ৰাজ্যৰ আন ঠাইৰ লগতে সোমবাৰে ধিঙতো ব্যাপক উলহ মালহৰে উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যাক জন্ম জয়ন্তী৷
ধিঙৰ নেতাজী ক্লাৱৰ উদ্যোগত আয়োজন কৰা নেতাজী দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধিং ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী৷
পুৱা পতাকা উত্তোলন আৰু মাল্যপৰ্ণ কাৰ্যসূচীৰৰ পিছতেই এক বিশাল সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়৷ অনুষ্ঠানত অঞ্চলটোৰ ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা সভা ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনখনি ২৩ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ঐতিহাসিক বোৰা পুখুৰীপাৰত অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷
ওদালগুৰি জিলাৰ খৈৰাবাৰী বিশিষ্ট শাখা সাহিত্য সভাৰ ৩০ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন খনি এদিনীয়াকৈ ২২ জানুৱাৰীত সাহিত্য সভাৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়৷ অধিবেশনৰ লগত সংগতিৰাখি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰি সভাপতি ফজলুল হক চৌধুৰীয়ে,স্মৃতি তৰ্পন কৰে অৱসৰী প্ৰধান শিক্ষক ফটিক চন্দ্ৰ ডেকাই৷
বিষয় বাচনি সভা মুকলি কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম কলিতাই৷ মুকলি সভা উদ্বোধন কৰে উদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পৱিত্ৰ শৰ্মাই৷ মুকলি সভাত খৈৰাবাৰী সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰে খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন মহলীয়াই৷
বিশিষ্ট লেখক পুনুৰাম কলিতাৰ গ্ৰন্থ পুৰাণৰ ৰহঘৰা উন্মোচন কৰে নামখলাৰ দ্বীপেন চহৰীয়া কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ সীতাৰাম ঠাকুৰীয়াই, ৰাম সৰস্বতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীন চলিহাই “নিবন্ধ সৌৰভ’’ উন্মোচন কৰে৷ উপকাৰীক “অজগৰে খায়’’ নামৰ গ্ৰন্থ খন উন্মোচন কৰে খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি ফজলুল হক চৌধুৰীয়ে৷ গ্ৰন্থ উন্মোচক অৱসৰী কৃতি অধ্যক্ষ সীতাৰাম ঠাকুৰীয়াই কয় যে বৰ্তমানেও গ্ৰন্থ পঢ়ুৱৈ আৰু গ্ৰন্থ লেখকৰ সংখ্যা কমা নাই৷ লগতে উন্মোচক ঠাকুৰীয়াই কয় যে খৈৰাবাৰী সাহিত্য সভাই নতুন নতুন লেখক লেখিকাৰ সৃষ্টি কৰিছে৷
নিজ প্ৰাক্তন ছাত্ৰ গ্ৰন্থকাৰ পুনুৰাম কলিতাৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই অৱসৰী শিক্ষক ঠাকুৰীয়াই আনন্দিত হৈছে৷ সাংস্কৃতিক কৰ্মী তথা অৱসৰী বেংক বিষয়া শৰৎ চন্দ্ৰ ডেকাই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে থাকি কয় যে “সাহিত্যত সংঘাত হ’ব নালাগে৷ আনৰ সাহিত্যক বেয়া পোৱাটো উচিত নহয়৷ যেনেদৰে সংস্কৃতিৰ বিৰুদ্ধে সংস্কৃতি সৃষ্টি হ’ব নোৱাৰে৷ সংস্কৃতিৰ বিৰুদ্ধে সংঘাত হ’লে দুস্কৃতি হয় ৷’’
উল্লেখ্য যে, আগন্তুক ২০২৩ ২০২৫ বৰ্ষৰ বাবে জয়মতী ডেকাক সভাপতি, গজেন হাজৰিকাক উপসভাপতি, প্ৰনৱ শৰ্মাক সাধাৰণ সম্পাদক, সান্তো দাসক সহকাৰী সম্পাদক, অপূৰ্ব শৰ্মাক পত্ৰিকাসম্পাদক, পুৱাৰাম ডেকাক সাংস্কৃতিক সম্পাদক, জিলা প্ৰতিনিধি হিচাপে দিলীপ বৰুৱাকলৈ ১৭ জনীয়া খৈৰাবাৰী সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয়৷
অমৰ্ত্য সেনৰ বক্তব্যৰ পৰাই মমতাই শক্তি পালে শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰখ্যাত অৰ্থনীতিবিদ তথা নোবেল বিজয়ী অমৰ্ত্য সেনে মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ পদৰ বাবে উন্নত প্ৰতিদ্বন্দ্বী বুলি অভিহিত কৰিছিল। সেনে কৈছিল যে মমতা বেনাৰ্জীৰ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁ মোডী চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ হতাশাক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে।
সেনৰ এই বক্তব্যৰে জাতীয় ৰাজনীতিৰ পৰা বিচ্ছিন্ন হৈ থকা মমতাই শক্তি লাভ কৰিছে। সেনৰ সাক্ষাৎকাৰৰ পিছত লগে লগে মমতাই এটা বিবৃতি দি আনকি ক’লে যে সেনৰ পৰামৰ্শ তাইৰ বাবে এটা আদেশৰ দৰে।
এতিয়া ৩ পইণ্টত মমতা বেনাৰ্জীৰ কৌশল জানি লওক
১/ বংগৰ দুৰ্গ শক্তিশালী কৰাত নিয়োজিত ২০১৯ চনৰ নিৰ্বাচনত পশ্চিম বংগত বিজেপিয়ে ৪২খন আসনেৰে ১৮খন আসন লাভ কৰিছিল। মমতাৰ দলৰ বাবে যেন এক বিপৰ্যয়। ২০২৪ চনৰ যুদ্ধৰ পূৰ্বে মমতা বংগৰ দুৰ্গ শক্তিশালী কৰাত ব্যস্ত।