Home Blog Page 1700

ঘোষণা হ’ল উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন…

নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিছে উত্তৰ-পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। তিনি ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আয়োগে।

আয়োগৰ ঘোষিত সূচী অনুসৰি ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত, ২৭ফেব্ৰুৱাৰী তাৰিখে মেঘালয় আৰু নাগালেণ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ২ মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

উল্লেখ্য যে অহা মাৰ্চ মাহত সামৰণি পৰিব ৰাজ্য কেইখনৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল। ১২ মাৰ্চত নাগালেণ্ড, ১৫ মাৰ্চত মেঘালয় আৰু ২২ মাৰ্চত ত্ৰিপুৰাৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব।

লক্ষণীয়ভাৱে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তিনিওখন ৰাজ্যতে আসনৰ সংখ্যা ৬০ খন। বৰ্তমান ত্ৰিপুৰাত বিজেপি চৰকাৰ থকাৰ বিপৰীতে নাগালেণ্ডত ক্ষমতাত আছে নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰা একমাত্ৰ দল নেচনেল পিপলছ পাৰ্টিয়ে মেঘালয়ত চৰকাৰ চলাই আছে।

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মন্ত্ৰীসহ ১৮ গৰাকীয়ে…

নেপালৰ শোকাৱহ বিমান দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ভয়াৱহ বিমান দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে ইউক্ৰেইনত। আজি ৰাজধানী কিয়েভৰ পৰা কিছু দূৰত্বৰ ব্ৰ’ভাৰী চহৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত ইউক্ৰেইনৰ গৃহ মন্ত্ৰীৰ লগতে তিনি শিশুসহ ১৮ গৰাকী লোক নিহত হয়।

যাত্ৰীবাহী হেলিকপ্টাৰখনে ব্ৰ’ভাৰী চহৰৰ এক শিশুৰ প্ৰাক্ প্ৰাথমিক শিক্ষানুষ্ঠান আৰু এটা আৱাসিক অট্টালিকাৰ কাষতে খুন্দা মৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কিছু ফুটেজত এই ভয়াৱহ দুৰ্ঘটনাৰ পাছৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।

https://twitter.com/AZgeopolitics/status/1615618506665652225?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1615618506665652225%7Ctwgr%5E4f303b36ee08d726a331f8e44d1f83deb3f09865%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fassam.nenow.in%2Fukraine-minister-among-18-dead-in-chopper-crash-near-kindergarten%2F

ইউক্ৰেইনৰ আৰক্ষী সেৱাৰ মুৰব্বী ইগ’ৰ ক্লাইমেংকোৱে এক বিবৃতিত কয় যে ব্ৰ’ভাৰীত ৰাজ্যিক জৰুৰীকালীন সেৱাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাৰ ফলত গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থকা ডেনিছ মনাষ্টিৰ্স্কিৰ মৃত্যু হয়।

ইগ’ৰ ক্লাইমেংকোৱে সদৰী কৰা মতে গৃহ মন্ত্ৰী ডেনিছ মনাষ্টিৰ্স্কি আৰু তেওঁৰ প্ৰথম উপ-গৃহমন্ত্ৰী য়েভগেনি য়েনিন দুয়োৰে মৃত্যু হয়। আনহাতে কিয়েভৰ গৱৰ্ণৰ অলেক্সি কুলেবাই এই দুৰ্ঘটনাত তিনি শিশুসহ ১৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে।

তেওঁ লগতে কয় যে দুৰ্ঘটনাত ১৫ টি শিশুসহ ২৯ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক প্ৰয়োজনীয় সকলো চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। জৰুৰীকালীন সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৪২ বৰ্ষীয় ডেনিছ মনাষ্টিৰ্স্কিয়ে ২০২১ চনৰ জুলাই মাহৰ পৰা ইউক্ৰেইনৰ গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কিৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ সদস্য আছিল মনাষ্টিৰ্স্কি।

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ডাবল শতকৰ ৰেকৰ্ড ভংগ কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হ’ল শুবমেন

২৩ বছৰ(২৩ বছৰ ১৩২ দিন) বয়সত কৃতিত্ব অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত ডাবল শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় ভাৰতৰ অ’পেনাৰ শুবমান গিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত ১৪৫টা ডেলিভাৰীত ডাবল টনত উপনীত হয় গিলে।

ইয়াৰ পূৰ্বে এদিনীয়াত ডাবল শতক ভংগ কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন ঈশান কিষাণ (২৪ বছৰ ১৪৫ দিন)৷

গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি বদাৰা আলিউ জুফৰ ভাৰতত মৃত্যু

গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি বাদাৰা আলিয়ু জুফৰ অসুস্থতাৰ বাবে ভাৰতত মৃত্যু হোৱা বুলি ৰাষ্ট্ৰপতি আদামা বেৰ’ৱে প্ৰকাশ কৰে।

বেৰ’ৱে টুইটাৰত কয় যে জুফৰ মৃত্যু হৈছে “অতি অসুস্থতাৰ পিছত” আৰু কোনো সবিশেষ নিদিয়াকৈ।

৬৫ বছৰীয়া জুফে ২০২২ চনত গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি লাভ কৰিছিল।

প্ৰায় তিনি সপ্তাহ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে চিকিৎসাৰ বাবে গাম্বিয়া এৰিছিল।

বিদ্যুৎ কৰ্তন নকৰাকৈয়ে বিদ্যুতৰ খুঁটাত উঠাই দিলে এজন সাধাৰণ লোকক, তাৰ পাছত…

বিদ্যুৎ বিভাগৰ এক কাণ্ডজ্ঞানহীনতাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ মাইলো অঞ্চলত। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ব্যক্তিৰ কৰুণ মৃত্যু হৈছে।

জানিব পৰা অনুসৰি, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে মঙলবাৰে গাঁওখনত বিদ্যুৎ সংযোগ দিবলৈ আহে কিন্তু বিদ্যুৎ সংযোগৰ সময়তে দেখুৱালে নিজৰ কাণ্ডজ্ঞানহীনতা।

বিভাগীয় কৰ্মচাৰীয়ে নিজেই বিদ্যুৎ পৰিবাহী খুঁটাত নুঠি তাৰ বাবে মাতি আনে মাইলো গাঁৱৰ উত্তম থাপা (৪৮) নামৰ সাধাৰণ লোকজনক।

ইফালে বিদুৎ কৰ্মচাৰীয়ে বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিদ্যুৎ কৰ্তনৰ কোনোধৰণৰ সঠিক খবৰ নোলোৱাকৈয়ে উত্তম থাপাক বিদ্যুৎ সংযোগৰ বাবে ট্ৰেন্সফৰ্মাৰৰ খুঁটাত উঠাই দিয়াত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় লোকজনে।

বিদ্যুৎ বিভাগৰ এক কাণ্ডজ্ঞানহীনতাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ মাইলো অঞ্চলত।

আজিৰে পৰা ২০২৩ বৰ্ষৰ গুণোৎসৱ আৰম্ভ : আজি বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন

আজিৰে পৰা অসমৰ ১১খন জিলাৰ লগতে বৰপেটাতো আৰম্ভ হৈছে গুণোৎসৱ ২০২৩ ।আজি বৰপেটা জিলাৰ সকলো বিদ্যালয়তে এই উপলক্ষে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন সুকলমে অনুষ্ঠিত হৈ যায়। স্ব-মূল্যায়নত আজি বিদ্যালয়সমূহে নিজ নিজ বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটৰ সদস্যা আৰু স্হানীয় ৰাইজৰ উপস্থিতিত বিভাগীয় ভাবে যোগান ধৰা প্ৰশ্ন কাকতৰ পেকেটবোৰ খোলে আৰু যথাবিধি অনুযায়ী ছাত্ৰ ছাত্ৰী সকলৰ পঠন দক্ষতাৰ মূল্যায়ন কৰা হয়। বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটৰ সদস্যা আৰু স্হানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ শৈক্ষিক দিশ, আন্তঃগাথঁনিৰ বিভিন্ন দিশ, সমাজ জড়িতকৰণ ইত্যাদিৰ সকলো দিশৰ মূল্যায়ন কৰে। আজি জিলাখনৰ বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং দলাহাটী নিম্ন বুনিয়াদী বিদ্যালয়, ৫৩৩ নং সুন্দৰীদিয়া প্ৰাথমিক বিদ্যালয়, সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্ত, বৰপেটা শিক্ষা খণ্ডৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুবীমণি নাথ, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শিকা নিয়তি পাঠক আৰু খন্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে।

পৰিদৰ্শন কালত লখিমী দত্তই সকলো ছাত্র ছাত্রীক গুনোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু শিক্ষক শিক্ষয়ত্রীক বিভিন্ন পৰামর্শ আগবঢ়ায়। পিছত সমগ্র শিক্ষাৰ খণ্ড মিছন সমন্বয়ক ৰুবীমণি নাথ, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শিকা নিয়তি পাঠক আৰু খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠান, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৫৩০ নং বিলৰতাৰীহাটী প্ৰাথমিক বিদ্যালয়, দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৩ নং দক্ষিণহাটী প্ৰাথমিক বিদ্যালয় আৰু পৰিদৰ্শন কৰি বিদ্যালয়কেইখনত স্ব-মূল্যায়নৰ বুজ লয় আৰু বহিঃ মূল্যায়নৰ বাবে শুভেচ্ছা জনায়।

বাক্সাৰ সুৱনখাটাত আৰম্ভ ঐতিহাসিক ৭১ সংখ্যক মাঘমেলা

বাক্সাৰ সুৱনখাটাত আজিৰে পৰা ঐতিহাসিক ৭১ সংখ্যক মাঘমেলা আৰম্ভ।বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটা বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ এক অন্যতম পীঠস্থান। জিলাখনৰ সীমান্তৱৰ্তী এই সুৱনখাটাতে আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক ৭১ সংখ্যক সুৱনখাটা মাঘমেলা ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে মেলাস্থলী ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা চাফাই অভিযানৰ পিচত ৭:৩০ বজাত প্ৰথম দ্বাৰ উদ্ঘাটন কৰে সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট নন্দ কিশোৰ টামটাই ৷ পুৱা ৮ বজাত মুখ্য দ্বাৰ উন্মোচন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে I

৯ বজাত ৭১ সংখ্যক মাঘমেলাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি খগেন পাঠক দাসে I ইয়াৰ পিচত মূল মণ্ডপ, মিনা বজাৰ, বাণিজ্য মেলা আৰু ব্ৰফেডৰ হস্ততাঁত মেলা উদ্বোধন কৰে ক্ৰমে দাঙাৰাম বড়ো, মানিক দাস, প্ৰভাত চন্দ্ৰ দাস আৰু খগেন পাঠক দাসে ৷ ইয়াৰ পিচত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণৰ মাজত আৰ্থ-সামাজিক তথা সাংস্কৃতিক মত বিনিময়ৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত এই মেলাত ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰো ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে এই মেলাৰ লগতেই যৌথভাৱে প্ৰতিবছৰে ভাৰত-ভূটান বন্ধুত্বমেলাও অনুষ্ঠিত হয় যদিও এইবেলি ভূটানৰ বাণিজ্যিক প্ৰতিষ্ঠান আৰু সাংস্কৃতিক দলে পৰিস্থিতিগত কাৰণত মেলাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে ৷

৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

দেশৰ নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল। উত্তৰ পূবৰ ৩ ৰাজ্য মেঘালয়,নাগালেণ্ড,ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন ঘোষণা।২৭ ফ্ৰেব্ৰুৱাৰীত মেঘালয়,নাগালেণ্ড আৰু ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত হ’ব নিৰ্বাচন।

২ মাৰ্চত ঘোষণা হ’ব তিনিও ৰাজ্যৰে ফলাফল। এই কথা ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ।

ঢকুৱাখনাৰ মোহেমাৰী গাঁৱৰ কুইজাৰ বিলৰ পাৰত ন-বোৱাৰীৰ চিনাকি উৎসৱ

মাঘবিহুৰ দিনটোত ঢকুৱাখনাৰ মোহেমাৰী গাঁৱৰ কুইজাৰ বিলৰ পাৰত ন-বোৱাৰীৰ চিনাকি উৎসৱ । ন-বোৱাৰী সকলক জেষ্ঠ জনৰ পৰা আশীক লোৱা এক সুকীয়া পৰম্পৰাৰ গাঁৱখনত , লগতে অনুষ্ঠিত হ’ল ৰচিতনা খেল।মাঘ বিহুৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনা মহকুমাৰো বিভিন্ন ঠাইত মাঘবিহু উপলক্ষে সৃষ্টি হয় পৰম্পৰাগত খেল-ধেমালিৰে উখল-মাখল পৰিবেশ। ঢকুৱাখনাৰ অন্যান্য গাঁৱৰ দৰে ঢকুৱাখনা মোহেমাৰী গাৱঁটো মাঘ বিহুৰ দিনা আয়োজন কৰা হয় বিভিন্ন ভোগালীৰ খেল ধেমালিৰ লগতে মহেমাৰী গাঁৱবাসীয়ে সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ‘কুইজাৰ বিল’ৰ পাৰত সমূহীয়া ন-বোৱাৰী আদৰণি পৰ্ব অনুষ্ঠিত কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । মাঘবিহুৰ দিনটোত এই বিলৰ পাৰত গাঁৱখনৰ জীয়ৰী-বোৱাৰী, খুৰী, আইতা সকলোটি গোটখাই গাঁৱলৈ অহা ন-বোৱাৰীসকলক আদৰণি জনোৱা হয়। পূৰ্বতে এই বিলত সমূহীয়া মৎস্য চিকাৰ কৰা লগতে পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰিছিল । বৰ্তমান সেই স্থানত মাছধৰা পৰ্ব নাই যদিও চলি আছে সেই ঐতিহাসিক পৰম্পৰা ৷ ইপিনে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মহেমাৰী গাওঁবাসীয়ে গাওঁখনৰ পৰম্পৰা সমূহ ধৰি ৰক্ষা উদ্দেশ্য “কুইজাৰ বিল’ৰ” পাৰত ঐতিযৰে পৰা চলি আহিছে এই চিনাকি উৎসৱ উদযাপন কৰে ৷ লোকবিশ্বাস অনুসৰি গাওখনলৈ নতুনকৈ বিয়া হৈ অহা ন-বোৱাৰী সকলে সমজুৱাকৈ কুইজাৰ বিলৰ পাৰত জেষ্ঠ জনৰ ওচৰত সেৱা ললে তেওঁলোকৰ মনো কামনা সিদ্ধি হোৱা লগতে বছৰটো কুশল কামনা কৰে জেষ্ঠ জনে ৷ এইবেলি ২৫ গৰাকীকৈ নৱবিবাহিতা ন-বোৱাৰীয়ে এই অনুষ্ঠানত ভাগ লয় । ইপিনে এই উৎসৱৰ লগত সংগতি ৰাখি ন-বোৱাৰী সকলৰ মাজত অনুষ্ঠিত হয় ৰচি টনা খেল।

ঢকুৱাখনাৰ পৰা পাপু বৰুৱাৰ প্ৰতিবেদন

‘পাথান’ বৰ্জনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য ! বিজেপি নেতাসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে পৰামৰ্শ

ছ’চিয়েল মিডিয়াত ‘পাথান’ ছবিখনৰ বহু বিৰোধিতা হৈছে। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি নেতাসকলক চিনেমাৰ বিষয়ে ক’বলৈ পৰামৰ্শ দিছে। দীৰ্ঘদিন ধৰি দেখা গৈছে যে বলীউড বৰ্জন ট্ৰেণ্ডৰ এক বৃহৎ প্ৰচাৰ ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে। যাৰ বাবেই বহু ছবি এই বৰ্জনৰ ধাৰাটোৰ বলি হৈছে। বৰ্তমান সময়ত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘পাথান’ক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে এই ছবিখনৰ গান আৰু অভিনেত্ৰী দীপিকা পাডুকনৰ গেৰুৱা বিকিনিক লৈ আপত্তি কৰিছে বিজেপি নেতা নৰোত্তম মিশ্ৰই। ইফালে ‘পাথান’ মুক্তিৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ দলৰ কৰ্মী আৰু নেতাসকলক চিনেমাৰ কথা নক’বলৈ পৰামৰ্শ দিছে।

প্ৰধানমন্ত্ৰী মোডীৰ এই ডাঙৰ বক্তব্য ‘পথান’ মুক্তিৰ পৰাই।

পিটিআইৰ প্ৰতিবেদন অনুসৰি মঙলদৈ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ কেডাৰলৈ এটা ডাঙৰ বাৰ্তা প্ৰদান কৰিছে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে কৈছে যে- ‘চিনেমাৰ দৰে অৰ্থহীন বিষয়ত কোনেও অপ্ৰয়োজনীয় মন্তব্য কৰাৰ প্ৰয়োজন নাই। লগতে যিমান পাৰি এৰাই চলিলে ভাল। এই মন্তব্যই দলটোৰ উন্নয়নৰ এজেণ্ডাক বেকবাৰ্নাৰত পেলাইছে।

হয়তো জনা যায় যে বিগত সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ বহু নেতাই চিনেমা সন্দৰ্ভত বহু বিতৰ্কিত বক্তব্য আগবঢ়াইছে, যাৰ বাবে বহু বিতৰ্কও ঘটিছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোডীৰ এই বক্তব্যৰ পিছত বৰ্জন বলীউডৰ ট্ৰেণ্ডত কিবা পাৰ্থক্য থাকিব নেকি সেয়া চাবলৈ আগ্ৰহী হ’বনে।

পাঠানৰ মুক্তিক লৈ হুলস্থুল

শ্বাহৰুখ খানৰ ছবি পাঠান সন্দৰ্ভত দেশৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদ। যাৰ বাবে পাঠানৰ মুক্তিৰ দিনটোত হুলস্থুলৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই বক্তব্যৰ পিছত হুলস্থুলৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব। কাৰণ তেওঁৰ শেহতীয়া বক্তব্যৰ প্ৰভাৱ সকলোৰে ওপৰত দেখা যায়। অৱশ্যে পি এম মোডীৰ এই বক্তব্যৰ পিছত কিচি কা ভাই কিচি কি জান, চেলফি আৰু জৱানৰ দৰে আগন্তুক বলীউড ছবিয়েও বয়কট বলীউডৰ ট্ৰেণ্ডৰ পৰা সকাহ পাব পাৰে।