Home Blog Page 1694

তুৰস্ক-ভূমিকম্পই বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে…

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানৰ আশংকাই সত্য হ’ল। ভূমিকম্প বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে। ৬ ফেব্ৰুৱাৰীত ৰিখটাৰ স্কেলত ৭.৮ জোখৰ ভূমিকম্পই তুৰস্ক আৰু চিৰিয়াৰ বৃহৎ অংশত আঘাত কৰিছিল। ভূমিকম্পৰ ফলত দুয়োখন দেশৰ ঘৰ-বাৰীসমূহ তাচপাতৰ ঘৰৰ দৰে খহি পৰিছিল। ধ্বংসস্তূপত বহুলোক সমাধিস্থ হৈছিল।

তেতিয়াৰ পৰা মৃত্যুৰ সংখ্যা বাঢ়ি আহিছে। সেই সংখ্যা এতিয়া ৫০ হাজাৰ অতিক্ৰম কৰিছে। এৰ্দোগানে আগতে আশংকা প্ৰকাশ কৰিছিল যে ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিব।

কেৱল তুৰস্কতে ৪৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। চৰকাৰী তথ্য অনুসৰি, ভূমিকম্পৰ ফলত দেশখনত এতিয়ালৈকে ৪৪,২১৮ জন লোকৰ মৃত্যু হৈছে।

চিৰিয়াত ৫,৯১৪ জন লোকৰ মৃত্যু হৈছে। তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কয় যে ভূমিকম্পটো সংঘটিত হোৱাৰ ১৯ দিন হ’ল। প্ৰচণ্ড শীতপ্ৰবাহ, ঠাণ্ডা আৰু বৰফৰ মাজত উদ্ধাৰ কাৰ্য অব্যাহত ৰখাটো কঠিন। তথাপি তেওঁলোকে হাৰ মানিবলৈ সাজু নহয় বুলি জনায়।

নিম গছৰ পাত আৰু ছাল বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণৰ মহৌষধ…

ৰোগ নিৰাময়ৰ মহৌষধঃ

নিমগছ মানুহৰ বাবে অতি প্ৰয়োজনীয় গছ। সেয়ে প্ৰায় মানুহৰ ঘৰৰ বাৰীত নিমগছ দেখা যায়। ইয়াৰ কীটনাশক, বীজাণুনাশক আৰু বায়ু পৰিশোধনকাৰী গুণ আছে। ই সাধাৰণতে ১১-১২ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ পাত, ফুল, ছাল, শিপা, বীজ আদি ৰোগ নিৰাময়ৰ উত্তম দৰৱ। মহানিমৰ বৈজ্ঞানিক নাম Meliya Indica আৰু ইয়াৰ শাস্ত্ৰীয় নাম অৰিষ্ট, নিম্ব, গিচুমাৰ্দ, তিক্তক আদি। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বিভিন্ন হাবি-বননিত নিমগছ হয়। ৰোগ নিৰাময়ত নিমগছৰ গুৰুত্ব সৰ্বাধিক-

চৰ্মৰোগ, বমি, মেলেৰিয়া আদি ৰোগ নিৰাময়ত ইয়াৰ ছালৰ চূৰ্ণ মহৌষধ।

আথবাত ৰোগত ইয়াৰ বাকলি পানীত উতলাই খালে সুফল পোৱা যায়।

নিম গছৰ পাত আৰু ছাল বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণৰ মহৌষধ।

গ্ৰহণী ৰোগ নিৰাময়ত ইয়াৰ শুকান ফুল পানীত সিজাই চাউলৰ গুড়িৰ সৈতে সামান্য নিমখ মিহলাই খাব লাগে।

নিমপাতৰ চূৰ্ণ আমলখিৰ গুড়িৰ সৈতে মিহলাই খালে পিত্ত ৰোগ নিৰাময় হয়।

কুষ্ঠ ৰোগৰ বাবে নিমপাতৰ ৰসৰ লগত পটলৰ ৰস মিহলাই খালে সুফল পোৱা যায়।

যকৃতৰ দোষ আৰু কৃমি ধ্বংসৰ বাবে নিমপাতৰ ৰস মৌজোলৰ সৈতে মিহলাই খাব লাগে।

শৰীৰ দুৰ্বল আৰু অৰুচি হলে নিম গছৰ শিপাৰ ৰস খালে সুফল পোৱা যায়।

মূৰৰ বিষত ভুগিলে, বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিম গুটিৰ তেল মূৰত ঘঁহিব লাগে।

প্ৰমেহ, অৰ্শ বা কেঁচুমূৰীয়া আদি ৰোগত নিমগুটি খালে যথেষ্ট উপকাৰ পোৱা যায়।

নিমতেল মূৰৰ উফি আৰু ওকণি নাশ কৰাৰ পৰম মহৌষধ। ৰোগীয়ে নিমপাতৰ গুড়ি খালে ৰোগ নিবাৰণ হয়।

জণ্ডিচ আৰু এচিডিটীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিমপাতৰ গুড়ি পানীত মিহলাই খাব লাগে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত নিমপাত পৰম উপকাৰী।

গতিকে বিভিন্ন ৰোগ নিৰাময়ৰ এইবিধ পৰম উপকাৰী গছজোপাক জধেমধে কটাৰ বিপৰীতে আমাৰ প্ৰতিটো পৰিয়ালে ঘৰৰ বাৰীত একোজোপাকৈ হ’লেও ৰোপণ কৰি ইয়াক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব লাগে।

নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা বিহাৰৰ যুৱকে পালে চনু সুদৰ পৰৱৰ্তী চলচ্চিত্ৰত গান গোৱাৰ প্ৰস্তাৱ

আজিৰ সমাজত সামাজিক মাধ্যমৰ শক্তি অনস্বীকাৰ্য্য, বিশেষকৈ সেই সকল লোকৰ বাবে যাৰ দক্ষতা আছে কিন্তু ইয়াৰ বাবে দৰ্শক বিচাৰি উলিওৱাৰ উপায় নাই।

বিহাৰৰ সমস্তিপুৰৰ এজন যুৱক অমৰজিৎ জয়কাৰে একাধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ৰাতিটোৰ ভিতৰতে এক চাঞ্চল্যৰ সৃষ্টি কৰে।

শেহতীয়াকৈ অমৰজীতে তেওঁৰ বিখ্যাত গীত ‘দিল দে দিয়া হায়’ পৰিবেশন কৰা ভিডিঅ’ পোষ্ট কৰিছিল।
“দিল দে দিয়া হায়” গীতটিৰ নিজৰ সংস্কৰণ পৰিবেশন কৰাৰ পিছত অমৰজীত জয়কাৰে শীঘ্ৰে খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ সংগীতে বহুতকে আপ্লুত কৰিছিল, সেয়েহে তেওঁৰ ভিডিঅ’টো বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছিল।

ভিডিঅ’টোৱে বহু ভিউ লাভ কৰাৰ ফলত তেওঁ ৰাতিটোৰ ভিতৰতে ইণ্টাৰনেটৰ চেন্সেশনত পৰিণত হয়।

চনু ছুদে তেওঁৰ গান গোৱাৰ প্ৰতিভাক শলাগ লৈ তেওঁ গোৱা গীতটোৰ প্ৰতি তেওঁৰ মৰম প্ৰকাশ কৰে।

অমৰজীতে এটা ভিডিঅ’ আপলোড কৰিছিল য’ত তেওঁ চনু সুদৰ সৈতে তেওঁৰ সৈতে হোৱা ফোনত হোৱা কথা-বতৰাৰ কথা কৈছিল। তেওঁ প্ৰযোজনা কৰা পৰৱৰ্তী ছবি ফাতেহত গীত গোৱাৰ এক সোণালী সুযোগ দিছে চনুৱে।

চলিত মাহৰ শেষৰ ফালে মুম্বাইলৈ যাবলৈ সাজু হৈছে কণ্ঠশিল্পীগৰাকী৷

ইণ্টাৰনেটে তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে ইয়াৰ প্ৰশংসা আৰু শুভকামনাত একত্ৰিত হৈছিল।

মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত চোৰাংচোৱাৰ অভিযানত আটক তিনিজনকৈ চাইবাৰ অপৰাধী…

VDP’ৰ সভাপতিৰ ঘৰত উদ্ধাৰ চাইবাৰ অপৰাধত ব্যৱহৃত চিম কাৰ্ড।

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় মৰিগাঁও আৰক্ষী।

মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত চোৰাংচোৱাৰ অভিযানত আটক তিনিজনকৈ চাইবাৰ অপৰাধী।

ধৃত চাইবাৰ অপৰাধী তিনিটাৰ নাম ক্ৰমে: ইছাহাক আলি,ৰাববুল ইছলাম আৰু গীয়াছ উদ্দীন।

ধৃত তিনিও জনৰ ঘৰ মৈৰাবাৰীৰ সগুনবাঁহী গাঁৱত।

নিশা মৰিগাঁও জিলা চোৰাংচোৱাৰ এটা অভিযানকাৰী দলে ইছাহাক আলি আৰু ৰাববুল ইছলামৰ ঘৰত পৃথকে পৃথকে তালাচী চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ চাইবাৰ অপৰাধত ব্যৱহৃত অবৈধ সামগ্ৰী।

এক সাহসী সিদ্ধান্ত ৰীতা চৌধুৰীৰ ! কন্যাৰ বিয়াৰ হোমৰ দায়িত্ব ল’লে মাতৃয়ে…

এইবাৰ কন্যাৰ বিয়াৰ হোমৰ দায়িত্ব ল’লে মাতৃয়ে ।

এইগৰাকী মাতৃ অসমৰ এগৰাকী সুপৰিচিত ।

মাতৃগৰাকী অসমৰ স্বনামধন্য লেখিকা ৰীতা চৌধুৰী

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ২৩ বস্তা গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে…

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেওতোলাত আজি সন্ধিয়া ২৩ বস্তা গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৬ লাখ বুলি জানিব পৰা গৈছে।

নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলাল চন্দ্ৰ গগৈৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওতোলাত জব্দ কৰে গাঞ্জা খিনি ।

AS-12-AF 9616 নম্বৰৰ এখন XUV 300 গাড়ীৰে অৰুণাচলৰ পৰা ওদালগুৰি অভিমুখে কঢ়িয়াই আনিছিল গাঞ্জাখিনি ।

ৰাতিপুৱাই কেঁচা গাজী মগু খোৱাৰ অভ্য়াস কৰক…

(১) গাজীমগুত আহ, শৰ্কৰা, ভিটামিন-ই, প্ৰোটিন আদি প্ৰমুখ্যে ভালেমান পোষক দ্ৰব্য থকা বাবে আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।

(২) গাজীমগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমক নিৰোগী কৰি ৰাখিব পাৰে।

(৩) গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে। সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়, শৌচ খোলোচা হয়, শক্তি পোৱা যায়। কোষ্ঠকাঠিনতা আৰু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী। প্ৰায়েই শৰ্কৰা অভাৱত ডায়েবেটিচ ৰোগীৰ কোষ্ঠকাঠিনতা হোৱা দেখা যায়, গাজীমগুৰ বাকলিত থকা আহ শৰ্কৰাই ডায়েবেটিচ ৰোগীৰ কোনো ধৰণৰ ক্ষতি নকৰে।

(৪)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

(৫) মেদবহুলতা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়। গাজীমগুত যথেষ্ঠ পৰিমাণে আহ থকা বাবে খোৱাৰ পিছত ভোক কমকৈ লাগে আৰু দ্বিতীয়বাৰ অলপ আহাৰ খালেই ভোক গুছে। এইদৰেই আহাৰৰ পৰিমাণ কমাৰ পৰিপ্ৰেক্ষিতত পৰোক্ষ ভাৱে শৰীৰৰ মেদবহুলতা কমোৱাত সহায় কৰে। কিন্তু শৰীৰৰ খতিসাধন নকৰে।

(৬) গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘণ আৰু কলা হোৱাত সহায় কৰে। তাৰোপৰি আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ কৰে।

(৭) গাজীমগু খালে চাল নিমজ আৰু উজ্জ্বল হয়, চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

(৮)ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়বিক আৰু মাংস পেশীৰ বিষ হয়। গাজীমগু সদায় কিছুদিন খালে এনেধৰণৰ বিষ নোহোৱা হয়, কাৰণ গাজীমগুৰ গাজত যথেষ্ট পৰিমাণে ভিটামিন-ই আছে।

(৯) গাজীমগুত থকা প্ৰাকৃতিক ভিটামিন-ই উচ্চমানবিশিষ্ট ভিটামিন। পুৰুষ আৰু স্ত্ৰীহৰমন (প্ৰজেষ্টেৰণ, এষ্ট্ৰোজেন) উৎপাদন, নি:সৰণ আৰু সঞ্চালনত ভিটামিন-ই য়ে প্ৰত্যক্ষ ভাৱে সহায় কৰে। এই হৰমন তাৰতম্য হলে মহিলা গৰ্ভৱতী হব নোৱাৰে , ক্লৈবতা আৰু বন্ধ্যাত্ব হয়। গাজীমগু সদায় খালে এই ৰোগ নিৰাময়ৰ হয় আৰু মহিলা গৰ্ভৱতী হোৱাত সহায় কৰে।

(১০) গাজীমগুৰ লগত ৫-৬ টামান খেজুৰ আৰু ১০-১৫ টামান কিচমিচ সদায় খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয় কাৰণে গাজীমগু শুক্ৰহীন অথবা কম শুক্ৰ থকা পুৰুষৰ কাৰণে বহু উপকাৰী‌।

বঙাইগাঁৱত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি কণমানি সোণালী বান্দৰৰ পোৱালী এটিয়ে কান্দি থকা দৃশ্যই সেমেকাই তোলে হৃদয়বান লোকক

বঙাইগাঁও জিলাৰ কাকৈজানাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত মৃত মাতৃক সাৱটি কণমানি পোৱালীয়ে কান্দি থকা দৃশ্যই শুকুৰবাৰে প্ৰতিজন হৃদয়বান লোকৰ চকু সেমেকাই তোলে৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত কাকৈজানা বনাঞ্চলৰ পৰা নামি অহা দুষ্প্ৰাপ্য সোণালী বান্দৰৰ এটি জাকে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় সোণালী বান্দৰটো৷ ইপিনে দুৰ্ঘটনাৰ ফলত ৰাজ পথত পৰি থকা মৃত মাতৃক সাৱটি কণমানি পোৱালি এটিয়ে কান্দি থকাত উপস্থিত সকলোৰে চকু সেমেকাই তোলে৷

পিছত ঘটনাস্থলীত অভয়াপুৰী আঞ্চলিক বনবিভাগৰ লোক উপস্থিত হৈ সোনালী বান্দৰটোৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আনহাতে পোৱালিটোকো উদ্ধাৰ কৰে৷ উল্লেখ্য যে কাকৈজানাৰ উক্ত ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ পূৰ্বেও তীব্ৰ বেগী বাহনৰ খুন্দাত কেইবাটাও দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু ঘটিছে।

স্থানীয় ৰাইজে সোণালী বান্দৰৰ সুৰক্ষাৰ স্বাৰ্থত উক্ত পথছোৱাত বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ জাৰি কৰি ফলক আঁৰি দিয়াৰ লগতে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ যাতায়তৰ বাবে নিৰ্দ্দিষ্ট ক’ৰিডৰ নিৰ্মাণ কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷ ইপিনে দুৰ্ঘটনাত দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে সেউজ মাণিকপুৰে৷

এক প্ৰেছটোকাত সেউজ মাণিকপুৰৰ হৈ মহীধৰ ৰায়ে উল্লেখ কৰা মতে বন বিভাগ তথা চৰকাৰক সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বাৰে বাৰে আবেদন নিবেদন কৰি আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ অবিভক্ত গোৱালপাৰাৰ গৌৰৱ তথা বিলুপ্তিপ্ৰায় প্ৰাণী হ’ল এই সোণালী বান্দৰ আৰু এই সোণালী বান্দৰ মাহত দুটাৰ পৰা তিনিটা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নাইবা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুক সাৱটি ল’বলগীয়া হয়৷

শুকুৰবাৰেও পুৱা আকৌ এটা সোণালী বান্দৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যু হ’য় ৷ আমি সেউজ মাণিকপুৰে দুখ প্ৰকাশ কৰাৰ লগতে অতি সোনকালে সোণালী বান্দৰ ক’ৰিডৰ চিহ্নিত কৰি বেনাৰ- পোষ্টাৰ মৰিব লাগে ( Drive slow Golden langur ) আৰু লগতে ক’ৰিডৰত পৰিক্ষামূলক ভাবে অভাৰ ব্ৰীজৰ ব্যৱস্থা কৰিব লাগে যাতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব পাৰে৷ এনেকৈ যদি সোণালী বান্দৰৰ মৃত্যু হৈ থাকে, তেতিয়াহলে অনাগত ভবিষ্যতত পিছৰ প্ৰজন্মই সোণালী বান্দৰ মিউজিয়ামত চাব লাগিব৷

এটা গড়ৰ মৃত্যু হলে সমগ্ৰ অসমবাসীয়ে হুলস্থূল কৰে, কিন্তু সোণালী বান্দৰৰ মৃত্যু হলে চৰকাৰ, বন বিভাগৰ সাৰ সুৰ নাই৷ গড় পৃথিৱীৰ বহুত দেশত পোৱা যায়, কিন্তু সোণালী বান্দৰ অকল অবিভক্ত গোৱালপাৰাত পোৱা যায়৷ তাৰোপৰি সোণালী বান্দৰ বিটিআৰ পৰিবহণৰ চিহ্ন৷

সোণালী বান্দৰক বচাই ৰক্ষা আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য ৷ নামনি অসমৰ পৰ্যটনৰ এক মাত্ৰ উৎস আৰু ৰাজহ দিব পৰা প্ৰাণীৰ বাবেই দেশ- বিদেশৰ পৰ্যটক নামনি অসম তথা বৰপেটা, বঙাইগাঁও, কোকোৰাঝাৰ আদি জিলাত আহে৷ চৰকাৰ তথা বনবিভাগলৈ কাতৰ অনুৰোধ যিকোনো বিনিময়ত যাতে প্ৰাণীবিধ ৰক্ষা কৰে৷

বাইক ৰেলীৰে জিৰাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাক লগত লৈ অসমৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপি প্ৰাৰ্থী সকলৰ সমৰ্থনত শ্বিলং আৰু তুৰাত দুখন বৃহৎ নিৰ্বাচনী সভাত ভাগ লৈ দলটোৰ প্ৰচাৰত নতুন মাত্ৰা প্ৰদান কৰে।

আনহাতে গুৱাহাটীৰ গাতে লাগি থকা জিৰাং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ৰিয়া চাংমাই যাতে জয়ী হয় তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী পীয়ূষ হাজৰিকাকে ধৰি কেবাজনো নেতা , মিত্ৰজোঁটৰ হিচাপে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত দিনকেইটাত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে।

২৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শেষ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত এখন বিশাল নিৰ্বাচনী সভাত ভাগ লব। ইফালে আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই ৰিয়া চাংমাক লগত লৈ খানাপাৰাৰ কাষৰীয়া কিলিঙৰ পৰা বশিষ্ঠৰ সমীপৰ লতাকটা, পিলিংকাটা, মাইঘুলি হৈ বৰপথাৰলৈ এক বিশাল বাইক ৰেলীত ভাগ লয়।

ৰেলীত ভাগ লোৱা পাঁচ শতাধিক বিজেপিৰ কর্মী – সমৰ্থকে বিজেপি জিন্দাবাদ, ৰিয়া চাংমা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। ৰেলীৰ অন্তত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় প্রথমবাৰৰ বাবে মেঘালয়ৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থী সকলৰ সপক্ষে বিপুল হাৰত ভোটদান কৰিব।

বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হব আৰু জিৰাং সমষ্টিৰ পৰা ৰিয়া চাংমাই অভিলেখ পৰিমাণৰ ভোট লাভ কৰি বিজয়ী হ’ব। ভোট গণনাৰ দিনা এই ভবিষ্যত বাণী বাস্তৱত পৰিণত হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে।

কবৰ খান্দি উলিয়ালে মৃতদেহ!

ছিপাঝাৰত কবৰ খান্দি মৃতদেহ উলিয়ালে আৰক্ষীয়ে। ছিপাঝাৰৰ মাৰুৱাচকীত এই ঘটনা। ঘটনাস্থলীত ইয়াকে লৈ স্থানীয় লোকৰ সৈতে বাক-বিতণ্ডা।

এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ মৃত্যুক সন্দেহজনক বুলি ছিপাঝাৰ আৰক্ষীচকীত গোচৰ তৰিছিল বৃদ্ধাগৰাকীৰ নাতিনীয়ে।
বিগত ১জানুৱাৰীত মৃত্যু হৈছিল মাৰুৱাচকীৰ আছুফা খাতুনৰ।

ইয়াৰ পিছতে বৃদ্ধাগৰাকীক হত্যাৰ সন্দেহত পৰিয়ালৰ লোকৰ ওপৰত গোচৰ তৰে মৃতা আছুফা খাতুনৰ নাতিনীয়েক পাৰবিন চুলতানাই।

সেয়ে আদালতৰ নিৰ্দেশত স্থানীয় কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কবৰ খান্দি আছুফা খাতুনৰ মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।