Home Blog Page 1725

খাদ্যৰ জৰিয়তে অটুট ৰাখক আপোনাৰ পৌৰুষ সক্ষমতা…


মৌ:

পাৰস্যত পুৰণি কালত বিবাহৰ পিছত এমাহলৈ দৰা-কইনাক সদায় মৌ খাবলৈ দিয়া নিয়ম আছিল। আৰু ইয়াৰ পৰাই আজিৰ ‘হনিমুন’ শব্দৰ প্ৰচলন হৈছে। মৌত ভিটামিন ‘বি’ প্ৰচুৰ পৰিমাণে থাকে। ‘বি’ ভিটামিনে টেষ্টোষ্টেৰণ প্ৰস্তুত কৰাত সহায় কৰে। মৌ খোৱাৰ ফলত দৈহিক শক্তি বৃদ্ধি পায়।

ব্ৰাজিল নাট(Brazil Nuts):

ইটালিৰ পাডুৱা বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে আহাৰত ছেলেনিয়ামৰ অভাৱ ঘটিলে পুৰুষসকলৰ যৌনক্ষমতা কমি যায়। ছেলেনিয়ামে বীৰ্য কোষবোৰ ধ্বংস হোৱাত বাধা দিয়ে আৰু শুক্ৰাণুৰ সাঁতুৰিব পৰা ক্ষমতা জাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে ছেলেনিয়াম পোৱা যায়। সেয়ে দিনত তিনিটাকৈ ‘ব্ৰাজিল নাট’ খাই থাকিলে যৌনশক্তি বৃদ্ধি পায়।

মুগাবৰণীয়া চাউল:

ঢেঁকীত বনা মুগা বৰণীয়া চাউলত যথেষ্ট পৰিমাণে ‘বি’ ভিটামিন থাকে। ইয়াত মেগনেছিয়ামো প্ৰচুৰ পৰিমাণে থাকে। পেশীৰ গঠন শক্তিশালী কৰাৰ বাবে মেগনেছিয়াম অতিকৈ প্ৰয়োজন।

হট চকলেটত থকা phenyl-ethylamine নামৰ উপাদানবিধে ড’পামাইন(dopamine) অধিক পৰিমাণে নিঃসৃত কৰে। ড’পামাইন নামৰ ৰাসায়নিক পদাৰ্থবিধে যৌনশক্তি বঢ়াই তোলে। ইয়াৰ লগতে গাখীৰত থকা কেলচিয়ামে স্নায়ুবোৰক অধিক সক্ৰিয় কৰি তোলে।

শামুক(Oysters):

শামুকত প্ৰচুৰ পৰিমাণে জিংক থাকে। জিংকে টেষ্টোষ্টেৰণ(Testosterone) উৎপাদনত সহায় কৰে। ইয়াৰ উপৰি শামুকত ডি-এছপাৰ্টিক এচিড(D-aspartic acid) আৰু NMDA(N-methyle-D-aspartate)থাকে। এই দুবিধ উপাদানে ছেক্স হৰমোন টেষ্টোষ্টেৰণ আৰু এষ্ট্ৰোজেন নিঃসৰণ হোৱাত সহায় কৰে।

তৰমুজ:

টেক্সাছৰ গৱেষকৰৰ দল এটিয়ে প্ৰমাণ পাইছে যৌন উত্তেজক টেবলেট এটাৰ সমানেই তৰমুজে কাম দিয়ে। উল্লেখ্য যে ভায়েগ্ৰা টেবলেটে Citrulline আৰু Arginine নামৰ উপাদান দুবিধৰ পৰিমাণ কমাই আনে। ইয়াৰ ফলত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় আৰু ই ৰক্তবাহী নলীৰে তেজ চলাচলত সহায় কৰে। তৰমুজ খালেও একেখিনি উপকাৰ পোৱা যায়।

মুৰ্গীৰ মাংস:

সুস্থ যৌনজীৱনৰ বাবে বীৰ্যৰ উৎপাদন বৃদ্ধি আৰু প্ৰজনন ক্ষমতা বৃদ্ধি তথা যৌন ইচ্ছা বঢ়াই তুলিবলৈ টেষ্টোষ্টেৰণৰ পৰিমাণ সঠিক পৰিমাণে থকা উচিত। টেষ্টোষ্টেৰণৰ উৎপাদন মূলতঃ নিৰ্ভৰ কৰে জিংক আৰু ‘বি’ ভিটামিনৰ ওপৰত। মুৰ্গীৰ মাংসত এই দুয়োবিধ উপাদান পোৱা যায়।

কল:

কলত থকা Bufotenine নামৰ উপাদানবিধে মানুহৰ ‘মুড’ ভালে ৰখাৰ লগতে আত্মবিশ্বাস আৰু যৌনশক্তি বঢ়ায়। ইয়াৰ উপৰি আটাইতকৈ বেছি উপকাৰ হয় ছালখনৰ।

পপকৰ্ণ:

বীৰ্যৰ গাঢ়তা, গুণাগুণ ঠিকে থাকিবলৈ হ’লে Arginine নামৰ উপাদানবিধৰ খুব প্ৰয়োজন। পপকৰ্ণত এই উপাদানবিধ পোৱা যায়। সেয়ে বীৰ্যৰ শক্তি বঢ়াবলৈ পপকৰ্ণ খোৱা উচিত।

জলকীয়া:

জলকীয়া খালে এণ্ডোৰফিন নামৰ উপাদানবিধ তিনিগুণ পৰিমানত নিৰ্গত হয়। এই উপাদানবিধে মনলৈ ‘ফিল গুড’ ধাৰণা আনি দিয়ে। জলকীয়া খালে স্নায়ুমাণ্ডলিক সক্ৰিয় কৰি তোলে।

বাদাম:

বাদামত আৱশ্যকীয় চৰ্বি থাকে। এই চৰ্বিবোৰে Prostaglandins নামৰ হৰমোনবিধ নিয়ন্ত্ৰণ কৰে। ছেক্স হৰমোন উৎপাদনৰ বাবে এই উপাদানবিধ অতি প্ৰয়োজন। বাদামত ভিটামিন ‘ই’ থকা বাবে বীৰ্য শক্তিশালী কৰি তোলে।

ভেনিলা:

চিকাগোৰ ‘স্মেল এণ্ড টেষ্ট ট্ৰিটমেণ্ট ৰিচাৰ্ছ ফাউণ্ডেচন’ৰ এক গৱেষণা অনুসৰি ভেনিলা খালে পুৰুষাংগলৈ ৰক্তপ্ৰবাহ বৃদ্ধি পায় আৰু যৌনশক্তি অটুট থাকে।

ডাৰ্ক চকলেট:

গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে ডাৰ্ক চকলেট খালে হাইপাৰটেনছন নোহোৱা হয়। ফলত নপুংসকতাত ভুগি থকা লোকৰ এই সমস্যা আঁতৰ হয়। ক’কত থকা ফ্লেভনলছ নামৰ উপাদানবিধে নাইট্ৰিক অক্সাইড উৎপন্ন কৰাত সহায় কৰে। এই নাইট্ৰিক অক্সাইডে পুৰুষাংগৰ পেশীবোৰ শিথিল কৰি তোলে। ইয়াৰ ফলত তেজৰ চলাচল বৃদ্ধি পায় আৰু উত্থানত সহায় কৰে।

ৰঙালাউৰ গুটি:

ৰঙালাউৰ গুটিত প্ৰচুৰ পৰিমাণে জিংক থাকে। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ফলিক এচিড আৰু জিংক ছাপ্লিমেণ্ট খালে বীৰ্য গাঢ় হয়। সেয়ে প্ৰজনন অক্ষমতাত ভোগা লোকে ৰঙালাউৰ গুটি খালে উপকাৰ পায়।

কলিকতাৰ বৰ্ধনত ভাৰত সাংস্কৃতিক মহোৎসৱত উজ্জলিল উত্তৰ গুৱাহাটীৰ মনিকাঞ্চন সত্ৰীয়া সংগীত বিদ্যালয়

উত্তৰ গুৱাহাটীৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ এটি অগ্ৰণী অনুষ্ঠান মনিকাঞ্চন সত্ৰীয়া সংগীত বিদ্যালয়। ২০২১ চনত প্ৰতিস্থা হোৱা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত প্ৰতিযোগিতাসমূহত পদক অৰ্জন কৰি সুখ্যাতি অৰ্জন কৰি আহিছে।অতি কম সময়ৰ ভিতৰত প্ৰতিষ্ঠা হোৱা এই সংগীত বিদ্যালয় খনে অসমৰ লগতে দেশৰ বিভিন্ন ঠাইত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।


অলপতে কলিকতাৰ বৰ্ধনত অনুষ্ঠিত সত্ৰীয়া নৃত্য , বিহু নৃত্য আৰু ভোৰতাল নৃত্যত পদক অৰ্জনেৰে সুনাম কঢ়িয়াই আনিলে উত্তৰ গুৱাহাটীৰ মনিকাঞ্চন সত্ৰীয়া সংগীত বিদ্যালয়ৰ দহ গৰাকী ছাত্ৰীয়ে। কলিকতাৰ বৰ্ধনত সদ্য সমাপ্ত ভাৰত সংস্কৃতি মহোৎসৱত উত্তৰ গুৱাহাটীৰ দলটোয়ে অংশগ্ৰহণ কৰি সত্ৰীয়া, আধুনিক, বিহু নৃত্যৰ লগতে কেইবাটাও বিভাগত পদক অৰ্জন কৰি সন্মান লাভ কৰিবলৈ সক্ষম হয়। আজি মনিকাঞ্চন সংগীত বিদ্যালয়ৰ প্ৰাংগনত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা দিলীপ বৈশ্যই সভাপতিত্ব কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী তথা ধৰ্মপ্ৰাণা মহিলা লাবণ্য বৰুৱা, দুলুমণি শইকীয়া, সাংবাদিক মুকুটেশ্বৰ গোস্বামী,উৎপল তামূলী, কৌশিক দাস, সমাজকৰ্মী চন্দন বৰুৱা।

সত্ৰীয়া বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰনৱজিৎ শীলে আঁত ধৰা অনুষ্ঠানত বঁটা বিজয়ী ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰশিক্ষক দ্বয় আনন্দ মুক্তিয়াৰ আৰু নয়না দাসক সম্বৰ্ধনা জনোৱা হয় । লগতে বিদ্যালয়খনত প্ৰশিক্ষণ লৈ উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰিৰ অধিৱেশনস্থলীত সন্ধানহীন এগৰাকী যুৱতী

প্ৰনিতা চুতীয়া নামৰ চিচি চৌখামটিং গাঁৱৰ এগৰাকী যুৱতী শংকৰদেৱ সংঘৰ চিমেন চাপৰিৰ অধিৱেশনস্থলীত সন্ধানহীন হৈছে। যুৱতাগৰাকী বিশেষ ভাৱে সক্ষম বুলি জনাই পৰিয়ালৰ লোকে।

কোনো ব্যক্তিয়ে যুৱতীগৰাকী সন্ধান পালে পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ পৰিয়ালৰ।

বিনীতা দেৱীলৈ “ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২”

ৰাজস্থানৰ নোখাৰ মুকামত দুদিনীয়া কাৰ্য্যসূচীৰে ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা “তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩” চলি আছে। উক্ত কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিজ্ঞানী সকলৰ সমাৰোহ অনুষ্ঠিত হৈছে । এই সমাৰোহৰ “তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩” ত আজি “ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২”ৰ সন্মান লাভ কৰে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে । ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসে “ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২” বিনীতা দেৱীক পুতলা নাচৰ জৰিয়তে বিজ্ঞান আৰু গণিত বিষয়টো শিক্ষাৰ্থী সকলে সহজ ভাবে বুজি পোৱা এক মাধ্যম হিচাপে গঢ়া বাবে এই বঁটা প্ৰদান কৰা হৈছে।

ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰশিক্ষণ প্ৰদান কৰি শিক্ষাৰ্থীক উপকৃত কৰিছে বিনীতা দেৱীয়ে । ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ অধ্যক্ষ তথা আন্ত: ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গণিতজ্ঞ ড. চন্দ্ৰমোলী যোশী, ভাৰতৰ গণিতৰ গুৰু ড. বি. এণ ৰাও, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী তথা অভিযন্তা দিলীপ ভাট, বিজ্ঞানী চন্দ্ৰ মোহন নটিয়াল, গণিতজ্ঞ মোহন সিং, জাৰ্মানীৰ যুৱ বিজ্ঞানী নিশান্ত মালহোত্ৰা আৰু বহুজন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিজ্ঞানী আৰু পদ্মশ্ৰী -ভাৰত ৰত্ন-ভাৰত ভুষণেৰে সন্মানিত হোৱা বিজ্ঞানীয়ে বিনীতা দেৱীক বঁটা প্ৰদান কৰে।

কিয়াৰা-সিদ্ধাৰ্থৰ বিয়াক লৈ ৰাখীৰ মন্তব্য – ‘বেলেগৰ বিয়া দেখিলে মোৰ মনত বিতৃষ্ণাৰ ভাব আহে। ভেলেন্টাইন ডে’ আহি আছে, মোৰ হৃদয়খনে কান্দিছে’

‘বিগ বছ’ খ্যাতি ৰাখী সাৱন্তই কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহক লৈ এক চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰে।ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে কিয়াৰা আদৱানীৰ মৰমলগা ছবিত মগ্ন হৈ পৰিছে। আনহাতে ৰাখী সাৱন্তৰ ভগ্ন বিয়াৰ বাতৰিৰ শিৰোনামত। দুয়োজনেই বিভিন্ন কাৰণত লাইমলাইটত আছে। শেহতীয়াকৈ প্ৰতাৰণাত ভাঙি পৰা ৰাখী সাৱন্তই কিয়াৰা-সিদ্ধাৰ্থৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।


পাপাৰাজীৰ লগত কথা পাতি ৰাখী সাৱন্তই ক’লে, “কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিয়াৰ খবৰটো ভালেই চলি আছে আৰু মোৰ বেয়া হৈছে। মোৰ বৰ ভাল লাগিছে, কাৰোবাৰ বিয়া দেখিলে মোৰ বিতৃষ্ণা লাগে। কোনো প্ৰেমৰ চৰাই দেখিলেই কান্দি উঠো। ১৪ ফেব্ৰুৱাৰী (ভেলেন্টাইন ডে) আহি আছে। মোৰ হৃদয়খনে কান্দিছে।” ৰাখী সাৱন্তৰ এই বক্তব্য চৰ্চালৈ অহাৰ লগে লগে ৰাখীক ট্ৰ’ল কৰা হৈছে।এতিয়া সিদ্ধাৰ্থ কিয়াৰাৰ সম্পৰ্কত চকু ৰাখিব।” বহুতে তেওঁক ড্ৰামাবাজ বুলি মাতিছিল। কেৱল এয়াই নহয়, ৰাখীয়ে প্ৰথমে সিদ্ধাৰ্থ মনীষ মালহোত্ৰাক ফোন কৰিছিল, যাৰ ওপৰত মানুহে ৰাখীক আৰু বেছি ট্ৰল কৰিছে।

ৰাখী সাৱন্তই ৭ মাহ পূৰ্বে বাংগালুৰু নিবাসী আদিল খান দুৰানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। শেহতীয়াকৈ তেওঁলোকে নিজৰ বিবাহৰ কথা প্ৰকাশ কৰিছিল আৰু মাকৰ মৃত্যুৰ পিছত ৰাখীয়ে প্ৰথমে আদিলক বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ উত্থাপন কৰি তাৰ পিছত আৰক্ষীৰ গোচৰ ৰুজু কৰি লাইমলাইট দখল কৰিছিল। বৰ্তমান জেলত আছে আদিল। ৰাখীয়ে কয় যে আদিলৰ ইতিমধ্যে বিয়া হৈ গৈছে আৰু তেওঁৰ বিবাহ বহিৰ্ভূত প্ৰেমো চলি আছে।

আনহাতে কিয়াৰা আৰু সিদ্ধাৰ্থৰ কথা কওঁতে কেইবছৰমান গোপনে ডেটিং কৰাৰ পিছত ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত জয়ছলমেৰত বিবাহপাশত আবদ্ধ হয়। কিয়াৰা আৰু সিদ্ধাৰ্থৰ আদৰণীয় ছবিৰে প্ৰেমৰ বতাহ বলিছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই

জোনাইৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনত অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, মুখ্য উপদেষ্টা তথা নৱনিযুক্ত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, উপ-পদাধিকাৰ বসুন্ধৰ ডেকা, প্ৰধান সম্পাদক বাবুল বৰা, স্থানীয় বিধায়ক তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱন চন্দ্ৰ পেগুকে প্ৰমুখ্যে কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিনিধিসকল আৰু ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকে।

গোলাপৰ পাহি দ্বাৰা মানসিক চাপ আঁতৰাব পাৰি।কিদৰে ব্যৱহাৰ কৰিব…

বয়স বৃদ্ধি, চাপ প্ৰতিৰোধী আৰু বহুতো এন্টি অক্সিডেন্ট গুণ আছে গোলাপৰ, যিয়ে ছালৰ বহু উপকাৰ প্ৰদান কৰে। কিন্তু আপুনি জানেনে যে গোলাপৰ গোন্ধইও মানসিক চাপ মুক্ত কৰাত সহায় কৰে! আপুনি মানসিক চাপৰ সময়ত গা ধুই থকা অৱস্থাত গোলাপৰ চাবোন বা গোলাপৰ সুগন্ধি থাকে, তেন্তে আপোনাৰ সকলো টেনচন শেষ কৰি দিব লগতে, আপোনাক সতেজ অনুভৱ কৰাব।

কেৱল এয়াই নহয়, দৈনিক গা ধোৱাটোৱে আপোনাৰ ছালৰ পি এইচ লেভেল বজাই ৰাখে, যিয়ে আপোনাৰ ছালখনক গভীৰভাৱে পুষ্টিকৰ কৰি ৰাখে। কেৱল এয়াই নহয়, ছালৰ বহু সমস্যা যেনে পিম্পল, ডাৰ্ক চাৰ্কল আৰু ফুলা আদিৰ পৰাও পৰিত্ৰাণ পোৱাত সহায় কৰে। ইয়াৰ লগতে আপুনি কোমল আৰু উজ্জ্বল ছাল পায়, গতিকে গোলাপৰ পাহি স্ক্ৰাব লগাব।

গোলাপৰ পাহি স্ক্ৰাব কেনেকৈ বনাব-

ব্ৰাউন চুগাৰ আধা কাপ
নাৰিকল তেল এক কাপ
১ চামুচ আলমণ্ড বা জজোবা তেল
গোলাপৰ পাহি

প্ৰথমে এটা জাৰ লওক।
তাৰ পিছত তাত নাৰিকল তেল আৰু গোলাপৰ পাহি দিব।
ইয়াৰ পিছত তাত পিহি লোৱা ব্ৰাউন চুগাৰ দিব।
তাৰ পিছত আপুনি তাত আলমণ্ড বা জজোবা তেল দিব।
ইয়াৰ পিছত এই সকলোবোৰ ভালকৈ মিহলাই লওক।
তাৰ পিছত এই জাৰটো আপুনি বাথৰুমত ৰাখিব।
ইয়াৰ পিছত যেতিয়াই মানসিক চাপ অনুভৱ কৰে তেতিয়াই বাথটাবত থৈ গা ধুব।
ইয়াৰ ফলত আপুনি সকলো টেনচনৰ পৰা মুক্ত হ’ব আৰু গোলাপৰ গোন্ধে আপোনাৰ মনটোক সতেজ কৰি তুলিব।

আজি শুভ আলিংগন দিৱস‌ ! আলিংগন দিৱসত সম্পৰ্কৰ কোনবোৰ সৰু সৰু কথা গুৰুত্বপূৰ্ণ জানক…

আচলতে সম্পৰ্কবোৰ গঢ়ি তুলিব নালাগে। সম্পৰ্কবোৰ গঢ়ি উঠিব দিব লাগে।এই ধৰক আমাৰ যে কাৰোবাক ভাল লাগিলে, আমি কাৰোবাক ভালপোৱা হৈ গ’লে কৈ দিওঁ তেওঁক মনৰ কথাবোৰ এই ভাবি যে তেওঁ আমাৰ লগত প্ৰেমৰ সম্পৰ্কলৈ আহিব। কাৰোবাক লগ পাই অলপ কথা বতৰা মিলিলেই যে আমি তেওঁক বন্ধু বনাই লও।

আচলতে কথাবোৰ তেনেকুৱা নহয়। বন্ধুত্ব,প্ৰেম এইবোৰ সম্পৰ্ক মুখেৰে কৈ গঢ়িব নোৱাৰি। মই তোমাক ভাল পাও বুলি যে আমি এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলো, ভাইব মিলিলেই যে তুমি মোৰ বন্ধু বুলি বন্ধুত্ব গঢ়ি তোলো তেনেবোৰ সম্পৰ্কত সোনকালেই ফাট মেলাৰ সম্ভাৱনা ১০০%। কিন্তু যিবোৰ সম্পৰ্ক নিজে নিজে গঢ়ি উঠে তেনেবোৰ সম্পৰ্ক চিৰস্থায়ী। এনেবোৰ সম্পৰ্ক গঢ়ি উঠোতে সময় লাগে, কিন্তু বিশ্বাস কৰক এই সম্পৰ্কবোৰ অন্তৰৰ পৰা হয়। এনেবোৰ সম্পৰ্কক কোনো নামৰ প্ৰয়োজনেই নাথাকে। হঠাৎ কিবা এটা ভাল লগা হৈ যায়।

আৰু এই ভাল লগাটো একপক্ষীয় নহয়,দুয়ো পক্ষৰ পৰা হয়।ইজনে আনজনক কোৱাৰ প্ৰয়োজন নাথাকে যে তুমি মোৰ বন্ধু অথবা তুমি মোৰ প্ৰেম।যেতিয়া একো নভবাকৈয়ে এই সম্পৰ্কবোৰ গঢ়ি উঠে তেতিয়া দুয়োগৰাকী ব্যক্তিৰেই হৃদয়ৰ পৰা সংকেত আহে। সম্পৰ্কটো নিজে নিজেই আগবাঢ়ে। নভবাকৈয়ে মনৰ কথাবোৰ সন্মুখৰ জনক কৈ দিব পৰা হৈ যাও। তেওঁৱো আমাক তেওঁৰ মনৰ কথাবোৰ ক’বলৈ কুন্ঠাবোধ নকৰে। কিন্তু দুয়োগৰাকী ব্যক্তিৰেই কেতিয়াবা কথাৰ মাজেৰে মুখেৰে ওলাই পৰে “আমাৰ চোন ভাবধাৰা একে”।

অথবা দিনটো কামৰ ব্যস্ততাৰ মাজত যেতিয়া ৰাতি শুবলৈ যাব তেতিয়াও কথা পাতিবলৈ সেই বিশেষ জনকে বিচাৰি পাব।হয় এনেবোৰ সম্পৰ্ক এনেকুৱাই।ইয়াত ইজনৰ আনজনৰ প্ৰতি কোনো আশা, আকাংক্ষা নাথাকে।পোৱা নোপোৱাৰ দোমোজাত থমকি নৰয় এই সম্পৰ্কবোৰ।এই সম্পৰ্ক বোৰে আমাক জীয়াই থাকিব শিকায়। হাঁহিবলৈ শিকায়।এই সম্পৰ্কবোৰত মৰমবোৰ, ভাল লগা, ভালপোৱা বোৰ অব্যক্ত।ইয়াত সন্মান থাকে, প্ৰাৰ্থনা থাকে, বিশ্বাস থাকে। পৃথিৱীৰ প্ৰত্যেক বন্ধুত্ব তথা প্ৰেমৰ সম্পৰ্কবোৰ যদি এনেদৰেই গঢ়ি উঠিল হেঁতেন না বন্ধুত্বৰ বিচ্ছেদ হ’ল হেঁতেন আৰু না প্ৰেমৰ।

🌺লেখিকা – অংকিতা

মহাশিৱৰাত্ৰিত কিছুমান বিশেষ বস্তু দান কৰক, মনৰ আশা পূৰণ হ’ব…

১৮ ফেব্ৰুৱাৰী, শনিবাৰে মহা শিৱৰাত্ৰি।এই দিনটোত কিছু বস্তু দান কৰিলে কেৱল ভোলেনাথই সুখী নহয় আৰু শনি দেৱেও আশীৰ্বাদ দিব। গতিকে এই মহাশিৱৰাত্ৰিত কিছু বস্তু দান কৰক। হিন্দু ধৰ্মত গৰুক মাতৃৰ মৰ্যাদা দিয়া হৈছে। সেয়ে মহাশিৱৰাত্ৰিৰ দিনা গৰুক পিঠা আৰু ঘাঁহ খুৱাব লাগে। এনে কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি আহে আৰু জীৱনত উন্নতি হয়।

মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী বস্তু দান কৰিলে ভোলেনাথৰ আশীৰ্বাদ বৰষুণ হ’ব। শিৱই গাখীৰ বৰ ভাল পায়। ইয়াৰ লগতে শিৱই চন্দ্ৰ পিন্ধে আৰু গাখীৰ চন্দ্ৰৰ লগত সম্পৰ্কিত। এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ দান কৰক আৰু ভোলেনাথৰ কৃপাত আপুনি অপৰিসীম সুখ, সমৃদ্ধি, ধন আৰু সুখ লাভ কৰিব।

মহাশিৱৰাত্ৰিৰ দিনা চেনি দান কৰক। আৰ্তজনক চাউল, চেনি, গাখীৰ বা খীৰ দান কৰক। এই কাম কৰিলে মানুহে জীৱনত দ্ৰুত সফলতা লাভ কৰে।

মহাশিৱৰাত্ৰিৰ দিনা ক’লা তিল দান কৰক। মোলৰ সম্পৰ্ক শনি দেৱৰ সৈতে। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিঙত তিল আগবঢ়াওক। ইয়াৰ সমান্তৰালকৈ ক’লা তিল দান কৰি শনি দোষক আঁতৰাই দিয়া হ’ব আৰু প্ৰতিটো কামতে সফলতা লাভ কৰিব।

মহাশিৱৰাত্ৰিৰ দিনা কাপোৰ দান কৰাটোও বৰ ভাল। এই দিনটোত দৰিদ্ৰ লোকক কাপোৰ বিতৰণ কৰক, খাদ্য শস্য দান কৰক।

কুৰিত বুঢ়ী হোৱাৰ ধাৰণা পুৰণি আৰু অপ্ৰচলিত ! ৫০ বছৰীয়া মালাইকা আৰোৰাৰ হ’ট ফটোকেইখন চাওঁক…

কুৰিত বুঢ়ী হোৱাৰ ধাৰণা পুৰণি আৰু অপ্ৰচলিত ! ৫০ বছৰীয়া মালাইকা আৰোৰাৰ হ’ট ফটোকেইখন চাওঁক…

এই ফটোকেইখন দিয়াৰ কাৰণ এটাই
জীৱন সম্পৰ্কে ধাৰণা সলনি কৰিবৰ হ’ল


কুৰিত বুঢ়ী হোৱাৰ ধাৰণা পুৰণি আৰু অপ্ৰচলিত


মালাইকা আৰোৰাৰ এতিয়া বয়স ৫০
জীৱনক লৈ পজিটিভ হওক আৰু নিগেটিভ ধ্যান-ধাৰণাৰ মানুহৰ পৰা আঁতৰি থাকক