Home Blog Page 1682

অবশেষত বন্দনাৰ ঠিকনা হ’ল কাৰাগাৰ । দুই সহযোগীক পুনৰ আৰক্ষীৰ জিম্মালৈ

গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাক আদালতে প্ৰেৰণ কৰে কাৰাগাৰলৈ। প্ৰায় চৈধ্যদিন আৰক্ষীৰ জিম্মাত আছিল বন্দনা। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত আৰক্ষীয়ে আদালতত হাজিৰ কৰাত আদালতে বন্দনা কলিতাক কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে বন্দনাৰ দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

স্বামী আৰু শাহুক হত্যা কৰি টুকুৰা টুকৰকৈ কাটি মেঘালয়ৰ ডাউকীত পেলাই থৈ আহিছিল। ইতিমধ্যে আৰক্ষীয়ে বন্দনাৰ স্বামী অমৰ দে’ আৰু শাহু শংকৰী দে’ৰ মৃতদেহৰ খণ্ড বিখণ্ড অংশ উদ্ধাৰ কৰি যাবতীয় পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। নাৰকীয় হত্যাকাণ্ডত জড়িত এই তিনিগৰাকী অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বিভিন্ন মহলে আৰক্ষীক আহ্বান জনাইছে।

নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত কঠোৰ উচ্চতম ন্যায়ালয়। নিযুক্তি পেনেল গঠনৰ পোষকতা…

দেশৰ নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিল উচ্চতম ন্যায়ালয়। আজি ন্যায়াধীশ কে এন যোচেফৰ নেতৃত্বত গঠন হোৱা পাঁচজনীয়া বিচাৰ পীঠে আয়োগৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰে। আদালতে আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত, নিৰ্বাচনী বিষয়াৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ আইন নথকাত আয়োগৰ স্বচ্ছতাৰ ওপৰোতো সন্দেহৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে। আদালতে আয়োগৰ নিযুক্তিৰ ক্ষেত্ৰত তিনিজনীয়া পেনেল গঠনৰ নিৰ্দেশ দি এই পেনেল প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু মুখ্য ন্যায়াধীশৰ দ্বাৰা গঠন হব লাগিব। যদি বিৰোধী দলপতি নাথাকে অথবা পদটো খালি থাকে সংখ্যাগৰিষ্ঠ দলৰ নেতাক অন্তৰ্ভুক্ত কৰিব লাগিব বুলি ৰায়টোত উল্লেখ কৰি কেন্দ্ৰই এই সম্পৰ্কীয় আইন অনাৰ লগে লগে এই ব্যৱস্হা কাৰ্যকৰী হব।

আদালতে আনকি আয়োগৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰি চৰকাৰে এই ক্ষেত্ৰত আখনাবাঢ়িলে আদালতে নিজাববীয়াকৈ বিহীত ব্যৱস্হা গ্ৰহনৰ চিন্তা কৰিব বুলিও সকিয়াই দিয়ে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগ স্বাধীন হোৱা উচিত বুলি মত প্ৰকাশ কৰি স্বাধীন নহলে স্বচ্ছতা পোৱাত বাধা আহে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ন্যায়ালয়ে আয়োগৰ স্বতন্ত্ৰ সচিবালয় থকাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আয়োগৰ সুকীয়া নীতি প্ৰণয়নৰ ক্ষমতা থকা উচিত বুলি বিচাৰপীঠে মন্তব্য কৰি আয়োগৰ নিজস্ব বাজেট থকাৰ প্ৰয়োজনীয়তাৰ বিষয়েও মত প্ৰকাশ কৰে।

আৰম্ভ হ’ল মেট্ৰিক পৰীক্ষা। মুঠ পৰীক্ষাৰ্থী ৪,২২,১৭৪ গৰাকী। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা বেছি…

আৰম্ভ হ’ল মেট্ৰিক পৰীক্ষা। মুঠ পৰীক্ষাৰ্থী ৪,২২,১৭৪ গৰাকী। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা বেছি। ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। ১,৯৪,০৫৪ গৰাকী ছাত্ৰ আৰু ছাত্ৰী সংখ্যা ২,২৮,১২০। মুঠ ৪,২২,১৭৪ গৰাকী।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীক শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

ৰে’লৰ শেষৰ ডবাটোৰ পিছফালে কিয় ডাঙৰকৈ এক্স বা ক্ৰছ মাৰ্ক থাকে জানেনে? ইয়াৰ কাৰণ জানিলে আচৰিত হ’ব…

ৰে’লৰ শেষৰ ডবাটোৰ পিছফালে কিয় ডাঙৰকৈ এক্স মাৰ্ক আছে জানেনে? ইয়াৰ কাৰণ জানিলে আপুনি আচৰিত হ’ব।ৰে’ল যাত্ৰাত সদায় কিবা এটা আকৰ্ষণীয় কথা থাকে নহয়নে? বেছিভাগ মানুহেই ৰে’লৰ সেই প্ৰতীকবোৰৰ অৰ্থ নাজানে। সঘনাই ৰে’লযোগে যাত্ৰা কৰক বা নকৰক, ৰে’লৰ শেষৰ ডবাটোৰ পিছফালে এক্স বা ক্ৰছ আখৰটো লক্ষ্য কৰিব। যদি আপুনি ৰেল বিভাগৰ বাহিৰলৈ ভালদৰে চোৱা নাই তেন্তে অহাবাৰ ৰে’লৱে ষ্টেচনলৈ যোৱাৰ সময়ত নিশ্চয়কৈ চাব।

যিসকলে ইতিমধ্যে চিনটো লক্ষ্য কৰিছে আৰু কোঠাটোত চিনটো কিয় আছে বুলি ভাবিছে, তেওঁলোকৰ বাবে এই প্ৰতিবেদনৰ। সাধাৰণতে ভাৰতৰ যাত্ৰীবাহী ৰে’লৰ শেষৰ দবাটোৰ পিছফালে উজ্জ্বল হালধীয়া বা বগা ৰঙৰ এক্স ৰঙেৰে ৰং কৰা হয়। ভালদৰে চালে বুজিব যে ক্ৰছ চিম্বলৰ সৈতে LV আখৰটোও লিখা আছে।

শেষৰ বাহনখনক বুজাবলৈ LV শব্দটো ব্যৱহাৰ কৰা হয়। ই হালধীয়া ৰঙৰ ওপৰত ক’লা ৰঙেৰে হাইলাইট কৰা সৰু বৰ্ডৰ চিন, সাধাৰণতে গাড়ীৰ পিছফালে লগোৱা। X আখৰৰ ঠিক তলত ৰঙা লাইট এটা দেখা দিয়ে, যিটো গুৰুত্ব দিবলগীয়া এটা গুৰুত্বপূৰ্ণ উপাদান।

কিন্তু ৰে’লৰ পিছফালে কিয় লিখা আছে? আৰু শেষৰ কোঠাটো বা কিয়? শেষৰ ডবাটোত ইয়াৰ উপস্থিতিৰ এটা গুৰুত্বপূৰ্ণ কাৰণ থাকিব লাগিব। দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ ৰে’লৰ শেষৰ ডবাত এক্স চিম্বল লিখা থাকে। একে সময়তে সংশ্লিষ্ট চিহ্নটোৱে ৰেলখনৰ শেষৰ ডবাটো চিনাক্ত কৰাত সহায় কৰে।

আকৌ যদি X চিহ্ন থকা বাকচটো ৰে’লৰ পিছফালে চিন হিচাপে নাথাকে, তেন্তে সেই চিনটোৱে কৰ্মচাৰীসকলক ৰেলখনৰ জৰুৰীকালীন অৱস্থা বুজিবলৈ সহায় কৰে। সেই ক্ষেত্ৰত যদি কোনো বিশেষ ডবা ৰেলৰ পৰা পৃথক হয় তেন্তে দুৰ্ঘটনাৰ সম্ভাৱনা থাকে।কেৱল এয়াই নহয়, ৰেলৱে ক্ৰছিঙত সেউজীয়া পতাকা দেখুওৱাৰ দায়িত্বত থকা চকীদাৰজনে এক্স মাৰ্ক দেখি ৰেলখনৰ সকলো ডবা একেলগে থকাটো নিশ্চিত কৰিছিল। ৰাতিৰ আন্ধাৰত যেতিয়া চিনটো বৰ বেছি দেখা নাযায়, তেতিয়া চিনটোৰ তলত থকা ৰঙা পোহৰে ৰেলৰ শেষৰ ডবাটো নিৰ্ণয় কৰাত সহায় কৰে। সেই ক্ষেত্ৰত যেতিয়া সংকেত আৰু পোহৰ স্বাভাৱিকভাৱে দেখা নাযায়, তেতিয়া ৰেলখন বিপদত পৰা বুলি ধৰা হয়।

ৰে’ল শ্ৰমিকসকলে দুৰ্ঘটনাৰ আগজাননী দি কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়ে। সৰ্বোপৰি সেই গুৰুত্বপূৰ্ণ চিনটোৱে যাত্ৰীক যিকোনো মাৰাত্মক কাণ্ড বা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে!

সিজোৱা কল খালে স্বাহ্যৰ কি কি উপকাৰ হয়! সিজোৱা কল কিদৰে খাব

সিজোৱা কল খালে স্বাহ্যৰ কি কি উপকাৰ হয় ! উতলাৰ পিছত কলত থকা ষ্টাৰচৰ পৰিমাণো বাঢ়ি যায়, যাৰ ফলত শৰীৰত শক্তি যোগান ধৰা হয়। কিছুমান পুষ্টিবিদৰ মতে কল উতলাই খালে মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে।আপুনি কেতিয়াবা সিজোৱা কল খাইছেনে? “কল উতলাই খাব পাৰিনে?”। আচলতে সিজোৱা কলতো বহুতো পুষ্টিকৰ উপাদান থাকে। ‘থাই সংস্কৃতি’ত সিজোৱা কল গুড়ি কৰি নাৰিকল গাখীৰৰ লগত মিহলাই ক্লুই বুয়াট চি নামেৰে জনাজাত সুস্বাদু মিঠাই প্ৰস্তুত কৰা হয়।

আন সংস্কৃতিত কল উতলাই কলৰ ৰুটি তৈয়াৰ কৰা হয়। মানুহে কল উতলাই বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে সিজোৱা কল স্বাস্থ্যৰ বাবে উপকাৰী নেকি? পুষ্টিবিদসকলৰ মতে কল উতলালে ইয়াৰ পুষ্টিকৰ উপাদানৰ পৰিমাণ বৃদ্ধি পায়।

কিয় মানুহে কল উতলাই খাই?
কল উতলাৰ আঁৰৰ যুক্তি হ’ল ইয়াৰ টেক্সচাৰ আৰু সোৱাদ সলনি কৰা। কল উতলালে ইয়াৰ সোৱাদ বৃদ্ধি পায় আৰু ইয়াক খাবলৈ সহজ হয়। তদুপৰি উতলাৰ পৰা ওলোৱা ভাপে ফলৰ প্ৰাকৃতিক চেনি আঁতৰাই পেলাব পাৰে, যাৰ ফলত ইয়াৰ সোৱাদ মিঠা হয়। এই মিঠা সোৱাদ প্ৰায়ে সেইসকল লোকে ভাল পায়, যিসকলে মিঠা বস্তুৰ প্ৰতি আকৰ্ষিত।

সিজোৱা কল খোৱাৰ উপকাৰিতা?
কল উতলাই খোৱাৰ পিছত হজম হোৱাটো অতি সহজ হৈ পৰে। কেঁচা কলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ বাবে একাংশ লোকে ইয়াক হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে। কিন্তু কল উতলিলে তাত থকা আঁহবোৰ আঁতৰি যায়, যাৰ ফলত শৰীৰে ফলৰ পুষ্টিকৰ উপাদানবোৰ সহজে শোষণ কৰে। হজম শক্তিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বাবে সিজোৱা কলে বহু উপকাৰ কৰিব পাৰে।

সিজোৱা কল খালে স্বাহ্যৰ কি কি উপকাৰ হয়! সিজোৱা কল কিদৰে খাব…

সিজোৱা কল খালে স্বাহ্যৰ কি কি উপকাৰ হয় ! উতলাৰ পিছত কলত থকা ষ্টাৰচৰ পৰিমাণো বাঢ়ি যায়, যাৰ ফলত শৰীৰত শক্তি যোগান ধৰা হয়। কিছুমান পুষ্টিবিদৰ মতে কল উতলাই খালে মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে।আপুনি কেতিয়াবা সিজোৱা কল খাইছেনে? “কল উতলাই খাব পাৰিনে?”। আচলতে সিজোৱা কলতো বহুতো পুষ্টিকৰ উপাদান থাকে। ‘থাই সংস্কৃতি’ত সিজোৱা কল গুড়ি কৰি নাৰিকল গাখীৰৰ লগত মিহলাই ক্লুই বুয়াট চি নামেৰে জনাজাত সুস্বাদু মিঠাই প্ৰস্তুত কৰা হয়।

আন সংস্কৃতিত কল উতলাই কলৰ ৰুটি তৈয়াৰ কৰা হয়। মানুহে কল উতলাই বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে সিজোৱা কল স্বাস্থ্যৰ বাবে উপকাৰী নেকি? পুষ্টিবিদসকলৰ মতে কল উতলালে ইয়াৰ পুষ্টিকৰ উপাদানৰ পৰিমাণ বৃদ্ধি পায়।

কিয় মানুহে কল উতলাই খাই?
কল উতলাৰ আঁৰৰ যুক্তি হ’ল ইয়াৰ টেক্সচাৰ আৰু সোৱাদ সলনি কৰা। কল উতলালে ইয়াৰ সোৱাদ বৃদ্ধি পায় আৰু ইয়াক খাবলৈ সহজ হয়। তদুপৰি উতলাৰ পৰা ওলোৱা ভাপে ফলৰ প্ৰাকৃতিক চেনি আঁতৰাই পেলাব পাৰে, যাৰ ফলত ইয়াৰ সোৱাদ মিঠা হয়। এই মিঠা সোৱাদ প্ৰায়ে সেইসকল লোকে ভাল পায়, যিসকলে মিঠা বস্তুৰ প্ৰতি আকৰ্ষিত।

সিজোৱা কল খোৱাৰ উপকাৰিতা?
কল উতলাই খোৱাৰ পিছত হজম হোৱাটো অতি সহজ হৈ পৰে। কেঁচা কলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ বাবে একাংশ লোকে ইয়াক হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে। কিন্তু কল উতলিলে তাত থকা আঁহবোৰ আঁতৰি যায়, যাৰ ফলত শৰীৰে ফলৰ পুষ্টিকৰ উপাদানবোৰ সহজে শোষণ কৰে। হজম শক্তিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বাবে সিজোৱা কলে বহু উপকাৰ কৰিব পাৰে।

মন্ত্ৰী অশোক সিংহলক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দিলে পহু খেদা

ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ প্ৰজাপথাৰত তীব্ৰ উত্তেজনা। মন্ত্ৰী অশোক সিংহলক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই দিলে পহু খেদা। BTR সম্প্ৰসাৰণৰ বিৰোধিতাৰে মন্ত্ৰী গৰাকীৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ আছা’ৰ।

মন্ত্ৰী অশোক সিংহলৰ নিৰাপত্তা বাহিনীৰ সৈতে হতাহতিত লিপ্ত হয় আছাৰ কৰ্মীসকল।মন্ত্ৰী অশোক সিংহলৰ নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতিত আঘাটপ্ৰাপ্ত হয় আছাৰ ঢেকিয়াজুলি আঞ্চলিকৰ প্ৰচাৰ সম্পাদক নিষ্টাৰ সুৰিন।

BTR সম্প্ৰসাৰণক লৈ আছাই জবাবদিহি কৰে মন্ত্ৰী অশোক সিংহলক।

ফলত এক হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি হয়।অশোক সিংহল গো বেক ধ্বনীৰে উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে আছাই।ঢেকিয়াজুলিৰ প্ৰজাপথাৰত মুখ্যমন্ত্ৰী কথামতে দুৰ্ভগীয়া কিশোৰী আৰতি তুৰিৰ পৰিয়ালে লাভ কৰা চৰকাৰী আৱাস গৃহৰ শুভ উদ্বোধন কৰাৰ পিছত মন্ত্ৰী অশোক সিংহলৰ সন্মুখত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে আছাই।

বনকৰা কিশোৰী গৰাকী দৰংৰ ধুলাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

দৰঙৰ বুঢ়ীনগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢোপৰতল গড়ভঙা নৱ নিৰ্মিত শিৱ মন্দিৰৰ ভূমি পূজন

দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা আৰু ভক্তপ্ৰান ৰাইজৰ উপস্থিতিত ভূমি পূজন কৰিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।


আয়তিৰ উৰুলি শংঙ্খ ধ্বনিৰ মাজেৰে নাৰিকল ভাঙি নিৰ্মান কাৰ্যৰ শুভাৰম্ভনিৰ সময়ত উপস্থিত থাকে সৰাবাৰী আৰু বুঢ়ীনগৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীদ্বয়।

ইয়াৰ পিছতেই অৱসৰপ্ৰাপ্ত শিক্ষক জল্টি শৰ্মাই সভাপতিত্ব কৰা সভাখনত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকাই আধ্যাত্মিক ভাষনেৰে উপস্থিত ৰাইজক মুগ্ধ কৰে।

বিধায়ক পৰমানন্দ ৰাজবংশীয়ে মন্দিৰ নিৰ্মাণ ৰ লগতে আধ্যাত্মিকতা পৰিবেশ সৃষ্টিৰ জৰিয়তে ঐতিহাসিক গড় ভঙা দেউলৰো উন্নয়ন কৰি দৰঙৰ পুৰণি কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰাৰ বাবে প্ৰয়াস কৰিব বুলি মন্তব্য কৰে।

১৯ মাৰ্চ তাৰিখে ওজাপালি সমাৰোহ অনুস্থিত কৰাৰ লগতে ব্যাসৰ সংগীতক ধ্ৰুপদী সম্পদ হিচাপে গঢ়ি তোলাৰ কামত হাত দিব বুলি মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাঃ উত্তৰ-পূবত গেৰুৱা দলৰ সূৰ্যোদয়ৰ আঁৰৰ ব্যক্তিগৰাকী

উত্তৰ-পূবত বিজেপিৰ সূৰ্য উদয়ে আনন্দিত কৰি তুলিছে গেৰুৱাদলৰ প্ৰতিজনকে। ভিন্ন ভাষা-ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ উত্তৰ-পূবৰ তিনি খন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত বিজেপিৰ দৰে এটা হিন্দুত্ববাদী দলে খোপনি পুতিব পৰাটো বহুতৰে বাবে এক যাদুকৰী কথা।

এই যাদুৰ আঁৰত থকা লোকজনৰ কথাই আজি আটাইতকৈ বেচি চৰ্চা হৈছে। উত্তৰ-পূবৰ ৰাজ্য কেইখনত মিত্ৰজোঁটক একেলগে কৰাৰ আঁৰৰ মানুহ জনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ বহু আগৰে পৰাই হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূবৰ তিনিওখন ৰাজ্যলৈ প্ৰায়ে গৈছিল আৰু বিজেপিৰ বাবে পথ প্ৰশস্ত কৰাৰ কামত নিজকে নিয়োজিত কৰিছিল।

শৰ্মাই প্ৰথমে নেইফিউ ৰিঅ’ক নাগালেণ্ডত দ্বিতীয় বাৰৰ বাবে ক্ষমতালৈ লৈ যোৱা আৰু তাৰ পিছত ত্ৰিপুৰাত গেৰুৱা দলৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত হোৱা ক্ষতি পূৰণ কৰিব পৰা ব্যক্তি হিচাপে মানিক সাহাকপ্ৰক্ষেপ কৰাত হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মেঘালয়ৰ বিধানসভাৰ নিৰ্বাচনৰ ঠিক আগতে বিজেপিৰ সৈতে এনপিপি দলৰ মিত্ৰতা ভংগ কৰা কনৰাড চাংমাক সম্ভাৱ্য মিত্ৰতাৰ বাবে আলোচনাৰ মেজলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পৰিণতিতে কনৰাড চাংমাই আজি নিজেই চৰকাৰ গঠনৰ বাবে আলোচনা কৰাৰ অৰ্থে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ ফোন কৰাৰ খবৰ আহিছে। চাংমাই মেঘালয়ত চৰকাৰ গঠনৰ বিষয়ত শৰ্মাৰ সৈতে দুবাৰ বৈঠক কৰিছিল।

এনপিপিৰ মুখপাত্ৰ আম্পাৰিন লিংডোৱে এনপিপিয়ে বিজেপিৰ সৈতে মিত্ৰতা কৰিব নেকি বুলি সোধাত কয়, “যিহেতু মানুহে যোৱাবাৰতকৈ আমাৰ ওপৰত বিশ্বাস ৰাখিছে, পূৰ্বৰ অংশীদাৰসকলৰ সৈতে পুনৰ লগলগাৰ যথেষ্ট সম্ভাৱনা আছে।”

টিপ্ৰা মোথাৰ প্ৰাক্তন সভাপতি গৰাকীয়েও কৈছিল “আমি গুৱাহাটীত বৈঠকত বহিছিলো… আমাক অসমৰ মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছিল। দিল্লীৰ পৰা আৰু দুজন বিজেপি নেতা আহিছিল… আমি অস্বীকাৰ মিত্ৰতা কৰিছিলো, কিয়নো তেওঁলোকে কৈছিল তেওঁলোকে পৃথক টিপ্ৰালেণ্ডৰ দাবী মিনি ল’ব বিচৰা নাছিল”।


উল্লেখ্য কেৱল উত্তৰ-পূবেই নহয়, গুজৰাট আৰু দিল্লীৰ বিধানসভা নিৰ্বাচনৰ সময়তো হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। বিজেপিৰ তাৰকা প্ৰচাৰক হিচাপে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

পৰম্পৰাগত চিকিৎসা সম্পর্কীয় এছ চি অ’ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’ৰ শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি গুৱাহাটীত প্রথম “B2B Global Conference & Expo on Traditional Medicine under Shanghai Cooperation Organization (SCO)’ শীর্ষক চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ উদ্বোধন কৰে। ইয়াত ১৭খন দেশৰ ১৫০জনতকৈ অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বি টু বি এক্সপ’ও উদ্বোধন কৰে।


সংবাদমেলত ভাষণ দি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে, “২০২৩ বৰ্ষত এছ চি অ’ পৰিষদত ভাৰতৰ সভাপতিত্বত আয়ুষ মন্ত্রালয়ে আয়োজন কৰা এই গুৰুত্বপূৰ্ণ বি ২ বি সন্মিলন আৰু পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় এক্সপ’ত যোগদান কৰা বিভিন্ন এছ চি অ’ দেশৰ স্বাস্থ্য মন্ত্ৰী, বিশেষজ্ঞ, বিষয়া, ব্যৱসায়িক প্রতিনিধিসকলক সম্ভাষণ জনাই ম‍ই অতিশয় আনন্দিত হৈছোঁ। এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ য’ত আমি মানৱ জীৱন সমৃদ্ধিৰ বাবে পৰম্পৰাগত চিকিৎসাৰ ব্যৱহাৰক অধিক আগুৱাই নিয়াৰ বাবে আৰু বিশ্বৰ মানুহৰ জীৱন-যাপনৰ মান উন্নত কৰাৰ বাবে সম্ভাৱ্য পৰিকাঠামো উলিয়াবলৈ এক উমৈহতীয়া ভিত্তি বিচাৰি পাইছোঁ। পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ চহকী ঐতিহ্যই যে যুগ যুগ ধৰি ৰোগীৰ যত্নৰ ক্ষেত্ৰত আশীর্বাদ বুলি প্ৰমাণিত হৈছে, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ এই চহকী জ্ঞানক বহুল ব্যৱহাৰৰ বাবে মানৱ জীৱনত নিখুঁতভাৱে খাপ খুৱাব লাগিব। আমাৰ পৰম্পৰাগত চিকিৎসাৰ চহকী ঐতিহ্যৰ জৰিয়তে ৰোগীৰ আৰোগ্য অৱস্থাক এক নতুন স্তৰলৈ উন্নীত কৰিব পাৰোঁ। আধুনিক চিকিৎসা বিজ্ঞানৰ লগতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ উত্তম পদ্ধতিসমূহৰ পদ্ধতিগত আৰু বৈজ্ঞানিক অভিযোজনেৰে ই মানৱতাৰ উন্নতিৰ বাবে এক মংগলকাৰী পদক্ষেপ বুলি বিবেচিত হ’ব।”


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, “আমাৰ শাৰীৰিক লগতে মানসিক স্বাস্থ্য বজাই ৰখাত আমাৰ খাদ্যাভ্যাসৰ মুখ্য ভূমিকা আছে। আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাত বিভিন্ন খাদ্য সামগ্ৰীৰ নিৰ্দিষ্ট স্বাস্থ্য উপকাৰিতা আৰু ইয়াৰ ৰেচিপিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। লগতে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে প্ৰদান কৰা চিকিৎসা পদ্ধতিৰ পৰিপূৰক হিচাপেও গুৰুত্ব আৰোপ কৰিছে। জৈৱ-উপলব্ধ ৰূপত শৰীৰক প্ৰয়োজনীয় খনিজ পদার্থ, আঁহ আৰু অন্যান্য উপাদান যোগান ধৰাত মিলেটৰ ভূমিকা অন্যতম। ভাৰতৰ এই প্ৰস্তাৱত সঁহাৰি জনাই ৰাষ্ট্ৰসংঘই ২০২৩ চনক ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বর্ষ’ হিচাপে ঘোষণা কৰিছে। ২০২৩ চনৰ আৰম্ভণিৰ পৰাই মানুহৰ পছন্দ অনুসৰি মিলেটক দৈনন্দিন খাদ্যত একত্রিত কৰা হৈছে।”

পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ প্ৰসাৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে কোৱাৰ সময়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত ভাৰতে ৰোগীৰ যত্নত হাজাৰ বছৰীয়া পুৰণি পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে বিনিয়োগ কৰি আছে। ভাৰতৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল চেণ্টাৰ অৱ ট্ৰেডিচনেল মেডিচিনৰ প্ৰতিষ্ঠা এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ভাৰতৰ মাননীয় প্রধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ১৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে সমখণ্ডত অনুষ্ঠিত হোৱা এছ চি অ’ৰ শীৰ্ষ সন্মিলনত মন্তব্য কৰিছিল যে ভাৰতে পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় নতুন এছ চি অ’ ৱৰ্কিং গ্রুপৰ বাবে উদ্যোগ ল’ব। এই সন্মিলন আৰু এক্সপ’ৰ জৰিয়তে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰমাণিত আৰু সমৃদ্ধ গুণসমূহক সজীৱ কৰি তুলিবলৈ সামূহিকভাৱে কাম কৰাৰ আন এক প্ৰয়াস কৰা হৈছে। ইয়াত আপোনালোকৰ সমৰ্থন আৰু আলোচনাৰ জৰিয়তে আমি আশা কৰোঁ যে, মানৱতাৰ উন্নতিৰ বাবে বিশ্বত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ প্ৰসাৰক আৰু অধিক আগুৱাই নিয়াত ফলপ্রসূ হ’ব।”


আজি এছচিঅ’ সন্মিলনৰ উদ্বোধনী অধিৱেশনত আয়ুষ আৰু মহিলা তথা শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ডাঃ মহেন্দ্রভাই মুঞ্জপাৰা, ম্যানমাৰ চৰকাৰৰ মহামহিম কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী ডাঃ থেট থাইং উইন; মালদ্বীপ চৰকাৰৰ মহামহিম স্বাস্থ্য উপমন্ত্ৰী ছাফিয়া মহম্মদ ছাইদ আৰু আয়ুষ মন্ত্ৰালয়ৰ সম্পাদক বৈদ্য ৰাজেশ কোটেচাও উপস্থিত থাকে।সন্মানীয় অতিথিসকলে বন্তি প্ৰজ্বলন কৰাৰ পাছতে সন্মিলনখন মুকলি ঘোষণা কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে আয়ুষ মন্ত্ৰালয়ৰ উপদেষ্টা (আয়ুর্বেদ) ড° মনোজ নেছাৰীয়ে। তাৰপাছতে আয়ুষ মন্ত্ৰালয়ৰ সম্পাদক পদ্মশ্ৰী বৈদ্য ৰাজেশ কোটেচাই ভাষণ প্ৰদান কৰে। প্রতিনিধিসকলক সম্বোধন কৰে ম্যানমাৰৰ উচ্চ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী ডাঃ খেট খাইং উইনৰ লগতে মালদ্বীপ চৰকাৰৰ উচ্চ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ড০ শ্বাহ মাহীৰ।

আয়ুষ আৰু মহিলা তথা শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাইও সভাত ভাষণ প্ৰদান কৰে৷ সভাপতিৰ ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে। আয়োজক চহৰ গুৱাহাটী সন্দৰ্ভত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয়, “এতিয়া ভাৰতৰ প্ৰধান চহৰসমূহৰ বাহিৰত অধিক সংখ্যক আন্তঃৰাষ্ট্ৰীয় সুনাম সন্মিলন অনুষ্ঠিত হ’বলৈ ধৰিছে। এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সহৃদয় দৃষ্টিভংগীৰ বাবেই সম্ভৱ হৈছে। গুৱাহাটীত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ এই গুৰুত্বপূৰ্ণ আন্তঃচৰকাৰী সন্মিলনখন আয়োজন কৰাৰ সময়তে অঞ্চলটোৰ পৰম্পৰাগত চিকিৎসাৰ অনুশীলনকাৰী, বিশেষজ্ঞ আৰু অনুৰাগীসকলক মোদীজীৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ দৃষ্টিভংগীৰ প্ৰতি নিমজ্জিত হ’বলৈ এক বৃহৎ প্ৰেৰণা দিয়াৰ সম্ভাৱনা আছে।

মই নিশ্চিত যে উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণে পৰম্পৰাগত ঔষধি সামগ্ৰী প্ৰদৰ্শন কৰা এক্সপ’খন ভ্ৰমণ কৰি অভিজ্ঞতা লাভ কৰিব। লগতে ইয়াত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্যসেৱা শিবিৰৰ সুবিধা লোৱাৰ অনন্য সুযোগ পাব। ইয়াত অংশগ্ৰহণ কৰা সমূহ প্ৰতিনিধিলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে অসম ভূমিৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ।” পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰণ, পুষ্টিকৰ খাদ্য সামগ্ৰী, নিষ্কাশিত বনৌষধি আৰু সেৱা খণ্ডক সামৰি লোৱা এই বিস্তৃত এক্সপ’ত সমগ্ৰ ভাৰতৰপৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰ্তা/ৰপ্তানিকর্তা আৰু আয়ুৰ্বেদিক চিকিৎসালয়/ক্লিনিকেল সেৱাৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব৷

তদুপৰি, SCO আৰু অংশীদাৰ দেশসমূহৰ প্ৰতিনিধি দলৰ সৈতে সংগঠিত B2Bৰ সুবিধা, আয়ুৰ্বেদিক সৌন্দৰ্য আৰু সুস্থতা সামগ্ৰীৰ অন্বেষণ, স্বীকৃতিপ্রাপ্ত আয়ুষ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ৰাজহুৱা বক্তৃতাৰ জৰিয়তে পৰম্পৰাগত ঔষধৰ বিষয়ে নজনা বহু কথা জনাৰ সুযোগ, পোনপটীয়া যোগ অধিৱেশনৰ জৰিয়তে স্বাস্থ্যকৰ জীৱন যাপনৰ অভিজ্ঞতা জনসাধাৰণে লাভ কৰিব পাৰিব এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত আয়ুষ মন্ত্রালয়ে ছাংহাই ক’পৰেশ্বন অৰ্গেনাইজেচনৰ (SCO) কাৰ্যভাৰৰ অধীনত বিভিন্ন পদক্ষেপ হাতত লৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞ আৰু ব্যৱহাৰকাৰী সকলৰ ভার্চুৱেল সন্মিলনৰ আয়োজন কৰা হৈছিল য’ত এছচিঅ’ৰ ২৫খন দেশৰ বিশেষজ্ঞসকলে অংশগ্রহণ কৰিছিল। যোৱা মাহত নতুন দিল্লীত মাননীয় প্রধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি অনুষ্ঠিত হোৱা বিশেষজ্ঞ সকলৰ বৈঠকত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞ কৰ্মীগোটৰ খচৰা কাৰ্যভাৰ অনুমোদন জনোৱা হয়।