া কৃশান জ্যোতি ডেকাৰ লগতে ভালেকেইজন বিষয়া কে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
পুৱাই ভাৰতবাসীৰ বাবে এক ভাল খবৰ। দুটাকৈ অস্কাৰৰ বঁটা আহিল ভাৰতলৈ। ভাৰতীয় সময় অনুসৰি আজি অৰ্থাৎ ১৩ মাৰ্চৰ পুৱা ৫:৩০ বজাৰ পৰা অস্কাৰ বঁটা আৰম্ভ হয় আৰু এই সন্মানীয় বঁটা অনুষ্ঠানত বহু শিল্পী আৰু ছবিৰ প্ৰশংসা কৰা হয়। ইয়াৰ ভিতৰত আছিল দুখন ভাৰতীয় ছবি যিয়ে এই বছৰ অস্কাৰ বঁটা লাভ কৰাই নহয়, দুয়োখন ছবিয়ে ভাৰতৰ বাবে ইতিহাসৰ সৃষ্টি কৰিছে। আহকচোন, এইবাৰ অস্কাৰত ধুমুহাৰ সৃষ্টি কৰা ভাৰতীয় ছবিৰ বিষয়ে জানো…
এইবাৰ অস্কাৰৰ বঁটা অনুষ্ঠান ভাৰতৰ বাবে অতি স্মৰণীয় হৈ পৰিছে। এইবাৰ দুখন ভাৰতীয় ছবিয়ে দ্য একাডেমী বঁটাত জয়ী হৈ ইতিহাস ৰচনা কৰিলে।এইবাৰৰ অস্কাৰত ভাৰতে লাভ কৰা প্ৰথমটো বঁটা ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি’ শিতানত। এই বঁটা কাৰ্তিকী গনছালভেছৰ পৰিচালনা আৰু গুণিত মংগা স্বৰাৰ প্ৰযোজনা ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ নামৰ তথ্যচিত্ৰখনক প্ৰদান কৰা হৈছে।
এই খবৰটো নিশ্চয় আপোনালোকে জানিব পাৰিছেই যে এছ এছ ৰজামৌলিৰ ছবি আৰ আৰ আৰৰ ‘নাতু নাতু’ গীতটোৱে এইবাৰ শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ লাভ কৰিছে।‘নাতু নাতু’ গীতটোৱে বহু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে আৰু আৰ আৰ আৰ চিনেমাৰ এই গীতটোৱে অস্কাৰও লাভ কৰিছে। এই ছবিখন আপুনি নেটফ্লিক্সত ষ্ট্ৰীম কৰিব পাৰে।
‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’য়ে লাভ কৰিছে ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি’ শিতানত অস্কাৰ। যদি আপুনি এই ছবিখন এতিয়াও চোৱা নাই আৰু চাব বিচাৰে তেন্তে আপোনাৰ নেটফ্লিক্সৰ চাবস্ক্ৰিপচন থাকিব লাগিব কাৰণ এই ছবিখন তাত উপলব্ধ।
থাইৰয়ডৰ সমস্যা হ’লে আপুনি অধিক মানসিক চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰে, বিশেষকৈ পেনিক ডিছঅৰ্ডাৰৰ সম্ভাৱনা বৃদ্ধি পায়।
যদি আপোনাৰ পৰিয়ালৰ লোকৰ চুলি আৰু থাইৰয়ডৰ সমস্যা থাকে তেন্তে আপোনাৰো এই সমস্যা হোৱাটো অতি সম্ভৱ। আপোনাৰ চুলি সোনকালে সৰিবলৈ আৰম্ভ কৰে আৰু ছালৰ সমস্যাও সাধাৰণ। বহুক্ষেত্ৰত মানুহে বন্ধ্যাত্বৰ সমস্যাৰো সন্মুখীন হয়।
থাইৰয়ডৰ বিসংগতিৰ ফলত পেটৰ সমস্যা হ’ব পাৰে, যেনে কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়া বা খিংখিঙীয়া স্বভাৱৰো হ’ব পাৰে।
আপোনাৰ শৰীৰে এই সমূহৰ সংকেত দিলে থাইৰয়ড বুলি জানিব পাৰি।