Home Blog Page 2143

শিৱসাগৰ নগৰত চাঞ্চল্যকৰ চুৰি কাৰ্য, লণ্ডভণ্ড অধিবক্তাৰ গৃহ…

শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডত যোৱা নিশা চাঞ্চল্যকৰ এক চুৰিকাণ্ড সংঘটিত হয়। ঘৰত মানুহ নথকাৰ সুযোগ লৈ একাধিক চোৰৰ দলে লণ্ডভণ্ড কৰিলে শিৱসাগৰৰ প্ৰতিষ্ঠিত অধিবক্তা হেলেন ওৰফে ময়িদুল ইছলামৰ ঘৰ।

ঘৰৰ সমূহ সদস্য বাংগালোৰুত থকাৰ সুযোগ লৈ কাল নিশা আংগচোৰে খিৰিকী ভাঙি ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা লুটপাট চলাই সকলো গডৰেজ-আলমিৰা ভাঙি লণ্ডভণ্ড কৰে। আজি পুৱা পোহৰলৈ আহে এই চাঞ্চল্যকৰ চুৰি ঘটনা।

ঘৰৰ গৰাকী তথা অধিবক্তা ময়িদুল ইছলাম পৰিয়ালৰ সৈতে বাহিৰত থকাৰ বাবে চোৰে লুটি নিয়া সামগ্ৰীৰ পৰিমাণ অথবা মূল্য নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। কিন্তু বহু মূল্যৱান সা-সামগ্ৰী চুৰি হোৱাৰ সন্দেহ কৰা হৈছে। ইফালে তীখৰ চোৰৰ দলে গৃহত সংযোগ হৈ থকা চিচিটিভি কেমেৰাৰ মেমৰি ডিভাইছো লৈ উধাও হোৱাৰ ফলত বৰ্তমান আৰক্ষীৰ হাতত অনুসন্ধানৰ বাবে কোনো তথ্য নাই।তথাপিও শিৱসাগৰ সদৰ আৰক্ষীয়ে এই সমস্ত চুৰি ঘটনাক অতি গুৰুত্ব সহকাৰে লৈ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ সমাধিস্থল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । বড়ো জনসাধাৰণৰ সামাজিক-সাংস্কৃতিক সবলীকৰণৰ এক অনন্য ব্যক্তিত্ব এই মহান পুৰোধাগৰাকীলৈশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বিশেষ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ অধীনত দতমাৰ ঠুলুঙাফুৰীত ১০ কোটি টকা ব্যয়সাপেক্ষ সমাধিস্থলীৰ আন্তঃগাঁথনি উন্নয়নৰ ভেটি স্থাপন কৰা হৈছে ।

সমাধিস্থলীৰ আন্তঃগাঁথনি উন্নয়ন বডোফাৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমাজ গঠনত বডোফাৰ অপৰিসীম ভূমিকাক সন্মান জনাই অসম চৰকাৰে প্ৰতিবছৰে ৩১ মাৰ্চ তাৰিখে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অনুষ্ঠানত বি টি চি প্ৰধান প্ৰমোদ বড়ো, স্থানীয় বিধায়কসকল, বি টি চিৰ কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে।

ধুবুৰী- ফুলবাৰী দলং নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে…

পূৰ্ণ গতিত চলিছে ধুবুৰী ফুলবাৰী দলংৰ নিৰ্মাণৰ কাম। উল্লেখ্য যে, লুইতৰ ওপৰেৰে নামনি অসমৰ ধুবুৰী আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী সংযোগী নিৰ্মীয়মান এই দলংখনৰ নিৰ্মাণৰ কাম ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হব বুলি কয় সাংসদ গৰাকীয়ে।

১৯.২৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ এই নদী দলংখন বৃহত্তৰ অঞ্চলটোৰ আৰ্থ সামাজিক দিশলৈ এক সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ পৰ্যটনৰ ক্ষেত্ৰখনতো নতুন দিগন্তৰ সূচনা কৰাটো প্ৰায় নিশ্চিত। এই দলংখনে উত্তৰ–পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰাৰ সমান্তৰালকৈ চুবুৰীয়া বাংলাদেশৰ সৈতেও আমদানি–ৰপ্তানিৰ ক্ষেত্ৰতো দলংখনে এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰো সম্ভাৱনা আছে।
ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ

চিচিবৰগাঁও মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহ ২০২২ সম্পন্ন…

ধেমাজি জিলাৰ বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ত আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় দৰ্শন বিভাগৰ প্ৰথম বাৰ্ষিক প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহ । মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰাক্তন সমাৰোহত খনিত পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞাই পতাকা উত্তোলন কৰে ।

ইয়াৰ পাছতে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়াই প্ৰাচীৰ পত্ৰিকা ” দৰ্শন জেউতি”উন্মোচন কৰে ।আনহাতে দৰ্শন বিভাগৰ মেধাৱী প্ৰয়াত ছাত্র সুমিত্ৰ ভূঞাৰ নামেৰে এটা গ্ৰন্থাগাৰো আজি মুকলি কৰে । ইয়াৰ পাছতেই অনুষ্ঠিত হয় প্ৰাক্তন-ছাত্র-ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠান । এটি সমবেত সংগীতেৰে আৰম্ভ কৰা এই আলাপ অনুষ্ঠানৰ আঁত ধৰে দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ শইকীয়া , ড০ মঞ্জু চুতীয়া , তৰুণ দত্তই । গীতে -মাতে উপচি পৰা এই আলাপ অনুষ্ঠানত বিভিন্ন জনে অতীতক সুঁৱৰি মনৰ অনুভৱখিনি ব্যক্ত কৰে ।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত কৰ্মৰত হৈ থকা দৰ্শন বিভাগৰ ছাত্র-ছাত্ৰী সকলে নিজৰ আপোন মহাবিদ্যালয়ৰ আপোন বিভাগটোত পুনৰ একত্ৰিত হোৱাৰ সুবিধা পাই আপোন পাহৰা হৈ আনন্দ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় । ইয়াৰ পাছতে প্ৰাক্তন ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । সমাৰোহৰ সাধাৰণ সম্পাদক দুদুল চুতীয়া , তপন শইকীয়া ,পবিত্ৰ কলিতাই আঁত ধৰা এই সম্বৰ্ধনা কায্যসূচীত প্ৰায় ২৫০ গৰাকীক প্ৰাক্তন ছাত্র-ছাত্ৰীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি স্মৃতি যুগমীয়া কৰি ৰখাৰ প্ৰয়াস কৰে। কণমানি শিল্পী লুইছ ভূঞাৰ আধুনিক নৃত্য কে আদি কৰি বহুকেইজন ছাত্র-ছাত্ৰীৰ গীত – মাত, নৃত্যৰে জীপাল কৰি তোলা এই অন্তৰংগ অনুষ্ঠানৰ পাছতে চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক নয়নমনি মহন্তয়ে উদ্বোধন কৰে সাংস্কৃতিক কায্যসূচী ।

তেখেতে এই মঞ্চ উদ্বোধনী ভাষণত জীৱন-দৰ্শন আৰু জীৱিকা আদিৰ ওপৰত অতি চমুকৈ তত্ত্বগধুৰ কথাৰে সকলোকে আকৃষ্ট কৰে । এটি দলীয় বিহু দলে বিহু পৰিবেশন কৰাৰ পাছতে আমন্ত্ৰিত শিল্পী আষ্টিয়ানা দিহীঙ্গীয়াৰ গীত পৰিবেশনে উপস্থিত সকলোকে আপ্লুত কৰে । এই সমাৰোহত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়া, উপাধ্যক্ষ দিতুল লাহনকে আদি কৰি প্ৰতিটো বিভাগৰ অধ্যাপক-অধ্যাপিকা সকলে অংশগ্ৰহণ কৰাৰ লগতে অনাতাঁৰ শিল্পী চিৰন্তন ভূঞা, শিল্পী অজিত দত্ত , শিল্পী আষ্টিয়ানা দিহীঙ্গীয়াৰ পিতৃ-মাতৃ আদি কৰি বিভিন্ন প্ৰান্তৰ বহু কেইজন গন্যমান্য লোক উপস্থিত থাকে।

সন্তান জন্ম দিয়াৰ সমস্যা বৃদ্ধিৰ কাৰণ জানেনে…

মানুহৰ জীৱন-যাপন প্রণালীৰ বহু সলনি হৈছে। এয়া সময়ৰ আহ্বান। আজিকালি ছোৱালীৰ বিয়াৰ বয়স বাঢ়িছে। মাতৃত্ব লাভৰ বয়সো তুলনামূলকভাৱে পিচুৱাইছে। পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বেছিভাগ ছোৱালীয়েই ৪০ বছৰমান বয়সতহে সন্তান জন্ম দিবলৈ বিচাৰে। উচ্চ শিক্ষা, চাকৰি, আর্থিক স্বচ্ছলতা, ক্রমোন্নতি— এইবোৰৰ প্রয়োজনীয়তা আছে, বাধ্যবাধকতাও আছে, যাৰ কাৰণে বিবাহ আৰু সন্তান বহন কৰাটোত পলম কৰিবলৈ বাধ্য হয় তেওঁলোক। কিন্তু তেওঁলোক সন্তান জন্মৰ ক্ষেত্ৰত বিভিন্ন জটিলতাৰ সন্মুখীন হয়।

দিল্লীত লগ পাইছিলো চান্দনীক। এটা কোম্পানীৰ উচ্চপদস্থ বিষয়া। দোপতদোপে কৃতকার্যতাৰ চিৰি বগাই উন্নতিৰ শিখৰত উঠা বছৰমানৰ আগৰ পৰা চিন্তা কৰিছে সন্তানৰ কথা। এতিয়া ৩৮ বছৰীয়া চান্দনী। সন্তান প্রত্যাশী চান্দনীয়ে সকলো অনুৰ্বৰতা ক্লিনিক ঘূৰিছে, মাতৃত্ব লাভ কৰাৰ আশাৰে। লাখ লাখ টকা খৰচ কৰিছে। বহু গাঁৱলীয়া ব্যৱস্থাও পৰীক্ষা কৰি চাইছে কিন্তু সফল হ’ব পৰা নাই চান্দনী।

চান্দনীয়েই একমাত্ৰ নহয়। অনুৰ্বৰতা বিশেষজ্ঞসকলৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সৰ শিক্ষিত,চাকৰিজীৱী, ইতিমধ্যে কেৰিয়াৰ গঢ়ি লোৱা বহুতো ছোৱালীয়েই তেওঁলোকৰ ওচৰলৈ আহে সন্তানৰ মাতৃ হ’বলৈ বিচাৰি। এজন অনুৰ্বৰতা বিশেষজ্ঞ ডাঃ অনিৰুদ্ধ মালপানীয়ে কয়— উচ্চশিক্ষা আৰু আর্থিক স্বচ্ছলতা আহৰণে যেতিয়া প্রাধান্য পায়, সন্তান উৎপাদন গৌণ হৈ পৰে, সন্তান উৎপাদনৰ ক্ষেত্ৰখনো ইতিমধ্যে অনুৰ্বৰ হৈ পৰে। ৩৫ বছৰ বয়সত এগৰাকী নাৰীয়ে প্রথম সন্তান লাভ কৰাটো সম্ভৱ যদিও, বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগা হয় তেওঁলোক। তেওঁৰ মতে, বয়স বাঢ়ি যোৱাৰ লগে লগে ডিম্বৰ মানো হ্রাস পায় আৰু গৰ্ভধাৰণৰ ক্ষমতাও হ্রাস পায়। তদুপৰি দুয়ো স্বামী-স্ত্রীয়ে চাকৰি কৰি চাকৰি সংক্রান্তীয় কামত ভ্ৰমণত ব্যস্ত থকা জীৱন-যাপন প্ৰণালীৰ কাৰণে যুগ্ম জীৱনৰ সুন্দৰ সময় স্বামী-স্ত্রীয়ে (একেলগে) উপভোগকৰাৰ সুযোগ হেৰুৱায়। আৰু মাহটোৰ সাৰুৱা দিনকেইটাত একেলগে থাকি সন্তানৰ পৰিকল্পনা কৰাৰ সুবিধাই নাপায়।

অনুৰ্বৰতাৰ সমস্যা কেৱল নাৰীৰে নহয়, পুৰুষৰো আছে

ভাৰতীয় জনসংখ্যাৰ ১০-১২ শতাংশ অনুৰ্বৰতাৰ দ্বাৰা আক্রান্ত। প্রায় ২২ৰ পৰা ৩৩ নিযুত প্রজননক্ষম বয়সৰ দম্পতীয়ে জীৱনজোৰা অনুৰ্বৰতাৰ সমস্যাত ভূগিছে। ঘটনাক্রমে নাৰীৰ অনুৰ্বৰতাটো অধিক চৰ্চিত হোৱাৰ কাৰণ হৈছে- এই হাৰ পুৰুষৰ তুলনাত কিছু বেছি। নাৰীৰ অনুৰ্বৰতাৰ অনুপাত ৪০ৰ পৰা ৫০ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ ৩০ ৰ পৰা ৪০ শতাংশ। অৱশ্যে পুৰুষৰ অনুৰ্বৰতা নাৰীৰ অনুৰ্বৰতাৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে উচ্চশিক্ষিত, চাকৰিজীৱী মহিলাসকলে, যিসকলে বয়সত সন্তান লাভ কৰিব বিচাৰে। ‘বৰ্তমান প্রজন্মৰ সমস্যা এয়া’- এই মন্তব্য আগবঢ়াইছে ‘সহায়কাৰী ভাৰতীয় সমিতিৰ সভাপতি ডাঃ ডুৰু শ্বাহে (ISAR-Indian Society for Assisted Reproduction)। সমিতিৰ সাধাৰণ সম্পাদক ডাঃ অমিত পাটকিৰ মতে এই সংখ্যা ভাৰতীয় চহৰীয়া মহিলাসকলে আৰু বৃদ্ধি কৰিব, কাৰণ চিগাৰেট খোৱাটো চহৰীয়া ছোৱালীৰ মাজত বৃদ্ধি পাইছে।

চিকিৎসাবিজ্ঞানৰ অগ্ৰগতি ইমান বেছি হৈছে যে আজিকালি পর্যাপ্ত আৰু সুস্থ শুক্রাণু উৎপাদনত অক্ষমজনো পিতৃত্ব লাভ কৰাত সক্ষম হৈছে। সেয়েহে বিশেষজ্ঞসকলে দোষাৰোপ কৰে অস্বাস্থ্যকৰ জীৱন-যাপন প্ৰণালীক- চিগাৰেট, মদ, ড্রাগচ সেৱন ব্যৱস্থাক,  যিবোৰে ভাৰতৰ অনুৰ্বতাৰ শাৰীটো দীঘল কৰি নি আছে। বয়সটো মাত্ৰ এটা কাৰক অনুৰ্বৰতাৰ। ডাঃ শ্বাহৰ মতে- “চিগাৰেট সেৱন অনুৰ্বৰতাৰ প্ৰধান শত্ৰু, কাৰণ ই ডিম্বৰ গুণাগুণ নষ্ট কৰে’ আৰু সমীক্ষাই দেখুৱাইছে যে- আজিকালিৰ ছোৱালীয়ে আগতকৈ বহুত বেছি চিগাৰেট সেৱন কৰে।

নাৰীৰ দৰেই পুৰুষৰ অনুৰ্বৰতাকো পৰিৱেশ আৰু জীৱন-যাপন প্ৰণালীয়ে প্রভাৱিত কৰে। পুৰুষে শাৰীৰিক সৌষ্ঠৱ বৃদ্ধিৰ বাবে যি পৰিপূৰক (Supplement) ব্যৱহাৰ কৰে, সেইবোৰে শুক্রাণুৰ সংখ্যা হ্রাস কৰে- ডাঃ পাটকিয়ে কয়। প্লাষ্টিক প্ৰদূষণৰ দিশত যে জনসাধাৰণৰ মাজত সচেতনতা গঢ়ি উঠিছে-এইটো শুভলক্ষণ। কাৰণ প্লাষ্টিকত থকা এবিধ ৰায়াসনিক পদার্থই অন্তঃক্ষৰণকাৰী তন্ত্রক আক্রান্ত কৰি হৰম’ন ক্ষৰণ বিঘ্নিত কৰে। ফলত পুৰুষ সন্তানৰ “hypospadia’ (হাইপস্পেডিয়া) এই ৰোগত শুক্রাশয়ৰ পৰা শুক্রাণু ক্ষৰণ বাধাগ্রস্ত হয়) নামৰ এবিধ জন্মগত ৰোগ হয়। ডাঃ পাটকিয়ে কোৱামতে অনুৰ্বৰতা চিকিৎসাৰ কাৰণে যোৱা বহু দম্পতীয়ে স্বীকাৰ কৰে- “ দেহ-মনক সতেজ ৰখাৰ ড্রাগ’ তেওঁলোকে ব্যৱহাৰ কৰিছিল। তেওঁলোকে ভবা নাছিল যে, সেইবোৰে উৰ্বৰতাত প্ৰভাৱ পেলাব। চহৰত ব্যৱহাৰ হোৱা প্ৰস্তুত খাদ্যবোৰেও অনুৰ্বৰতা বৃদ্ধিত সহায় কৰে; কাৰণ এনে খাদ্যত ফলিক এচিড নাথাকে।

ভাৰতবৰ্ষই অনুৰ্বৰতাৰ যি গধুৰ বোজা বহন কৰিব লগা হৈছে, তাৰ কাৰণসমূহ বিশ্লেষণ কৰিলে আমি দেখো-

  • ‘ভাৰতীয় মহিলাত’ বহুচিষ্টধাৰী ডিম্বাশয় ৰোগ সমষ্টিৰ প্ৰাদুৰ্ভাৱ ক্রমান্বয়ে বাঢ়িছে। ৩.৭ শতাংশৰ পৰা ২২.৫ শতাংশ হৈছেগৈ। এই ৰোগ সমষ্টিৰ প্ৰাদুৰ্ভাৱ দক্ষিণ ভাৰততকৈ উত্তৰ ভাৰতত বেছি। এই ৰোগ যিমান বৃদ্ধি হৈছে, অনুৰ্বৰতাও সিমান বাঢ়িছে।
  • জননাংগৰ যক্ষ্মাৰ কাৰণেও নাৰীৰ অনুৰ্বৰতা হয়। জননাংগৰ যক্ষ্মা হ’লে ডিম্বনলী বন্ধ হয় আৰু জৰায়ুৰ অভ্যন্তৰৰ এণ্ডমেট্ৰিয়াম স্তৰ ক্ষতিগ্ৰস্ত হয়। ভাৰতত ১৮ শতাংশ অনুৰ্বৰ মহিলাৰ এই ৰোগ আছে।
  • মেদবহুলতা পুৰুষ-মহিলা উভয়তে অনুৰ্বৰতাৰ অন্যতম কাৰণ। ১৮ বছৰৰ উৰ্ধৰ পুৰুষৰ ২০১০ চনত অনুৰ্বৰতা আছিল ১৭.৩ শতাংশ আৰু ২০১৪ চনত সেই অনুপাত হৈছিল ১৯.৫ শতাংশ। মেদবহুল মহিলা অনুৰ্বৰৰ সংখ্যা ১৯৯৮ চনত ১০.৬ শতাংশৰ পৰা বাঢ়ি ২০১৪ চনত হৈছেগৈ ২৮.৭ শতাংশ। বহু মেদবহুল মহিলাই গৰ্ভধাৰণ কৰিবলৈ ‘বেৰিয়াট্ৰিক ছাৰ্জাৰী’ কৰে।
  • বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৫ চনৰ সমীক্ষাৰ মতে ভাৰতত ধঁপাত-চিগাৰেট সেৱন কৰা মহিলা ১৭ শতাংশ। লাহে লাহে বাঢ়ি আছে। ভাৰতীয় মহিলাৰ চিগাৰেট সেৱনে ইংলেণ্ড (২১ শতাংশ) আৰু আমেৰিকাক (১৯ শতাংশ) অনুসৰণ কৰিছে।
  • মদ্যপানেও অনুৰ্বৰতাত প্ৰভাৱ পেলায়। জনমূৰি মদ্যপান ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে।
  • অনুর্বৰতাৰ এটা কাৰক যৌনৰোগৰ প্ৰাদুৰ্ভাবো ভাৰতত বাঢ়িছে। উচ্ছংখল জীৱন-যাপন প্ৰণালী (open Sex) আৰু নৈতিক অৱক্ষয়- যৌনৰোগ বৃদ্ধিৰ প্ৰধান কাৰণ। ২০০০ চনৰ পৰা ২০১২ চনলৈকে চলোৱা ৪১টা সমীক্ষাৰ সংখ্যা ৭ শতাংশৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি পাইছে।

চহৰীয়াসকলৰ অনুৰ্বৰতাৰ কাৰণে জীৱন-যাপন প্ৰণালী যেনেকৈ জগৰীয়া, গ্রামীণ পৰিবেশত সংক্ৰমণটোৱেই অনুৰ্বৰতাৰ প্ৰধান কাৰণ হৈ আছে। গ্রামীণ পৰিবেশত মহিলাসকলে গর্ভপাত, আনকি সন্তান প্ৰসৱো অস্বাস্থ্যকৰ কেন্দ্ৰবোৰত কৰায়। যাৰ ফলত ডিম্বনলীত সংক্রমণ হয়, যিটো ভৱিষ্যৎ অনুৰ্বৰতাৰ কাৰণ হৈ পৰে। ডিম্বনলী বা ফেল’পিয়ান নলীত হোৱা এনে এটা সংক্রমণ হৈছে যক্ষ্মা-জনানাংগৰ যক্ষ্মা।

ডাঃ মালপানিয়ে কিন্তু এটা সম্পূর্ণ বেলেগ দৃষ্টিভংগী আগবঢ়াইছে। তেওঁৰ মতে মহিলাসকলে সাধাৰণতে পুষ্টিকৰ খাদ্য নাখায় আৰু বহুত বেছি কাম কৰে, সেয়েহে তেওঁলোকে গর্ভধাৰণ নকৰে। সন্তান জন্ম দিব নোৱাৰা মহিলাসকলে নিজকে জগৰীয়া কৰে আৰু অসম্পূৰ্ণ বুলি ভাবে। এইটো বৰ দুৰ্ভাগ্যজনক। তেওঁ কৈছে- ‘‘এনে মহিলাও মই লগ পাইছো, যিসকলে মোক কান্দি কান্দি সোধে— গৰ্ভধাৰণৰ কাৰণে তেওঁলোক বেছি শকত নেকি? বা তেওঁলোকে আগতে শালমইনা আঁতৰাবৰ কাৰণে ব্যৱহাৰ কৰা ঔষধবোৰ অনুৰ্বৰতাৰ কাৰণে জগৰীয়া নেকি?”

আক্রান্তজনক দোষাৰোপ কৰাটো আমাৰ সমাজৰ এটা ডাঙৰ সমস্যা। অনুৰ্বৰতা এটা প্রতিকাৰ সাধ্য  অক্ষমতা। আমাৰ লক্ষ্য হোৱা উচিত ইয়াৰ কাৰণ উদ্‌ঘাটন কৰা আৰু সমাধানৰ ব্যৱস্থা কৰা। জননস্বাস্থ্যত কু-প্ৰভাৱ পেলোৱা কাৰকবোৰ আমি প্রতিহত কৰিবই লাগিব। এখন সুস্থ সমাজৰ কাৰণে সমাজৰ প্ৰতিজনৰ সুস্থ জননস্বাস্থ্য অতি প্রয়োজনীয়।

লেখিকা: ড° অমিয়া ৰাজবংশী

হাজোৰ কুলহাটীৰ দূৰ্গা মন্দিৰৰ সভাগৃহত “গুৰুপূজন” শীৰ্ষক অনুস্থান সম্পন্ন…

হাজোৰ কুলহাটীৰ দূৰ্গা মন্দিৰৰ সভাগৃহত “গুৰুপূজন” শীৰ্ষক অনুস্থান সম্পন্ন — ভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন –“প্ৰজ্ঞা ফাউণ্ডেচন”ৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত “গুৰুপূজন” শীৰ্ষক এক অনুস্থান আজি তীৰ্থনগৰী হাজোৰ কুলহাটীৰ দূৰ্গা মন্দিৰ সভাগৃহ প্ৰাংগণত অনুস্থিত হৈ যায় । আজিৰ সভাতেই ভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।এই অনুস্থানত অংশগ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদ ,বৰেণ্য সাহিত্যিক শংকৰ দাসে কয় যে ,”গুৰু শিস্যৰ সম্পৰ্ক অভিন্ন ৰূপত তাহানিৰ কালৰে পৰা সমাজত জিলিকি আছে ।

প্ৰকৃততে যিয়ে জ্ঞান প্ৰদান কৰে সেইজনেই গুৰু । গুৰু শিষ্যৰ সম্পৰ্কত এক আধ্যাত্মিক শক্তি বিজড়িত হৈ আছে ।” এই অনুস্থানত এমট্টনৰ উপ -প্ৰবন্ধক তথা বিশিষ্ট সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থই অংশগ্ৰহণ কৰি ভাষণত কয় যে, প্ৰাচীন কালৰে পৰা গুৰু শিষ্যৰ মাজত এক সু সম্পৰ্ক নিহিত হৈ আহিছে । সভাত উপস্থিত থাকে প্ৰভাৰী ববিতা শৰ্মা, বিশিষ্ট সমাজকৰ্মী বিপুল দাস, মনোৰঞ্জন দাস, প্ৰজ্ঞা ফাউণ্ডেচনৰ সভাপতি জিতুল সোণোৱাল,বসন্ত কলিতাকে প্ৰমূখ্যে প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপ’ৰ্ট

অত্যাধিক খঙে কিদৰে ধ্বংস কৰিব পাৰে আপোনাৰ জীৱন জানক…

কিছুমান মানসিক পৰীক্ষা আছে যিয়ে খঙাল অনুভূতিৰ তীব্ৰতা, আপুনি কিমান খং কৰাৰ সম্ভাৱনা আছে, আৰু আপুনি ইয়াক কিমান ভালদৰে চম্ভালিব পাৰে জোখে। কিন্তু সম্ভাৱনা ভাল যে যদি আপোনাৰ খঙত সমস্যা হয়, আপুনি ইতিমধ্যে জানে। যদি আপুনি নিজকে নিয়ন্ত্ৰণৰ বাহিৰত আৰু ভয়াৱহ যেন লগা ধৰণে কাম কৰা দেখা পায়, তেন্তে আপোনাক এই আৱেগৰ সৈতে মোকাবিলা কৰাৰ বাবে উন্নত উপায় বিচাৰি উলিওৱাত সহায়ৰ প্ৰয়োজন হ’ব পাৰে।

কিছুমান মানুহে আনতকৈ বেছি খং কিয় কৰে?
খং নিয়ন্ত্ৰণত বিশেষজ্ঞ মনোবিজ্ঞানী জেৰী ডেফেনবাচাৰৰ মতে, কিছুমান লোক সঁচাকৈয়ে আনতকৈ অধিক “হটহেডেড” হয়; তেওঁলোকে সাধাৰণ মানুহতকৈ অধিক সহজে আৰু অধিক তীব্ৰতাৰে খং কৰে। এনেকিছুমান লোক আছে যিয়ে তেওঁলোকৰ খং উচ্চ স্বৰত দৰ্শনীয় উপায়েৰে প্ৰদৰ্শন নকৰে কিন্তু দীৰ্ঘম্যাদীভাৱে খিংখিঙীয়া আৰু খঙাল। সহজে খং কৰা মানুহে সদায় অভিশাপ নিদিয়ে আৰু বস্তু নিক্ষেপ নকৰে; কেতিয়াবা তেওঁলোকে সামাজিকভাৱে প্ৰত্যাহাৰ কৰে, বিৰক্ত হয়, বা শাৰীৰিকভাৱে অসুস্থ হয়।

যিসকল লোক সহজে খং কৰে তেওঁলোকৰ সাধাৰণতে কিছুমান মনোবিজ্ঞানীয়ে হতাশাৰ বাবে নিম্ন সহনশীলতা বুলি কয়, অৰ্থাৎ তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকক হতাশা, অসুবিধা বা বিৰক্তিৰ সন্মুখীন হ’ব নালাগে। তেওঁলোকে বস্তুবোৰ কঢ়িয়াই নিব নোৱাৰে, আৰু পৰিস্থিতিটো কোনোধৰণে অন্যায় যেন লাগিলে তেওঁলোক বিশেষভাৱে খং উঠিছে: উদাহৰণ স্বৰূপে, এটা সৰু ভুলৰ বাবে সংশোধন কৰা।

কিহে এই লোকসকলক এনেদৰে প্ৰস্তুত কৰে? কেইবাটাও বস্তু। এটা কাৰণ আনুবংশিক বা শাৰীৰিক হ’ব পাৰে: কিছুমান শিশু খিংখিঙীয়া, স্পৰ্শকাতৰ আৰু সহজে খং উঠি জন্ম হোৱাৰ প্ৰমাণ আছে, আৰু এই চিহ্নবোৰ অতি কম বয়সৰ পৰাই থাকে। আনটো সামাজিক সাংস্কৃতিক হ’ব পাৰে। খংক প্ৰায়ে নেতিবাচক বুলি গণ্য কৰা হয়; আমাক শিকোৱা হৈছে যে উদ্বেগ, হতাশা বা অন্যান্য আৱেগ প্ৰকাশ কৰাটো ঠিক কিন্তু খং প্ৰকাশ নকৰা। ফলস্বৰূপে, আমি ইয়াক কেনেদৰে চম্ভালিব লাগে বা ইয়াক গঠনমূলকভাৱে চেনেল কৰিব লাগে শিকিব নোৱাৰো।

সমস্যা সমাধান
কেতিয়াবা, আমাৰ খং আৰু হতাশা আমাৰ জীৱনৰ অতি বাস্তৱিক আৰু অপৰিহাৰ্য সমস্যাৰ ফলত হয়। সকলো খং ভুল নহয়, আৰু প্ৰায়ে ই এই অসুবিধাবোৰৰ প্ৰতি এক স্বাস্থ্যকৰ, প্ৰাকৃতিক সঁহাৰি। লগতে এটা সাংস্কৃতিক বিশ্বাস আছে যে প্ৰতিটো সমস্যাৰ এটা সমাধান আছে, আৰু ই আমাৰ হতাশা বৃদ্ধি কৰে যে এইটো সদায়ে নহয়। তেনে পৰিস্থিতিলৈ অনাৰ সৰ্বশ্ৰেষ্ঠ মনোভাৱ হৈছে সমাধান বিচাৰি উলিওৱাত গুৰুত্ব দিয়া নহয়, বৰঞ্চ আপুনি কেনেদৰে মোকাবিলা কৰে আৰু সমস্যাটোৰ সন্মুখীন হয় তাৰ ওপৰত গুৰুত্ব দিয়া।

পৰিকল্পনা এটা কৰক, আৰু বাটত আপোনাৰ প্ৰগতি পৰীক্ষা কৰক। ইয়াক আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰাৰ সংকল্প লওঁক, কিন্তু লগতে যদি উত্তৰ এটা লগে লগে নাহে তেন্তে নিজকে শাস্তি নিদিব। যদি আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ উদ্দেশ্য আৰু প্ৰচেষ্টাৰে ইয়াৰ কাষ চাপিব পাৰে আৰু ইয়াৰ সন্মুখীন হ’বলৈ এক গুৰুত্বপূৰ্ণ প্ৰয়াস কৰিব পাৰে, আপুনি ধৈৰ্য হেৰুৱাব পাৰে আৰু সকলো বা একো চিন্তানত পৰিব পাৰে, আনকি সমস্যাটো লগে লগে সমাধান নহ’লেও।

ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়ত উলহ মালহৰে পালন কৰে শিক্ষক দিৱস। মূখ্য অতিথিৰূপে উপস্থিত থাকে মৌলানা বদৰুদ্দিন আজমল

আজি শিক্ষক দিৱস।দেশৰ চৌদিশে আজি শিক্ষক দিৱসক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছে বৰ্ণাঢ্য অনুষ্ঠান।শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিক্ষা গুৰুক সন্মান জনাই আজি বিদ্যালয়, মহাবিদ্যালয় সকলোতে উখল মাখলৰ পৰিবেশ।ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়তো শিক্ষক দিৱস উপলক্ষে উপস্থিত হয় ধুবুৰীৰ লোকসভাৰ সাংসদ মৌলানা বদৰউদ্দীন আজমল।এক বিশেষ সভাত সাংসদ গৰাকীক অভিনন্দন জ্ঞাপন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী আৰু প্ৰবক্তা সকলে।সভাত বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰা ছাত্ৰী সকললৈ টকাও উপহাৰ হিচাপে দিয়ে আজমলে।

ধুবুৰী ছোৱালী মহাবিদ্যালয় খনলৈ সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকা অনুদান আগবঢ়োৱাৰ লগতে ভৱিষ্যতে ধুবুৰী জিলা কাৰাগাৰৰ ভৱিষ্যতে আন ঠাই লৈ লৈ যোৱা হ’লে সেই ঠাইত মহাবিদ্যালয় লৈ পৰ্যাপ্ত পৰিমাণৰ মাটি আগবঢ়োৱাৰ প্ৰসংগও উল্লেখ কৰে সাংসদ গৰাকীয়ে।আনহাতে মেট্ৰিক ৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যেৰ ১৮১০ খন বিদ্যালয় বন্ধ কৰি দিয়াৰ চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি দাবী কৰি ওলোটা ৰাজ্যেত স্কুলৰ সংখ্যা বৃদ্ধি কৰিব লাগে বুলিহে দাবী জনায় সাংসদ বদৰ উদ্দীন আজমলে।

‘কোনেও মোৰ পৰা মোৰ স্বাধীনতা কাঢ়ি নিব নোৱাৰে।’- উৰ্ফি জাভেদ! অনুৰাগীৰ মন্তব্য- ‘হয়, আপুনি এটা মুক্ত চৰাই…আকাশত উৰি ফুৰক”…

উৰ্ফি জাভেদৰ নিউ লুকচ সামাজিক মাধ্যমত ভাইৰেল। এই ছবিবোৰত, উৰ্ফিয়ে দৰ্শকৰ মন মুহিছে। যেতিয়াই উৰ্ফি জাভেদে ছ’চিয়েল মিডিয়াত ভিডিঅ’ বা ফটো শ্বেয়াৰ কৰে, তেতিয়াই দৰ্শকৰ হেতাঁ-ওপৰা হয়। প্ৰতিবাৰেই উৰ্ফিয়ে ভিডিঅ’ আৰু ছবিত সীমা অতিক্ৰম কৰে। কিন্তু এইবাৰ উৰ্ফিয়ে ছচিয়েল মিডিয়াত এনে এখন ফটো শ্বেয়াৰ কৰিছে যে ছবিবোৰৰ সৈতে শিৰোনামটোৱেও মানুহৰ মনোযোগ আকৰ্ষণ কৰিছে। এই ছবিবোৰত, অভিনেত্ৰীগৰাকীক নীলা ৰঙৰ ৰিভিলিং পোছাক পিন্ধা দেখা গৈছিল।

কেতিয়াবা তাইক কেমেৰাত থিয় হৈ আধুনিক ভংগীমা দিয়া দেখা গৈছিল। তাইৰ চেহেৰাটো সম্পূৰ্ণ কৰিবলৈ, উৰ্ফি জাভেদে পাতল মেকআপৰ সৈতে এটা চুলিৰ খোপা তৈয়াৰ কৰিছে।

এই শিৰোনামটো লিখিছিল

এই ছবিবোৰ উৰ্ফি জাভেদে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। শ্বেয়াৰ কৰাৰ সময়ত, তেওঁ শিৰোনামটোত লিখিছিল- ‘কোনেও মোৰ পৰা মোৰ স্বাধীনতা কাঢ়ি নিব নোৱাৰে।’ উৰ্ফিৰ এই পোষ্টটোত এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- ‘হয়, আপুনি এটা মুক্ত চৰাই… আকাশত ওপৰলৈ উৰি যাওক। একে সময়তে, আন এজন ব্যৱহাৰকাৰীয়ে উৰ্ফিৰ এই ফটোবোৰত ফায়াৰ আইকনটো শ্বেয়াৰ কৰিছিল।

ভাৰতীয় ক্ৰিকেটাৰ আৰ্শদীপ সিঙৰ সমৰ্থনত কিয় টুইট কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ সকলে…

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছত আৰ্শদীপ সিঙক ট্ৰ’ল কৰা হৈছে। যুৱৰাজ সিং আৰু আকাশ চোপ্ৰাকে ধৰি বহুতো চেলিব্ৰিটি আৰ্শদীপৰ সমৰ্থনত ওলাই আহিছে। আৰ্শদীপ সিং যুৱৰাজ সিং ভাৰত বনাম পাকিস্তান এছিয়া কাপ ২০২২: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছত অৰ্শদীপ সিঙক নিৰন্তৰ ট্ৰ’ল কৰা হৈছে। টীম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ যুৱৰাজ সিং আৰু আকাশ চোপ্ৰা আৰ্শদীপৰ সমৰ্থনত ওলাই আহিছে। হৰভজন সিঙেও আৰ্শৰ সমৰ্থনত টুইট কৰিছে। এইবোৰৰ লগতে, আন বহুতো চেলিব্ৰিটিয়ে আৰ্শদীপক ট্ৰ’ল কৰা সকলক সমালোচনা কৰিছে। যুৱৰাজে কৈছিল যে এটা কেচ বাদ পৰাটোৱে এজন খেলুৱৈৰ সামৰ্থ্য ক’ব নোৱাৰে।

“যদি আপুনি ভাৰত-পাকিস্তানৰ এখন খেল চাই আছিল, খেলুৱৈসকলৰ ওপৰত চাপ অনুভৱ কৰক। ড্ৰপ কৰা কেচ এটাই এজন খেলুৱৈৰ সামৰ্থ্য নিৰ্ধাৰণ কৰিব নোৱাৰে। আমি খেলুৱৈসকলক সমৰ্থন কৰা উচিত কাৰণ আমি এখন ক্ৰিকেট প্ৰেমী দেশ। তেওঁলোকক সমালোচনা কৰা উচিত নহয়।

প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙেও আৰ্শদীপৰ সমৰ্থনত টুইট কৰিছে। আনহাতে আকাশ চোপ্ৰাই আৰ্শৰ সমৰ্থনত তেওঁৰ টুইটাৰ একাউণ্টৰ প্ৰ’ফাইল ফটো সলনি কৰিছে। আকাশে তেওঁৰ ঠাইত অৰ্শদীপৰ ছবি ৰাখিছে।