Home Blog Page 2265

শিৱসাগৰৰ নাজিৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৰিব কল্যান সন্মিলনত অংশগ্ৰহন

শিৱসাগৰৰ জিলাৰ নাজিৰাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গৰিব কল্যান সন্মিলনত অংশ গ্ৰহন মুখ্যমন্ত্ৰীৰ AZADI KA AMRIT MOHATSAVৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে চিমলাৰ পৰা হিতাধিকাৰীৰ লগত মতবিনিময় । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণজন সভা সম্বোধন ।

শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ খেল পথাৰত আজি অনুষ্ঠিত হব গৰীৱ কল্যান সন্মিলন ।এই সন্মিলনত ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমত মত বিনিময় কৰিব ।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী প্ৰতিকীভাৱে ৫ জন আৱাস যোজনাৰ হিতাধিকাৰীৰ লগত ভাৰ্চুৱেল মাধ্যমত মতবিনিময় দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে। শিৱসাগৰৰ ৯৪০০ আৰু চৰাইদেউ জিলাৰ ২০০০ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্থিৰ ধনৰ চেক বিতৰণ । গৰিব সন্মিলনত বহু কেইজন মন্ত্ৰী,সাংসদ আৰু বিধায়কে সংগ দিয়ে মুখ্যমন্ত্ৰী গৰাকীক।

বৃহত্তৰ কোকিলা, জাউবাৰী ৰঙাপানীত দেখা গৈছে এক ব্যতিক্ৰমী মনোৰম দৃশ্য

আজি আকৌ এবাৰ মনত পৰিল সৰুতে পঢ়া এটা কবিতা –
‘শুৱনি আমাৰ গাওঁখন অতি, শুৱনি গছেৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা।’
এই কবিতা ফাঁকিৰ হুবহু চিত্ৰ বন্দী হৈছে আমাৰ কেমেৰাত। বৃহত্তৰ কোকিলা, জাউবাৰী ৰঙাপানীত দেখা গৈছে এক ব্যতিক্ৰমী মনোৰমা দৃশ্য। কৃষ্ণচূড়া, ৰাধা চূড়া,এজাৰ, সোনাৰু, ৰজনী গান্ধা, দৰে বহু ফুল মুকলি আকাশ ৰঙীল কৰি তুলিছে কোকিলাৰ।

মুকলি আকাশৰ তলত ফুলি থকা এনে নয়ন ভৰা প্ৰকৃতিৰ নান্দনিক দৃশ্যই বিভোৰ হৈ পৰিছে কোকিলা বাসী। এনে পৰিৱেশে মনটো যেন এক আনন্দময় কৰি তুলিছে।


এই ফল ফুলৰ সুৱাসে হাত বাউল দি মাতিছে সকলোকে। কোকিলাৰ এই দৃশ্যই যেন সকলোৰে মন ফুলৰ সুৱাসে পুলকিত কৰি তুলিছে। আলোকিত কৰি তুলিছে কোকিলাবাসীক। বহু পৰিয়ালৰ ঘৰত ফুলিছে নানা ৰংবিৰংৰ ফুল। লৰাছোৱালী, বোৱাৰী জীয়ৰি সকলোৱে ফটো লোৱাত ব্যস্ত।

বৰপেটাৰ খোলাবান্ধাত একাংশ দালালে বিদ্যুত বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত চলাইছে লুন্ঠনৰাজ

বিদ্যুত বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত বৰপেটাৰ খোলাবান্ধাত একাংশ দালালে চলাইছে লুন্ঠনৰাজ।নিজকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি বিদ্যুৎ সংযোগ দিয়াৰ নামত দুই দালালে গ্ৰাহকৰ পৰা লুটিছে লাখ লাখ টকা।ধুপধৰা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ বৰপেটাৰ পাঠিমাৰী জনপ্ৰিয় বজাৰত সংঘটিত হৈছে এই ঘটনা।লুৎফৰ ৰহমান আৰু আজিজুৰ ৰহমান ওৰফে গাঁওবুঢ়া নামৰ এই দুই দালালৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

অভিযোগ মতে বজাৰখনৰ একাংশ দোকানীৰ পৰা বিদ্যুৎ সংযোগ দিয়াৰ নামত দুই দালালে সংগ্ৰহ কৰিছে ১০ ৰ পৰা ২০ হাজাৰ টকা।আনকি ব্যাৱসায়ীক(Commercial) সংযোগ দিয়াৰ বিপৰীতে দিছে সৌভাগ্য আঁচনিৰ BPL সংযোগ।কেৱল ইমানেই নহয় একাংশ দোকানত মিটাৰ বিহীন ভাৱে বিদ্যুৎ সংযোগ দি সংগ্ৰহ কৰিছে বৃহৎ ধণ।তদুপৰি এই দুই দালালে বিদ্যুৎ বিভাগৰ বিল সংগ্ৰহকাৰী হিচাপে আই ডি দিয়াৰ নামতো একাধিক লোকৰ পৰা সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ ধন।আৰু এই সমগ্ৰ লুন্ঠনৰাজৰ লগত জড়িত আছে ধুপধৰা বিদ্যুৎ উপসংমণ্ডলৰ একাংশ বিষয়া কৰ্মচাৰী।তেওঁলোকৰ সহযোগতে দীৰ্ঘদিনৰে পৰা অঞ্চলটোত নিজকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি এইদৰে চলাইছে ব্যাপক লুন্ঠন।


উল্লেখ্য যে পূৰ্বে এই দুগৰাকী দালালে মৈৰাদিয়া-খোলাবান্ধা বজাৰৰ একাংশ ৰাইছ মিল,ফাৰ্নিচাৰ দোকান, গেলামাল দোকান আদিত মিটাৰ বিহীন বিদ্যুত সংযোগ দি লাখ লাখ টকা সংগ্ৰহ কৰা বাতৰি বিভিন্ন চেনেল, বাতৰি কাকত, ৱেব পৰ্টেল আদিত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল যদিও উপ-সংমণ্ডল খনৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত সু-সম্পৰ্ক থকাৰ বাবে দালাল দুগৰাকীক নাকী লগোৱাৰ বিপৰীতে বৰপীৰা পাৰি দি দালাল দুগৰাকীৰ জৰিয়তে চৰাঞ্চলৰ বিদ্যুতৰ নামত সোঁৱে বাওঁৱে ধন সংগ্ৰহ কৰাত উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপিত হৈছে। ৰাজ্য খনৰ বিদ্যুত বিভাগক মন্ৰী বিমল বৰাই সংস্কাৰ কৰিব বিছৰাৰ পিছতো মন্ৰী গৰাকীৰ সংস্কাৰক ধোঁৱাচাঙত তুলিব বিচৰা এই সকল বিদ্যুত বিষয়া কৰ্মচাৰী লগতে দালালৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহন কৰে সেয়া হব লক্ষণীয়।

আমগুৰিত স্থাপিত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ আজি শুভ উদ্বোধন

ছবৰীয়া ঐতিহাসিক অসম আন্দোলন আৰু মহান শ্বহীদসকলৰ অমৰ ত্যাগৰ ফলত স্বাক্ষৰিত অসম চুক্তিৰ ফলশ্ৰুতিত আমগুৰিত স্থাপিত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ আজি শুভ উদ্বোধন হ’ব । এয়া অতিশয় আনন্দৰ বতৰা। অসম চৰকাৰে ঘৰুৱা শক্তি উৎপাদন বৃদ্ধিৰে আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে।

এইক্ষেত্ৰত আমগুৰি সৌৰশক্তি প্ৰকল্পটোৰ ভূমিকা সুদূৰপ্ৰসাৰী হ’ব বুলি মই আশাবাদী, সৰ্বানন্দ সোনোৱালে। ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হোৱা অভিলাষী প্ৰকল্পটোৰ কাম সম্পন্ন কৰাত সবল ভূমিকা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী বিমল বৰাক আন্তৰিক ধন্যবাদ জনায় সৰ্বানন্দ সোনোৱালে।

সৌৰশক্তি প্ৰকল্পটোৱে পৰিৱেশ অনুকূল আৰু সেউজ শক্তি উৎপাদন বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি কৰিব, কয় সৰ্বানন্দ সোনোৱালে

গোসাঁইগাঁৱৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ধঁপাত বিৰোধী দিৱস পালন

গোসাইগাঁও মহকুমাৰ হাছৰাঁওবাৰীস্হিত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক ,শিক্ষয়ত্ৰী,ছাত্ৰ -ছাত্ৰীয়ে আজি বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰে ৷

তদুপলক্ষে ছাত্ৰ -ছাত্ৰী সকলে স্কুলৰ পৰা এখন ছাইকেল সমদল উলিয়াই হাতে হাতে ধোঁপাত বিৰোধী ফেষ্টুন প্লেকাৰ্ড প্ৰদৰ্শন কৰি তাম্বাকু হাটাও ,জিন্দিগী বাচাও ,ধঁপাত বৰ্জন কৰক , ধঁপাত সেৱন বন্ধ কৰক আদি শ্লোগানেৰে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস চলায় ৷লগতে ধঁপাত সেৱনে মানৱ জীৱনৰ ক্ষতিকাৰক দিশ সমূহৰ দৃষ্টিপাত কৰাই সজাগতা অনাৰ বাবে ছাত্ৰ -ছাত্ৰী সকলে প্ৰচেষ্টা চলায় ৷

আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উলিওৱা ছাইকেল ৰেলী কৰি মহকুমাৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গোসাইগাঁও মহকুমাধিপতিৰ কৰ্যালয়ৰ সন্মুখত উপস্হিত হৈ ধঁপাত বিৰোধী শ্লোগানৰে খোজ কাঢ়ি সমদল কৰে ৷

নামনি অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাতৰি সত্য পৰিনত হোৱাৰ পথত

নামনি অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাতৰি সত্য পৰিনত হোৱাৰ পথত। নামনি অসমত ৬৫টা সমষ্টিত বিজেপি মিত্ৰজোটক উফৰাই প্ৰস্তুত কৰিছে এক ভয়ানক ব্লু প্ৰিন্ট আপ,ৰাইজৰ দল,তৃণমূল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ:ধুবুৰীত মুখ্যমন্ত্ৰী দিদি মমতা তৃণমূল কংগ্ৰেছৰ কাৰ্য্যালয় মুকলি।

সমাগত পঞ্চায়ত ,লোকসভা,আৰু বিধানসভা নিৰ্বাচনকলৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ অৰ্থাৎ শাসনাধিস্থ বিজেপি দলৰ মাষ্টাৰমাইন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নামনি অসম ৬৫টা সমষ্টিক লৈ তৈয়াৰ কৰা ব্লু প্ৰিন্ট অৱশেষত ফ্লপ মাৰিব নেকি? আমি বাৰংবাৰ প্ৰকাশ কৰি আহিছো যে নামনি অসমত অচিৰেই ৰাজনৈতিক ভাৱে পট পৰিৱৰ্তন হবলৈ গৈ আছে। কিন্তু আমাৰ উক্ত তথ্য ভিত্তিক প্ৰতিবেদনৰ বাতৰি সত্যত পৰিণত হবলৈ গৈ আছে।


জানিব পৰা মতে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ অতি শক্তিশালী ৰাজনৈতিক ধুমুহা অৰ্থাৎ মুখ্যমন্ত্ৰী দিদি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলে উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্য ৰাজনৈতিক ভাৱে আক্ৰমণ কৰাৰ পিছত এতিয়া অসম ৰাজ্যৰ প্ৰথমে নামনি অসমৰ ৬৫ টা সমষ্টিক লৈ প্ৰস্তুত কৰিছে এক ভয়ানক দখল ৰাজনৈতিক ব্লু প্ৰিন্ট ।ইয়াৰে আলমত আজি অনুষ্ঠিত হয় ধুবুৰী জিলা সদৰ চহৰত জি টি বি ৰোডত অৱস্থিত তৃণমূল কংগ্ৰেছ দলৰ এক কাৰ্য্যালয় উদ্বোধন কৰাৰ লগতে অনুষ্ঠিত হয় এ আই ইউ ডি এফ ,বিজেপি, অগপ,কংগ্ৰেছ(ই) আদি দলৰ সহস্ৰাধিক নেতা কৰ্মীৰ যোগদান অনুষ্ঠান ।

ইয়াৰ পিছতেই তৃণমূল কংগ্ৰেছৰ জিলা আহ্বায়ক এ কে এম ইছলাম সৰকাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক সভাত প্ৰাক্তন কংগ্ৰেছ(ই) বিধায়ক তথা তৃণমূল কংগ্ৰেছৰ নেতা নুৰুল ইছলাম আদিয়ে ভাষণ দিয়ে বুলি বাতৰিটোত প্ৰকাশ।

আপুনি বিটিএছ(BTS)-ৰ গান শুনেনে? অথবা কোৰিয়ান পপ মিউজিকৰ বিষয়ে জানেনে?

আপুনি বিটিএছ(BTS)-ৰ গান শুনেনে? অথবা কোৰিয়ান পপ মিউজিকৰ বিষয়ে জানেনে? বিশ্বব্যাপি কোৰিয়ান পপ মিউজিকৰ জনপ্ৰিয়তা আছে। অনুৰাগীসকলে এই সংগীতক চমুকৈ কে-পপ বুলি কয়। ভাৰততো কে-পপৰ ভীষণ গুণমুগ্ধ আছে। সমান্তৰালভাৱে চলিছে ইয়াৰ চৰ্চা। শেহতীয়াকৈ উৰিষ্যাৰ এগৰাকী অষ্টাদশী যুৱতীয়ে কে-পপ পৰিৱেশন কৰি শিৰোনামা দখল কৰিছে। নাম তেওঁৰ শ্ৰিয়া লেংকা।

সংগীতবিধৰ প্ৰতি শ্ৰিয়াৰ আগ্ৰহলৈ লক্ষ্য কৰি তেওঁক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে কোৰিয়াৰ কে-পপ বেণ্ড ব্লেকশ্বান (Blackswan) আৰু ব্ৰাজিলৰ গেব্ৰিয়েলা ডালচিনে (Gabriela Dalcin)। বেণ্ডটোৱে ইনষ্টাগ্ৰামযোগে জনাইছে যে শ্ৰিয়াক তেওঁলোকে বেণ্ডটোৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত কৰিছে। উল্লেখযোগ্য যে ২০২০ চনত কে-পপৰ জগতত ভূমুকি মৰা এই ছজনীয়া বেণ্ডটোৱে তীব্ৰ জনপ্ৰিয়তা লাভ কৰিছে।

আনহাতে, শ্ৰিয়াই কেৱল কে-পপেই নহয়, তেওঁ হিন্দুস্তানী ধ্ৰুপদী সংগীত আৰু অডিছিকে ধৰি কেইবাটাও নৃত্যশৈলীতো পাৰ্গত। কিন্তু কে-পপৰ চৰ্চাত সফল হোৱা বাবেই কোৰিয়াৰ ৰাজধানী ছিউলৰ বেণ্ডটোৱে এটা অডিছনৰ যোগেৰে তেওঁক নিৰ্বাচিত কৰিছে।অতি সোনকালে ভাৰতৰ প্ৰথমগৰাকী কে-পপ সংগীতশিল্পী হিচাপে জ্বিলিকি উঠিব শ্ৰিয়া লেংকা।

বিদ্যালয়ৰ পানীৰ টেংকী বিক্ৰী প্ৰধান শিক্ষক আৰু সভাপতিৰ

কলগাছিয়াৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ৫৮৩ দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ পানীৰ টেংকী বিক্ৰী বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ ৷ বিদ্যালয় খনত দুটা টেংকী আছিল যদিও তাৰে এটা ওচৰৰে মছজিদত দান কৰিছে আনটো পাঁচ হেজাৰ টকা বিক্ৰী কৰাৰ অভিযোগ পোৱা গৈছে ৷

বিদ্যালয় খনত প্ৰাত: সভা অনুষ্ঠিত কৰিবলৈ ঠাইৰ অভাৱ হোৱাৰ কাৰণে পানীৰ টেংকী বিক্ৰী কৰা বুলি জানিবলৈ বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনাৰ সভাপতিয়ে ৷ পানী টেংকী বিক্ৰী কৰা পয়চাৰে বিদ্যালয় চৌহদত মাটি ভৰোৱা বুলি সদৰি কৰে প্ৰধান শিক্ষক আৰু সভাপতিয়ে ৷ অৱশ্যে এইক্ষেত্ৰত কোনো প্ৰস্তাৱ লোৱা হোৱা নাই বুলি স্বীকাৰ কৰে প্ৰধান শিক্ষক আৰু সভাপতিয়ে ৷

এইক্ষেত্ৰত দূৰ্নীতি হোৱা বুলি একাংশ ৰাইজে ৰূপসী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে৷ প্ৰধান শিক্ষক গৰাকীয়ে কোনো প্ৰস্তাৱ নোলোৱাকৈ বিদ্যালয়ৰ সম্পত্তি বিক্ৰী কৰা সন্দৰ্ভত খণ্ড শিক্ষা বিষয়া গৰাকীয়ে কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব ৷

আপুনি কেঁচা পিঁয়াজ খায়নে? কেঁচা পিঁয়াজ খোৱাৰ লাভালাভ,দৈনিক কেঁচা পিয়াজ খোৱাৰ আশ্চৰ্যজনক লাভালাভ

এই সমস্যাবোৰ হৈছে যে প্ৰায় প্ৰতিটো ভাৰতীয় পাকঘৰত পিয়াজ ব্যৱহাৰ কৰা হয়। যদিও বহুলোকে পিয়াজ পৰিহাৰ কৰে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা, ই অতি উপকাৰী। ইয়াক বহুতো সমস্যাৰ পৰা সকাহ দিব পাৰি।
পিঁয়াজ প্ৰায় প্ৰতিটো ভাৰতীয় পাকঘৰত ব্যৱহাৰ কৰা হয়। যদিও বহুলোকে পিয়াজ পৰিহাৰ কৰে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা, ই অতি উপকাৰী। পিঁয়াজ যোগ দি, যিকোনো বস্তুৰ সোৱাদ দুগুণ হয়। ইয়াৰ উপৰিও, পিয়াজ চালাড হিচাপেও খোৱা হয়। দাইল চাউল হওঁক বা চোলে ভাটুৰ হওঁক, নেমু যোগ কৰি কেঁচা পিয়াজ খোৱাটো সাধাৰণতে মানুহে ভাল পায়। যদি আপুনিও তেনে কৰে, তেন্তে মই আপোনাক কওঁ, কেঁচা পিয়াজ খোৱাৰ বহুতো লাভালাভ আছে।

কেঁচা পিয়াজ স্বাস্থ্যৰ বাবে উপকাৰী

কেঁচা পিয়াঁজে কেৱল আপোনাক গৰমৰ পৰা সুৰক্ষিত কৰিব নোৱাৰে, কিন্তু ই আপোনাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। কেঁচা পিয়াজ খোৱাৰ ফলত কৰ্কট ৰোগ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ উচ্চ ৰক্তচাপৰ আশংকা যথেষ্ট হ্ৰাস হয়। ইয়াৰ উপৰিও, ই পাচন প্ৰক্ৰিয়াটো সঠিক ৰখাত সহায় কৰে। প্ৰকৃততে, ইয়াত থকা মেগনেছিয়াম আৰু অন্যান্য খনিজ লৱণে শৰীৰত তেজৰ প্ৰবাহ বজাই ৰখাত সহায় কৰে, যাৰ ফলত শক্তিৰ স্তৰ বজাই ৰাখে। আপুনি দুপৰীয়াৰ আহাৰত চালাডৰ প্লেটত কেঁচা পিয়াজ অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ লাভালাভবোৰ জনা ওঁআহক –

ৰোগ প্ৰতিৰোধ ক্ষমতা – শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পিয়াঁজে কাম কৰে। ইয়াৰ বহুতো গুণ আছে যেনে ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম আৰু ভিটামিন-চি, যি শৰীৰক স্বাস্থ্যৱান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কৰ্কট ৰোগ প্ৰতিৰোধ – পিঁয়াজৰ কৰ্কট ৰোধী গুণাগুণ থকা দেখা যায়। তেওঁলোকে কেৱল শৰীৰৰ কৰ্কট কোষবোৰ বৃদ্ধি হোৱাত বাধা দিয়াই নহয় কিন্তু ইয়াক আঁতৰ কৰে। বহুতো অধ্যয়নে দাবী কৰিছে যে পিয়াজ খোৱা লোকসকলৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ আশংকা কম।

হিনা খানৰ পিছত, এতিয়া হেলি শ্বাহে বলীউডৰ ওপৰত বৈষম্যমূলক আচৰণৰ অভিযোগ উত্থাপন কৰিছে, গোটেই বিষয়টো কি জানি লওক

বলীউডত কেইবাবাৰো বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। টিভি অভিনেত্ৰীগৰাকীয়ে সদায় এই বিষয়ে মুকলিকৈ কৈ আহিছে। এতিয়া, হেলি শ্বাহে বলীউডৰ ওপৰত বৈষম্যৰ অভিযোগ উত্থাপন কৰিছে। গোটেই বিষয়টো কি সেয়া জানো আহক।
বলীউডত প্ৰায়ে টিভি তাৰকাসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বহুসময়ত টিভি চেলিব্ৰেটীসকলে এই বিষয়ে মুকলিকৈ কৈছিল আৰু কৈছিল যে তেওঁলোকে বলীউডত বহুতো সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ, অভিনেত্ৰী হিনা খানে কৈছিল যে কান চলচ্চিত্ৰ মহোৎসৱত বলীউডে তেওঁক সম্পূৰ্ণৰূপে উপেক্ষা কৰিছিল আৰু তেওঁক ভাৰতীয় পেভিলিয়নতো স্থান দিয়া হোৱা নাছিল। গতিকে এতিয়া এই খণ্ডটোত টিভি অভিনেত্ৰী হেইলি শ্বাহৰ নামও যোগ কৰা হৈছে। অভিনেত্ৰীগৰাকীয়ে কৈছে যে কান চলচ্চিত্ৰ মহোৎসৱৰ সময়ত, তেওঁক বলীউডৰ ডিজাইনাৰসকলে হাৰাশাস্তি কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছিল।

ধাৰাবাহিক ‘স্বৰাগিনী’ খ্যাত হেইলি শ্বাহে কান চলচ্চিত্ৰ মহোৎসৱত যথেষ্ট বৈষম্যৰ সন্মুখীন হৈছিল। অভিনেত্ৰীগৰাকীয়ে এই বছৰ কানত আত্মপ্ৰকাশ কৰিছিল আৰু তাই তাইৰ জলৱাখন ৰেড কাৰ্পেটত পেলাই দিছিল। অভিনেত্ৰীগৰাকীয়ে কয়, “এগৰাকী টিভি অভিনেত্ৰী হোৱাৰ বাবে, মোক কাণত উপেক্ষা কৰা হৈছিল, যাৰ বাবে মই বেয়া অনুভৱ কৰিছিলো। ‘