Home Blog Page 1831

আজি অসমলৈ কামাখ্যা দৰ্শনৰ বাবে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেসহ মন্ত্ৰী-বিধায়কসকল…

আজি অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ সহযোগী মন্ত্ৰী তথা বিধায়কসকলো অসমলৈ আহিব। শক্তিপীঠ কামাখ্যা দৰ্শনৰ বাবে মুখ্যমন্ত্ৰী সিন্দেসহ অন্যান্য বিধায়কসকল অসমলৈ আহিব। সিন্দে বাহিনীক আদৰিবলৈ অসমত থকা সিন্দেৰ সমৰ্থকসকলে মহানগৰীৰ জালুকবাৰীৰ পৰা কামাখ্যালৈকে ঠায়ে ঠায়ে হৰ্ডিংসমূহ আঁৰিছে।হৰ্ডিঙৰ ওপৰৰ অংশত মাৰাঠী ভাষাত লিখা হৈছে “বালাচাহেবৰ শিৱসেনা”। ইয়াৰ তলৰ অংশত হিন্দীত লিখা হৈছে- “হিন্দুত্বৰ গৌৰৱ, মহাৰাষ্ট্ৰৰ বৈভৱ একনাথজী শিন্দে মহাশয়, সহযোগী মন্ত্ৰী আৰু সকলো বিধায়কক মা কামাখ্যাৰ পবিত্ৰ ভূমিত উষ্ম আদৰণি।”

উল্লেখ্য যে, বিগত জুন মাহত মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টিৰে অসমলৈ আহিছিল একনাথ সিন্দে। কংগ্ৰেছ-এনচিপিৰে তদানীন্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত চলা শিৱসেনাৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ কৰি তেওঁলোক ২২ জুনত গুৱাহাটীলৈ আহিছিল। মহানগৰীৰ হোটেল ৰেডিছন ব্লু’ত বাহৰ পাতিছিল।

মন কৰিব লগীয়া যে, উদ্ধৱ ঠাকৰেই পিতৃ বালাচাহেব ঠাকৰেৰ হিন্দুত্বৰ আদৰ্শৰ পৰা ফালৰি কটাৰ গুৰুত্বৰ অভিযোগ সিন্দেই উত্থাপন কৰিছিল। ইয়াৰ পাছতেই এজনকৈ এজনকৈ মন্ত্ৰী বিধায়কে উদ্ধৱ ঠাকৰেৰ সংগ এৰিছিল আৰু সিন্দেই সমৰ্থন দিয়া আৰম্ভ কৰিছিল।

এই বৰ্ষৰ জুন মাহটো হোটেল ৰেডিছন ব্লু’ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছিল। সিন্দেসহ তেওঁৰ সমৰ্থক মন্ত্ৰী বিধায়কে অসমলৈ আহি মহাৰাষ্ট্ৰৰ চৰকাৰ সলনি কৰাৰ যি পৰিকল্পনাৰ বাবে ৭ টাকৈ দিন দেশৰ ৰাজনৈতিক মহলত তোলপাৰ লগাইছিল সেয়া লক্ষণীয় আছিল।

মহাৰাষ্ট্ৰলৈ উভতি যোৱাৰ প্ৰাকক্ষণত অৰ্থাৎ ২৯ জুনত বিসম্বাদী বিধায়কসহ শক্তিপীঠ কামাখ্যালৈ সিন্দে গৈছিল। তেওঁ মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনাও আগবঢ়াইছিল। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ সূচনা হৈছিল।

বিজেপিৰ সমৰ্থনত চৰকাৰ গঠনেৰে মুখ্যমন্ত্ৰীৰ আসনত একনাথ সিন্দে বহিছিল। হয়তো মা কামাখ্যাৰ ওচৰত সিন্দেই ইয়াৰেই কামনা কৰিছিল। এই কামনা পূৰণ হোৱা হেতুকে পুনৰ মা কামাখ্যাৰ ওচৰলৈ সিন্দে বাহিনী আহিব।

জানিব পৰা মতে, কামাখ্যা দৰ্শনৰ পাছতেই নিশা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত কটাই কাইলৈ মহাৰাষ্ট্ৰলৈ উভতি যাব সিন্দে বাহিনী।

গাজিয়াবাদত পেট্ৰ’লৰ মূল্য সামান্য হ্ৰাস, ৯৬.৫৮ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৮৯.৭৫ টকা…

পেট্ৰ’ল-ডিজেলৰ মূল্য আজিঃ গাজিয়াবাদত পেট্ৰ’লৰ মূল্য সামান্য হ্ৰাস পাই ৯৬.৫৮ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৮৯.৭৫ টকা হৈছে।

পেট্ৰ’ল, ডিজেলৰ মূল্য আজিঃ গ্ৰাহকৰ বাবে সকাহ স্বৰূপে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য কিছু হ্ৰাস পাইছে। নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদত ইন্ধনৰ মূল্য সামান্য হ্ৰাস পোৱাৰ বিপৰীতে দিল্লীকে ধৰি অন্যান্য চহৰতো ইন্ধনৰ মূল্য একেই আছে। মন কৰিবলগীয়া যে তেল বিপণন প্ৰতিষ্ঠানসমূহে প্ৰতি মাজনিশা পেট্ৰ’ল আৰু ডিজেলৰ হাৰ নিৰ্ধাৰণ কৰে আৰু মূল্যৰ শেষৰটো ডাঙৰ উঠা-নমা মে’ মাহত হৈছিল যেতিয়া কেন্দ্ৰই পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত আবকাৰী শুল্ক ৮ টকা আৰু ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ৬ টকাকৈ আবকাৰী শুল্ক হ্ৰাস কৰিছিল।

আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.৬০ টকা, প্ৰতি লিটাৰত ৯৬.৭০ টকাৰ পৰা ১৯ পইচা হ্ৰাস পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৯.৭৭ টকা, প্ৰতি লিটাৰত ৯০.০৮ টকাৰ পৰা ০.৩১ পইচা হ্ৰাস। গাজিয়াবাদত পেট্ৰ’লৰ মূল্য সামান্য হ্ৰাস পাই প্ৰতি লিটাৰত ৯৬.৫৮ টকা আৰু ডিজেলৰ মূল্য ৮৯.৭৫ টকা হৈছে। দিল্লীৰ বৰ্তমান প্ৰতি লিটাৰৰ মূল্য স্থিৰ হৈ আছে গেছলিনৰ ৯৬.৭২ টকা আৰু ডিজেলৰ ৮৯.৬২ টকা।

আপোনাৰ চহৰত আজি অৰ্থাৎ ২০২২ চনৰ ২৫ নৱেম্বৰত পেট্ৰ’ল, আৰু ডিজেলৰ দাম ইয়াত দিয়া হ’ল:

গাজিয়াবাদঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ৯৬.৫৮ টকা, ডিজেল- প্ৰতি লিটাৰত ৮৯.৭৫ টকা

চণ্ডীগড়ঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ৯৬.২০ টকা, ডিজেল- প্ৰতি লিটাৰত ৮৪.২৬ টকা

ফৰিদাবাদঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ৯৭.৪৯ টকা, ডিজেল- প্ৰতি লিটাৰত ৯০.৩৫ টকা

নয়ডাঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ৯৬.৬০ টকা, ডিজেল- প্ৰতি লিটাৰত ৮৯.৭৭ টকা

ভোপালঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ১০৮.৬৫ টকা, ডিজেল- প্ৰতি লিটাৰত ৯৩.৯০ টকা

কলকাতাঃ পেট্ৰ’ল- ১০৬.০৩ টকা প্ৰতি লিটাৰ, ডিজেল- ৯৪.১০ টকা প্ৰতি লিটাৰ

মুম্বাইঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ১০৬.৩১ টকা, ডিজেল- প্ৰতি লিটাৰত ৯৪.২৭ টকা

চেন্নাইঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ১০২.৬৩ টকা, ডিজেল- প্ৰতি লিটাৰত ৯৪.২৪ টকা

গুৰুগ্ৰামঃ পেট্ৰ’ল- প্ৰতি লিটাৰত ৯৭.১৮ টকা, ডিজেল- প্ৰতি লিটাৰত ৯০.০৫ টকা

এতিয়াও বিশ্বৰ ৪০ নিযুত শিশুৱে লাভ কৰা নাই সৰু আইৰ ভেকছিন…

সমগ্ৰ বিশ্বকে সৰু আইৰ দৰে মাৰক ৰোগৰ পৰা মুক্ত কৰিব বিচৰা হৈছে যদিও এতিয়াও বিশ্বৰ কোটি কোটি শিশুৱে লাভ কৰা নাই সৰু আইৰ ভেকছিন। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি ২০২১ চনত বিশ্বজুৰি প্ৰায় ৪০ নিযুত শিশুৱে সৰু আইৰ ভেকছিনৰ পালি লাভ কৰিব পৰা নাই। শেহতীয়া এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) যুটীয়াভাৱে প্ৰকাশ কৰা প্ৰতিবেদন খনত কোৱা হৈছে যে এই শিশুৰ বাবে মাৰাত্মক ৰোগটো দূৰ কৰাৰ ক্ষেত্ৰত এক বিশ্বৰ বহু দেশ বিফল হৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে এই বিড়ম্বনাটো এই বুলি মন্তব্য কৰিছে যে যদিও কোভিডৰ বিৰুদ্ধে ভেকছিনবোৰ অভিলেখ হাৰত দিয়া হৈছে সৰু আইৰ ভেকছিনৰ ক্ষেত্ৰত অৱহেলা কৰা হৈছে। ফলত লাখ লাখ লোক সংকটৰ ক সন্মুীন হৈছে।”টিকাকৰণ কাৰ্যসূচীবোৰ পুনৰ সক্ৰিয় কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ আঁৰত শিশু প্ৰতিৰোধযোগ্য ৰোগৰ আশংকা আছে,” তেওঁ কয়।

প্ৰতিবেদন অনুসৰি ২৫ নিযুত শিশুৱে সৰুআইৰ ভেকছিনৰ তেওঁলোকৰ প্ৰথম পালিটো পোৱা নাই। আনহাতে ১৪.৭ নিযুত শিশুৱে তেওঁলোকৰ দ্বিতীয়টো পালিটো পোৱা নাই। উল্লেখ্য টিকাকৰণৰ জৰিয়তে সৰু আই প্ৰায় সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পাৰি।যিহেতু ৰোগবিধ অতিকৈ সংক্ৰামক সেয়ে আনুমানিক ৯৫ শতাংশ শিশুক দুটা বা ততোধিক পালিৰ টিকাকৰণ কৰা প্ৰয়োজন ।

২০২১ চনত, বিশ্বব্যাপী মাত্ৰ ৮১ শতাংশ শিশুৱে তেওঁলোকৰ প্ৰথম পালি প্ৰাপ্ত কৰিছিল আৰু ৭১ শতাংশই তেওঁলোকৰ দ্বিতীয় পালি লাভ কৰিছিল।সৰ্বাধিক সংখ্যক নৱজাতক থকা পাঁচখন দেশ যিবোৰ দেশৰ প্ৰায়ভাগ শিশুৱেই সৰু আইৰ ভেকছিনৰ প্ৰথম পালি প্ৰাপ্ত কৰা নাছিল সেইবোৰ দেশ হৈছে নাইজেৰিয়া, ভাৰত, কঙ্গো গণতান্ত্ৰিক গণৰাজ্য, ইথিওপিয়া আৰু ইণ্ডোনেছিয়া।

দীননাথ কোঁৱৰ সংবাদজ্যোতি-নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা প্ৰদান দুই তৰুণক…


বিশিষ্ট কবি তথা প্ৰবীণ সাংবাদিক নগেন কোঁৱৰে চাৰিকুৰি বৰ্ষত ভৰি দিলে। এইলৈ সতীৰ্থ সংগম আৰু সৃষ্টি প্ৰকাশৰ উদ্যোগত এখনি সভা অনুষ্ঠিত কৰা হয়। গহপুৰ নগৰৰ ২ নং ৱাৰ্ডৰ সতীৰ্থ সংগম স্থলী তথা নগেন কোঁৱৰৰ বাসগৃহত যোৱা ২৩ নৱেম্বৰত দিনৰ ১১.৩০ বজাত ওপজা দিন পালন কৰা হয়। বিপুল কুমাৰ দিহিঙীয়াই আঁতধৰা সভাত নগেন কোঁৱৰৰ ‘বুৰঞ্জী-কৃষ্টি আৰু স্মৃতি’ উন্মোচন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাই।

তেওঁ ভাষণ প্ৰসংগত গ্ৰন্থখনিৰ কেতবোৰ বিষয়ৰ ওপৰত বক্তব্য ৰাখে। সাতটি ভিন্ন বিষয়ক প্ৰবন্ধ-নিবন্ধ থূপাই সৃষ্টি প্ৰকাশে প্ৰকাশ কৰা গ্ৰন্থখনিত ‘ত্ৰয়োদশ শতিকাত অসমলৈ প্ৰব্ৰজিত তাই আহোমৰ ধৰ্ম’, ‘ভাষাৰ সংকট’, ‘লোকসংস্কৃতি বিহু আৰু ক্ৰমবিকাশ’, ‘আপুনিও এগৰাকী সাংবাদিক হ’ব বিচাৰে নেকি’, ‘বিহংগম দৃষ্টিত বিশ্বনাথৰ কবিতা’, ‘হাতেলিখা আলোচনী নৱৰূপা’ আৰু ‘যন্ত্ৰণাৰ সোণোৱালী মায়া’ শীৰ্ষক লেখাৰে সমৃদ্ধ বুলি উল্লেখ কৰি ড০ ওজাই নগেন কোঁৱৰ গহপুুুৰৰ অন্যতম এগৰাকী প্ৰথিতযশা সাহিত্যিক বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কোঁৱৰ পৰিয়ালৰ জ্যেষ্ঠা যশোদা কোঁৱৰে তেওঁলোকৰ পিতৃ-মাতৃ প্ৰয়াত দীননাথ কোঁৱৰ আৰু নিৰ্মলা কোঁৱৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে সুঁৱৰি বক্তব্য ৰাখে। বিশিষ্ট কবি নগেন কোঁৱৰে আদৰণী ভাষণ আগবঢ়োৱা সভাত ওপজা দিনৰ ওলগনি ভাষণ আগবঢ়াই ৰাজ্যিক কৃতী শিক্ষক তথা বিশিষ্ট কবি জগদীশ শৰ্মাই।

নগেন কোঁৱৰৰ এটি কবিতা আবৃত্তি কৰি অনুষ্ঠান জীপাল কৰি তোলে পিংকু বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ কুমাৰ দত্তই। বিশিষ্ট কবি-গীতিকাৰ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঞি, চাও চন্দন বৰুৱা, চন্দিকা দত্ত কোঁৱৰ, সবিতা কোঁৱৰ, তৰুণ বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে স্বৰচিত কবিতা পাঠ কৰি জন্মদিনৰ ওলগ জনায়। সভাতেই নগেন কোঁৱৰৰ পিতৃ দীননাথ কোঁৱৰ আৰু মাতৃ নিৰ্মলা কোঁৱৰৰ স্মৃতিত যোৱা বৰ্ষৰ পৰা প্ৰদান কৰি অহা দীননাথ কোঁৱৰ সংবাদজ্যোতি বঁটা আৰু নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা জিলাখনৰ দুই তৰুণক প্ৰদান কৰা হয়। দীননাথ কোঁৱৰ সংবাদজ্যোতি বঁটা-২২ লাভ কৰে সাংবাদিক পলাশ ফুকনে। ‘নিউজ-১৮ অসম নৰ্থ ইষ্ট’ চেনেলত ভালেসংখ্যক যোগাত্মক বাতৰি পৰিৱেশন কৰি চৰ্চা লাভ কৰা পলাশ ফুকনে সেই নিউজ চেনেলত ২০১৯ চনৰ পৰা সেৱা আগবঢ়াই আহিছে। ‘দৈনিক বাৰ্তা’ কাকতত হেলেমৰ পৰাও ২০১৭ চনৰ পৰা সেৱা আগবঢ়াই অহা পলাশ ফুকন এগৰাকী তৰুণ কবিও। ঠিক সেইদৰে ধেমাজিৰ জীয়ৰী অৰ্থাৎ গহপুুুৰ ধোপাবৰৰ বোৱাৰী মধুস্মিতা চমুৱা বৰুৱাকো ‘নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা-২২ অনুষ্ঠানতে প্ৰদান কৰা হয়। অসমৰ বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ কাব্য চৰ্চা কৰি অহা চমুৱা বৰুৱাৰ ইতিমধ্যে ‘মই কৃষক কন্যা’ শীৰ্ষক এখনি কাব্য সংকলন প্ৰকাশ পাইছে। সদৌ অসম কবি সন্মিলনৰ বিশ্বনাথ জিলা কবি সন্মিলন, বিশ্বনাথ জিলা সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ অহা মধুস্মিতা চমুৱা বৰুৱাই এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতাৰে দৰে মহান কৰ্মত নিয়োজিত হৈ আহিছে।

বিশিষ্ট কবি নগেন কোঁৱৰক বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে ফুলাম গামোচা আৰু লাচিত বৰফুকনৰ এখন প্ৰতিচ্ছবি অৰ্পণ কৰাৰ লগতে গহপুুুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত, গহপুুুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰা, বিশিষ্ট লেখিকা তথা অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লোকেশ্বৰী সন্দিকৈ, ভুৱন চন্দ্ৰ বৰা, জৱাহৰলাল মিলি, দিলীপ চাংমাই, অনিত শইকীয়া, ৰূপকোঁৱৰ মিলি, কুশল শৰ্মা, ভৰত বৰা, নিকুঞ্জ কোঁৱৰ মহন্ত, দেৱ বৰুৱা, পূৰৱী বৰুৱা, নৱজিৎ শইকীয়া, দীপ কুমাৰ শৰ্মা, বিশ্বজ্যোতি সেনাপতি, অমৰজ্যোতি বৰা, দীপা শইকীয়া, সুৰেন শৰ্মা, সংগীতা দিহিঙীয়া, নৱকান্ত দলেকে ধৰি ভালেসংখ্যক গুণমুগ্ধই ওপজা দিন কাৰ্যসূচীত উপস্থিত থাকি গ্ৰন্থৰ টোপোলা, ফুলাম গামোচা-চেলেং, সম্বৰ্ধনা পত্ৰ আদিৰে জন্মদিনৰ ওলগ, শুভেচ্ছা জ্ঞাপন কৰে। ওপজা দিনত নগেন কোঁৱৰৰ নাতি ভাস্কৰজ্যোতি দিহিঙীয়া, অৰ্ণৱজ্যোতি বৰা, লুইত দ্বীপন দিহিঙীয়া আৰু অনুপম কৰ্মকাৰে নৃত্য-গীত-কবিতা আবৃত্তি কৰি অনুষ্ঠান সজীৱ কৰি তোলে। উল্লেখ্য যে ইতিমধ্যে বিভিন্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট কবি তথা প্ৰবীণ সাংবাদিক নগেন কোঁৱৰৰ বাৰখন গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰোপৰি তেওঁ বাৰখনতকৈও অধিক গ্ৰন্থ সম্পাদনা কৰিছে। ১৯৪৩ চনৰ ২৩ নৱেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰা কোঁৱৰে ১৯৬৮ চনত ‘অসম বাতৰি’ত স্থানীয় সাংবাদিক হিচাপেও সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে। অধুনালুপ্ত ‘গহপুৰ সংবাদ’ৰ মুখ্য সম্পাদক হিচাপে সেৱা আগবঢ়োৱা নগেন কোঁৱৰ অসম সাহিত্য সভাৰ লগতে সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য। সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি হিচাপেও দায়িত্বত থকা কোঁৱৰ গহপুুুৰ শাখা সাহিত্য সভা, গহপুুুৰ কবি কাননৰো সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰে।নিতুল বৰা গহপুৰ ।

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীত জিলা ভিত্তিত বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ওপৰত লিখা ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক পুৰস্কাৰ বিতৰণ…

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অন্তিম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰৰ দ্বাৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জন্মজয়ন্তীৰ সমাপন সমাৰোহৰ পোণপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে নতুন দিল্লীত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ সমাপন সমাৰোহত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। নতুন দিল্লীৰ অনুষ্ঠানৰ পোণপটীয়া সম্প্ৰচাৰৰ পিছতে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি জিলা ভিত্তিত বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ওপৰত লিখা ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক পুৰস্কাৰ বিতৰণ কৰা হয়।

এই পুৰস্কাৰ সমূহ বিতৰণ কৰে জিলা উপায়ুক্ত, অৰক্ষী অধীক্ষককে ধৰি জিলাখনৰ উচ্চ পদস্থ বিষয়া সকলে। উল্লেখ্য যে চাৰিটা শাখাত বিভক্ত এই প্ৰতিযোগিতাৰ ক শাখা (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ)ত জ্যোতিষ্মিতা ডেকাই প্ৰথম, নিশিতা দাসে দ্বিতীয়, অৰ্ণব মধুকুল্যই তৃতীয়; খ শাখা (ষষ্ঠম মান শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ)ত জ্যোতিষময় দাসে প্ৰথম, কিষাণ ৰাভাই দ্বিতীয়, কৰণ কলিতাই তৃতীয়; গ শাখা (নৱমমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈ)ত ৰাখী দাসে প্ৰথম, ফিজাবিন চুলতানাই দ্বিতীয়, জেমিনা পাৰবিনে তৃতীয়; ঘ শাখা (একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ)ত কাকলি দাসে প্ৰথম, চিন্ময় মালাকাৰে দ্বিতীয়, জাগৃতি কলিতা আৰু ৰিমজিম বেগমে তৃতীয় স্থান লাভ কৰে। তদুপৰি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত বীৰ লাচিত বৰফুকন আৰু অসম বিষয়ক সদৌ অসম ভিত্তিত আয়োজিত আন্তঃশিক্ষানুষ্ঠান প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগী সকলকো আজিৰ এই অনুষ্ঠানতে প্ৰাইজমানি সহ পুৰস্কৃত কৰা হয়। উল্লেখ্য যে এই প্ৰতিযোগিতাখনত কটন বিশ্ববিদ্যালয় আৰু পূৱ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ক্ৰমে অংকুৰজ্যোতি শৰ্মা আৰু সঞ্জীৱ দাসে প্ৰথম, নলবাৰী মহাবিদ্যালয়ৰ কৰবী শৰ্মা আৰু ময়ুৰাক্ষী ভট্টাচাৰ্যই দ্বিতীয়, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰিয়াৰাণী ঠাকুৰীয়া আৰু গীতালী পাঠকে তৃতীয় স্থান লাভ কৰিছিল। অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, অতিৰিক্ত উপায়ুক্ত সকলকে ধৰি অন্যান্য বিষয়া সকল উপস্থিত থাকে।


আনহাতে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ অন্তিম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা ৫.৩০ বজাত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰৰ পৰা চাংসাৰি হৈ পুনৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰলৈ এখন ‘বীৰ লাচিত’ শীৰ্ষক পুৰুষ আৰু মহিলাৰ প্ৰাইজমানি হাফ্ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ফ্লেগ অফ্ কৰি শুভাৰম্ভ কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জাল্লীয়ে। অসমৰ বিভিন্ন জিলাৰ ২২ গৰাকী মহিলা আৰু ৫২ গৰাকী পুৰুষ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। প্ৰতিযোগিতাৰ অন্তত বিজয় হোৱা ৫ গৰাকী পুৰুষ আৰু ৬ গৰাকী মহিলা খেলুৱৈক মানপত্ৰ আৰু প্ৰাইজমানিৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে এই প্ৰতিযোগিতাত মহিলাৰ শাখাত কাৰ্বিআংলং জিলাৰ লিলি ফাংচুপিয়ে প্ৰথম, কামৰূপ মহানগৰ জিলাৰ সবিতা কুমাৰীয়ে দ্বিতীয়, কুটন গোড়ে তৃতীয়, কামৰূপ জিলাৰ ৰেজিনা পাৰবিনে চতুৰ্থ, বৰ্ণালী দাসে পঞ্চম আৰু পূজা দাসে ৬ষ্ঠ স্থান লাভ কৰি পুৰস্কৃত হয়। আনহাতে পুৰুষৰ শাখাত কামৰূপ জিলাৰ ছানিদুল ইছলামে প্ৰথম, বিশ্বনাথ জিলাৰ বিজন্ত খাৰিয়াই দ্বিতীয়, কামৰূপ জিলাৰ হবিবুল আহমেদে তৃতীয়, লোকমান আলী চতুৰ্থ আৰু বনজিৎ তালুকদাৰে পঞ্চম স্থান লাভ কৰি পুৰস্কৃত হয়। পুৰস্কাৰ বিতৰণী অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে দৌৰবিদ সকলক খেলুৱৈ সুলভ মনোভাৱেৰে খেলিবলৈ আহ্বান জনায়।

খেলুৱৈ সকলক দেশৰ একো একোগৰাকী সম্পদ বুলি মন্তব্য কৰি কঠোৰ অনুশীলনৰ জৰিয়তে বিভিন্ন আগশাৰীৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰাজ্য তথা দেশৰ নাম উজলোৱাৰ বাবে তেওঁ আহ্বান জনায়। মাৰাথন দৌৰ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানত কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বেৰ লগতে সহযোগী প্ৰতিষ্ঠান সমূহৰ বিষয়ববীয়া সকলেও বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, অতিৰিক্ত উপায়ুক্ত প্ৰনৱজোতি গোস্বামী, অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈ,উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, জনসংযোগ বিভাগৰ বিষয়া বঙ্কিম চন্দ্ৰ ভাগৱতী, জিলা শিক্ষা বিষয়া অপুৰ্ব ঠাকুৰীয়া, জিলা উন্নয়ন বিভাগ, ক্ৰীড়া বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলো উপস্থিত থাকে।

অসম চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ বগাচলাৰ বিধৱা মহিলা জোনালী ডেকাৰ মুখ্যমন্ত্ৰীক চাকৰিটো দিয়াৰ কাতৰ প্ৰাৰ্থনা…

এগৰাকী বিধৱা মহিলা।বয়স ২৫ বছৰমান হ’ব।দুই এমা-ডিমা সন্তানৰ সৈতে আছিল চাৰি গৰাকী পৰিয়াল।দিন হাজিৰাই পৰিয়ালটোৰ বাবে একমাত্ৰ সম্বল। পিছে নিয়তিৰ কি পৰিহাস।আজিৰ পৰা প্ৰায় পাঁচ বছৰ আগতে স্বামী এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাত তিনিজনীয়া পৰিয়ালটোলৈ নামি আহে ঘোৰ অমানিশা ।যাৰ পিছত স্বামীক অকালতে হেৰুৱাই জীৱন পথৰ দিকবিদিক হেৰুৱাই পেলোৱা পত্নী জোনালী ডেকাই দুই এমা-ডিমা সন্তানক বুকুত সাবোচ মাৰি ধৰি দিন হাজিৰা, খুজি-মাগি এক যন্ত্ৰণাকাতৰ দুখময় জীৱন অতিবাহিত কৰাৰ মাজতে অসম চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে।

ভগবানৰ কৃপা জোনালী ডেকাই কৃতিত্বৰে উত্তীৰ্ণ হয় এই পৰীক্ষাত।এদিন বাহিৰলৈ কাম কৰিবলৈ ওলাই নগ’লেই তিনি পৰিয়ালে ভোকে-লঘোনে কটাবলগীয়া হোৱা জোনালী ডেকাই কোনো টকা -পইচা নোলোৱাকৈয়ে পৰীক্ষা দি উত্তীৰ্ণ হোৱাত চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীলৈ জনাইছে কৃতজ্ঞা আৰু ধন্যবাদ। সন্তান দুটাক জীয়াই ৰখাৰ স্বাৰ্থত যেন মুখ্যমন্ত্ৰীয়ে তেওঁক চাকৰিটো দি মহৎ উপকাৰ সাধন কৰে।এক আশাৰে চাকৰি লাভৰ সেই দিনলৈ বাট চাই আছে। ভগবানৰ ওচৰত জোনালী ডেকাই মুখ্যমন্ত্ৰীৰ সু-স্বাস্থ্য দীৰ্ঘায়ু জীৱন কামনা কৰি সদায়ে প্ৰাৰ্থনা কৰিছে। ইফালে নিচেই সৰুতে দেউতাকক হেৰুৱাই এসাঁজ খাই, দুসাঁজ লঘোনে থকা এমা -ডিমা দুই সন্তানেও মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে যে সিহঁতৰ দেউতাকৰ অৱৰ্তমানত জীয়াই থকাৰ পৰিৱেশ নোহোৱা হৈ পৰিছে।

কিমান দিনলৈ ভোগী থাকিব পেটৰ জলা-যন্ত্ৰনা। মুখ্যমন্ত্ৰীয়ে যেন সিহঁতৰ মাকক চাকৰিটো দিয়ে।ঘৰৰ ফালে চালে ব্যক্তি মাত্ৰকে চকুলো ওলোৱা পৰিৱেশ বিৰাজমান জোনালী ডেকাক সকলোৱে সন্তান দুটি পঢ়ি-শুনি জীয়াই থকাৰ মানৱীয় স্বাৰ্থতে এটা চাকৰি পোৱাটো অন্তৰৰ পৰা কামনা কৰিছে।চেঙেলীয়াঝাৰৰ যুৱ সমাজকৰ্মী আহমদ আলীয়ে জানিব দিয়া মতে বাৰিষা সময়ত জোনালী ডেকাই তিনি পৰিয়ালৰ পেটৰ ভাতমুঠিৰ বাবে তেওঁৰ মাটিত দিন হাজিৰাত কঠীয়া ৰুইছিল।নিচেই সৰু সন্তান দুটাক বাঘৰ কৰাৰ বাবে জোনালী ডেকাই অশেষ কষ্ট স্বীকাৰ কৰি আহিছে। স্বামীক অকালতে হেৰুৱাই নিঠৰুৱা হৈ পৰা জোনালী ডেকাক মুখ্যমন্ত্ৰীয়ে চতুৰ্থ শ্ৰেণীৰ চাকৰিটো দিলে তেওঁৰ লগতে সকলো লোকেই শান্তি তথা সুখী হ’ব বুলি আশা প্ৰকাশ কৰে।আমিও বিচাৰিছোঁ জোনালী ডেকাক মুখ্যমন্ত্ৰীয়ে চতুৰ্থ শ্ৰেণীৰ চাকৰি দিলে এমা-ডিমা দুই সন্তানৰ পঢ়া-শুনাকে ধৰি সকলো ফালৰ পৰা উপকৃত হ’ব।

নিয়তিৰ ওচৰত হাৰ মানিলে জৰবাই, ৬০টা চোৰাং চিকাৰীৰ সন্ধান দিয়া ‘চোৰাংচোৱা’ই চকু মুদিলে…


বিশ্বৰ সর্বাধিক এটা খড়গ থকা গড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দায়িত্ব বহন কৰিছিল জৰবাই ৷ ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে বন,আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ উপৰিও জৰবাক দিয়া হৈছিল গধুৰ দায়িত্ব। যি দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিছিল জৰবাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ এক নতুন চিন্তাৰে ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ সহযোগত বিদেশী অভিজ্ঞ প্রশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্রাপ্ত জৰবাক ২০১২ চনত কাজিৰঙালৈ অনা হৈছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এটাৰ পাছত এটাকৈ গঁড় নিধন কৰি সুৰক্ষাকৰ্মীৰ নিদ্ৰাহৰণ কৰি থকাৰ সময়তে জৰবাক চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ দায়িত্ব দিয়া হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে জৰবাৰ সহযোগত চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল। এই জৰবা অলপতে বাধ্যকজনিত কাৰণত মৃত্যু হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত চোৰাং চিকাৰীৰ সন্ধান দিয়া জৰবাৰ মৃত্যুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গভীৰ শোক প্রকাশ কৰিছে। উল্লেখ্য, জৰবা বেলজিয়াম মালিনইচ প্ৰজাতিৰ এক উন্নত প্রশিক্ষণপ্রাপ্ত স্নিফাৰ ডগ। কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই নহয় ৰাজ্য বা দেশৰ ভিতৰত বন্যপ্রাণী সুৰক্ষা তথা চোৰাং চিকাৰী প্ৰতিহত কৰাত স্নিফাৰ ডগ জৰবা প্রথম।

বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে এই জৰবাক K – 9 ইউনিটত অন্তর্ভুক্ত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্ব অর্পণ কৰিছিল। আৰণ্যকৰ কৰ্মী অনিল দাসৰ তত্বাৱধানত জৰবাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও মানাহ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা পবিতৰা বন্যপ্রাণী অভয়াৰণ্যতো সেৱা আগবঢ়ায় ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰ্তব্যৰ পৰা অৱসৰ লৈছিল। আৰণ্যকৰ সচিবপ্রধান ড° বিভৱ কুমাৰ তালুকদাৰে জানিবলৈ দিয়া মতে, জৰবাৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ বন বিভাগ সফল হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খড়গ কাটি লৈ গৈছিল। ইয়াৰ পাছত জৰবাই জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি অতি সুক্ষ্মভাৱে অনুসন্ধান চলাই দুষ্কৃতিকাৰীৰ সন্ধান দিবলৈ সক্ষম হৈছিল।

জৰবাৰ সহযোগত বন বিভাগৰ লোকে ৬০টা চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল। জৰবাক ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰ্তব্যৰ পৰা অৱসৰ দি আৰণ্যকৰ তত্বাৱধানত দেখ-ভাল কৰি থকা হৈছিল যদিও অলপতে মৃত্যুক সাবটি লব লগা হয়। উল্লেখ্য, জৰাবাক বন্যপ্ৰাণী চোৰাং চিকাৰীৰ সন্ধান দিয়াৰ কামত ব্যৱহাৰ কৰি সফল হোৱাৰ পাছত আৰণ্যকে বৰ্তমান ছটা স্নিফাৰ ডগ এই কামত ব্যৱহাৰ কৰি আছে। ইয়াৰে জুবি, লিয়ণ, ইমিক কাজিৰঙাত, মুস্কিক পবিতৰাত, ভীৰাক ওৰাং আৰু শিলাক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কামত নিয়োগ কৰি থকা হৈছে। তদুপৰি, হাৰ্লি আৰু নভাক প্রশিক্ষণ দি থকা হৈছে বুলি তত্বাৱধায়ক অনিল দাসে জানিবলৈ দিয়ে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত জৰবাৰ সেৱা কোনেও পাহৰিব নোৱাৰে। জৰবা সকলো প্ৰকৃতিপ্ৰেমীৰ হৃদয়ত থাকিব। জৰবাৰ আত্মাৰ শান্তি কামনা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে আৰণ্যকৰ সচিবপ্রধান ড° বিভৱ কুমাৰ তালুকদাৰ তথা আৰণ্যকৰ সকলো কৰ্মকৰ্তাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

অসম আন্দোলনৰ সংগঠক খনিন মহন্তৰ জীৱন বিষয়ক গ্ৰন্থ প্ৰকাশ…

অসমীয়াৰ সংগ্ৰামী ৰূপকথাৰ সৰৱ অনুৰণন – অনিৰ্বাণ খনিন’ শীৰ্ষক এখন গ্ৰন্থ আজি উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত। শোধনাগাৰ আন্দোলন, মাধ্যম আন্দোলন, অনুপ্ৰৱেশকাৰী বিতাড়ণ আন্দোলনৰ সন্মুখ শাৰীত থকা খনিন মহন্ত বিগত ছবছৰে শয্যাশায়ী হৈ আছে। উল্লেখ্য যে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, পূৰ্বাঞ্চলীয় লোক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন, বৰপেটা জিলাৰ সাধাৰণ সম্পাদকৰূপে সৰৱ আৰু সবল ভূমিকা পালন কৰিছিল খনিন মহন্তই। তেওঁৰ প্ৰখৰ বাগ্মিতা সংগঠনৰ বাবে সম্পদ আৰু জনতাৰ বাবে সাহস আছিল।

তেওঁ বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অধিবক্তা, অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ অধ্যক্ষ, অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰামোন্নয়ন বেংক লিমিটেডৰ অধ্যক্ষৰ দায়িত্বও ৰূপায়ণ কৰিছিল।

আজি গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁই আৰু বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। উন্মোচনী সভাত উপস্থিত থাকে খনিন মহন্তৰ পত্নী সাহিত্যক, সংগঠক আৰু সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ অমিয়া মহন্তও।

গ্ৰন্থখন উন্মোচন কৰি ডঃ গোহাঁয়ে খনিন মহন্তৰ সৈতে অসম আন্দোলন সন্দৰ্ভত তেওঁৰ স্থিতি দোহাৰি কয় যে সেইসময়ত তেওঁৰ দৰে বহুজন নিৰ্যাতিত হৈছিল। খনিন মহন্তৰ সৈতে তেওঁৰ ৫০ বছৰৰ সান্নিধ্য সুঁৱৰি কয় যে অসম আন্দোলনৰ আৱেগিক বাতাৱৰণ আৰু তাৰ পৰৱৰ্তী সময়ৰ প্ৰক্ষাপটত মহন্তৰ আত্মসমালোচনামূলক আৰু যুক্তিনিষ্ঠ চিন্তাৰ উমান পোৱা যায়। আদৰ্শ ভিন্ন হোৱা সত্বেও খনিন মহন্তৰ উদ্দেশ্যৰ সততা আছিল বাবেই আন্দোলনৰ ভুল-ভ্ৰান্তি সম্পৰ্কে তেওঁৰ লগত নিয়মীয়াকৈ কথা পতাৰ কথা তেওঁ স্মৰণ কৰে। খনিন মহন্তই সাধাৰণ জনতাৰ দৰেই জীৱন নিৰ্বাহ কৰিছিল আৰু ক্ষমতাৰ বেহুত আবদ্ধ নহৈ আন্দোলনৰ মূল লক্ষ্যত উপনীত হোৱাৰ বিষয়েহে অনবৰত চিন্তা কৰিছিল বুলি ডঃ গোহাঁয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে।

আনগৰাকী উন্মোচক মনোজ কুমাৰ গোস্বামীয়ে সাম্প্ৰতিক ইতিহাসৰ সংগঠিত আৰু গভীৰভাৱে আলোচনা নোহোৱাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰে। আন্দোলনকেন্দ্ৰিক সৃষ্টিশীল সাহিত্য ৰচনাৰ আৰু ইতিহাসৰ পৰা শিক্ষা লোৱাৰ বহু অৱকাশ আছিল। আন্দোলনৰ ব্যৰ্থতাৰ বাবে সংবাদমাধ্যমৰ সমকালীন ভূমিকাও চৰ্চাৰ প্ৰয়োজনৰ কথাও তেওঁ উপস্থাপন কৰে। এই গ্ৰন্থৰ জৰিয়তে খনিন মহন্তৰ দৰে আন্দোলনৰ আঁৰৰ নীৰৱ সংগঠকসকলৰ সংগ্ৰামী জীৱন কাহিনী নতুনকৈ পোহৰলৈ আহিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

গ্ৰন্থখনত লেখকৰ তালিকাত আছে বশিষ্ঠ দেৱ শৰ্মা, ডঃ নগেন শইকীয়া, নিৰুপমা মিশ্ৰ, দেৱব্ৰত দাস, থানেশ্বৰ বড়ো, হেমেন দাস, বৃন্দাবন গোস্বামী, অতুল বৰা, ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য, ৰেখাৰাণী দাস বড়ো, হৃষীকেশ গোস্বামী, চাণক্য দাস, গুণীন হাজৰিকা, ইছমাইল হোছেইন, জাহ্নৱী খাউণ্ড আদি ৬০ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে।

আজিৰ সভাত সমজুৱাৰ হৈ বক্তৃতা প্ৰদান কৰে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, সামাজিক উদ্যোগী সঞ্জীৱ সভাপণ্ডিত, খনিন মহন্তৰ অনুজ সতীৰ্থ মনোজ শইকীয়াই। ড: বিভা ভৰালী উপদেষ্টা সম্পাদক, নৱজ্যোতি পাঠক সমন্বয়ক সম্পাদক আৰু ডঃ কৰবী মহন্তই সংকলন সম্পাদকৰূপে ২৮০ পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছে, প্ৰকাশ কৰিছে আদি প্ৰকাশে আৰু বিতৰকৰ দায়িত্বত আছে বৰ্ণ।

ওদালগুৰি ভূটীয়াচাঙত পুনৰ বনৰীয়া হাতীৰ মৃত্যু…

ওদালগুৰি জিলাৰ ভূটিয়াচাঙত আজি পুনৰ এটা বনৰীয়া হাতীৰ মৃত্যু ঘটিছে ৷ জিলাখনৰ ভূটীয়াচাং গাম্বাৰী বাগানত মৃত্যু হোৱা মখনা হাতীটো খাদ্যৰ নাটনিত মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰা হাতীটো গৰ্ভৱতী আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷

মৃত্যু হোৱা হাতীটোৰ বয়স আনুমানিক ২৫ ৰ পৰা ৩০ বছৰ হব বুলি জানিব দিয়ে স্থানীয় লোকে ৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত বনৰীয়া হাতীৰ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে ভূটিয়াচাঙৰ উপৰি পানেৰী চাহ বাগিছা অঞ্চলত সন্ধিয়া নামি অহাৰ লগে লগে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই জনসাধাৰণৰ স্বাভাৱিক জনজীৱন ব্যাহত কৰি তুলিছে ৷

অষ্ট্ৰেলিয়াত পুনৰ ক’ৰোনা সংক্ৰমণ আৰম্ভ, যোৱা সপ্তাহত ১০০ৰো অধিক লোকৰ মৃত্যু…

শুকুৰবাৰে স্বাস্থ্য বিভাগে জনোৱা মতে, অষ্ট্ৰেলিয়াত কোভিড-১৯ৰ সক্ৰিয় ৰোগীৰ সংখ্যা সামান্য বৃদ্ধি পোৱা দেখা গৈছে। দেশত চতুৰ্থ ঢৌৰ সংক্ৰমণৰ শিখৰত উপনীত হৈছে। বিভাগটোৰ তথ্য অনুসৰি এই সপ্তাহত শুকুৰবাৰলৈকে দৈনিক গড়ে ১১,৯৫৩ জন নতুন ক’ভিড পঞ্জীয়ন হোৱা বুলি সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰিছে। গড়ে ৭ দিনত চিকিৎসালয়খনত ২,২৪২জন ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল। যোৱা সপ্তাহত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।


দক্ষিণ অষ্ট্ৰেলিয়াৰ (এছ এ) মুখ্য স্বাস্থ্য বিষয়া নিকোলা স্পাৰিয়ে কয় যে যোৱা সপ্তাহত ৩ শতাংশ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত বৰ্তমানৰ ঢৌৱে শিখৰত উপনীত হৈছে বুলি তেওঁৰ বিশ্বাস। আমি অতি আশাবাদী যে বৰদিনৰ পূৰ্বে ৰোগীৰ সংখ্যা হ্ৰাস পাব আৰু আমি বৰদিন উপভোগ কৰিব পাৰিম বুলিও তেওঁ সাংবাদিকৰ আগত কয়।


আনহাতে ভাৰতত এদিনত ৩৪৭ জন কৰ’না ভাইৰাছ সংক্ৰমিত ৰোগীৰ আগমনৰ পিছত দেশত এতিয়ালৈকে আক্ৰান্ত লোকৰ সংখ্যা ৪,৪৬,৭০,৮৩০ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৫,৫১৬ লৈ হ্ৰাস পাইছে। শুকুৰবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা আপডেট তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দিল্লী, গুজৰাট আৰু কৰ্ণাটকত এজনকৈ ৰোগীৰ মৃত্যুৰ ফলত মৃত্যুৰ সংখ্যা ৫,৩০,৬০৪ লৈ বৃদ্ধি পাইছে।