Home Blog Page 1955

প্ৰেমিকে প্ৰেমিকাক ৩৫ টুকুৰা কৰি ১৮ দিন ফ্ৰীজত ৰাখিলে মৃতদেহ…

সহকৰ্মীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে আৰম্ভ হৈছিল কাহিনীটো। প্ৰেমিক আফটাব আৰু প্ৰেমিকা শ্ৰদ্ধা। শ্ৰদ্ধা আৰু আফটাবে মুম্বাইৰ এটা কল চেণ্টাৰত কাম কৰিছিল য’ত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি হৈছিল। কিন্তু ২৬ বছৰীয়া শ্ৰদ্ধাৰ পৰিয়ালে জাতি-ধৰ্মৰ বিৰোধী, তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাছিল। গতিকে দুয়োজনে ঘৰৰ পৰা পলাই ৰাজধানী দিল্লীত একেলগে সহবাস (লিভ-ইন ৰিলেশ্বন) কৰিবলৈ ঠিক কৰিলে।

সেইখিনিলৈকে সকলো ঠিকেই চলি আছিল। কিন্তু প্ৰেমিক আফটাবক বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ দিয়াটোৱেই কাল হ’ল প্ৰেমিকা শ্ৰদ্ধাৰ বাবে। প্ৰেমিক আফটাবৰ নৃশংসতাত ৩৫ টা টুকুৰাত ক্ষত-বিক্ষত হ’ল দুৰ্ভগীয়া শ্ৰদ্ধাৰ শৰীৰ। আৰু সেই কথা জানিবলৈ বহু সময় লাগিল অসহায় শ্ৰদ্ধাৰ পৰিয়ালটোৰ। এই নাৰকীয় ঘটনাটোৰ বৰ্বৰতা পোহৰলৈ অহাৰ পিছতেই ৰাজধানীৰ লগতে সমগ্ৰ দেশকে জোকাৰি গৈছে। আৰক্ষীয়ে জনোৱা মতে, ১৮ মে’ত কাজিয়াৰ অন্তত প্ৰেমিক আফটাবে নিজৰ লিভ-ইন পাৰ্টনাৰ শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল।

তাৰ পিছত আফটাবে যুৱতীগৰাকীৰ শৰীৰটো চোকা অস্ত্ৰৰে ৩৫ টুকুৰা কৰি সেইবোৰ ৰাখিবলৈ যথেষ্ট ডাঙৰ ফ্ৰীজ এটা ক্ৰয় কৰিছিল। তাৰপিছত সংঘটিত কৰিছিল আন এক ধাৰাবাহিক জঘন্য কাণ্ড। পৰৱৰ্তী ১৮ দিনৰ ভিতৰত তেওঁ মৃত শৰীৰটোৰ টুকুৰাবোৰ প্ৰতি মাজনিশা ২ বজাত ঘৰৰ পৰা ওলাই গৈ সমগ্ৰ দিল্লীৰ বিভিন্ন স্থানত টুকুৰাবোৰ সিঁচৰিত কৰি পেলাইছিল।উল্লেখযোগ্য যে, সামাজিক মাধ্যমত সক্ৰিয় আছিল শ্ৰদ্ধা, যাৰ জৰিয়তে শ্ৰদ্ধাৰ পৰিয়ালেও শ্ৰদ্ধাৰ বিষয়ে নিয়মীয়াকৈ জানিছিল। কিন্তু তেওঁলোকে লক্ষ্য কৰিলে যে, কিছুদিনৰ পৰা শ্ৰদ্ধাৰ আপডেট বন্ধ হৈ গৈছে। তেতিয়া শ্ৰদ্ধাৰ পিতৃয়ে খবৰ ল’বলৈ দিল্লীলৈ গৈছিল।

কিন্তু যেতিয়া পিতৃয়ে জীয়ৰীৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰিলে তেতিয়া তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আফটাবক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, শ্ৰদ্ধাই বিয়া কৰাবলৈ হেঁচা দিয়াৰ বাবেই আফটাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। আফটাবে কয় যে এই বিষয়টোক লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল আৰু যেতিয়া কাজিয়াই এদিন চৰম পৰ্যায় অতিক্ৰম কৰিছিল তেতিয়া এদিন মে’ মাহত আফটাবে শ্ৰদ্ধাক হত্যা কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, আফটাবে প্ৰথমে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল আৰু তাৰপিছত সন্দেহৰ পৰা হাত সাৰিবলৈ শ্ৰদ্ধাৰ শৰীৰটো একাধিক টুকুৰা কৰি গোটেই দিল্লীৰ বিভিন্ন স্থানত এটা এটাকৈ টুকুৰা পেলাই দিছিল। ইতিমধ্যে, আৰক্ষীয়ে আফটাবৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ বিচাৰি ফুৰিছে।

অমিতাভ বচ্চন, অনুপম খেৰৰ ‘উনচাই’ ছবিখনে প্ৰথম সপ্তাহতে লাভ কৰিছে বক্স অফিচত সফলতা…

চলচ্চিত্ৰ নিৰ্মাতা সূৰাজ বৰজাত্যৰ পৰিচালিত দুঃসাহসিক ছবি ‘উনচাই’য়ে মুক্তিৰ প্ৰথম তিনিদিনতে বক্স অফিচত ১০ কোটিৰো অধিক উপাৰ্জন কৰা বুলি দেওবাৰে ঘোষণা কৰে নিৰ্মাতাসকলে। ছবিখন বৰজাত্যৰ পাৰিবাৰিক বেনাৰ ৰাজশ্ৰীৰ দ্বাৰা নিৰ্মিত । ছবিখনত অমিতাভ বচ্চন, অনুপম খেৰ, বোমন ইৰাণী, ডেনি ডেনজংপা, পৰিনীতি চোপ্ৰা, নীনা গুপ্তা আৰু সৰিকাই অভিনয় কৰিছে।

শুকুৰবাৰে মুক্তিৰ দিনটোত ছবিখনে ১.৮১ কোটি টকা সংগ্ৰহ কৰাৰ পিছত শনিবাৰে ৩.৬৪ কোটি টকা সংগ্ৰহ কৰে আৰু দেওবাৰে ৪.৭১ কোটি টকা সংগ্ৰহ কৰে। ‘উনচাই’ত পৰিনীতি চোপ্ৰা, নীনা গুপ্তা, সৰিকা আৰু নফিছা আলী সোধীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে শ্বুটিং হোৱা ছবিখনৰ অধিকাংশই নেপাল, দিল্লী, মুম্বাই, আগ্ৰা, লক্ষ্ণৌ আৰু কানপুৰত শ্বুটিং হৈছিল। ইয়াৰ লগতে কাৰ্গিলতো শ্বুটিং কৰা হৈছিল। ছলমান খান আৰু সোণম কাপুৰ আহুজাই অভিনয় কৰা ৰোমান্টিক ছবি ‘প্ৰেম ৰতন ধন পায়ো’ৰ সাত বছৰৰ পাছত ‘উনচাই’ৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে সূৰাজ বৰজাত্য।

ছবিখনত তিনিজন পুৰণি বন্ধুৱে নিজৰ প্ৰয়াত বন্ধুৰ ইচ্ছা পূৰণৰ বাবে আৰু তিনিগৰাকী মহিলাৰ সৈতে মাউণ্ট এভাৰেষ্ট বগাই যায়। এটা সাধাৰণ ট্ৰেকিং ব্যক্তিগত, আৱেগিক আৰু আধ্যাত্মিক যাত্ৰা হৈ পৰে কাৰণ তেওঁলোকে নিজৰ শাৰীৰিক সীমাবদ্ধতাৰ সৈতে যুঁজি স্বাধীনতাৰ প্ৰকৃত অৰ্থ আৱিষ্কাৰ কৰে।

অসম চৰকাৰে আজি মুকলি কৰিব মিছন বসুন্ধৰা ২.০

‘মোৰ মাতি, মোৰ অধিকাৰ’ৰ ধাৰণাটো নিশ্চিত কৰিবলৈ আজি ৰাজ্য চৰকাৰে মিছন বসুন্ধাৰ ২.০ মুকলি কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যিসকল লোকৰ মাটিৰ সমস্যা নিষ্পত্তি কৰিবলগীয়া আছে মিছন বসুন্ধৰা ২.০ৰ অধীনত আবেদন কৰিবলৈ আহ্বান জনাইছে ।

তেওঁ কয়, “আমি কাইলৈ মিছন বসুন্ধৰা ২.০ মুকলি কৰিম। এক্সোনিয়া (বাৰ্ষিক পট্টা) আৰু চৰকাৰী মাটিত বাস কৰাসকলেও আবেদন কৰিব পাৰিব।”ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (আৰ এণ্ড ডি এম) বিভাগৰ সূত্ৰ অনুসৰি বসুন্ধৰা ২.০ত কেইবাটাও নতুন সেৱা অন্তৰ্ভুক্ত কৰা হ’ব যিবোৰ মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত নাছিল। গুৱাহাটীত এই অভিযান আৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে।

মিছন বসুন্ধৰা ২.০ মুকলি হোৱাৰ লগে লগে ইচ্ছুক লোকসকলে www.rtps.assam.gov.in ৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব।ক্ষমতালৈ অহাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে লক্ষ্য কৰিলে ৰাজ্যৰ খিলঞ্জীয়াক প্ৰভাৱিত কৰা অসংখ্য অমীমাংসিত ভূমি সম্পৰ্কীয় সমস্যা। পৰিস্থিতিৰ মাধ্যাকৰ্ষণতাক জোকাৰি এই চৰকাৰে ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰা আৰম্ভ কৰে।এই অভিযানৰ প্ৰথম পৰ্যায়ত ৮,১৩,৯৮১ জন লোকে নিজৰ ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে আবেদন কৰিছিল। বিভাগটোৱে সকলো আৱেদন সময় নিৰ্ধাৰিতভাৱে নিষ্পত্তি কৰি ৫,৮২,৬৮৮জন আবেদনকাৰীক উপকৃত কৰে।

কিন্তু বিভাগটোৱে উপযুক্ত পৰীক্ষণৰ অন্তত ২,৩১,২৯৩ খন আৱেদন নাকচ কৰে।দ্য চেণ্টিনেলৰ সৈতে হোৱা কথা-বতৰাত আৰ এণ্ড ডি এম মন্ত্ৰী যোগেন মোহনে কয় যে, “মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সময়ত বিভাগীয় কৰ্মচাৰীসকলে সকলো এপ্লিকেচন নিষ্কাশনৰ বাবে মিছন মোডৰ সৈতে কাম কৰিছিল। আমি মিছন বসুন্ধৰা ২.০ত একে টেম্পো ৰাখি কাম কৰিবলৈ সাজু।” খিলঞ্জীয়া লোকসকলৰ, মূলতঃ জনজাতীয় জনসাধাৰণৰ সমাধান কৰিবলগীয়া বহু সমস্যা আছে। তেওঁলোকে এই সুযোগৰ সুবিধা লোৱাটো প্ৰয়োজন।”

হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্তই নিজৰ হাৰ্ট কেনেকৈ ৰক্ষা কৰিব লাগে কি কি পৰামৰ্শ দিলে জানক…

আমি নিজেই নিজৰ হাৰ্টটো ৰক্ষা কৰিব লাগিব:: হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্ত


সমগ্ৰ বিশ্বতে হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা শেহতীয়াকৈ দিনক দিনে অভাৱনীয় ভাৱে বৃদ্ধি হৈছে ৷ বিগত বৰ্ষত অকল ভাৰতবৰ্ষতে হৃদৰোগত আক্ৰান্ত হৈ ২৮ লোকৰ মৃত্যু হৈছে ৷ সেয়েহে সকলোৱে হৃদৰোগ সম্পৰ্কত সজাগ হোৱাটো জৰুৰী হৈ পৰিছে- এই মন্তব্য হৃদৰোগৰ বিশিষ্ট চিকিৎসক সোণৰ পদকপ্ৰাপ্ত ডাঃ মৃদুল মহন্তৰ ৷

আজি ৯৪ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ উদ্যোগত বৰপেটাৰোড শাখা সত্ৰ চৌহদত আয়োজিত এক আলোচনা চক্ৰত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি তেখেতে আৰু কয়– আমি নিজেই নিজৰ হাৰ্টটো ৰক্ষা কৰিব লাগিব। পৰিসমিত খাদ্য গ্ৰহণ, সাধাৰণ জীৱন যাপন, নিয়মীত খোজকঢ়া আৰু ব্যায়াম কৰিলে হাৰ্টৰ বেমাৰ হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ তাৰ বিপৰীতে অপ্ৰকৃতিস্থ জীৱন শৈলী, ধুপমান কৰা, মাদক দ্ৰৱ আদি সেৱন কৰিলে হাৰ্টৰ অসুখ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ৷

এইবোৰৰ পৰাই হাৰ্টৰ অসুখ হোৱাৰ লগতে মধুমেহ ৰোগ, কিডনী, লিভাৰ, প্ৰেচাৰৰ বিসংগতিয়ে দেখা দি এটাৰ পিছত এটা বেমাৰে আগুৰি ধৰে ৷ সেয়ে এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নিয়মীত খোজকঢ়াৰ লগতে পৰিপাটি জীৱন শৈলী গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ মুখ্যত সত্ৰৰ ভকত আৰু আইসকলৰ বাবে আয়োজন কৰা এই আলোচনা চক্ৰত তেখেতে ৰাইজৰ বিভিন্ন চিকিৎসা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছিল ৷প্ৰেৰক-দেৱজিত মেচ,বৰপেটাৰোড

নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণি…

নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণী **যোৱাকালি(১৩ নৱেম্বৰ) নিশা ৯ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত ল’ৰাৰ শাখাত নিজ পকোৱা সুনীতি সংঘই নলবাৰী ভলীবল ক’চিং চেণ্টাৰক ২৫–২২, ২১–২৫, ২৫–১৯ আৰু ২৫–১৭ত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় নিজ পকোৱা সূনীতি সংঘৰ নীলকন্ঠ তালুকদাৰ।

খেলখন উদ্ধোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে। আনহাতে মহিলাৰ শাখাত পূব নলবাৰী ক’চিং চেণ্টাৰে নলবাৰী ভলীবল ক’চিং চেণ্টাৰক ২৫–১৯ আৰু ২৫–০৫ত পোনপোটীয়া শ্বেটত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে পূব নলবাৰী ক’চিং চেণ্টাৰৰ পূৰৱী কলিতাই। বিয়লী অনুষ্ঠিত হোৱা ল’ৰাৰ ছেমি ফাইনেলত নিজ পকোৱা সূনীতি সংঘই মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘক আৰু নলবাৰী ভলীবল ক’চিং চেণ্টাৰে ধমধমা ভলীবল ক’চিং চেণ্টাৰক পৰাজিত কৰে। মহিলাৰ ছেমি ফাইনেলত নলবাৰী ভলীবল ক’চিং চেণ্টাৰে বৰবৰী ভলীবল ক’চিং চেণ্টাৰক আৰু পূব নলবাৰী ক’চিং চেণ্টাৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘক পৰাজিত কৰে।

নলবাৰী ক্ৰীড়া সন্থাৰ হকী সম্পাদক চন্দন হালৈয়ে আঁত ধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকে বেলশৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি লক্ষী পাটোৱাৰী, সম্পাদক সুনীল পাটোৱাৰী, ক্ৰীড়া সংগঠক হৰিশ গোস্বামী, অসম ভলীবল সন্থাৰ সহঃ সম্পাদক দীপক কুমাৰ দাস, যুৱ ব্যাৱসায়ী ধ্ৰুৱজ্যোতি তালুকদাৰ, নলবাৰী ক্ৰীড়া সন্থাৰ ভলীবল বিভাগৰ সম্পাদক দেৱজিৎ ডেকা আদি বিশিষ্ট ব্যাক্তি সকল। উল্লেখ্য যে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক উলিয়াই আনি ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰতিষ্ঠাৰ স্বাৰ্থত নলবাৰী জিলাৰ ক্লাৱ-সংঘ সমূহক ক্ৰীড়া সন্থাৰ স্বীকৃতি প্ৰদান কৰিছিল। যাৰ ফলস্বৰূপে আন্তঃ ক্লাৱ ভলীবল লীগত ১৮টা ল’ৰাৰ আৰু ১২টা মহিলা ভলীবল দলে লীগত অংশ গ্ৰহন কৰি লীগখনক অনান্য মাত্ৰ দিবলৈ সক্ষম হয়।

৪৫ ঘণ্টাত ১০ জন ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক, আৰু ২০টা এজেণ্ডা – ব্যস্ততাপূৰ্ণ সময়সূচীত ইণ্ডোনেছিয়ালৈ উৰা মাৰে মোডীয়ে…

১৭ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। সোমবাৰে (১৪ নৱেম্বৰ) ১৭ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ইণ্ডোনেছিয়ালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোডী। অহা বছৰ জি-২০ৰ অধ্যক্ষ হ’ব ভাৰত। আগন্তুক শীৰ্ষ সন্মিলনৰ সামৰণি অধিবেশনত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে প্ৰতীকীভাৱে জি-২০ৰ ৰাষ্ট্ৰপতি পদ প্ৰধানমন্ত্ৰীক অৰ্পণ কৰিব।

১৬ নৱেম্বৰত দেশলৈ উভতি আহিব প্ৰধানমন্ত্ৰীগৰাকী। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৪৫ ঘণ্টীয়া ঘূৰ্ণীবতাহ ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক বৈঠকত কমেও ১০ গৰাকী ৰাজ্যিক নেতাৰ সৈতে সাক্ষাৎ কৰিব। লগতো উপস্থিত থাকিব আন ২০টা অনুষ্ঠানত।এইবাৰৰ জি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ৰিকাভাৰ টুগেদাৰ, ৰিকাভাৰ ষ্ট্ৰংগাৰ’।

সদস্য আৰু অতিথি দেশৰ নেতাসকলে এই বিষয়ত বিতংভাৱে আলোচনা কৰিব। এই বিষয়বস্তুৰ অধীনত তিনিটাকৈ কৰ্ম অধিৱেশনৰ আয়োজন কৰা হ’ব। এই তিনিটা অধিবেশনৰ বিষয়সমূহ হ’ল – খাদ্য আৰু শক্তি সুৰক্ষা স্বাস্থ্য আৰু ডিজিটেল ৰূপান্তৰ। এই তিনিটা অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ অন্যান্য নেতাৰ সৈতে আন কিছুমান অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে সংযোগ স্থাপনৰ বাবে আয়োজন কৰা এক বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইয়াৰ পিছত বিভিন্ন ৰাষ্ট্ৰৰ স্থিতিও এই সন্মিলনত আলোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিব পাৰে।

ভোলাগুৰিত “এমুঠি জোনাকৰ কবিতা” পাঠ শীৰ্ষক অনুষ্ঠানে দীপালী কৰিলে সন্ধিয়া…

খুমটাই সমীপল ভোলাগুৰি নিউভিলাৰ বিশিষ্ট কবি ,সমাজ সংগঠক,ক্ৰীয়াবিদ আৰু অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত ললিত বৰুৱাৰ পৱিত্ৰ তিথি উপলক্ষে তেখেতৰ বাসগৃহত “এমুঠি জোনাকৰ কবিতা”শীৰ্ষক কবিতা পাঠ অনুষ্ঠান কালি সন্ধিয়া পাঁচ বজাত অনুষ্ঠিত হৈ যায়।কবি সন্মিলন খনিৰ লগত সংগতি ৰাখি বিশিষ্ট কবিগৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে তেখেতৰ সহধৰ্মিনী তথা লেখিকা মঞ্জুমালা বৰুৱাই।

লেখিকা বিজয়া দেবীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবি সন্মিলনখনি পতিয়াপথাৰ লেখিকা সমাৰোহ সমিতিৰহৈ মীৰা গোহাঁইৰ দলে দিহা নাম পৰিবেশনেৰে আৰম্ভ কৰা হয়।কবি সন্মিলনখনি শুভ উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ লোকেন্দ্ৰ নাথ বৰাই। অনুষ্ঠানটি আঁত ধৰে শিক্ষক দেৱকান্ত বড়াই। প্ৰধান শিক্ষক ফটিক গগৈয়ে আদৰণি ভাষান প্ৰদান কৰা কবি সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰে লেখিকা মৌচুমী বৰুৱা গগৈয়ে।ইয়াৰ পিছতেই স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে বিশিষ্ট কবি আজিৎ গগৈ,শৰৎ হাজৰিকা,বিশ্বেশ্বৰ বৰাইক , নবীন গোহাঁই,নিতুল শৰ্মা্,পৰবী সেনাপতি,মন্দিৰা তামুলী,দিলীপ তাঁতী ,জুৰি বৰুৱা, জ্যোতিপ্ৰসাদ কুৰ্মী,মিতালী ঠাকুৰ,জ্যোতিৰেখা ৰাজখোৱা, মৌচুমী দত্ত,বন্দনা দত্ত,অৰুপা নাথ,মিনাসী গগৈ, ৰূপজ্যোতি গগৈ,ৰানু গগৈয়ে।প্ৰায় ত্ৰিশ গৰাকীকৈ অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰি সন্ধিয়াটো সোনত সুৱগা কৰি তোলা পৰিলক্ষিত হ’ল।

আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কবি সন্মিলন খনি উপভোকৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষা গুনপ্ৰভা বড়া, সমাজ কৰ্মী সিদ্ধনাথ গগৈ, বিপিন গগৈ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে কবিতা পাঠৰ অনুষ্ঠিনটি উপভোগ কৰে। বিশিষ্ট কবি গৰাকীৰ স্মৃতিত পৰিয়ালে এনেধৰনৰ ক্যাবিক চিন্তা -চৰ্চাৰ পদক্ষেপ গ্ৰহণ কৰি গোলাঘাটৰ বিভিন্ন ঠাইৰ কবি সকলক আমন্ত্ৰণ জনাই কবিতা পাঠৰ যোগেদি বিশিষ্ট কবিগৰাকী স্মৰণ। আৰু সেই মহন কবিগৰাকীৰ পূন্য আত্মাৰ সদগতি কামনা কৰে। আনহাতে অঞ্চলটোত বহুদিনৰ বিৰতিৰ পিছত এটি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাত সকলোৱে শলাগ লয়।

নবীন গোহাঁই,

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ শিশুদিৱস উদযাপন…

মহানগৰীৰ নাৰিকলবাৰীস্হিত লক্ষ্মীপ্ৰিয়া বৰুৱনী শিশু উদ্যানত ৰবিবাৰে গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে বিভিন্ন কাৰ্য্যসূচীৰে শিশু দিৱস উদযাপন কৰে ৷ শিশু দিৱস অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে শিশুক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষাবিদ ড° দয়ানন্দ পাঠক,নাট পৰিচালক দয়াল কৃষ্ণ নাথ, সাংবাদিক দিগন্ত নাথ,শিশু লেখিকা মান্তাচা জাহাংগীৰ,সমাজকৰ্মী তুলিকা বৰুৱা,কংকনা চহৰীয়া,লেখিকা ৰুনা লাইলা উপস্থিত থাকে ৷

শিক্ষাবিদ ড° দয়ানন্দ পাঠকে শিশুয়ে ভবিষ্যত জীৱন গঢ়াৰ ওপৰত চমু ভাষন প্ৰদান কৰে ৷উল্লেখ্য যে প্ৰতিষ্ঠাপক সম্পাদক ৰুমী ভূঞাই আতধৰা অনুষ্ঠানত বিভিন্নজনে গীতা পৰিবেশন কৰে

জাগুনত শ্বহীদ মেজৰ দুৰ্গা মল্ল গোৰ্খা কাপ ২০২২ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা আৰম্ভ…

তিনিচুকীয়া জিলাৰ জাগুন ৰামপুৰ খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে জিলা পৰ্যায়ৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল গোর্খা কাপ ২০২২ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা।


সদৌ অসম গোর্খা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতি আৰু লেখাপানী ১২ নং অসম ৰাইফলছ’ ৰ উদ্যোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনত অসমৰ লগতে অৰুণাচল প্ৰদেশৰ কেইবাটাও ফুটবল দলে অংশগ্ৰহণ কৰিছে। দেওবাৰৰ আৰম্ভণি খেলত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক নুমল ছেত্ৰী, ১২নং অসম ৰাইফলছ’ৰ শীৰ্ষ বিষয়া, জাগুন অঞ্চলৰ কেইবাজনো গণ্য মান্য ব্যক্তি।

দেওবাৰৰ উদ্বোধনী খেলখন ৰামপুৰ এফ,চি আৰু ন-মাইল এফ,চিৰ মাজত অনুষ্ঠিত হয়। দুয়োটা দলৰ মাজত ২-২ গলত খেলখন ড্ৰ হোৱাত টাইব্ৰেকাৰৰ সহায়ত ন-মাইল এফ, চিয়ে ৰামপুৰ এফ, চিক ৫-৪ গলৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ প্ৰৱেশ কৰে।গোর্খা ছাত্ৰ সন্থাৰ এই পদক্ষেপক ভুয়ক্ষী প্ৰশংসা কৰিছে অঞ্চলটোৰ ফুটবল প্ৰেমী ৰাইজে।

দিল্লীৰ বিভিন্ন স্থানত জিলিকিল বীৰ লাচিত…

অসম চৰকাৰে অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে দিল্লীৰ বিজ্ঞান ভৱনত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানৰ বিভিন্ন হ’ৰ্ডিং আৰু বেনাৰ নতুন দিল্লীৰ বিভিন্ন স্থানত লগোৱা হৈছে।

নতুন দিল্লীৰ বিমান বন্দৰতো এই অনুস্থানৰ হ’ৰ্ডিং, দিচপ্লে আৰু বেনাৰ আদি দেখিবলৈ পোৱা গৈছে। মোগলসকলে ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চল অধিকাৰ কৰাৰ সময়ত বীৰ লাচিত বৰফুকনৰ বীৰত্ব, যুদ্ধ নিপুণতা আৰু অফুৰন্ত স্বদেশপ্ৰেমৰ বাবে কোনোদিনে অসম দখল কৰিব পৰা নাছিল।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবল ইচ্ছাত বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ কাহিনী সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিস্থা কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ ফলস্বৰূপেই ভাৰতৰ তদানীন্তন মহামহিম ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে যোৰহাটৰ হোলোংপাৰত লাচিত বৰফুকনৰ মৈদাম থকা অঞ্চলত বীৰ লাচিতৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি আৰু যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল।

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বছৰযোৰা কেইবালনীয়া কাৰ্যসূচীৰ অংশ হিচাপে সেই সময়ৰ মাননীয় ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে কামৰূপ জিলাৰ আলাবৈত বীৰ লাচিত বৰফুকন আৰু তেঁওৰ স্বহীদ সৈনিকসকলৰ স্মৃতিত যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিছিল। মহাবীৰ গৰাকীৰ বছৰযোৰা জন্মজয়ন্তীৰ অন্যতম কাৰ্যসূচী হিচাপে ৰাজ্য চৰকাৰে জিলাই জিলাই লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে প্ৰত্যেকখন জিলাতে উপায়ুক্তসকলৰ নেতৃত্বত আড়ম্বৰপূৰ্ণভাৱে ’লাচিত দিৱস’ৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ ব্যৱস্থা কৰিছে।

আনহাতে অসম চৰকাৰে lachitbarphukan নামৰ এটা ‘মোবাইল এপ’ আৰু ’প’ৰ্টেলো’ মুকলি কৰিছে। ইয়াৰ লগে লগে বীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত এখন উচ্চ মানদণ্ডৰ তথ্যচিত্ৰও নিৰ্মাণ কৰি থকা হৈছে বুলি জানিব পৰা গৈছে। আৰু বিশিষ্ট লেখকসকলৰ লেখা সম্বলিত লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে।

ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ সামৰণিৰ মূল অনুষ্ঠান নতুন দিল্লীত পাতিবলৈ মনস্থ কৰি অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে । এই অনুষ্ঠানলৈ অসম চৰকাৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নিমন্ত্ৰণ জনাইছে ।