Home Blog Page 1695

মহানগৰীৰ বেতকুছিস্থিত ASDM ৰ মুখ্য কাৰ্যালয়ত বিশেষ অনুষ্ঠান

এক শুভেচ্ছা অনুষ্ঠানত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷

ইতিমধ্যে মুঠ ১৬ গৰাকী শিক্ষাৰ্থীয়ে উত্তৰ-পূৰ্বাঞ্চল দক্ষতা কেন্দ্ৰত প্ৰশিক্ষণ লৈ বহিঃ ৰাষ্ট্ৰত কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে৷

বাহৰেইন আৰু ডুবাইত কৰ্ম সংস্থাপন পাবলৈ সক্ষম হোৱা এই প্ৰশিক্ষকসকলক বিশেষভাবে শুভেচ্ছা দিবলৈ উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷

উল্লেখ্য যে NORTH EAST SKILL CENTER ত প্ৰশিক্ষণ লোৱা শিক্ষাৰ্থীৰ ৯৫%ই ইতিমধ্যে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে৷

আজিৰ অনুষ্ঠানতেই পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ উপৰিও সকলোকে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি নিজেই নিজক প্ৰতিষ্ঠিত কৰাৰ ব্যবস্থা গ্ৰহন কৰিবলৈ আহ্বান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ’ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ’ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম৷ আগন্তুক শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কটন বিশ্ববিদ্যালয়ে চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত প্ৰস্তুত কৰা এই পাঠ্যক্ৰমৰ লগতে সংশ্লিষ্ট ক্ৰেডিট পদ্ধতিও সন্নিবিষ্ট কৰা হৈছে।

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ’বলগীয়া এই চাৰি-বছৰীয়া পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট (CUET)-ৰ ভিত্তিত প্ৰস্তুত কৰা মেধাৰ তালিকা অনুসৰি হ’ব বুলি অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগে যোৱা ২৭ জানুৱাৰিত জাৰি কৰা এক জাননী অনুসৰি ঘোষণা কৰা হৈছে।

তদুপৰি উল্লেখ কৰা হৈছে যে এই প্ৰৱেশ পৰীক্ষা নেচনেল টেষ্টিং এজেন্সিয়ে পৰিচালনা কৰিব। উক্ত প্ৰৱেশ পৰীক্ষাৰ বাবে বিষয় বাছনি সন্দৰ্ভত প্ৰয়োজনীয় তথ্য কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইটত (www.cottonuniversity.ac.in) প্ৰকাশিত ২৩-২-২০২৩ তাৰিখৰ জাননীৰ সংলগ্ন অতিৰিক্ত সংযোজন – I, II আৰু III যোগে উপলব্ধ কৰা হৈছে।

ইতিমধ্যে এই প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া cuet.samarth.ac.in ৱেবচাইট যোগে আৰম্ভ হৈছে। পঞ্জীয়নৰ অন্তিম সময় ১২ মাৰ্চৰ নিশা ৯ বজালৈ।


অধিক তথ্য আৰু নিৰ্দেশনাৰ বাবে পৰীক্ষাৰ্থীসকলক কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট পৰিদৰ্শন কৰি থাকিবলৈ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কে অনুৰোধ জনাইছে।

‘মোদী থকাহেঁতেন আজি পাকিস্তানৰ এনে অৱস্থা নহ’লহেঁতেন’! প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা পাকিস্তানী নাগৰিকৰ…

পাকিস্তানৰ এজন নাগৰিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰাৰ লগতে আকাশচুম্বী মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে নিজৰ দেশৰেই প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক উপহাস কৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত তাৎক্ষণিকভাৱে ভাইৰেল হৈ পৰিছে। ব্যাপকভাৱে শ্বেয়াৰ হোৱা ভাইৰেল ভিডিঅ’টো পাকিস্তানী ইউটিউবাৰ ছানা আমজাদে পোষ্ট কৰিছে। ভিডিঅ’টোত এজন পাকিস্তানী নাগৰিকে সহায়ৰ বিচাৰি কৰা হাহাকাৰ আৰু দেশখনৰ প্ৰচলিত অৱস্থাক লৈ শ্বেহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে তেওঁৰ ক্ষোভৰ প্ৰতিফলন দেখুওৱা হৈছে। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তান শাসন কৰি থাকিলে তেওঁলোকে যুক্তিসঙ্গত মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰিলেহেঁতেন বুলি লোকজনে কৈছে।মানুহজনে লগতে কৈছে যদি ১৯৪৭ চনত দেশ বিভাজন নহ’লহেঁতেন, তেন্তে তেওঁ আৰু তেওঁৰ দেশবাসীয়ে যুক্তিসঙ্গত দামত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিলেহেঁতেন।

লোকজনে কৈছে “মই ভাবো যে পাকিস্তান ভাৰতৰ পৰা পৃথক নোহোৱা হেঁতোন আমি বিলাহী প্ৰতি কিলোগ্ৰামত ২০ টকাত , মুৰ্গী ১৫০ টকাত আৰু পেট্ৰ’ল লিটাৰত ৫০ টকাত ক্ৰয় কৰিব পাৰিলোহেঁতেন,” । তেওঁ লগতে কয়, “এয়া দুৰ্ভাগ্যজনক কথা যে আমি এখন ইছলামিক ৰাষ্ট্ৰ পাইছো কিন্তু আমি ইয়াত ইছলাম প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ।”

তেওঁ কৈছে ”যদি আমাৰ ওচৰত নৰেন্দ্ৰ মোদী থাকিলেহেঁতেন , তেন্তে আমাক নৱাজ শ্বৰীফ বা বেনজীৰ বা ইমৰানৰ প্ৰয়োজন নহ’লহেঁতেন, আনকি পাৰভেজ মুছাৰফৰো প্ৰয়োজন নহ’লহেঁতেন। আমি কেৱল প্ৰধানমন্ত্ৰী মোদীক বিচাৰো, কিয়নো কেৱল তেওঁহে দেশৰ সকলো বেয়া কাৰকৰ সৈতে মোকাবিলা কৰিব পাৰে। ভাৰত বৰ্তমান বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি, আনহাতে আমি ক’তোৱেই নাই,” তেওঁ ইউটিউবাৰক কয়।উল্লেখ্য অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া পাকিস্তানৰ জনতাক জ্বলা-কলা খুৱাইছে।

দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ তুলিলে বিজেপিয়ে, নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী

দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিচে বিজেপিয়ে।অনিয়মৰ অভিযোগ তুলি নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে গেৰুৱা দলটোৱে। নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত আম আদমী পাৰ্টীয়ে অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ সাংসদ পৰবেশ বাৰ্মা আৰু সাংসদ মনোজ তিৱাৰীয়ে এখন সংবাদমেলত কয় যে বিজেপিৰ কাউঞ্চিলৰৰ আপত্তি স্বত্বেও আপৰ নৱনিৰ্বাচিত মেয়ৰ শ্বেলী অবেৰয়ে সদস্যসকলক ভোট দানৰ সময়ত বুথ এলেকালৈ মোবাইল ফোন কঢ়িয়াই নিয়াৰ অনুমতি দিছিল। দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হৰ্ষ মালহোত্ৰাই কয় যে আপে নিৰীক্ষণ সমিতিৰ বাবে চাৰিজন আৰু বিজেপিয়ে তিনিজন প্ৰাৰ্থী প্ৰদান কৰিছে, য’ত ছয়জন সদস্য থাকিব পাৰে। আপে প্ৰয়োজনীয় সংখ্যক ভোটৰ অভাৱৰ বাবে দলটোৰ প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হ’ব বুলি ভয় খাইছিল ।

যাৰ বাবে তেওঁলোকৰ সদস্যই ভোটকেন্দ্ৰ চৌপাশে “হুলস্থুল” আৰম্ভ কৰিছিল। বাৰ্মাই দাবী কৰিছিল যে পৌৰ সচিবে কৰ্তৃপক্ষক দিয়া প্ৰতিবেদনত স্থায়ী সমিতিৰ সদস্য নিৰ্বাচনত বিসংগতিৰ ইংগিত দি নতুনকৈ ভোটদানৰ পৰামৰ্শ দিছে।বাৰ্মাই দাবী কৰে যে ভোট দান কৰা আপৰ কাউঞ্চিলৰসকলে ফটো তুলি তেওঁলোকৰ দলৰ নেতা অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া আৰু সঞ্জয় সিঙলৈ প্ৰেৰণ কৰিছিল। এয়া নীতি বিৰুদ্ধ বুলিও তেওঁ কয়। বাৰ্মাই লগতে দাবী কৰে যে নিৰ্বাচনৰ বাবে মুঠ ৫৫ খন বেলট বিতৰণ কৰা হৈছিল যাৰ ভিতৰত ৪৫ খন ভোট দানৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু বাকীবোৰৰ হিচাপ পোৱা হোৱা নাই। তেওঁ এইবুলিও দাবী কৰিছে যে কোনো বিজেপি কাউন্সিলাৰৰ উপস্থিতি অবিহনেই মেয়ৰৰ নিৰ্দেশনাৰ পিছত ভোট বাকচ বন্ধ কৰা হৈছিল। উল্লেখ্য শেহতীয়াকৈ অনুষ্ঠিত দিল্লীৰ মেয়ৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে। আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক পৰাস্ত কৰি দিল্লীৰ প্ৰথম মহিলা মেয়ৰ হিচাবে নিৰ্বাচিত হয়।


নতুন দিল্লীৰ ডাঃ এছ পি মুখাৰ্জী চিভিক চেণ্টাৰত অনুষ্ঠিত হোৱা মেয়ৰ নিৰ্বাচনত আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ হাঁহি মাৰে। আপৰ প্ৰাৰ্থীয়ে শ্বেলী অ’বেৰয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তাই লাভ কৰে ১১৬ টা ভোট ।

ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই

ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই ! বিমানৰ জৰুৰী অৱতৰণৰ বাবে বহু যাত্ৰী এতিয়া আবদ্ধ হৈ পৰিছে ষ্টকহোমত। ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই। এয়াৰ ইণ্ডিয়াই দিল্লী-নেৱাৰ্ক বিমানযাত্ৰীসকলক ষ্টকহোমত আৱদ্ধ কৰি ঘূৰাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰাৰ কথা আজি ঘোষণা কৰিছে। উল্লেখ্য ২২ ফেব্ৰুৱাৰীত এয়াৰ ইণ্ডিয়াৰ নেৱাৰ্কৰ পৰা দিল্লীলৈ অহা এখন বিমান চুইডেনৰ ষ্টকহোমলৈ নিয়া হৈছিল। বোয়িং ৭৭৭-৩০০ইআৰ বিমান খনৰ তেল লিক হোৱাৰ পিছতে ষ্টহোমত বিমান খনৰ জৰুৰী অৱতৰণ কৰো হৈছিল। ডিজিচিএৰ শীৰ্ষ বিষয়াৰ মতে, ইঞ্জিন ফ্লাইট এএআই১০৬ -ত ২৮৪ গৰাকী যাত্ৰী আৰু আঠজন ক্ৰু সদস্য আছিল।

জৰুৰী অৱতৰণৰ পিছত তেওঁলোক এতিয়াও ষ্টকহোমতে আবদ্ধ হৈ আছে। এয়াৰ ইণ্ডিয়াই মুম্বাইৰ পৰা চুইডেনলৈ এখন খালী বিমান প্ৰেৰণ কৰি আৱদ্ধ যাত্ৰীসকলক ঘূৰাই আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া ২ বজাত মুম্বাইৰ পৰা ষ্টকহোমলৈ বি ৭৭৭ বিমান খনে উৰা মাৰে আৰু নিশা ১১ বজাত ষ্টকহোমত উপস্থিত হয়। বিমান যাত্ৰীসকলে শুক্ৰবাৰে পুৱতি নিশা ১ বজাত ষ্টহোমৰ পৰা ভাৰতলৈ উৰা মৰাৰ কথা । পৰিকল্পনা অনুসৰি পুৱা ৮ বজাত যাত্ৰীসকলে দিল্লীত উপস্থিত হ’ব। এয়াৰ ইণ্ডিয়াই সকলো যাত্ৰীৰ বাবে হোটেলত থকাৰ ব্যৱস্থা কৰি দিছে।

গুৱাহাটীত প্ৰসিদ্ধ কাৱালী গায়ক ৱাৰচি ব্ৰাডাৰ্চৰ সংগীতানুষ্ঠান।অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু স্পিক-মেকেৰ যৌথ আয়োজন

ভাৰতৰ সংগীত বৈভবৰ অন্যতম অংগ কাৱালীৰ প্ৰসিদ্ধ শিল্পী ৱাৰচি ব্ৰাডাৰ্চে আজি ১৭ ফেব্ৰুৱাৰিৰ আবেলি চাৰে চাৰি বজাত গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে স্পিক-মেকেৰ সহযোগত আয়োজন কৰা ‘শ্ৰুতি-অম্ৰুত ‘ শীৰ্ষক অনুষ্ঠানত সংগীত পৰিবেশন কৰে৷ বিশ্ববিদ্যালয়ৰ এম্পি থিয়েটাৰত অনুষ্ঠিত এই সংগীতসভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰেও বাহিৰৰ ভালেমান দৰ্শকে অংশগ্ৰহন কৰে৷ এই সংগীতানুষ্ঠানৰ আন এটা আকৰ্ষণ আছিল চিকিমৰ শিল্পীয়ে পৰিবেশন কৰা লোকনৃত্য চিংঘি চাম৷ বিভিন্ন জন্তুৰ মুখা আৰু অবয়ব প্ৰকাশ কৰা পোচাক পিন্ধি কৰা এই নৃত্যই সকলোকে মুগ্ধ কৰে৷ ৱাৰচী ব্ৰাডাৰ্চে বিশ্ববিদ্যালয়খনিৰ পৰিবেশ, আতিথ্য আৰু দৰ্শকৰ প্ৰতিক্ৰিয়াত আনন্দ প্ৰকাশ কৰে আৰু পুণৰ আহিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷


বিশ্ববিদ্যালয়-সংগীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপাচাৰ্য ডঃ নাৰায়ণ তালুকদাৰ, প্ৰ’ভিচি ডঃ প্ৰণবীৰ সিং আৰু ডীন অব ষ্টাডিজ বন্দনা দত্তই ৷ বিশ্ববিদ্যালয়ৰ প্ৰো ভাইচ চেন্সেলৰ প্ৰফেচৰ প্ৰণবীৰ সিঙে আদৰণি ভাষণত শিল্পী আৰু দৰ্শকক আদৰণি জনাই আৰু এনে সংগীতসভাৰ শৈক্ষিক প্ৰয়োজনীয়তাৰ কথা চমুকৈ উল্লেখ কৰে৷ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য আৰু উত্তৰপূব ভাৰতৰ বিভিন্ন লোকনৃত্যৰ সংমিশ্ৰণেৰে কৰা নৃত্য এটি পৰিবেশন কৰে ৷‘শ্ৰুতি অম্ৰূত’ অনুষ্ঠানৰ দ্বিতীয় দিনাৰ অনুষ্ঠান হ’ব মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত৷ এই অনুষ্ঠানত পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়াই বাঁহী আৰু ওষ্টাড ছহীদ পাৰভেজ খানে চেতাৰ বাদন পৰিবেশন কৰিব ৷

পঞ্জাৱত হিন্দী চিনেমাৰ কায়দাত হাতত তৰোৱাল-বন্দুকলৈ আৰক্ষী থানাত আক্ৰমণ ধৰ্মীয় গুৰুৰ

পঞ্জাৱৰ অমৃতসৰৰ আজনালাত ৱাৰিছ পাঞ্জাৱ দেৰ সভাপতি তথা স্বঘোষিত ধৰ্মীয় নেতা অমৃতপাল সিঙৰ সৈতে আৰক্ষীৰ এখন খণ্ডযুদ্ধ লগাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত অমৃতপালৰ সমৰ্থকসকলে আজনালাত একত্ৰিত হৈ অমৃতপাল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাৱস্ত্য কৰে। আৰক্ষীয়ে অমৃতপাল আৰু তেওঁৰ সমৰ্থকসকলক আজনালা আৰক্ষী থানাত প্ৰৱেশ কৰাত বাধা দিবলৈ কঠোৰ নিৰাপত্তা আৰু বেৰিকেড স্থাপন কৰিছিল। যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ আজনালাত পাঁচখন জিলাৰ আৰক্ষী মোতায়েন কৰা হৈছিল।

অমৃতপালে আজনালাত এখন ৰেলী আহ্বান কৰিব বুলি ঘোষণা কৰিছিল। চৰকাৰে তেওঁৰ লগতে তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ প্ৰত্যাহাৰ নকৰিলে পৰিস্থি ভয়াৱহ হ’ব বুলিও ধৰ্মীয় গুৰুজনে সকিয়াই দিছিল। ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ সমৰ্থকসকলে অমৃতসৰৰ আজনালা আৰক্ষী থানাৰ বাহিৰত হাতত তৰোৱাল আৰু বন্দুকলৈ আৰক্ষীৰ বেৰিকেড ভাঙি পেলায়। তেওঁলোকে অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী লাভপ্ৰীত টুফানক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদতথানাৰ বাহিৰত সমবেত হৈছিল। উল্লেখ্য ধৰ্মীয় গুৰু জনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছতে তেওঁৰ লগতে তেওঁৰ কেইবাজনো অনুগামীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছে।

দিল্লীত বিশ্ব গ্ৰন্থমেলা ২০২৩ :গ্ৰন্থৰ সুবাসেৰে আমোলমলাব দেশৰ ৰাজধানী চহৰ

গ্ৰন্থপ্ৰেমীসকলৰ বাবে ভাল খবৰ । বহু প্ৰতীক্ষিত বিশ্ব গ্ৰন্থমেলা ২০২৩ অৱশেষত নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভাৰতৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীত বিশ্ব গ্ৰন্থমেলা উদ্বোধন কৰিব ২৫ ফেব্ৰুৱাৰীত। নতুন দিল্লীৰ প্ৰগতি ময়দানত আবেলি ৩ বজাত গ্ৰন্থমেলা উদ্বোধন কৰা হ’ব। এইবেলি বিশ্ব গ্ৰন্থ মেলাৰ আৰু অতিথি ৰাষ্ট্ৰ হ’ব ফ্ৰান্স। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ খোলা থাকিব। ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে এই বছৰ নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বিষয়বস্তু হ’ব ‘আজাদী কা অমৃত মহোৎসৱ’। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা কেৱল কিতাপতে সীমাবদ্ধ নাথাকিব, কিন্তু লগতে আন বহু কিবাকিবিও থাকিব। গ্ৰন্থমেলাত সাংস্কৃতিক কাৰ্যসূচী, সেনা আৰু পুলিচ বেণ্ডৰ প্ৰদৰ্শন, টক শ্ব’ আৰু লোক সাংস্কৃতিক প্ৰদৰ্শন আদিও থাকিব। এন.আই.ডি. আহমেদাবাদৰ দ্বাৰা বিশেষভাৱে ডিজাইন কৰা পেভিলিয়নত ভাৰতৰ ডিজিটেল প্ৰদৰ্শনীত ১০০ৰো অধিক প্ৰকাশকৰ সৈতে সকলো মুখ্য ভাৰতীয় ভাষা আৰু ইংৰাজীত ভাষাত স্বাধীনতা সংগ্ৰামী, ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ত ৭৫০ ৰো অধিক বিষয়ৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব।

গ্ৰন্থমেলাত ফৰাচী প্ৰতিনিধিদলৰ সৈতে দৰ্শকে বাৰ্তালাপ কৰাৰ এক অনন্য সুযোগ লাভ কৰিব। ইয়াত লেখক, প্ৰকাশক, সাহিত্যিক এজেণ্ট, সাংস্কৃতিক প্ৰতিনিধিৰ বাৰ্তালাপৰ লগতে বিদেশী পেভিলিয়নত অসংখ্য কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানৰ দ্বাৰা ১০০০ বৰ্গ মিটাৰ জুৰি এক বিশেষ এনইপি ২০২০ পেভিলিয়ন ডিজাইন কৰা হৈছে, য’ত এড-টেক জোন, এটা ইভেণ্ট জোন, আৰু এটা প্ৰেজেণ্টেচন এলেকা থাকিব। শিশু সাহিত্যৰ প্ৰচাৰৰ বাবে স্কিট, নাটক, বাটৰ নাট, কাহিনী কোৱা , কৰ্মশালা আৰু পেনেল আলোচনা এই পেভিলিয়নত আয়োজন কৰা হ’ব। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বাবে প্ৰৱেশ মাচুল বিদ্যালয়ৰ শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাবে সক্ষম সকলৰ বাবে ‘বিনামূলীয়া’ হ’ব। অৱশ্যে, নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাৰ টিকটৰ মূল্য ১০ টকা (শিশুৰ বাবে) আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে ২০ টকা।

‘কানাডাৰ নাগৰিকত্ব’ বিতৰ্কক লৈ মৌনতা ভংগ অক্ষয় কুমাৰৰ ! ক’লে “ভাৰত মোৰ বাবে সকলো”…

শেহতীয়াকৈ অক্ষয় কুমাৰে তেওঁৰ ‘বিতৰ্কিত’ কানাডাৰ নাগৰিকত্বৰ মৰ্যাদাৰ বিষয়ে বহলভাৱে কয়। বলীউডৰ অন্যতম প্ৰিয় অভিনেতা হোৱাৰ পিছতো অক্ষয় কুমাৰ প্ৰায়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহু বছৰ ধৰি ভাৰতীয় চিনেমাত সেৱা আগবঢ়োৱাৰ পিছত অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত উচ্চ-নীচৰ অংশ দেখিবলৈ পাইছে। বৰ্তমান অক্ষয়ে তেওঁৰ আগন্তুক ছবি চেলফিৰ প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে য’ত তেওঁক ইমৰাণ হাছমীৰ সৈতে দেখা যাব। গুড নিউজৰ পৰিচালক ৰাজ মেহতাৰ নেতৃত্বত নিৰ্মিত ছবিখনে আজি মুক্তি লাভ কৰে।অভিনেতাগৰাকীয়ে প্ৰচাৰমূলক সাক্ষাৎকাৰৰ বাবে বিবিন্ন ঠাইলৈ যোৱাৰ সময়ত তেওঁক কানাডাৰ নাগৰিকত্বৰ বিষয়ে সোধা হৈছিল যিটো অনুৰাগীকে ধৰি বহুতৰে বাবে প্ৰায়ে আলোচনাৰ বিষয় হৈ পৰিছে।

এক সাক্ষাৎকাৰত তেওঁক একেটা কথা সোধাত তেওঁ ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ভাৰত তেওঁৰ বাবে সকলো। অৱশ্যে তেওঁ প্ৰকাশ কয় যে তেওঁ এতিয়া কানাডা নাৰিকত্ব এৰিবলৈ সাজু হৈছে।অক্ষয় কুমাৰে কয়, ‘ভাৰত মোৰ বাবে সকলো… মই যি উপাৰ্জন কৰিছো, যি লাভ কৰিছো এইখন দেশৰ পৰাই লাভ কৰিছোঁ।” যেতিয়া তেওঁক ৯০ৰ দশকত বক্স অফিচত তেওঁৰ ১৫খনতকৈও অধিক বলীউড চিনেমা বিফল হোৱাৰ বিষয়ে সোধা হয়।তেতীয়া অক্ষয় কুমাৰে কয়, ‘মই ভাবিছিলো যে , মোৰ ছবিবোৰে কাম কৰা নাই আৰু এজনে কাম কৰিব লাগিব’। কামৰ কাৰণে কানাডালৈ গৈছিলো। মোৰ বন্ধু কানাডাত আছিল আৰু তেওঁ কৈছিল, ‘ইয়ালৈ আহক’। মোৰ মুক্তিৰ বাবে মাত্ৰ দুখন ছবি বাকী আছিল আৰু দুয়োখন ছুপাৰহিট হোৱাটো মাত্ৰ ভাগ্যৰ কথা। মোৰ বন্ধুৱে ক’লে, ‘উভটি যাওক, আকৌ কাম আৰম্ভ কৰক’। সেয়েহে এতিয়া মই কানাডা নাগৰিকত্ব ত্য়াগ কৰাৰ সিদ্ধান্ত লৈছোঁ।

ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ প্ৰথম বৰ্ষপূৰ্তিত চীনৰ প্ৰৱেশ! ছি জিনপিঙৰ নতুন পৰিকল্পনা…

আজি এবছৰ সম্পূৰ্ণ হ’ল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধৰ কোনো সিদ্ধান্তত উপনীত হোৱা নাই। এতিয়া অনুমান কৰা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে যুদ্ধৰ অন্ত পেলোৱাৰ পৰিকল্পনা কৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ আজি এবছৰ সম্পূৰ্ণ হৈছে। এই এবছৰত ইউক্ৰেইন ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ইউক্ৰেইনক পুনৰ সংস্থাপন কৰিবলৈ ৫০ লাখ কোটি টকাৰ প্ৰয়োজন হ’ব। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ কেতিয়া বন্ধ হ’ব কোনেও নাজানে। কিন্তু ইয়াৰ মাজতে এই যুদ্ধ বন্ধ কৰিবলৈ যেন এক নতুন পৰিকল্পনা কৰিছে

ৰাছিয়া ইউক্ৰেইন যুদ্ধ বন্ধ কৰিব চীনে!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কোত সাক্ষাৎ কৰিছে চীনৰ কমিউনিষ্ট পাৰ্টিৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া ৱাং য়ীয়ে। ৱাং য়িৰ এই ভ্ৰমণকো গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে কাৰণ ইয়াক ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ মাজত চীনৰ শান্তি পৰিকল্পনা হিচাপে গণ্য কৰা হৈছে। দৰাচলতে বিশ্ব পৰ্যায়ত চলি থকা উত্তেজনাপূৰ্ণ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পুটিনে কৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়া আৰু চীনৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ যাতে বিশ্বৰ পৰিস্থিতি সুস্থিৰ হ’ব পাৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধক এতিয়াও গৰিহণা দিয়া নাই চীন। কিন্তু এতিয়া কোৱা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং অতি সোনকালে মস্কো ভ্ৰমণ কৰিব পাৰে।

চীনে ৰাছিয়াৰ মনৰ কথা ক’লে

মিউনিখৰ নিৰাপত্তা সন্মিলনত চীনৰ নেতা ৱাং য়িয়েও ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱা উচিত বুলি কৈছিল। প্ৰশ্ন হয় চীনৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইন যুদ্ধত শান্তিৰ প্ৰস্তাৱ আনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডাঙৰ খেলুৱৈ হ’ব বিচাৰিছে নেকি? এবছৰত ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশৰ বহু ক্ষতি হৈছে। কিন্তু এই যুদ্ধত ছবিখন এতিয়া লাহে লাহে সলনি হৈ আহিছে। যুদ্ধৰ বাবে ইউক্ৰেইন এৰি বিভিন্ন দেশলৈ যোৱা লোকসকলক এতিয়া উভতি আহিছে নিজৰ দেশলৈ। সেয়ে আশা কৰা হৈছে যুদ্ধ সোনকালে শেষ হ’ব।