Home Blog Page 1924

ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা…

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ। ভাৰতীয় ক্ৰীড়া জগতৰ শীৰ্ষ সংস্থাসমূহত ৰাজনৈতিক নেতাসকলৰ দপদপনিৰ সময়তে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা।

ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ কালি সমাপ্ত হয় আৰু মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন তাৰকা ক্ৰীড়াবিদগৰাকী সভাপতি হিচাপে নিৰ্বাচিত হয়।

কেবিনেট মন্ত্ৰী কিৰেন ৰিজিজুৱে এই টুইটযোগে প্ৰবীণ খেলুৱৈগৰাকীক আই অ’ এত নতুনকৈ নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনায়। এক টুইটত ৰিজিজুৱে কয়, “ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা কিংবদন্তি স্বৰ্ণ কন্যা পি টি উষালৈ অভিনন্দন।”

তেওঁ লগতে আই অ’ এৰ বিষয়ববীয়া হিচাপে মনোনীত হোৱা দেশৰ প্ৰতিগৰাকী ক্ৰীড়া তাৰকাক অভিনন্দন জনায় আৰু সমগ্ৰ দেশে তেওঁলোকৰ বাবে গৌৰৱ অনুভৱ কৰিছে বুলি টুইটটোত উল্লেখ কৰে।

অভিনেতা ঋত্বিক ৰৌশনক আৰু অনিল কাপুৰক ওচৰৰ পৰা দেখা পাই উৎফুল্লিত তেজপুৰৰ জনতা…

মিনি বলীউডলৈ পৰিণত হৈছে অসম। বিগত দিনকেইটাত ইজনৰ পাছত সিজন বলিউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আই যাহ চলিছে অসমলৈ।

‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত চলিছে। তেজপুৰৰ শিক্ষক, শিক্ষাৰ্থীৰ কাষত বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ।

দৃশ্যগ্ৰহণৰ মাজতে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ত উপস্থিত হয় বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ। বিদ্যালয়ৰ পুথিভঁৰালত উপস্থিত হৈ অটোগ্ৰাফ দিয়াত ব্যস্ত হৈ পৰে অভিনেতা গৰাকী।

অভিনেতা ঋত্বিক ৰৌশনক আৰু অনিল কাপুৰক ওচৰৰ পৰা দেখা পাই উৎফুল্লিত তেজপুৰৰ জনতা।

‘জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক অতি গুৰুত্বপূৰ্ণ, আমি চীনৰ সৈতে কেনেকৈ প্ৰতিযোগিতা কৰিম?’: কেন্দ্ৰীয় মন্ত্ৰী…

কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিঙে জনসংখ্যা নিয়ন্ত্রণ বিধেয়ক ভাৰতলৈ অনাৰ সন্দর্ভত এক কঠোৰ বক্তব্য দাঙি ধৰি চীন নীতিৰে চীনৰ সফলতাৰ ইংগিত দিয়ে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক গুৰুত্বপূৰ্ণ, আমাৰ সম্পদ সীমিত। চীনে ‘এক শিশু নীতি’ ৰূপায়ণ কৰিলে, জনসংখ্যা নিয়ন্ত্ৰণ কৰিলে আৰু বিকাশ সাধন কৰিলে। চীনত এক মিনিটত ১০ টা সন্তান জন্ম হোৱাৰ বিপৰীতে ভাৰতত এক মিনিটত ৩০ টা সন্তান জন্ম হয়।” আমি চীনৰ সৈতে কেনেকৈ প্ৰতিযোগিতা কৰিম।”

সিঙে কয় যে এই বিধেয়কখন ধৰ্ম বা সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে ওপৰত কাৰ্যকৰী হ’ব লাগে আৰু যিসকলে অনুসৰণ নকৰে তেওঁলোকক চৰকাৰী সুবিধা দিয়া উচিত নহয়। তেওঁলোকৰ ভোটাধিকাৰো ল’ব লাগে।

জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক, ২০১৯-২০২২ চনত প্ৰত্যাহাৰ কৰা হৈছিল যদিও বিজেপিয়ে উল্লেখ কৰিছে যে অতি সোনকালে সংসদত গৃহীত হোৱাটো নিশ্চিত কৰিব। বিধেয়কখনত এনে এক নীতিৰ ৰূপৰেখা দাঙি ধৰা হৈছে য’ত দম্পতীক দুটা সন্তানৰ সীমা মানি চলিব পৰা যায় আৰু দম্পতীক প্ৰৰোচনা আৰু নিৰুৎসাহিত কৰা নহয়।

দুটা সন্তানৰ নীতিত অটল থাকিবলৈ দম্পতীক দিয়া সুবিধাসমূহ হ’ল শৈক্ষিক সুবিধা, ঋণ, নিয়োগৰ সুযোগ, বিনামূলীয়া স্বাস্থ্যসেৱা, আৰু কৰ কৰ্তন।

তদুপৰি দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লোৱা দম্পতীক চৰকাৰী চাকৰিৰ বাবে অযোগ্য বুলি গণ্য কৰা হ’ব আৰু তেওঁলোকে ৰাজসাহায্য লাভ নকৰে।

প্ৰস্তাৱিত বিধেয়কখনৰ লক্ষ্য হৈছে দম্পতীক দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ পৰা নিৰুৎসাহিত কৰা। ইয়াত কোৱা হৈছে যে দুটাতকৈ অধিক সন্তান থকা দম্পতীক চৰকাৰী চাকৰি আৰু চৰকাৰে প্ৰদান কৰা বিভিন্ন সা-সুবিধা আৰু সামগ্ৰীৰ ৰাজসাহায্যৰ বাবে অযোগ্য কৰি তোলাৰ নীতি।

বলীউডৰ ‘বৰ্জন সংস্কৃতি’ৰ ওপৰত মুকলিকৈ কলে আয়ুষমান খুৰানাই…

আগন্তুক একচন-থ্ৰিলাৰ ‘এণ একচন হিৰো’ মুক্তিৰ পূৰ্বে অভিনেতা আয়ুষমান খুৰানাই বলীউডত প্ৰচলিত বৰ্জন সংস্কৃতিৰ বিষয়ে মুকলিকৈ কৈছে।

‘এণ একচন হিৰো’ত আয়ুষমানে এজন চলচ্চিত্ৰ অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ‘বৰ্জন সংস্কৃতি’ৰ সৈতে ছবিখনৰ সম্পৰ্কীয়তাৰ ওপৰত আয়ুষমানে কয়, “চলচ্চিত্ৰখনৰ কাহিনীভাগ এই যুগ আৰু যোৱা কেইবছৰমানৰ পৰা আমি যি দেখিছো তাৰ ওপৰত আধাৰিত।

শেহতীয়া অতীতত যি ঘটিছে বা এতিয়া ঘটি আছে, সেই কথাও ছবিখনত ভালকৈ চিত্ৰিত কৰা হৈছে। ছবিখনত নিশ্চয় ইয়াৰ আভাস পাব। কোনো তাৰকাৰ বিৰুদ্ধে লক্ষ্যভিত্তিক অনলাইন অভিযান হওক বা এজন ছুপাৰষ্টাৰ কিমান দুৰ্বল হ’ব পাৰে, এই সকলোবোৰ আপুনি এই ছবিখনত পাব। এক কথাত ছবিখনত আজিকালি কোনো তাৰকাৰ প্ৰতি সমাজে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাক চিত্ৰিত কৰা হৈছে।”

ছবিখনৰ পৰিচালক অনিৰুদ্ধ আয়াৰে কয়, “এইটো সদায় দুটা ধৰণেৰে চোৱা হয় — প্ৰতিক্ৰিয়া আৰু শাস্তি। মই অনুভৱ কৰোঁ যে এনে শাস্তি কোনেও পোৱাৰ যোগ্য নহয়। ভুল হৈছে। এই দুয়োটা দৃষ্টিভংগীৰ মাজত সামান্য পাৰ্থক্য আছে আৰু এই পাৰ্থক্য বুজি পোৱা উচিত বুলি মোৰ দৃঢ় বিশ্বাস।”

নীৰজ মাধৱৰ দ্বাৰা ৰচিত ‘এন একচন হিৰো’ত অভিনয় কৰিছে জয়দীপ আহলাৱটে। উল্লেখযোগ্য যে ছবিখনত মালাইকা আকোৰাকো গীতৰ ক্ৰমত বিশেষভাৱে অভিনয় কৰিছে।

আনন্দ এল ৰায় আৰু ভূষণ কুমাৰৰ প্ৰযোজক এই ছবিখন ২০২২ চনৰ ২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব।

উল্লেখযোগ্য যে আনেক আৰু ডাক্তৰ জিৰ পিছত এই বছৰ আয়ুষমানৰ তৃতীয়টো মুক্তি। তেওঁৰ ড্ৰিম গাৰ্ল ২ও আহি আছে। ২০২৩ চনৰ ২৩ জুনত পৰ্দাত মুক্তি পাব এই একচন-কমেডী ছবিখন।

কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ-জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ…

জন্মৰ প্ৰমাণপত্ৰক লৈ এইবাৰ অধিক কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। তথ্য অনুসৰি, কেন্দ্ৰই সংসদৰ আগন্তুক অধিৱেশনত ১৯৬৯ চনৰ জন্ম পঞ্জীয়ন আইনত (BRD) সংশোধনী অনাৰ পৰিকল্পনা কৰিছে। প্ৰস্তাৱিত সংশোধনী অনুসৰি জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হ’ব। চাকৰিৰ পৰা চৰকাৰী সেৱালৈকে জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে একো সুবিধা পোৱা নাযাব।

বাতৰি অনুসৰি, কেন্দ্ৰই প্ৰস্তাৱিত সংশোধনীৰে শিক্ষানুষ্ঠানসমূহত নামভৰ্তি, ভোটাৰ তালিকাত নামভৰ্তি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰি, ড্ৰাইভিং লাইচেঞ্চ আৰু পাছপোৰ্টৰ বাবে জন্মৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰিব।

কেৱল জন্মৰ প্ৰমাণপত্ৰই নহয়, মৃত্যুৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰতো কঠোৰ হ’ব কেন্দ্ৰ। কোৱা হৈছে যে চিকিৎসালয়সমূহে মৃতকৰ আত্মীয়সকলক আগৰ দৰেই মৃত্যুৰ প্ৰমাণপত্ৰ দিব। ইয়াৰ লগতে মৃত্যুৰ কাৰণৰ সৈতে স্থানীয় প্ৰশাসনৰ ওচৰতো মৃত্যুৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

১৯৬৯ চনৰ জন্ম পঞ্জীয়ন আইন অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন বাধ্যতামূলক। এনে নকৰাটো এটা শাস্তিযোগ্য অপৰাধ। কিন্তু তৎস্বত্ত্বেও বহুক্ষেত্ৰত দেখা যায় যে পৰিয়ালটোৱে জন্মৰ প্ৰমাণপত্ৰ বা মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰাত অৱহেলা কৰে। সেই অৱহেলা পৰিহাৰ কৰিবলৈ সকলো ক্ষেত্ৰতে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰাৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে লোকপিয়লৰ পৰা চৰকাৰী কাৰ্যসূচীৰ সুবিধা প্ৰদানলৈকে সকলো ক্ষেত্ৰতে সুবিধা হ’ব বুলি ধাৰণা কৰা হৈছে।

কেন্দ্ৰই দাবী কৰিছে যে বিধেয়কখন ৰাজ্য চৰকাৰ আৰু সাধাৰণ নাগৰিকৰ সৈতে আলোচনা কৰি অনা হৈছে। কিন্তু প্ৰশ্নটো হ’ল, যদি সকলো বোৰৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হয়, তেন্তে আধাৰ কাৰ্ডৰ কাম কি? ইমান তৎপৰতা গ্ৰহণ কৰি আধাৰ কাৰ্ডবোৰ কিয়  বনোৱা হ’ল?

অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু

অস্কাৰ বিজয়ী গায়িকা তথা অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।তথ্য় অনুসৰি, আইৰিনৰ ফ্লৰিডাত থকা তেওঁৰ বাসগৃহত মৃত্যু হৈছে। মৃত্যুৰ কাৰণ জনোৱা হোৱা নাই।

“ফ্লেছডান্স… হোৱাট এ ফিলিং’ গানটোৰ বাবে শ্ৰেষ্ঠ মৌলইক গান শাখাত তেওঁ একাডেমী বঁটা (অস্কাৰ) লাভ কৰিছিল। তেওঁ গানটোৰ সহ-লেখকো আছিল। তেওঁ গানটোৰ বাবে শ্ৰেষ্ঠ পপ ভোকেল মহিলা শিল্পীৰ গ্ৰেমী জিকিছিল।

কাৰা ‘ফেম’ বোলছবিখনত হাৰ্নান্দেজৰ চৰিত্ৰত অভিনয় কৰি নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। তেওঁ ছবিখনৰ শীৰ্ষক গীতটোত কণ্ঠ দানো কৰিছিল।

আইৰিনৰ জন্ম ১৯৫৯ চনত নিউয়ৰ্ক চহৰত হৈছিল। আইৰিনে দূৰদৰ্শনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। খুব কম বয়সতে তেওঁ স্পেনিছ আৰু ইংৰাজী ভাষাত গান ৰেকৰ্ডিং কৰা আৰম্ভ কৰিছিল।

আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ১০ খন গ্ৰন্থ প্ৰকাশেৰে অসমৰ সাহিত্য ভঁৰাললৈ অৱদান…


 আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দোকান পোহাৰৰ চাইনবৰ্ড, বেনাৰ চাই চাই অসমীয়া আখৰৰ লগত চিনাকি হৈ সাহিত্য চৰ্চাত নিমগ্ন ‘প্ৰেৰণাশ্ৰী’ যতীন কুমাৰৰ দশমখন গ্ৰন্থ তেওঁৰ শুভ জন্মদিনত পশ্চিম দৰঙৰ বুঢ়া থানা চ’ক (মিলনপুৰ চাৰিআলি)ত উন্মোচন কৰা হয়। এই উপলক্ষে বিয়লি ২.৩০ বজাত বোনমাঝা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঘনকান্ত ডেকাৰ সভাপতিত্বত হোৱা এই সভাত মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ অৰ্থ সাহাৰ্য্যত প্ৰকাশিত ১৪৬ পৃষ্ঠাৰ উপন্যাস ‘ভাগ্যদেৱী’ খন উন্মোচন কৰে ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। যুগল কুমাৰ মহন্তই আঁত ধৰা এই সভাত গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত  ডা° অমৰেন্দ্ৰ নাৰায়ণ দেৱে  কয় যে, যতীন কুমাৰৰ কাৰ্য সঁচাই ব্যতিক্ৰমী, তেওঁ আমাৰ সম্পদ।

কিয়নো আনুষ্ঠানিক শিক্ষা নোহোৱা সাতখন উপন্যাস, দুখন কবিতা আৰু এখন শিশু গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰা ঘটনাটো অকল অসমতেই নহয়, ভাৰতবৰ্ষতে বিৰল ঘটনা। এনে প্ৰতিভাধৰ সাহিত্যিকক ৰাইজৰ লগতে চৰকাৰে মৰম কৰা উচিত। নিজৰ চাহ দোকানত ব্যস্ত থকাৰ মাজতো সাহিত্য চৰ্চা কৰা যতীন কুমাৰৰ ‘ভাগ্যদেৱী’ উপন্যাস খন সকলোকে মূল্য দি ক্ৰয় কৰিবলৈ উন্মোচক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে আহ্বান জনায়। সভাত প্ৰাক্তন মন্ত্ৰী, নেৰিম গ্ৰুপৰ অধ্যক্ষ ড° জয়নাথ শৰ্মাই যতীন কুমাৰক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, গ্ৰন্থৰ সমাদৰ শেহতীয়াকৈ অলপ কমিছে যদিও গ্ৰন্থৰ প্ৰয়োজন আছে আৰু চিৰদিন থাকিব। তেওঁ ‘মানুহে মানুহৰ বাবে’ ৰ কৰ্মৰাজিক প্ৰশংসা কৰি কয় যে, এনে সংগঠনে যতীন কুমাৰৰ গ্ৰন্থ প্ৰকাশ কৰি এক অনন্য নিদৰ্শন দাঙি ধৰিলে’ । মিলনপুৰ বিবেকানন্দ একাডেমীৰ অধ্যক্ষ দীপাংকৰ দাসে উদ্বোধন কৰা এই সভাত আইকণ কমাৰ্চ কলেজৰ অধ্যাপিকা মালবিকা শৰ্মা, মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক গণেশ দত্তই ভাষন প্ৰদান কৰে ।

নুৰুল আলীয়ে দিলীপ কলিতাৰ সহযোগত জিকিৰ, জিজ্ঞাসা অৰ্পনমে নৃত্য পৰিৱেশন কৰা সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছহিৰ ভূঞাই, সম্পাদক গৌতমানন্দ গোস্বামী, বোনমাঝা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰকান্ত ডেকা, আন্ধেৰীঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শচীন শইকীয়া, যোগবিদ বলিন্দ্ৰ কলিতা, দুনী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জগন্নাথ শইকীয়া, নিৰ্মল সাই প্ৰকাশনৰ স্বত্বাধিকাৰী উৎপল ভৰদ্বাজ, সাহিত্যিক হৰিচন্দ্ৰ শৰ্মা, কবি কীৰিতি বৰা, পপী চহৰীয়া, জিতুমণি হাজৰিকা, তৃষ্ণা হাজৰিকা, শিল্পী নিকু কটকী, সমাজকৰ্মী সংগীতা দেৱী, শেখৰ মজুমদাৰ, মঙলদৈ পৌৰসভাৰ খণ্ড আয়ুক্ত সুব্ৰত শীল, ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ উপদেষ্টা মিনতি হাজৰিকা, সম্পাদক জিতুমণি চহৰীয়া, বিত্ত সম্পাদক ৰাতুল ডেকা, সদস্য কুন্তল হাজৰিকা, ৰূপা বিশ্বাস, জেষ্ঠ সাংবাদিক লক্ষ্যধৰ শইকীয়াকে ধৰি শতাধিক লোক উপস্থিত থাকে। এই অনুষ্ঠানতে মিলনপুৰ চাৰিআলি বণিক সন্থাৰ সভাপতি হিতেশ নাথ, সম্পাদক বিকি আলীয়ে যতীন কুমাৰক সম্বৰ্ধনা জ্ঞাপন কৰে। 

-দ্বীপেন ডেকা

লিয়নেল মেছিৰ কাষ্টমাইজড গোল্ডেন বুটৰ হ’ল ফটো ভাইৰেল…

লিয়নেল মেছি ক্ৰীড়া জগতৰ এজন কিংবদন্তি। শনিবাৰে ৬৪ মিনিটত আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে গ’ল দি নিজৰ দলৰ হৈ প্ৰথমটো জয় পঞ্জীয়ন কৰে।

নিজৰ প্ৰচণ্ড গ’লটোৰ জৰিয়তে কাটাৰৰ লুছাইল ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰি তেওঁ নিজৰ দলৰ ফিফা বিশ্বকাপৰ নকআউট পৰ্যায়ৰ অৰ্হতা নিশ্চিত কৰি ৰাখে।

ইফালে তেওঁৰ কাষ্টমাইজড গোল্ডেন বুটৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। সোণালী বুটৰ বিভিন্ন আমোদজনক আৰু বিশেষ কথা।

এই ছবিখন চেম্পিয়নছ লীগৰ অফিচিয়েল হেণ্ডেলে শ্বেয়াৰ কৰিছে। তেওঁলোকে ইনষ্টাগ্ৰামত গৈ ছবিখন শ্বেয়াৰ কৰিছিল আৰু কেপচনত লিখিছিল, “মেছিৰ বিশ্বকাপৰ বুট”।

অনলাইনত শ্বেয়াৰ কৰাৰ পিছত এই পোষ্টটো ভাইৰেল হৈ ১০ লাখৰো অধিক লাইক সংগ্ৰহ কৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে আকৰ্ষণীয় মন্তব্যৰে কমেণ্ট শাখাটো ভৰাই পেলালে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “Made for a legend,” আন এজনে লিখিছে, “আক্ষৰিক অৰ্থত, তেওঁৰ পুত্ৰসকলৰ জন্ম তাৰিখ পাইছো।”

একেদৰে এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “সিংহ মই এতিয়াও আপোনাক আপোনাৰ বুট বান্ধি থকা দেখিবলৈ আগ্ৰহী,” আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “আজি আমি জয়ী হ’ম! আৰু সেই বুট পিন্ধা মানুহজনে গ’ল দিব!”

বিশেষভাৱে কাষ্টমাইজ কৰা সোণালী বুটযোৰৰ আটাইতকৈ বিশেষ কথাটো হ’ল ইয়াত তেওঁৰ পুত্ৰৰ জন্ম তাৰিখ আছে। সোঁফালৰ বুটটোত তেওঁৰ প্ৰথম দুজন পুত্ৰ- থিয়াগো আৰু মাটিওৰ সবিশেষ আছে।


ইয়াত লিখা আছে “থিয়াগো ০২-১১-১২ আৰু মাটিও ১১-০৯- ১৫”, যিয়ে থিয়াগোৰ জন্ম তাৰিখ ২ নৱেম্বৰ, ২০১২ আৰু মাটিওৰ জন্ম তাৰিখ ১১ ছেপ্টেম্বৰ, ২০১৫ বুলি বুজায়।

একেদৰে বাওঁ বুটটোত ২০১৮ চনৰ ১০ মাৰ্চত জন্মগ্ৰহণ কৰা তেওঁৰ সৰু ল’ৰা চিৰোৰ জন্ম তাৰিখ উল্লেখ আছে।

আৰ্জেণ্টিনাৰ তাৰকাগৰাকীৰ দুয়োখন বুটৰ পিছফালেও আছে “১০”। বাওঁফালে এডিডাছৰ ল’গ’ আৰু সোঁফালে তেওঁৰ নিজৰ ব্যক্তিগত ব্ৰেণ্ডৰ ল’গ’।

বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে কঠোৰ সিদ্ধান্ত ল’ব পাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক…

২০২১ চনত ব্ৰিটেইনৰ আন দেশৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১.৭৩ লাখ, যিটো ২০২২ চনত ৫.০৪ লাখলৈ বৃদ্ধি পাইছিল। অৰ্থাৎ এবছৰত একে সময়তে ৩.৩১ লাখ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা গৈছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে যুক্তৰাজ্যলৈ বৃদ্ধি পোৱা নিকা প্ৰব্ৰজন হ্ৰাস কৰাৰ বাবে বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰাকে ধৰি সকলো বিকল্পৰ কথা বিবেচনা কৰিব। বিবিচিৰ এক প্ৰতিবেদনে এই সন্দৰ্ভত দাবী কৰিছে। কোৱা হৈছে যে ব্ৰিটেইনত অধ্যয়ন কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে নিম্নমানৰ ডিগ্ৰী লাভ কৰি আছে। ইয়াৰ সমান্তৰালকৈ এনে বহু ছাত্ৰ-ছাত্ৰীয়েও বহু লোকক লগত লৈ আহিছে।

প্ৰতিবেদন অনুসৰি ডাউনিং ষ্ট্ৰীটৰ এগৰাকী মুখপাত্ৰই কয় যে প্ৰব্ৰজনকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে সকলো বিকল্পৰ কথা বিবেচনা কৰা হৈছে। প্ৰধানমন্ত্ৰী সুনক নিম্নমানৰ ডিগ্ৰী লাভ কৰা বিদেশী ছাত্ৰ-ছাত্ৰীক ৰোধ কৰি নিৰ্ভৰশীলক অনাৰ কথা চিন্তা কৰিব। কিন্তু এই সময়ছোৱাত মুখপাত্ৰই কোৱা নাছিল যে নিম্নমানৰ ডিগ্ৰী কিমান?

শীতত থৰ লগা অৱস্থাত শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক…

শীতত থৰ লগা সময়ত প্ৰথমে কঁপনি আৰু চটফটনিৰ অনুভূতি হয়; চলাচল বা হাত-ভৰি আদি লৰচৰ কৰিব নোৱাৰা হৈ আহে, টোপনি টোপনি ভাৱ হয় আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি উদাসীন হৈ পৰে। শৰীৰৰ উত্তাপ কেইবা ডিগ্ৰীও কমি গ’লে-দুৰ্দশাগ্ৰস্ত মূৰ্চা অথবা অচেতন হ’ব পাৰে। আৰু বেছি সময় ধৰি শীত লাগি থাকিলে শ্বাস-প্ৰশ্বাস ক্ৰিয়া আৰু তেজ চলাচল প্ৰক্ৰিয়া বন্ধ হৈ যাব।

Photo of happy couple on a snowy day

• দুৰ্দশাগ্ৰস্তক লগে লগে গৰম ঘৰৰ ভিতৰলৈ লৈ আনিব লাগে। পাছত লাহে লাহে গৰম কৰাৰ ব্যৱস্থা হাতত ল’ব লাগে।

• পাৰিলে দুৰ্দশাগ্ৰস্তক কুহুমীয়া গৰম পানীৰ পাত্ৰত শুৱাই লৈ লাহে লাহে গোটেই গাটো মালিচ কৰিব লাগে আৰু একে সময়তে পানীৰ উষ্ণতা অতি ধীৰে ধীৰে অকণ অকণকৈ বঢ়াই ৩৬ ডিগ্ৰী ছেন্টিগ্ৰেড পৰ্যন্ত বঢ়াব লাগে।

• যেতিয়া ছালত গোলপীয়া ৰং ধাৰণ কৰা দেখা যাব আৰু হাত ভৰি আদি অংগবোৰৰ পৰা অসাৰ ভাৱ আঁতৰি যাব তেতিয়া পুনৰ উজ্জীৱিত কৰাৰ ব্যৱস্থা কৰিব লাগে।

• প্ৰয়োজন অনুসাৰে শ্বাস-প্ৰশ্বাস পৰিচালনা কৰা হৃৎপিণ্ড মালিচ কৰা ইত্যাদি ব্যৱস্থা হাতত্ত ল’ব লাগে।

• দুৰ্দশাগ্ৰস্তই সংজ্ঞা পোৱাৰ পাছত বিছনাত শুৱাই গৰম কম্বলেৰে গা ঢাকি দিব লাগে।

• দুৰ্দশাগ্ৰস্তক তাৰ পাছত গৰম চাহ, কফি বা গাখীৰ খাব দিব লাগে।

শ্ৰীঅতুল বেজবৰুৱা