Home Blog Page 2244

আপুনি বেছিকৈ চেনি খাই নেকি? হঠাতে চেনি বা মিঠাই খোৱা বন্ধ নকৰিব, নহলে শৰীৰত এইসমূহ সমস্যাই দেখা দিব…

Freedom Sunflower Oil for deep frying your favourite Boondi-laddoo is light, clear & less absorbing!

আমি সকলোৱে মিঠা বা সোৱাদ ভাল পাওঁ। এই সোৱাদৰ আঁৰত মানুহবোৰ মুগ্ধ হৈ পৰে। কিন্তু এই বিষয়ে বেছিকৈ চিন্তা কৰি লাভ নাই। কাৰণ মিঠাই খাব পাৰি। কিন্তু বেছিকৈ খোৱাতো‌ নকৰিব ।আচলতে মিঠাই (Sweets) বা চেনি (Sugar) ত বহুত কেলৰি থাকে। এই কেলৰিবোৰ শৰীৰৰ বাবে বেয়া। এনে ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজন নোহোৱাকৈ কেলৰি শৰীৰত  সোমাই যায়। গতিকে এনে সময়তে সমস্যাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত ওজন বৃদ্ধি পায়। ইয়াত এটা কথা সচেতন হ’ব লাগে যে অতিৰিক্ত চেনি শৰীৰত উপনীত হৈ প্ৰায়ে চৰ্বিলৈ ৰূপান্তৰিত হয়। আৰু অতিৰিক্ত চৰ্বি শৰীৰৰ বাবে বেয়া। গতিকে প্ৰতিজন ব্যক্তিয়ে এই কথা মনত ৰাখিব লাগিব।
এতিয়া মানুহ স্বাস্থ্যৰ বিষয়ে অতি সচেতন । গতিকে তেওঁলোকে যিমান পাৰে ৰোগৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। আৰু এই কাৰণেই তেওঁলোকে ডায়েট চেঞ্জ লয়। এই ক্ষেত্ৰত প্ৰথমে তেওঁলোকে খাদ্য তালিকাৰ পৰা চেনি আৰু মিঠাই বাদ দিয়ে।

মিঠাই বা চেনি কম খালে শৰীৰৰ পৰা বহুত চুগাৰৰ পৰিমাণ কমি যাব। সেইটো এটা ভাল কথা। চেনি (Sugar Detox) নোখোৱা শৰীৰৰ বাবে বহুতো উপকাৰীতা আছে। কিন্তু এই ক্ষেত্ৰত হঠাতে চেনি নোখোৱাৰ ফলত শৰীৰত কিছু সমস্যা হব পাৰে, সেই বিষয়ে জানো আহক


ক্লান্তি হ’ব পাৰে- প্ৰায়ে দেখা যায় যে মিঠাই বা চেনি নোখোৱাকৈ শৰীৰ ভাগৰি পৰে। মিঠাই নাপালে ভাগৰ বা দুৰ্বলতা হ’ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়েই সাৱধান হ’ব লাগিব।


মূৰৰ বিষ- চেনি এৰি দিয়াৰ আঁৰৰ অন্যতম কাৰণ হ’ব পাৰে মূৰৰ বিষ। আচলতে দেখা গৈছে যে ইমান দিন চেনি খোৱাৰ পিছত হঠাতে বন্ধ কৰিলে শৰীৰটো বেয়া হৈ পৰিব পাৰে। ইয়াৰ ফলত মূৰৰ বিষ হয়।


টোপনিৰ সমস্যা – আচলতে বিভিন্ন মানসিক গৱেষণাৰ পৰা দেখা গৈছে যে এই ক্ষেত্ৰত টোপনি সঠিকভাৱে নাহে। গতিকে প্ৰতিজন ব্যক্তিয়েই এই বিষয়টোৰ ওপৰত সতৰ্ক হোৱা উচিত। এনে অৱস্থাত টোপনি সমস্যা হ’লেও সাৱধান হওক। অপ্ৰয়োজনত আতংকিত নহ’ব। কিন্তু জটিলতাৰ প্ৰতি সচেতন হোৱাটো নিশ্চিতভাৱে ভাল।


উল্লেখযোগ্য যে এই প্ৰবন্ধটো কেৱল সজাগতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক্ আৰু সুস্থ থাকক।

প্ৰৱঞ্চক নীৰৱ মোদী! বাজেয়াপ্ত ২৫৩.৬২ কোটি টকাৰ সম্পত্তি…

প্ৰৱঞ্চক নীৰৱ মোদীৰ সম্পত্তি বাজেয়াপ্ত। ED-এ জব্দ কৰে প্ৰৱঞ্চক ধন কুবেৰজনৰ বৃহৎ পৰিমাণৰ অস্থাৱৰ সম্পত্তি। হংকঙত ED-এ জব্দ কৰে নীৰৱ মোদী গ্ৰুপৰ বিশাল সম্পত্তি। মুঠ ২৫৩.৬২ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰে ED-এ। জব্দকৃত সা-সম্পত্তিৰ ভিতৰত আ–অলংকাৰ, বেংকৰ জমা ধন।

বৰ্তমানলৈ নীৰৱ মোদীৰ জব্দকৃত সম্পত্তিৰ পৰিমাণ ২৬৫০.০৭ কোটি। সম্প্ৰতি ব্ৰিটেইনৰ কাৰাগাৰত বন্দী প্ৰৱঞ্চক নীৰৱ মোদী। পাঞ্জাৱ নেচনেল বেংকৰ প্ৰৱঞ্চনাৰ গোচৰত বন্দী নীৰৱ। এই গোচৰত EDৰ লগতে তদন্ত চলাই আছে CBIয়েও। প্ৰৱঞ্চক মেহুল চোকছীৰ সৈতে নীৰব মোদীয়ে আত্মসাৎ কৰিছিল ধন। পাঞ্জাৱ নেচনেল বেংকৰ ১৩,৫০০ কোটি টকা আত্মসাৎ কৰিছিল দুয়ো। প্ৰত্যাপনৰ বিৰোধিতাৰে লণ্ডনত আইনী যুঁজ নীৰৱ মোদীৰ। বৰ্তমান এণ্টিগুৱা আৰু বাৰ্বুদাত আশ্ৰয় লৈ আছে মেহুল চোকছীয়ে।

বাৰিষাত কলমৌ শাক খোৱাৰ আগতে জানি লওক উপকাৰিতা …

কলমৌ শাক এক প্ৰকাৰৰ অৰ্ধ-জলজ উষ্ণমণ্ডলীয় লতাজাতীয় শাক৷ কলমৌ শাক এবিধ আঁহজাতীয় খাদ্য৷ কলমৌ শাকৰ পুষ্টিগুণ অনন্য৷ ইয়াত প্ৰচুৰ পৰিমাণে খাদ্য উপাদান পোৱা যায়৷ এইবিধ শাক অতি সহজতে আমাৰ ওচৰ-পাঁজৰে থকা জলাশয়, বিল আদিত পোৱা যায়৷


(১) কলমৌ শাকত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে৷ সেয়ে হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে৷
(২) কলমৌ শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ই এণ্টিঅক্সিডেণ্টৰ দৰে কাম কৰে, ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷


(৩) বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে কলমৌ শাক খাব লাগে৷
(৪) ইয়াত পৰ্যাপ্ত পৰিমাণে লৌহ পদাৰ্থ থাকে বাবে ৰক্তহীনতাত ভোগা লোকৰ কাৰণে উপকাৰী৷ শৰীৰৰ প্ৰয়োজনীয় তেজ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷


(৫) মাতৃদুগ্ধ বৃদ্ধিত কলমৌ শাক অতি উপকাৰী৷
(৬) নিয়মিতভাৱে কলমৌ শাক খালে কোষ্ঠকাঠিন্য দূৰ হয়৷ আনহাতে বিপাক ক্ৰিয়াত ই সহায় কৰে৷
(৭) প্ৰস্ৰাৱৰ জ্বলা-পোৰা কৰাত কলমৌ শাক খালে সুফল পোৱা যায়৷


(৮) মৌমাখি, পিম্পৰা, বিছা আদি পোকে ডাকিলে কলমৌ শাকৰ ৰস উলিয়াই লগালে বিষ নিৰাময় হয়৷
(৯) কলমৌ শাকে দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে৷
(১০) মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰাত কলমৌ শাকে উপকাৰী ভূমিকা গ্ৰহণ কৰে৷

পূব টংলা আঞ্চলিক সাংস্কৃতি যুৱ মঞ্চৰ উদ্যোগত কৃতি ছাত্র -ছাত্ৰী আৰু ৰাষ্ট্রীয় পদক বিজয়ী খেলুৱৈক সম্বৰ্ধনা..

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পূব টংলা আঞ্চলিক সাংস্কৃতি যুৱ মঞ্চৰ উদ্যোগত আজি পালাহগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সভা গৃহত সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্র -ছাত্ৰী আৰু ৰাষ্ট্রীয় খেলুৱৈ লগতে অৱসৰ প্ৰাপ্ত অংগনাৱাডি কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

ৰাতিপুৱা ১০ বজাত মঞ্চৰ সভাপতি ৰাজীৱ শৰ্মাই পতাকা উত্তোলন কৰা পাছতে যুৱ মঞ্চৰ শীৰ্ষক গীতেৰে অনুষ্ঠান খন আৰম্ভ কৰা হয়।যুৱ সমাজ কৰ্মী ফটিক ৰাভাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠান খন পৰিচালনা কৰে যুৱ মঞ্চৰ স্থায়ী সমিতিৰ সভাপতি ৰাজীৱ শৰ্মাই।উক্ত অনুষ্ঠান খনতে কৃতি ছাত্র ছাত্ৰী আৰু ৰাষ্ট্রীয় উশ্বু খেলুৱৈ ভবেশ কছাৰী লগতে অৱসৰ প্ৰাপ্ত অংগনাৱাড়ী শিক্ষয়ত্ৰী ভানুমতি ডেকাক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠান খনত শৈক্ষিক বিষয়ৰ ওপৰত আলোকপাত কৰে টংলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাস,পালাহগড় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ শৰ্মা,পায়নীয়াৰ কলেজৰ অধ্যাপক পঞ্চানন দেৱ শৰ্মা,শিক্ষক ধনঞ্জয় ৰাভা,ৰাহুল মিঞ্জ,ডলি শৰ্মা আৰু ভাস্কৰ বৰুৱাই।সভাৰ শেষত অসম সংগীততেৰে অনুষ্ঠান সামৰণি পৰে।

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গল মালবাহী নাওঁ …

ধুবুৰী পঞ্চুঘাটত প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিৰ ফলত মালবাহী নাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত ডুৱ যায়।


নাওঁ খনত বিভিন্ন সামগ্ৰী লোড কৰি হাটসিংগীমৰী অভিমুখী যোৱাৰ সময়ত প্ৰচণ্ড ধুমুহা বৃষ্টিপাতৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুৱ যায়।

নাওঁ খনত প্ৰায় ৪০ লাখ টকাৰ বিভিন্ন সামগ্ৰী আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতীৰ মৃত্যু

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ দাঁতিকাষৰীয়া কৰেবাৰী গাঁৱৰ সমীপত আজি ৰাতিপুৱা এটা প্ৰাপ্তবয়স্ক মাইকী বনৰীয়া হাতীৰ শোকাৱহভাৱে মৃত্যু ঘটে ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাউণ্ডেৰীত স্থাপন কৰা সৌৰশক্তিচালিত ফেন্সিঙত বিদ্যুৎ প্ৰবাহিত হৈ হাতীটোৰ মৃত্যু ঘটে ৷ মৃত হাতীটোৰ শুঁৰডাল ফেন্সিঙৰ তাঁৰত ওলমি থকাও প্ৰত্যক্ষ কৰা হৈছে ৷

মানাহৰ বন্যপ্ৰাণী বাহিৰলৈ ওলাই নাযাবৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাউণ্ডেৰীসমূহত এনে ছোলাৰ ফেন্সিঙৰ ব্যৱস্থা পূৰ্বৰে পৰাই আছে আৰু এই সৌৰশক্তিচালিত ফেন্সিঙত পূৰ্বে বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰো কোনো উদাহৰণ নাই, সেয়েহে দূৰ্ভাগ্যজনকভাৱে শ্বৰ্ট শ্বাৰ্কিটৰ ফলত উচ্চ ক্ষমতাৰ সৌৰবিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলতেই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বিভাগীয় সহকাৰী সঞ্চালক জেচিম আহমেদ আৰু চিকিৎসক প্ৰভাত বসুমতাৰীয়ে ৷

ইতিমধ্যে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে মানাহৰ বন বিভাগে

কঠোৰ হৈছে YouTube কৰ্তৃপক্ষ , গৰ্ভপাত সম্বন্ধয়ী ভূল তথ্য দিয়া ভিডিঅ’বোৰ আঁতৰোৱা হব শীঘ্ৰেই….

YouTube য়ে কয় যে, “গৰ্ভপাত সম্বন্ধীয় ভূল তথ্য প্ৰচাৰ কৰা ভিডিঅ’ সমূহে সমাজত বিৰূপ প্ৰভাৱ পেলাইছে। চিকিত্‍সা প্ৰক্ৰিয়াৰ বিষয়ে ভুল তথ্যৰ প্ৰচাৰ কৰাৰ উপৰিও গৰ্ভপাতৰ বিষয়ে মিছা আৰু অসুৰক্ষিত নিয়ম-নীতি থকা বিভ্ৰান্তিকৰ ভিডিঅ’বোৰ আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে আঁতৰোৱা আৰম্ভ কৰা হ’ব।”

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে ৫০ বছৰীয়া পুৰণি গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ প্ৰত্যাহাৰ কৰাৰ পিছতেই YouTube য়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমেও ৯ খন ৰাজ্যই গৰ্ভপাত নিষিদ্ধ কৰাৰ লগতে, কিছুদিনৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন কেইখন ৰাজ্যতো গৰ্ভপাত নিষিদ্ধ ঘোষণা কৰা হ’ব।

ভূল তথ্য দিয়া ভিডিঅ’ক লৈ কঠোৰ হোৱা দেখা গৈছে YouTube কৰ্তৃপক্ষ। গৰ্ভপাত সম্বন্ধিয় ভূল তথ্য দিয়া ভিডিঅ’বোৰৰ বিষয়ে YouTube কৰ্তৃপক্ষই সতৰ্ক বাণী প্ৰদান কৰা দেখা গৈছে।

আপুনি চাহ খাই ভাল পায় নে ? তেন্তে আজি খাওক নীলা চাহ …

Natalia Semenova/Getty Images

অসমত চাহ খোৱাৰ কথা সকলোৱে জানে । সকলোৱে ৰঙা চাহ, গাখীৰ চাহ, সেউজীয়া চাহৰ বিষয়ে জানে। কিন্তু, আপুনি জানেনে, এই পৃথীৱীত নীলা চাহো আছে? এই চাহ বৰ্তমানৰ সময়ত বহুত জনপ্ৰিয় হৈ পৰিছে। যিসকলৰ সেউজীয়া চাহ খোৱাৰ অভ্যাস আছে, তেওঁলোকে এতিয়া অভ্যাসটো অলপ সলনি কৰিব পাৰে আৰু নীলা চাহ খোৱা আৰম্ভ কৰিব পাৰে।

নীলা চাহ খালে বহুতো লাভালাভ হয়। উদাহৰণ স্বৰূপে, এই চাহে হৃদযন্ত্ৰ সুৰক্ষিত কৰে, চৰ্বি হ্ৰাস কৰে, ওজন নিয়ন্ত্ৰণত ৰখে, শৰীৰত কোলাজেনৰ স্তৰ বৃদ্ধি কৰে ইত্যাদি। ভাৰত আৰু বাংলাদেশত, এই চাহ অতি কম পৰিমাণে উৎপাদন কৰা হয়। এই বিশেষ চাহ সাধাৰণতে এক বিশেষ প্ৰকাৰৰ চাহ পাতৰ কলি আৰু অপৰাজিতা ফুলৰ কিছু অংশ একেলগে অত্যাধুনিক ধৰণে মিহলি কৰি তৈয়াৰ কৰা হয়।

শেহতীয়া ভাৱে, বহুতো বিজ্ঞানীয়ে অধ্যয়ন কৰি গম পাইছে যে, ওজন বৃদ্ধিৰ ফলত হোৱা যকৃতৰ সমস্যা প্ৰতিহত কৰিবলৈ নীলা চাহ অতি উপযোগী। নীলা চাহত থিয়ানিনৰ উপস্থিতিৰ বাবে, এই চাহ নিয়মীয়াকৈ খোৱাৰ ফলত শৰীৰৰ বিপাক বৃদ্ধি হয়। দিনত কমেও দুবাৰ এই চাহ খালে শৰীৰত হেপাটিক বিপাক বৃদ্ধি হয় আৰু কলেষ্টেৰল হ্ৰাস হয়।

এই চাহত আপুনি নেমুটেঙা মিহলি কৰিও খাব পাৰে। যদি এই চাহত নেমুটেঙা মিহলি কৰা হয়, তেন্তে এই চাহৰ ৰং নীলাৰ সলনি বেঙুনীয়া হ’ব।

দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত ৯৫.৫% লাভ কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে অনামিকা ৰিয়া দত্তই …

সদ্যঘোষিত CBSE ৰ ফলাফলে বিহালী সমষ্টিতলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে ।
বিশ্বনাথ চাৰিআলি ইষ্ট ইন্দিয়া স্কুলৰ ছাত্ৰী অনামিকা ৰিয়া দত্তই মুঠ ৫০০ নম্বৰৰ ভিতৰত ( ৪৭৫ ) নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

ইফালে ছাত্ৰী গৰাকীয়ে সাংবাদিক আগত প্ৰকাশ কৰে যে ভৱিষ্যত এগৰাকী সু-চিকিৎসক হোৱা পৰিকল্পনা কৰা লগতে পঢ়া বাহিৰেও ছাত্ৰী গৰাকী ছবি অংকন, মাতৃক ঘৰুৱা কামত সহায় সহযোগিতা কৰি দিয়াৰ কথা কয়। অনামিকা ৰিয়া দত্ত বিহালী সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত কনিষ্ঠ ভাতৃ সঞ্জীৱ দত্ত আৰু অৰ্চনা দত্তৰ জীয়ৰী।


আনহাতে অনামিকা ৰিয়া দত্তক পঢ়া শুনা সময়ত পিতৃ হিচাপে সময় দিব পৰা নাই যদিও অনামিকাই মাতৃ আৰু তাই যি প্ৰচেষ্টা ফলাফল কঢ়িয়াই আনিলে তাক লৈ সুখী বুলি মন্তব্য কৰে অনামিকা ৰিয়া দত্তই।

গৰমত কাঠফুলা খোৱাৰ আগতে জানি লওক , ইয়াৰ গুণাগুণ

মানুহ এজন সুস্থভাৱে জীয়াই থাকিবলৈ হ’লে, তেওঁৰ দেহত প্ৰটিনৰ প্ৰয়োজন অপৰিহাৰ্য্য। কাৰণ প্ৰটিন হ’ল, মানৱ দেহত শক্তি যোগোৱাৰ প্ৰধান উপাদান। সাধাৰণতে এই প্ৰটিন আমি ভাত, ৰুটি, মাংস, কণী ইত্যাদি খাদ্যবোৰৰ পৰা পাওঁ।

বিজ্ঞানীসকলে পৰীক্ষা কৰি উলিয়াইছে যে, এই খাদ্যবোৰৰ উপৰিও আৰু এবিধ খাদ্য আছে য’ত এইবোৰতকৈ বহুত বেছি পৰিমানে প্ৰটিন থাকে সেইটো হ’ল কাঠফুলা। অৰ্থাৎ কাঠফুলা হ’ল সৰ্ব্বোচ্চ প্ৰটিনযুক্ত এবিধ আঁহযুক্ত খাদ্য।

এইবিধ খাদ্যৰ আন এটা ডাঙৰ গুণ হ’ল ইয়াৰ হজমি গুণ বৰ বেছি। অতি সহজেই ই মানুহৰ পাকস্থলিত হজম হৈ যায়। আনহাতে ই ৰক্তহীনতা ৰোগৰ মহৌষধ। কাঠফুলাত ফলিক এচিড যথেষ্ট পৰিমাণে থকাৰ বাবে তেজ গঠন কৰাত সহায় কৰে আৰু ৰক্তহীনতা দূৰ কৰে।

এজন মানুহে মাথোন তিনিগ্ৰাম কেঁচা কাঠফুলা প্ৰতিদিনে খালে ৰক্তহীনতা ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগৰ ক্ষেত্ৰতো কাঠফুলা যথেষ্ট উপকাৰী। কাঠফুলাত এগষ্টাৰ নামৰ এনে এবিধ বিশেষ পদাৰ্থ আছে। যিয়ে মানৱ দেহৰ শিৰাবোৰৰ মাজত কলেষ্টৰেল গঠন হ’বলৈ নিদিয়ে আৰু গঠিত হোৱা কলেষ্টৰেল দ্ৰবীভূত কৰি ৰক্তপ্ৰবাহী শিৰাবোৰ পৰিষ্কাৰ কৰি ৰাখে। সেয়ে উচ্চ ৰক্তচাপ আৰু হৃদৰোগী সকলক চিকিৎসক সকলে বেছিকৈ কাঠফুলা খাবলৈ দিয়ে।

বিভিন্ন ৰোগৰ মহৌষধ ৰুপে পৰিচিত কাঠফুলা হাতৰ কাষতে পোৱাৰ লক্ষ্যৰে ধুবুৰী জিলাৰ এক অগ্ৰনী বেচৰকাৰী সংস্থা চিলাৰায় কৃষি বিকাশ সমিতিৰ কাৰ্য্যালয়ত উৎপাদন কৰা হৈছে সতেজ কাঠফুলা।

আনহাতে এই খেতিৰে স্বঃনিৰ্ভৰশীল হোৱাৰ বাবেও নিবনুৱা যুবক-যুবতীসকলক আহ্বান জনাইছে সমিতিখনে। অসমৰ জলবায়ু অইষ্টাৰ প্ৰজাতিৰ কাঠফুলা উৎপাদনৰ বাবে অনুকুল আৰু অতি কম খৰচতে উৎপাদন কৰিব পাৰি এই প্ৰজাতিৰ কাঠফুলা আৰু ৰ’দত শুকাই ৬-৭ মাহ পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি।

আমি কেৱল তথ্যহে প্ৰদান কৰিলো । চিকিৎসকৰ সহায় লব অসুবিধা হলে ।