Home Blog Page 2223

লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণৰ দাবীত চিলাপথাৰত সংবাদ মেল

অসমৰ বিভিন্ন ঠাইত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা অসম বিদ্যুৎ নিগমৰ কৰ্মচাৰী সকলৰ লখিমপুৰ সংমণ্ডল কৰ্মচাৰী সকলেও আজি চিলাপথাৰত এখন সংবাদ মেলৰ জৰিয়তে চৰকাৰক চাকৰি নিয়মীয়া কৰণৰ দাবী উত্থাপন কৰে।বিদ্যুৎ বিভাগত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ আসাম ষ্টেট আউটচ’চ পাৱাৰ ৱ’কাচ ইউনিয়নৰ লখিমপুৰ বিদ্যুত চক্ৰ সমিতিয়ে চিলাপথাৰত আয়োজন কৰা এক সংবাদ মেল যোগে বিদ্যুৎ খণ্ডত নিয়োজিত হৈ থকা পাঁচ হাজাৰৰোধিক অস্থায়ী শ্ৰমিকক স্থায়ীকৰণৰ দাবীত সৰব হৈ পৰে৷

সংবাদ মেলত তেখেত সকলে কয় যে অসমৰ ভিন্ন প্ৰান্তত পাঁচ হাজাৰতকৈ অধিক লোক বিগত কেইবাবছৰ ধৰি অস্থায়ী ভিত্তিত বিদ্যুৎ খণ্ডত নিয়োজিত থাকি লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়াই আহিছে যদিও চৰকাৰে এই পৰ্যন্ত স্থায়ীকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি ক্ষোভ উজাৰে।চৰকাৰে তেখেতসকলক অতি শীঘ্ৰে স্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইউনিয়নে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি নেতৃবৃন্দই সংবাদ মেলত সদৰী কৰে।

শিৱসাগৰত চাফাই কৰ্মীৰ প্ৰতিবাদ, উত্তপ্ত পৰিস্থিতি। নৰক কুণ্ডত পৰিণত হৈছে এখন ঐতিহাসিক চহৰ

নৰক কুণ্ডত পৰিণত হৈছে এখন ঐতিহাসিক চহৰ । শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চাফাই কৰ্মীসকলে ধৰ্মঘট কৰাৰ ফলতে এক অভাৱনীয় দোৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ঐতিহাসিক শিৱসাগৰ চহৰখনত। বিগত শণিবাৰৰ পৰা দৰমহা বৃদ্ধি কৰা আৰু চাকৰি স্থায়ীকৰন কৰাৰ দাবীত চাফাই কৰ্মীসকলে অব্যাহত ৰাখিছে ধৰ্মঘট। ফলত চহৰৰ চৌদিশে দ’ম বান্ধিছে জাবৰে । ইয়াৰ মাজতে সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। চাফাই কৰ্মীসকলৰ দাবীৰ প্ৰতি পৌৰসভাৰ শীৰ্ষ নেতৃত্বই কোনো গুৰুত্ব নিদি উপলুঙাহে কৰা বুলি অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ।

বছৰ বছৰ ধৰি চাফাই কাম কৰি অহাৰ পিছতো পৌৰসভাৰ বিষয়ববীয়া সকলে বৰ্তমান চাফাই কৰ্মীসকলৰ দাবীক কাণ-সাৰ নিদিয়াৰ লগতে দাবী মানি লোৱাৰ পৰিৱৰ্তে কামৰ পৰাহে অব্যাহতি দিয়াৰ ভাবুকি দিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে চাফাই কৰ্মীসকলে। জিলা প্ৰশাসনৰ বিষয়ববীয়া, পৌৰনেত্ৰীৰ সন্মুখতে ক্ষোভ উজাৰে চাফাই কৰ্মীসকলে । ইপিনে চাফাই কৰ্মীসকলৰ দাবী বৰ্তমান মানি ল’ব পৰা নহ’ব বুলি ইংগিত দিছে শিৱসাগৰ পৌৰসভাই।

এনে পৰিস্থিতিত কোনোপধ্যেই ধৰ্মঘট প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে চাফাই কৰ্মীসকলে । ফলত দুই ম’হৰ যুঁজত আবৰ্জনাৰ পাহাৰ সৃষ্টি হোৱাত দুৰ্ভোগ ভুগিছে চহৰবাসী ৰাইজে।

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মাহেকীয়া মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা” উন্মোচন

“অসমীয়া বিজেপি বাৰ্তা” মুখপত্ৰখন তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।৬৮ সংখ্যক অসমীয়া বিজেপি বাৰ্তাৰউন্মোচনী সভাত অংশ গ্ৰহণ কৰে বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জিলা সভাপতি অনিল কুমাৰ দাস,বিজেপিৰ বাৰ্তাৰ সম্পাদক জিতেন শৰ্মা লগতে বিজেপিৰ কৰ্মকৰ্তা সকল।

এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ সত্য কুমাৰ মিশ্ৰই।উন্মোচনী সভাত অংশ গ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ তীব্ৰ কটাক্ষ কৰে ৷এ আই ইউ ডি এফ ভাৰত বিৰোধী দল ৷ এই দলৰ সদস্য সকলে ত্ৰিৰংগ পতাকা উত্তোলনতো বিৰোধিতা কৰে ৷ এই দলটোৰ ভাৰতৰ মাটিৰ গোন্ধৰ প্ৰতি জলবাযুৰ প্ৰতি কোনো চিন্তাধাৰা নাই ৷আনহাতে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি তেও কয় যে, কংগ্ৰেছ দলে ভৰিৰ তলৰ মাটি হেৰুৱাই পেলাইছে৷

কংগ্ৰেছৰ বাবেই এ আই ইউ ডি এফে ৰাজ্যত খোপনি পুতিবলৈ সক্ষম হৈছেে ৷ইপিনে ৰাজ্যত জেহাদী কাৰ্যকলাপ প্ৰসংগত ভবেশ কলিতাৰ বিস্ফোৰক মন্তব্য-এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দল জেহাদীৰ পৃষ্ঠপোষক ৷ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে জেহাদিক পলি পোখালিৰে উভালি পেলাৱ বুলি ভবেশ কলিতাই মন্তব্য কৰে।

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

লন বলৰ ফাইলেনত ভাৰত! CWG 2022 ত পদক নিশ্চিত অসম কন্যা নয়নমণি শইকীয়া…

ভাৰতে ইতিহাস সৃষ্টি কৰিছে, চিডব্লিউজিত লন বাউলত প্ৰথম পদক নিশ্চিত কৰিছে অসম কন্যা নয়নমণি শইকীয়াই।
ভাৰতে সোমবাৰে চিডব্লিউজিত লন বাউলত তেওঁলোকৰ প্ৰথমটো পদক নিশ্চিত কৰি ইতিহাস সৃষ্টি কৰে। ভাৰতে চিডব্লিউজি ২০২২ ত মহিলাৰ চাৰিৰ লন বাউল ইভেণ্টৰ সোণৰ পদকৰ খেলত উপনীত হৈছিল। ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক ১৬-১৩ গ’লত পৰাস্ত কৰে।

ছেমি ফাইনেলত ভাৰতক লাভলী চৌবে, পিঙ্কি, নয়নমনী চাইকিয়া আৰু ৰূপা ৰাণী তিৰ্কীয়ে প্ৰতিনিধিত্ব কৰিছিল। ফাইনেল খন কাইলৈ অনুষ্ঠিত হ’ব।

ৰণবীৰ-শ্ৰদ্ধাৰ শ্বুটিং ছেটত ভয়ংকৰ অগ্নিকাণ্ড…

মুম্বাইত লাভ ৰঞ্জনৰ পৰিচালনাত ৰণবীৰ কাপুৰ অভিনীত নতুন ছবিৰ শ্বুটিং ছেটত শুকুৰবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন ৩২ বছৰীয়া যুৱকৰ মৃত্যু হয়।কুপাৰ হস্পিটেলে জানিবলৈ দিয়া মতে যুৱকজনক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল। তেওঁৰ শৰীৰৰ বেছিভাগ অংশ জুইত জ্বলি গৈছিল। মৃতক যুৱকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

এতিয়াও নাম স্থিৰ নোহোৱা লাভ ৰঞ্জনৰ চলচ্চিত্ৰখনৰ শ্বুটিং ছেটটো মুম্বাইৰ লিংক ৰোডৰ ওচৰৰ আন্ধেৰী ক্ৰীড়া কমপ্লেক্সৰ কাষৰ চিত্ৰকূটত স্থাপন কৰা হৈছিল। শুকুৰবাৰে আবেলি প্ৰায় ৪.৩০ বজাত তাতেই এই অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী ঘটনাস্থলীত ততাতৈয়াকৈ আহি উপস্থিত হয়।অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত নিশা প্ৰায় ১০.৩০ বজাত জুই নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে নিশ্চিত কৰা মতে ছবিখনৰ ছেটতেই প্ৰথমে জুই লাগিছিল। এটা পেণ্ডেল ছেট নিৰ্মাণ কৰা হৈছিল য’ত বাঁহ আৰু অন্যান্য সামগ্ৰী থুপাই ৰখা হৈছিল। তাৰ পৰাই জুই সহজে বিয়পি পৰে। এই ঘটনাৰ বাবে ছবিখনৰ দৃশ্যগ্ৰহণ পিছুৱাই দিয়া হৈছে।

উল্লেখ্য যে ধৰ্মেন্দ্ৰৰ নাতি আৰু ছানী দেউলৰ পুত্ৰ ৰাজবীৰে লাভ ৰঞ্জনৰ চলচ্চিত্ৰৰ ছেটৰ ওচৰতে দৃশ্যগ্ৰহণ কৰি আছিল। ৰাজবীৰে ৰাজশ্ৰী প্ৰডাকচনৰ এখন চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। যেতিয়া জুই লাগিছিল তেতিয়া তেওঁ এটা শ্বট দিয়াত ব্যস্ত আছিল। কিন্তু তেওঁৰ কোনো ক্ষতি হোৱা নাই। অৱশ্যে ৰাজশ্ৰীৰ দৃশ্যগ্ৰহণো স্থগিত ৰখা হৈছে।জানিব পৰা মতে, ছবিখনৰ কলাকুশলীসকলে কিছুদিন পূৰ্বে স্পেইনত শ্বুটিং সম্পূৰ্ণ কৰি মুম্বাইলৈ উভতি আহিছিল। দুৰ্ভাগ্যবশতঃ স্পেইনতো ৰণবীৰ-শ্ৰদ্ধাৰ  সময় ভালে যোৱা নাছিল। স্পেইনত দৃশ্যগ্ৰহণৰ সময়ত শ্ৰদ্ধা কাপুৰৰ ব্যক্তিগত মেকআপ শিল্পী শ্ৰদ্ধা নায়েক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ লিগামেণ্টত গুৰুতৰ আঘাত পাইছিল।

ভাৰতত প্ৰথম জন মাঙ্কিপক্সত আক্ৰান্ত হৈ মৃত্যু! মৃত ব্যক্তিজন আছিল কেৰেলাৰ এজন ২২ বছৰীয়া যুৱক…

ভাৰতৰ প্ৰথম মাঙ্কিপক্সৰ মৃত্যু নিশ্চিত, ভুক্তভোগী আছিল 22 বছৰীয়া কেৰালাৰ ব্যক্তি যি ইউ.এ.ই. ভ্ৰমণ কৰিছিল।কেৰালাৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে যে শনিবাৰে মৃত্যু হোৱা ২২ বছৰীয়া যুৱকজন মাঙ্কিপক্সত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।

নিশ্চিতকৰণটো পুনেৰ নেচনেল ইনষ্টিটিউট অফ ভাইৰোলজীৰ পৰা আহিছিল, যাৰ ফলত ই ভাৰতৰ প্ৰথম নিশ্চিত মাঙ্কিপক্স মৃত্যু হৈ পৰিছিল। ইয়াৰ পূৰ্বে, কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কৈছিল যে মানুহজনে ২২ জুলাইত কেৰালা পোৱাৰ আগতে ইউ.এ.ই.ত মাঙ্কিপক্সৰ বাবে ইতিবাচক পৰীক্ষা কৰিছিল।

অসমীয়া সাহিত্যৰ এখন অন্যতম বিখ্যাত উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’ৰ স্ৰষ্টা প্ৰখ্যাত কথাশিল্পী য়েছে দৰজে ঠংচি এইবাৰ অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ’ব

প্ৰখ্যাত কথাশিল্পী য়েছে দৰজে ঠংচিৰ লেখাৰে-‘আজি বহু বছৰৰ পৰা অসমৰ সাহিত্য প্ৰেমী ৰাইজে মোক অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদত অধিস্থিত হ’বৰ কাৰণে ব্যক্তিগত ভাৱে লগ ধৰি, বিভিন্ন বাতৰি কাকত আৰু আলোচনীত চিঠি পত্ৰৰ লগতে প্ৰবন্ধ লিখি, বিভিন্ন সভা সমিতিত ভাষণ দি, চচিয়েল মিডিয়াত লিখি আৰু বিভিন্ন সংগঠনে বিবৃতি দি অনুৰোধ জনাই আহিছে৷ ব্যক্তিগত কাৰণত মই সেই অনুৰোধ ইমান দিনে ৰক্ষা কৰিব পৰা নাছিলোঁ৷

অসমৰ সাহিত্য প্ৰেমী ৰাইজৰ দাবীৰ আগত শিৰ নত কৰি এইবাৰ মই অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদৰ বাবে প্ৰাৰ্থী হবলৈ মনস্থ কৰিছোঁ ৷ গতিকে মই অসম সাহিত্য সভা, জিলা সাহিত্য সভা তথা শাখা সাহিত্য সভাসমূহৰ লগতে অসমবাসী ৰাইজৰ সহাঁৰি আশা কৰিছোঁ আৰু অসমীয়া ভাষা সাহিত্যৰ দায়বদ্ধ কৰ্ম্মী হিচাপে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ৷’

শিৱ মন্দিৰত পানী ঢালিবলৈ গৈ ১০ জন ভক্তৰ বিদ্যুৎ স্পৃষ্ট মৃত্যু…

কোচবিহাৰৰ জল্পেশ মন্দিৰত শিৱলংগত পানী ঢালিবলৈ যোৱা ভক্তৰ এখন গাড়ী  বিদ্যুৎস্পৃষ্ট হৈ কমেও ১০ জন ভক্ত মৃত্যুমুখত পৰিছে। আন আহত ১৬ জনক জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পাতলত ভৰ্তি কৰা হৈছে।দুৰ্ঘটনাটো গাড়ীৰ জেনেৰেটৰৰ পৰা এটা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।

কোচবিহাৰৰ শীতলকুচিৰ পৰা ২৭ জনীয়া ভক্তৰ এটা দলে এখন পিক-আপ ভানত জলপাইগুৰিৰ জল্পেশৰ শিৱ মন্দিৰলৈ গৈ আছিল। ভক্তসকলৰ গাড়ীখনে চাংড়া বান্ধাৰ ধাৰলা নদীৰ দলং পাৰ হোৱাৰ পিছতে এই ঘটনাটো ঘটে।গাড়ীখনৰ চালকজনে কেইবাজনো ভক্ত অচেতন হৈ পৰা দেখি পিক-আপ ভানখন চাংড়া বান্ধা চিকিৎসালয়লৈ লৈ যায়। তাতেই ১০ জন লোকক চিকিৎসকে মৃত ঘোষণা কৰে।

আহত তীৰ্থযাত্ৰীসকলে দাবী কৰা মতে গাড়ীখনৰ জেনেৰেটৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলতে ঘটনাটো ঘটিছে।আৰক্ষীয়ে জানিবলৈ দিয়ে যে গাড়ীখনত থকা জেনেৰেটৰটোৰেই ডিজে বজোৱা হৈছিল। অনুমান কৰা হৈছে যে ঘটনাটো সেই জেনেৰেটৰটো কেনেবাকৈ শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবেই সংঘটিত হৈছে।

ইতিমধ্যে গাড়ীখন জব্দ কৰা হৈছে যদিও চালকজন পলাতক। দুৰ্ঘটনাগ্ৰস্ত সকলো লোক শীতলকুচিৰ বাসিন্দা। তেওঁলোকৰ পৰিয়ালক খৱৰ দিয়া হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

“টাৰ্টেল এণ্টচ” এই পৰুৱা বিধৰ বিশেষত্ব কি! জানেনে?

পৃথিৱীৰ বহুলোকে বিশ্বাস কৰে যে কাছ পৰুৱাবোৰ আকৰ্ষণীয়।খবৰ অনুসৰি, মানুহে আটাইতকৈ বেছি ভাল পোৱা কাছৰ পৰুৱাবোৰৰ এটা বিশেষত্ব হ’ল তেওঁলোকে কেনেদৰে তেওঁলোকৰ বাহৰ প্ৰৱেশ পথ অৱৰোধ কৰিবলৈ তেওঁলোকৰ মুৰ ব্যৱহাৰ কৰে।কিন্তু এই কাছ পৰুৱাবোৰ পৰুৱা শ্ৰমিক জাতিৰ বিৱৰ্তনৰ বিষয়েও অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে, যিটো শেহতীয়াকৈ ড. ৰবাৰ্ট প্লেনকুৱে আৰু সহকৰ্মীসকলে জাৰ্নেল অফ ইভোলিউশ্যনেৰী বায়োলজীত প্ৰকাশিত এক নতুন অধ্যয়নত দেখুৱাইছে।

অধ্যয়নটোত, লেখকসকলে “ব্যাঘাতকাৰী বাছনি”ৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব দিয়ে।

ব্যাঘাতকাৰী বাছনি হৈছে এক প্ৰকাৰৰ প্ৰাকৃতিক বাছনি যি অত্যাধিক ফেনোটাইপ আৰু/বা মধ্যৱৰ্তী বা অৰ্থপূৰ্ণ ফেনোটাইপৰ বিপৰীতে বাছনি কৰে।

এই প্ৰক্ৰিয়াটো আন্তঃনিৰ্দিষ্ট প্ৰতিযোগিতাৰ দ্বাৰা প্ৰচাৰ কৰিব পাৰি, সেই সম্পদৰ বাবে প্ৰতিযোগিতা কৰাৰ ব্যয় অবিহনে কিছু সম্পদ ব্যৱহাৰ কৰাৰ বাবে প্ৰতিযোগীতকৈ পৃথক বিশেষত্ব থকাটো লাভজনক হ’ব পাৰে।

ব্যাঘাতমূলক বাছনিৰ প্ৰত্যাশিত ফলাফল হৈছে জনসংখ্যাৰ ভিতৰত দুটা পৃথক ফেনোটাইপৰ বিৱৰ্তন, যাৰ ফলত নতুন প্ৰজাতিৰ বিৱৰ্তন হ’ব পাৰে।কাছৰ পৰুৱা জীৱবিজ্ঞানৰ বিস্তৃত জ্ঞানৰ দ্বাৰা অৱগত গাণিতিক আৰ্হি এটা ব্যৱহাৰ কৰি, ড. প্লেংকুৱে আৰু সহকৰ্মীসকলে বিবেচনা কৰিছিল যে কেনেদৰে বাধাগ্ৰস্ত বাছনিৰ ফলত কাছ পিঁপড়েৰ দুটা পৃথক শ্ৰমিক জাতিৰ জন্ম হ’ব পাৰে।

তেওঁলোকৰ আৰ্হি ব্যৱহাৰ কৰি তেওঁলোকৰ অনুকৰণৰ ফলাফলে সূচায় যে প্ৰতিযোগিতামূলক বাৰ্তালাপৰ দ্বাৰা চালিত বাধাগ্ৰস্ত বাছনিৰ পৰা সৈনিক জাতি এটা উদ্ভৱ হ’ব পাৰে।বিশেষকৈ, তেওঁলোকৰ আৰ্হিত, সংযুক্ত পাৰিপাৰ্শ্বিক বিশেষত্ব আৰু প্ৰতিৰক্ষামূলক বিশেষত্বৰ মাপকাঠিঅন্তৰ্ভুক্ত কৰিলে অনুকৰণফলাফল প্ৰস্তুত হৈছিল য’ত এটা সৈনিক জাতিৰ বিৱৰ্তন অন্তৰ্ভুক্ত আছিল।

যদি আপোনাৰ এই ৪ টা সমস্যা আছে তেন্তে একেবাৰে নাখাব নাচপতি নাখাব!

আমি সকলোৱে নাচপতিৰ লাভালাভৰ বিষয়ে অৱগত, কিন্তু বহুলোকে নাজানে যে ইয়াক কেতিয়া আৰু কিমান পৰিমাণত খাব লাগে, যাৰ ফলত ক্ষতি হয়।আমাৰ বহুতে নাশপাতি খাবলৈ ভাল পায়, ইয়াক স্বাস্থ্যৰ বাবে সমানে উপকাৰী বুলি গণ্য কৰা হয় যিমান খোৱা হয়। এই ফলত আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ, ইয়াৰ লগতে, প্ৰদাহ-প্ৰতিৰোধী আৰু কৰ্কট ৰোধী গুণাগুণ অতি কাৰ্যকৰী। গ্ৰেটাৰ নয়ডাৰ জিআইএমএছ চিকিৎসালয়ত কৰ্মৰত এজন প্ৰখ্যাত ডায়েটিশিয়ান ডাঃ আয়ুশী যাদৱে কৈছিল যে সকলো গুণ থকা স্বত্বেও, নাশপাতি খোৱাটো সদায়লাভজনক নহয়। এই ফলটো কেতিয়া নাখাব জনাওঁ আহক।

এই পৰিস্থিতিত নাশপাতি নাখাব।

  1. যেতিয়া পেটত খেলিমেলি হয়
    যদি আপোনাৰ বদহজমৰ সমস্যা আছে, তেনেহ’লে নাশপাতিৰ পৰা দূৰত্ব ৰখাভাল, ইয়াক খোৱাৰ পিছত, ইয়াক হজম কৰাত সমস্যা হয়। বিশেষকৈ ৰাতিপুৱা আৰু নিশা পলমকৈ, ইয়াক খোৱা পৰিহাৰ কৰিব লাগে নহ’লে গেছ, ক্ৰেম্প, পেট ফুলা আৰু ডায়েৰিয়াৰ দৰে অভিযোগ থাকিব।
  2. যেতিয়া আপুনি ঠাণ্ডাৰ দ্বাৰা অসুবিধাত পৰে
    ইয়াত কোনো সন্দেহ নাই যে নাশপাতিয়ে আমাৰ শৰীৰক বিভিন্ন ধৰণে লাভান্বিত কৰে, কিন্তু ইয়াৰ টেছিৰ ঠাণ্ডা হয়, সেয়েহে যেতিয়া আপোনাৰ চৰ্দি, কাহ বা চৰ্দি হয়, এই ফলটো একেবাৰে নাখাব।

  1. ওজন হ্ৰাস কৰা লোক
    নাশপতিত খুব কম কেলৰি থকা দেখা যায় যি ওজন হ্ৰাস কৰাত সহায়ক হয়, কিন্তু যদি আপুনি ইয়াক প্ৰয়োজনতকৈ অধিক গ্ৰহণ কৰে তেনেহ’লে ক্ষতি হ’ব লাগিব কিয়নো ই দৈনিক কেলৰি ব্যৱহাৰ বৃদ্ধি কৰে।
  2. উচ্চ ৰক্তচাপৰ ৰোগী
    উচ্চ ৰক্তচাপৰ ৰোগীৰ বাবে, যদিও নাশপাতি অতি উপকাৰী, কিন্তু কিছুমান লোকে ইয়াক প্ৰয়োজনতকৈ অধিক খোৱা আৰম্ভ কৰে, যাৰ ফলত লাভালাভৰ সলনি ক্ষতি হয়। এনে পৰিস্থিতিত, আপোনাৰ হৃদস্পন্দনৰ হাৰ উচ্চ, মূৰ্চ্ছা যোৱা, মূৰ ঘূৰোৱা আৰু উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে।