Home Blog Page 1726

মহামূল্যৱান লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰৰ পিছতে আশাৰ ৰেঙণি দেখিছে কাশ্মীৰৰ ৰিয়াচিৰ বাসিন্দাসকলে

এক মহামূল্যৱান সম্পদৰ ভাণ্ডাৰ থকা ঠাইতে তেওঁলোকে বাস কৰে। সেয়ে তাকেলৈ জম্মু- কাশ্মীৰৰ ৰিয়াচি জিলাৰ লোকসকল আজি গৌৰৱান্বিত। যোৱা সপ্তাহত ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে (জিএছআই) জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল গাঁৱত ৫.৯ নিযুত টন লিথিয়ামৰ ভাণ্ডাৰ আৱিষ্কাৰ কৰাৰ পিছত গাওঁবাসী আনন্দিত হৈ পৰিছে। গাওঁ খনৰ লোকসকলে চৰকাৰে খননৰ কাম আৰম্ভ কৰাৰ বাবে আকুলভাৱে অপেক্ষা কৰি আছে।লিথিয়াম আৱিষ্কাৰৰ ঘোষণাটো অঞ্চলটোৰ চৰ্চাৰ বিষয় হৈ পৰিছে আৰু গাওঁৰ মুৰব্বীসকলকে ধৰি সাধাৰণ মানুহে ভাৰতৰ প্ৰথম মুখ্য লিথিয়াম প্ৰকল্পটো কেনেধৰণৰ হ’ব তাকে জানিবলৈ চৰকাৰৰ বিতং বিবৃতিৰ বাবে অপেক্ষা কৰি আছে।চালালৰ এজন অভিযন্তা মুকেশ ঠাকুৰে কয়”আমি উৎসাহেৰে অপেক্ষা কৰি আছো যে চৰকাৰে আমাৰ গাঁৱত লিথিয়াম আহৰণ আৰম্ভ কৰিব। আমি আশা কৰোঁ যে স্থানীয় যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰিবলৈ ইয়াত লিথিয়াম আহৰণ কৰা প্ৰতিষ্ঠানসমূহে আগভাগ ল’ব,”২৭ বছৰীয়া ঠাকুৰে তেওঁৰ গাওঁখনে এক নজিৰ সৃষ্টি কৰা দেখি সুখী হৈছে। তেওঁ কয় “মই গৌৰৱান্বিত যে মোৰ গাওঁখনে ভাৰতক সহায় কৰিব ,কিয়নো বৈদ্যুতিক বাহন আৰু বৈদ্যুতিক সঁজুলিত ব্যৱহৃত ৰিচাৰ্জেবল বেটাৰি উৎপাদনৰ বাবে লিথিয়াম এক গুৰুত্বপূৰ্ণ উপাদান। ঘৰুৱা লিথিয়াম উৎপাদনে আমাৰ দেশক আন ৰাষ্ট্ৰৰ তুলনাত আগুৱাই নিব। আমাৰ মুঠ ঘৰুৱা উৎপাদনো (জিডিপি) বৃদ্ধি পাব । কিয়নো এতিয়া আমাৰ লিথিয়াম আমদানি হ্ৰাস পাব আৰু ৰপ্তানি বৃদ্ধি পাব,” তেওঁ কয়।আন এজন স্থানীয় বাসিন্দা বিপিন শৰ্মাই কয় যে লিথিয়ামৰ আৱিষ্কাৰে কেৱল ৰিয়াচি জিলাৰ লোকসকলকএ নহয়, সমগ্ৰ জম্মু-কাশ্মীৰৰ লোকসকলক লাভাৱান্বিত কৰিব।

তেওঁ কয় “চাওক, যেতিয়াই কোনো কৰ্পোৰেট হাউচ বা ফাৰ্মে কোনো এলেকাত অপাৰেচন আৰম্ভ কৰে, স্থানীয় লোকসকলৰ বাবে সুবিধা হয়। উদাহৰণ স্বৰূপে, যদি কোনো ডাঙৰ কোম্পানী ইয়ালৈ লিথিয়াম নিষ্কাষনৰ বাবে আহে, কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পৰিয়ালক আনিব । যাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান খুলিব য’ত আমাৰ সন্তানেও অধ্যয়ন কৰিব পাৰে”।বেটাৰী প্ৰকল্পৰ লগতে আন ভালেমান কামত ব্যৱহাৰ হোৱা লিথিয়াম এতিয়া ভাৰততো পোৱা গৈছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কাশ্মীৰত মহামূল্যৱান লিথিয়াম আৱিষ্কাৰ হোৱাৰ কথাই বিজ্ঞানীসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি জম্মু -কাশ্মীৰত ৫.৯ নিযুত টন লিথিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে। চৰকাৰে লগতে এইবুলিও কৈছে যে জম্মু আৰু কাশ্মীৰতেই দেশৰ প্ৰথমটো লিথিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে। জম্মু- কাশ্মীৰৰ ৰিয়াচি জিলাত লিথিয়ামৰ এই বৃহৎ ভাণ্ডাৰটো পোৱা গৈছে।উল্লেখ্য লিথিয়াম হৈছে এক অ-লৌহ ধাতু আৰু এই ধাতুবিধ ইভি বেটাৰিৰ এক গুৰুত্বপূৰ্ণ উপাদান ।লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন “Li” পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে। লিথিয়াম পৰমাণুৰ বৰ্হি কক্ষত ১টা ইলেক্ট্ৰন আছে। ই s গোষ্ঠীৰ মৌল।লিথিয়াম বেটেৰিত ব্যৱহাৰ কৰা হয়।একেদৰে লুব্ৰিকেটিং গ্ৰীজ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।মানসিক ৰোগত ব্যৱহাৰ কৰা দৰবতো লিথিয়াম ব্যৱহাৰ কৰা হয়।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে “ভাৰতীয় ভূতাত্ত্বিক জৰীপে প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল-হাইমানা অঞ্চলত ৫.৯ নিযুত টন লিথিয়াম থকাৰ কথা অনুমান কৰা হৈছে। ” তেওঁ লগতে কয়, “আন ৫১ টা খনিজ খণ্ডৰ ভিতৰত ৫টা খণ্ড সোণ আৰু অন্যান্য খণ্ডৰ সৈতে সম্পৰ্কিত পটাছ, মলিবডেনাম, আধাৰ ধাতু আদি ১১ খন ৰাজ্য জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু আৰু তেলেংগানা আদিৰ সৈতে সম্পৰ্কিত ।”
ৰে’লৱেৰ বাবে কয়লাৰ ভাণ্ডাৰ বিচাৰি ১৮৫১ চনত ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জিএছআই) বিভাগ স্থাপন কৰা হৈছিল । তেতিয়াৰে পৰাই বিভাগটোৱে দেশৰ নানান ঠাইতমূল্যৱান খনিজ সম্পদৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে।

কেৱল প্ৰেমৰ বাবেই নহয়, গোলাপে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সহায় কৰিব পাৰে…

গোলাপ ফুলৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি ! গোলাপৰ নাম অহাৰ লগে লগে মানুহে প্ৰথমে ইয়াক প্ৰেমৰ সৈতে জড়িত কৰে। গোলাপ এনেকুৱা এপাহ ফুল যাৰ দ্বাৰা আপুনি আপোনাৰ প্ৰেম প্ৰকাশ কৰিব পাৰিব, কিন্তু আপুনি জানেনে ই প্ৰেমৰ প্ৰতীক হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াৰ ঔষধি মূল্য আছে, যিয়ে বহু ৰোগ নিৰাময়ত সহায় কৰে। ভিটামিন চি,ভিটামিন এ , Sodium, Calcium, Iron Fiber, Carbohydrate Calorie Sugar গোলাপৰ ভিতৰত পোৱা যায়। জানক ই স্বাস্থ্যৰ বাবে উপকাৰি-


ওজন হ্ৰাস কৰাত সহায়ক- এনে বহুতো পুষ্টিকৰ উপাদান গোলাপৰ পাহিত পোৱা যায় যিয়ে বিপাকীয় ক্ৰিয়াৰ মাত্ৰা উন্নত কৰিব পাৰে। ইয়াৰ উপৰিও শৰীৰৰ বিষমুক্ত কৰাত সহায় কৰে।ইয়াৰ বাবে এগিলাচ পানী লৈ তাত ১৫ৰ পৰা ২০টা গোলাপৰ পাহি উতলাই লওক। উতলিলে গেছ বন্ধ কৰি দিব।তাত এচিমুচ ডালচেনি আৰু এচামুচ মৌ দিব।নিয়মীয়াকৈ গোলাপ চাহ খালে ওজন কমি যাব পাৰে।

মানসিক চাপ কমাব- মনক শান্ত কৰি মানসিক চাপ দূৰ কৰাত গোলাপৰ পাহিও সহায়ক হ’ব পাৰে। এক গৱেষণাৰ মতে গা ধোৱা পানীত গোলাপৰ পাহি লগালে মানসিক চাপ কমি যায়, মন শিথিল হয় আৰু মেজাজ উন্নত হয়। যদি ভাগৰ আৰু উদ্বিগ্নতাৰ বাবে টোপনি নাহে তেন্তে বিচনাত কিছু গোলাপ ফুল ৰাখক।ইয়াৰ সুগন্ধিয়ে আপোনাৰ সমস্যা দূৰ কৰিব পাৰে।

চকুৰ পতা ফুলা আঁতৰাব – চকুৰ পতা ফুলা গোলাপৰ পাহিৰে আঁতৰাব পাৰি। ইয়াৰ বাবে গোলাপ ফুল পিহি চকুৰ পতাত লগাব লাগে। এনে কৰিলে চকুৰ পতা ফুলাখিনি আঁতৰি যাব আৰু চকুৰ গধুৰতাও আঁতৰি যাব।ছালৰ বাবে উপকাৰী- গোলাপৰ এন্টি-বেক্টেৰিয়েল আৰু ফাইটোকেমিকেল গুণ আছে যিয়ে ব্ৰণ কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই ছালৰ ৰং উন্নত কৰাত সহায় কৰে।

দৰা সাজত কৰণ কুণ্ড্ৰা ! অনুৰাগীয়ে ক’লে- ‘বিয়াৰ বাবে প্ৰস্তুতি নেকি’…

প্ৰেমিকা তেজস্বী প্ৰকাশৰ সৈতে বিবাহৰ খবৰৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে টিভি অভিনেতা কৰণ কুন্দ্ৰাৰ ছবি। টিভিৰ অন্যতম প্ৰিয় দম্পতী কৰণ কুণ্ড্ৰা আৰু তেজস্বী প্ৰকাশৰ বহু অনুৰাগী আছে। সেইবাবেই তেওঁলোকৰ সম্পৰ্কক প্ৰায়ে শিৰোনামত থাকে। শেহতীয়াকৈ কৰণে তেজস্বীক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু এতিয়া অভিনেতাজনো দৰা হৈ পৰিছে। তেওঁৰ শেহতীয়া ছবিৰে অনুৰাগীৰ মাজত আৰম্ভ হৈছে তেওঁৰ বিবাহৰ আলোচনা।


আচলতে তেওঁৰ বিয়াৰ খবৰৰ মাজতে দৰাৰ সাজত কৰণ কুণ্ড্ৰাক দেখি তেজ-কৰণৰ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছিল। ছ’চিয়েল মিডিয়াত কৰণৰ দৰাৰ ৰূপৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কৰণ কুন্দ্ৰাৰ দৰাৰ সাজত দেখি অনুৰাগীৰ প্ৰতিক্ৰিয়া-

আপুনি ভাবিছে চাগে কৰণ কুন্দ্ৰাৰ সঁচাকৈয়ে বিয়া হ’ব, তেন্তে আপুনি আৰু অলপ অপেক্ষা কৰিব লাগিব, কাৰণ এই ছবিবোৰ তেওঁৰ প্ৰকৃত বিয়াৰ নহয়, ফটোশ্বুটৰহে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “পৃথিৱীৰ আটাইতকৈ হট দৰা, ক’ৰবাত মাৰ্চ মাহৰ বিয়াৰ বাবে প্ৰস্তুতি চলিছে নেকি।” এজনে ক’লে, “ষ্টানিং ব্রাইডাল লেহেংগাত ৰেডি আৰু কৰণো ৰেডি।” একেদৰে অনুৰাগীয়ে তীব্ৰ প্ৰশংসা কৰিছে কৰণক।কৰণ কুন্দ্ৰা-তেজস্বী প্ৰকাশৰ বিয়াৰ পৰিকল্পনাৰ বিষয়েৰে জানক-

শেহতীয়াকৈ কৰণ কুণ্ড্ৰাই ৰেডিঅ’ চিটিৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰকাশ কৰিছে যে তেওঁ চলিত বৰ্ষৰ মাৰ্চ মাহত তেজশ্বীক বিয়া কৰোৱাৰ পৰিকল্পনা কৰিছে। ‘ইছক মেইন ঘয়াল’ৰ খ্যাতিসম্পন্ন অভিনেতাগৰাকীয়ে কৈছিল যে, “মই মাৰ্চ মাহত বিয়া কৰাবলৈ সাজু হৈছো।” কৰণে লগতে কয় যে ‘বিগ বছ ১৫’ৰ পিছত তেওঁ পৰিয়ালৰ পৰা বিয়াৰ অনুমোদন পাইছিল, কিন্তু তেজস্বীয়ে ‘নাগিন ৬’ত চহী কৰিছিল। কৰণে আৰু কয়, “তাইৰ নাগিনে শেষৰ নাম লোৱা নাই, ইমান সফল ছিজন দিয়াৰ কি প্ৰয়োজন আছিল।

পৰিৱৰ্তিত বতৰত মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পাইছে! মাইগ্ৰেইনৰ ঘৰুৱা প্ৰতিকাৰৰ কিছুমান উপায়ৰ বিষয়ে জানক…

মাইগ্ৰেইন হৈছে মগজুৰ প্ৰধান সমস্যা। আজিৰ জীৱনশৈলীত এই সমস্যা অধিক ভয়াৱহ হৈ পৰিছে। ইয়াৰ পৰা হাত সাৰিবলৈ কিছুমান টিপছ গ্ৰহণ কৰিব পাৰি। যদি এই সমস্যা বাঢ়িছে তেন্তে তাৎক্ষণিক চিকিৎসা কৰিব লাগে।মাইগ্ৰেইনক মগজুৰ এক গুৰুতৰ সমস্যা বুলি গণ্য কৰা হয়। এই ৰোগত মূৰৰ আধা অংশ বিষ হয়। ঋতু পৰিবৰ্তনৰ লগে লগে এই ৰোগে দ্ৰুত আমনি কৰে। মানসিক চাপ বৃদ্ধি, অতিৰিক্ত পোহৰৰ দৰে বহুতো ডাঙৰ কাৰক, য’ত এই ৰোগ এটা ডাঙৰ সমস্যা হৈ পৰে। দিনত তেওঁৰ কোনো কাম কৰিবলৈ মন নাযায় আৰু ৰাতি মূৰৰ বিষৰ বাবে টোপনি নাহে। আজি আমি এনে ১০ টা প্ৰতিকাৰৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম, যাৰ সহায়ত সকাহ পাব পাৰি।

১/ ডালচেনিৰ পেষ্ট
ডালচেনি হৈছে শাক-পাচলিত ব্যৱহাৰ কৰা প্ৰধান মছলা। কিন্তু আপুনি জানেনে যে ডালচেনি ব্যৱহাৰ কৰিলে মাইগ্ৰেইনৰ পৰা সকাহ পোৱা যায়। বিশেষজ্ঞসকলে কয় যে ডালচেনিৰ পেষ্ট বনাই আধা ঘণ্টা ধৰি ৰাখক। ইয়াৰ ফলত মাইগ্ৰেইনৰ বিষত উপশম পোৱা যায়।

২) আদা খাবলৈ চেষ্টা কৰক
আদা এন্টিবায়টিক, প্ৰদাহ নিবাৰণকাৰী গুণ থকা এবিধ উদ্ভিদ। বহু ৰোগত ই উপযোগী। মাইগ্ৰেইনত ইফেক্টৰ হিচাপেও কাম কৰে। যেতিয়াই মাইগ্ৰেইনৰ দৰে সমস্যা দেখা পায়, লগে লগে আদা এটুকুৰা দাঁতত হেঁচা মাৰি ধৰি চুহি থাকিব। ইয়াৰ বাবে বিষ কমিবলৈ আৰম্ভ কৰে। এক গৱেষণাৰ জৰিয়তেও এই কথা নিশ্চিত কৰা হৈছে।

৩/ মানসিক চাপ ব্যৱস্থাপনাও ইয়াৰ সমাধান
যদি ষ্ট্ৰেছ মেনেজমেণ্ট সঠিকভাৱে কৰা নহয় তেন্তে ই মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি কৰিব পাৰে। যদি আপুনি বিশেষজ্ঞৰ তত্বাৱধানত কৰি আছে, তেন্তে ইয়াৰ পৰা আপুনি বহুত সকাহ পাব পাৰে। যোগাসন, ধ্যান বা গভীৰ উশাহ-নিশাহৰ ব্যায়াম কৰিলে মাইগ্ৰেইনত কিছু সকাহ পোৱা যায়।

৪) ৰ’দত ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে
প্ৰবল সূৰ্যৰ পোহৰে মাইগ্ৰেইন বৃদ্ধিৰ কাম কৰে। উজ্জ্বল পোহৰে একেলগে চকুত প্ৰভাৱ পেলায়। ইয়াৰ ফলত তীব্ৰ মূৰৰ বিষ হয়। ই মাইগ্ৰেইন অধিক বৃদ্ধি কৰিব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত সকাহ পোৱা যায়।

৫/ বতৰৰ পৰিৱৰ্তনৰ ওপৰত চকু ৰাখিব
ঋতু সলনিৰ লগে লগে মাইগ্ৰেইনৰ প্ৰভাৱ অধিক হয়। যিহেতু এই সময়ত শীতকাল কমি আহিছে আৰু গৰম বাঢ়িছে, গতিকে সাৱধান হোৱাৰ প্ৰয়োজন আছে। যদি মূৰত বিষ অনুভৱ কৰি আছে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰক।

৬) অধিক পানী খোৱাটোও উপকাৰী
ডিহাইড্ৰেচন মূৰৰ বিষৰ সমস্যাত পৰিণত হ’ব পাৰে। যদি আপুনি ইয়াৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। চিকিৎসকে কয় যে যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ পানী নাখায় তেন্তে ইয়াৰ ফলত মূৰৰ বিষ হ’ব পাৰে। খিংখিঙীয়াতা স্বভাৱৰ হৈ যাব পাৰে। ইয়াৰ লগতে মাইগ্ৰেইনৰ সমস্যাও আৰু বাঢ়ি যায়। খোৱাপানীয়ে মাইগ্ৰেইনত সকাহ দিব পাৰে।

৭) মেগনেছিয়ামৰ অভাৱৰ পৰা আঁতৰি থাকিব লাগে
তেজৰ চুগাৰৰ মাত্ৰা আৰু স্নায়ুতন্ত্ৰ উন্নত কৰাৰ বাবে মেগনেছিয়াম অতি প্ৰয়োজনীয়। মগজুৰ বাবে ই এক অপৰিহাৰ্য উপাদান। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি অৱ ইনফৰ্মেচনৰ নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি মেগনেছিয়ামৰ অভাৱত মাইগ্ৰেইনৰ সমস্যা হ’ব পাৰে।

৮) মদ্যপান কমাব
এক অধ্যয়নত প্ৰকাশ পাইছে যে যিসকল লোকে মদ্যপান কৰে… ইয়াৰে এক তৃতীয়াংশত মূৰৰ বিষৰ সমস্যা দেখা যায়। অত্যধিক মদ্যপান কৰিলে মগজুত প্ৰদাহ হয়। কিছুমান স্নায়ুকোষীয় পথ সক্ৰিয় হৈ পৰে। ইয়াৰ ফলত ৰক্তবাহী নলী বহল হ’ব পাৰে।

৯/ এটা Sleep Prop লওক
নেচনেল লাইব্ৰেৰী অৱ মেডিচিনত টোপনিৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। ইয়াত কোৱা হৈছিল যে যিসকল লোকে ভালদৰে টোপনি নাহে বা কম টোপনি যাব পাৰে। তেওঁলোকে অধিক মূৰৰ বিষৰ সমস্যা দেখা পায়। এইটোৱেই হৈছে মূৰৰ বিষ বৃদ্ধি কৰা অন্যতম কাৰক।

১০) হিষ্টামিন নিয়ন্ত্ৰণ
মাইগ্ৰেইন কমোৱাতো হিষ্টামিনৰ ডাঙৰ ভূমিকা আছে। আচলতে ই এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ পৰিৱৰ্তনে মাইগ্ৰেইন আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা, হজম শক্তি আৰু স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে।

২৫ এপ্ৰিলৰ পৰা কেদাৰনাথৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰা হ’ব…

ভক্ত সকলৰ বাবে সুখবৰ। ২৫ এপ্ৰিলৰ পৰা ভক্তৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হ’ব। এনে সময়ত যদি কেদাৰনাথ ভ্ৰমণ কৰিব বিচাৰে নেকি।আপোনালোকক জনাওঁ যে এই দুৱাৰবোৰ পুৱা ৬.২০ বজাত খোল খাব। ইয়াৰ উপৰিও বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে। ২০২২ চনৰ ১৯ ​​নৱেম্বৰত বদ্ৰীনাথৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। তেতিয়াৰ পৰাই চৰ ধম যাত্ৰাৰ অন্ত পৰিল। এনে পৰিস্থিতিত ভক্তসকলে এতিয়া পুনৰ কেদাৰনাথ আৰু বদ্ৰীনাথ ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে-

যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ’ব-

অহা ২৫ এপ্ৰিলত ভক্তসকলৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হ’ব। ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত ভৈৰৱনাথ জীৰ পূজা কৰা হ’ব। ইয়াৰ পিছত ২১ এপ্ৰিলত কেদাৰনাথ জীৰ পঞ্চমুখী ডোলিয়ে কেদাৰনাথ ধামলৈ ৰাওনা হ’ব পাৰিব। প্ৰথমে ২২ এপ্ৰিলত গংগোত্ৰী আৰু যমুনোত্ৰীৰ দুৱাৰ মুকলি কৰা হ’ব। কেদাৰনাথৰ পিছত ২০২৩ চনৰ ২৭ এপ্ৰিলত পুৱা ৭.১০ বজাত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি হ’ব। ইয়াৰ পূৰ্বে ১২ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব গাডু গাড়াৰ কলাশ যাত্ৰা। আপোনালোকক জনাওঁ যে মহাশিৱৰাত্ৰি উপলক্ষে পুৱা ৪ বজাত ওমকাৰেশ্বৰ মন্দিৰত মহাভিষেক পূজা কৰা হয়। বৰ্তমান কেদাৰনাথ বৰফৰ চাদৰেৰে আবৃত।

গুৱাহাটীত ভয়ংকৰ ঘটনা! শাহু-স্বামীক হত্যা কৰি টুকুৰা টকুৰকৈ কাটি ফ্ৰীজত ভৰাই থলে বোৱাৰীয়েকে…

গুৱাহাটীত ভয়ংকৰ ঘটনা! শাহু-স্বামীক হত্যা কৰি টুকুৰা টকুৰকৈ কাটি ফ্ৰীজত ভৰাই থলে বোৱাৰীয়েকে। প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাৰ। পৰকীয়া প্ৰেমৰ বাবে এই নৃশংস হত্যাকাণ্ড কৰাৰ অভিযোগ ৱোৱাৰীৰ ওপৰত।

আনহাতে ২০২২ চনৰ আগষ্ট মাহত মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত বোৱাৰীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ।আৰক্ষী নামি পৰিছিল তদন্তত!কিন্তু কিছুদিন পূৰ্বে পুনৰ এখন বোৱাৰীগৰাকীয়ে এজাহাৰ দাখিল কৰে শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি।আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল শাহুৱেকৰ একাউণ্টৰ পৰা ধন উলিয়াইছিল এজাহাৰকাৰী বোৱাৰীগৰাকীয়ে । লগে লগে আৰক্ষীয়ে বন্দনা কলিতাক আটক কৰি জেৰা আৰম্ভ কৰে। সেই জেৰাত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা।

বোৱাৰীগৰাকীৰ নাম বন্দনা কলিতা। স্বামীৰ নাম অমৰজ্যোতি দে’ আৰু শাহুৰ নাম শংকৰী দে’।

ডিজিটেল যুগত ডিজিটেল পদ্ধতিৰে তীৰ খেল অব্যাহত

চাপৰত মবাইলত তীৰ খেলৰ টিকট বিক্ৰী কৰি থকাৰ সময়তে এজনক হাতে লোটে আটক কৰে আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ পমখেদি চাপৰ বজাৰত অভিযান চলাই তীৰৰ বুকি এজন আটক কৰে।

তীৰৰ বুকিজনৰ পৰা মবাইল সহ Whatss Appত বিক্ৰী কৰা তীৰৰ টিকট জব্দ কৰে৷

আটোকাধীন বুকি জন চাপৰ ৰৌমাৰীৰ সাহিদুল হক বুলি জানিব পৰা গৈছে।

এতিয়া প্ৰশ্ন হয় তীৰ খেলৰ মালিকসকল কেতিয়া আৰক্ষীৰ হাতত পৰিব সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয়।

“ঈশ্বৰে ভাৰতৰ মংগল কৰক” ভাৰতক আশীৰ্বাদেৰে ওপচাই দিলে তুৰস্কবাসীয়ে

কথাতে আছে বিপদৰ বন্ধুহে আচল বন্ধু। এলানি ভূমিকম্পই ধ্বংসস্তুপত পৰিণত কৰা তুৰস্ক আৰু চিৰিয়াক সহায় কৰিবলৈ ভাৰতে “অপাৰেচন ডষ্ট” নামৰ অভিযান আৰম্ভ কৰিছিল। ‘অপাৰেচন ডষ্ট’ৰ অধীনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভূমিকম্পপীড়িত তুৰ্কী আৰু চিৰিয়ালৈ জীৱন ৰক্ষাকাৰী মানৱীয় চিকিৎসা সহায় আগবঢ়াইছিল। ভাৰতীয় উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাতে ভূমিকম্প বিধ্বস্ত তুৰস্কৰ বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে।

সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) এটা দলে ৬ আৰু ৮ বছৰ বয়সৰ দুগৰাকী ছোৱালীক ধ্বংসাৱশেষৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনাৰ লগতে বহুজনক ধ্বংসস্তুপৰ মাজৰ পৰা উদ্ধাৰ কৰিছে। ভাৰতে দেশৰ উদ্ধাৰ অভিযানত সহায় কৰিবলৈ চাৰিখন চি-১৭ গ্লোবমাষ্টাৰ সামৰিক কাৰ্গো বিমানত তুৰ্কীলৈ সাহায্য সামগ্ৰী, এখন ভ্ৰাম্যমাণ চিকিৎসালয় আৰু বিশেষ অনুসন্ধান আৰু উদ্ধাৰকাৰী কৰ্মী প্ৰেৰণ কৰিছিল। ভাৰতে আন এখন বিমানৰ জৰিয়তে তুৰ্কীলৈ মানৱীয় সামগ্ৰীও প্ৰেৰণ কৰিছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, জীৱন ৰক্ষাকাৰী ঔষধ, সুৰক্ষা মূলক সামগ্ৰী, আৰু ৭ কোটি টকাৰ অধিক মূল্যৰ গুৰুত্বপূৰ্ণ সঁজুলিসহ জৰুৰীকালীন সাহায্য সামগ্ৰী তৎক্ষণাৎ তুৰস্ক আৰু চিৰিয়ালৈ প্ৰেৰণ কৰা হৈছিল।

সামগ্ৰীৰ ভিতৰত ৫,৯৪৫ টন জৰুৰীকালীন সাহায্য সামগ্ৰী আছিল, যাৰ ভিতৰত আছিল ২৭ বিধ জীৱন ৰক্ষাকাৰী ঔষধ, দুই প্ৰকাৰৰ সুৰক্ষা সামগ্ৰী, আৰু তিনিটা শ্ৰেণীৰ গুৰুত্বপূৰ্ণ যত্ন সঁজুলি, যাৰ মূল্য প্ৰায় ২ কোটি টকা। চিৰিয়াৰ বাবে ভাৰতে ৭২ বিধ গুৰুত্বপূৰ্ণ ঔষধ, ব্যৱহাৰযোগ্য সামগ্ৰী আৰু ৭.৩ টন সুৰক্ষা সামগ্ৰী প্ৰেৰণ কৰিছিল, যাৰ মূল্য আছিল ১.৪ কোটি টকা।

তুৰস্ক আৰি ছিৰিয়াক শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছতে ভাৰতে তুৰস্ক আৰু ছিৰিয়ালৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰতে ভূমিকম্পপীড়িত অঞ্চলসমূহলৈ তিনিটা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) দল প্ৰেৰণ কৰিছিল। ভাৰতে ‘অপাৰেচন ডোষ্ট’ৰ অধীনত তুৰস্ক আৰু ছিৰিয়ালৈ উদ্ধাৰকাৰীৰ দল, এখন ভ্ৰাম্যমাণ চিকিৎসালয়,ঔষধ আৰু সঁজুলি প্ৰেৰণ কৰিছিল।তদুপৰি, ভাৰতীয় বায়ু সেনাৰ চাৰিখন বিমানে ৩০ খন বিচনাযুক্ত চিকিৎসা সুবিধাৰ থকা এখন ক্ষেত্ৰ চিকিৎসালয় কঢ়িয়াই নিয়াৰ লগতে চিকিৎসা বিশেষজ্ঞও তুৰস্কলৈ প্ৰেৰণ কৰা হৈছিল।

৬ টনতকৈও অধিক জৰুৰীকালীন সাহায্য ছিৰিয়াত উপস্থিত হৈছিল আৰু স্থানীয় প্ৰশাসন তথা পৰিৱেশ উপমন্ত্ৰী মৌটাজ ডুৱাজীয়ে দামাস্কাছ বিমানবন্দৰত সেইবোৰ গ্ৰহণ কৰিছিল।এই জৰুৰীকালীন সাহায্যত তিনি ট্ৰাক ভৰ্তি সুৰক্ষা সঁজুলি, জৰুৰীকালীন ব্যৱহাৰৰ বাবে ঔষধ, ইচিজি যন্ত্ৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰী অন্তৰ্ভুক্ত আছিল।

এনডিআৰএফৰ দলবোৰে তুৰস্কৰ ভূমিকম্পৰ কেন্দ্ৰস্থল গাজিয়ানটেপত উপস্থিত হৈ আৰু অনুসন্ধান তথা উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল।

ভাৰতীয়দল কেইটাই ডিজেল, সৌৰ চাকি আৰু খাবলৈ ৰেডিমেড আহাৰো লৈ গৈছে। লগতে আছে বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দল আছিল।


ভাৰতীয় সেনাৰ যিটো বাহিনীয়ে ১৯৫০ চনৰ কোৰিয়ান যুদ্ধত আহত সৈনিকৰ বাবে সেৱা আগবঢ়াইছিল সেই দলটোকেই তুৰস্কলৈ সেৱা আগবঢ়াবলৈ পঠিওৱা হৈছিল৷ ভাৰতীয় সেনাৰ ৬০ পেৰা ফিল্ড চিকিৎসা দলটোৱে তুৰস্ক আৰু চিৰিয়াৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰ কৰাৰ লগতে নিস্বাৰ্থ সেৱাৰ আগবঢ়াই সমগ্ৰ বিশ্বৰ পৰা প্ৰশংসা লাভ কৰিছে৷ চিকিৎসা গোটটোৱে ইয়াৰ পূৰ্বেও চৰ্চাত লাভ কৰিছিল৷ বহুতে মৰমতে ‘এঞ্জেলছ ইন মেৰুন বেৰেট’ বুলি কোৱা, ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স গোটে ১৯৫০ আৰু ১৯৫৪ চনৰ ভিতৰত ২০০,০০০ ৰো অধিক লোকৰ চিকিৎসা কৰিছে। কোৰিয়ান যুদ্ধৰ সময়ত (১৯৫০-৫৩) ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱসমূহ সমৰ্থন কৰিছিল আৰু লেফটেনেণ্ট কৰ্ণেল এজি ৰংৰাজৰ নেতৃত্বতত ৬০ পেৰাচুট ফিল্ড এম্বুলেন্স সেনা চিকিৎসা গোট মোতায়েন কৰিছিল ।

গোটটোৱে ১৯৫০ চনৰ ২০ নৱেম্বৰত পুচানত অৱতৰণ কৰিছিল আৰু প্ৰথমতে ২৯ নৱেম্বৰত পিয়ংইয়ংত নিয়োজিত কৰা হৈছিল৷ সেনাৰ চিকিৎসা গোটটোৱে এইবাৰ তুৰস্ক আৰু চিৰিয়াত সেৱা আগবঢ়াবলৈ গৈছিল৷ ‘অপাৰেচন ডোষ্ট’ৰ অধীনত ভাৰতে উদ্ধাৰকাৰী কৰ্মীসহ দৰব-পাতিৰে বিমান তুৰস্কলৈ প্ৰেৰণ কৰিছিল৷ ভূমিকম্প প্ৰভাৱিত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে তুৰস্কৰ হাতাইত স্থাপন কৰা ভাৰতীয় সেনাৰ চিকিৎসালয়খনে বহু আহত লোকক নৱ জীৱন দিবলৈ সক্ষম হৈছে৷ তুৰ্কীৰ হাতয়ৰ ইচকেন্দেৰুনত থকা সেনা ক্ষেত্ৰ চিকিৎসালয়খনে চিকিৎসা, অস্ত্ৰোপচাৰ আৰু জৰুৰীকালীন ৱাৰ্ড চলাই গৈছিল৷ ভাৰতৰ এনে বদ্যন্যতাৰ বাবেই এতিয়া বিপদৰ মাজত থাকিও তুৰস্ক বাসীয়ে ভাৰতক আশীৰ্বাদ দিছে।

ধেমাজিৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্তৰংগ আলাপ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ধেমাজি বাণিজ্য মহাবিদ্যালয় প্রেক্ষাগৃহত ধেমাজি বাণিজ্য মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, ধেমাজি বালিকা মহাবিদ্যালয়, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় আৰু মত বিনিময় কৰি তেওঁলোকক উদ্বুদ্ধ কৰে। ছাত্র-ছাত্রীসকলে সোধা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে সোণোৱালে।


তেখেতে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয়, “যুৱশক্তি হৈছে মহাশক্তি আৰু দেশৰ এক অন্যতম চালিকাশক্তি। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগন্তুক অমৃতকাল অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ যি দৃঢ় সংকল্প লৈছে, সেই দিশত যুৱশক্তিৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ। সেয়েহে আজিৰ এই অন্তৰংগ আলাপ অনুষ্ঠানৰ জৰিয়তে চেনেহৰ যুৱ শিক্ষার্থী সমাজক মই আহ্বান জনাইছোঁ যাতে সমাজ তথা দেশৰ বাবে অনাগত দিনত তেওঁলোকে জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হৈ উঠে।”


“মাননীয় মোদী ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ ৰূপান্তৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটোক দেশৰ বিকাশৰ নতুন ইঞ্জিনৰূপে আগুৱাই নিব বিচাৰিছে। বিগত বছৰকেইটিৰ তেখেতৰ কাম- কাজ আৰু দূৰদৰ্শী নেতৃত্বত সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে৷ ২০১৪ চনত যেতিয়া মই সাংসদ হৈছিলোঁ তেতিয়া জোনাইলৈ এখনো ৰে’লৰ ব্যৱস্থা নাছিল, লগতে ব্ৰডগজো নিৰ্মাণ হোৱা নাছিল। কিন্তু আজিৰ তাৰিখত জোনাই, ধেমাজি সংযোগী হোৱাকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে চলা বহুকেইখন ৰে’লৰ ব্যৱস্থা হ’ল। সকলো দিশতে এইধৰণৰ আমূল পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে মোদী ডাঙৰীয়াৰ সদিচ্ছা, সমৰ্পণ আৰু সবল নেতৃত্বৰ বাবেহে। সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক এতিয়া পথ পৰিবহণ, বিমান, ৰে’লৱে, জলপথ, তথ্য-প্রযুক্তি আদি বিভিন্ন অত্যাধুনিক নেটৱ’ৰ্কেৰে সুসজ্জিত কৰা হৈছে। আমাৰ চৰকাৰৰ দিনতেই ডিব্ৰুগড়-ধেমাজি সংযোগী বগীবিল দলঙৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰা হ’ল। মোদী ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি-সম্ভাৱনাক প্ৰকৃতাৰ্থত হৃদয়ংগম কৰি উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যি ২০১৪ চনৰ পূৰ্বে আমাৰ বাবে অকল্পনীয় আছিল। এতিয়া আমি অৰ্থনৈতিকভাৱে সবল হোৱাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছোঁ। এসময়ত আমাক ৰাজত্ব কৰা ব্ৰিটিছসকলক পিছপেলাই মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে ভাৰতবৰ্ষই এতিয়া বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে। এতিয়া ভাৰত মহাশক্তিধৰ ৰাষ্ট্ৰ হিচাপে জিলিকি উঠিব ধৰিছে । ভাৰতৰ প্ৰতিটো খোজলৈ বিশ্ববাসীয়ে বহু প্রতীক্ষাৰে বাট চাই থাকে। ভাৰতে ক্ৰমান্বয়ে বিশ্বক নেতৃত্ব দিয়াৰ শক্তি বুটলিব ধৰিছে। শেহতীয়াকৈ জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ সভাপতিত্বৰ দায়িত্বই ভাৰতৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছে। এই জি-২০ৰ বৈঠক অসমতো অনুষ্ঠিত হৈছে, যিয়ে বহু সম্ভাৱনাৰ দিশ মুকলি কৰিব। সেয়েহে দেশৰ ৰূপান্তৰৰ এই শক্তিশালী যাত্ৰাত সক্রিয় ভূমিকা পালন কৰিবলৈ যুৱচামক মই আন্তৰিকতাৰে আহ্বান জনালোঁ।”

সোণোৱালে লগতে কয়, “শিক্ষাই আমাৰ চকু মুকলি কৰি জ্ঞানৰ পোহৰেৰে আলোকিত কৰে। সেয়েহে শিক্ষা জীৱনৰ সঠিক মূল্যায়ন কৰি শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু গভীৰ অধ্যয়নেৰে জীৱন সজাই তুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনালোঁ। ছাত্র- ছাত্রীসকলে সকলো প্ৰত্যাহ্বান নেওচি জীৱনপথত আগুৱাই যাব লাগিব আৰু মহান মনীষীসকলৰ আদৰ্শ অনুকৰণ কৰি নিজৰ জীৱনক গতিশীল কৰি তুলিব লাগিব।”


সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ভাৰতবৰ্ষৰ বুকুত প্রায় ৪০০ মান নদী আছে। অসম তথা উত্তৰ-পূবতো জলৰাশিৰ যথেষ্ট শক্তি-সম্ভাৱনা মজুত আছে। মানুহৰ সভ্যতা-সংস্কৃতি মূলতঃ নদীৰ পাৰ অথবা সাগৰীয় উপকূলক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছিল। প্রধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেয়েহে আমাৰ দেশৰ জলৰাশিৰ শক্তি-সম্ভাৱনাক উন্নয়নৰ নৱজাগৰণলৈ ৰূপান্তৰিত কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। তেখেতৰ মাৰ্গদৰ্শনমৰ্মে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে এই দিশত কেতবোৰ গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। ব্ৰিটিছ যুগত ব্ৰহ্মপুত্ৰয়েদি বেপাৰ-বাণিজ্য আৰু আমদানি-ৰপ্তানিৰ ঐতিহাসিক পটভূমি আছিল। কিন্তু স্বাধীনতাৰ পৰৱৰ্তীকালত জলপথেৰে অৰ্থনৈতিক উন্নয়নৰ দিশটো স্তিমিত হৈ পৰিছিল। মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবে এতিয়া গংগাৰপৰা ভাৰত- বাংলাদেশ প্ৰট’কল ৰুট হৈ ব্ৰহ্মপুত্ৰ সংযোগী এই বিশাল জলপথছোৱা উন্মুক্ত হোৱাৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ বুকুতো প্ৰগতি আৰু পৰ্যটনৰ নতুন দিগন্তৰ সূচনা হৈছে। দেশৰ জলপথসমূহ পুনৰুজ্জীৱিতকৰণত আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ ফলত ধেমাজিত উৎপাদিত থলুৱা সা-সামগ্রীও এতিয়া ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যোৱাৰ সুযোগ প্রশস্ত হৈছে। শেহতীয়াকৈ পৃথিৱীৰ দীৰ্ঘতম নদী ক্রুজ জাহাজ সেৱা গংগা বিলাসৰ সফল যাত্ৰাই এক নতুন দিগন্তৰ আভাস দিছে। বাৰাণসীৰপৰা যাত্ৰা কৰা গংগা বিলাসে ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে, যাৰদ্বাৰা বিশ্বৰ নদী পৰ্যটনৰ মানচিত্ৰত অসমৰ গুৰুত্বও বৃদ্ধি পাইছে।”


তদুপৰি, আয়ুষৰ গুৰুত্ব বৃদ্ধি সন্দৰ্ভতো সোণোৱালে কয়, “ভাৰতৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ এক সোণালী ইতিহাস আছে। সেয়েহে আয়ুষৰ সম্প্ৰসাৰণত যথেষ্ট গুৰুত্ব দিছে মোদী ডাঙৰীয়াই। তেখেতৰ সবল নেতৃত্বৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথমটো গোলকীয় পৰম্পৰাগত ঔষধি কেন্দ্ৰ ভাৰতত স্থাপিত হৈছে। এতিয়া ভাৰতৰ পৰম্পৰাগত ঔষধৰ চাহিদা আৰু জনপ্ৰিয়তা বিশ্বজুৰি বৃদ্ধি হৈছে। ভাৰতৰ আয়ুষ সামগ্ৰীয়ে বিশ্বজুৰি কেইবা বিলিয়ন ডলাৰ মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ উপৰি আমাৰ পৰম্পৰাগত ঐতিহ্য-পৰম্পৰাৰ প্ৰতি দায়বদ্ধ হ’বলৈ নতুন প্ৰজন্মক মই আহ্বান জনাইছোঁ। তদুপৰি, সুস্থ- সবল জীৱনৰ বাবে যোগক অভিন্ন অংগ কৰি ল’বলৈও সকলোকে আহ্বান জনালোঁ”।

আজিৰ অনুষ্ঠানত মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল প্ৰমুখ্যে জিলা উপায়ুক্ত আৰু মহাবিদ্যালয়কেইখনৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

এইবেলি বিহুত মৈত্ৰেয়ী পাটৰৰ প্ৰথমটো সমসাময়িক বিহুগীত ‘লাহৈ লালুঙনী’ৰ আমেজ ল’বলৈ সাজু হওক

জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ তথা কবি মৈত্ৰেয়ী পাটৰে আজি ভৈয়ামৰ তিৱাসকলৰ পৰম্পৰাগত সোৱাদ-মিশ্ৰিত আৰু অসমীয়া ভাষাত পৰিবেশিত তেওঁৰ শেহতীয়া একক কণ্ঠৰ বিহুগীত ‘লাহৈ লালুঙনী’ মুক্তিৰ কথা ঘোষণা কৰে। ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে বিশ্বজুৰি সকলো ডিজিটেল অডিঅ’ প্লেটফৰ্মত মুক্তি লাভ কৰা গীতটিৰ লগত সংলগ্ন মিউজিক ভিডিঅ’টো ‘Maitrayee Patar Official’ ইউটিউব চেনেলত একচেটিয়াভাৱে উপলব্ধ কৰা হয়।

‘লাহৈ লালুঙনী’ গীতটিৰ সৈতে জড়িত আছে অসমৰ সংগীত জগতৰ কেইগৰাকীমান অত্যন্ত প্ৰতিভাশালী ব্যক্তি। এই প্ৰাণোচ্ছল গীতটিক সংগীতেৰে সজাইছে অসমীয়া সংগীত জগতৰ এক অতি জনপ্ৰিয় নাম পৰাণ বৰকটকীয়ে। শব্দ সংমিশ্ৰণ কৰিছে ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শব্দ-অভিযন্তা ইবছন লাল বৰুৱাই।   

প্ৰবীণ তিৱা সংগীতশিল্পী মুংছা দুলেন দেউৰীৰ পৰম্পৰাগত পাৰকাচন বাদ্যযন্ত্ৰ খ্ৰাম বাদনে গীতটোৰ পৰম্পৰাগত শৈলীক অধিক উজ্জ্বীৱিত কৰি তুলিছে। গীতটিৰ পৰম্পৰাগত কথা আৰু সুৰক অধিক প্ৰাণৱন্ত ৰূপত দাঙি ধৰিছে মৈত্ৰেয়ীৰ পিতৃ, বিশিষ্ট শিল্পী আৰু লেখক ৰূপকৃষ্ণ পাটৰে। 

গীতটিৰ মুক্তি সম্পৰ্কে মৈত্ৰেয়ী পাটৰে কয়, – ‘লাহৈ লালুঙনী’ গীতটি মুকলি কৰি মই ব্যক্তিগতভাৱে যথেষ্ট আনন্দিত হৈছোঁ। এই গীতটি মোৰ বাবে বিশেষ এইকাৰণেই যে নিজৰ শিপাক পৃথিৱীৰ সমুখলৈ উলিয়াই অনাৰ এয়া মোৰ প্ৰথম প্ৰয়াস। প্ৰায় ডেৰ বছৰজোৰা পৰিশ্ৰম আৰু আশাশুধীয়া প্ৰচেষ্টাৰ অন্তত গীতটি ৰাইজৰ হাতত তুলি দিবলৈ পাই মই খুব সুখী’৷

“ৰঙালী বিহু প্ৰায় পালেহিয়েই আৰু এইবেলি বিহুৰ সময়তে সকলোৱে আমেজ ল’ব পৰাকৈ তিৱা বিহুৰ সোৱাদ থকা এই বিহুগীতটো সাজু কৰি তুলিছো। সমূহ সংগীতপ্ৰেমী দৰ্শক-শ্ৰোতাৰ মৰম আৰু আদৰ আমাৰ কাম্য”-কণ্ঠশিল্পী তথা গীতিকাগৰাকীয়ে লগতে কয়।

মৈত্ৰেয়ী পাটৰৰ কণ্ঠ তথা কলমত প্ৰাণ পাই উঠা গীতসমূহে ইতিমধ্যে অসমৰ দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ‘ভাটিয়ালি সপোন’, ‘ভালপোৱা’, ‘মৌপিয়া’, ‘বাৰ্তালাপ’, ‘দুৰ সীমনাত’, ‘উন্নাসী’, ‘অজানা’ৰ  দৰে মননশীল গীত লিখি কণ্ঠ দিয়াৰ লগতে ‘অলকানন্দা’, ‘অংকিতা’, ‘বালিমাহী’ আদিৰ দৰে সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় অসমীয়া গীতৰ গীতিকাৰ মৈত্ৰেয়ী পাটৰ।

“লাহৈ লালুঙনী” হৈছে ভৈয়ামৰ তিৱাসকলৰ মাধূৰ্যপূৰ্ণ লোক-সুৰ-বাদ্যৰ আধুনিক আভাস এটা বিশ্ববাসীৰ সমুখত তুলি ধৰাৰ মৈত্ৰেয়ীৰ প্ৰথম প্ৰচেষ্টা, আৰু অদূৰ ভৱিষ্যতে অধিক জনজাতীয় লোকসংগীতৰ সৈতে জড়িত হোৱাৰ পৰিকল্পনা আছে বুলি শিল্পীগৰাকীয়ে জানিবলৈ দিয়ে। 

গীতটোৰ সন্দৰ্ভত শব্দ-অভিযন্তা ইবচন লাল বৰুৱাই কয়, “খ্ৰামৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ব্যৱহাৰে ‘লাহৈ লালুঙনী’ৰ থলুৱা স্বাদটো বৃদ্ধি কৰিছে। কলা আৰু সংস্কৃতিৰ দেশৰূপে জনাজাত অসমৰ যথেষ্টসংখ্যক পৰম্পৰাগত তাল, গীতৰ কথা আৰু বাদ্যযন্ত্ৰ বৰ্তমান সময়ত বিলুপ্তিৰ বাটত। সেয়েহে, সাম্প্ৰতিক কালৰ গতিৰ সৈতে খাপ খোৱাত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যখনৰ সমৃদ্ধ জনজাতীয় ঐতিহ্য সংৰক্ষণ কৰি ৰখাৰ বাবে ‘লাহৈ লালুঙনী’ৰ দৰে গীতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।” 

“লাহৈ লালুঙনী”ৰ মিউজিক ভিডিঅ’টোৰ দৃশ্যগ্ৰহণ মধ্য অসমৰ কেইটামান অতিশয় দৃষ্টিনন্দন আৰু মনোমোহা স্থানত কৰা হৈছে। ৰাষ্ট্ৰীয় বঁটা-বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা সমুজ্জ্বল কাশ্যপৰ দ্বাৰা পৰিচালিত এই ভিডিঅ’টোত তিৱা লোকসংস্কৃতিৰ কিছু অনন্য স্নেপশ্বট দৰ্শকে দেখিবলৈ পাব। গীতটোৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ আৰু ভিডিঅ সম্পাদনা গৌতম মজুমদাৰৰ। অসমৰ এজন সুপৰিচিত সংস্কৃতিপ্ৰেমী ব্যক্তি অভিনৱ মাউতে প্ৰযোজনা কৰা মিউজিক ভিডিঅটো ৰাইজে আকোঁৱালি ল’ব বুলি আশা ব্যক্ত কৰে  দলটোৰ সদস্যসকলে।