Home Blog Page 1912

নব্বৈ দশকৰ ‘গুপ্তহত্যা’ৰ ক’লা অধ্যায়ৰ আলমত নিৰ্মিত বলীউডৰ ছবি ‘‘শ্বেড’ এছাচিনছ…


‘গুপ্তহত্যা’ শব্দটো আজিকোপতি অসমবাসীৰ বাবে এক আতংকৰ অনুভূতি৷ সেই বিভীষিকাপূৰ্ণ ক’লা দিনবোৰে আজিও খেদি ফুৰে বহু অসমীয়া পৰিয়ালক৷ অসমৰ ‘গুপ্তহত্যা’ৰ সেই ক’লা অধ্যায়ৰ সম্পৰ্কে যুগুত কৰা প্ৰাক্তন ন্যায়াধীশ কে. এন. শইকীয়াৰ ঐতিহাসিক প্ৰতিবেদনক ভিত্তি কৰি এইবাৰ বলীউডত নিৰ্মাণ হৈছে এখন হিন্দী চিনেমা ‘‘শ্বেড’ এছাচিনছ’’ [Shadow Assassins)৷

অহা জ্ঝ ডিচেম্বৰত সমগ্ৰ দেশৰ চিত্ৰগৃহত ছবিখনে শুভমুক্তি লাভ কৰিব৷ পুনেৰ ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যাপক নীলাঞ্জন ৰীতা দত্তৰ কাহিনী তথা পৰিচালনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন৷ উল্লেখ্য যে পৰিচালক নীলাঞ্জন দত্তই পূৰ্বতে দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰে পুৰস্কৃত হৈছিল৷ ‘‘শ্বেড’ এছাচিনছ’’ৰ অসমীয়া অনুবাদ ‘গুপ্ত ঘাতক’৷ শনিবাৰে মহানগৰীৰ লাষ্টগেটস্থিত হোটেল ৰাজধানী ৰেজেঞ্চীত আয়োজিত এক সংবাদমেল সম্বোধন কৰে প্ৰযোজনাগোষ্ঠীটোৱে৷ সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা সংবাদমেলত বক্তব্য প্ৰদান কৰি নীলাঞ্জন ৰীতা দত্তই কয় যে মূলতঃ ৯০ দশকৰ সেই ক’লা অধ্যায়ৰ সময়চোৱাত অসমত কিদৰে এটা পৰিয়ালে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছিল, তাকেই এক কাল্পনিক ৰূপত দেখুওৱা হৈছে চিনেমাখনত৷ ছবিখনৰ কাহিনী যদিও কাল্পনিক, কিন্তু তাৰ পটভূমি এক নিষ্ঠুৰ বাস্তৱ৷ ছবিখনৰ কাহিনীৰ মাজত হয়তো বহুতেই নিজৰ পৰিচিত বহু ঘটনা, কাহিনীক দেখিবলৈ পাব বুলি আশা কৰিব পাৰি৷

আনাহতে, ছবিখনৰ কাহিনীৰ পটভূমি সম্পৰ্কত তেওঁ কয় যে আজিকোপতি ভাৰতৰ মূলসূঁতিৰ চিনেমাজগতত অসমৰ বহু জীৱন্ত কাহিনী সদায়েই উপেক্ষিত হৈ আছে৷ সংবাদ মাধ্যমক পৰিচালকে জনোৱা অনুসৰি, সমগ্ৰ বিশ্বক অসমৰ প্ৰেক্ষাপতত এখন চিনেমা নিৰ্মাণ কৰি ৯০১ দশকত অসমত সংঘটিত সেই ক’লা অধ্যায়ৰ এক আভাসৰ সৈতে পৰিচয় কৰোৱাৰ এয়া এক প্ৰচেষ্টা৷ তেওঁ লগতে উল্লেখ কৰে যে এই চিনেমাখনত অভিনয় কৰা প্ৰতিজন অভিনেতাই খুব সুন্দৰভাৱে চৰিত্ৰসমূহ ৰূপায়ন কৰিছে৷ ‘‘শ্বেড’ এছাচিনছ’ চিনেমাখনত বলীউডৰ লগতে অসম তথা কলকাতাৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে৷ চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা অনুৰাগ সিনহা, বলীউডৰ লগতে দাক্ষিণাত্যৰ চিনেমাত প্ৰতিষ্ঠিত তথা জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী মিষ্টি চক্ৰৱৰ্তী, ‘স্কেম-১৯৯২’ খ্যাত জনপ্ৰিয় অভিনেতা হেমন্ত খেৰ, ‘কেশৰী’ ছবিখনত ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা ৰাকেশ চতুৰ্ৱেদী ওঁম, কলকাতাৰ জনপ্ৰিয় অভিনেতা সৌম্য মূখাৰ্জীৰ লগতে কেইবাগৰাকীও শিল্পীয়ে চিনেমাখনত অভিনয় কৰিছে৷ তদুপৰি এই চিনেমাখনত আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব মনোজ বৰকটকী, ৰঞ্জীৱ লাল বৰুৱা, স্তুতি চৌধুৰী, ভায়’লেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, বিভূতি ভূষণ হাজৰিকাকে ধৰি কেইবাগৰাকীও অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক৷ ছবিখনৰ এটি গীতত মুম্বাইৰ জনপ্ৰিয় সংগীত শিল্পী জাভেদ আলীৰ লগতে আন এটি গীতত অসমৰ হাৰ্ট-থ্ৰ’ৱ জুবিন গাৰ্গেও কণ্ঠদান কৰিছে৷

উল্লেখ্য যে, যোৱা বছৰৰ শেষৰফালে গুৱাহাটীতেই শ্বুটিং সম্পন্ন কৰা ছবিখনত মুম্বাইৰ পৰা অহা বহু প্ৰতিষ্ঠিত কলা-কুশলীৰ লগত অসমৰ যথেষ্ঠসংখ্যক কলা-কুশলীয়ে চিনেমাখনত কাম কৰাৰ সুযোগ লাভ কৰিছিল ৷ তাৰে ভিতৰত চিনেমাখনত সাজ-সজ্জাত গৰীমা শইকীয়া গাৰ্গ আৰু ৰূপ-সজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা৷ সংগীত পৰিচালনা কৰিছে কলকাতাৰ জনপ্ৰিয় সংগীত শিল্পী আশু চক্ৰৱৰ্তীয়ে৷ অসমৰ পটভূমিত নিৰ্মিত এই হিন্দী ছবিখনৰ প্ৰচাৰ অসমৰ পৰাই আৰম্ভ কৰিছে ছবিখনৰ প্ৰযোজকে৷ হয়তো এইখনেই এনেদৰে অসমৰ পৰাই সমগ্ৰ ভাৰতত মুক্তি হ’বলৈ যোৱা প্ৰথমখন বলীউডৰ চিনেমা৷ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চিনেমাখনে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে আজি অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, অভিনেতা মহেশ গিন্নিলাল, মনোজ বৰকটকী, পৰীক্ষিত তামুলী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ লগতে কেবাগৰাকী কলা-কুশলী।

১০হাজাৰৰো অধিক ৰাইজৰ উপস্থিতিত বিধায়ক পদ্ম হাজৰিকাক ‘ভৰলী কোঁৱৰ’ উপাধি প্ৰদান

বিধায়ক পদ্ম হাজৰীকাক ভৰলী কোঁৱৰ উপাধি প্ৰদান ৷ নদুৱাৰ প্ৰেচ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে জামুগুৰিহাটত আয়োজন কৰা বৃহৎ সভাত ‘আয়তীৰ উৰুলি ডবা ,কাঁহ ,শংখ ধ্বনিৰ মাজত প্ৰদান কৰা হয় এই উপাধি ৷

উপাধি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচি, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, পদ্মশ্ৰী ডা。ইলিয়াচ আলী আদিকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাক৷ সমষ্টিবাসী ৰাইজৰ প্ৰতিটো সুখ দুখৰ সমভাগী হোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক আজি এই উপাধি প্ৰদান অনুষ্ঠান উপলক্ষে জামুগুৰিহাটত আজি পুৱাৰ পৰাই এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হয়।

জামুগুৰিহাটৰ পৰা জোন বৰাৰ প্ৰতিবেদন

ইউ এছ টি এমৰ “এন ই পি ২০২০: গেম চেঞ্জাৰ ফৰ স্কুল এডুকেশ্যন” শীৰ্ষক আঞ্চলিক কৰ্মশালা

ন মাইল, খানাপাৰা, ৰি ভোই বিদ্যালয় পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক বাস্তৱ ৰূপ দিবলৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সুসজ্জিত কৰিবলৈ বিজ্ঞান আৰু প্ৰয়ুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয়ে (ইউএছটিএম) বিভিন্ন অংশীদাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে সহয়োগিতা আগবঢ়াইছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সহয়োগত ইউ এছ টি এমে আয়োজন কৰা “এন ই পি ২০২০: এ গেম চেঞ্জাৰ ফৰ স্কুল এডুকেশ্যন” শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাত আজি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ১৫০০ ৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে যোগদান কৰে। এনচিইআৰটি, চিবিএছই, ছেবা আৰু এছচিইআৰটিৰ বিশেষজ্ঞসকলে এনইপি আৰু বিদ্যালয় শিক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে।


বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক উদ্দেশ্যি ভাষণ দি এনচিইআৰটিৰ প্ৰাক্তন সঞ্চালক অধ্যাপক বি কে ত্ৰিপাঠীয়ে কয়, “আমি শিক্ষকসকলক শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ কেনেদৰে যত্ন ল’ব লাগে তাৰ প্ৰশিক্ষণ দিব লাগিব, যাতে শিক্ষাৰ অৱস্থা আৰু ফলাফল সন্তুলিত হয়। এনইপিয়ে আমাক সকলোকে আহ্বান জনাইছে যে শিশুৱে নিজক বিচাৰি পোৱাৰ পৰা পৰিয়াল আৰু সমাজলৈ আৰু তাৰ পাছত প্ৰকৃতি আৰু বিশ্বৰ সৈতে কেনেদৰে আগবাঢ়ে, তাৰ অগ্ৰগতি আৰু সমন্বয়ই হৈছে এনইপিৰ প্ৰকৃত ৰূপায়ণ। তেওঁ “এনইপি 2020ৰ ওপৰত গুৰুত্বপূৰ্ণ দৃষ্টিভঙ্গী আৰু বিদ্যালয় শিক্ষাত ইয়াৰ প্ৰভাৱ” শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়াইছিল। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনচিইআৰটিৰ সঞ্চালক তথা এনচিটিই, নতুন দিল্লীৰ অধ্যক্ষ অধ্যাপক দীনেশ প্ৰসাদ সকলানীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অধ্যক্ষ, আই এ এছ (অৱসৰপ্ৰাপ্ত) শ্ৰী আৰ চি জৈনে “ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020″ৰ ব্যৱহাৰিক ৰূপত অনুবাদৰ ওপৰত বক্তব্য আগবঢ়ায় বিদ্যালয়সমূহৰ প্ৰস্তুতি”। চিবিএছইৰ গুৱাহাটীৰ আঞ্চলিক বিষয়া শ্ৰী থঙ্খোলেট মটে আৰু এছচিইআৰটিৰ সঞ্চালক ড0 নিৰদা দেৱীয়েও এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে । বিশিষ্ট সমাজ বিজ্ঞান গৱেষক, চি এছ চি ড0 পল পুডুচেৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ আলোকত উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ মুকলি শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায়।


এই সন্দৰ্ভত ইউ এছ টি এমৰ আচাৰ্য মাহবুবুল হকে কয়, “এই ধৰণৰ কৰ্মশালা বিভিন্ন স্থানত নিয়মীয়াকৈ চলি থাকিব, আৰু বিশেষজ্ঞসকলক এনেধৰণৰ অধিৱেশন পৰিচালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব”। তেওঁ “স্কুল শিক্ষকসকলৰ বৃত্তিগত বিকাশ আৰু কেৰিয়াৰ প্ৰগতিঃ এক আগুৱাই যোৱা পথ” শীৰ্ষক বিষয়ত আলোচনা কৰে।
সভাপতিৰ ভাষণত ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই কয়, “নতুন শিক্ষা নীতি পূৰ্বৰ শিক্ষা ব্যৱস্থাৰ পৰা এক উল্লেখয়োগ্য পৰিৱৰ্তন। সময়ৰ লগত সলনি নহ’লে আমি পুৰণি হৈ যাম। এন ই পি ২০২০ ক কাৰ্যকৰী ৰূপ দিবলৈ সকলো স্তৰৰ শিক্ষকক সুসজ্জিত কৰাৰ অতি জৰুৰী প্ৰয়োজন আছে যাতে এই নীতিৰ প্ৰকৃত সুফল তৃণমূল পৰ্যায়ত লাভ কৰিব পৰা যায়। এক অন্তৰঙ্গ আলাপ অনুষ্ঠানো অনুষ্ঠিত হয় য’ত সংশ্লিষ্ট বিশেষজ্ঞসকলে প্ৰশ্ন আৰু মতামত গ্ৰহণ কৰে।ইয়াৰ পূৰ্বে আদৰণি ভাষণ আগবঢ়ায় ইউ এছ টি এমৰ প্ৰ’ উপাচাৰ্য ড0 বি কে দাসে। শলাগৰ শৰাই আগবঢ়াই ইউ এছ টি এমৰ শৈক্ষিকপঞ্জীয়ক ডঃ এ এইচ বৰভূঞাই কয় যে এই কৰ্মশালাৰ মূল লক্ষ্য হ’ল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক এনইপিৰ নীতি-নিয়মসমূহৰ লগত অভ্যস্ত কৰি তোলা আৰু দেশৰ শিক্ষা ব্যৱস্থাত গভীৰ প্ৰভাৱ পেলোৱাৰ দিশত এই নীতিৰ অধীনত লোৱা হ’ব লগীয়া সংস্কাৰসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

প্ৰায় ৪ বছৰ পিছত অনুষ্কা শৰ্মাই নেটফ্লিক্সত মুক্তি পোৱা ‘কালা’ ছবিখনত কেমিঅ’ চৰিত্ৰত অভিনয়…

নেটফ্লিক্সত মুক্তি পোৱা ‘কালা’ ছবিখনত অনুষ্কা শৰ্মাই কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে। প্ৰায় ৪ বছৰ পিছত অনুষ্কাক পৰ্দাত দেখি অনুৰাগীসকল আনন্দিত।

বলীউডৰ অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানে প্ৰথমখন ছবিৰ পৰাই আধিপত্য বিস্তাৰ কৰিছে। ছ’চিয়েল মিডিয়াত বাবিল খানৰ ছবি ‘কালা (কালা)’ৰ ওপৰত বহু চৰ্চিত হৈছে।

বাবিলৰ বিপৰীত অভিনেত্ৰী ডিমৰিও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চিনেমাখন মনোবিজ্ঞানসন্মত নাটক, যাৰ ভিডিঅ’ ভাইৰেল হৈ আছে। ছবিখনত বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ কেমিঅ’ইও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মাতৃ হোৱাৰ পিছত প্ৰায় চাৰি বছৰৰ মূৰত অনুষ্কা শৰ্মাক পৰ্দাত দেখি আনন্দিত হৈ পৰিছে অনুৰাগীসকল। ছচিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে কালাৰ গীত ‘ঘোদে পে সাৱাৰ’ৰ ক্লিপটো। আচলতে অনুষ্কাই এই গীতটোত কেমিঅ’ ৰ’ল কৰিছে আৰু ক’লা-বগা ৰঙত অভিনয় কৰিছে, অনুষ্কাক গীতটোত শাৰী পিন্ধি নাচি থকা দেখা গৈছে। অনুষ্কাক দেখি আচৰিত হৈ অনুৰাগীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰে।

https://twitter.com/Juhiiithebeauty/status/1599027700605550592?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1599027700605550592%7Ctwgr%5Ee745c18f48a0be7246e780faf6cd56a3aba9f1a4%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.abplive.com%2Fentertainment%2Fott%2Fanushka-sharmas-cameo-in-qala-leaves-fans-surprised-song-ghode-pe-sawaar-clip-goes-viral-2273900

অনুষ্কাক ‘ঘোদে পে সাৱাৰ’ গীতটোত ১৯৪০ চনৰ এগৰাকী নায়িকাৰ চৰিত্ৰত দেখা গৈছে। লিপ ছিংকিং ক’লা-বগা এনচেম্বলত দেখা গৈছে শাৰী পিন্ধি। নেটিজেনে টুইটাৰত গীতটোৰ ক্লিপ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰিছে।

শীতকালৰ ৰোগ আৰু ল’বলগীয়া সতৰ্কতাসমূহ জানক…

এতিয়া শীতকাল চলি আছে৷ গ্ৰীষ্মকালৰ তুলনাত শীতকাল বহুতৰ বাবে বেচি সুখপ্ৰদ বা আৰামদায়ক৷ জহকালিৰ তুলনাত জাৰকালি ৰোগৰ প্ৰাদূৰ্ভাৱো কম৷ বছৰটোত শীতৰ প্ৰভাৱ বেচি থকা অঞ্চলসমূহৰ লোকক কমকৈ ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ তাৰ বিপৰীতে ট্ৰপিকেল দেশসমূহত, য’ত গৰম আৰু বৰষুণ বেচিকৈ পৰে  সেই অঞ্চলসমূহত নানাবিধ ৰোগৰ প্ৰাধান্য পৰিলক্ষিত হয়৷ কিন্তু জাৰকালি জানো ৰোগ নোহোৱাকৈ থাকে ?  আজিৰ আলোচনাত জাৰকালি দেখা যোৱা সাধাৰণ (Common) অসুখসমূহৰ  বিষয়ে, তাৰ প্ৰতিকাৰ আৰু ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে চৰ্চা কৰিম৷ আলোচনাৰ সুবিধাৰ্থে নিম্নলিখিত বিষয়সমূহ বাচি লৈছোঁ ৷

চৰ্দি বা পানী লগা

ইনফ্লুৱেঞ্জা

সাধাৰণতে মানুহে  ইয়াক ফ্লু বুলিও চিনাকী দিয়ে৷ ই হ’ল ভাইৰাচজনিত এবিধ  সংক্ৰামক  ৰোগ৷ ই কেতিয়াবা ব্যাপকভাবে একোটা অঞ্চলৰ লোকক ৰোগাক্ৰান্ত কৰা দেখা যায়৷ জ্বৰ,কাহৰ ওপৰিও  এই ৰোগত মূৰৰ বিষ, ডিঙিৰ বিষ,বন্ধ নাক বা নাকৰ স্ৰাৱ বোৱা, গাৰ বিষ,গাঁঠিৰ বিষ, বমি, চকু ৰঙা পৰা, শৰীৰৰ দুৰ্বলতা আদি লক্ষণে দেখা দিয়ে৷ ব্যক্তিভেদে  মানুহৰ দেহত ৰোগৰ লক্ষণসমূহ কম বেচি হব পাৰে৷ আৰম্ভণিতে পানীলগা আৰু ইনফ্লুৱেঞ্জাক পৃথক কৰি চিনাক্ত কৰা কঠিন যেন লাগিব পাৰে৷ কিন্তু সাধাৰণতে ইনফ্লুৱেঞ্জাত বেচি মাত্ৰাত ততালিকে জ্বৰ উঠে আৰু ৰোগী কম সময়তে কাহিল হৈ পৰে৷ কিছুমান চৰাই আৰু পোহনীয়া জন্তুৰ

(যেনে গাহৰি,ঘোৰাৰ) শৰীৰত এই আৰ এন এ ইনফ্লুৱেঞ্জা ভাইৰাচৰ বসতি৷ কদাচিত তাঁহাতৰ পৰা মানুহৰ দেহলৈ সংক্ৰমন ঘটিলে বাৰ্ডফ্লু (H5N1) আৰু চোৱাইনফ্লু (H1N1)  নামেৰে গুৰুতৰ মহামাৰী ৰূপ দেখা দিব পাৰে৷ বাৰ্ডফ্লুত উল্লেখিত লক্ষণসমূহ গুৰুতৰ ৰূপত হোৱাৰ ওপৰিও ডায়েৰিয়া বা হাগনি হোৱা দেখা যায়৷ ভালদৰে মাস্কৰ ব্যৱহাৰ কৰি সঘনাই ভালদৰে এন্টিচেপ্টিকৰে হাত ধুলে ৰোগ বিয়পা  ভালেখিনি প্ৰতিৰোধ কৰিব পাৰি৷

ফ্লুৰ চিকিৎসা

বিশ্ৰাম, জল আৰু জুলীয়া পদাৰ্থৰ প্ৰচুৰ সেৱন, জ্বৰত পেৰাচিটামল (এস্পিৰিন নহয়)  খাব৷ কেতিয়াবা বেক্টেৰিয়াৰ সংক্ৰমণ হলেহে এন্টিবায়টিক চিকিৎসকে লবলৈ পৰামৰ্শ দিয়ে৷ এন্টিভাইৰেল ঔষধৰ প্ৰয়োগৰ লাভালাভ সম্বন্ধে এতিয়াও সুনিশ্চিতভাবে কোৱা নাযায়৷

ফ্লু ভেকচিনে এবছৰৰ বাবে সুৰক্ষা দিয়ে সেয়ে বছৰৰ মূৰে মূৰে ইয়াক লোৱাটো বাঞ্চনীয়৷অনায়াসে বেচি বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা এইসকল হ’ল – ৬৫বছৰৰ ওপৰৰ আৰু ৫বছৰৰ তলৰ বয়সৰ লোক, গৰ্ভৱতী মহিলা, আন অসুখত (যেনে ডায়েবেটিজ, হৃদৰোগ, হাঁপানী আদিত) ভোগী থকা লোক – এনেলোকে প্ৰতিষেধক ছিতা লোৱাটো একান্তই আৱশ্যক ৷

মূৰৰ বিষ

চাইনাচৰ অসুখ, মাইগ্ৰেইনত ভোগাসকলৰ বাহিৰেও আন যি কোনো লোকৰ শীতকালত  সাময়িকভাবে মূৰৰ বিষ হব পাৰে৷ সেয়া বিশেষ চিন্তনীয় বিষয় বুলি ভাবিব নালাগে৷ আকস্মিক ঠাণ্ডা লাগিলে বা বেচিকৈ এচিৰ শীতলতাৰ পৰাও মূৰৰ বিষ হব পাৰে৷ একাপ গৰম চাহ বা এটা পেৰাচিটামল টেবলেটে ইয়াৰ উপশম ঘটাব পাৰে৷

চৰ্মৰোগ

শীতকালত ছাল শুষ্ক হোৱা, ওঁঠ আৰু হাত-ভৰিৰ ছাল ফটাৰ ওপৰিও খজুৱতি হব পাৰে৷ সেয়ে  শৰীৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা অতি লাগতিয়াল৷ গৰম পানীৰে হ’লেও চাবোন ব্যৱহাৰ কৰি দৈনিক গা অৱশ্য ধুব লাগে৷ চিকিৎসকে খজুৱতি উপশম ঘটাবলৈ এন্টি-এলাৰ্জিক দৰৱ খাবলৈ আৰু লগাবলৈ ষ্টেৰ’ইডজাতীয় মলম  দিয়ে৷ শীতকালত ছাল ভালে ৰাখিবলৈ নিশা শৰীৰত নাৰিকল তেলৰ মালিছ্ কৰাতো উপকাৰী৷ শীতকালত  মৌজোল আৰু নেমুৰ ৰস কুহুমীয়া গৰমপানীত মিহলাই দৈনিক পুৱা এগিলাচ নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত অলাগতিয়াল চৰ্বি জমা নহয় আৰু ছালৰ বৰণ উজ্বল হয় ৷

হাঁপানী

জেনেটিক কাৰণ আৰু বাতাবৰণৰ  প্ৰভাৱত হাঁপানীৰ লক্ষণসমূহ সহজে প্ৰস্ফুটিত হয়৷  বায়ু মণ্ডলত থকা বিভিন্ন তত্ব হাঁপানীৰ কাৰক (এলাৰ্জেন) হব পাৰে৷ মূলত: উশাহ লোৱাত কষ্ট, নিশ্বাসত শব্দ হোৱা,কাহ, বুকৰ কষ্ট আদিয়েই  হাঁপানীৰ প্ৰধান লক্ষণ৷ আজিকালি ষ্টেৰ’ইডৰ বাহিৰেও মন্টোলুকাস্ত আদি  দৰৱৰ সহায়ত এই ৰোগ ভালেখিনি নিয়ন্ত্ৰণত ৰখাতো সম্ভৱপৰ হৈছে ৷

গাঁঠিৰ বিষ

শীতকালত কিছুমান লোকৰ পূৰণা গাঁঠিৰ বিষৰ উক্ দিয়ে বিশেষকৈ কিছুমান বয়সিয়াল লোকৰ৷ সেয়ে শীতকালত বয়সিয়াল লোকসকলে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্চনীয়৷শৰীৰত মিঠাতেলৰ মালিছ কৰি  শীতকালত দৈনিক ৰ’দ লোৱাটো লাভজনক – ইয়াৰ দ্বাৰা শৰীৰে লাগতিয়াল ভিটামিন- ডি আহৰণ কৰে৷ আন এটি ঘৰুৱা চিকিৎসা হ’ল-এগিলাচ গাখীৰত অলপ  হালধি  মিহলাই  খালে শীতকালত হোৱা গাঁঠিৰ বিষৰ উপশম ঘটে ৷

হৃদৰোগ

শীতকালত উচ্চ ৰক্তচাপ আৰু  এনজাইনা জাতীয় হৃদৰোগ বেচিকৈ হোৱা দেখা যায় সেয়ে এনে ৰোগ ধৰা পৰা লোকসকল সাৱধানে থকাটো মংগলজনক৷

অন্যান্য লাগতিয়াল কথা

ধূম্ৰপান আৰু মদ্যপানে শীতকালৰ যি কোনো ৰোগ বৃদ্ধি কৰিব পাৰে,গতিকে সেয়া এৰাই চলাটো বাঞ্চনীয়৷ নিয়মীয়া ব্যায়াম আৰু সন্তুলিত পুষ্টিকৰ আহাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক৷ সঘনাই চৰ্দিত ভোগা লোকসকলে, হাঁপানীৰ ৰোগীসকলে,বিভিন্ন এলাৰ্জিক চৰ্মৰোগত  ভোগা লোকসকলে ‘হিষ্টাগ্লবিন’ নামৰ শৰীৰৰ প্ৰতিৰোধক ক্ষমতা বঢ়োৱা বেজী চিকিৎসকৰ লগত পৰামৰ্শ কৰি লব পাৰে৷

পানীলগা বিষয়ৰ প্ৰৱন্ধত এই বেজীৰ বিষয়ে জনোৱা হৈছে৷মোখনিত এটা কথাই কম শীতকালত ল’বলগীয়া সতৰ্কতাসমূহ পালন কৰি সাৱধানে চলক আৰু শীতকালক সম্পূৰ্ণকৈ উপভোগ কৰক৷ যি কোনো ঔষধ নিজে সেৱন কৰাৰ আগতে তাৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওক আৰু ৰোগ জটিল হোৱাৰ আগতেই চিকিৎসকৰ পৰামৰ্শ লৈ ৰোগীক বিপদমুক্ত কৰাওক৷

ডা০ ভূপেন শইকীয়া

কাপোৰ এৰি উৰ্ফি জাভেদে শৰীৰৰ অংশ ঢাকিলে টেপেৰে, কেমেৰা দেখি…

উৰ্ফি জাভেদ পুনৰ লাইমলাইটত। হাছিনাই পুনৰ এটা নগ্ন ফটোশ্বুট কৰি ৰঙা ৰঙৰ টেপৰ সহায় লৈ নিজৰ শৰীৰটো ঢাকি ৰাখিছে। তেওঁলোকে যিয়েই নকৰক কিয়, তেওঁলোকে কম কাম কৰে। কাপোৰবোৰ আকৌ এৰি দি উৰ্ফি জাভেদে নগ্ন ফটোশ্বুট এটা কৰি লৈছে আৰু তেওঁক ৰঙা ৰঙৰ টেপেৰে শৰীৰৰ কিছু অংশ ঢাকি ৰখা দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো অহাৰ লগে লগে এই কথা প্ৰচাৰ কৰিবলৈ বেছি সময় নালাগিল আৰু এতিয়া সকলোতে চৰ্চা চলিছে। এতিয়া উৰ্ফিৰ এনে ষ্টাইল দেখি এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও ইয়াৰ ওপৰত বহুত মন্তব্য কৰিছে।

উৰ্ফিৰ নতুন অৱতাৰ
হট অভিনেত্ৰী উৰ্ফি জাভেদৰ অনন্য শৈলীৰ বাবে বেছিকৈ পৰিচিত। কেতিয়াবা শিকলিৰে মেৰিয়াই লয়, কেতিয়াবা হাতত চশমা দুটা লৈ পোজ দিয়ে আৰু এইবাৰ উৰ্ফীয়ে আচৰিত কাম কৰিছে। উৰ্ফী জাভেদে নগ্ন হৈ ফটোশ্বুট কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল, কিন্তু ব্যক্তিগত অংশ ঢাকিবলৈ উৰ্ফীয়ে ৰঙা ৰঙৰ টেপ এটা পেষ্ট কৰি ড্ৰেছৰ দৰে ট্ৰিট কৰি ভিডিঅ’ বনাইছিল, এতিয়া সেই একেটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে . অৱশ্যে এই ভিডিঅ’টো চাই মানুহেও ক্ষোভ প্ৰকাশ কৰি উৰ্ফীক তীব্ৰভাৱে কৈছে, এনে ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিবলৈ আহ্বান জনাইছে।

বাইদেউ, উৰ্ফি জাভেদে ট্ৰলিং কৰাত একেবাৰেই আপত্তি নকৰে। মানুহে তাইৰ প্ৰতিটো চাৱনিতে নেতিবাচক মন্তব্য কৰে কিন্তু তাইৰ বাবে কোনো কথা নাই। উৰ্ফীয়ে নিজৰ ইচ্ছামতে কৰে। আজিকালি উৰ্ফিয়ে স্প্লিটছভিলা ১৪ত শিৰোনাম দখল কৰিছিল আৰু আনকি ছানি লিঅ’নে নিজেও শেহতীয়াকৈ শ্ব’টোত তেওঁক প্ৰশংসা কৰিছিল। উৰ্ফিৰ সাজ-পোছাক তেওঁৰ বৰ ভাল লাগিছিল।

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত আছাদুদ্দিন ওৱাইছিয়ে আপ, কংগ্ৰেছ, এছ পি আৰু আৰজেডিক লক্ষ্য কৰি বিস্ফোৰক মন্তব্য প্ৰদান…

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত আছাদুদ্দিন ওৱাইছিয়ে আপ, কংগ্ৰেছ, এছ পি আৰু আৰজেডিক লক্ষ্য কৰি কয় যে আজি সকলোৱে হিন্দুত্বৰ কথা কৈছে।

আছাদুদ্দিন ওৱাইছিঃ দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া দ্ৰুত গতিত চলি আছে। ইফালে, আম আদমী পাৰ্টি, কংগ্ৰেছ আৰু আৰজেডিক ঘেৰাও কৰি এক নতুন বিবৃতি দি নিজৰ বক্তব্যৰে শিৰোনাম দখল কৰা আছাদুদ্দিন ওৱেছিয়ে প্ৰকাশ কৰিছে।

দৰাচলতে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এই সকলো দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে সকলোৱে এজন উন্নত হিন্দু হ’বলৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আৰু বিজেপিয়ে ইয়াৰ সুফল লাভ কৰিছে।

হিন্দুত্ববাদৰ নামত ঘৃণা বিয়পোৱাৰ সন্দৰ্ভত ওৱাইছিয়ে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু সমগ্ৰ ভাৰতবৰ্ষত ঘূৰি ফুৰা কংগ্ৰেছ নেতাসকলে, সেয়া আৰজেডি হওক বা এছপি হওক, তেওঁলোকে সকলোৱে আন্ধাৰৰ সৈতে আন্ধাৰ আৰু ঘৃণাৰ সৈতে ঘৃণাৰ সৈতে যুঁজিব বিচাৰে। তেওঁ আৰু কয় যে এই কাৰণেই প্ৰতিবাৰেই বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰি আছে।

কমলাৰ বাকলি ব্যৱহাৰ কৰি পাব বহুতো উপকাৰিতা

যদি আপুনিও কমলাৰ বাকলি খোৱাৰ পিছত পেলাই দিয়ে, তেন্তে আপুনি তেনে কৰাটো বন্ধ কৰিব। আজি আমি আপোনালোকক ক’ম কমলাৰ বাকলি উপকাৰিতাৰ বিষয়ে, যিটো জানি আচৰিত হ’ব। ভিটামিন চিৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কমলা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কমলা খালে বহু উপকাৰ পোৱা যায়। ইয়াৰ ৰসও অতি উপকাৰী। বেছিভাগ মানুহেই কমলাৰ বাকলি পেলাই দিয়ে। কমলাৰ দৰে ইয়াৰ বাকলি ঔষধি গুণেৰে ভৰপূৰ। কমলাৰ খোলা কেৱল স্বাস্থ্যৰ বাবেই নহয়, সৌন্দৰ্য্য বৃদ্ধিৰ বাবেও উপযোগী। কমলাৰ বাকলি উপকাৰিতা জানি সকলোৱে আচৰিত হয়। কমলাৰ খোলাৰ ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জনাওক।

কমলাৰ খোলাত থকা পুষ্টিকৰ উপাদান

কমলাৰ খোলাত আঁহ আৰু ভিটামিন চি ভাল পৰিমাণে থাকে, স্বাস্থ্যৰ বাবে উপকাৰী। কমলাৰ খোলাৰে ছাল আৰু চুলিতো উপকাৰ হয়। এইবোৰত এন্টিঅক্সিডেন্টও পোৱা যায়।

হজমৰ বাবে ভাল

হজম শক্তিৰ লগত জড়িত সমস্যা দূৰ কৰাত কমলাৰ খোলাও ফলপ্ৰসূ। ইয়াত আঁহ থাকে, যাৰ সহায়ত কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ দৰে সমস্যা দূৰ হয়। হজম শক্তিত কোনো সমস্যা হ’লে কমলাৰ খোলা বা ইয়াৰ গুড়ি পানীৰ লগত খাব পাৰে।

ডায়েবেটিছত উপকাৰী

মধুমেহ ৰোগত কমলাৰ বাকলি উপকাৰী। ইহঁতত পেক্টিন থাকে যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। চেনি নিয়ন্ত্ৰণৰ বাবে কমলাৰ খোলা খাব লাগে। উফি আঁতৰাওক

কমলাৰ বাকলি গুড়ি নাৰিকল তেলৰ লগত মিহলাই লগালে চুলিৰ সমস্যা দূৰ হয়। এই পেষ্ট চুলিত লগালে উফিৰ সমস্যা শেষ হয়।

ছালৰ বাবে উপকাৰী

কমলাৰ খোলাত এন্টি এজিং গুণ থাকে যিয়ে ছালত উপকাৰ কৰে। ই ক’লা মূৰ, ব্ৰণ, পিম্পল আৰু দাগ আদিৰ সমস্যা দূৰ কৰে। কমলাৰ বাকলি খালে বা পাউদাৰ বনোৱাৰ পিছত লগালে ছালৰ সমস্যাৰ পৰা উপশম পাব পাৰি।

হোৱাটছএপ ব্যৱহাৰকাৰীৰ জীৱন সহজ কৰি তুলিবলৈ সংযোগ নতুন বৈশিষ্ট্য…

মেটাৰ মালিকানাধীন ইনষ্টেণ্ট মেছেজিং এপ হোৱাটছএপে ভিডিঅ’ কলৰ বাবে এক বৈশিষ্ট্য প্ৰস্তুত কৰিছে। খবৰ অনুসৰি নতুনকৈ মুকলি কৰাৰ লগে লগে ব্যৱহাৰকাৰীয়ে হোৱাটছএপত ভিডিঅ’ চেট কৰাৰ লগতে অন্যান্য এপ্লিকেচন ব্যৱহাৰ কৰিব পাৰিব। শেহতীয়াকৈ WaBetaInfo ৰ এক প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য কিছুমান বিশেষ বিটা পৰীক্ষকলৈ যাবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে আৰু আগন্তুক দিনত অধিক ব্যৱহাৰকাৰীয়ে ইয়াক লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নাজানে তেওঁলোকৰ বাবে WaBetaInfo হৈছে WhatsApp ৰ বৰ্তমান আৰু আগন্তুক বৈশিষ্ট্যসমূহৰ খবৰ ৰখা এটা ৱেব সঁজুলি।

ভিডিঅ’ কলৰ বাবে পিকচাৰ-ইন-পিকচাৰ মোডটো টেষ্টফ্লাইট এপৰ জৰিয়তে iOS 22.24.0.79 উন্নীতকৰণৰ বাবে শেহতীয়া হোৱাটছএপ বিটা ইনষ্টল কৰা বিটা পৰীক্ষক নিৰ্বাচন কৰিবলৈ দেখা পোৱা বুলি জানিব পৰা গৈছে।

সূত্ৰটোত ফাংচনটোৰ স্ক্ৰীণশ্বট অন্তৰ্ভুক্ত কৰা হৈছে, য’ত দেখুওৱা হৈছে যে ভৱিষ্যতৰ ফাংচনটো ব্যৱহাৰ কৰি হোৱাটছএপৰ ব্যৱহাৰকাৰীসকলে কেনেদৰে মাল্টিটাস্ক কৰিব পাৰিব। ইয়াৰ উপৰিও কয় যে এই বৈশিষ্ট্য এতিয়া iOS 16.1 আৰু পিছৰত কাৰ্য্যক্ষম, ইয়াৰ পৰা বুজা যায় যে ই iOS 16 ৰ বাবে আনুষ্ঠানিক সমৰ্থন প্ৰদান কৰা আপডেইটৰ দ্বাৰা সমৰ্থিত বৈশিষ্ট্যসমূহৰ এটা হ’ব পাৰে।

বাৰ্তা মচি পেলোৱাৰ বাবে চৰ্টকাট বুটামটো মেটাৰ দ্বাৰা পৰিচালিত তৎক্ষণাত বাৰ্তা প্ৰেৰণ সেৱাত পৰীক্ষা আৰম্ভ কৰা হৈছে। খবৰ অনুসৰি নিগমে এই ক্ষমতা নিজৰ কিছুমান এণ্ড্ৰইড বিটা পৰীক্ষকৰ বাবে উপলব্ধ কৰিছে। হোৱাটছএপৰ অদৃশ্য হোৱা বাৰ্তাৰ আটাইতকৈ শেহতীয়া উপাদানটো এণ্ড্ৰইড ২.২২.২৪.৯ বিটা মুক্তিৰ বাবে পুনৰ ডিজাইন কৰা হৈছিল।

নতুন আৰু পুৰণি দুয়োটা কথাই এতিয়া বৈশিষ্ট্যটোৰ শিথিলতাৰ বাবেই অদৃশ্য হোৱা সূতা হিচাপে চিহ্নিত কৰা হৈছে। অধিক পৰীক্ষকে এতিয়া ফেডিং বাৰ্তাৰ সৈতে অঞ্চলটোৰ বাবে 2.22.25.10 আপডেইট চাব পাৰিব। মেছেজিং এপটোৱে ৰহস্যজনকভাৱে ইয়াৰ অদৃশ্য হোৱা বাৰ্তা কাৰ্য্যৰ বাবে দ্বিতীয়টো প্ৰৱেশ বিন্দুৰ প্ৰৱৰ্তন কৰিছে।

কিছুমান ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ এণ্ড্ৰইডৰ বাবে হোৱাটছএপ বিটা (২.২২.২৫.১১ সংস্কৰণ) ইনষ্টল কৰাৰ পিছত মেনেজ ষ্ট’ৰেজ অংশৰ পৰা এই নতুন চৰ্টকাট ফাংচনটো প্ৰৱেশ কৰিব পাৰিব। এই নতুন অঞ্চলটো ব্যৱহাৰ কৰাৰ পিছত নতুন আৰু পুৰণি দুয়োটা আড্ডাক “অদৃশ্য হোৱা থ্ৰেড” হিচাপে চিহ্নিত কৰাটো সহজ হ’ব, ই এটা স্থান ৰাহি কৰা সঁজুলি বুলি দাবী অনুসৰি।

ডবকা আকাশীগংগাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত…

হোজাই আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী আকাশীগংগা হালধিআটিত আজি বন্যস্তিৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এজন মহিলা গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডবকা আঞ্চলিক বন বিষয়়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আকাশীগংগা  টঙীয়া গাৱত সংগঠিত হয় এই  চাঞ্চল্যকৰ ঘটনাটো ৷

মৃত মহিলা গৰাকীৰ নাম চুকুমনি গৌড় বুলি জানিব পৰা গৈছে ৷ হাতীৰ জাকটোৱে ডবকা সংৰক্ষিত বনাঞ্চলত যোৱা কালি সন্ধিয়া প্ৰবেশ   কৰিছিল বুলি প্ৰতক্ষ্য কৰে একাংশ লোকে ,নিশা কাষতে থকা *টঙীয়া* গাওঁখনলৈ যায় জাকটোৱে৷ নিশা দহ মান বজাত চুকু মনি গৌড় নামৰ মহিলা গৰাকীয়ে আন এগৰাকী সহযোগীৰ সৈতে হালধীআটীৰ  পৰা বজাৰ কৰি  নিজ গৃহ অভিমুখে গৈ থাকোতেই বন্যহস্তিৰ জাকটোৰ মুখামুখি হয় দুয়ো ৷ এগৰাকী মহিলা পলায় সাৰে যদিওঁ চুকু মনি গৌড় নামৰ মহিলা গৰাকী হাতীয়ে গচকি  মাৰি পেলায়,হাতীৰ আক্ৰমনত মহিলা গৰাকীৰ হাত ভৰি ভাঙি যায় ৷ গাওঁখনত প্ৰৱেশ কৰিয়েই হাতীৰ জাকটোৱে খাদ্য শস্য খাই তহিলং কৰাৰ লগতে তাণ্ডবো চলাই৷ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলিত উপস্থিত হয় হালদি আটিৰ  বনবিভাগৰ দল আৰু আৰক্ষীৰ লোক ৷  

স্থানীয় ৰাইজৰ সহযোগত মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ কৰে৷ যোৱা কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তিৰ জাকটোৱে গাওঁখনত তাণ্ডব চলোৱাৰ কথা জানিবলৈ দিছে  স্থানীয় ৰাইজে৷বাতৰি লিখাৰ আগমূহুৰ্তলৈকে ঘটনাস্থলিত ডবকা অঞ্চলিক  বন বিষয়া জিচং তেৰাং পৰিয়ালকিট বুজনি বা গাওবাসীক শান্তনা দিবলৈ  উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে৷আনহাতে  হোজাইৰ যমুনামুখতো দিন  দুপৰতে বন্যস্থিৰ জাকে তাণ্ডৱ আৰাম্ভ কৰে ৷ যমুনামুখৰ চাংজুৰাই গাৱত অৱস্থান কৰিছে ১০০-১৫০ জনীয়া হাতীৰ জাক এটাই  ৷ চাংজুৰাই গাৱত থকা উৰিয়াম ঘাট ৰিজাৰ্ভত আজি পুৱতি নিশাৰ পৰাই অৱস্থান কৰেহি হাতীৰ জাকটোৱে ৷ দিন দুপৰতে *যমুনামুখ- কামপুৰ* সংযোগী পথত হাতীৰ জাকটোৱে অৱস্থান কৰাত আতংকৰ মাজত আছে অঞ্চলটোৰ জনতাই  ৷ 

উক্ত পথেৰে আহি থকা এখন ই ৰিক্সাক  এটা হাতীয়ে আক্ৰমন কৰিবলৈ উদ্যত হয় যদিও কথমপি ৰক্ষা পৰে ই ৰিক্সাৰ চালক জনে৷ সেই শিহৰনকাৰী দৃশ্য বন্দী হৈছে  কেমেৰাতো।কথমপি প্ৰাণ ৰক্ষা ই-ৰিক্সা চালকৰ লগতে আৰোহী। আতংকত ভূগীছে চাংজুৰাই গাওঁবাসী, কিয়নো মূহুৰ্তত  নিশা গাৱত হাতীৰ জাকটোৱে তাণ্ডৱ চলোৱাৰ আখংক্ষা কৰিছে  সাধাৰণ জনতাই ৷বৰ্তমানলৈকে ঘটনাস্থলিত উপস্থিত হোৱা নাই কামপুৰৰ বনবিভাগ। আনহাতে হাতীৰ জাকটো চাবলৈ হেতা উপৰা লগাইছে একাংশ স্থানীয় ৰাইজে ৷