Breaking

এইবেলি বিহুত মৈত্ৰেয়ী পাটৰৰ প্ৰথমটো সমসাময়িক বিহুগীত ‘লাহৈ লালুঙনী’ৰ আমেজ ল’বলৈ সাজু হওক

0 95

জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ তথা কবি মৈত্ৰেয়ী পাটৰে আজি ভৈয়ামৰ তিৱাসকলৰ পৰম্পৰাগত সোৱাদ-মিশ্ৰিত আৰু অসমীয়া ভাষাত পৰিবেশিত তেওঁৰ শেহতীয়া একক কণ্ঠৰ বিহুগীত ‘লাহৈ লালুঙনী’ মুক্তিৰ কথা ঘোষণা কৰে। ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে বিশ্বজুৰি সকলো ডিজিটেল অডিঅ’ প্লেটফৰ্মত মুক্তি লাভ কৰা গীতটিৰ লগত সংলগ্ন মিউজিক ভিডিঅ’টো ‘Maitrayee Patar Official’ ইউটিউব চেনেলত একচেটিয়াভাৱে উপলব্ধ কৰা হয়।

‘লাহৈ লালুঙনী’ গীতটিৰ সৈতে জড়িত আছে অসমৰ সংগীত জগতৰ কেইগৰাকীমান অত্যন্ত প্ৰতিভাশালী ব্যক্তি। এই প্ৰাণোচ্ছল গীতটিক সংগীতেৰে সজাইছে অসমীয়া সংগীত জগতৰ এক অতি জনপ্ৰিয় নাম পৰাণ বৰকটকীয়ে। শব্দ সংমিশ্ৰণ কৰিছে ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শব্দ-অভিযন্তা ইবছন লাল বৰুৱাই।   

প্ৰবীণ তিৱা সংগীতশিল্পী মুংছা দুলেন দেউৰীৰ পৰম্পৰাগত পাৰকাচন বাদ্যযন্ত্ৰ খ্ৰাম বাদনে গীতটোৰ পৰম্পৰাগত শৈলীক অধিক উজ্জ্বীৱিত কৰি তুলিছে। গীতটিৰ পৰম্পৰাগত কথা আৰু সুৰক অধিক প্ৰাণৱন্ত ৰূপত দাঙি ধৰিছে মৈত্ৰেয়ীৰ পিতৃ, বিশিষ্ট শিল্পী আৰু লেখক ৰূপকৃষ্ণ পাটৰে। 

গীতটিৰ মুক্তি সম্পৰ্কে মৈত্ৰেয়ী পাটৰে কয়, – ‘লাহৈ লালুঙনী’ গীতটি মুকলি কৰি মই ব্যক্তিগতভাৱে যথেষ্ট আনন্দিত হৈছোঁ। এই গীতটি মোৰ বাবে বিশেষ এইকাৰণেই যে নিজৰ শিপাক পৃথিৱীৰ সমুখলৈ উলিয়াই অনাৰ এয়া মোৰ প্ৰথম প্ৰয়াস। প্ৰায় ডেৰ বছৰজোৰা পৰিশ্ৰম আৰু আশাশুধীয়া প্ৰচেষ্টাৰ অন্তত গীতটি ৰাইজৰ হাতত তুলি দিবলৈ পাই মই খুব সুখী’৷

“ৰঙালী বিহু প্ৰায় পালেহিয়েই আৰু এইবেলি বিহুৰ সময়তে সকলোৱে আমেজ ল’ব পৰাকৈ তিৱা বিহুৰ সোৱাদ থকা এই বিহুগীতটো সাজু কৰি তুলিছো। সমূহ সংগীতপ্ৰেমী দৰ্শক-শ্ৰোতাৰ মৰম আৰু আদৰ আমাৰ কাম্য”-কণ্ঠশিল্পী তথা গীতিকাগৰাকীয়ে লগতে কয়।

মৈত্ৰেয়ী পাটৰৰ কণ্ঠ তথা কলমত প্ৰাণ পাই উঠা গীতসমূহে ইতিমধ্যে অসমৰ দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ‘ভাটিয়ালি সপোন’, ‘ভালপোৱা’, ‘মৌপিয়া’, ‘বাৰ্তালাপ’, ‘দুৰ সীমনাত’, ‘উন্নাসী’, ‘অজানা’ৰ  দৰে মননশীল গীত লিখি কণ্ঠ দিয়াৰ লগতে ‘অলকানন্দা’, ‘অংকিতা’, ‘বালিমাহী’ আদিৰ দৰে সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় অসমীয়া গীতৰ গীতিকাৰ মৈত্ৰেয়ী পাটৰ।

“লাহৈ লালুঙনী” হৈছে ভৈয়ামৰ তিৱাসকলৰ মাধূৰ্যপূৰ্ণ লোক-সুৰ-বাদ্যৰ আধুনিক আভাস এটা বিশ্ববাসীৰ সমুখত তুলি ধৰাৰ মৈত্ৰেয়ীৰ প্ৰথম প্ৰচেষ্টা, আৰু অদূৰ ভৱিষ্যতে অধিক জনজাতীয় লোকসংগীতৰ সৈতে জড়িত হোৱাৰ পৰিকল্পনা আছে বুলি শিল্পীগৰাকীয়ে জানিবলৈ দিয়ে। 

গীতটোৰ সন্দৰ্ভত শব্দ-অভিযন্তা ইবচন লাল বৰুৱাই কয়, “খ্ৰামৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ব্যৱহাৰে ‘লাহৈ লালুঙনী’ৰ থলুৱা স্বাদটো বৃদ্ধি কৰিছে। কলা আৰু সংস্কৃতিৰ দেশৰূপে জনাজাত অসমৰ যথেষ্টসংখ্যক পৰম্পৰাগত তাল, গীতৰ কথা আৰু বাদ্যযন্ত্ৰ বৰ্তমান সময়ত বিলুপ্তিৰ বাটত। সেয়েহে, সাম্প্ৰতিক কালৰ গতিৰ সৈতে খাপ খোৱাত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যখনৰ সমৃদ্ধ জনজাতীয় ঐতিহ্য সংৰক্ষণ কৰি ৰখাৰ বাবে ‘লাহৈ লালুঙনী’ৰ দৰে গীতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।” 

“লাহৈ লালুঙনী”ৰ মিউজিক ভিডিঅ’টোৰ দৃশ্যগ্ৰহণ মধ্য অসমৰ কেইটামান অতিশয় দৃষ্টিনন্দন আৰু মনোমোহা স্থানত কৰা হৈছে। ৰাষ্ট্ৰীয় বঁটা-বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা সমুজ্জ্বল কাশ্যপৰ দ্বাৰা পৰিচালিত এই ভিডিঅ’টোত তিৱা লোকসংস্কৃতিৰ কিছু অনন্য স্নেপশ্বট দৰ্শকে দেখিবলৈ পাব। গীতটোৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ আৰু ভিডিঅ সম্পাদনা গৌতম মজুমদাৰৰ। অসমৰ এজন সুপৰিচিত সংস্কৃতিপ্ৰেমী ব্যক্তি অভিনৱ মাউতে প্ৰযোজনা কৰা মিউজিক ভিডিঅটো ৰাইজে আকোঁৱালি ল’ব বুলি আশা ব্যক্ত কৰে  দলটোৰ সদস্যসকলে।

Leave A Reply