ভাৰতীয় বায়ুসেনাৰ চুখোই-৩০এমকেআই স্কোয়াড্ৰনৰ নেতৃত্ব দিয়া দেশৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট অৱনী চতুৰ্বেদী জাপানৰ সৈতে আকাশী যুদ্ধ খেলত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ অংশ হ’ব।
আকাশী যুদ্ধ খেলত অংশগ্ৰহণৰ বাবে অলপতে জাপানলৈ ৰাওনা হ’ব অৱনী চতুৰ্বেদীয়ে। মহিলা যুঁজাৰু পাইলটসকলে ফ্ৰান্সৰ বায়ুসেনাকে ধৰি বিদেশী দলৰ সৈতে দেশত আকাশী যুদ্ধৰ খেলৰ অংশ হৈ আহিছে যদিও বিদেশী মাটিত ভাৰতীয় যুঁজাৰু বিমানৰ স্কুড্ৰনৰ নেতৃত্ব দিয়া মহিলা বিমান যোদ্ধাগৰাকীৰ এইটোৱেই হ’ব প্ৰথম উদাহৰণ।
‘বীৰ গাৰ্ডিয়ান ২০২৩’ শীৰ্ষক এই অনুশীলন ১৬ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ হ্যাকুৰি বায়ুসেনা ঘাটি আৰু ইয়াৰ আশে-পাশে থকা ওমিটামা, আৰু জাপানৰ ছায়ামাৰ ইৰুমা বায়ুসেনা ঘাটিত অনুষ্ঠিত হ’ব।
স্কোয়াড্ৰন নেতা ভৱনা কান্থে আই এ এফৰ দ্বাৰা পৰিচালিত ছু-৩০এম কে আইক থলুৱা অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত অন্যতম শ্ৰেষ্ঠ আৰু মাৰাত্মক মঞ্চ বুলি অভিহিত কৰে।
তেখেতে কয় যে, “ছু-৩০এমকআই হৈছে এক বহুমুখী বহু ভূমিকাক যুদ্ধ বিমান যিয়ে একেলগে বায়ুৰ পৰা মাটিলৈ আৰু বায়ুৰ পৰা বায়ুলৈ দুয়োটা অভিযান সম্পন্ন কৰিব পাৰে। ই উচ্চ আৰু নিম্ন গতিৰে কৌশল সম্পন্ন কৰিব পাৰে।”
শ্ৰীলংকাৰ বিৰুদ্ধে খেলা একাদশ শৃংখলাত কোনো তাৰকা খেলুৱৈক সুযোগ নিদিলে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। শ্ৰীলংকাৰ বিৰুদ্ধে খেলা একাদশৰ এজন তাৰকা খেলুৱৈক সুযোগ নিদিলে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। যি সময়ত এই খেলুৱৈজনে অতি ভাল ফৰ্মত খেলিছিল। ভাৰতীয় দলে শ্ৰীলংকাৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰে। তৃতীয় টি-২০ মেচত সূৰ্যকুমাৰ যাদৱ, শুবমান গিল আৰু অক্ষৰ পেটেলে এক আচৰিত খেল প্ৰদৰ্শন কৰে। এই খেলুৱৈসকলৰ বাবেই টিম ইণ্ডিয়াই শৃংখলা জয় কৰিবলৈ সফল হৈছিল। কিন্তু শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে এজন খেলুৱৈয়ে টিম ইণ্ডিয়াৰ দলত স্থান লাভ কৰিলেও অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এই খেলুৱৈজনক প্লেইং এলেভেনত সুযোগ দিয়া নাই। এই খেলুৱৈজনৰ বিষয়ে জানো আহক।
এই খেলুৱৈজনক সুযোগ নিদিলে
শ্ৰীলংকাৰ বিৰুদ্ধে সমগ্ৰ শৃংখলাত বেগী বলাৰ মুকেশ কুমাৰক প্লেয়িং একাদশত স্থান দিয়া নাই অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। যি সময়ত তেওঁ উৎকৃষ্ট ফৰ্মত দৌৰি আছিল। যিকোনো বেটিং আক্ৰমণক ছিঙি পেলোৱাৰ ক্ষমতা তেওঁৰ আছে। আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এতিয়াও অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এই খেলুৱৈজনক সুযোগ দিয়া নাই। শুবমান গিল, ৰাহুল ত্ৰিপাঠী আৰু শিৱম মাভিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত অভিষেক ঘটায়।
আই পি এল নিলামত লটাৰী
২০২৩ চনৰ আই পি এল নিলামত মুকেশ কুমাৰে লাভ কৰিছিল বৃহৎ পৰিমাণৰ ধন। দিল্লী কেপিটেলে তেওঁৰ ওপৰত ডাঙৰ বিড দি ৫.৫০ কোটি টকাত ক্ৰয় কৰিছিল। তেওঁৰ ভিত্তি মূল্য মাত্ৰ ২০ লাখ টকা হোৱাৰ বিপৰীতে তেওঁৰ ভিত্তি মূল্যতকৈ প্ৰায় ২৮ গুণ বেছি মূল্যত বিক্ৰী হৈছিল। তেওঁৰ জন্ম হৈছিল বিহাৰৰ গোপালগঞ্জত। তেওঁ এটা সাধাৰণ পৰিয়ালৰ।
উৎকৃষ্ট ফৰ্মত আছে মুকেশ কুমাৰ
মুকেশ কুমাৰে এইবাৰ ৰঞ্জী ট্ৰফীত ২০টাতকৈও অধিক উইকেট দখল কৰে। শেহতীয়াকৈ নিউজিলেণ্ড এৰ বিৰুদ্ধে খেলা শৃংখলাত তেওঁ আছিল সৰ্বাধিক উইকেট দখলকাৰী। শ্বৰ্ট বলাৰ হিচাপেও টিম ইণ্ডিয়াত জড়িত হৈ আছে।
প্ৰথম শ্ৰেণীৰ ৩৩খন খেলত ১২৩টা উইকেট দখল কৰিছে মুকেশ কুমাৰে। তেওঁ ২৪ খন তালিকা ক খেলত ২৬ টা উইকেট দখল কৰিছে। টি-২০ ক্ৰিকেটত মুকেশৰ ২৩খন মেচত ২৫টা উইকেট।
চুবুৰীয়া ৰাষ্ট্ৰ জাপানৰ সৈতে যৌথ বিমান অনুশীলন চলাব ভাৰতে। দুয়োখন দেশৰ মাজত বায়ু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ভাৰতীয় বায়ুসেনা (আই এ এফ) আৰু জাপান বায়ু আত্মৰক্ষা বাহিনী (জে এ এছ ডি এফ)- এ যৌথ বিমান অনুশীলন “বীৰ গাৰ্ডিয়ান ২০২৩” অনুষ্ঠিত কৰিবলৈ সাজু হৈছে।
এই অনুশীলনত অংশগ্ৰহণৰ বাবে দেওবাৰে জাপানলৈ ৰাওনা হ’ব আই এ এফৰ এটা দল। ভাৰতৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট স্কোৱাড্ৰন কেপ্তেইন অভনী চতুৰ্বেদীয়ে এই অনুশীলনত অংশগ্ৰহণ কৰি দেশৰ বাহিৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুদ্ধ খেলত অংশগ্ৰহণ কৰা আই এ এফৰ প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হ’ব।
অহা ১২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ জাপানৰ হিয়াকুৰি বিমান ঘাটিত অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোত চাৰিখন ছু-৩০ এম কে আই, দুখন চি-১৭ আৰু এখন আই এল-৭৮ বিমান অন্তৰ্ভুক্ত হ’ব। আনহাতে জে এ এছ ডি এফে চাৰিখন এফ-২ বিমান আৰু চাৰিখন এফ-১৫ বিমানেৰে অংশগ্ৰহণ কৰিব।
২০২২ চনৰ ৮ ছেপ্টেম্বৰত টকিঅ’ত অনুষ্ঠিত হোৱা দ্বিতীয়খন ২+২ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীসভাৰ বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি আৰু অধিক সামৰিক অনুশীলনত ভাগ হ’বলৈ সন্মত হয়।
এই অনুশীলনে দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্ক গভীৰ আৰু ঘনিষ্ঠ প্ৰতিৰক্ষা সহযোগিতাৰ আন এক পদক্ষেপ হ’ব। উদ্বোধনী অনুশীলনত দুয়োদেশৰ বায়ুসেনা বাহিনীৰ মাজত বিভিন্ন আকাশী যুদ্ধ অনুশীলন অনুষ্ঠিত কৰা হ’ব।
সঠিক ওজনত থকাটো গুৰুত্বপূৰ্ণ। গাখীৰ খোৱাটো ওজন বৃদ্ধিৰ বাবে আটাইতকৈ উপকাৰী। গাখীৰত কিছু বস্তু মিহলাই খালে ওজন দ্ৰুতগতিত বৃদ্ধি পায়।ক্ষীণ শৰীৰটোক নিৰ্জীৱ আৰু দুৰ্বল যেন লাগে। এনে শৰীৰ কেৱল দুৰ্বল হোৱাই নহয়, কেতিয়াবা কৌতুকৰ টাৰ্গেট হৈ পৰে। সুস্থ আৰু ফিট হৈ থাকিবলৈ সঠিক ওজন থকাটো প্ৰয়োজনীয়। যদি আপুনি ওজন বৃদ্ধি কৰিব বিচাৰে তেন্তে গাখীৰ খোৱাটো অতি উপকাৰী। যদিহে গাখীৰ খোৱাৰ সঠিক পদ্ধতি জানিব লাগে। গাখীৰত কিছুমান বিশেষ বস্তু মিহলাই সেৱন কৰিলে ওজন দ্ৰুতগতিত বৃদ্ধি পায়। ওজন বৃদ্ধিৰ বাবে গাখীৰ কেনেকৈ খাব লাগে জানো আহক।
গাখীৰ আৰু কল
গাখীৰৰ লগত কল মিহলাই খালে খুবেই উপকাৰ পোৱা যায়। এইদৰে গাখীৰ খোৱাৰ ফলত ওজন দ্ৰুতগতিত বৃদ্ধি পায়। কলত যথেষ্ট পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে। ওজন বৃদ্ধিৰ বাবে কলৰ শ্বেক বনাই পান কৰিব পাৰি।
খেজুৰৰ গাখীৰ
খেজুৰৰ লগত মিহলি গাখীৰ সেৱন কৰিলে শৰীৰৰ স্বাস্থ্য হয়। ইয়াৰ বাবে ওজন দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰে। খেজুৰত কেলচিয়াম, ভিটামিন চি আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে
কিচমিচৰ সৈতে গাখীৰ
যদি আপুনি ওজন বৃদ্ধি কৰিব বিচাৰে তেন্তে গাখীৰৰ সৈতে মিহলি কিচমিচ খালে অতি উপকাৰী। তিয়াই থোৱা কিচমিচে ওজন বৃদ্ধিত সহায় কৰে। যদি আপুনি দৈনিক কিচমিচ মিহলি গাখীৰ খায়, তেন্তে কেইদিনমানৰ ভিতৰতে পাৰ্থক্য দেখা যাব।
আলমণ্ড আৰু গাখীৰ
আলমণ্ড হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল। আলমণ্ডৰ লগত গাখীৰ খালে ওজন বৃদ্ধি পায়। আলমণ্ডৰ গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এইদৰে গাখীৰ খালে ওজনৰ লগতে স্মৃতিশক্তিও বৃদ্ধি পায়। স্বাস্থ্যৰ বাবেও আলমণ্ড উপকাৰী।
ডুমুৰৰ সৈতে
ডুমুৰত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু ভিটামিন ডুমুৰত থাকে। গাখীৰৰ লগত ডুমুৰ খোৱাৰ ফলত ওজন বৃদ্ধি পায়। এইদৰে গাখীৰ খোৱাৰ ফলত বহু ৰোগৰ আশংকা দূৰ হয়।
নলবাৰীত ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ’ৰ ৩০ তম বাৰ্ষিক অধিবেশন। নলবাৰী মহাবিদ্যালয় প্ৰাংগনত আজিৰে পৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ’ৰ বাৰ্ষিক অধিৱেশন খন ।
“কলাৰ মাধ্যমেৰে কেনেকৈ কলাৰ পৰিবেশ বুজিব পাৰি” এই মূল বিষয় বস্তু লৈ আৰম্ভ হোৱা এই অধিবেশনত দেশৰ ভিন্ন প্ৰান্তৰ ৰাজ্যৰ প্ৰায় এশ গৰাকীতকৈ অধিক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। আনহাতে আজিৰ এই অধিবেশনৰ প্ৰধান দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা।
মন্ত্ৰী গৰাকীয়ে অধিবেশনখন উন্মোচন কৰাৰ লগতে অধিবেশন উপস্থিত শিক্ষাৰ্থী তথা ব্যক্তি সকলৰ উদ্দেশ্য সাৰুৱা ভাষণ প্ৰদান কৰাত পৰিলক্ষিত হয়।
তদুপৰি আজিৰ এই কাৰ্যসূচীত অৱসৰ প্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া ভি.বি. প্যাৰেলাল,নতুন দিল্লীৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ড৹ ৰাকেশ তিৱাৰী সহ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কমল নাৰায়ণ পাটোৱাৰী,মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। -ধ্ৰুব জ্যোতি মালাকাৰ
সভাত মুখ্য আয়ুক্ত গৰাকীয়ে উপস্থিত সকলোকে অৱগত কৰে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ একক চিন্তা আৰু প্ৰচেষ্টাৰ ফচল এই আইনখন এক অভিনৱ আইন আৰু সমগ্ৰ ভাৰতৰ ভিতৰত অসমেই বৰ্তমানলৈকে এই আইন প্ৰণয়ন কৰা একমাত্ৰ ৰাজ্য । তেখেতে সভাখন সম্বোধন কৰি ৰাইজক এই নতুন আইনখনৰ বিষয় অৱগত কৰি ইয়াৰ সুবিধা সমূহৰ প্ৰতি সজাগ আৰু এই আইনৰ আওতালৈ আহিব পৰা হিতাধিকাৰীৰ বিষয়ে এক স্পষ্ট ধাৰণা দিয়াৰ চেষ্টা কৰাই আজিৰ সভাৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে ।
এই আইনখনে মূলতঃ চৰকাৰী কৰ্মচাৰী, চৰকাৰী প্ৰতিষ্ঠান, ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলক আইনৰ পৰিধিৰ ভিতৰত সামৰি লৈ চৰকাৰৰ দ্বাৰা প্ৰস্তুত নিৰ্দিষ্ট ব্যৱস্থাৱলীৰে সঠিক সময়ত ন্যায় প্রদান কৰা । অসম চৰকাৰৰ কৰ্মচাৰীৰ কোনো দিব্যাংগ ভাতৃ-ভগ্নী বা অভিভাৱক যদি আর্থিকভাবে অবহেলিত হয়, তেন্তে তেওঁলোকে দাবী কৰিলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ মাহিলী বেতনৰ পৰা ১০ শতাংশ ধনৰাশি (আৰু বিশেষ পৰিস্থিতিত ১৫ শতাংশ পর্যন্ত) আর্থিক সাহায্যৰূপে প্ৰদান কৰা হ’ব।
যদি চৰকাৰী কৰ্মচাৰী এজনৰ অৱসৰৰ আগতে মৃত্যু হয়, তেন্তে তেওঁৰ নিৰ্ভৰশীল আৰু আর্থিকভাৱে অবহেলিত পিতৃ-মাতৃ বা দিব্যাংগ ভাই-ভনীসকলে পত্নী/উত্তৰাধিকাৰীয়ে লাভ কৰা সহানুভূতিশীল পেঞ্চনৰ (Compassionate Pension) ১০% (আৰু ব্যতিক্রমী ক্ষেত্ৰত ১৫%) লৈকে ক্ষতিপূৰণ দাবী কৰিব পাৰিব। অৱশ্যে এইটো পাৰিবাৰিক পেঞ্চনৰ (Family Pension) ক্ষেত্ৰত প্রযোজ্য নহয়।
এই বিষয়ক আবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰ্থিক আহৰণ আৰু বিতৰনকাৰী বিষয়া সকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। আবেদনকাৰীয়ে প্ৰথম নিজৰ আবেদন DDO সকলৰ ওচৰত দাখিল কৰিব পাৰিব আৰু DDO সকলে আবেদনৰ যোগ্যতা নিৰূপন কৰি ৯০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব লাগিব। যদি মনোনীত কৰ্তৃপক্ষই কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ আবেদন গ্ৰহণ নকৰে বা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন নিষ্পত্তি নকৰে তেন্তে প্ৰণাম আয়োগৰ তৰফৰ পৰা প্রতিদিনে ১০০ টকাৰ জৰিমনা বিহাৰো ব্যৱস্থা আছে।
সীমিত সময়সীমাৰ ভিতৰত ডিডিঅ’জনে যদি বিষয়টো নিষ্পত্তি কৰাত অসমৰ্থ হয় অথবা কৰ্মচাৰীজনে, অভিভাৱকে বা দিব্যাংগ তা- ভগ্নীসকলে যদি মনোনীত কৰ্তৃপক্ষই জাৰী কৰা নিৰ্দেশত অসন্তুষ্ট হৈ পৰে তেনেহ’লে প্রথম আপীলকর্তা বিষয়াৰূপে থকা সংমণ্ডলৰআয়ুক্তৰ ওচৰত আবেদন কৰিব লাগিব। সংমণ্ডলৰ আয়ুক্তজনে যদি ৬০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব নোৱাৰে অথবা সংশ্লিষ্ট যিকোনো পক্ষই উক্ত নির্দেশত অসন্তুষ্ট হয় তেনেহ’লে তেওঁলোকে প্রণাম আয়োগৰ ওচৰত আৱেদন কৰিব পাৰিব। তেতিয়া প্রনাম আয়োগে ৯০ দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব আৰু আয়োগৰ সিদ্ধান্তই চূড়ান্ত আৰু সমর্থনযোগ্য হ’ব।
আজিৰ সভাত আয়োগৰ মুখ্য আয়ুক্ত প্যাৰেলাল মহোদয়ে আইনখনৰ সৈতে জড়িত বিভিন্ন দিশ সম্বন্ধে উপস্থিত বিষয়াবৰ্গৰে মত বিনিময় কৰে আৰু আইনখন কাৰ্যক্ষেত্ৰত ফলপ্ৰসু কৰি তোলাৰ ক্ষেত্ৰত সকলোৰে সক্ৰিয় সহযোগিতাৰ কামনা কৰে । -ধ্ৰুব জ্যোতি মালাকাৰ