Home Blog Page 1704

তুৰস্কৰ ছিৰিয়াৰত পুনৰ ৬.৩ প্ৰাবল্যৰ ভূমিকম্প

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি আজি তুৰস্ক-চিৰিয়া সীমান্ত অঞ্চলত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হয়।

ভূমিকম্পৰ ফলত হোৱা কম্পন ইজৰাইলতো অনুভৱ কৰা হৈছিল।

৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত কেইবাটাও কম্পন হৈছিল। সেই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই ৪৭ হাজাৰ অতিক্ৰম কৰিছে।

নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে…

Raw Organic Bunch of Bananas Ready to Eat
  • জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে।
  • ২৫০ মি:লি: গাখীৰ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়।
  • নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লোবিনো বৃদ্ধি পায়।

  • নাকেৰে তেজ ওলালে আৰু এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই ফেটি লৈ একেৰাহে কেইবাদিনো খালে এই ৰোগ ভাল হয়।
  • নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে।
  • শৰীৰে পৰ্য্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰিবলৈ হ’লে গাখীৰৰ লগত কল খাব লাগে।
  • পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খাব লাগে।

  • কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
  • কলে অন্ত্ৰত কৃমি মাৰে।
  • কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে।
  • পকা কলৰ লগত জিৰা গুড়ি মিহলাই খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
  • থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত পকা কল, আটা পানীৰ লগত মিহলাই পিটিকি জুইৰ ওপৰত গৰম কৰা লেপ বান্ধিব লাগে।
  • পেটত কৃমি বেছি হ’লে কাঁচ কল খাব লাগে।
  • কল গছৰ ভিতৰত কোমল অংশৰ ৰস আধা কাপ উলিয়াই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খাব লাগে।

লেখিকা: সুমিত্ৰা গোস্বামী।

মংগলবাৰৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হ’ব ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন

কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাই অংশগ্ৰহণ কৰিবলগীয়া উক্ত সন্মিলন কাইলৈ উদ্বোধন কৰিব উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই। উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কুইন ওজাইও কৰিব অংশগ্ৰহণ।জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে কাইলৈৰ পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈ কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই, বেংকিং খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন অনুষ্ঠিত হ’ব। সৰ্বমুঠ ১০০টা এম.এছ.এম.ই ষ্টল, ১২টা ফুড ষ্টলৰ সমাহাৰেৰে অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখন কাইলৈ আনুষ্ঠানিকভাৱে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কুইন ওজাৰ উপস্থিতিত উদ্বোধন কৰিব। ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উক্ত সন্মিলনত কামৰূপ জিলাৰ কৃষি, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, জিলা গ্ৰামীণ অভিকৰণৰ বিপণীৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই তথা বিভিন্ন বেংকিং প্ৰতিষ্ঠানৰ বিপণী থাকিব।

উক্ত সন্মিলনৰ আটাইকেইটা দিনতে ব্যৱসায়ৰ সম্ভাৱনীয়তা, উপযুক্ত প্ৰকল্প নিৰ্বাচন, ব্যৱসায়ৰ উন্নয়ন, পঞ্জীয়ন, ঋণৰ উপলব্ধতা, বাঁহ-বেতৰ পৰা আটক ধূনীয়া সামগ্ৰী নিৰ্মাণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধুনিকীকৰণৰ গুৰুত্ব, ক্ৰেতা-বিক্ৰেতা সন্মিলন, কাঠফুলাৰ (Mushroom) মূল্য সংযোজন, সামগ্ৰীৰ ব্ৰেণ্ডিং, পেকেজিং, বজাৰ সংযোগ (Market Linkage), ৰপ্তানিৰ সজাগতা ইত্যাদিৰ প্ৰশিক্ষণ তথা আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ উপৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচনা লিখা তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।

তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা উপায়ুক্তই আধাৰশিলা স্থাপন কৰিলে হাস্পতালখনৰ মূল প্ৰৱেশ তোৰণৰ

আজি আমিনগাঁওস্থিত তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে চিকিৎসালয়খনৰ মূল প্ৰৱেশ তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উপায়ু্ক্ত গৰাকীয়ে লগতে এই দিৱসৰ লগত সংগতি ৰাখি এক ৰক্তদান শিৱিৰৰো আনুষ্ঠানিকভাৱে মুকলি কৰে। তেওঁ লগতে হাস্পতালখনৰ ই.এন.টি. আৰু খাৰসূত্ৰ অস্ত্ৰোপচাৰ কক্ষও আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰাৰ লগতে চিকিৎসালয়খনৰ জিলা জনস্বাস্থ্য পৰীক্ষাগাৰত এফ.এন.এ.চি. পৰীক্ষা কেন্দ্ৰও মুকলি কৰে। উল্লেখ্য যে আজি মুকলি কৰা ই.এন.টি. আৰু খাৰসূত্ৰ অস্ত্ৰোপচাৰ কক্ষৰ পৰা ৰোগীয়ে এনে ধৰণৰ অস্ত্ৰোপচাৰৰ সুবিধা হাস্পতালখনতে লাভ কৰাৰ উপৰি এফ.এন.এ.চি. পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে এই বিশেষ পৰীক্ষা জনসাধাৰণে হাস্পতালখনতে কৰিব পাৰিব।ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ এক বৈঠকতো অংশগ্ৰহণ কৰি চিকিৎসালয়খনৰ সমূহ চিকিৎসক তথা কৰ্মচাৰী সকলক জনসাধাৰণৰ হকে নিঃস্বাৰ্থভাৱে তথা উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ বাবে আহ্বান জনায়।

উক্ত বৈঠকত লোক নিৰ্মাণ বিভাগক তোলৰাম বাফনা চিকিৎসালয়খনৰ প্ৰৱেশ দ্বাৰ নিৰ্মাণৰ আনুমানিক ব্যয় নিৰ্ধাৰণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ উপৰি তোলৰাম বাফনা আৰু নাৰায়না হৃদয়ালয়াৰ মাজত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যাতে জটিল বিষয় সমূহৰ ক্ষেত্ৰত অসামৰিক চিকিৎসালয়খনলৈ অহা ৰোগী সকলক নাৰায়না হৃদয়ালয়ত বিনামূলীয়াকৈ প্ৰাথমিক চিকিৎসা আগবঢ়াব পৰা যায়।আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ উপৰি তোলাৰাম বাফনাৰ বংশধৰ সুৰেন্দ্ৰ কুমাৰ জৈনৰ লগতে হাস্পতালখনৰ চিকিৎসক নাৰ্চ তথা কৰ্মচাৰী সকল উপস্থিত থাকে।

গুৱাহাটীত যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰৰ শুভ উদ্বোধন…

গুৱাহাটীত যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰৰ শুভ উদ্বোধন। চুইডেন চৰকাৰৰ পৰিৱেশবিদ মি. কাৰ্ল এৰিস্কনৰ দ্বাৰা যোগ কেন্দ্ৰৰ শুভাৰম্ভ।গুৱাহটী মহানগৰৰ ৰাজগড় ৰোডত যোগা প্লাছ জয়ফোল লিভিং নামৰ এক যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰ আনুষ্ঠানিকভাৱে আৰম্ভ হয়। অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে চুইডেন চৰকাৰৰ পৰিৱেশবিদ মি. কাৰ্ল এৰিস্কন ৷ উদ্বোধনী ভাসনত এৰিস্কনে কয় যে ভাৰতীয় যোগ সংস্কৃতি বিশ্বৰ প্ৰতিখন দেশৰ বাবে এক আদৰ্শ স্বৰূপ ৷ এই যোগ আদৰি লৈ গোটেই বিশ্ববাসীয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ লগতে বিভিন্ন মাৰাত্মক বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোগ সম্পৰ্কে এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° নিপেণ শইকীয়াই।

গুৱাহাটী পৌৰ নিগমৰ ২৮নং ৱাৰ্ডৰ পাৰিষদ স্নিগ্ধা দৈমাৰী , ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যোগাচাৰ্য্য শুভাশিষ কৌৰ , যোগ প্ৰশিক্ষীকা অৰ্চনা দাস , যোগ থেৰাপিষ্ট তথা পূৰ্বাঞ্চল মহিলা যোগ সংঘৰ সভানেত্ৰী সিক্তা দেৱ কৰ উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে ৷ এই প্ৰশিক্ষণ কেন্দ্ৰত ধ্যান , মাছাজ , নেছাৰ’পেথী , যোগ, সৎকৰ্ম আৰু প্ৰশিক্ষীকাৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব বুলি যোগবিদ সিক্তা দেৱ কৰে জানিবলৈ দিয়ে ।

মেঘালয়ত ভয়াৱহ পথ দুৰ্ঘটনা ! নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু ৫জনৰ…

মেঘালয়ত ভয়াৱহ পথ দুৰ্ঘটনা ! নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু ৫জনৰ। খবৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১১ বজাত পূৱ গাৰো পাহাৰৰ বোলমেডাং গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা। ইষ্ট গাৰো পাহাৰত কমেও পাঁচগৰাকী মহিলাৰ মৃত্যু হয়, তেওঁলোকে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। এখন পাহাৰৰ কাষত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা হয়।

খবৰ অনুসৰি, পাঁচগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে একেখন বাহনত থকা ২৪ জন লোক আহত হয়। আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।বাহনখনত থকা লোকসকলে টিএমচিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল, য’ত মুকুল চাংমা উপস্থিত হ’বলগীয়া আছিল।আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১১ বজাত পূৱ গাৰো পাহাৰৰ বোলমেডাং গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা।

স্থানীয় ৰাইজে নিহত কেইজনক মেৰিনা চাংমা, ছাবিনা মৰাক, কুকিলা মমিন, তেছা চাংমা বুলি চিনাক্ত কৰিছে। এগৰাকী নিহত মহিলাৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই।ঘটনাৰ খবৰ পোৱাৰ লগে লগে চিকিৎসা বিভাগৰ কৰ্মীসহ আৰক্ষীৰ এটা দলে আহতসকলক চোৱাচিতা কৰিবলৈ ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। আহতসকলৰ অধিকাংশকে খাৰকুটা পি এইচ চিলৈ লৈ যোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত থকা আন কিছুমানক চিকিৎসাৰ বাবে অসমৰ গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় আনহাতে অসমৰ উপাধ্যক্ষ ড০ নুমল মমিনেও ঘটনাস্থলী পৰিদৰ্শন কৰে, লগতে মৃত্যুক শোক প্ৰকাশ কৰে।

আৰম্ভ চেলিব্ৰিটি ক্ৰিকেট লীগ, চেলিব্ৰিটি ক্ৰিকেট লীগ কেতিয়া, ক’ত অনুষ্ঠিত হ’ব…

আৰম্ভ চেলিব্ৰিটি ক্ৰিকেট লীগ ২০২৩। এই লীগত বহু চলচ্চিত্ৰ তাৰকাক খেলপথাৰত দেখা যাব। এইবাৰ দেশত অনুষ্ঠিত হ’বলগীয়া চেলিব্ৰিটি ক্ৰিকেট লীগ আৰম্ভ হৈছে। এই লীগত ৮টা ভিন্ন আঞ্চলিক চলচ্চিত্ৰ উদ্যোগৰ দল অন্তৰ্ভুক্ত কৰা হৈছে। ২০১১ চনত আৰম্ভ হৈছিল চিচিএল। যেতিয়া ছবিৰ তাৰকা আৰু অভিনেতাসকলে প্ৰথমবাৰৰ বাবে গোট খাই লীগত অংশগ্ৰহণ কৰিছিল। যদি আমি ২০২৩ চনত খেলিবলগীয়া চেলিব্ৰিটি ক্ৰিকেট লীগখনত ৮টা দল অন্তৰ্ভুক্ত কৰা হৈছে। এই দলসমূহৰ ভিতৰত আছে মুম্বাই হিৰোজ, কৰ্ণাটক বুলডজাৰ, চেন্নাই ৰাইনোছ, তেলেগু ৱাৰিয়ৰ্ছ, কেৰালা ষ্ট্ৰাইকাৰছ, বেংগল টাইগাৰছ, পঞ্জাৱ দে শ্বেৰ আৰু ভোজপুৰী দবাং। এই লীগৰ খেলসমূহৰ লাইভ টেলিকাষ্ট কেতিয়া, ক’ত আৰু কেনেকৈ চাব পাৰে জানক। বহু চলচ্চিত্ৰ তাৰকাক দেখা যাব-

১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে চেলিব্ৰিটি ক্ৰিকেট লীগ। বহু চলচ্চিত্ৰ তাৰকা এই লীগত খেলা দেখা যাব। ৰিতেশ দেশমুখ, সুনিয়েল শ্বেট্টী, ববি দেউল, আৰু আন বহু বলীউডৰ তাৰকা। একে সময়তে চিচিএল ২০২৩ত কিচ্চা সুদীপ আৰু অখিল আকিনেনীৰ দৰে অভিনেতাকো দেখা যাব।

১৮ ফেব্ৰুৱাৰী (শনিবাৰ)ৰ পৰা আৰম্ভ হৈছে চেলিব্ৰিটি ক্ৰিকেট লীগ ২০২৩।

২০২৩ চনৰ চেলিব্ৰিটি ক্ৰিকেট লীগত ১৯খন খেল অনুষ্ঠিত হ’ব।

২০২৩ চনৰ চেলিব্ৰিটি ক্ৰিকেট লীগৰ খেলসমূহৰ আয়োজন কৰা হ’ব জয়পুৰ, হায়দৰাবাদ, ৰায়পুৰ, যোধপুৰ, বেংগালুৰু, তিৰুৱনন্তপুৰমকে ধৰি ডাঙৰ ডাঙৰ চহৰত।

চেলিব্ৰিটি ক্ৰিকেট লীগ ২০২৩ৰ মেচসমূহ টেলিকাষ্ট কৰাৰ অধিকাৰ আছে জি এণ্টাৰটেইনমেণ্টৰ। জি আনমোল চিনেমা হিন্দী, জি আনমোল চিনেমা পিকচাৰ্ছ ইংৰাজী, জি থিৰাই তামিল, জি চিনেমালু তেলেগু, জি পিকচাৰ্ছ কানাড়া, প্লাভাৰছ টিভি মালয়ালম, পিটিচি পাঞ্জাবী, জি বাংলা চিনেমা আৰু জি ভোজপুৰী চেনেলত লাইভ টেলিকাষ্ট উপলব্ধ হ’ব।

মাতৃ হ’ব কেটৰিনা কাইফ ! কেটৰিনাৰ গৰ্ভাৱস্থাৰৰ ৫খন ফটো চাওক…

কেটৰিনা কাইফৰ গৰ্ভধাৰণক লৈ কথা। প্ৰতিদিনে অভিনেত্ৰীগৰাকীক এনেকুৱা এটা ৰূপত দেখা যায় যে গৰ্ভাৱস্থাৰ খবৰটো অধিক বিয়পি পৰে। গৰ্ভধাৰণৰ খবৰৰ মাজতে কেটৰিনাৰ ৫ খন ফটো চাওক।কেতিয়াবা অভিনেত্ৰীগৰাকীৰ ঢিলা কাপোৰ দেখি অনুৰাগীসকলে কেটৰিনাক গৰ্ভৱতী বুলি ভাবে আৰু কেতিয়াবা কেইদিনমান পূৰ্বে কেটৰিনাৰ সিদ্ধিবিনায়ক মন্দিৰৰ ফটোখন দেখি অনুৰাগীসকলে অনুভৱ কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে প্ৰকাশ কৰিব ভাল খবৰটো। একে সময়তে বিকি কৌশলেও এই কথাবোৰক লৈ একো কোৱা নাই। কিন্তু আজি আমি সেই ৫ খন ফটো আৰু ভিডিঅ’ দেখুৱাম কেটৰিণাৰ-

কিছুদিন পূৰ্বে মুম্বাই বিমানবন্দৰত ঢিলা কাপোৰ পিন্ধি দেখা গৈছিল কেটৰিনা কাইফক। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অনুৰাগীয়ে গৰ্ভধাৰণক লৈ জল্পনা-কল্পনা আৰম্ভ। ভিডিঅ’টোত কেটৰিনাক অবিৰতভাৱে পেটটো দুপাট্টাৰে ঢাকি ৰখা দেখা গৈছিল। যাৰ বাবে গৰ্ভাৱস্থাৰ খবৰটো বিয়পি পৰিছে

কেটৰিনা কাইফে স্বামী বিকি কৌশল আৰু শাহুৱেকৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ এই ফটোখন অহাৰ লগে লগে কেটৰিনাৰ ষ্টাইল দেখি অনুৰাগীয়ে ভাবিলে যে কেটৰিনা গৰ্ভৱতী।

খ্ৰীষ্টমাছৰ ফটো
কেটৰিনা কাইফে পৰিয়ালৰ সৈতে বৰদিন উদযাপন কৰে। এই উদযাপনৰ ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে কেটৰিনাই। এই ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে গৰ্ভাৱস্থাৰ বিষয়ে জল্পনা-কল্পনা কৰিবলৈ ধৰিলে। ইয়াৰ আঁৰৰ কাৰণ আছিল কেটৰিনা শাহুৱেকৰ পিছফালে থিয় হৈ পেটটো ঢাকি থাকোঁতে ছবিখন ক্লিক কৰা।

কিছুদিনৰ আগতে কেটৰিনা কাইফে বঁটা প্ৰদান অনুষ্ঠানলৈ গৈছিল। এই বঁটা অনুষ্ঠানৰ সময়ত অভিনেত্ৰীগৰাকী এনেদৰে বহি আছিল যে ফটোখনত পেটটো ওলাই যোৱা দেখা গৈছিল। ইয়াৰ পিছত গৰ্ভাৱস্থাৰ জল্পনা-কল্পনাই জোকাৰি গ’ল।

নীলা ছবিত অভিনয় কৰি কিমান টকা উপাৰ্জন কৰিলে মিয়া খালিফাই ? নিজ মুখেৰে ক’লে এই কথা…

পৃথিৱীত মিয়া খলিফাক পৰাস্ত কৰিব পৰা অভিনেত্ৰী বিচাৰি পোৱাটো বৰ কঠিন হ’ব ছাগে। কিন্তু ছানি লিঅ’নে মিয়া খলিফাৰ বিৰুদ্ধে যাবলৈ সহায় কৰে আনক,কিন্তু তাই নোৱাৰিলে ৷ মিয়া সদায় ছানীতকৈ আগত আছিল। এতিয়া মিয়াই মুকলিকৈ কৈছে যে আগতে নীলা ছবিত অভিনয় কৰিবলৈ কিমান টকা পাইছিল।

মিয়াই নিজৰ ব্যক্তিগত জীৱনটোক লুকুৱাই ৰাখিব বিচাৰে। কিন্তু দীৰ্ঘদিন ধৰি অনুৰাগীৰ কৌতুহল সন্তুষ্ট কৰিবলৈ মিঞাই টুইটাৰত এটা ভিডিঅ’ আপলোড কৰি নিজৰ পাৰিশ্ৰমিকৰ বিষয়ে মুকলিকৈ ক’লে।ভিডিঅ’টোত মিঞাই কয় যে তেওঁ মুঠ ১২,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৯,৭২,৬৪৬ টকা) উপাৰ্জন কৰিছিল নীলা ছবিত ছবিত অভিনয় কৰি।


ভিডিঅ’টোত মিয়াই কয়, ‘বহুতে ভাবে যে মই নীলা ছবিৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছো। কিন্তু সেয়া সম্পূৰ্ণ সঁচা নহয়। ছবিত অভিনয় কৰি ১২ হাজাৰ ডলাৰ উপাৰ্জন কৰিলোঁ। ইয়াৰ পিছত মই কেতিয়াও তাৰকা হিচাপে এটকাও উপাৰ্জন কৰা নাছিলো। কিন্তু বহু কষ্টৰ অন্তত স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰিছো। ’’

‘ট্ৰিপল ভেচেলছ ডিজিজ’ মানে কি ? এই ৰোগৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ অৱলম্বন কৰক কিছু পদ্ধতি…

আজিকালি বহুমানুহ ‘ট্ৰিপল ভেচেল ডিজিজ’ত ভুগি আছে, যাৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় যিটো মাৰাত্মক ৰোগ। ভাৰতত হৃদৰোগ অতি সাধাৰণ, ইয়াৰ কাৰণ হ’ল ইয়াৰ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু তেল সমৃদ্ধ খাদ্য। এই জীৱন-যাপনৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়, যিয়ে ‘ট্ৰিপল ভেছেল ডিজিজ’ৰো সৃষ্টি কৰিব পাৰে। সেইবাবেই সময়ত সজাগ হোৱাই ভাল-

হাৰ্ট এটেক কিয় হয়?
হৃদযন্ত্ৰ মানুহৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ যোগেদি সমগ্ৰ শৰীৰত তেজৰ যোগান ধৰা হয়। হৃদযন্ত্ৰলৈ তেজৰ প্ৰত্যাৱৰ্তন ধমনীৰ যোগেদি হয়। বহু সময়ত তেজত কলেষ্টেৰল বৃদ্ধিৰ বাবে ইয়াত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে আৰু ধমনীবোৰ বন্ধ হৈ পৰে। ইয়াক ‘ক’ৰ’নাৰী ধমনী ৰোগ’ বুলি কোৱা হয়। এই কাৰণ হাৰ্ট এটেক আহে।


‘ট্ৰিপল ভেছেল ডিজিজ’ কি?
চিকিৎসা বিশেষজ্ঞসকলৰ মতে এয়া ‘ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ’ৰ এক অতি বিপজ্জনক ৰূপ। ৩ খন প্ৰধান ধমনীই হৃদযন্ত্ৰলৈ তেজ প্ৰেৰণৰ কাম কৰে আৰু যেতিয়া এই তিনিওটা ধমনী বন্ধ হৈ যায় তেতিয়া ইয়াক ‘ট্ৰিপল ভেছেল ডিজিজ’ বুলি জনা যায়। ইয়াৰ কাৰণে বুকুৰ বিষ হয়, উশাহ-নিশাহ লোৱাত কষ্ট হয়, যাৰ ফলত হাৰ্ট এটেক হয়।

এঞ্জিওপ্লাষ্টি কি?
ট্ৰিপল ভেচেল ডিজিজৰ চিকিৎসা এঞ্জিওপ্লাষ্টিৰ দ্বাৰা কৰা হয়, যিটো হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, যাক বেলুন এঞ্জিওপ্লাষ্টি আৰু পাৰ্কিউটেনিয়াছ ট্ৰেন্সলুমিনেল এঞ্জিওপ্লাষ্টি (PTA) বুলিও কোৱা হয়। ইয়াত ধমনীবোৰৰ মাজেৰে তেজৰ যোগান শুধৰোৱা হয়।

‘ট্ৰিপল ভেছেল ডিজিজ’ৰ পৰা হাত সাৰিবলৈ উপায়।

তেলীয়া খাদ্য কমাব
স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক
-বৰ্ধিত ওজন কমাব

  • নিয়মিত ব্যায়াম কৰক
    ৰক্তচাপ বাঢ়িব নিদিব
    -মদ নাখাব
    -তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা
    -টেনচন দূৰ কৰা