Home Blog Page 2150

সাংবাদিকৰ তৎপৰতাত বৰপেটাৰোডৰ সেচ্ছাসেৱী সংগঠনে উদ্ধাৰ কৰিলে অসহায় কুকুৰক…

বৰপেটা জিলাৰ হাউলীৰ কৈমাৰিৰ হোমা একাডেমিৰ কাষত বিগত এসপ্তাহ ধৰি এটা কুকুৰে মুখত প্লাষ্টিকৰ টেমা এটা লৈ গুৰি ফুৰি থকা প্ৰত্যক্ষ কৰিছিল হাউলীৰ সাংবাদিক আনিছুজৰ জামানে । খাদ্য বস্তুৰ সন্ধান কৰি থকাৰ সময়তে হঠাৎ কুকুৰটোৰ মুখত লাগি ধৰে এটা প্লাষ্টিকৰ টেমা । যাৰ ফলত কুকুৰটোৱে আহাৰ গ্ৰহন কৰিব পৰা নাছিল ।

এই দৃশ্য সাংবাদিক গৰাকীয়ে প্ৰত্যক্ষ কৰি প্ৰথমে স্থানীয় ৰাইজৰ সহযোগত কুকুৰটোক উদ্ধাৰ কৰাৰ চেষ্টা চলাইছিল যদিও সক্ষম হোৱা নাছিল । এই সন্ধৰ্ভত সাংবাদিক গৰাকীয়ে কুকুৰটোয়ে নৰক যন্ত্ৰণাত ভোগা বুলি এটা বাতৰি যুগুত কৰাৰ পাছতে ৰাজ্যজুৰি কুকুৰ প্ৰেমী লোকে দুখ প্ৰকাশ কৰিছিল ।

সাংবাদিক গৰাকীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ফোন কৰি কুকুৰটোৰ খবৰ লৈছিল । তাৰ পিছতে কুকুৰটোক উদ্ধাৰ কৰাৰ বাবে বৰপেটা ৰোডৰ এটা সেচ্ছাসেৱী সংগঠনে আগবাঢ়ি আহিছিল । সেচ্ছাসেৱী সংগঠনটোৰ নিলম দাস নামৰ এগৰাকী যুৱতীৰ নেতৃত্বত অহা ৫ জনীয়া এটা দলৰ লগতে হাউলীৰ কেই গৰাকী সাংবাদিকৰ সহযোত অৱশেষত কুকুৰ টোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আনকি কুকুৰটোক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত হাউলীৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকো উপস্থিত হয় । উল্লেখ্য যে ইয়াৰ পুৰ্বেও সাংবাদিক আনিছুজৰ জামানে নিজৰ তৎপৰতাত আবদ্ধ হৈ থকা জীৱ -জন্তুক উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে । সাংবাদিকৰ এনে কৰ্তব্য দেখি সাংবাদিক গৰাকীক সঁহাৰি জনাইছে।

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী বিমল বৰা…

ডিব্ৰুগড়ৰ ঐতিহ্যময় শিক্ষাকেন্দ্ৰ টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে দেখা গল ৰণোজ পেগুক ।

মহাবিদ্যালয়খনে অসমৰ শিক্ষাক্ষেত্ৰখনলৈ বিগত ৫০ বছৰে আগবঢ়োৱা সেৱাৰ স্মৃতিচাৰণ কৰি অনুষ্ঠানত উপস্থিত থকা অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজক শিক্ষানুষ্ঠানখনৰ উত্‍কৰ্ষ সাধনৰ বাবে সদাসচেতন হ’বলৈ আহ্বান জনায় ৰণোজ পেগুৱে ।

জিলা পুথি ভড়ালত পঢ়ুৱৈ সমাজৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ কি ? জানিবলৈ পঢ়ক …

জিলা পুথিভড়াঁলত পঢ়ুৱৈ সমাজৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ কি? পুথিভড়াঁলত দৈনিক ৫০/৬০ গৰাকীকৈ অহা পঢ়ুঁৱৈ সমাজৰ পৰা কিয় ৮/১০ জনলৈ সংখ্যা হ্ৰাস পালে।

কিতাপক মানুহৰ আটাইতকৈ ভাল বন্ধু বুলি বিবেচিত কৰা হয়।পুথি অধ্যায়ণে অজ্ঞনতা দূৰ কৰি সমাজত শুভ শক্তিৰ বিস্তাৰ কৰে।সেয়ে অতীতৰ পৰা বৰ্তমানলৈ পুথিভড়ালসমূহত পঢ়ুৱৈ সমাজৰ আগমন পৰিলক্ষিত হয়।

নলবাৰী চহৰত ১৯৭০ চনত সমাজৰ সকলো স্তৰৰ লোকৰ উপকৃত হোৱাৰ উদ্দেশ্যি জিলা পুথিভড়াল প্ৰতিষ্ঠা কৰা হৈছিল।কিন্তু সম্প্ৰতি জিলা পুথিভড়াললৈ ছাত্ৰ-ছাত্ৰ অহা-যোৱাৰ পৰা এই কথাষাৰ প্ৰমানিত হৈ যে এতিয়া যেন পঢ়ুৱৈ সমাজ অন্যান্ন কামতহে ব্যস্ত।

পুথি ভড়াঁলত আহি অধ্যায়ন কৰাটো যেন এতিয়া হৈ পৰিছে বিৰল।জিলাখনৰ আৱেগ-অনুভূতিৰ লগত জড়িত এই পুথিভড়াললৈ এটা এনে সময় আছিল যেতিয়া দৈনিক ৫০/৬০ গৰাকিকৈ ছাত্ৰ-ছাত্ৰ আৰু অন্যান্নই অধ্যায়ণৰ বাবে আহিছিল।কিন্তু ক্ৰমৎ যেন এই সংখ্যা হ্ৰাস পায় ৮/১০ জনলৈ হলগৈ।ইয়াক লৈ পুথিভড়ালৰ বিষয়-ববীয়াসকলে আক্ষেপ কৰা পৰিলক্ষিত হয় লগতে সমাজৰ সকলোকে জিলা পুথিভড়াললৈ আহি পুথি অধ্যায়ণৰ আহ্বান জনায়।

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী ! মানুহে ১০০ বছৰতকৈও অধিক সময় জীয়াই থাকিব পাৰিব ….

বাবা ভাঙাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০৪৬ চনত মানুহে অংগ প্ৰতিস্থাপনৰ ক্ষেত্ৰত বহুখিনি অগ্ৰগতি লাভ কৰিব আৰু ইয়াৰ সহায়ত মানুহে ১০০ বছৰতকৈও অধিক সময় জীয়াই থাকিব পাৰিব।

১১১ বছৰ পূৰ্বে বুলগেৰিয়াত জন্মগ্ৰহণ কৰা বাবা ভাংগা নামৰ এগৰাকী মহিলাৰ বহু ভৱিষ্যদ্বাণী বাস্তৱায়িত হৈছে। ১২ বছৰ বয়সতে বাবা ভাঙাই ধুমুহাত চকুৰ দৃষ্টি হেৰুৱাই পেলাইছিল যদিও আজিও বাবা ভাঙাই ভৱিষ্যদ্বাণীৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। তেওঁৰ মৃত্যুৰ পূৰ্বে বাবা ভাঙাই ২০২২ বৰ্ষ আৰু তাৰ পিছৰ বছৰটোৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী কৰিছিল। বাবা বঙাৰ এই ভৱিষ্যদ্বাণীবোৰৰ বিষয়ে জানো আহক। বাবা বঙাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২২ চনত ভাৰতত ফৰিঙৰ আক্ৰমণ হ’ব পাৰে।ইয়াৰ বাহিৰেও দুৰ্ভিক্ষৰ দৰে সমস্যাও আহিব পাৰে।

বাবা ভাঙাই ভৱিষ্যদ্বাণী কৰিছিল যে ২০২৩ চনত পৃথিৱীৰ কক্ষপথ সলনি হ’ব।ইয়াৰ বাহিৰেও ২০২৮ চনত মহাকাশচাৰীসকলে শুক্ৰলৈ যাত্ৰা কৰিব।বাবা ভাঙাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০৪৬ চনত মানুহে এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব অংগ প্ৰতিস্থাপনৰ ক্ষেত্ৰত আৰু ইয়াৰ সহায়ত মানুহে ১০০ বছৰতকৈ অধিক সময় জীয়াই থাকিব পাৰিব। বাবা বঙাৰ ভৱিষ্যদ্বাণী অনুসৰি ২১০০ চনত পৃথিৱীত ৰাতি নাথাকিব, কৃত্ৰিম সূৰ্যৰ পোহৰেৰে পৃথিৱীখন আলোকিত হ’ব।

বাবা ভাঙাও পৃথিৱীৰ অন্ত হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল। বাবা ভাঙাৰ মতে ৫০৭৯ চনত পৃথিৱীৰ অন্ত পৰিব।২০২২ বৰ্ষৰ বাবে বাবা ভাঙাই কৰা ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত দুটা কথা বাস্তৱায়িত হৈছে। বাবা ভাঙাই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশত বানপানীৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো বাস্তৱত পৰিণত হৈছে।

অষ্ট্ৰেলিয়া, উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু থাইলেণ্ডত বানপানীৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ইয়াৰ বাহিৰেও পাকিস্তানত অব্যাহত আছে বানপানীৰ বিধ্বংসী। বাবা ভাঙাই ইউৰোপত খৰাং সমস্যাৰ ভৱিষ্যদ্বাণী কৰিছিল। এইবাৰ ইউৰোপৰ পৰ্তুগালত চৰকাৰে নিজৰ নাগৰিকসকলক পানীৰ ব্যৱহাৰ সীমিত কৰিবলৈ কয়। ইয়াৰ উপৰিও ইটালীতো পানীৰ নাটনি দেখা গৈছিল। ইটালী বৰ্তমান ১৯৫০ চনৰ পিছত আটাইতকৈ ভয়াৱহ খৰাং সমস্যাৰ সন্মুখীন হৈছে।

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ ভাৰত ভূষণ দেৱ চৌধুৰীৰ…

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি (APSC new chairman)। জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে (APSC new chairman BB Dev Choudhury)। পূৰ্বেও APSC ৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ভাৰত ভূষণ দেৱ চোধুৰীয়ে । APSC ৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চৌধুৰীয়ে ।

জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে (APSC new chairman) । এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱ চৌধুৰী বিশিষ্ট লেখক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ ।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত আয়োগৰ সদস্য ড৹ অজন্তা নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল । অৱশেষত ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে ভাৰত ভূষণ দেৱ চৌধুৰীক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ।

ৰাকেশ পালৰ কাৰ্যকালত অসম লোকসেৱা আয়োগক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল । বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী সংঘটিত হৈছিল ৰাকেশ পালৰ কাৰ্যকালত (APSC scam in Assam) । তাৰ পিছতে তদন্তৰ আওতালৈ আহে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়া তথা তদানীন্তন অধ্যক্ষ ৰাকেশ পাল (APSC scam accused Rakesh Paul)। চাকৰিৰ পৰা বৰ্খাস্ত হয় ধনৰ বিনিময়ত নিযুক্তি লাভ কৰা বহু এপিএছ বিষয়া । লগতে গ্ৰেপ্তাৰো হ’ব লগা হয় । এই চক্ৰান্তত জড়িত বহু বিষয়া এতিয়াও ৰঙাঘৰৰ আলহী (ACS APS arrested in Assam)।

ৰাকেশ পালৰ সময়ত হোৱা APSC ৰ বিয়াগোম দুৰ্নীতিয়ে লোক সেৱা আয়োগৰ স্বচ্ছতা সন্দৰ্ভত মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত লোক সেৱা আয়োগক পুনৰ বিশ্বাসযোগ্য কৰাৰ প্ৰয়াস চলোৱা হয়। যাৰ ফলত এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা ঘূৰি আহে। মেধা সম্পন্ন পৰীক্ষাৰ্থীয়ে পুনৰ এপিএছচিত উত্তীৰ্ণ হৈ ৰাজ্যৰ প্ৰশাসনিক দিশত সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।

আজি ৰাজ ভৱনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । তেখেতৰ সবল নেতৃত্বত অসম লোকসেৱা আয়োগে এক নতুন গতি লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই গুৰুত্বপূৰ্ণ সাংবিধানিক কৰ্তব্য পালনৰ প্ৰাকক্ষণত তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি চন্দ্ৰচুড়ক …

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি চন্দ্ৰচুদক । ন্যায়াধীশ উদয় উমেশ ললিতৰ পিছত খালী হোৱা পদটো গ্ৰহণ কৰে ন্যায়াধীশ চন্দ্ৰচুডে। ললিতক ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ডি.ৱাই. আইন মন্ত্ৰণালয়ে এক অধিসূচনাত প্ৰকাশ কৰা অনুসৰি ২ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে চন্দ্ৰচুদক নিযুক্তি দিয়া হৈছে।

ন্যায়াধীশ উদয় উমেশ ললিতৰ পিছত খালী হোৱা পদটো গ্ৰহণ কৰে ন্যায়াধীশ চন্দ্ৰচুডে়। ললিতক ৪৯ সংখ্যক ভাৰতীয় মুখ্য ন্যায়াধীশ (CJI) হিচাপে উন্নীত কৰা হয়।

সমাজৰ দুৰ্বল শ্ৰেণীক বিনামূলীয়া আইনী সেৱা প্ৰদানৰ বাবে আইনী সেৱা কৰ্তৃপক্ষ আইন ১৯৮৭ৰ অধীনত গঠন কৰা হৈছে নালছা।চি জে আই প্ৰধান পৃষ্ঠপোষক হোৱাৰ বিপৰীতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় জ্যেষ্ঠ সৰ্বাধিক ন্যায়াধীশ হৈছে কৰ্তৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ।

নৱেম্বৰ মাহত ন্যায়াধীশ ললিতৰ অৱসৰৰ পিছতে ন্যায়াধীশ চন্দ্ৰচুডে ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পূৰ্বে ন্যায়াধীশ চন্দ্ৰচুডে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পূৰ্বে বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী বিমল বৰা …

ইতিহাস আৰু সংস্কৃতিৰ মাজত শিপাই থকা প্ৰকৃতিৰ অপূৰ্ব বৰদান মাজুলী। ই বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ আৰু সত্ৰীয়া সংস্কৃতিৰ বাসস্থান, যিয়ে অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী বিমল বৰা ।

উক্ত বৈঠকত মাজুলীক UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে Nomination Dossier প্ৰস্তুত কৰাৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভত এক অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা কৰাৰ লগতে মাজুলীক সৰ্বাধিক জনপ্ৰিয় সাংস্কৃতিক ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তুলাৰ ক্ষেত্ৰতো আলাপ আলোচনা কৰে মন্ত্ৰী বিমল বৰাই ।

উক্ত বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰীমতী লয়া মাধুৰীমাজুলী জিলা উপায়ুক্তকে আদি কৰি UNESCO ৰ প্ৰতিনিধি আৰু বিভিন্ন বিষয়া কৰ্মচাৰী সকল ভিডিঅ’ কনফাৰেন্সত সংযুক্ত থাকে।

আজি ৰাজ্যজুৰি ‘অভিৰুচি ক্ৰীড়া দিৱস ‘ উদযাপন …

অৰ্জুন বঁটাৰে সন্মানিত ৰাজ্যৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ ৰাজ্যৰ ক্ৰীড়াজগতলৈ আগবঢ়োৱা অৱদানৰ জনোৱাৰ উদ্দেশ্যে আজি তেখেতৰ ওপজা দিনত আয়োজিত ‘ক্ৰীড়া পেঞ্চন দিৱস’ উদযাপন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

আজিৰ পৱিত্ৰ দিনটোত এইগৰাকী প্ৰবাদ প্ৰতীম ক্ৰীড়াবিদলৈ আন্তৰিক শুভেচ্ছা জনাইযয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । আজিৰ অনুষ্ঠানতে এককালীন সাহায্য আৰু নিয়মীয়া মাহিলী ক্ৰীড়া পেঞ্চন লাভ কৰিবলগীয়া ক্ৰীড়াবিদসকলক আন্তৰিক অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে । লগতে বীৰ চিলাৰায় বঁটা প্ৰাপক চাৰিগৰাকী সৰ্বশ্ৰেষ্ঠ এন চি চি কেডেটলৈও অভিনন্দন আৰু শুভেচ্ছা জনায়।

চলিত বৰ্ষৰ কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰা নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি আজি ৫০ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে৷ ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ সুবিধাৰ্থে চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বলি কয় মুখ্যমন্ত্ৰীয়ে ।

ৰাজ্যত কেইবাখনো অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ, খেলো ইণ্ডিয়া কেন্দ্ৰ নিৰ্মাণ, ৫২টা সমষ্টিৰ প্ৰতিটোত ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ১২ কোটিকৈ টকা, গেমছ ভিলেজ নিৰ্মাণ, উচ্চ পাৰদৰ্শিতা কেন্দ্ৰ নিৰ্মাণ, আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ আৰু থলুৱা ক্ৰীড়া সমাৰোহৰ আয়োজনকে ধৰি বিভিন্ন দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰীকা আৰু উৰ্খাও গৌৰা ব্ৰহ্ম, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

ডিগবৈত শিল বালি মাফিয়াৰ দুই ফৌয়দৰ মাজত পচণ্ড মাৰপিট।নিৰৱ ভূমিকাত ডিগবৈ বন বিভাগ…

তৈলনগৰী ডিগবৈত আজি কিছুদিন ধৰি শিল বালি অবৈধ ব্ৱসায়ীসকলৰ মাজত সংঘাটৰ সৃষ্টি হৈ আহিছে ।যোৱাকালি পৰিস্থিতি বেয়াফালে ঢাল লয় ডিগবৈ আৰু মাঘেৰিটাৰ দুটা ফৌয়দৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়।

জানিব পৰা মতে ডিগবৈ নাজিৰা টিংঙৰ ডিব্ৰুু নৈ বালিখনন বনবিভাগে বন্ধ কৰি দিয়াৰ বিপৰীতে মাৰ্ঘেৰিটা বালিখনন চলি থকাক লৈ ডিগবৈৰ চোৰাং বালি ব্যৱসায়ীসকলে মাৰ্ঘেৰিটাৰ শিল বালি অহাটো বন্ধ কৰি দিয়াত দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়।কালি এজন গাড়ী চালকক বেয়াকৈ মাৰপিট কৰাত যোৱা নিশা ডিগবৈ আৰক্ষী চকীত এক উত্তেজনাময় পৰিবেশৰ সৃষ্ট হয় । আনপিনে স্থানীয় বহুকেইটা দল- সংগঠনে বন বিভাটোক অবৈধ শিল বালিৰ ব্যৱসায়ী সম্পূণৰুপে বন্ধ কৰিবলৈ দাবি উথাপন কৰাৰ লগতে আন্দোলনৰ হুঙ্কাৰ প্ৰদান কৰি ।

ডিগবৈৰ পৰা ৰুনু হাজৰিকা

মায়ঙৰ কচাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ-ঘাটত অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ…

মায়ঙৰ কচাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ-ঘাটত অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ । মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত বৰবড়ী কচাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ-ঘাটত অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ ।


জানিব পৰা মতে আজি বিয়লি আনুমানিক ২.বজাত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে পানীৰ লৈতে এটি অচিনাকী মৃত্যু গতী কৰা স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ হয় ।

লগে লগে স্থানীয় ৰাইজে মায়ং আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈকে যুৱকৰ মৃতদেহ চিনাকি হোৱা নাই।‌ আৰক্ষীৰ তদন্তত হে প্ৰকৃত উদ্ঘাটন হ’ব।