Home Blog Page 1793

লিভিং টুগেদাৰত থকা প্ৰেমিক-প্ৰেমিকাকলৈ কঠোৰ আদালত

প্ৰেমিক- প্ৰেমিকাই পিতৃ-মাতৃক অবজ্ঞা কৰি লিভিং টুগেদাৰ থকা কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰিছে আদালতে।

অত্যাধুনিক মানসিকতাৰ একাংশ যুবক-যুবতীয়ে আজি কালি একেলগে থকা অৰ্থাৎ বিবাহ অবিহনে একেলগে থকাটো এক প্ৰকাৰ ফেশ্বন হৈ পৰিছে।

এনে ঘটনাই কেতিয়াবা ভয়ংকৰ ৰূপ লৈ কোনোবা এগৰাকীয়ে অকাল মৃত্যুক সাবটি লোৱাৰ ঘটনাও সংঘটিত হৈছে৷
কিছুদিন পূৰ্বে শ্ৰদ্ধা নামৰ যুবতী গৰাকীক প্ৰেমিক আফতাবে হত্যা কৰাই নহয় ৩৫ টুকুৰা কৰি কাটি ফ্ৰিজত ভৰাই থৈছিল। দেশ কপাঁই যোৱা ঘটনাৰ পিছতেই কঠোৰ স্হিতি গ্ৰহন কৰিছে আদালতে।

ছট্টিছগড় উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ যোগে পিতৃ-মাতৃক অবজ্ঞা কৰি প্ৰেমিক প্ৰেমিকাই লিভিং টুগেদাৰ হিচাপে থাকে, তেনে যুৱতীয়ে পিতৃ-মাতৃৰ পৰা ধন দাবী কৰিব নোৱাৰিব। আদালতৰ নিৰ্দেশক ইতিমধ্যে সকলোৱে একমুখে আদৰণি জনাইছে।

দৰঙৰ কলাপোটা খেল পথাৰত ফুটবলৰ চুড়ান্ত খেল

দৰঙৰ শান্তিপুখুৰী আঞ্চলিক যুৱমঞ্চৰ উদ্যোগত শ্ৰমিক সংঘৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ফুটবল খেলৰ চুড়ান্ত খেলখন অগনন পুৰুষ, মহিলা ক্ৰীড়ানুৰাগীৰ সমাৱেশেৰে অনুষ্ঠিত হয়।

অধিক দৰ্শনীয় ফাইনেল খেল খনৰ শুভউদ্বোধন কৰে সৰাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী চিণ্টুমণি ডেকাই।

মোক্তাৰ হুছেইন আত ধৰা বটা বিতৰণী অনুষ্ঠানত দৰং জিলা হেণ্ডবল সন্থাৰ সভাপতি ওমৰ ফাৰুক,সৰাবাৰী গাওঁ পঞ্চায়ত প্ৰাঃসভাপতি বাহাৰুল ইছলাম,বিশিষ্ট ব্যৱসায়ী আজিজুৰ ৰহমান, প্ৰাক্তন ছাত্ৰনেতা মঃমজিদুৰ ৰহমান,পঞ্চায়ত সদস্য দেবেন কলিতা,মুন আলিসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে।

অগনন দৰ্শকেৰে পৰিপূৰ্ণ চুড়ান্ত খেলখনত জোনজ্যোতি আঞ্চলিক প্ৰগতি সংঘ,পাথৰিঘাটে মাহাৰা ফুটবল ক্লাৱক ট্ৰাইব্ৰেগাৰত ৫-৩ গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথম পুৰস্কাৰ প্ৰাইজমানি তথা ট্ৰফি আৰু ২য় বিজয়ী মাহাৰা ফুটবল ক্লাৱে প্ৰাইজমানি তথা ট্ৰফি লাভ কৰিবলৈ সক্ষম হয়।

দ্বীপেন ডেকাৰ

নলবাৰীত বিয়া খাবলৈ আহি দূৰ্ঘটনাত পতিত হ’ল মজিব আলী;আৰক্ষীৰ বাহনৰ লগত সংঘটিত হয় দূৰ্ঘটনা!


নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা সোনামতী চ’কত সংঘটিত হয় এক পথ দূৰ্ঘটনা।

আৰক্ষীৰ বাহনৰ লগত মটৰ বাইকৰ সংঘটিত হয় পথ দূৰ্ঘটনাটো ।জানিব পৰা মতে ঘগ্ৰাপাৰ নিবাসী মজিব আলি নামৰ ব্যক্তি জনে কটৰাৰ এখন বিয়ালৈ আহিছিল । AS 01 MB 8356 নং গ্লেমাৰ বাইকৰে সোনামতী চ’কত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লোৱাত নলবাৰী অভিমূখে যোৱা AS 14 C 6624 নং আৰক্ষীৰ বাহনৰ লগত এক দূৰ্ঘটনা সংঘটিত হয় ।

এই দুৰ্ঘটনাত প্ৰায় ৫৫ বছৰীয়া মজিব আলি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় । পিছত ততাতিয়াকৈ লোকজনক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় l
ধ্ৰুব জ্যোতি মালাকাৰ

মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত উত্তপ্ত পৰিস্থিতি;চেইব চব নামৰ কোম্পানী এটাৰ কৰ্মচাৰী সকলৰ সৈতে বাক বিতন্দতা…

মৈৰাবাৰীৰ ৰাজহুৱা পুথিভঁৰালত চেইব চব কোম্পানীৰ কৰ্মচাৰী সকলে আজি কোম্পানীৰটোৰ সন্দৰ্ভত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰে।

কোম্পানীৰটোৰ কোনো বেনাৰ তথা ছাইনবোৰ্ড নথকা সজাগতা সভা খনত মৈৰাবাৰী অঞ্চলৰ প্ৰায়
শতাধিক পুৰুষ- মহিলা, যুৱক-যুৱতিয়ে অংশগ্ৰহণ কৰে যদিও সভা আধা হওঁতে লাগে কেনা।

চেইন চিষ্টেমৰ মাধ্যমৰে কোম্পানীটোৱে উপস্থিত থকা প্ৰতি গৰাকী পুৰুষ-মহিলা তথা যুৱক-যুৱতিৰ পৰা সাত হাজাৰ টকাৰ পৰা পোন্ধৰ হাজাৰ টকা পঞ্জীয়নৰ নামত লোৱাৰ অভিযোগ আনে একাংশই।

বিভিন্ন প্ৰলোভনেৰে ধন সৰকাই লোৱা কোম্পানীৰ এজেণ্টৰ সৈতে ভুক্তভোগীয়ে নিজৰ ধন ওভতাই বিচৰাত এক হুলস্হলীয়া পৰিবেশৰ সৃষ্টি হয়।হুলস্হলীয়া পৰিবেশৰ খবৰ পাই ঘটনাস্হলীলৈ যোৱা সাংবাদিকৰ দল এটাকো অভব্য আচৰণ কৰে কোম্পানীটোৰ কৰ্মচাৰী সকলে।

এতিয়া ৰাইজৰ আশা- কোম্পানীটো ভুৱা নে চৰকাৰী বাবে বৈধ সেয়া প্ৰশাসনে তদন্ত কৰিলেহে ওলাই পৰিব।

বদৰুজ জামান আকতাৰ

নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত কিডনী আৰু ইউৰ’লোজী বিনামূলীয়া চিকিৎসা শিবিৰ

কামৰূপ জিলাৰ সোণাপুৰৰ নিকটৱৰ্তী কমাৰকুছি নাজিৰাখাটত নতুনকৈ মুকলি কৰিবলগীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেছৰ উদ্যোগত তথা  ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেচনৰ সহযোগত  নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত ৰাতিপুৱাৰ ১০ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত শিবিৰত  কিডনী আৰু ইউৰ’লোজী বিভাগৰ প্ৰায় তিনি শতাধিকৰো অধিক ৰোগীৰ   স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়।

নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ সমিটিৰ সহযোগ কৰা চিকিৎসা শিবিৰটোত  ডাঃ অৰূপ কুমাৰ নাথ,ডাঃ দেৱজিৎ বৈশ্য,ডাঃ অনুপ দত্ত বৰুৱা, ডাঃ হৰেন বৰদলৈ,  ডাঃ মস্তাকিম আহমেদ মজুমদাৰ আৰু ডাঃ দুলুমনি কলিতাই চিকিৎসা সেৱা আগবঢ়ায়।

প্ৰতিষ্ঠানখনৰ বিষয়ববীয়া মেৰাজ আহমেদৰ লগতে বিভিন্নজন কৰ্মীৰ পৰিচালনাত অনুষ্ঠিত শিবিৰটো উদ্বোধন কৰে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত গোস্বামীয়েl
ধ্ৰুব জ্যোতি মালাকাৰ

ইউটিউবাৰ আৰমান মালিকৰ দুয়োগৰাকী পত্নী গৰ্ভৱতী ! ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ পিছতে কিয় ট্ৰলৰ সন্মুখীন হ’ল আৰমান মালিক…

ইউটিউবাৰ আৰমান মালিকৰ দুয়োগৰাকী পত্নী গৰ্ভৱতী, ছবি শ্বেয়াৰ কৰাৰ পিছত তেওঁলোক ট্ৰল হৈ পৰিল! দৰাচলতে শেহতীয়াকৈ তেওঁ দুয়োগৰাকী পত্নীৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁলোক গৰ্ভৱতী। নিজৰ দুগৰাকী পত্নীৰ বাবে সমগ্ৰ দেশতে বিখ্যাত Youtuber Armaan Malik। এতিয়া ছ’চিয়েল মিডিয়াতে বহুত ট্ৰ’ল হৈ আছে। ইয়াৰ আঁৰৰ কাৰণো তেওঁলোকৰ পত্নীসকল। আচলতে আৰমান মালিকৰ দুয়োগৰাকী পত্নী গৰ্ভৱতী। এই বিষয়ে তেওঁ নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে তথ্য দিছে। আৰমান মালিকে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত দুয়োগৰাকী পত্নীৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ পিছত মানুহে তেওঁক ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে। আৰমান মালিকে শ্বেয়াৰ কৰা ছবিখনত তেওঁৰ দুয়োগৰাকী পত্নী কৃতিকা মালিক আৰু পায়ল মালিকে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰিছে। এই সময়ত দুয়োগৰাকী মহিলাৰ লগত আছে স্বামী আৰমান মালিক। পুত্ৰৰ ছবিও আছে। ছবিবোৰত আৰ্মানৰ দুয়োগৰাকী পত্নীয়ে বগা আৰু গোলাপী ৰঙৰ ক’অৰ্ডিনেট চেট পিন্ধি ধুনীয়া দেখা গৈছিল, আনহাতে তেওঁক কমলা ৰঙৰ চুৱেটাৰ পিন্ধি দেখা গৈছিল।

ইউটিউবাৰ আৰমান মালিকৰ এই পোষ্টটো নেটিজেনৰ মন্তব্যৰে উপচি পৰিছে, যিয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰি ইয়াক সস্তীয়া আখ্যা দিছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে এইসকল ছোৱালী কোন যিয়ে নিজৰ স্বামীক শ্বেয়াৰ কৰে। আন এজনে ক’লে, বন্ধু এই দুয়ো একেলগে গৰ্ভৱতী!

ছ’চিয়েল মিডিয়াত ১৫ লাখ ফ’ল’ৱাৰ থকা মালিকে ২০১১ চনত প্ৰিয়াক বিয়া কৰাইছিল আৰু তেওঁলোকৰ চিৰায়ু নামৰ এজন পুত্ৰ আছে। ইয়াৰ পিছত ২০১৮ চনত তেওঁ কৃতিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খবৰ অনুসৰি কৃতিকা হৈছে পায়ালৰ বেষ্ট ফ্ৰেণ্ড। তেতিয়াৰ পৰাই পৰিয়ালটোৰ চাৰিওজন সদস্য একেলগে থাকিবলৈ লৈছে। পয়াল আৰু কৃতিকাক প্ৰায়ে ছবিত একেলগে দেখা যায়।

নলবাৰী বালিলেচাত নলবাৰী কৈৱৰ্ত্ত জাতীয় পৰিষদ আৰু ২ নং খাটা বালিলেচা আঞ্চলিক সমিতিৰ সহযোগত অভিনন্দন অনুষ্ঠান- কাৰ্যনিৰ্বাহক সভা


আজি নলবাৰী জিলা কৈৱৰ্ত্ত জাতীয় পৰিষদৰ উদ্যোগত আৰু ২ নং খাতা বালিলেছা আঞ্চলিক সমিতিৰ সহযোগত বালিলেছা কালি মন্দিৰ প্ৰাংগনত এখন অভিন্দন অনুষ্ঠান আৰু কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷

এই অনুষ্ঠানৰ জৰিয়তে  কেউট সম্প্ৰদায়ৰ অন্তৰ্গত তথা বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা শতাধিক কৃতিমান ছাত্ৰ-ছাত্ৰীক একোখন ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷

এই সভাখনত সভাপতিত্ব কৰে নলবাৰী জিলা কৈৱৰ্ত্ত সমিতিৰ সভাপতি কুমুদচন্দ্ৰ দাসে আৰু সভাখনৰ আঁত ধৰে কৈৱৰ্ত্ত জাতীয় পৰিষদ নলবাৰী জিলা সমিতিৰ সাধৰন সম্পাদক কৈলাশ হালৈয়ে ৷
ধ্ৰুব জ্যোতি মালাকাৰ

মৰিয়নিৰ নকছাৰিত ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ আৱণ্টন সন্দৰ্ভত সভা

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলাৰ অন্তৰ্গত পূৱ যোৰহাট আঞ্চলিক সমিতিৰ স্থায়ী কাৰ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক সভাত চাহ খেতিয়কৰ ১২জন খেতিয়কক আবণ্টন পত্ৰ প্ৰদান কৰে।সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , বিধায়ক ৰূপজ্যোতি কুৰ্মি লগতে ৰাজহ চক্ৰ বিষয়া অসীম বৰগোহাঁই উপস্থিত থাকি আবণ্টন বিতৰণ কৰাৰ উপৰও ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আগলৈ কেনেকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ মানদণ্ড বৰ্তাই ৰাখিবৰ কাৰণে লবলগীয়া কৰ্ম আঁচনিৰ কথা কৈ সকলো খেতিয়কৰ মন আপ্লুত কৰে। সেই সভাতেই প্ৰায় ১৫০ খেতিয়কক টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিকৰ তৰফৰ পৰা জৈৱিক চাহ খেতিৰ ওপৰত এক কৰ্মশালাৰ অনুষ্ঠিত কৰা, হয়। টোকোলাই ।চাহ গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিক শ্যামল প্ৰসাদ বৰুৱা,সত্যৰঞ্জন শৰ্মা,ঈশান কুমাৰ ফুকন এই তিনিগৰাকী বৈজ্ঞানিকে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেনেদৰে জৈৱিক চাহ খেতি কৰিব আৰু লাভাম্বিত হব সকলো বিতং ভাবে প্ৰশিক্ষণ আগবঢ়ায় ।ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলাৰ সভাপতি জীৱন শইকীয়া আৰু সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা লগতে বিষয় ববীয়া সকল উপস্থিত থাকে।


সভাখন সভাপতিত্ব কৰে আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ গগৈ ।আঞ্চলিক সমিতিৰ তৰফৰ পৰা ।এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে আঞ্চলিক সমিতিৰ সম্পাদক অচিন্ত্য গগৈ আৰু জিলা সমিতিৰ সাংগঠনিক সম্পাদক ভূপেন গগৈয়ে।


মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

শিৱসাগৰত কা’ক কেন্দ্ৰ কৰি উদযাপন কৰা কলা দিৱসত আৰক্ষীৰ অত্যাচাৰ-প্ৰতিবাদীক শাৰিৰীক ভাৱে অপদস্ত!

কা’ আন্দোলন শেষ হ’ল,ৰাইজে কা’ আদৰি ল’লে বুলি ঢোল পিটি থকা চৰকাৰৰ স্বৰূপ উদঙাই দিলে আজি সদৌ অসম ছাত্ৰ সন্থাই।শিৱসাগৰত কা’ৰ বিৰোধ কৰা এমুঠি ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত জপিয়াই পৰিল আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনী।

কলা দিৱস পালন কৰা ছাত্র সন্থাৰ এমুঠি সদস্যক শাৰিৰীক ভাৱে অপদস্ত কৰে আৰক্ষী-অৰ্দ্ধ সামৰিক বিহিনীয়ে।

২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বক ভাৱে জাপি দিছিল।

সেয়েহে সদৌ অসম ছাত্ৰ সন্থাই এই দিনটোক “কলা দিৱস”ৰূপে পালন কৰি অহা হৈছে।সেয়েহে আজি শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত শিৱসাগৰ জিলা,আঞ্চলিক আৰু মহকুমা ছাত্ৰ সন্থাই পালন কৰা শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীক আৰক্ষীয়ে বাধা দিবলৈ গৈ এক অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি বহু কেইজন ছাত্ৰ নেতাক ঠেলি-গতিয়াই,পতাকা কাঢ়ি অত্যাচাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ এনে অত্যাচাৰে প্ৰমাণ কৰিলে যে এতিয়াও কা’ক লৈ চৰকাৰৰ ভয় আছে।এতিয়াও চৰকাৰে কা’ক কেন্দ্ৰ কৰি ৰাইজ জাগ্ৰত হোৱাৰ ভয়ত কম্পমান হৈ আছে।

ভাৰতক ধন্যবাদ জনালে ৰাছিয়াই;তেলৰ দৰ বান্ধি দিয়া জি-৭ মিত্ৰজোঁটৰ সিদ্ধান্তত সমৰ্থন নাই ভাৰতৰ…

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰাৰ পিছত ৰাছিয়াৰ ওপৰত শতাধিক নিষেধাজ্ঞা আৰোপ কৰিছে। এই তালিকাত শেহতীয়া সংযোজন হৈছে ৰাছিয়ান ইন্ধন তেলৰ মূল্য।

Indian and Russian flag pair on desk over defocused background. Horizontal composition with copy space and selective focus.

কোৱাৰ প্ৰয়োজন নাই যে ৰাছিয়াৰ অৰ্থনীতিক বিপদত পেলোৱাই হৈছে এই পদক্ষেপৰ উদ্দেশ্য। অৱশ্যে, ভাৰতে জি-৭ আৰু ইয়াৰ মিত্ৰশক্তিৰ এনে পদক্ষেপত সন্মত হোৱা নাই। ফলত ৰাছিয়াই কিছু সকাহ পাইছে। ইয়াৰ বাবেই ভাৰতক ধন্যবাদ জনাইছে তেওঁলোকে।

ভাৰত হৈছে ৰাছিয়াৰ তেলৰ দ্বিতীয় সৰ্ববৃহৎ আমদানিকাৰী। ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে শনিবাৰে ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত পৱন কুমাৰক সাক্ষাৎ কৰে। বৈঠকৰ পিছত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতক ধন্যবাদ জনাই এক বিবৃতি জাৰি কৰে।

বিবৃতিত ৰাছিয়াই কয় যে উপ-প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ইন্ধন তেলৰ মূল্য নিৰ্ধাৰণৰ জি-৭ মিত্ৰজোঁটৰ সিদ্ধান্তৰ সৈতে সন্মত নোহোৱাৰ ভাৰতৰ সিদ্ধান্তক আদৰণি জনাইছে। উপ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে ভাৰতক তেল আমদানিৰ বাবে জি-৭ আৰু ইয়াৰ সহযোগী দেশসমূহৰ জাহাজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বৃহৎ জাহাজ লীজত দিয়া আৰু নিৰ্মাণত সহায় কৰাৰ আশ্বাস দিছে।

Indian and Russian flag pair on desk over defocused background. Horizontal composition with copy space and selective focus.

জি-৭ মিত্ৰজোঁটৰ এই সিদ্ধান্ত অনুসৰি, সাগৰীয় পথেৰে ৰাছিয়াৰ ইন্ধন তেল আমদানি কৰিব বিচৰা দেশ বা কোম্পানীবোৰে প্ৰতি বেৰেলত ৬০ ডলাৰ বা তাতকৈ কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰিব লাগিব। অন্যথা, জি-৭ মিত্ৰজোঁট, ইউৰোপীয় ইউনিয়নৰ দেশবোৰৰ জাহাজ আৰু অন্যান্য সুবিধা ব্যৱহাৰ কৰি তেল আমদানি কৰিবলৈ অনুমতি দিয়া নহ’ব। এইটো ৫ ডিচেম্বৰত কাৰ্যকৰী হৈছিল। অৱশ্যে, ভাৰত আৰু চীনে এই সিদ্ধান্তত সন্মত হোৱা নাই।