বিশ্বজুৰি হ্ৰাস পাইছে শুক্ৰাণুৰ সংখ্যা৷ এই ভাষ্য আগবঢ়াইছে এটি গৱেষণা সংস্থাই৷ সংস্থাটোৱে কৈছে যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত পুৰুষৰ শুক্ৰাণু কমি আহিছে৷ ইয়াক অতি গুৰুত্বপূৰ্ বুলি তেওঁলোকে আখ্যা দিছে৷
মঙলবাৰে হিউমেন ৰিপ্ৰডাকচন আপডেট নামৰ এখন জাৰ্ণালত এই গৱেষণাটো প্ৰকাশ হৈছে৷ গৱেষণাটোত ৫৩ খন দেশক সাঙুৰি লোৱা হৈছে৷
উলা্লেখ্য যে শুক্ৰাণুৱে কেৱল প্ৰজনন ক্ষমতাই নহয়, পুৰুষৰ স্বাস্থ্যও নিয়ন্ত্ৰণ কৰে৷ যদি নিম্ন হাৰত শুক্ৰাণু থাকে, তেন্তে নানা ধৰণৰ অসুখ, ডিম্বাশয়ৰ কেঞ্চাৰ আৰু আয়ুস কমাৰ দৰে অথন্তৰে দেখা দিব পাৰে৷
সংস্থাটোৱে বিশ্বজুৰি শুক্ৰাণু কমি অহাৰ বিষয়ে কয় যে ই এটা গোলকীয় সমস্যা৷ এই সমস্যা আধুনিক জীৱনযাত্ৰা আৰু পৰিৱেশৰ ফলত উদ্ভৱ হৈছে৷
আনহাত, ভাৰতৰ বিষয়ে বিশেষভাৱে উল্লখ কৰি গৱেষণাটোত কোৱা হৈছে দেশখনত ইয়াক গভীৰভাৱে দেখা পোৱা গৈছে৷ এগৰাকী গৱেষক হাগাই লেভিনে কয় যে ভাৰতত লাভ কৰা নিৰ্ভৰৃযোগ্য তথ্য অনুসৰি, দেশখনত অত্যন্ত শক্তিশালীভাৱে শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব ধৰিছে৷
গৱেষকগৰাকীয়ে কয় যে এয়া মানৱজাতিৰ অস্তিত্বৰ বাবেই এটা ভাবুকিস্বৰূপ৷ সেয়ে বিশ্বজুৰি এই সম্পৰ্কে ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে৷
কেৱল অভিনেত্ৰীয়েই নহয়, অভিনেতাসকলো এই যৌন আতিশয্যৰ বলি হৈছে৷ শেহতীয়াকৈ ৰণবীৰ সিঙে এই সম্পৰ্কত এটা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে৷ বলিউডৰ বিখ্যাত পৰিচালকৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ আনিছে ৰণবীৰে৷
উল্লেখ্য যে বলিউডত ৰণবীৰে এগৰাকী কপিৰাইটাৰ হিচাপে প্ৰথমে কাম কৰিছিল৷ তাৰপাছতহে অভিনয়ক পেছা হিচাপে নিৰ্বাচন কৰে৷ নানা ধৰণৰ অভিজ্ঢ়তাৰ মাজেৰে এই সময়ছোৱা ৰণবীৰে পাৰ কৰিছিল৷
তাৰে এটি অভিজ্ঢ়তাৰ বিষয়ে মুখ খুলিছে অভিনেতাজনে৷ অভিজ্ঢ়তাটো এনেধৰণৰ- বলিউডৰ এটা তাৰকাখচিত পাৰ্টিত ৰণবীৰক এগৰাকী বিখ্যাত প্ৰযোজকে নিমন্ত্ৰণ কৰিলে৷ কিন্তু নিমন্ত্ৰণ কৰি নি ৰণবীৰৰ গাত তেওঁ নিজৰ কুকুৰটো মেলি দিয়ে আৰু ৰং চায়৷ অভিজ্ঢ়তাটোৰ বিষয়ে সোঁৱৰণ কৰি ৰণবীৰে অৱশ্যে প্ৰযোজক গৰাকীৰ নাম উল্লেখ কৰা নাই৷
কেৱল সেয়াই নহয়, আন এগৰাকী প্ৰযোজকে তেওঁক এখন গোপনীয় স্থানলৈ মাতি নিয়ে৷ তালৈ মাতি নি প্ৰযোজকজনে ৰণবীৰক সোধে যে তেওঁ নিজকে পৰিশ্ৰমী বুলি ভাবে নে বুদ্ধিমান? ৰণবীৰে উত্তৰ দিয়ে যে তেওঁ পৰিশ্ৰমী আৰু সিমান বুদ্ধিমান নহয়৷ ৰণবীৰৰ উত্তৰত প্ৰযোজকগৰাকী হতাশ হয়৷