Home Blog Page 1941

জিলা প্ৰশাসনৰ উদ্যোগত বীৰ লাচিত বৰফুকন উদ্যানত আজি মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী …

আজি মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী। এই জন্ম জয়ন্তী উপলক্ষে জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানত জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে। উক্ত কাৰ্সূচীৰ অংশ হিচাপে আজি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অর্পণ কৰে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে। পুষ্পমাল্য অর্পণেৰে বীৰজনাৰ গৌৰৱৰ গাথাঁ সোঁৱৰিলে ৰাজ্যপালগৰাকীয়ে। লগতে সংবাদ মাধ্যমৰ আগত ৰণৰ ঐতিহ্য বহন কৰা উদ্যানখন ৰাইজৰ বাবে মুকলি কৰাৰ প্ৰতিশ্ৰুতি ৰাজ্যপালগৰাকীয়ে প্ৰদান কৰে।

উল্লেখযোগ্য যে, উদ্যানখনত আজি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সন্ধিয়াৰ ভাগত মুকাভিনয় অনুষ্ঠানৰ উপৰিও সম্পন্ন কৰা হ’ব বন্তি প্ৰজ্বলন কাৰ্যসূচী। এই কথা বিগত ২৩ নৱেম্বৰত কামৰূপ (ম) জিলাৰ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, চক্ৰ বিষয়া লক্ষ্যজিত দুৱাৰাই জনাইছিল।

আনহাতে লাচিত উদ্যানখনৰ জৰাজীৰ্ণ অৱস্থা সন্দৰ্ভত বিষয়ববীয়াসকলে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে। স্থানীয় নাগৰিক সমিতিৰ সৈতে উদ্যানখনৰ পৰিচৰ্য্যাৰ ব্যৱস্থা কৰা হ’ব বুলি অৱগত কৰে বিষয়াদ্বয়ে।

ইয়াৰোপৰি স্থানীয় ৰাইজে সকলোৰে বাবে উদ্যানখন পুনৰ মুকলি কৰি ৰখাৰ বাবে আহ্বান জনায় বিভাগীয় লোক তথা চৰকাৰক।

চতিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শুভাৰম্ভ হ’ল “লাচিত মাৰাথন”…

বিশ্বনাথ জিলা প্ৰশাসন আৰু বিশ্বনাথ সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আজি মহান বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ‘লাচিত মাৰাথন’ আৰম্ভ হয়।

এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মাননীয় মুনীন্দ্ৰ নাথ ঙাটে ডাঙৰীয়াই।

প্ৰায় শতাধিক যুৱক যুৱতীৰ দ্বাৰা অনুষ্ঠিত হোৱা মাৰাথন চতিয়াৰ পৰা আৰম্ভ হৈ বিশ্বনাথ চাৰিআলিত অন্ত পৰিব।

লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুটি নাট মঞ্চস্থ…

পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে চুটি নাট ‘মাতে পকা ধানে ৰিঙিয়াই’ মঞ্চস্থ কৰা হয়। অসমীয়া শিপীনীৰ গামোছা, পথাৰৰ সোনগোটি আদি কেইবাটাও দিশৰ ওপৰত ৰচিত নাট খনৰ ৰচনা আৰু পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই।

নাট খনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, কংকনা দেৱী, কিৰনমনি দাস, ধ্ৰুৱজ্যোতি পাঠক, ভৃগু কুমাৰ হাজৰিকা, হৰেকৃষ্ণ দাস, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, জোৎস্না বৰা, মায়াশ্ৰী শইকীয়া, পল্লবী কলিতা, পপী বৰুৱা আৰু বিভিন্ন দিশত সহযোগিতা আগবঢ়াই দুতিকৃষ্ণ বৰা, নিপেন দাস আৰু সাধাৰণ সম্পাদক বিতু দত্তই ।

বিদ্যালয় খনত প্ৰতি গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাত বীৰ লাচিতৰ ওপৰত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয়।

কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ তৃতীয় খন মেছত স্পেইনে কোষ্টাৰিকাক ৭-০ গলৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ অভিযান আৰম্ভ…

কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ তৃতীয় খন মেছত স্পেইনে কোষ্টাৰিকাক ৭-০ গলৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ অভিযান আৰম্ভ কৰিলে।

কোষ্টাৰিকাৰ বিৰুদ্ধে স্পেইনৰ খেলৰ প্ৰথম দহ মিনিটৰ ভিতৰত তিনিটা গল কৰি ভেটি শক্তিশলী কৰে। খেল খনৰ ১১ মিনিটত অ’লমোৰে এটা গলে দিয়ে। খেলখনৰ ২১ মিনিটত মাৰ্কো এচেঞ্চিঅ’ই স্পেইনৰ হৈ দ্বিতীয়টো গল কৰে। কেপ্টেইন টৰেছে ৩১ মিনিটত পেনাল্টি স্পটৰ পৰা গল কৰিছিল।

৫৪ মিনিটত এচেঞ্চিঅ’ই তেওঁৰ দ্বিতীয় আৰু দলটোৰ চতুৰ্থটো গল কৰে। স্পেইনৰ আধিপত্যৰ মাজতে কোষ্টা ৰিকাৰ ফুটবলাৰসকলে কিছু বিক্ষিপ্ত প্ৰতি-আক্ৰমণ কৰিছিল।

কিন্তু তেওঁলোকে গল কৰিবলৈ পৰিবেশ সৃষ্টি কৰিব নোৱাৰিলে। ৭৪ মিনিটত স্পেইনৰ হৈ গাবিয়ে পঞ্চমটো গল কৰে। স্পেইনে ষষ্ঠ আৰু সপ্তম গল কৰে খেলৰ ৯০ মিনিটত ।কাৰচোল চোলে গ’লটো কৰে। আলভাৰো মোৰাতাই স্পেইনৰ সপ্তম গল কৰে। এনেদৰে প্ৰথম খেল খনতে স্পেইনে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়।

বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউট আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত…

আজি, বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউটৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউট আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিত প্ৰতিষ্ঠানটোৰহৈ সঞ্চালক ড° অমল চন্দ্ৰ কটকী আৰু বিশ্ববিদ্যালয়খনৰহৈ উপ পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰকান্তি সৰকাৰে স্বাক্ষৰ কৰে ৷ চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত কেঞ্চাৰ প্ৰতিষ্ঠানটোৰ উপ সঞ্চালক (শৈক্ষিক), উপ সঞ্চালক (প্ৰশাসনিক), জেষ্ঠ্য বিষয়া-অধ্যাপকৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, আইন বিভাগৰ মুৰব্বী ড° বিমল বৈশ্য, সামাজিক কৰ্ম বিভাগৰ মুৰব্বী ড° দীপশিখা কাৰ্পেন্টাৰ, সহকাৰী জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মা উপস্থিত থাকে ৷

প্ৰতিষ্ঠানটোৰ চিকিৎসক ডা° ৰূপম ডেকাই আঁতধৰা অনুষ্ঠানত বক্তব্য ৰাখি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ড° অমল চন্দ্ৰ কটকীয়ে কয়, “প্ৰতিষ্ঠানটোৰ বাবে আজিৰ দিনটো এক বিশেষ দিন ৷ কেঞ্চাৰ বায়’লজী বিষয়টোৰ শৈক্ষিক তথা গৱেষণাক্ষেত্ৰৰ আলোচনাই শিক্ষাৰ্থীসমাজৰ লগতে সমাজখনকো উপকৃত কৰিব লগতে ই নিৱনুৱা সমস্যাও নাইকিয়া কৰিব ৷

অনুষ্ঠানত অংশলৈ অধ্যাপক মৃদুল হাজৰিকাই বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানখনৰ ৫০ বছৰীয়া যাত্ৰাৰ বাবে শুভকামনা জনোৱাৰ লগতে, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আগবঢ়োৱা নতুন দিশ সমূহৰ বিষয়ে উল্লেখ কৰে ৷ লগতে তেওঁ আৰু কয়, দুয়োটা অনুষ্ঠানৰ প্ৰচেষ্টাত কেঞ্চাৰ বায়’লজিত বিশ্ববিদ্যালয়খনে আগন্তুক বৰ্ষৰে পৰা স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম শুভাৰম্ভ কৰিব ৷

বিদেশতো আছে চীনৰ আৰক্ষী থানা ! সহায়ক ‘সেৱা কেন্দ্ৰ’ৰ নামত বেইজিঙৰ বৰ্ধিত গোলকীয় সম্প্ৰসাৰণবাদৰ ইংগিত…

সমগ্ৰ দক্ষিণ পূব এছিয়াৰ লগতে বিশ্বৰ আন বহু দেশৰ ওপৰত অহৰহ চকু ৰাখিছে চীনে। চীনে ৬ বছৰতকৈও কম সময়ৰ ভিতৰত প্ৰায় ৩০ খন দেশত ৫০ খনতকৈও অধিক “বিদেশী আৰক্ষী থানা” স্থাপন কৰিছে বুলি জানিব পৰা গৈছে। বেইজিঙে এইক্ষেত্ৰত দাবী কৰে যে “স্বেচ্ছাসেৱক-পৰিচালিত সেৱা কেন্দ্ৰসমূহ” দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ প্ৰচেষ্টা হিচাবেহে গঢ়ি তোলা হৈছে। চীনৰ এনে বিদেশী আৰক্ষী থানাকলৈ বহু দেশৰ নাগৰিকে এইবুলি আশংকা কৰিছে যে চীনে আন দেশৰ ভিন্ন মতাবলম্বীসকলক অনুসৰণকৰি হাৰাশাস্তি কৰিবলৈয়ে এনে থানাসমূহ ব্যৱহাৰ কৰিব বিচাৰিছে।


চীনা চৰকাৰে কৈছে যে বিদেশত চীনা নাগৰিকসকলক প্ৰশাসনীয় সহায়, যেনে নথি নৱীকৰণ, আৰু অনলাইন প্ৰৱঞ্চনাৰ দৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ এনে বিদেশী থানাসমূহ স্থাপন কৰা হৈ
অৱশ্যে, মানৱ অধিকাৰ গোট চেফগাৰ্ড ডিফেণ্ডাৰৰ শেহতীয়া প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে আৰক্ষী থানাবোৰে আন দেশৰ ভিন্নমতাবলম্বী লোকসকলক ভয় খুৱাবলৈ ব্যৱহাৰ কৰা হৈছে।


চীনে ২০১৬ চনত ছয়খন দেশত এনে থানা স্থাপন কৰিছিল। খবৰ অনুসৰি ষ্টেচনসমূহত “স্বেচ্ছাসেৱকসকলে” অপৰাধপীড়িতসকলক সংশ্লিষ্ট দেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত সহায় কৰিছিল। চীনে কিয় বিদেশতো আৰক্ষী থানা স্থাপন কৰিবলগীয়া হৈছে তাৰ সঠিক উত্তৰ অৱশ্যে এতিয়াও কোনেও দিব পৰা নাই।

আগন্তুক তিনিমাহৰ ভিতৰত দিমীলা-কালপানী নদীৰ মথাউৰি মেৰামতিৰ আশ্বাস বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ…

অহা তিনিমাহৰ ভিতৰত দিমীলা আৰু কালপানী নদীৰ মথাউৰি মেৰামতিৰ আশ্বাস দিলে ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে।যোৱা ১৪ নবেম্বৰত বগাচলা প্ৰগতি সংঘৰ উদ্যোগত অনুষ্ঠিত শিশু দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক গৰাকীয়ে প্ৰতিটো বছৰে বাৰিষা সময়ত হোৱা বানপানীয়ে অঞ্চলটোৰ ৰাইজক জলা-কলা খুৱাই অহাৰ পাছত বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ এনে মন্তব্যই অঞ্চলটোৰ ৰাইজে আশাৰ ৰেঙণি দেখা যেন পোৱাত মনত যথেষ্ঠ আনন্দ লাভ কৰিছে।

আনহাতে দুনী -বগাচলা পকী পথটোৰ দুৰদুৰীয়াৰ সমীপত থকা বগাচলাচ থকা এশ মিটাৰ পথ পকীকৰণৰ পৰা বাদ পৰি ৰোৱাত বৰষুণ হ’লে বোকাপানীৰ কবলত চলাচল কৰিব নোৱাৰা হৈ পৰে। বিধায়ক গৰাকীক প্ৰগতি সংঘই দিয়া এক স্মাৰক পত্ৰত উল্লিখিত পথটোৰ কথা উল্লেখ কৰাত তেওঁ অচিৰেই পকীকৰণৰ পৰা বাদ পৰা এশ মিটাৰ পথো কৰাৰ দৃঢ়তা প্ৰকাশ কৰে। উপস্থিত ৰাইজক বিধায়ক গৰাকীয়ে ৰাজহুৱা কবৰস্থানকে ধৰি অন্যান্য সমস্যা কথা আলোচনা কৰিবলৈ তেওঁ নিজেই বগাচলালৈ গৈ আলোচনা কৰিব বুলিও প্ৰকাশ কৰে। বিধায়ক গৰাকীৰ এনে দৃঢ়তাত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে যদিও দিমীলা নদীৰ দুৰদুৰীয়াত থকা ২০০৪ চনতে ছিগা মথাউৰিটো মেৰামতিৰ লগতে পৰিত্যক্ত হৈ থকা পানী দুৱাৰ আঁচনিখনৰ কথা উল্লেখ নকৰিলে।

কিয়নো অঞ্চলটোৰ কৃষক ৰাইজৰ বাবে এই দুটা মুখ্য সমস্যা হিচাপে থিয় দি আছে।বিগত বৰ্ষৰ শেষ ভাগত বিধায়ক গৰাকীয়ে উল্লিখিত সমস্যা দুটা পৰিদৰ্শন কৰিছিল।ৰাইজে ভাবিছিল এইবাৰ বেলেগ বিধায়কে চাই গৈছে তেতিয়া কিবা এটা হ’ব। কিন্তু আজিও তেনেদৰেই পৰি থকা বুলি প্ৰকাশ।ইফালে বগাচলাৰ গাতে লাগি থকা দুৰদুৰীয়া নামৰ গাঁওখনত থকা তিনিখনকৈ বাঁহৰ সাঁকোই গাঁওবাসীক জলা-যন্ত্ৰণা ভোগাই আহিছে।যিখন গাঁৱত কাৰোবাৰ অসুখ -বিসুখ হ’লে সোমাব নোৱাৰে চাৰিচকীয়া বাহন।এই ক্ষেত্ৰত বিধায়ক গৰাকীয়ে পদক্ষেপ লোৱাৰ আশা পালিছে গাঁওবাসী ৰাইজে।

নতুন দিল্লীৰ অসম হাউছত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহৰ সম্পৰ্কত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আলোচনা…

নতুন দিল্লীৰ অসম হাউছত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ

সিদ্ধান্ত সমূহৰ সম্পৰ্কত জয়ন্ত মল্ল বৰুৱাৰ আলোচনা ।

ইংলেণ্ডৰ অধিনায়ক হেৰী কেনৰ বাবে আঘাতৰ আতংক, গোৰোহাৰ স্কেন কৰিবলৈ…

ইংলেণ্ডৰ অধিনায়ক হেৰী কেনৰ গোৰোহাত স্কেন কৰা হ’ব, ইয়াৰ দুদিন পূৰ্বে তেওঁৰ দেশখনে বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে খেলিব। ইৰাণৰ বিৰুদ্ধে ৬-২ গ’লত জয়লাভ কৰাৰ পিছত সোমবাৰে খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পৰা গোৰোহাত ষ্ট্ৰেপিং কৰি ওলাই যায় যদিও মঙলবাৰে কেনে লঘু প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।

শুকুৰবাৰে গেৰেথ চাউথগেটৰ দলটোৱে আমেৰিকানসকলৰ বিৰুদ্ধে মুখামুখি হ’ব,জয়লাভ কৰিলে নকআউট পৰ্যায়ত স্থান নিশ্চিত হ’ব।

ৰাছিয়াত অনুষ্ঠিত হোৱা বিগত বিশ্বকাপত সৰ্বাধিক গ’ল দিয়া কেনৰ গোৰোহাত আঘাতৰ ইতিহাস আছে।

কিডনীৰ পাথৰ আৰু ইয়াৰ প্ৰতিৰোধ সমূহ জানো আহক…

শৰীৰত পানীৰ অভাৱ ঘটিলে, বংশানুক্রমিক, জেনেটিক, মেদবহুলতা, অধিক মাত্ৰাৰ প্ৰ’টিন, লৱণ আৰু গ্লু’কজ থকা খাদ্য, পেৰাথাইৰয়ড গ্রন্থিৰ অসুখ, গেষ্ট্রিক বাইপাছ ছাৰ্জাৰি, Diureties, anti seizure drugs, কেলচিয়ামযুক্ত এন্টাচিড ইত্যাদি।

কিডনী বা বৃক্ক আমাৰ শৰীৰৰ ভিতৰৰ এক অপৰিহার্য অংগ। কিডনীয়ে দেহৰ তৰল পদার্থ লৱণ, খনিজ পদার্থ আৰু অন্যান্য উপাদানসমূহৰ পৰিমাণ নিয়মীয়া কৰি ৰাখে আৰু অতিৰিক্ত ভাগ নিষ্কাশন কৰে। এই পদার্থসমূহৰ সন্তুলনৰ তাৰতম্য হ’লে কিডনীত পাথৰ (Stone) সৃষ্টি হ’ব পাৰে। আমাৰ দুটা কিডনী থাকে। কিডনীৰ লগত ইউৰেটৰ, ইউৰিনেৰি ব্লাডাৰ আৰু ইউবেথা সংলগ্ন হৈ থাকে। ইয়াৰ যিকোনো অংশতে পাথৰৰ সৃষ্টি হ’ব পাৰে। এই পাথৰবোৰ প্রকৃততে সৰু সৰু লৱণ আৰু খনিজ পদার্থৰ স্তুপ। কিডনীত উৎপন্ন হৈ পাথৰবোৰ মূত্ৰনলীৰ তলৰ ফালে গতি কৰিব পাৰে।

কিডনীৰ পথৰ কেইবা প্রকাৰৰ আছে –

কেলচিয়াম পাথৰ: এইবিধ পাথৰ কেলচিয়াম অক্সেলেট (Calcium oxalate), ফচফেট বা মেলিয়েটেৰে গঠিত।

ইউৰিক এচিড পাথৰ: পুৰুষৰ ক্ষেত্ৰত এইবিধ পাথৰ বেছিকৈ হয়। গাউটত ভোগা আৰু কেম’থেৰাপি লোৱা মানুহৰ ক্ষেত্ৰত ইউৰিক এচিড পাথৰ সাধাৰণতে হোৱা দেখা যায়। যেতিয়া প্ৰস্ৰাৱ বেছিকৈ আম্লিক হয়, তেতিয়া এইবিধ পাথৰৰ সৃষ্টি হয়। এইবোৰ আকাৰত ডাঙৰ আৰু প্ৰস্ৰাৱনলী অৱৰোধ কৰিব পাৰে। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এইবিধ পাথৰ বেছিকৈ হয়।

চিষ্টিন: এইবিধ পাথৰ কাচিৎহে হোৱা দেখা যায়। Cystinuria নামৰ জেনেটিক বিকাৰৰ ক্ষেত্ৰত এইবিধ পাথৰ সৃষ্টি হয়।

কিডনীৰ পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি কৰা কাৰকবোৰ হ’ল –

শৰীৰত পানীৰ অভাৱ ঘটিলে, বংশানুক্ৰমিক, জেনেটিক, মেদবহুলতা, অধিক মাত্ৰাৰ প্ৰটিন, লৱণ আৰু গ্লু’কজ থকা খাদ্য, পেৰাথাইৰয়ড গ্রন্থিৰ অসুখ, গেষ্ট্ৰিক বাইপাছ ছাৰ্জাৰি, Diureties, anti seizure drugs, কেলচিয়ামযুক্ত এন্টাচিদ ইত্যাদি।

কিডনী পাথৰৰ লক্ষণবোৰ হ’ল- পিঠিৰ তলৰ অংশ, পেট আৰু কাষত অত্যন্ত বিষ, প্ৰস্ৰাৱত তেজ, কঁপনি জ্বৰ ইত্যাদি। বিষ হঠাতে আৰম্ভ হ’ব পাৰে। বমি হ’ব পাৰে। ঘনাই প্ৰস্ৰাৱৰ ভাব আহিব পাৰে।

কিডনীৰ পাথৰৰ কাৰণে কিছুমান জটিলতাৰ সৃষ্টি হ’ব পাৰে। পাথৰে ইউৰেটাৰত (কিডনীৰ পৰা ওলাই অহা নলী) ঘা লগাব পাৰে, মূত্ৰনলী অৱৰোধ কৰিব পাৰে। কিডনীত সংক্ৰমণ হৈ ক্ষতি সাধন হ’ব পাৰে।

চিকিৎসা –

পাথৰৰ আকাৰ অনুসৰি চিকিৎসা পদ্ধতি বেলেগ বেলেগ হ’ব পাৰে। অতি সৰু পাথৰ হ’লে, যথেষ্ট পানী খালে প্ৰস্ৰাৱৰ লগত নিৰ্গত হয়। দিনে ৬-৮ গিলাচমান পানী খাব লাগে, যাতে যথেষ্ট পৰিমাণে প্ৰস্ৰাৱ হয়। ডিহাইড্ৰেশ্যন হ’লে I. V. Fluid দিব লাগে। পেটৰ উপশমৰ বাবে Narcotic বিষনাশক গ্রহণ কৰিব লাগে। সংক্ৰমণৰ কাৰণে চিকিৎসকৰ পৰামর্শ অনুসৰি এণ্টিবায়’টিক খাব লাগে। প্ৰস্ৰাৱ ভালদৰে হ’বৰ বাবে Diuretics আৰু আম্লিকতা দূৰ কৰিবলৈ ছডিয়াম বাইকার্বনেট ব্যৱহাৰ কৰা হয়।

লিথ’ট্রিপছি (Lithotripsy)

এই পদ্ধতিৰে পাথৰ ভাঙি পেলোৱা হয়, যাতে ইউৰেটাৰ আৰু ব্লাডাৰেদি ই পাৰ হৈ সহজে প্ৰস্ৰাৱৰ লগত নিৰ্গত হ’ব পাৰে। ছাৰ্জাৰিৰ দ্বাৰাও কিডনীৰ পাথৰৰ চিকিৎসা কৰা হয়।

মেদবহুলতাৰ লগত পাথৰ সৃষ্টি হোৱাত এক সম্বন্ধ আছে। অধ্যয়নৰ পৰা দেখা গৈছে যে কৈশোৰ কালৰ প্ৰথম অৱস্থাৰ পৰা যিসকলৰ ওজন বেছিকৈ বাঢ়ে, পৰৱর্তী কালত তেওঁলোকৰ কিডনী পাথৰ হোৱাৰ সম্ভাৱনা থাকে। অত্যধিক পৰিমাণে ভিটামিন-ডি, ভিটামিন-চি, লৱণ, প্রটিন আৰু অক্সেলেটত সমৃদ্ধ খাদ্য গ্রহণ কৰিলে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু বর্তমান এই ধাৰণা কিছু সলনি হৈছে।

কিডনী পাথৰৰ প্ৰতিৰোধ –

ছ’ডা, অতিৰিক্ত ছুগাৰ, ফ্ৰুক্টজ পৰিহাৰ কৰিব লাগে। মেগনেচিয়ামে কেলচিয়াম অক্সেলেট সৃষ্টি হোৱাত বাধা দিয়ে। পালেং শাক আৰু সেউজীয়া শাক-পাচলিত মেগনেচিয়াম থাকে। বীণ, বাদাম, ৰঙালাউৰ গুটি, সূৰ্যমুখীৰ গুটি, তিলৰ গুটি, এভ’কাডো আদি মেগনেচিয়ামৰ চহকী ভঁৰাল। হাভাৰ্ড স্কুল অব্‌ পাব্লিক হেল্‌থৰ অধ্যয়নৰ পৰা দেখা গৈছে কেলচিয়াম সমৃদ্ধ খাদ্যই কিডনী পাথৰ সৃষ্টি কৰাত বাধা দিয়ে। বহুতে ভাবে যে কিডনী পাথৰ প্রতিৰোধৰ বাবে অক্সেলেট সমৃদ্ধ খাদ্য পৰিহাৰ কৰিব লাগে। কিন্তু ‘National Kidney Foundation’ ৰ মতে এই খাদ্যবোৰ পৰিহাৰ কৰিলে ইয়াত থকা পুষ্টিকৰ উপাদানবোৰৰ পৰা আমি বঞ্চিত হ’ম। পিনাট (Peanut), পালেং শাক, বীট, চকলেট, মিঠা আলু, বাদাম, মাহ, চাহপাত, শাক-পাচলি আৰু ফল-মূলত অক্সেলেট থাকে। এনেবোৰ খাদ্য গ্রহণ কৰিলে, কেলচিয়ামে অক্সেলেটৰ লগত যোগ হৈ পাকস্থলী আৰু অন্ত্ৰত কেলচিয়াম অক্সেলেট উৎপন্ন হয়। এনে প্রক্রিয়াৰে উৎপন্ন হোৱা কেলচিয়াম অক্সেলেটে কিডনী পাথৰ সৃষ্টি নকৰে। ছ’না (Sanna), জগিং, অতিমাত্রা ব্যায়াম কৰাৰ ফলত শৰীৰৰ পানীভাগ নিৰ্গত হৈ ডিহাইড্রেশ্যন হ’ব পাৰে। তেতিয়া প্ৰস্ৰাৱৰ পৰিমাণ কমি যাব পাৰে।

ফলস্বৰূপে পাথৰ সষ্টিকাৰী পদার্থবোৰ কিডনীত জমা হৈ পাথৰ উৎপন্ন কৰিব পাৰে। ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে পানী খাব লাগে। ৰঙা মাংস, ছেলফিচ (Shell fish) আদি পিউৰিনৰ উৎস। এই পিউৰিন অধিক গ্রহণ কৰিলে ইউৰিক এচিড উৎপন্ন হয় আৰু পাথৰ সৃষ্টি হয়। সেয়েহে পিউৰিন সমৃদ্ধ খাদ্য কমাই খাব লাগে। এলকহলে তেজৰ ইউৰিক এচিডৰ মাত্রা বৃদ্ধি কৰে। ফল-মূল আৰু শাক-পাচলিয়ে প্ৰস্ৰাৱৰ আম্লিকতা কমাই পাথৰ সৃষ্টিত বাধা দিয়ে।

দিনে দিনে আমাৰ মাজত কিডনী পাথৰৰ সমস্যা বৃদ্ধি পাইছে। এইখিনি সাৱধানতা অৱলম্বন কৰিলে আমি নিশ্চয় উপকৃত হ’ম আৰু এই সমস্যা ৰোধ হ’ব।

লেখিকাডামিৰান্দাদত্ত