Home Blog Page 2227

গোগামুখ মহৰিকেম্পত স্বাধীনতা দিৱস উপলক্ষে ফুটবল খেল আৰম্ভঃ উদ্বোধনী খেলত শলখবাৰী ফুটবল দলৰ অগ্ৰগতি

ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত আজিৰ পৰা দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ফুটবল খেল আৰম্ভ হৈছে ৷ আজিৰ উদ্বোধনী খেলখন শলখবাৰী ফুটবল একাদশে মহৰিকেম্প ফুটবল একাদশক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰগতি লাভ কৰিছে ৷ খেলখন উদ্বোধন কৰে সমাজকৰ্মী পদ্মেশ্বৰ পেগুৱে ৷ তেওঁক সহযোগ কৰে স্বাধীনতা দিৱসৰ উদ্‌যাপন সমিতিৰ সভাপতি দেবানন্দ বড়া, সম্পাদক সনাতন দলে, ক্ৰীড়া সংগঠক পদ্ম বড়া, ত্ৰৈলোক্য বড়া, অনিল হাজৰিকা, মিঠাৰাম গোহাঁই, আদিত্য ফুকন আদিয়ে ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা ক্ৰীড়া সংস্হাৰ উপসভাপতি মনোজ পেগু, দিলীপ পেগু, ধৰ্মকান্ত নৰহ, গোগামুখ ক্ৰীড়া সংস্হাৰ সম্পাদক মনিৰাম পেগু আদিয়ে ৷ কাইলৈ গোপাল কৃষ্ণ ফুটবল একাদশ বনাম কচুতলি ফুটবল একাদশৰ মাজত দিত্বীয়খন খেল অনুষ্ঠিত হ’ব৷

“পেঞ্চিল ব্যয়বহুল হ’ল, মেগীৰ মূল্য বৃদ্ধি হ’ল”- প্ৰধানমন্ত্ৰী মোডীলৈ এগৰাকী কণমাণিৰ চিঠি…

মূল্য বৃদ্ধিৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এগৰাকী ৬ বছৰীয়া ছোৱালীৰ এখন পত্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। তাই কি লিখিছিল ইয়াত আছে।প্ৰথম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছয় বছৰীয়া ছোৱালীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে
তাইৰ চিঠিখন মূল্যবৃদ্ধিৰ বাবে তাই সন্মুখীন হোৱা ‘কষ্ট’ৰ বিষয়ে আছিল।ছিব্ৰামৌৰ এছডিএম অশোক কুমাৰে সাংবাদিকক কৈছিল যে তেওঁ ছচিয়েল মিডিয়াৰ জৰিয়তে এই সৰু ছোৱালীজনীৰ পত্ৰখনৰ বিষয়ে জানিব পাৰিছিল।প্ৰথম শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী ছয় বছৰীয়া ছোৱালীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মূল্যবৃদ্ধিৰ বাবে সন্মুখীন হোৱা ‘কষ্ট’ সম্পৰ্কে এখন পত্ৰ লিখিছে।

উত্তৰ প্ৰদেশৰ কনৌজ জিলাৰ ছিব্ৰামৌ চহৰৰ কৃতি দুবে নামৰ ছোৱালীজনীয়ে তেওঁৰ পত্ৰত লিখিছিল, “মোৰ নাম কৃতি দুবে। মোডীজী, আপুনি যথেষ্ট মূল্যবৃদ্ধি কৰিছে। আনকি মোৰ পেঞ্চিল আৰু ৰবৰ (ইৰেজাৰ) ব্যয়বহুল হৈছে আৰু মেগিৰ মূল্যও বৃদ্ধি কৰা হৈছে। এতিয়া মোৰ মায়ে মোক পেঞ্চিল বিচাৰি মাৰে। মই কি কৰিম? আন শিশুৱে মোৰ পেঞ্চিল চুৰি কৰে।”হিন্দীত লিখা চিঠিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।তাইৰ দেউতাক বিশাল দুবে, যি এজন অধিবক্তা, তেওঁ কৈছিল, “এয়া মোৰ ছোৱালীৰ ‘মন কি বাত’। তাই অলপতে বিৰক্ত হৈছিল যেতিয়া তাইৰ মাকে তাইক গালি পাৰিছিল যেতিয়া তাই স্কুলত পেঞ্চিল হেৰুৱাইছিল।”

ছিব্ৰামৌৰ এছডিএম অশোক কুমাৰে সাংবাদিকক কৈছিল যে তেওঁ ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে এই সৰু ছোৱালীজনীৰ পত্ৰখনৰ বিষয়ে জানিব পাৰিছিল।তেওঁ কয়, “মই শিশুটোক যিকোনো ধৰণে সহায় কৰিবলৈ সাজু আৰু তাইৰ পত্ৰখন সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পোৱাটো নিশ্চিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম।”

লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণৰ দাবীত চিলাপথাৰত সংবাদ মেল

অসমৰ বিভিন্ন ঠাইত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা অসম বিদ্যুৎ নিগমৰ কৰ্মচাৰী সকলৰ লখিমপুৰ সংমণ্ডল কৰ্মচাৰী সকলেও আজি চিলাপথাৰত এখন সংবাদ মেলৰ জৰিয়তে চৰকাৰক চাকৰি নিয়মীয়া কৰণৰ দাবী উত্থাপন কৰে।বিদ্যুৎ বিভাগত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ আসাম ষ্টেট আউটচ’চ পাৱাৰ ৱ’কাচ ইউনিয়নৰ লখিমপুৰ বিদ্যুত চক্ৰ সমিতিয়ে চিলাপথাৰত আয়োজন কৰা এক সংবাদ মেল যোগে বিদ্যুৎ খণ্ডত নিয়োজিত হৈ থকা পাঁচ হাজাৰৰোধিক অস্থায়ী শ্ৰমিকক স্থায়ীকৰণৰ দাবীত সৰব হৈ পৰে৷

সংবাদ মেলত তেখেত সকলে কয় যে অসমৰ ভিন্ন প্ৰান্তত পাঁচ হাজাৰতকৈ অধিক লোক বিগত কেইবাবছৰ ধৰি অস্থায়ী ভিত্তিত বিদ্যুৎ খণ্ডত নিয়োজিত থাকি লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়াই আহিছে যদিও চৰকাৰে এই পৰ্যন্ত স্থায়ীকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি ক্ষোভ উজাৰে।চৰকাৰে তেখেতসকলক অতি শীঘ্ৰে স্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইউনিয়নে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি নেতৃবৃন্দই সংবাদ মেলত সদৰী কৰে।

শিৱসাগৰত চাফাই কৰ্মীৰ প্ৰতিবাদ, উত্তপ্ত পৰিস্থিতি। নৰক কুণ্ডত পৰিণত হৈছে এখন ঐতিহাসিক চহৰ

নৰক কুণ্ডত পৰিণত হৈছে এখন ঐতিহাসিক চহৰ । শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চাফাই কৰ্মীসকলে ধৰ্মঘট কৰাৰ ফলতে এক অভাৱনীয় দোৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ঐতিহাসিক শিৱসাগৰ চহৰখনত। বিগত শণিবাৰৰ পৰা দৰমহা বৃদ্ধি কৰা আৰু চাকৰি স্থায়ীকৰন কৰাৰ দাবীত চাফাই কৰ্মীসকলে অব্যাহত ৰাখিছে ধৰ্মঘট। ফলত চহৰৰ চৌদিশে দ’ম বান্ধিছে জাবৰে । ইয়াৰ মাজতে সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। চাফাই কৰ্মীসকলৰ দাবীৰ প্ৰতি পৌৰসভাৰ শীৰ্ষ নেতৃত্বই কোনো গুৰুত্ব নিদি উপলুঙাহে কৰা বুলি অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ।

বছৰ বছৰ ধৰি চাফাই কাম কৰি অহাৰ পিছতো পৌৰসভাৰ বিষয়ববীয়া সকলে বৰ্তমান চাফাই কৰ্মীসকলৰ দাবীক কাণ-সাৰ নিদিয়াৰ লগতে দাবী মানি লোৱাৰ পৰিৱৰ্তে কামৰ পৰাহে অব্যাহতি দিয়াৰ ভাবুকি দিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে চাফাই কৰ্মীসকলে। জিলা প্ৰশাসনৰ বিষয়ববীয়া, পৌৰনেত্ৰীৰ সন্মুখতে ক্ষোভ উজাৰে চাফাই কৰ্মীসকলে । ইপিনে চাফাই কৰ্মীসকলৰ দাবী বৰ্তমান মানি ল’ব পৰা নহ’ব বুলি ইংগিত দিছে শিৱসাগৰ পৌৰসভাই।

এনে পৰিস্থিতিত কোনোপধ্যেই ধৰ্মঘট প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে চাফাই কৰ্মীসকলে । ফলত দুই ম’হৰ যুঁজত আবৰ্জনাৰ পাহাৰ সৃষ্টি হোৱাত দুৰ্ভোগ ভুগিছে চহৰবাসী ৰাইজে।

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মাহেকীয়া মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা” উন্মোচন

“অসমীয়া বিজেপি বাৰ্তা” মুখপত্ৰখন তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।৬৮ সংখ্যক অসমীয়া বিজেপি বাৰ্তাৰউন্মোচনী সভাত অংশ গ্ৰহণ কৰে বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জিলা সভাপতি অনিল কুমাৰ দাস,বিজেপিৰ বাৰ্তাৰ সম্পাদক জিতেন শৰ্মা লগতে বিজেপিৰ কৰ্মকৰ্তা সকল।

এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ সত্য কুমাৰ মিশ্ৰই।উন্মোচনী সভাত অংশ গ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ তীব্ৰ কটাক্ষ কৰে ৷এ আই ইউ ডি এফ ভাৰত বিৰোধী দল ৷ এই দলৰ সদস্য সকলে ত্ৰিৰংগ পতাকা উত্তোলনতো বিৰোধিতা কৰে ৷ এই দলটোৰ ভাৰতৰ মাটিৰ গোন্ধৰ প্ৰতি জলবাযুৰ প্ৰতি কোনো চিন্তাধাৰা নাই ৷আনহাতে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি তেও কয় যে, কংগ্ৰেছ দলে ভৰিৰ তলৰ মাটি হেৰুৱাই পেলাইছে৷

কংগ্ৰেছৰ বাবেই এ আই ইউ ডি এফে ৰাজ্যত খোপনি পুতিবলৈ সক্ষম হৈছেে ৷ইপিনে ৰাজ্যত জেহাদী কাৰ্যকলাপ প্ৰসংগত ভবেশ কলিতাৰ বিস্ফোৰক মন্তব্য-এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দল জেহাদীৰ পৃষ্ঠপোষক ৷ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে জেহাদিক পলি পোখালিৰে উভালি পেলাৱ বুলি ভবেশ কলিতাই মন্তব্য কৰে।

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

লন বলৰ ফাইলেনত ভাৰত! CWG 2022 ত পদক নিশ্চিত অসম কন্যা নয়নমণি শইকীয়া…

ভাৰতে ইতিহাস সৃষ্টি কৰিছে, চিডব্লিউজিত লন বাউলত প্ৰথম পদক নিশ্চিত কৰিছে অসম কন্যা নয়নমণি শইকীয়াই।
ভাৰতে সোমবাৰে চিডব্লিউজিত লন বাউলত তেওঁলোকৰ প্ৰথমটো পদক নিশ্চিত কৰি ইতিহাস সৃষ্টি কৰে। ভাৰতে চিডব্লিউজি ২০২২ ত মহিলাৰ চাৰিৰ লন বাউল ইভেণ্টৰ সোণৰ পদকৰ খেলত উপনীত হৈছিল। ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক ১৬-১৩ গ’লত পৰাস্ত কৰে।

ছেমি ফাইনেলত ভাৰতক লাভলী চৌবে, পিঙ্কি, নয়নমনী চাইকিয়া আৰু ৰূপা ৰাণী তিৰ্কীয়ে প্ৰতিনিধিত্ব কৰিছিল। ফাইনেল খন কাইলৈ অনুষ্ঠিত হ’ব।

ৰণবীৰ-শ্ৰদ্ধাৰ শ্বুটিং ছেটত ভয়ংকৰ অগ্নিকাণ্ড…

মুম্বাইত লাভ ৰঞ্জনৰ পৰিচালনাত ৰণবীৰ কাপুৰ অভিনীত নতুন ছবিৰ শ্বুটিং ছেটত শুকুৰবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন ৩২ বছৰীয়া যুৱকৰ মৃত্যু হয়।কুপাৰ হস্পিটেলে জানিবলৈ দিয়া মতে যুৱকজনক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল। তেওঁৰ শৰীৰৰ বেছিভাগ অংশ জুইত জ্বলি গৈছিল। মৃতক যুৱকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

এতিয়াও নাম স্থিৰ নোহোৱা লাভ ৰঞ্জনৰ চলচ্চিত্ৰখনৰ শ্বুটিং ছেটটো মুম্বাইৰ লিংক ৰোডৰ ওচৰৰ আন্ধেৰী ক্ৰীড়া কমপ্লেক্সৰ কাষৰ চিত্ৰকূটত স্থাপন কৰা হৈছিল। শুকুৰবাৰে আবেলি প্ৰায় ৪.৩০ বজাত তাতেই এই অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী ঘটনাস্থলীত ততাতৈয়াকৈ আহি উপস্থিত হয়।অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত নিশা প্ৰায় ১০.৩০ বজাত জুই নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে নিশ্চিত কৰা মতে ছবিখনৰ ছেটতেই প্ৰথমে জুই লাগিছিল। এটা পেণ্ডেল ছেট নিৰ্মাণ কৰা হৈছিল য’ত বাঁহ আৰু অন্যান্য সামগ্ৰী থুপাই ৰখা হৈছিল। তাৰ পৰাই জুই সহজে বিয়পি পৰে। এই ঘটনাৰ বাবে ছবিখনৰ দৃশ্যগ্ৰহণ পিছুৱাই দিয়া হৈছে।

উল্লেখ্য যে ধৰ্মেন্দ্ৰৰ নাতি আৰু ছানী দেউলৰ পুত্ৰ ৰাজবীৰে লাভ ৰঞ্জনৰ চলচ্চিত্ৰৰ ছেটৰ ওচৰতে দৃশ্যগ্ৰহণ কৰি আছিল। ৰাজবীৰে ৰাজশ্ৰী প্ৰডাকচনৰ এখন চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। যেতিয়া জুই লাগিছিল তেতিয়া তেওঁ এটা শ্বট দিয়াত ব্যস্ত আছিল। কিন্তু তেওঁৰ কোনো ক্ষতি হোৱা নাই। অৱশ্যে ৰাজশ্ৰীৰ দৃশ্যগ্ৰহণো স্থগিত ৰখা হৈছে।জানিব পৰা মতে, ছবিখনৰ কলাকুশলীসকলে কিছুদিন পূৰ্বে স্পেইনত শ্বুটিং সম্পূৰ্ণ কৰি মুম্বাইলৈ উভতি আহিছিল। দুৰ্ভাগ্যবশতঃ স্পেইনতো ৰণবীৰ-শ্ৰদ্ধাৰ  সময় ভালে যোৱা নাছিল। স্পেইনত দৃশ্যগ্ৰহণৰ সময়ত শ্ৰদ্ধা কাপুৰৰ ব্যক্তিগত মেকআপ শিল্পী শ্ৰদ্ধা নায়েক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ লিগামেণ্টত গুৰুতৰ আঘাত পাইছিল।

ভাৰতত প্ৰথম জন মাঙ্কিপক্সত আক্ৰান্ত হৈ মৃত্যু! মৃত ব্যক্তিজন আছিল কেৰেলাৰ এজন ২২ বছৰীয়া যুৱক…

ভাৰতৰ প্ৰথম মাঙ্কিপক্সৰ মৃত্যু নিশ্চিত, ভুক্তভোগী আছিল 22 বছৰীয়া কেৰালাৰ ব্যক্তি যি ইউ.এ.ই. ভ্ৰমণ কৰিছিল।কেৰালাৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে যে শনিবাৰে মৃত্যু হোৱা ২২ বছৰীয়া যুৱকজন মাঙ্কিপক্সত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।

নিশ্চিতকৰণটো পুনেৰ নেচনেল ইনষ্টিটিউট অফ ভাইৰোলজীৰ পৰা আহিছিল, যাৰ ফলত ই ভাৰতৰ প্ৰথম নিশ্চিত মাঙ্কিপক্স মৃত্যু হৈ পৰিছিল। ইয়াৰ পূৰ্বে, কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কৈছিল যে মানুহজনে ২২ জুলাইত কেৰালা পোৱাৰ আগতে ইউ.এ.ই.ত মাঙ্কিপক্সৰ বাবে ইতিবাচক পৰীক্ষা কৰিছিল।

অসমীয়া সাহিত্যৰ এখন অন্যতম বিখ্যাত উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’ৰ স্ৰষ্টা প্ৰখ্যাত কথাশিল্পী য়েছে দৰজে ঠংচি এইবাৰ অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ’ব

প্ৰখ্যাত কথাশিল্পী য়েছে দৰজে ঠংচিৰ লেখাৰে-‘আজি বহু বছৰৰ পৰা অসমৰ সাহিত্য প্ৰেমী ৰাইজে মোক অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদত অধিস্থিত হ’বৰ কাৰণে ব্যক্তিগত ভাৱে লগ ধৰি, বিভিন্ন বাতৰি কাকত আৰু আলোচনীত চিঠি পত্ৰৰ লগতে প্ৰবন্ধ লিখি, বিভিন্ন সভা সমিতিত ভাষণ দি, চচিয়েল মিডিয়াত লিখি আৰু বিভিন্ন সংগঠনে বিবৃতি দি অনুৰোধ জনাই আহিছে৷ ব্যক্তিগত কাৰণত মই সেই অনুৰোধ ইমান দিনে ৰক্ষা কৰিব পৰা নাছিলোঁ৷

অসমৰ সাহিত্য প্ৰেমী ৰাইজৰ দাবীৰ আগত শিৰ নত কৰি এইবাৰ মই অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদৰ বাবে প্ৰাৰ্থী হবলৈ মনস্থ কৰিছোঁ ৷ গতিকে মই অসম সাহিত্য সভা, জিলা সাহিত্য সভা তথা শাখা সাহিত্য সভাসমূহৰ লগতে অসমবাসী ৰাইজৰ সহাঁৰি আশা কৰিছোঁ আৰু অসমীয়া ভাষা সাহিত্যৰ দায়বদ্ধ কৰ্ম্মী হিচাপে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ৷’

শিৱ মন্দিৰত পানী ঢালিবলৈ গৈ ১০ জন ভক্তৰ বিদ্যুৎ স্পৃষ্ট মৃত্যু…

কোচবিহাৰৰ জল্পেশ মন্দিৰত শিৱলংগত পানী ঢালিবলৈ যোৱা ভক্তৰ এখন গাড়ী  বিদ্যুৎস্পৃষ্ট হৈ কমেও ১০ জন ভক্ত মৃত্যুমুখত পৰিছে। আন আহত ১৬ জনক জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পাতলত ভৰ্তি কৰা হৈছে।দুৰ্ঘটনাটো গাড়ীৰ জেনেৰেটৰৰ পৰা এটা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।

কোচবিহাৰৰ শীতলকুচিৰ পৰা ২৭ জনীয়া ভক্তৰ এটা দলে এখন পিক-আপ ভানত জলপাইগুৰিৰ জল্পেশৰ শিৱ মন্দিৰলৈ গৈ আছিল। ভক্তসকলৰ গাড়ীখনে চাংড়া বান্ধাৰ ধাৰলা নদীৰ দলং পাৰ হোৱাৰ পিছতে এই ঘটনাটো ঘটে।গাড়ীখনৰ চালকজনে কেইবাজনো ভক্ত অচেতন হৈ পৰা দেখি পিক-আপ ভানখন চাংড়া বান্ধা চিকিৎসালয়লৈ লৈ যায়। তাতেই ১০ জন লোকক চিকিৎসকে মৃত ঘোষণা কৰে।

আহত তীৰ্থযাত্ৰীসকলে দাবী কৰা মতে গাড়ীখনৰ জেনেৰেটৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলতে ঘটনাটো ঘটিছে।আৰক্ষীয়ে জানিবলৈ দিয়ে যে গাড়ীখনত থকা জেনেৰেটৰটোৰেই ডিজে বজোৱা হৈছিল। অনুমান কৰা হৈছে যে ঘটনাটো সেই জেনেৰেটৰটো কেনেবাকৈ শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবেই সংঘটিত হৈছে।

ইতিমধ্যে গাড়ীখন জব্দ কৰা হৈছে যদিও চালকজন পলাতক। দুৰ্ঘটনাগ্ৰস্ত সকলো লোক শীতলকুচিৰ বাসিন্দা। তেওঁলোকৰ পৰিয়ালক খৱৰ দিয়া হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।