আমাৰ স্বাস্থ্য আমাৰ সম্পদ, কিন্তু কিছুলোকে বেছি স্বাস্থ্য গঢ়ি তুলিব নোৱাৰে। যদি মানুহে আপোনাক কম ওজনৰ বাবে ঠাট্টা কৰে তেন্তে ওজন বৃদ্ধিৰ বাবে এই ২ টা খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক।
দুৰ্ভাগ্যজনকভাৱে এইটো সঁচা যে কেনেকৈ ওজন কমাব পাৰি সেই বিষয়ে বহু কথাই জনা যায় কিন্তু ওজন বৃদ্ধিৰ বিষয়ে একোৱেই জনা নাযায়, বিশেষকৈ সুস্থ আৰু সুষমভাৱে। যদি আপুনিও আপোনাৰ ওজন বৃদ্ধিৰ বাবে ঘৰুৱা উপায় বিচাৰিছে, তেন্তে নিশ্চিতভাৱে এই লেখাটো পঢ়ক।
আজি আমি আপোনালোকক এটা ডায়েট কম্বিনেচনৰ বিষয়ে কওঁ যিটো আপোনাৰ পাকঘৰত থাকে আৰু আপুনি ইয়াক অতি সহজে ব্যৱহাৰ কৰিব পাৰে। আটাইতকৈ ভাল কথাটো হ’ল ইয়াৰ বাবে আপুনি বহুত টকা খৰচ কৰিব নালাগে। আয়ুৰ্বেদ বিশেষজ্ঞসকলে শেহতীয়াকৈ এই ওজন বৃদ্ধি কৰা উপাদানসমূহৰ বিষয়ে তথ্য আগবঢ়াইছে।
বিশেষজ্ঞৰ মতামত:-
স্বাস্থ্যসন্মত পদ্ধতিৰে ওজন বৃদ্ধি কৰিব বিচাৰেনে? গতিকে আপুনি খাদ্যত কেৱল ঘিউ আৰু গুৰ অন্তৰ্ভুক্ত কৰি এই কাম কৰিব পাৰে।
ওজন বৃদ্ধিৰ বাবে ঘিউৰ উপকাৰীতাঃ
আমি সকলোৱে জানো ঘিউই ওজন বৃদ্ধিত সহায় কৰে। কিন্তু ইয়াত আপুনি জানিবলগীয়া কিছুমান আকৰ্ষণীয় কথা উল্লেখ কৰা হৈছে যিয়ে ইয়াক আন ওজন বৃদ্ধিকাৰীৰ পৰা পৃথক কৰি তোলে- ঘিউ এবিধ প্ৰাকৃতিক ওজন বৃদ্ধিকাৰী। ঘিউ মিঠা, কাহ আৰু বাত আৰু পিট্টা উপশম কৰে। ই হজম শক্তি বৃদ্ধি কৰে, আপোনাৰ কলাবোৰক পুষ্টি দিয়ে, পেশীবোৰ শক্তিশালী কৰে আৰু মাত, স্মৃতিশক্তি, চুলি, ছাল, প্ৰজনন তন্ত্ৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা, বুদ্ধিমত্তা আদি উন্নত কৰাত সহায় কৰে।
ঘিউই স্বাস্থ্যসন্মতভাৱে ওজন বৃদ্ধি কৰাত সহায় কৰে। এনে স্বাস্থ্যসন্মত ৰুটিন মানি চলি গুড় খালে শৰীৰত চৰ্বি বৃদ্ধি হোৱাই নহয় মাংসপেশীতো চৰ্বি বৃদ্ধি পায়।
বলীউডৰ বিতৰ্কিত অভিনেত্ৰী হিচাপে পৰিচিত কংগনা ৰানাউট। বিভিন্ন বিষয়ত তেওঁৰ মন্তব্যই তেওঁক আলোড়নৰ সৃষ্ঠি কৰে । শেহতীয়াকৈ আকৌ এবাৰ বলীউডৰ অন্যতম জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মহেশ ভট্টৰ বিৰুদ্ধে এক মন্তব্য কৰিছে অভিনেত্ৰী গৰাকীয়ে। এটা ভিডিঅ’ৰ কেইবাটাও অংশ শ্বেয়াৰ কৰি তেওঁ এই মন্তব্য কৰে।
শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোৰ এটা অংশ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীক লিখা দেখা গৈছিল, তেওঁৰ প্ৰকৃত নাম আছলাম। তেওঁ ধৰ্ম আৰু নাম সলনি কৰি দ্বিতীয় পত্নী ছোনী ৰাজদানক বিয়া কৰাইছিল। ইয়াৰ আধাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ প্ৰকৃত নাম বা পৰিচয় কেতিয়াও সকলোৰে পৰা লুকুৱাই ৰাখিব নালাগে। আৰু সেই কথাৰ প্ৰতি সঁহাৰি জনাই বলীউডৰ এই বিতৰ্কিত অভিনেত্ৰীগৰাকী। অৱশ্যে ভিডিঅ’টোৰ আন এটা অংশ শ্বেয়াৰ কৰা হৈছে, য’ত মহেশ ভট্টে নিজৰ প্ৰকৃত নাম কোৱা শুনা গৈছে। তদুপৰি তেওঁ সেই ভিডিঅ’টোত ইছলামক লৈ নিজৰ ব্যক্তিগত অনুভৱো প্ৰকাশ কৰা দেখা গৈছিল।
শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডত যোৱা নিশা চাঞ্চল্যকৰ এক চুৰিকাণ্ড সংঘটিত হয়। ঘৰত মানুহ নথকাৰ সুযোগ লৈ একাধিক চোৰৰ দলে লণ্ডভণ্ড কৰিলে শিৱসাগৰৰ প্ৰতিষ্ঠিত অধিবক্তা হেলেন ওৰফে ময়িদুল ইছলামৰ ঘৰ।
মানুহৰ জীৱন-যাপন প্রণালীৰ বহু সলনি হৈছে। এয়া সময়ৰ আহ্বান। আজিকালি ছোৱালীৰ বিয়াৰ বয়স বাঢ়িছে। মাতৃত্ব লাভৰ বয়সো তুলনামূলকভাৱে পিচুৱাইছে। পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বেছিভাগ ছোৱালীয়েই ৪০ বছৰমান বয়সতহে সন্তান জন্ম দিবলৈ বিচাৰে। উচ্চ শিক্ষা, চাকৰি, আর্থিক স্বচ্ছলতা, ক্রমোন্নতি— এইবোৰৰ প্রয়োজনীয়তা আছে, বাধ্যবাধকতাও আছে, যাৰ কাৰণে বিবাহ আৰু সন্তান বহন কৰাটোত পলম কৰিবলৈ বাধ্য হয় তেওঁলোক। কিন্তু তেওঁলোক সন্তান জন্মৰ ক্ষেত্ৰত বিভিন্ন জটিলতাৰ সন্মুখীন হয়।
দিল্লীত লগ পাইছিলো চান্দনীক। এটা কোম্পানীৰ উচ্চপদস্থ বিষয়া। দোপতদোপে কৃতকার্যতাৰ চিৰি বগাই উন্নতিৰ শিখৰত উঠা বছৰমানৰ আগৰ পৰা চিন্তা কৰিছে সন্তানৰ কথা। এতিয়া ৩৮ বছৰীয়া চান্দনী। সন্তান প্রত্যাশী চান্দনীয়ে সকলো অনুৰ্বৰতা ক্লিনিক ঘূৰিছে, মাতৃত্ব লাভ কৰাৰ আশাৰে। লাখ লাখ টকা খৰচ কৰিছে। বহু গাঁৱলীয়া ব্যৱস্থাও পৰীক্ষা কৰি চাইছে কিন্তু সফল হ’ব পৰা নাই চান্দনী।
চান্দনীয়েই একমাত্ৰ নহয়। অনুৰ্বৰতা বিশেষজ্ঞসকলৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সৰ শিক্ষিত,চাকৰিজীৱী, ইতিমধ্যে কেৰিয়াৰ গঢ়ি লোৱা বহুতো ছোৱালীয়েই তেওঁলোকৰ ওচৰলৈ আহে সন্তানৰ মাতৃ হ’বলৈ বিচাৰি। এজন অনুৰ্বৰতা বিশেষজ্ঞ ডাঃ অনিৰুদ্ধ মালপানীয়ে কয়— উচ্চশিক্ষা আৰু আর্থিক স্বচ্ছলতা আহৰণে যেতিয়া প্রাধান্য পায়, সন্তান উৎপাদন গৌণ হৈ পৰে, সন্তান উৎপাদনৰ ক্ষেত্ৰখনো ইতিমধ্যে অনুৰ্বৰ হৈ পৰে। ৩৫ বছৰ বয়সত এগৰাকী নাৰীয়ে প্রথম সন্তান লাভ কৰাটো সম্ভৱ যদিও, বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগা হয় তেওঁলোক। তেওঁৰ মতে, বয়স বাঢ়ি যোৱাৰ লগে লগে ডিম্বৰ মানো হ্রাস পায় আৰু গৰ্ভধাৰণৰ ক্ষমতাও হ্রাস পায়। তদুপৰি দুয়ো স্বামী-স্ত্রীয়ে চাকৰি কৰি চাকৰি সংক্রান্তীয় কামত ভ্ৰমণত ব্যস্ত থকা জীৱন-যাপন প্ৰণালীৰ কাৰণে যুগ্ম জীৱনৰ সুন্দৰ সময় স্বামী-স্ত্রীয়ে (একেলগে) উপভোগকৰাৰ সুযোগ হেৰুৱায়। আৰু মাহটোৰ সাৰুৱা দিনকেইটাত একেলগে থাকি সন্তানৰ পৰিকল্পনা কৰাৰ সুবিধাই নাপায়।
অনুৰ্বৰতাৰ সমস্যা কেৱল নাৰীৰে নহয়, পুৰুষৰো আছে
ভাৰতীয় জনসংখ্যাৰ ১০-১২ শতাংশ অনুৰ্বৰতাৰ দ্বাৰা আক্রান্ত। প্রায় ২২ৰ পৰা ৩৩ নিযুত প্রজননক্ষম বয়সৰ দম্পতীয়ে জীৱনজোৰা অনুৰ্বৰতাৰ সমস্যাত ভূগিছে। ঘটনাক্রমে নাৰীৰ অনুৰ্বৰতাটো অধিক চৰ্চিত হোৱাৰ কাৰণ হৈছে- এই হাৰ পুৰুষৰ তুলনাত কিছু বেছি। নাৰীৰ অনুৰ্বৰতাৰ অনুপাত ৪০ৰ পৰা ৫০ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ ৩০ ৰ পৰা ৪০ শতাংশ। অৱশ্যে পুৰুষৰ অনুৰ্বৰতা নাৰীৰ অনুৰ্বৰতাৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে উচ্চশিক্ষিত, চাকৰিজীৱী মহিলাসকলে, যিসকলে বয়সত সন্তান লাভ কৰিব বিচাৰে। ‘বৰ্তমান প্রজন্মৰ সমস্যা এয়া’- এই মন্তব্য আগবঢ়াইছে ‘সহায়কাৰী ভাৰতীয় সমিতিৰ সভাপতি ডাঃ ডুৰু শ্বাহে (ISAR-Indian Society for Assisted Reproduction)। সমিতিৰ সাধাৰণ সম্পাদক ডাঃ অমিত পাটকিৰ মতে এই সংখ্যা ভাৰতীয় চহৰীয়া মহিলাসকলে আৰু বৃদ্ধি কৰিব, কাৰণ চিগাৰেট খোৱাটো চহৰীয়া ছোৱালীৰ মাজত বৃদ্ধি পাইছে।
‘ভাৰতীয় মহিলাত’ বহুচিষ্টধাৰী ডিম্বাশয় ৰোগ সমষ্টিৰ প্ৰাদুৰ্ভাৱ ক্রমান্বয়ে বাঢ়িছে। ৩.৭ শতাংশৰ পৰা ২২.৫ শতাংশ হৈছেগৈ। এই ৰোগ সমষ্টিৰ প্ৰাদুৰ্ভাৱ দক্ষিণ ভাৰততকৈ উত্তৰ ভাৰতত বেছি। এই ৰোগ যিমান বৃদ্ধি হৈছে, অনুৰ্বৰতাও সিমান বাঢ়িছে।
জননাংগৰ যক্ষ্মাৰ কাৰণেও নাৰীৰ অনুৰ্বৰতা হয়। জননাংগৰ যক্ষ্মা হ’লে ডিম্বনলী বন্ধ হয় আৰু জৰায়ুৰ অভ্যন্তৰৰ এণ্ডমেট্ৰিয়াম স্তৰ ক্ষতিগ্ৰস্ত হয়। ভাৰতত ১৮ শতাংশ অনুৰ্বৰ মহিলাৰ এই ৰোগ আছে।
মেদবহুলতা পুৰুষ-মহিলা উভয়তে অনুৰ্বৰতাৰ অন্যতম কাৰণ। ১৮ বছৰৰ উৰ্ধৰ পুৰুষৰ ২০১০ চনত অনুৰ্বৰতা আছিল ১৭.৩ শতাংশ আৰু ২০১৪ চনত সেই অনুপাত হৈছিল ১৯.৫ শতাংশ। মেদবহুল মহিলা অনুৰ্বৰৰ সংখ্যা ১৯৯৮ চনত ১০.৬ শতাংশৰ পৰা বাঢ়ি ২০১৪ চনত হৈছেগৈ ২৮.৭ শতাংশ। বহু মেদবহুল মহিলাই গৰ্ভধাৰণ কৰিবলৈ ‘বেৰিয়াট্ৰিক ছাৰ্জাৰী’ কৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৫ চনৰ সমীক্ষাৰ মতে ভাৰতত ধঁপাত-চিগাৰেট সেৱন কৰা মহিলা ১৭ শতাংশ। লাহে লাহে বাঢ়ি আছে। ভাৰতীয় মহিলাৰ চিগাৰেট সেৱনে ইংলেণ্ড (২১ শতাংশ) আৰু আমেৰিকাক (১৯ শতাংশ) অনুসৰণ কৰিছে।
মদ্যপানেও অনুৰ্বৰতাত প্ৰভাৱ পেলায়। জনমূৰি মদ্যপান ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে।
অনুর্বৰতাৰ এটা কাৰক যৌনৰোগৰ প্ৰাদুৰ্ভাবো ভাৰতত বাঢ়িছে। উচ্ছংখল জীৱন-যাপন প্ৰণালী (open Sex) আৰু নৈতিক অৱক্ষয়- যৌনৰোগ বৃদ্ধিৰ প্ৰধান কাৰণ। ২০০০ চনৰ পৰা ২০১২ চনলৈকে চলোৱা ৪১টা সমীক্ষাৰ সংখ্যা ৭ শতাংশৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি পাইছে।
চহৰীয়াসকলৰ অনুৰ্বৰতাৰ কাৰণে জীৱন-যাপন প্ৰণালী যেনেকৈ জগৰীয়া, গ্রামীণ পৰিবেশত সংক্ৰমণটোৱেই অনুৰ্বৰতাৰ প্ৰধান কাৰণ হৈ আছে। গ্রামীণ পৰিবেশত মহিলাসকলে গর্ভপাত, আনকি সন্তান প্ৰসৱো অস্বাস্থ্যকৰ কেন্দ্ৰবোৰত কৰায়। যাৰ ফলত ডিম্বনলীত সংক্রমণ হয়, যিটো ভৱিষ্যৎ অনুৰ্বৰতাৰ কাৰণ হৈ পৰে। ডিম্বনলী বা ফেল’পিয়ান নলীত হোৱা এনে এটা সংক্রমণ হৈছে যক্ষ্মা-জনানাংগৰ যক্ষ্মা।
ডাঃ মালপানিয়ে কিন্তু এটা সম্পূর্ণ বেলেগ দৃষ্টিভংগী আগবঢ়াইছে। তেওঁৰ মতে মহিলাসকলে সাধাৰণতে পুষ্টিকৰ খাদ্য নাখায় আৰু বহুত বেছি কাম কৰে, সেয়েহে তেওঁলোকে গর্ভধাৰণ নকৰে। সন্তান জন্ম দিব নোৱাৰা মহিলাসকলে নিজকে জগৰীয়া কৰে আৰু অসম্পূৰ্ণ বুলি ভাবে। এইটো বৰ দুৰ্ভাগ্যজনক। তেওঁ কৈছে- ‘‘এনে মহিলাও মই লগ পাইছো, যিসকলে মোক কান্দি কান্দি সোধে— গৰ্ভধাৰণৰ কাৰণে তেওঁলোক বেছি শকত নেকি? বা তেওঁলোকে আগতে শালমইনা আঁতৰাবৰ কাৰণে ব্যৱহাৰ কৰা ঔষধবোৰ অনুৰ্বৰতাৰ কাৰণে জগৰীয়া নেকি?”
আক্রান্তজনক দোষাৰোপ কৰাটো আমাৰ সমাজৰ এটা ডাঙৰ সমস্যা। অনুৰ্বৰতা এটা প্রতিকাৰ সাধ্য অক্ষমতা। আমাৰ লক্ষ্য হোৱা উচিত ইয়াৰ কাৰণ উদ্ঘাটন কৰা আৰু সমাধানৰ ব্যৱস্থা কৰা। জননস্বাস্থ্যত কু-প্ৰভাৱ পেলোৱা কাৰকবোৰ আমি প্রতিহত কৰিবই লাগিব। এখন সুস্থ সমাজৰ কাৰণে সমাজৰ প্ৰতিজনৰ সুস্থ জননস্বাস্থ্য অতি প্রয়োজনীয়।