Home Blog Page 1925

বান্দৰৰ নামত পঞ্জীয়ন হৈ আছে ৩২ একৰ ভূমি;ভূমিৰ স্বত্বাধিকাৰ আছে বান্দৰৰো

প্ৰায় ১০০টা বান্দৰে বাস কৰা ঠাইখনত সংখ্যা কমি যোৱাত বান্দৰৰ নামত থকা মাটিত গছ ৰোপণ কৰিছে বন বিভাগে।

ধন–সম্পত্তি অথবা ভূমিৰ মালিকীস্বত্ব কেৱল মানুহৰে আছে। এই স্বত্বৰ হকে মানুহে কৰে যুঁজ অথবা বিচাৰে অধিকাৰ। কিন্তু আমাৰ দেশতে এনে এক ঠায়ো আছে, য’ত ভূমিৰ স্বত্বাধিকাৰ আছে বান্দৰৰ। মাটিৰ মালিক যেতিয়া এজাক বান্দৰ, মানুহেও দিয়ে সন্মান।

এই গাঁওখন আছে মহাৰাষ্ট্ৰত। প্ৰায় ৩২ একৰ মাটি বান্দৰৰ নামত আছে ইয়াত। অৱশ্যে এয়া বান্দৰে নিজে কৰা নাই। বহু বছৰ আগেয়ে মালিকীস্বত্ব দি বন্যপ্ৰেমৰ নিদৰ্শন দেখুৱাইছিল কোনোৱে। ওচমানাবাদৰ উপলা গাঁৱত এই বান্দৰবোৰে মাটিৰ মালিকীস্বত্ব লাভ কৰাই নহয়, তেওঁলোকক যথাযথ সন্মানো দিয়া হৈছে। বান্দৰক ইমানেই সন্মান কৰা হয় যে বিয়াৰ আগতে মানুহে কেৱল বান্দৰকহে প্ৰথম উপহাৰ দিয়ে।

উপলা গাঁওখন শ শ বান্দৰ বাসস্থান। গাঁৱৰ কাৰোবাৰ ঘৰৰ সন্মুখত যেতিয়াই বান্দৰ আহে, সিহঁতক অতি শ্ৰদ্ধাৰে খাদ্য আগবঢ়োৱা হয়। কোনো বিশেষ অনুষ্ঠানত বান্দৰৰ উপস্থিতি শুভ বুলি গণ্য কৰা হয়। পিটিআইৰ প্ৰতিবেদন অনুসৰি এই ভূমি কেতিয়া বান্দৰৰ নামত দিয়া হৈছিল গাঁৱৰ মানুহে নাজানে। কিন্তু নথিমতে মাটিৰ মালিক বান্দৰ।

প্ৰায় ১০০টা বান্দৰে বাস কৰা ঠাইখনত সংখ্যা কমি যোৱাত বান্দৰৰ নামত থকা ৩২ একৰ মাটিত বন বিভাগে গছ-গছনিও ৰোপণ কৰিছে, যাতে সিহঁতে খাদ্য অভাৱত নপৰে। এই ঘটনা আজব যেন লাগিলেও ই সত্য আৰু বান্দৰ–মানুহৰ সহবাসৰ নিদৰ্শন।

সোণৰ নাও উদ্ধাৰ মহানগৰীত, আৰক্ষীৰ জালত মহিলা সৰবৰাহকাৰী 

গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে জব্দ কৰিছে সোণৰ নাও আৰু সোণৰ বিস্কুট। DCP দেৱশীষ বৰা আৰু SOGৰ যুটীয়া অভিযানত দাতালপাৰাৰ পৰা আটক কৰে সোণ সৰবৰাহকাৰী এগৰাকী মহিলাক। দাতালপাৰাৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ সোণখিনি। গুৱাহাটীত বিক্ৰীৰ উদ্দেশ্যে লখিমপুৰ পৰা আনিছিল সোণখিনি। ধৃত মহিলাগৰাকীক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

তীৰ্থ ধামৰ পৰা ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা;একেলগে প্ৰাণ হেৰুৱালে স্বামী-পত্নী-পুত্ৰ-শাহু আৰু খুলশালীয়ে!

ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত (Truck And Car Collided) সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত (Horrific Road Accident) প্ৰাণ হেৰুৱাই ৰাজস্থানৰ জলৌৰক ভীনমলৰ মুৰ্ছিম গাঁৱৰ নিৱাসী জৈন পৰিয়ালৰ ৫ গৰাকীকৈ সদস্যই

এক কৰুণ ঘটনা (Tragic Road Accident) সংঘটিত হৈছে ৰাজস্থানৰ (Rajasthan) আহমেদাবাদ-ভৱনগৰ ঘাইপথৰ আঘেলাই ছেক্সনৰ সমীপত। দেওবাৰে তীৰ্থ ধামৰ পৰা উভতি অহাৰ পথতে এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ শিশু আৰু মহিলাসহ ৫ গৰাকী সদস্যই (5 Members Died)

এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত (Truck And Car Collided) সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত (Horrific Road Accident) প্ৰাণ হেৰুৱাই ৰাজস্থানৰ জলৌৰক ভীনমলৰ মুৰ্ছিম গাঁৱৰ নিৱাসী জৈন পৰিয়ালৰ ৫ গৰাকীকৈ সদস্যই।

ব্যৱসায়িক সূত্ৰে গুজৰাটৰ আহমেদাবাত বাস কৰা পৰিয়ালটোৱে দেওবাৰে পালিতানা তীৰ্থ ধাম দৰ্শন কৰি আহমেদাবলৈ উভতি অহাৰ পথতে নিশা প্ৰায় ১০-৩০ বজাত আঘেলাই ছেক্সনৰ সমীপত এখন ট্ৰাকে তেওঁলোকৰ বাহনখনত খুন্দা মাৰে।

এই দুৰ্ঘটনাত বাহনখনত থকা মহাবীৰ জৈন (৪০), তেওঁৰ পত্নী ৰমিলা জৈন (৩১), পুত্ৰ জৈনম (৯), শাহু পুষ্পা দেৱী (৬০) আৰু খুলশালী নৰেশ জৈন (৩২)ৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

জানিব পৰা অনুসৰি, মহাবীৰ জৈনৰ আহমেদাবাদত ধাতুৰ ব্যৱসায় আছে। কিছুদিন পূৰ্বে তেওঁ পৰিয়ালক লগত লৈ ৰাজস্থানৰ মুৰ্চিমৰ জন্ম গাঁৱত থকা পিতৃ-মাতৃৰ ওচৰলৈ আহিছিল।তাৰ পৰা তেওঁলোকে দেওবাৰে পালিতানা তীৰ্থ ধাম দৰ্শন কৰি পুনৰ আহমেদালৈ ওভতাৰ পথতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (Tragic Road Accident)। আনহাতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাবীৰ জৈনৰ খুলশালী নৰেশ জৈনৰ পত্নী বৰ্তমান গৰ্ভৱতী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত পৰিয়ালটোৰ ৫ জনকৈ সদস্যই কৰুণ মৃত্যুক সাৱটি লোৱাত শোকত ভাগি পৰিছে পৰিয়ালটো।

১৫০০ টকা ঘুৰাই দিব নোৱাৰাৰ বাবেই ৰচিৰে বান্ধি ৰাজপথেৰে দৌৰাই নিলে এজন যুৱকক। ঘটনা ওড়িছাৰ কটকৰ।

এক অমানৱীয় কাণ্ড (Cruelty Incident) সংঘটিত হৈছে ওড়িশাৰ (Odisha) কটক চহৰত (Cuttack City)

ধাৰে লোৱা টকা সময়ত ঘূৰাই দিব নোৱাৰাৰ বাবেই কাবুলিৱালাই এজন যুৱকৰ সৈতে কৰিলে এই নিষ্ঠুৰতা। বাইকৰ পিছত ৰছীৰে বান্ধি যুৱকজনক ২ কিলোমিটাৰ পথ ৰাজপথেৰে টানি লৈ গ’ল দুই কাবুলিৱালাই (Viral Video)

জানিব পৰা অনুসৰি, কটক চহৰৰ এজন যুৱকে এজন কাবুলীৱালাৰ পৰা ১৫০০ টকা ধাৰলৈ লৈছিল। কিন্তু ধাৰে লোৱা টকাখিনি ঘূৰাই দিবলৈ বাৰে-বাৰে কোৱাৰ পিছতো যুৱকজনে আৰ্থিক অভাৱৰ বাবে টকাখিনি ঘূৰাই দিবলৈ পৰা নাছিল।

যাৰ বাবে দুই যুৱকে টকা ধাৰলৈ লোৱা যুৱকজনক স্কুটীৰৰ পাছফালে বান্ধি চহৰখনৰ ছেল্টাৰ চ’কৰ পৰা মিছন ৰোডলৈ টানি লৈ যায়। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ (Social Media Viral Video) পৰাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি কাবুলিৱালা যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে (Two Arrest)

লকআপৰ শৌচাগাৰৰ ভিতৰতে আচামীৰ আত্মহত্যা;নিশা পহৰাত থকা কনিষ্টবল এজনক নিলম্বন ! গৰু চুৰিৰ ঘটনাত কালি আৰক্ষীয়ে কৰিছিল আটক

মাজ নিশা ৩.৩০ বজাত যোগীঘোপা আৰক্ষী থানাৰ লকআপৰ ভিতৰৰ শৌচাগাৰতে আত্মহত্যা আচামীৰ

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যোগীঘোপা আৰক্ষী থানাত (Jogighopa Police)। লকআপৰ ভিতৰতে চৰম সিদ্ধান্ত ল’লে আচামীয়ে। মাজ নিশা ৩.৩০ বজাত যোগীঘোপা আৰক্ষী থানাৰ লকআপৰ ভিতৰৰ শৌচাগাৰতে আত্মহত্যা আচামীজনৰ (Prisoner Committed Suicide In Lockup)। আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ।

আত্মহত্যা কৰা আচামী আব্দুল জব্বাৰ

মঙলবাৰে গৰু চুৰিৰ ঘটনাত যোগীঘোপা আৰক্ষীয়ে (Jogighopa Police) আটক কৰিছিল আব্দুল জব্বাৰক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মৃত আব্দুল জব্বৰৰ ঘৰ কুশবাৰীত ৷

ইফালে এই ঘটনাৰ পিছতে যোগীঘোপা থানাৰ কনিষ্টবল মকিমুল হক পাটগিৰিক নিলম্বন (Constable Suspend)। মকিমুল হক পাটগিৰি যোগীঘোপা থানাত নিশা পহৰাৰ দায়িত্বত আছিল।

কনিষ্টবল মকিমুল হক পাটগিৰি

সলনি হ’ল কংগ্ৰেছ দলৰ ইতিহাস। সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰজুন খাৰ্গে…

মল্লীকাৰজুন খৰ্গে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট। এই সন্দৰ্ভত শশী থাৰুৰে কয়, ‘কংগ্ৰেছৰ সভাপতি হোৱাটো এক বৃহৎ সন্মানৰ বিষয়, মহান দায়িত্ব, মল্লীকাৰজুন খাৰ্গেৰ এই নিৰ্বাচনত সফলতাৰ বাবে মই অভিনন্দন জনাইছো।

চূড়ান্ত ৰায় আছিল খৰ্গেৰ সপক্ষে, কংগ্ৰেছ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাইছো।’
একে সময়তে তেওঁ কয়, ‘অতি জটিল পৰিস্থিতিত দলটোক নেতৃত্ব আৰু শক্তি প্ৰদান কৰাৰ বাবে আমি বিদায়ী কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ওচৰত ঋণী। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক কংগ্ৰেছৰ সভাপতি পদৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনাইছো।’


কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে।


কংগ্ৰেছ দলৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে, ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০ চনত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ২২ বছৰৰ পাছত এইবাৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।


ইফালে, আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদত মল্লিকাৰজুন খৰ্গেৰ নাম ঘোষণা কৰিছিল। যেতিয়া ৰাহুল গান্ধীক দলত তেওঁৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল, “মোৰ ভূমিকা কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল’ব… খৰ্গে জীক সুধিব।” দলত মোৰ ভূমিকা কি হ’ব সেয়া নতুন সভাপতিয়ে সিদ্ধান্ত ল’ব।

দিনে দিনে বৃদ্ধি পাইছে ডেংগু । সজাগ হওক আতংকিত নহ’ব…

শেহতীয়াভাৱে অসমৰ বিভিন্ন ঠাইত পুনৰ ডেংগু জ্বৰে আতংকৰ সৃষ্টি কৰিছে।ডেংগু জ্বৰ এবিধ ভাইৰাছ (ফ্লেবিভাইৰাছ-Flavivirus)ৰ দ্বাৰা হয়।বিশেষকৈ গ্ৰীষ্মকালত যেতিয়া মহৰ সংখ্যা বৃদ্ধি হয় তেতিয়া ইয়াৰ আক্ৰমণ অধিক হয়।এডিচ প্ৰজাতিৰ মহৰদ্বাৰা ডেংগু জ্বৰ বিয়পে।অসমত এই প্ৰজাতিৰ মহ প্ৰচুৰ আছে।ভাৰতৰ জাতীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসুচী (NVBDCP-National Vector Born Disease Controll Programm )ৰ তথ্যমতে ২০১৬ বৰ্ষত দেশত ১,১১,৮৮০ গৰাকী লোক ডেংগু ভাইৰাছৰদ্বাৰা আক্ৰান্ত হৈছিল আৰু তাৰে ভিতৰত ২২৭ গৰাকীয়ে মৃত্যুবৰণ কৰিছিল।

ভাইৰাছ কঢ়িওৱা এডিচ মহৰ কামোৰৰদ্বাৰা শৰীৰত ভাইৰাছবিধ প্ৰৱেশ কৰাৰ পাঁচ-ছদিন পিছত অসুখৰ লক্ষণ লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰে।জ্বৰ উঠাৰ দুদিন আগৰ পৰা গা আৰু মুৰৰ বিষ হয়।সময়ত তীব্ৰ জ্বৰ উঠে আৰু পিঠি,মাংসপেশী,গাঁঠি আৰু মুৰৰ বিষ হয়।তিনি-চাৰি দিনৰ পিছত চতুৰ্থ বা পঞ্চম দিনা জ্বৰ কিছু শাম কাটি পুনৰ উঠে।সচৰাচৰ সাত আঠ দিনৰ মুৰত জ্বৰ এৰে।চকু ৰঙা পৰে আৰু বিষায়।চকুৰ ভিতৰত বা পাছফালে বিষোৱা যেন লাগে।চকুৰে পানী ওলাই থাকে।ভোক নলগা হয়,বমি ভাৱ হয় তথা বমি হয়।ৰোগী মানসিকভাৱে দুৰ্বল আৰু হতাশ হৈ পৰে।বুকুৰ ঢপঢপনি কম হয়।ক্ৰমান্বয়ে শৰীৰত সৰু-ডাঙৰ ৰঙা ৰঙা দাগ পৰে।আৰম্ভণিতে সেইবোৰ ঘামচি বা আই বুলি ভাব হ’ব পাৰে।ভৰি আৰু হাতৰ তলুৱাত আৰম্ভ হৈ ৰঙা দাগ বোৰ ক্ৰমে গা অংশলৈ বিয়পি পৰে।জটিলতাৰ সৃষ্টি নহ’লে আক্ৰান্ত ব্যক্তি লাহে লাহে আৰোগ্যৰ ফালে আগবাঢ়ে।

কিছুসংখ্যক আক্ৰান্ত লোকৰ জ্বৰ উঠাৰ তিনি-চাৰি দিনৰ পিছত ৰোগে জটিল ৰুপ ধৰি দাঁতৰ গুৰি,নাক,মুখ আদিৰ পৰা নিজে নিজে তেজ ওলাবলৈ ধৰে।ৰক্তক্ষৰণ ৰোধ প্ৰক্ৰিয়াত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰা অনুচক্ৰিকা (Platelet)সমুহ ডেংগু ভাইৰাছে ধ্বংস কৰে বাবে এনে হয়।খাদ্যনলীৰ ভিতৰত হোৱা ৰক্তক্ষৰণৰ বাবে ক’লা বা মটীয়া শৌচ হ’ব পাৰে।মহিলাৰ জননেন্দ্ৰিয়ৰে ৰক্তক্ষৰণ হ’ব পাৰে।এনেধৰণৰ ৰক্তক্ষৰণে মুৰকত ৰক্ত সঞ্চাৰণ ব্যৱস্থাৰ তাৎক্ষণিক বিকলতাৰ সৃষ্টি কৰিব পাৰে।ভাইৰাছৰ প্ৰতি উদ্ভুত উচ্চ সংবেদনশীলতাৰ ফলত শৰীৰৰ কম্পলীমেণ্ট (Complement)প্ৰণালী সক্ৰিয় হৈ ৰক্তবাহী নলীসমুহৰ বেৰৰ অনিষ্ট সাধিব পাৰে।প্ৰতিৰোধমুলকভাৱে তেজৰ গোট মৰা প্ৰণালী সক্ৰিয় হ’ব ধৰাৰ ফলত ৰক্তবাহী নলীসমুহৰ ভিতৰতে তেজ অ’ত-ত’ত গোট মৰিব ধৰি (DIC-Disseminated Intravuseular Coagulation)জটিলতা অধিক বৃদ্ধি কৰিব পাৰে।ডেংগু জ্বৰৰ এইধৰণৰ জটিল স্তৰক “ৰক্তক্ষৰী ডেংগু জ্বৰ’(DHF-Dengue Haemorhagic Fever)বুলি কোৱা হয়।উপলব্ধ উন্নত চিকিৎসাৰ পিছতো  DHF ত আক্ৰান্ত দহ শতাংশ ৰোগীৰ মৃত্যু হয়।

ডেংগু জ্বৰৰ চিকিৎসাৰ মুল প্ৰত্যাহ্বান হ’ল এই ফ্লেৱিভাইৰাছ ধ্বংস কৰিব পৰা কোনো ঔষধ আজিৰ তাৰিখত উপলব্ধ নহয়।সেয়ে ভাইৰাছবিধ নিজে ধ্বংস হোৱালৈ বা শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধী ক্ষমতাই তাক ধ্বংস নকৰালৈকে আক্ৰান্ত ব্যক্তিগৰাকীক সবল ৰুপত ৰখাতেই ইয়াৰ চিকিৎসা সীমাবদ্ধ।ডেংগুৰ আংশকা হ’লেই সেয়ে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে তেজ পৰীক্ষা কৰাব লাগে।পৰীক্ষাত তেজত ডেংগু ভাইৰাছৰ অৱস্থিতি প্ৰমাণিত হ’লে চিকিৎসকৰ পৰামৰ্শ মৰ্মে পিছৰ পৰ্যায়ৰ পৰীক্ষাসমুহ (যেনে-তেজত অনুচক্ৰিকাৰ পৰিমাণ-গণনা –platelet Count)কৰোৱাত পলম কৰিব নালাগে।অসমৰ জিলা অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমুহত বিনামুলীয়াকৈ ডেংগু জ্বৰৰ বাবে তেজ পৰীক্ষা কৰাব পৰা যায়।চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ সেৱন কৰিব নালাগে।

যথোচিত পৰিচৰ্যা ডেংগু ভাইৰাছ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ মুলমন্ত্ৰ।বেছিভাগ ডেংগু আক্ৰান্তৰে এইখিনি পৰিচৰ্যা ঘৰতে কৰিব পাৰি।কমসংখ্যকৰহে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন থাকে।এইখিনি কথা নুবুজা বাবে বা অযথা আতংকৰ বাবে বহু লোক অনাহকত খৰচস্বান্ত হোৱা দেখা যায়।চিকিৎসকৰ পৰামৰ্শ মতে ঘৰত ৰাখি পৰিচৰ্যাৰ সময়ত ৰোগীগৰাকীক অনবৰতে আঁঠুৱাৰে আবৰি ৰাখিলে ভাল,যাতে তেওঁক কামুৰি মহে ৰোগ অইনৰ গালৈ অধিক বিয়পাব নোৱাৰে।জিৰণিৰ একান্ত প্ৰয়োজন।খাবলৈ সহজে হজম হোৱা আহাৰ,ফল-মুল আৰু প্ৰচুৰ পৰিমাণে জুলীয়া খাদ্য তথা পানী দিব লাগে।অ’ আৰ এছ ,নাৰিকলৰ পানী,খাদ্যপ্ৰাণ ‘গ’ যুক্ত আহাৰ,যেনে-আমলখি,কমলা,নেমু আদি সৰহকৈ দিব লাগে।অমিতা পাত বা ফলৰ ডেংগু প্ৰতিৰোধী গুণ আছে বুলি কিছুসংখ্যকে মত পোষণ কৰিছে।চিকিৎসকৰ সৈতে সততে যোগাযোগ ৰশা কৰিব লাগে আৰু পৰামৰ্শ অনুসৰি নিৰ্দিষ্ট বিৰতিত তেজৰ অনুচক্ৰিকাৰ সংখ্যা গণনা (Platelet Count)পৰীক্ষা কৰাব লাগে।

ডেংগু জ্বৰ প্ৰতিৰোধত অধিক গুৰুত্ব দিয়া হয় যিহেতু ইয়াৰ প্ৰত্যক্ষ চিকিৎসা আজিৰ তাৰিখত সম্ভৱ নহয়।প্ৰতিৰোধৰ বাবে ইয়াৰ বাহক মহবিধক নিয়ন্ত্ৰণ কৰিব লাগিব।মহ নিয়ন্ত্ৰণৰ বাবে উপলব্ধ সকলো যতন বা বুধিয়েই প্ৰয়োগ কৰিব লাগে।এডিছ মহে কণী পাৰি বংশবৃদ্ধি যাতে কৰিব নোৱাৰে,তাৰ বাবে ঘৰৰ চৌহদ,পথৰ দাঁতি,চুবুৰি বা এলেকাটোৰ ক’তোৱেই মুকলি পাত্ৰ টায়াৰ,নাৰিকলৰ খোলা,ফুলৰ টাব,ভগা কাপ-প্লেট আদিত পানী জমা হ’ব দিব নালাগে।এডিচ মহে দিনতো কামোৰে।গতিকে দিনত শোৱাৰ সময়তো আঁঠুৱা তৰিব লাগে।চাৰিওকাষৰ পৰিৱেশ পৰিষ্কাৰ আৰু নিকা কৰি ৰাখিব লাগে।শৰীৰ সম্পুৰ্ণকৈ ঢকা পোছাক পৰিধান কৰা ভাল।সন্ধিয়া ধুপ দিয়া পৰম্পৰা অতি বিজ্ঞানসন্মত।

ডেংগু জ্বৰৰ বিষয়ে সজাগ হ’ব লাগে যদিও অনাহকত আতংকগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই।এবাৰ আক্ৰান্ত হোৱাৰ পিছত প্ৰায় ন মাহলৈ ব্যক্তি বিশেষৰ শৰীৰে ডেংগু ভাইৰাছ প্ৰতিৰোধ কৰাৰ সক্ষমতা লাভ কৰে।ডেংগু ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰী ছিটা ইতিমধ্যে আৱিষ্কাৰ হৈছে আৰু যোৱা বছৰ গুৱাটেমালাত প্ৰথম চৰকাৰীভাৱে ব্যৱহাৰ কৰাৰ পিছত এতিয়া বিশ্বৰ এঘাৰখন দেশত ফ্ৰান্সত উৎপাদিত এই ছিটা ব্যৱহাৰ হৈ আছে।বিশ্ব স্বাস্থ্য সংস্থাই সেউজ সংকেত দিছে যদিও আমাৰ দেশত এতিয়ালৈকে এই ছিটা ব্যৱহাৰ হোৱা নাই।ভাৰতৰ স্থানীয় পাৰিপাৰ্শ্বিকতা তথা ভাইৰেল জেনেটিক্সৰ সৈতে মিলা ডেংগু প্ৰতিৰোধী ছিটা স্থানীয়ভাৱে উৎপাদনৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু ই যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

লেখক:ডা:ৰমেন কুমাৰ কাকতি 

অসমবাসীৰ বাবে ভাল খবৰ; ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ‘এইদ দি কেম্প’ (এডিচি) পদত নিযুক্ত হৈছে এজন অসমীয়া যুৱক…

অসমবাসীৰ বাবে ভাল খবৰ; ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ‘এইদ দি কেম্প’ (এডিচি) পদত নিযুক্ত হৈছে এজন অসমীয়া যুৱক। অলপতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসম ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিৰ লগত ছাঁৰ দৰে লাগি থকা এ ডি চি পদত নিযুক্ত এই যুৱক জনৰ নাম অবিনাশ চেত্ৰী। তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলৰ বাসিন্দা তথা ভাৰত চৰকাৰৰ এচ আই বিৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপ সঞ্চালক পূৰ্ণ বাহাদুৰ চেত্ৰী আৰু অঞ্জনা চেত্ৰীৰ বৰপুত্ৰ মেজৰ অবিনাশ চেত্ৰী।

উল্লেখ্য যে, অসম মাতৃৰ সুযোগ্য এই সন্তান গৰাকীয়ে ২০১৬ চনত পুণেস্থিত নেশ্যনেল ডিফেন্স একাডেমীৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক সহ শ্ৰেষ্ঠ কেডেটৰ এক বিৰল সন্মান লাভ কৰিছিল। এই সন্মান লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসম সন্তান। ভাৰতীয় বায়ুসেনা বিভাগত বিষয়া হিচাবে যোগদান কৰাৰ অদম্য সপোন লৈ নেশ্যনেল ডিফেন্স একাডেমীত ভৰ্তি হোৱা এই যুৱক জনে পৰবৰ্তী পৰ্যায়ত বায়ুসেনাৰ পৰিৱৰ্তে ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে মন বান্ধি লয় আৰু ২০১৭ চনৰ ১০ জুনৰ দিনা ডেৰাদুনস্থিত ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ দীক্ষান্ত সমাৰোহত ‘সন্মানজনক তৰোৱাল সহ পুনৰ স্বৰ্ণ পদ’ক লাভ কৰা প্ৰথমজন অসম সন্তানৰ বিৰল সন্মান লাভ কৰে। তদানীন্তন সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱতে নিজ হাতে তেওঁক এই সন্মানজনক তৰোৱাল আৰু স্বৰ্ণ পদক প্ৰদান কৰিছিল।

এই অনুষ্ঠানত অবিনাশ চেত্ৰীৰ পিতৃ মাতৃৰ লগতে দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস উপস্থিত আছিল। নেশ্যনেল ডিফেন্স একাডেমীত শ্ৰেষ্ঠ কেডেট হিচাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈ সন্মানজনক দুয়োখন একাডেমীত এক বিৰল অভিলেখ ৰচি জিলিকি উঠা এইগৰাকী সুযোগ্য অসম সন্তানেই ছয়টি বছৰ পিছত ৰাষ্ট্ৰপতিৰ ‘এইদ দি কেম্প’ (এ ডি চি) হিচাবে ৰাষ্ট্ৰপতি ভৱনত কৰ্তব্যত যোগদান কৰা দ্বিতীয় গৰাকী অসম সন্তান হিচাপে আন এক বিৰল সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখ্য যে, ১৯৭৯ – ১৯৮১ চনলৈ বায়ু সেনাৰ ফ্লাইট লেফটেনেণ্ট অতুল শইকীয়া ৰাষ্ট্ৰপতিৰ এডিচি পদত নিযুক্ত প্ৰথম অসমীয়া আছিল। এইজন অসম সন্তান পিছলৈ বায়ুসেনাৰ ভাইছ মাৰ্শ্বেল হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

লেখক – গণেশ দত্ত

ভাৰতীয় মহিলা ক্ৰিকেট দলক “আমোল” কোম্পানীয়ে কাৰ্টুন বনাই জনালে সন্মান…

ভাৰতীয় মহিলা ক্ৰিকেট দলক ভাৰতৰ বৃহৎ আৰু আটাইতকৈ পুৰণি কোম্পানী “আমোলে” কাৰ্টুন বনাই জনালে সন্মান ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছত যথেষ্ট লোকে প্ৰশংসা কৰে । অনুৰাগী সকলে কমেণ্টত বহুতে শুভেচ্ছা জ্ঞাপন কৰে ।

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অহা ২ মাহৰ ভিতৰত ভাৰতত হ’ব পাৰে ডাঙৰ বিপদ!

ভাৰতৰ বাবে বাবা ভাংগা ভৱিষ্যদ্বাণী প্ৰায় ১১১ বছৰ আগতে এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো অহা ২ মাহত সঁচা হ’ব পাৰে আৰু ইয়াক লৈ জনসাধাৰণৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে। এতিয়া প্ৰায় ২ ২০২২ চনৰ শেষ হ’বলৈ মাহ বাকী আছে আৰু আকৌ এবাৰ বুলগেৰিয়াৰ ভাববাদী বাবা ভাংগা ভৱিষ্যদ্বাণীৰ আলোচনা তীব্ৰতৰ হৈছে। ভাৰতৰ বাবে বাবা ভাংগা ভৱিষ্যদ্বাণী ১১১ বছৰ পূৰ্বে ২০২২ বৰ্ষৰ বাবে ভাৰতৰ বিষয়ে এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো অহা ২ মাহত সঁচা হ’ব পাৰে। বাবা ভেঙাৰ ভৱিষ্যদ্বাণীক সন্দৰ্ভত জনসাধাৰণৰ মাজত এক ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে।


বাবা ভেংগাই ২০২২ চনত ভাৰতত ফৰিঙৰ আক্ৰমণ আৰু অনাহাৰৰ ভৱিষ্যদ্বাণী কৰিছিল। বাবা ভেঙাৰ মতে, ২০২২ চনত সমগ্ৰ বিশ্বতে তাপমাত্ৰা হ্ৰাস পোৱাৰ পিছত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। ফৰিঙৰ জাকে ভাৰততো আক্ৰমণ কৰি শস্যবোৰ ধ্বংস কৰিব। ইয়াৰ ফলত ভাৰতত দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে আৰু তীব্ৰ অনাহাৰৰ সম্ভাৱনা আছিল। কওঁকচোন ২০২২ চনত মাত্ৰ প্ৰায় ২ মাহ বাকী আছে।

দ্য ছানৰ প্ৰতিবেদন অনুসৰি ২০২২ চনৰ বাবে বাবা ভেংগাই ৬টা ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বাহিৰেও এছিয়াৰ কিছুমান দেশত বানপানী, কিছুমান দেশত পানীৰ নাটনি, এলিয়েনৰ আক্ৰমণ, ফৰিঙৰ আক্ৰমণ, ভাৰ্চুৱেল ৰিয়েলিটি বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ বাহিৰেও বাবা ভেংগাই চাইবেৰিয়াৰ পৰা নতুন ভাইৰাছ আহিব বুলি ভৱিষ্যদ্বাণী কৰিছিল, যিটো কৰ’না ভাইৰাছতকৈও অধিক মাৰাত্মক হ’ব পাৰে।

এই বছৰ এই ২ টা ভৱিষ্যদ্বাণী বাস্তৱায়িত হৈছে

২০২২ চন সন্দৰ্ভত বাবা ভাঙাই কৰা ৬ টা ভৱিষ্যদ্বাণীৰ ভিতৰত ২ টা সঁচা প্ৰমাণিত হৈছে। অষ্ট্ৰেলিয়াৰ বাহিৰেও তেওঁ এছিয়াৰ কিছুমান দেশত বানপানীৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো সত্য বুলি প্ৰমাণিত হৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বানপানীৰ সৃষ্টি হৈছে, আনহাতে পাকিস্তানৰ পৰিস্থিতিও বানপানীৰ বাবে অতি বেয়া আছিল আৰু হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বাবা ভেঙাই কিছুমান দেশত পানীৰ নাটনি হ’ব বুলিও ভৱিষ্যদ্বাণী কৰিছিল, সেয়া বাস্তৱত পৰিণত হৈছে। পৰ্তুগাল আৰু ইটালীৰ বহু চহৰত চলিত বৰ্ষত খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু পানীৰ নাটনিৰ সন্মুখীন হৈছে।