Assam: Kaziranga National Park launches onlice ticketing process Guwahati: The online ticket booking process opened for tourists in Kaziranga National Park from today, official said on Saturday.
Tourists can enter the national park by booking tickets themselves for kaziranga national park safari. Taking to Twitter, the official account of Kaziranga National Park wrote, “Kaziranga National Park has now gone online with its entry ticket booking. Now book your tickets from anywhere and enjoy seamless and cashless safari experience.”
At Mihimukh in Kaziranga, DFO Ramesh Kumar Gogoi of Kaziranga National Park officially launched the online ticket ordering system.Divisional Forest Officer (DFO) Ramesh Kumar Gogoi officially inaugurated the online ticket booking process at Mihimukh in Kaziranga.
“Local and foreign tourists will be able to do safari by booking tickets in advance through www.kazirangasafari.in website”, official said
হাওঁফাওঁ আৰু হৃৎপিণ্ড:জাৰকালি বায়ু অত্যধিক শীতল আৰু শুকান হৈ পৰাত বহু লোক শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগা দেখা যায়।হাপানী বা এজমা ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।বহু লোকক অক্সিজেন দিব লগা হয় আৰু হাপানীৰ চিকিৎসা দিব লগা হয়।তেনেদৰে শীতকালি হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যাও অধিক হোৱা দেখা যায়।শীতৰ প্ৰভাৱত ৰক্ত চলাচল কৰা প্ৰক্ৰিয়াত ব্যাঘাত জন্মে বাবে এনেবোৰ ৰোগ বৃদ্ধি হয়।সেয়েহে শীতকালি শৰীৰ গৰম কৰি ৰাখিবলৈ পোছাক-পৰিচ্ছদ উপযুক্তভাৱে পৰিধান কৰিব লাগে।থকা স্থান গৰম কৰি ৰাখিবলৈ হিটাৰ বা হট ব্লোৱাৰ (Hot Air Blower)ব্যৱহাৰ কৰিলে ভাল।শীতকালি ভাইৰাছৰ আক্ৰমণো অধিক হোৱা দেখা যায়।ফলত ফ্লু,ইনফ্লুৱেঞ্জা আদি ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।
পেটৰ ৰোগ:শীতকালি বহু লোক পেটৰ অসুখত ভোগা দেখা যায়।হজম শক্তি কমি যায়।ভোক নলগা হয়।অতিসাৰ বা হাগনি ৰোগত ভোগা দেখা যায়।বিশেষকৈ শিশুৰ ক্ষেত্ৰত ভাইৰাছজনিত ডায়েৰীয়া বা হাগনি ৰোগ হোৱা দেখা যায়।শীতকালি শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী পান কৰিব লাগে।শীতল পানীয় বা চাহ-কফি সৰহকৈ পান কৰিব নালাগে।কাৰণ কেফিন থকা পানীয়বোৰে শৰীৰৰ আৰ্দ্ৰতাৰ হানি কৰিব পাৰে (Dehydration)।তেনেদৰে সুৰা পান কৰিলেও শৰীৰত আৰ্দ্ৰতা কমি যায়।শীতকালি বয়সিয়াল লোকসকলে কেনে পানীয় পান কৰে সেই বিষয়ে সচেতন হ’ব লাগে।
*মানসিক ৰোগ:শীতকালি বিষজাতীয় ৰোগসমুহ অধিক হোৱা দেখা যায়।গাঁথিৰ বিষ,হাত-ভৰিৰ বিষ,কঁকালৰ বিষ,মুৰৰ বিষ আদি অধিক পৰিমাণে হোৱা দেখা যায়।গতিকে শীতকালি শাৰীৰিক সতেজ কৰি ৰাখিবলৈ খোজ কঢ়া,দৌৰা,খেল-ধুলা কৰা,যোগাভ্যাস,প্ৰাণায়াম কৰা আদি বিভিন্ন অভ্যাসৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিব লাগে।শীতকালি মানসিক ৰোগৰ প্ৰতিও সজাগ হৈ থাকিব লাগে।শীতকালি মানসিক বিষণ্ণতা বা Depression ৰোগ অধিক হোৱা দেখা যায়।
গতিকে বন্ধু-বান্ধৱ,পৰিয়ালৰ পৰা আঁতৰি অকলশৰীয়াকৈ অধিক সময় পাৰ কৰিব নালাগে।খেলা-ধুলা,খোজ-কঢ়া,ক্লাব,চিনেমা-থিয়েটাৰ আদি উপভোগ কৰি মানুহৰ সংস্পৰ্শত থাকিবলৈ চেষ্টা কৰিব লাগে।পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে মিলি ৰ্ং-ধেমালি কৰি মনটো সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।বিষণ্ণতাই মনটো ছানি ধৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।এইক্ষেত্ৰত পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ।
বিশ্ব হাত ধোৱা দিৱস অভিভাৱক, শিক্ষক আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রী
“বিশ্ব হাত ধোৱা দিৱস” এই চাৰিটা শব্দ শুনাৰ লগে লগে যেন সকলো মানুহে একমুহুৰ্তৰ বাবে ভাবিবলৈ বাধ্য হয়। মানৱ জীৱনৰ সকলো দিশতে আমাৰ শৰীৰৰ এই হাত দুখনে মুখ্য ভূমিকা পালন কৰে। হাত দুখন পৰিস্কাৰকৈ ৰাখিৱ পাৰিলে বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। কিন্তু আমি এই কথাটো আমাৰ জীৱনত গ্ৰহন কৰি লোৱাৰ ক্ষেত্রত প্ৰায়ে উদাসীন মনোভাৱ প্ৰদৰ্শন কৰোঁ।
বিশ্ব স্বাস্থ্য সংস্থাই মানৱ জাতিক ৰোগৰ পৰা মুক্ত কৰি ৰখাৰ বাবে সদায় সক্ৰিয়ভাৱে কাম কৰি আছে। ২০০৮ চনৰ ১৫ অক্টোবৰ তাৰিখৰ পৰা সমগ্ৰ বিশ্বই “বিশ্ব হাত ধোৱা দিৱস” পালন কৰি আহিছে। এই দিৱসৰ তাৎপৰ্য হ’ল- বিশ্বব্যাপী সকলো জনগনক হাত ধোৱাৰ প্ৰতি সজাগ কৰা আৰু হাত ধোৱা কাৰ্যৰ প্ৰতি আগ্ৰহ জন্মোৱা। কিন্তু বহুতো লোকে এই বিষয়টো জানিও অনুকৰণ নকৰে যিটো আমাৰ সমাজৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে। বিশ্ব হাত ধোৱা দিৱসৰ প্ৰতি সকলো স্তৰৰ জনগনক সজাগ কৰি তোলাটো আমাৰ প্ৰধান কৰ্তব্য। এইক্ষেত্রত অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক সকলোৰ বহুতো কৰণীয় থাকে।
সৰু ডাঙৰ সকলো ছাত্র-ছাত্রীক এই বিষয়টো বিদ্যালয়ত শিক্ষক সকলে আৰু ঘৰত অভিভাৱক সকলে অৱগত কৰোৱা উচিত। বিদ্যালয়ত মধ্যাহ্ন ভোজন খোৱাৰ সময়ত প্ৰত্যেকজন শিক্ষকে বিষয়টো পৰ্যবেক্ষন কৰা উচিত। খোৱাৰ আগত আৰু পিছত ছাঠ-ছাত্রীয়ে হাত দুখন পৰিস্কাৰকৈ ধুইছে নাই যদি ধোৱা নাই তেতিয়াহ’লে কেনেকৈ ধুৱ লাগে শিকাই দিব লাগে। হাত কেইখন চাবোনৰে ভালকৈ ফেন উঠাই আঙুলিৰ মাজৰ অংশ তথা নখৰ তলৰ অংশও ধুই দেখুৱাব লাগে। ছাত্র-ছাত্রীয়ে খেলি ভাল পাই। গতিকে খেল-ধেমালি কৰোঁতে হাত বা আঙুলিৰ নখত মাটি লাগি থকাটো একো অস্বাভাৱিক নহয়।
সৰু সৰু ল’ৰা-ছোৱালীৰ লগতে আমাৰ গাঁও সমূহত জেষ্ঠ্য লোক সকলোৰ ক্ষেত্রটো হাত ধোৱা বিষয়টোৰ প্ৰতি সচেতনাৰ অভাৱ দেখা যায়। বহু সময়ত শৌচ কৰ্ম কৰাৰ পিছটো ভালদৰে হাত দুখন ধোৱা নহয়। নিজে সচেতন নোহোৱাৰ বাবে তেওঁলোকে শিশু সকলোকো সচেতন কৰিব নোৱাৰে। ফলস্বৰূপে, পেটৰ বিষ, ডায়েৰিয়া, কলেৰা, কৃমিৰ আক্ৰমণ আদি ৰোগে দেখা দিয়ে। ভাৰতৰ দৰে উন্নয়নশীল তথা অনুন্নত ৰাষ্ট্ৰবোৰত এই সমস্যাটোৱে গা কৰি উঠা পৰিলক্ষিত হৈছে। এই দেশবোৰত শিশুৰ মৃত্যুৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।
হাত দুখনে যে আমাৰ শৰীৰত প্ৰধান ভূমিকা গ্ৰহন কৰে এই বিষয়টো সকলো সময়তে সজাগ কৰিব লাগে। বিগত কোভিড-১৯ সংক্ৰমণৰ সময়টো হাত দুখন পৰিস্কাৰকৈ চাবোনেৰে ধোৱাৰ বিষয়ে কোৱা হৈছিল। সেই সময়ত বহুতে এন্টিবায়োটিক চাবোন ব্যৱহাৰ কৰাৰ কথাও কৈছিল। কিন্তু গৱেষনা কৰি পোৱা গৈছে যে এন্টিবায়োটিক চাবোন শৰীৰৰ বাবে ক্ষতিকাৰক হোৱাৰ সম্ভাৱনাই অধিক। সেয়েহে আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত হৈ থকা চাবোন ব্যৱহাৰ কৰাৰ ওপৰতেই বেছিকৈ গুৰুত্ব দিছিল। “বিশ্ব হাত ধোৱা দিৱস”ত সকলোৱে অংশগ্ৰহন কৰি নিজৰ স্বাস্থ্যৰ লগতে আনকো স্বাস্থ্যৰ প্ৰতি সজাগ কৰি তোলো আহক।
শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয়। ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখা দৰকাৰ।
শীতকাল আৰু ভৰিৰ গেৰুৱা ফটা এটা মুদ্রাৰ যেন ইপিঠি-সিপিঠি। শীতকালত প্রায় সকলোৰে ভৰিৰ গেৰুৱা ফটা দেখা যায়। কিছুমানৰ গেৰুৱা ইমান বেয়াকৈ ফাটে যে তেওঁলোকে গেৰুৱা লুকুৱাবলৈ চেষ্টা কৰিও বিফল হয়। যাৰ বাবে বহুতকে হীনমান্যতাত ভোগাও দেখা যায়। কিন্তু আমি যদি সাধাৰণ ঘৰুৱা যতন অলপ লওঁ, তেন্তে ভৰিৰ গেৰুৱা ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰো।