Home Blog Page 1800

নিয়মীয়াকৈ তিতা খাওক আৰু ৰোগৰ পৰা আঁতৰি থাকক…

অতিৰিক্ত ফেট বা চৰ্বিয়ে হৃদৰোগ আৰু উচ্চ ৰক্তচাপ জাতীয় অসুখৰ সৃষ্টি কৰে। ফেট বা চৰ্বিৰ যোগেদি তেজত কলেষ্টেৰল বৃদ্ধি হৈ হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। তিতা জাতীয় খাদ্যত চৰ্বিৰ পৰিমাণ কম থকাৰ বাবে এইবোৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। তিতা কেৰেলা আৰু মেথিশাকত ভিটামিন ‘চি’ থকাৰ বাবে পাকস্থলীৰ কেন্সাৰৰ ৰোগ প্ৰতিৰোধ কৰি ৰাখে।

তিতাজাতীয় খাদ্যত যথেষ্ট পৰিমাণে আয়ৰণ থাকে। আয়ৰণ হ’ল স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ অন্যতম উপাদান। মানৱ শৰীৰত তেজ প্ৰস্তুতকৰণ আৰু শক্তি বৃদ্ধিৰ বাবে আয়ৰণৰ দৰকাৰ হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও আয়ৰণৰ প্ৰয়োজন হয়। কেন্সাৰৰ প্ৰতিৰোধ আৰু হাৰ্ট সুস্থ কৰি ৰখাৰ দৰে শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবেও আয়ৰণৰ প্ৰয়োজন হয়। স্নায়ু দুৰ্বলতা, স্থুলতা আৰু অৱসাদ ইত্যাদি আয়ৰণৰ অভাৱৰ ফলত হোৱা কিছুমান উপসৰ্গ।

মানৱ শৰীৰৰ হাড়বোৰ শক্তিশালী আৰু কাৰ্যক্ষম কৰি ৰাখিবৰ বাবে কেলচিয়ামৰ প্ৰয়োজন। কেলচিয়ামে তেজৰ গোট মৰা বা ডকা বন্ধা গুণ বৃদ্ধি কৰে। দেহত কেলচিয়ামৰ পৰিমাণ কম হ’লে ৰিউমেটিক আৰ্থ্ৰাইটিছ আৰু অনিদ্ৰাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তিতাজাতীয় শাক-পাচলিবোৰত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। দাঁতবোৰ শক্তিশালী কৰি ৰাখিবৰ কাৰণেও কেলচিয়ামৰ দৰকাৰ হয়। এনে ধৰণৰ শাক পাচলিবোৰত বিটাকেৰোটিন, ভিটামিন চি, এণ্টি অক্সিডেণ্ট আদি থকাৰ বাবে ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ৰোগৰ বীজাণুৰ স্ংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে।

সকলো ধৰণৰ ৰোগীয়ে তিতাজাতীয় খাদ্য খাব পাৰে। দৈনন্দিন জীৱনত খোৱা খাদ্য ভাত-দাইল, মাছ-মাংস, গাখীৰ, শাক-পাচলি, ফলমূল ইত্যাদি সকলোবোৰৰ লগতেই তিতা খাব পাৰি। যিকোনো খাদ্য খোৱাৰ আগতে প্ৰথমে তিতা খাই ল’ব লাগে। অৱশ্যে তিতা খোৱাৰ সময়ত এটা কথা মনত ৰখা উচিত যে তিতা শাক-পাচলি সদায় কম পৰিমাণেহে খোৱা উচিত।

সাধাৰণতে এটা ধাৰণা প্ৰচলিত আছে যে ৰাতি তিতা খাব নেপায়। এই ধাৰণা একেবাৰে ভুল। দিনটোৰ যিকোনো সময়তে তিতা খাব পাৰি। ভাট-ৰুটি জাতীয় খাদ্যৰ লগতে তিতা খাবই পাৰি। আনকি পুৱা খালী পেটতো সৰু জাতৰ তিতাকেৰেলাৰ কেঁচা ৰস খাব পাৰি। খাওঁতে তিতা লাগে বাবে বহুতে তিতা পাচলি তেলত ভাজি মুখৰোচক কৰি খায়। কিন্তু সুস্থ মানুহ, ৰোগী সকলোৱে তিতা পাচলি বা তিতা কেৰেলা সিদ্ধ কৰি খোৱাটোহে ভাল।সিদ্ধ তিতা কেৰেলা খালে বেছি উপকাৰ পোৱা যায়। অৱশ্যে তিতা কেৰেলা ভাজি খালেও ইয়াৰ খাদ্য গুণ নষ্ট নহয়। কিন্তু ভাজোতে ব্যৱহাৰ কৰা তেলেহে আপোনাৰ শৰীৰৰ অপকাৰ কৰিব পাৰে।

দৈনন্দিন খাদ্যৰ তালিকাত গাখীৰ বা দৈ জাতীয় খাদ্য থাকিলে, প্ৰথমে তিতা খাই ল’ব। পেটৰ যিকোনো ৰোগ থাকিলেও তিতা খাব পাৰি, কিন্তু ইয়াক তেলত ভাজি নেখাব। কাৰণ ভজা তিতা কেৰেলা হজম নহ’ব পাৰে। ল’ৰা-ছোৱালীকো তিতা খাবলৈ দিব পাৰি। সৰুৰে পৰা তিতা খোৱা অভ্যাস কৰালে ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা নেথাকে।

কেৱল তিতা খালেই যে এইবিলাক ৰোগ হ’ব নোৱাৰে, তাৰ নিশ্চয়তা দিব নোৱাৰি। কিন্তু এটা কথা ঠিক যে তিতা খালে এনেবিলাক ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

ডা: প্ৰতিভা অধিকাৰী

আজিৰ বলীউড ছবিৰ বেয়া অৱস্থাৰ বিষয়ত কাজলৰ স্পষ্ট মতামত…

২০২২ চনটো বলীউডৰ বাবে বহুত বেয়া হৈ পৰিল। এই বছৰ বহু ছবি বৰ্জন কৰা হৈছিল। আনকি অমিতাভ বচ্চন, ঋতিক ৰোশন, অক্ষয় কুমাৰ, আয়ুষ্মান খুৰানা আদি ডাঙৰ তাৰকাৰ ছবিয়েও দৰ্শকক ছবিগৃহলৈ টানি নিব নোৱাৰিলে। লগতে অ’টিটিত বহু ছবি মুক্তি পালে। এই বছৰ কম হিন্দী ছবিয়েহে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ’ল। এতিয়ালৈকে বহু অভিনেতাই চিনেমাৰ এই বেয়া সময়ছোৱাক লৈ মন্তব্য কৰিছে। এতিয়া এই সন্দৰ্ভত প্ৰকাশ কৰিছে অভিনেত্ৰী কাজলে।

বলীউডৰ অভিনেত্ৰী কাজলে তেওঁৰ নতুন চিনেমা ‘ছালাম ভেংকি’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। কাজলে এই ছবিখন জোৰদাৰভাৱে প্ৰচাৰ কৰা দেখা গৈছে। বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ আগন্তুক ছবিখনৰ লগতে ব্যক্তিগত জীৱনৰ বিষয়েও বহু কথা কৈ আহিছে। শেহতীয়াকৈ তেওঁ ‘মহাৰাষ্ট্ৰ টাইমছ’ক এক সাক্ষাৎকাৰ দিছিল। এই সাক্ষাৎকাৰত “বৰ্তমান বহু হিন্দী ছবি বক্স অফিচত বিফল হৈছে। গতিকে এনে নহ’বলৈ কি কৰা উচিত বুলি আপুনি ভাবে?” তাইক এনেকুৱা এটা প্ৰশ্ন কৰা হ’ল। সেই সময়ত তাই দৰ্শকৰ এটা অভ্যাসলৈ আঙুলিয়াই দিলে।

কাজোলে কয়, ‘ক’ৰ’নাৰ সময়ত অ’টিটিত বহু ছবি মুক্তি পাইছিল। গতিকে দৰ্শকৰ অ’টিটিত চিনেমা চোৱাৰ অভ্যস্ত হৈ পৰিল। দৰ্শকৰ অভ্যাস ভংগ কৰিব লাগে। দৰ্শকে চিনেমা হললৈ আহি চিনেমা চাব লাগে।

ইয়াৰ পূৰ্বেও চলচ্চিত্ৰ জগতখনে বেয়া সময়ৰ মাজেৰে পাৰ হৈ আহিছে। এটা সময় আহিল যে ছবিখন সফল কৰিবলৈ কি কৰিব লাগে বুলি সোধা হৈছিল। কিন্তু তেনে বিশেষ সূত্ৰ নাই আৰু আগতে কেতিয়াও নাছিল। এখন ছবিৰ সফলতা নিৰ্ভৰ কৰে দৰ্শকে কি চাব বিচাৰে আৰু কি গ্ৰহণ কৰে তাৰ ওপৰত।”

ইফালে ৯ ডিচেম্বৰত কাজলৰ ছবি ‘ছালাম ভেংকি’ ছবিগৃহত মুক্তি পাব।কাজল, ৰাজীৱ খাণ্ডেলৱাল, বিশাল জেথৱা, আহনা কুমাৰা, প্ৰকাশ ৰাজে এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। একেদৰে আমিৰ খানেও অতিথি তাৰকা হিচাপে অভিনয় কৰিছে।

বৰমাত ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল অনুপ বড়ো

দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। ঘোচ নিদিলে কাম নিসিজে এইটো কাৰ্যালয়ত। একাংশ মহৰীৰ জৰিয়তে লাট মণ্ডলবোৰে চলাই আছে জেপ গৰম কৰা ব্যৱস্থা । কাৰ্যালয়ৰ ভিতৰতে নিৰ্বিঘ্নে চলাই গৈছে ঘোচ লোৱা প্ৰথা। কোনো এগৰাকী বিষয়াই নাকী লগাব পৰা নাই এনে কাৰ্যালয়টোৰ এনে অপ-সংস্কৃতিক। বছৰ বছৰ ধৰি বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দুৰ্নীতিৰ বজাৰখন আজি উন্মোচিত কৰিলে দুৰ্নীতি নিবাৰক শাখাই। প্ৰাপ্য বাতৰি অনুসৰি বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলক আজি ঘোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। পিতৃৰ পৰা পুত্ৰৰ নামত মাটি নামজাৰী কৰাৰ বাবে খাৰুৱাজানৰ লাট মণ্ডল অনুপ বড়োৰ ওচৰ চাপিছিল খাৰুৱাজান গাৱৰে যুৱক তথা বিজেপিৰ মুছলপুৰ মণ্ডলৰ অ’বিচি মৰ্চাৰ সম্পাদক উৎপল বৰ্মন।

মাটি নামজাৰী কৰি দিয়াৰ নামত ২৫০০ টকা বিচাৰিছিল লাট মণ্ডলজনে। পিছত ১৫০০ টকাত বন্দোবস্ত হোৱাত আজি কাৰ্যালয়তে টকাখিনি লৈছিল লাট মণ্ডল অনুপ বড়োৱে । টকা লোৱাৰ সময়তে গৈ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে অনুপ বড়ো নামৰ লাট মণ্ডলজনক। সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই অনুপ বড়োৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।

যদি আপুনি নৱবৰ্ষত পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আকাছা এয়াৰে আপোনাৰ বাবে লৈ আহিছে এক উত্তম অফাৰ…

যদি আপুনি বৰদিন আৰু নৱবৰ্ষত পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আকাছা এয়াৰে আপোনাৰ বাবে লৈ আহিছে এক উত্তম অফাৰ। ইয়াৰ জৰিয়তে আপুনি বিমান বুকিঙত ১০% পৰ্যন্ত ৰেহাই পাব।

কিছুদিনৰ পাছত ২০২২ বৰ্ষৰ অন্ত পৰিব। এনে পৰিস্থিতিত বৰদিন (খ্ৰীষ্টমাছ ২০২২) আৰু নৱবৰ্ষ (২০২৩ নৱবৰ্ষ) উপলক্ষে মানুহে পৰিয়ালৰ সৈতে আড্ডা মাৰি ভাল পায়। যদি আপুনিও নতুন বছৰৰ বাবে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে এইটো আপোনাৰ বাবে এক সুন্দৰ সুযোগ। শেহতীয়াকৈ মুকলি কৰা নতুন বিমান সংস্থা আকাছা এয়াৰে নতুন বছৰত যাত্ৰা কৰাসকলক বিপুল ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। আকাছা এয়াৰে নতুন বছৰৰ বাবে বিশেষ বিক্ৰী আনিব বুলি জনাইছে।

এই বিক্ৰীৰ নাম Year End Sale। এই বিক্ৰীৰ জৰিয়তে কোম্পানীটোৱে ১১খন চহৰৰ বিমানৰ টিকট বুকিঙৰ ক্ষেত্ৰত ১০% ৰেহাই লাভ কৰিবলৈ ওলাইছে। এনে পৰিস্থিতিত অতি সুলভ মূল্যত বৰদিন আৰু নৱবৰ্ষ উদযাপন কৰিব পাৰি। যদি আপুনিও বিমান বুকিঙত ১০% বিশাল ৰেহাই পাব বিচাৰে (আকাছা এয়াৰত ডিছকাউণ্ট অফাৰ), তেন্তে এই অফাৰৰ অধীনত ২০২২ চনৰ ১২ ডিচেম্বৰৰ ভিতৰত বিমান বুকিং কৰক।

আকাছা এয়াৰে টুইট কৰি তথ্য দিলে-
আমি আপোনালোকক কওঁ যে এই বিশেষ অফাৰৰ বিষয়ে তথ্য দি আকাছা এয়াৰৰ বিশেষ অফাৰ) আকাছা এয়াৰে কৈছে যে যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা আৰম্ভ কৰিছে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ অফাৰ আছে। বছৰৰ শেষ বিক্ৰীৰ জৰিয়তে আপুনি ৪৫০খনতকৈও অধিক বিমানত ১০% পৰ্যন্ত ৰেহাই পাব পাৰে। এই ৰেহাইৰ সুবিধা আপুনি মাত্ৰ ১১খন চহৰতহে পাব। এই ৰেহাইৰ সুবিধা লাভ কৰিবলৈ মাত্ৰ ১২ ডিচেম্বৰ ২০২২ পৰ্যন্ত সময় আছে।

কোনবোৰ চহৰৰ বিমানে ৰেহাইৰ সুবিধা পাব জানি লওক-
আকাছা এয়াৰে ১১খন চহৰৰ ৪৫০খন বিমানত বিশেষ ১০ শতাংশ ৰেহাইৰ ব্যৱস্থা কৰিছে। এই চহৰসমূহৰ ভিতৰত আহমেদাবাদ, বেংগালুৰু, দিল্লী, চেন্নাই, পুনে, লক্ষ্ণৌ, গুৱাহাটী, বিশাখাপট্টনম, আগৰতলা, কোচি আৰু মুম্বাইৰ নাম। এই ৰেহাইৰ সুবিধা চলি থকা ৪৫০খন বিমানত উপলব্ধ হ’ব।

মুকালমুৱাৰ বনপুৰাত শিক্ষকৰ ব্লেডৰ আক্ৰমণত আহত দুই ভগ্নী। শিক্ষকৰূপী ভিনিয়েকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে আক্ৰমণ খুলশালীয়েকক

মুকালমুৱাৰ বনপুৰাত শিক্ষকৰূপী ভিনিয়েক এজনৰ আক্ৰমণত আহত হয় দুই খুলশালী। শিক্ষক তথা ভিনিয়েকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল নিজ খুলশালীয়েক ছোনিয়া পৰবিনক। খুলশালীয়েক ছোনিয়া পাৰবিনে ভালপোৱাৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে ভিনিয়েকে ব্লেডেৰে আক্ৰমণ কৰাৰ অভিযোগ কৰে পৰায়ালৰ লোকে। বনপুৰাৰ বি.কে.চাপৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আব্দুল মাজিদ খানে (৩০) ব্লেডেৰে আক্ৰমণ কৰে দুই খুলশালীয়েকক। লম্পদ শিক্ষক জনে নিজৰে খুলশালীয়েকক দিছিল ভালপোৱাৰ প্ৰস্তাৱ।খুলশালীয়েক ছোনিয়া পাৰবিন বামুণবড়ীৰ শ্বহীদ সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। ছাত্রী গৰাকীয়ে ভিনিয়েকৰ প্ৰেমৰ প্ৰস্তাৱ মানি নলোৱাৰ বাবেই আজি ভিনিয়েকে শহুৰৰেকৰ ঘৰলৈ আহি ছোনিয়া পাৰবিনক ব্লেডেৰে আক্ৰমণ কৰে।

ছোনিয়া পাৰবিনক আক্ৰমণ কৰা দেখি বচাবলৈ অহা জেষ্ঠ ভগ্নী জাহানাৰ খাতুন(22) কো আক্রমন কৰে লম্পট ভিনিয়েক আব্দুল মজিদ খানে। দুই খুলশালীয়েকক আক্ৰমণ কৰি পলায়ন কৰে ভিনিয়েক আব্দুল মজিদ খানে। ভিনিয়েকৰ আক্ৰমণত আহত দুই ভগ্নীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই। লম্পট শিক্ষক আব্দুল মজিদ খানৰ অপকৰ্মৰ ন্যায় বিচাৰি মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোয়ে।

মুকালমুৱাৰ পৰা আজাদ আলীৰ প্ৰতিবেদন

লিংগ বৈষম্য দূৰ কৰা লক্ষ্যৰে স্বেচ্ছাসেৱী সংগঠনৰ সজাগতামুলক সভা, ফুটবল প্ৰতিযোগিতা

সামাজৰ পৰা লিংগ বৈষম্য দুৰ কৰি চাহ বাগিচাৰ মহিলা সকলক সমাজ উন্নয়ন বাবে পথ দেখুৱাই হাতে হাত ধৰি লগত লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউৰ বিভিন্ন চাহ বাগিচাত “ইনভেটিভ চেইঞ্জ কলাবৰেটিভ চাৰ্ভিচ প্ৰাইভেট লিমিটেড” চমুকৈ আইচিচিএচপিএলে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। সংস্থা টোৱে “ৱমেন চেফ্টি এক্সেলেৰেটৰ ফাণ্ডৰ” কাৰ্যসূচী যোগেদি ২৫ নবেম্বৰ পৰা ১০ ডিচেম্বৰৰ মানৱঅধিকাৰ দিৱসলৈকে ১৬ দিনিয়া কাৰ্য্যসূচীৰে চাহ বাগিচাসমুহত আৰম্ভ কৰিছে মহিলা আৰু কিশোৰ কিশোৰী নিৰ্যাতন বিৰোধী পশেষ।

৪ ডিচেম্বৰত ডিমৌ সমীপৰ ৰাজমাই চাহ বাগিচা খেলপথাৰত চাহ বাগিচাৰ ছাত্র-ছাত্ৰী সকলৰ মাজত মাজত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰুষ মহিলাৰ মাজত থকা ব্যৱধান হ্রাস কৰাৰ প্ৰয়াস কৰে। উক্ত ফুটবল খেল সমাপ্তিৰ পিচত মহিলা আৰু কিশোৰ-কিশোৰী নিৰ্যাতন ৰোধ কৰা সন্দৰ্ভত এখন সজাগতমুলক সভা অনুষ্ঠিত কৰে।

হৃদপিণ্ড সুস্থ সবল কৰি ৰখাৰ সহজ কিটিপ জানো আহক…

হৃদপিণ্ড সুস্থ সবল কৰি ৰখাৰ সহজ কিটিপ



আয়ুৰ্বেদিকত হৃদপিণ্ডক হৃদয় বোলা হয় । ইয়াৰ বাখ্যা এনেদৰে পোৱা যায় , যি শৰীৰৰ ৰক্ত গ্ৰহণ কৰি পুণৰ শৰীৰক অকপটভাৱে আৰু উদাৰতাৰে প্ৰদান কৰে তাক হৃদয় বোলে‌ । সম্ভৱত সেই কাৰণে উদাৰ চিতীয়া মৰমীয়াল ব্যক্তিক কোমল হৃদয়ৰ লগত তুলনা কৰা হয় । বয়সস্থ ব্যক্তিৰ হৃদপিণ্ডৰ ওজন প্ৰায় তিনিশ গ্ৰাম আৰু বুকুৰ ভিতৰত বাওঁফালে অৱস্থিত। ইয়াৰ প্ৰধান কাম হৈছে শৰীৰৰ বিভিন্ন অংশৰ পৰা অহা কাৰ্বনডাই অক্সাইড যুক্ত তেজ সো অলিন্দই গ্ৰহণ কৰি সো নিলয়ৰ পৰা হাওফাওলৈ প্ৰেৰণ কৰা। সেইদৰে অক্সিজেন যুক্ত তেজ হাওঁফাওঁৰ পৰা বাওঁ অলিন্দই গ্ৰহণ কৰি বাওঁ নিলয়ৰ পৰা শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গলৈ প্ৰেৰণ কৰা।

এজন স্বাস্থ্যৱান ব্যক্তিৰ হ্দপিণ্ডৰ স্পন্দন গড়ে প্ৰতি মিনিটত ৭০ আৰু প্ৰতিটো স্পন্দনত প্ৰায় গড়ে হিচাবে ৭০ মিলি লিটাৰ তেজ শৰীৰৰ বিভিন্ন অংশলৈ পাম্প কৰে। সেই হিচাবে প্ৰতি মিনিট সময়ত প্ৰায় পাছ লিটাৰ তেজ হৃদপিণ্ডলৈ সোমাই আৰু সমপৰিমাণে তেজ পাম্প কৰি শৰীৰৰ বিভিন্ন অঙ্গলৈ প্ৰেৰণ কৰি থাকে। বিভিন্ন বয়সৰ হৃদস্পন্দন তলত উল্লেখ কৰা ধৰণৰ।
(১) সদ্যজাত শিশু -১৪০/ মিনিট
(২) এবছৰীয়া শিশু-১২০/মিনিট
(৩) দুবছৰীয়া শিশু-১১০/মিনিট
(৪) পাছ বছৰীয়া শিশু-৯৫-১০০/মিনিট
(৫) দহ বছৰীয়া শিশু-৮০-৯০/মিনিট
(৬) যূৱক – ৬০-৮০/মিনিট
জীৱন শৈলী , খাদ্যাভ্যাস , শাৰীৰিক শ্ৰম , মানসিক শ্ৰম , টোপনি, মানসিক চিন্তা তথা উৎকন্ঠাৰ ওপৰত হৃদস্পন্দন নিৰ্ভৰ কৰে‌। সেয়েহে হৃদপিণ্ড সুস্থ আৰু সবলতাৰ ওপৰত সুস্বাস্থ্য বৰ্তী থাকে।
এজন মানুহে তলত উল্লেখ কৰা নীতি-নিয়ম পালনৰ জৰিয়তে এক সুস্থ সবল হৃদপিণ্ডৰ অধিকাৰী হৈ দীৰ্ঘায়ু হব পাৰে।


(১) সদায় নিয়মীয়া শাৰীৰিক পৰিশ্ৰম কৰা , ৰাতিপুৱা সোনকালে উঠি মূকলী পৰিবেশত জগিঙ কৰা , সাতোৰা অথবা দৈনিক অন্তত ১০ কিলোমিটাৰ চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলক । সাতোৰাৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠ শাৰীৰিক ব্যায়াম হৈছে চাইকেল চলোৱা। তাৰোপৰি চাইকেল প্ৰদূষণ মুক্ত বাহন। শাৰীৰিক শ্ৰম , জগিঙ , সাতোৰা ,চাইকেল চলোৱাৰ সময়ত শৰীৰৰ কোষবোৰক অধিক অক্সিজেনৰ প্ৰয়োজন হয় বাবে ৰক্তসঞ্চালন আৰু শ্বাস-প্ৰশ্বাসৰ গতি বাঢ়ে । ইয়াৰ দ্বাৰা হৃদপিণ্ডৰ মাংসপেশী শক্তিশালী হৈ উঠে ।
(২) সকলো ধৰণৰ ধপাত সেৱন পৰিত্যাগ কৰিব । বিশেষকৈ জৰ্দা হৃদপিণ্ডৰ বাবে ক্ষতিকাৰক। ধপাতত থকা নিকটিনে হৃদপিণ্ড , হাওফাও ৰোগ সৃষ্টিৰ উপৰিও নিদ্ৰাহীনতা আৰু কৰ্কট ৰোগৰ এটা প্ৰধান কাৰক।
(৩) ৪৫ বছৰ বয়সৰ পিছত মাংস, কণী ইত্যাদি জীৱ-জন্তুৰ পৰা উৎপাদিত প্ৰোটিন আহাৰ পৰিত্যাগ কৰিব লাগে আৰু খালেও কমকৈ খাব লাগে। শস্য প্ৰোটিন খালে অপকাৰ নহয় । ঘিউ , মাখন ,পনীৰ , বনস্পতি ঘি আদি সম্পৃক্ত (Saturated ) তথা নাৰিকল তেল , কডলিভাৰ অইল আদি অৰ্দ্ধ সম্পৃক্ত (Semi Saturated) চৰ্বিযুক্ত খাদ্য নাখাব বা খালেও কমকৈ খাব । প্ৰোটিন , সম্পৃক্ত আৰু অৰ্দ্ধ সম্পৃক্ত খাদ্যৰ পৰা তেজত কলেষ্টৰল বঢ়াৰ উপৰিও সিৰা-ধমনী ভিতৰৰ বেৰত কলেষ্টৰল সঞ্চিত (Thrombosis) হবলৈ ধৰে। ক্ৰমান্বয়ে সিৰা-ধমনীৰ ফুটা ঠেক (Atherosclerosis) হবলৈ ধৰে। ফলস্বৰূপে স্বাভাৱিক ৰক্তসঞ্চালনত বাধা ওপজা হেতু হৃদপিণ্ডই উপযুক্ত পৰিমাণে অক্সিজেন নোপোৱা হয় । অক্সিজেনৰ অভাৱত হৃদশূল আৰম্ভ (IHD) হয় আৰু কেতিয়াবা হঠাতে হাৰ্টষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। সৰিয়হ বা তিল তেল কেতিয়াও গোট নামাৰে কাৰণে অসম্পৃক্ত তেলৰ অন্তৰ্গত ধৰা হয় ; সেয়েহে সৰিয়হ বা তিলতেল অপকাৰী নহয়


(৪) ৰাতিপুৱাই খালী পেটত ৪-৫ ফুটা নহৰু বাকলি সহ পানীৰে গিলি খাব । ই তেজৰ অতিৰিক্ত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। নহৰুৰ ওপৰৰ বাকলি এৰুৱাই দিয়াৰ লগেই বাকলি আৰু সাৰ অংশৰ মাজত থকা তেল (volatile oil) বাস্পীভূত হৈ উৰি যায় । বাকলিসহ গিলি খালে ক্ষুদ্ৰান্ত্ৰত এই তেল শোষণ হয় ।
(৫) প্ৰতিদিনে ৩-৪ পকা কল খাব । কলত থকা প্ৰাকৃতিক মেগনেছিয়ামে তেজৰ অতিৰিক্ত কলেষ্টেৰল নিয়ন্ত্ৰণৰ উপৰিও সিৰা-ধমনীৰ ভিতৰৰ বেৰত লাগি ধৰা কলেষ্টেৰল চাফাকৰি দিয়ে। সেয়েহে নিয়মিত কল খালে সঠিক ভাৱে ৰক্তসঞ্চালন হয় আৰু হৃদপিণ্ডৰ মাংসপেশীয়ে যথোচিত পৰিমাণে অক্সিজেন পাই শক্তিশালী হৈ থাকে।
(৬) প্ৰতিদিনে ৩-৪ কাপ চাহ খাব ‌। প্ৰতিকাপ চাহত ১০০ মিলি গ্ৰাম এচপিৰিন থাকে আৰু ই তেজৰ গাঢ়তা (Embolism) নিয়ন্ত্ৰণ কৰি সঠিক ভাৱে ৰক্তসঞ্চালনত সহায় কৰে। সেয়েহে Espirin 75/150mg tab খোৱাৰ কোনো প্ৰয়োজন নায় ।
(৭) মতৰ মাহ খোৱাটো উপকাৰী । মতৰ মাহত থকা আৰ্জেনিনে হৃদপিণ্ড অধিক শক্তিশালী কৰি তোলে।
(৮) মানসিক চিন্তা আৰু উৎকন্ঠাৰ পৰা বিৰত থাকিব । সদায় হাস্যৰস কথা-বতৰাৰ মাজেৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব। হাহিয়ে মনলৈ আনন্দতা অনাৰ লগতে হৃদপিণ্ড শক্তিশালী কৰে।
(৯) প্ৰতিদিনে দুচামুচকৈ কেচা হালধিৰ ৰস অথবা এচামুচকৈ হালধি গুৰি খালে কলেষ্টৰল বিশেষকৈ ট্ৰাইগ্লিচাৰইড নিয়ন্ত্ৰণ কৰি ৰাখে বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। মৃগীৰোগীয়ে হালধি দুই-তিনিবাৰ খালে এই ৰোগ সম্পূৰ্ণ ভাল হয় ।


(১০) ৰাতি আহাৰ কম পৰিমাণে ৮ বজাত খাব। পাৰিলে সপ্তাহত এদিন উপবাস কৰিব। উপবাস দুই ধৰণৰ :- ফল-মূল খাই কৰা উপবাসক ফলাহাৰ উপবাস ৰোলা হয় আৰু ইয়াৰ পৰা সম্পূৰ্ণ সুফল পোৱা নাযায়। ৪-৫ লিটাৰ পানী খাই কৰা উপবাসক জলাহাৰ উপবাস বোলা হয় আৰু সম্পূৰ্ণ সুফল পোৱা যায়। উপবাস কৰিলে শৰীৰৰ অতিৰিক্ত চৰ্বি কমে , আত্মা-মনৰ শান্তিৰ উপৰিও শৰীৰৰ অধিক সক্ৰিয় কৰে বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা কম হয় ।
(১১) সাগৰীয় আৰু বাহু মাছৰ ছালৰ ভিতৰ অংশত ওমেগা-৩ ফেটি এচিদ থাকে আৰু ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰি পৰোক্ষভাৱে হৃদপিণ্ডক শক্তিশালী কৰে। আন মাছতকৈ বাহুমাছ হৃদপিণ্ডৰ বাবে উপকাৰী।


(১২) মানুহৰ বুকুৰ জোখতকৈ পেটৰ জোখ এক ইঞ্চি বাঢ়িলে সাৱধান হব , পেটৰ চৰ্বি কমাওক । পেটৰ চৰ্বি আৰু অধিক বাঢ়িলে হৃদৰোগ হোৱাৰ সম্ভাৱনা।
(১৩) মানসিক চিন্তা আৰু উৎকন্ঠাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক , অন্যথা হৃদৰোগ হোৱাৰ সম্ভাৱনা। সদায় হাহিমুখে থাকিব , হাহিলে হৃদপিণ্ড শক্তিশালী হয় বাবে সহজে হৃদৰোগ হব নোৱাৰে।
(১৪) প্ৰতিদিনে ১০ টাকৈ বৰমানিমুনি পাত খাব । মানিমুনি পাত খালে স্মৃতিশক্তি বঢ়াৰ উপৰিও ভাল টোপনি আহে। গভীৰ টোপনি হোৱা ব্যক্তিৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা কম ।
(১৫) অৰ্জুন গছৰ বাকলিৰ পৰা বনোৱা ক্বাৰ ৪ চামুচকৈ ৩ বাৰ মাজে-সময়ে খালে হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে‌ । অৰ্জুনৰ বাকলি ১ কেজি ৰ লগত ৪ লিটাৰ পানী দি সিজাব । পানীৰ পৰিমাণ কমি ১ লিটাৰ হলে ঠাণ্ডা কৰি ভালদৰে ছেকি লোৱাকে ক্বাথ বোলা হয়।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া

ওদালগুৰিত সামুহিক বিবাহ সংস্কাৰেৰে ২৭৮ যোৰা দম্পতীয়ে একেলগে যজ্ঞক সাক্ষী কৰি জীৱনৰ পাতনি মেলিব

সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ওদালগুৰি জিলা সমিতি আৰু ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু হান্স ফাউণ্ডেচনৰ সহযোগত ওদালগুৰি জিলাৰ মনপুৰ মিনি স্টেডিয়ামত ৯ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২৭৮ যোৰা দম্পতিয়ে নিজ নিজ ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে বিবাহপাশত আবদ্ধ হয়। আজি মনপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত বৃহৎ বিবাব মণ্ডপত দম্পতী সকলে নিজ নিজ ধৰ্মীয় পৰম্পৰাৰে হিন্দু ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ সামুহিক বিবাহ সংস্কাৰৰ অনুষ্ঠানত অংশ গ্ৰহন কৰে।

গোৰ্খা, বড়ো, আদিবাসী, চানতালী, ৰাভা, একশৰনীয়া, বাঙালীকে ধৰি অনান্য জনগোষ্ঠীৰ আৰ্থিকভাবে দুৰ্বল দম্পতি সকৱক বিবাহ মণ্ডপতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য্য বয় বস্তুও হান্স ফাউণ্ডেচনে প্ৰদান কৰে।সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু গন্স ফাউণ্ডেচনৰ তত্বাৱধানত হবলগীয়া বিশাল বিবাহ সংস্কাৰ অনুষ্ঠানত সকলো ৰাইজক উপস্থিত থাকি বিবাহিত দম্পতিক আশীষ প্ৰদান কৰে। সীমান্ত চেতনা মঞ্চ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মিনন মোছাহীৰীকে ধৰি সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ ৰাভা, সাধাৰণ সম্পাদক অশোক ছেত্ৰী, বিবাহ সংস্কাৰ সমিতিৰ প্ৰমুখ গোপেশ্বৰ কিস্কু আদিয়ে বিবাহ সংস্কাৰ অনুষ্ঠান সফল কৰি তোলাত সহযোগিতা আগবঢ়ায়‌।

দেশক সম্বোধন কৰি নতুন দিল্লীৰ সংসদ ভৱনত ভাষণ দীপাঙ্কৰ ওজাৰ। দেশৰ ৮ গৰাকী যুৱ বক্তাৰ ভিতৰত বিশেষ স্থান লাভ অসমৰ দীপাঙ্কৰ ওজাৰ

বলিষ্ঠ কন্ঠৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ সংসদ ভৱনত অসমক প্ৰতিনিধিত্ব কৰিলে দীপাঙ্কৰ ওজাই। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৮তম জন্ম জয়ন্তী উদযাপনৰ‌ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা যুৱ সংসদত অসমক প্ৰতিনিধিত্ব কৰি বক্তৃতা প্ৰদান কৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দীপাঙ্কৰ ওজাই। উল্লেখ্য যে অনুষ্ঠানত দেশৰ প্ৰতিখন ৰাজ্যৰ এজনকৈ যুৱ বক্তাই প্ৰতিনিধিত্ব কৰে নিজ নিজ ৰাজ্যক। অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে বাছনি সমিতিয়ে নিৰ্ধাৰণ কৰে দীপাঙ্কৰ ওজাৰ নাম। দেশৰ ২৫ খন ৰাজ্যৰ ২৫ গৰাকী যুৱ বক্তাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বাছনি সমিতিয়ে ৮ গৰাকী যুৱ বক্তাক সংসদ ভৱনত বক্তৃতাৰ সুযোগ প্ৰদান কৰিছিল। ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় এয়ে যে দেশৰ শীৰ্ষৰ ৮ গৰাকী বক্তাৰ ভিতৰত পঞ্চম স্থানত থাকে অসমৰ দীপাঙ্কৰ ওজা।

সংসদ ভৱনৰ চেন্ট্ৰে’ল হলত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্য সভাৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে অনুষ্ঠানত প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিসকলে নিজ নিজ ৰাজ্যৰ থলুৱা সাজ-পোছাক পৰিধান কৰে। কেন্দ্ৰীয় চৰকাৰৰ পাৰ্লিয়ামেন্ট ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং ইনষ্টিটিউশ্যন ফৰ ডেমক্ৰেটিক চমুকৈ প্ৰাইডৰ নেতৃত্বত সংসদ ভৱনত দেশৰ যুৱ প্ৰজন্মক দেশৰ প্ৰতি নিজৰ চিন্তা আৰু পৰিকল্পনা প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰা হৈছে। ৮ গৰাকী যুৱ বক্তাৰ বাহিৰে অন্যান্য ৰাজ্যৰ প্ৰতিনিধিসকলে অনুষ্ঠানত দৰ্শক হিচাপে উপস্থিত থাকি নিজ নিজ ৰাজ্যক দেশৰ মঞ্চত প্ৰতিনিধিত্ব কৰে। সংসদ ভৱনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এই অনুষ্ঠানত দীপাঙ্কৰ ওজাই হিন্দীত সাৱলীলভাৱে নিজৰ বক্তব্য প্ৰদান কৰি বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী। ১৭ ডিচেম্বৰত ধেমাজিত উপস্থিত হ’ব মুখ্যমন্ত্ৰী

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী । ১৭ ডিচেম্বৰত ১৪টাকৈ আঁচনিলৈ ধেমাজিলৈ আহিব মুখ্যমন্ত্ৰী, সঞ্জয় কিষাণ।আগন্তুক ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাৰ বাবে ভালেমান অভিলাষী আঁচনি লৈ আহিব আৰু সেইদিনাই তেওঁ ধেমাজি চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ ধেমাজি জিলাত আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে এই মন্ততব্য প্ৰকাশ কৰে। তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো উন্নয়নৰ ঢল বৈ গৈছে। মৰিধল মহাবিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এই বঁটা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতি। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ড: বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰাণিত হ’বলৈ আহঞ্জবান জনায়। সভাৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ দিপেন শঞ্জইকীয়াই। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তঞ্জও উপস্থিত থাকে। আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়। ড হিমন্ত বিশ্ব শৰ্মা ধেমাজিলৈ আহিব। সেইদিনাই তেওঁ ধেমাজি চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ ধেমাজি জিলাত আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো উন্নয়নৰ ঢল বৈ গৈছে। মৰিধল মহাবিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই বঁটা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতি। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ড: বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰাণিত হ’বলৈ আহঞ্জবান জনায়। সভাৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ দিপেন শঞ্জইকীয়াই। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তঞ্জও উপস্থিত থাকে। আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়।। সেইদিনাই তেওঁ ধেমাজি চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ ধেমাজি জিলাত আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো উন্নয়নৰ ঢল বৈ গৈছে। মৰিধল মহাবিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এই বঁটা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতি। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ড: বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰাণিত হ’বলৈ আহঞ্জবান জনায়। সভাৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ দিপেন শঞ্জইকীয়াই।উক্ত অনুষ্ঠানত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰে অংশগ্ৰহণ কৰে । আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়।