Home Blog Page 2321

আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন। পত্নী আইমী বৰুৱাই কিদৰে শুভেচ্ছা জনালেঁ‌

আজি মন্ত্ৰী পিযূষ হাজৰিকাৰ জন্মদিন। মন্ত্ৰী গৰাকীৰ জন্মদিনত তেওঁৰ শুভাকাংক্ষীয়ে জনালেঁ‌ জন্মদিনৰ শুভেচ্ছা। পত্নী আইমী বৰুৱাই স্বামী জন্মদিনত শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়াত প’ষ্টৰ জৰিয়তে শুভেচ্ছা জনাই ক’লে-


“চৌপাশে চিৰদিন পোহৰ আৰু ফুলবোৰ ফুলি থাকক..”

মানুহৰ বাবে যি উদ্যম, সাহসেৰে তুমি কাম কৰা তাক লৈ মই গৌৰৱান্বিত। সকলোৰে ভালৰ বাবে যি শুভ ইচ্ছাৰে তুমি সদায় আগবাঢ়া তাৰ প্ৰতি মোৰ বুকুত আছে এখিনি আছুতীয়া শ্ৰদ্ধা। ভালে থাকা, স্নেহ আৰু আদৰেৰে মই সদায় তোমাৰ কাষত…💚

জন্মদিনৰ অলেখ শুভেচ্ছা যাচিলো।

আমাৰ ফালৰ পৰাও মন্ত্ৰীগৰাকীৰ জন্মদিনত জনালোঁ‌ অলেখ শুভকামনা।

বিলাসীপাৰাৰ কৃষ্ণ নগৰ নৱ গঠিত জনকল্যাণ ক্লাৱৰ। সম্বৰ্দ্ধনা অনুষ্ঠান…

নৱ গঠিত জনকল্যাণ ক্লাৱৰ সভাপতি ৰাজু ঠাকুৰীয়া আৰু সন্পাদক আজিজুল হকৰ লগতে ক্লাৱৰ সদস্য ওমৰ ফাৰুক,সৰবেশ আলি আদিকে ধৰি সৰ্বমুঠ ১৫ গৰাকী সদস্যক বৃহস্পতি বাৰৰ দিনা বিয়লিৰ ভাগত ফুলাম গামোচাৰে সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। যদিও সম্বৰ্দ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে-সদায় সমাজ সেৱকৰ কাৰ্য্যৰ লগত জড়িত থকা শিক্ষক আমিৰচান মণ্ডলে। নৱ গঠিত ক্লাৱৰ সভাপতি ৰাজু ঠাকুৰীয়া,সম্পাদক আজিজুল হকৰ লগতে প্ৰত্যোক গৰাকী সদস্যই সম্বৰ্দ্ধনা অনুষ্ঠানৰ আগতীয়াকৈ বিলাসীপাৰা কৃষ্ণ নগৰ ১৪ নন্বৰ ওৰ্ৱাডত বান পানী পৰিদৰ্শন কৰি আহিছিল।

যদিও নৱ গঠিত জন কল্যাণ ক্লাৱে বৃহস্পতি বাৰৰ দিনা বিয়লিৰ ভাগত বিলাসীপাৰা কৃষ্ণ নগৰ ১৪ নন্বৰ ওৰ্ৱাডত বান পানীত কক বকাই থকা ১৫-২০ গৰাকী দুখীয়া পৰিয়ালক ৫ কেজি চাউল,ডাইল লৱন আদি বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে। নৱ গঠিত জন কল্যাণ ক্লাৱৰ অলপ সহানুভূতিৰে বিলাসীপাৰা কৃষ্ণ নগৰ ১৪ নন্বৰ ওৰ্ৱাডৰ বান আক্রান্ত পৰিয়ালৰ লগতে স্থানীয় ৰাইজে অশেষ প্ৰশংসা জ্ঞাপন কৰে।

শিমলুগুৰিৰ দিজৌখনা জানত কেমিকেল! মাছৰ মৃত্যু; তীব্ৰ প্ৰতিক্ৰিয়া

নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰৰ মাজেৰে যোৱা ঐতিহাসিক দিজৌখনা জানত এটা উদ্যোগৰ পৰা তেলজাতীয় কেমিকেল পেলাই দিয়াৰ ফলত মাছৰ মৃত্যু হোৱা ঘটনাই শিমলুগুৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিমলুগুৰিৰ ৰেলৱে ক্ৰচিঙৰ সমীপৰ মছকৰা নামৰ ব্যৱসায়ী জনৰ মাটিত ভাৰাতীয়া হিছাপে থকা অএনজিচিৰ এটা কেমিকেল গুডামৰ পৰা প্ৰায়ে জানটোত কেমিকেল পেলাই থকাৰ অভিযোগ উঠি আহিছে৷

এনে কেমিকেলৰ প্ৰকোপত জানটোত থকা মাছৰ মৃত্যু হোৱাৰ লগতে এনে মৰা মাছ খাই হাঁহ ,কুকুৰাৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে।এই সংক্ৰান্তত স্হানীয় ৰাইজে আৰক্ষীক অবগত কৰি প্ৰশাসনে বিহীত ব্যৱস্থা লবলৈআহ্বান জনাইছে৷

ষোল্ল বছৰে ভাৰতৰ বিভিন্ন স্থানত কৰ্ম সস্থানৰ বাবে ঘুৰি-ফুৰা বিহালীৰ এগৰাকী যুৱক।অৱশেষত ফাষ্ট ফুডৰ দোকান দি স্বাৱলম্বী হৈছে যুৱকজন

বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাংছালী দলনী গাঁওৰ কৃষ্ণ প্ৰসাদ ভট্টৰায়ে ফাষ্ট ফুডৰ দোকান দি নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে । বিগত ষোল্ল বছৰে ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ দিল্লী,তামিলনাডু,কেৰেলা,বেংলোৰ আদিত কৰ্ম সস্থানৰ বাবে থাকি অৱশেষত নিজ গৃহভুমি বিহালীলৈ ঘুৰি আহি ব্যৱসায় আৰম্ভ কৰিছে। দুবছৰ আগতে বিহালীৰ নাচবৰ আৰু ৰাংছালী দলনী গাঁওত ঠেলাত ফাষ্টফুডৰ দোকান আৰম্ভ কৰা কৃষ্ণই বৰ্তমান কমাৰ পুখুৰী তিনিআলিত সোণটি দাসৰ মাৰ্কেট চেটত এটি ৰূম ভাড়াত লৈ স্থায়ী ভাৱে ব্যৱসায় আৰম্ভ কৰি পাচ জনীয়া পৰিয়াল পোহপাল দিবলৈ সক্ষম‌ হৈছে।

ফাষ্ট ফুডৰ উপৰিও বানানা,এপল,বাদাম,মেঙ্গো,পাইনোপল চেক আৰু জুচ বিক্ৰী কৰে। তেওঁ অসমৰ পৰা বিভিন্ন স্থানত গৈ কৰ্মসস্থাপন বিচাৰী ঘুৰি ফুৰাতকৈ অসমতে থাকি নিজা ব্যৱসায় কৰিলে যথেষ্ট লাভ হয় বুলি মন্তব্য কৰে।

তিনিদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ যোজনা’ই প্ৰতিবাদ কৰি আহিছে। প্ৰতিবাদকাৰীসকলে এতিয়ালৈকে কেইবাখনো ৰে’লত জুই লগাইছে। কিন্তু আপুনি জানেনে প্ৰতিবাদ কৰিবলৈ জুই লগোৱা ৰে’ল নিৰ্মাণত কিমান খৰচ হয়?

অগ্নিপথ আঁচনিৰ প্ৰতিবাদ: প্ৰতিবাদকাৰীসকলে ৰেলক লক্ষ্য কৰি আছে, জানক এটা বগী কিমান টকাত উপাৰ্জন কৰা হয়
অগ্নিপথ আঁচনিৰ প্ৰতিবাদঃ যোৱা তিনিদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ আঁচনি’ৰ বিৰোধিতা কৰি আহিছে। প্ৰতিবাদকাৰীসকলে এতিয়ালৈকে কেইবাখনো ৰেলত জুই লগাই ছে। কিন্তু আপুনি জানেনে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিবলৈ জ্বলাই দিয়া ৰেলখন নিৰ্মাণ কৰিবলৈ কিমান খৰচ হয়?কেন্দ্ৰীয় চৰকাৰে সেনাত নিযুক্তিৰ বাবে ‘অগ্নিপথ আঁচনি’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই আঁচনিখনৰ সমগ্ৰ দেশতে বিৰোধিতা কৰা হৈছে। পৰিকল্পনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলে যোৱা তিনি দিনত কেইবাখনো ৰে’লত জুই লগাই দিছে। ৰেলত জুই লগাৰ কেইবাটাও ভিডিঅ’ ওলাইছে। কিন্তু আপুনি জানেনে প্ৰতিবাদকাৰীসকলে আঁচনিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ লক্ষ্য কৰি লোৱা ৰেলবোৰ কিমান টকাত নিৰ্মাণ কৰা হৈছে?

ৰেলখনৰ ইঞ্জিনটো ২০ কোটি টকালৈকে নিৰ্মিত।
ৰেল এখন নিৰ্মাণৰ ব্যয় বুজি পোৱাৰ আগতে, জানিব যে ৰেলখনৰ দুটা অংশ আছে। প্ৰথম অংশটো হ’ল ৰেলখনৰ ইঞ্জিন। ৰেলখনৰ আনটো অংশ ইয়াৰ কোচ। ৰেলখনৰ ইঞ্জিনে নিজেই গোটেই ৰেলখনক এটা কম্মাড দিয়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰে’লখনৰ এটা ইঞ্জিন নিৰ্মাণ কৰিবলৈ প্ৰায় 20 কোটি টকা ব্যয় হয়। আপুনি জানি আচৰিত হ’ব যে এই ব্যয় অতি কম, কিয়নো ৰেলখনৰ ইঞ্জিন ভাৰতত তৈয়াৰ কৰা হয়।

প্ৰশিক্ষক নিৰ্মাণৰ বাবে ২ কোটি টকা ব্যয় হয়।
ৰেলখনৰ ইঞ্জিনৰ উপৰিও, ইয়াত বহু প্ৰকাৰৰ ডবা আছে। ৰেলখনৰ এটা ডবা নিৰ্মাণ কৰিবলৈ প্ৰায় ২ কোটি টকা ব্যয় হয়। অৱশ্যে, প্ৰশিক্ষকৰ সুবিধা অনুসৰি তেওঁলোকৰ মূল্য পৃথক হয়। সাধাৰণ আৰু স্লিপাৰৰ তুলনাত এচি ডবাবোৰ ব্যয়বহুল।

এক্সপ্ৰেছ ৰেল ৬৮ কোটি টকাত সাজু
এই অনুসৰি, এখন এক্সপ্ৰেছ ৰেল নিৰ্মাণকৰিবলৈ প্ৰায় 68 কোটি টকা ব্যয় হয়। এক্সপ্ৰেছ ৰেলখনত ২৪ টা ডবা আছে। গতিকে প্ৰতিটো কোচত 2 কোটি টকাত, ইয়াৰ মূল্য 48 কোটি টকা হয়। একে সময়তে, ইয়াৰ ইঞ্জিনৰ মূল্য 20 কোটি টকালৈকে। একে সময়তে, এখন সাধাৰণ যাত্ৰীবাহী ৰেল নিৰ্মাণৰ বাবে মুঠ 50 ৰ পৰা 60 কোটি টকা ব্যয় হয়। কাৰণ এই ৰেলসমূহৰ ডবাবোৰত এক্সপ্ৰেছ ৰেলৰ তুলনাত অলপ কম সুবিধা আছে।

চালানী মাছ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী…

ৰাস্তাৰে কেতিয়াবা গৈ থকা সময়ত দূৰ্গন্ধ পালে হঠাতে নাকটো চেপি শ্বাস-প্ৰশ্বাস বন্ধ কৰি লৰা-লৰিকৈ পাৰ হও। ওচৰতে পথৰ দাতিত কৰবাত গেলা-পচা মৃতজন্তু পৰি আছে। অথচ অজানিতে বা লোভ সামৰিব নোৱাৰি ইয়াতকৈ বিষাক্ত চালানী মাছ আমি অমৃত হিচাবে ভক্ষণ কৰি আছো‌। আজিকালি অসমত চালানী মাছৰ পয়োভৰতা দিনক দিনে বাঢ়ি আহিছে। অতিথি, অন্নপ্ৰাশন , বনভোজ , বিহুৰ উৰুকাৰ ভোজ, বিয়া, ৰাজহুৱা অনুষ্ঠানত ভোজ আদিত চালানী মাছ খুৱালেহে নাকটো বাছে। চালানী মাছৰে মৎস্যস্পৰ্শন পাতি ৰাইজৰ আশীৰ্বাদ ললেহে বৈতৰণী পাৰ হোৱা মৃতকৰ আত্মাই মুক্তি পাই পৰমাত্মাৰ লগত বিলীন হয়। গুজৰাটী, ৰাজস্থানীকে আদি কৰি বহুতে মাছ নাখাই বাবে মৃতকৰ শ্ৰাদ্ধৰ অন্তত মৎস্যস্পৰ্শ ভোজ নাপাতে । প্ৰশ্ন হল, এই সকলৰ আত্মাই মুক্তি নাপাই নেকি ?


কিন্তু আমি পৱিত্ৰ কামত ব্যৱহাৰ কৰা চালানী মাছবোৰ কিমান অপৱিত্ৰ আৰু বিষাক্ত হয়তো বহুতে নাজানে। চাৰ্ভিচ লেট্ৰিনত জমা হোৱা মানুহৰ বিষ্ঠা , জীৱ-জন্তুৰ মল, মৰা জীৱ-জন্তু তথা বৰ্জিত খাদ্য আৰু ইউৰীয়া খাই ডাঙৰ হোৱা চালানী মাছৰ সোৱাদ মচলা দি ৰন্ধাৰ পিছত বৰ মজা। কিন্তু এই মাছবোৰ অসমলৈ পঠোৱাৰ আগত ফৰ্মেলডিহাইদ মাছৰ দেহত ভালদৰে সানি দিয়া হয় । ফৰ্মেলডিহাইদ সানিলে মাছ নপচে আৰু নেগেলে। তাৰোপৰি মাছৰ পেটৰ ভিতৰত তেজৰ দৰে ৰঙা ৰাসায়নিক জুলীয়া পদাৰ্থ ভৰাই দিয়া হয় যাতে হোলা ভাই মোলা অসমীয়াই লোকেল মাছ বুলি কিনিব পাৰে।
ফৰ্মেলিন বা ফৰ্মেলডিহাইদ কি জানেনে ?

চিকিৎসা বিজ্ঞানৰ ছাত্র-ছাত্ৰীয়ে শৱচ্ছেদন কৰা মৃতদেহ সংৰক্ষণৰ কাৰণে এই ফৰ্মেলডিহাইদ ব্যৱহাৰ কৰা হয়। মাত্ৰ ৫০ মিলি লিটাৰ ফৰ্মেলডিহাইদৰে এটা মৃতদেহ সংৰক্ষিত কৰিব পাৰি। গতিকে আমি কিমান বিষাক্ত চালানী মাছ খাও চিন্তা কৰকছোন । মাছ খোৱাৰ সময়ত কাইটবোৰ আতৰ কৰিব পাৰি , কিন্তু মাছৰ মঙহৰ ভিতৰত সোমাই থকা ফৰ্মেলডিহাইদ আতৰাব কেনেকৈ?
চালানী মাছৰ পৰা কি কি হব পাৰে

(১) চালানী মাছৰ বিষাক্ত পদাৰ্থ তেজত মিহলি হোৱাৰ পিছত তাৎক্ষণিক ভাৱে এলাৰ্জী , চালৰ ৰোগ হয়।
(২) শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ হয়।
(৩) পেটৰ ৰোগ যেনে পেটফুলে, বুকু জ্বলা-পোৰা , টেঙাপানী, বদহজম , পাতল শৌচ হয়। ইয়াৰ পৰা ফুড পইজনি‌‌‌‌ঙ হব পাৰে। একেৰাহে কিছুদিন খালে ক্ৰণিক ডিছেন্ট্ৰীৰ দৰে লক্ষণ দেখা যায় আৰু চিকিৎসা কৰিলেও সহজে আৰোগ্য নহয়।
(৪) ফৰ্মেলডিহাইদৰ কাৰণে লিভাৰ কোষৰ ক্ষতি হোৱা বাবে নানা ধৰণৰ লিভাৰৰ ৰোগ হয়।
(৫) কিডনী আক্ৰান্ত হৈ কিডনী ফেইলাৰ, নেফ্ৰাইটিছ আদি ৰোগ হয়।
(৬) তেজত ইউৰিক এচিড বাঢ়ি গাউট নামৰ গাঠিৰ বিষ হয় ।
(৭) মুখগহ্বৰত ঘা উৎপত্তি হয়, ক্ৰমে মুখৰ ঘাঁ বাঢ়িবলৈ ধৰে আৰু চিকিৎসা কৰিলেও দেৰিকৈ ভাল হয়। কেতিয়াবা এই ঘাঁবোৰৰ পৰা মুখৰ ভিতৰত কেঞ্চাৰ হোৱাৰ অধিক সম্ভাৱনা থাকে।
(৮) একেৰাহে এই বিষাক্ত মাছ খালে কৰ্কট বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ।
সেয়েহে চিন্তা কৰি চাওক, জানি শুনি এই মাছ খাবনে নাখায় নিজে বিবেচনা কৰক । চালানী মাছতকৈ আলুপিটিকা ভাত বেছি উপকাৰী।

ডা:মনোজ কুমাৰ শইকীয়া

একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিণীতা হাজৰিকাৰ জন্মদিনত দিগদৰ্শন প্ৰকাশনৰ ইতিবাচক পদক্ষেপ

বিশেষভাবে সক্ষম পৰিণীতা হাজৰিকা নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ স্ব-ৰচিত কবিতাসমূহ থূপ খোৱাই ১৬জুনত ছাত্ৰীগৰাকীৰ জন্মদিনত যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনে গ্ৰন্হ আকাৰে ছপা ৰূপ দি প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিয়া ইতিবাচক আৰু প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে কমাৰগাঁওৰ বুধবাৰীৰ ৰাইজে। যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ অসমীয়া মাহত প্ৰকাশিত পষেকীয়া আলোচনী “জ্ঞানজ্যোতি”ৰ প্ৰতিনিধি পৰিণীতা হাজৰিকাৰ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বুধবাৰীস্হিত বাসগৃহত কবিতা পুথি”নিৰিবিলি সুবাস” উন্মোচন কৰে বিশিষ্ট কবি অমল দাৱে।দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠান ধৰিত্ৰী হাজৰিকা বৰা,দীপা বৰা শইকীয়া,ৰুবী দত্ত ভূঞা,ৰূপা বৰাৰ বৰগীত পৰিৱেশনৰে শুভাৰম্ভ হয়। গ্ৰন্হখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাসে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মহুৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ বৰুৱা,সাংবাদিক পৱন কামান,অৱসৰপ্ৰাপ্ত শিক্ষক মহেন শইকীয়া,দুলাল বৰা,স্হানীয় নাট্য সংঘৰ সম্পাদক ৰণ্টু শইকীয়াই বিশিষ্ট অতিথিৰূপে উপস্হিত থাকি বক্তব্য ৰাখে।

উদীয়মান শিল্পী স্নিগ্ধা শইকীয়াৰ অভিনয়, তৃষ্ণা শইকীয়াৰ নৃত্য পৰিৱেশনে উপস্হিত সকলোকে মুগ্ধ কৰা সভাখনত কবিতা পাঠ কৰে উৎপল বৰাই। কবিতা ভূঞা কলিতা আৰু ধৰিত্ৰী হাজৰিকা বৰাই বক্তব্য ৰখা সভাখনত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰাঞ্চিকা হাজৰিকা,প্ৰিয়াক্ষী গোঁহাই,দৃষ্টি হাজৰিকা,মৃণ্ময় বৰা,পূবালী শইকীয়া আৰু পৰিণীতা হাজৰিকাক গ্ৰন্হৰ টোপোলা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে পৰিণীতা হাজৰিকাৰ ২০২১ চনত “এমুঠি হৃদয়ৰ অনুভৱ” আৰু ২০২১চনত “হৃদয়ৰ এমুঠি কবিতা” জন্মদিনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰিছিল দিগদৰ্শন প্ৰকাশনে।শতাধিক ৰাইজে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ সামৰণি জাতীয় সংগীত পৰিৱেশনৰে কৰা হয়।

কুমাৰীকাটা ৰাইজিং ষ্টাৰচ্ একাডেমীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশই সুখ্যাতিৰে উজলিল কুমাৰীকাটাৰ ৰাইজিং ষ্টাৰচ্ একাডেমী। আজি বিদ্যালয়খনত শলাগৰ বিশেষ অনুষ্ঠান নামৰ এখন সভা অনুষ্ঠিত কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। দিনৰ এক বজাৰ পৰা ৰাইজিং ষ্টাৰচ্ একাডেমীৰ সঞ্চালক মইনুল হক চৌধুৰী সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভাত দহ গৰাকী কৃতি ছাত্ৰ- ছাত্ৰীক ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়।

এই সম্বৰ্ধনা সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে তামুলপুৰৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাস, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ২৬ নং দৰঙাজুলী বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বায়ন, ইউপিপিএল কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুজিব আলী আহমেদ, কুমাৰীকাটা ছোৱালী স্কুলৰ প্ৰধান শিক্ষক বুদ্ধ ছেত্ৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আপোনাৰো ফুড এলাৰ্জি হৈছে নেকি? ফুড এলাৰ্জি হ’লে কি কৰিব…

ফুড এলাৰ্জি

আজিকালি বহু লোকক ফুড এলাৰ্জিত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। চেন্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্রিভেনছনৰ মতে ৪ৰ পৰা ৬ শতাংশ শিশু আৰু ৪ শতাংশ বয়োজ্যেষ্ঠ লোক ফুড এলাৰ্জিত আক্রান্ত হোৱা দেখিবলৈ পোৱা যায়। বিশেষ কেইবিধমান খাদ্যৰ ৰোগ প্রতিৰোধ ক্ষমতা একেবাৰে কম। আৰু এইকেইবিধ খাদ্য খালে আমাৰ শৰীৰৰ বিভিন্ন অংগ খজুৱাবলৈ ধৰে ৰঙা পৰে আৰু কেতিয়াবা আকৌ ফুলি যোৱাৰ দৰে সমস্যাই দেখা দিয়ে আৰু ইয়াকে ফুড এলাৰ্জিত আক্ৰান্ত বুলি কোৱা হয়। ফুড এলাৰ্জিত আক্ৰান্ত হ’লে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। তদুপৰি কিছুমান ঘৰুৱা উপায়েৰেও ফুড এলাৰ্জিৰ পৰা পৰিত্ৰাণ পাব পাৰি। এনে কেইটিমান ঘৰুৱা দিহা আজিৰ আলোচনাৰ বিষয়।

আদাত থকা এন্টি ইনফ্লেমেটৰি, এন্টি অক্সিডেন্ট তথা এন্টি বেক্টেৰিয়েল উপাদানে হজমৰ সমস্যা দূৰ কৰে। লগতে চিটচিটনি, জ্বলা পূৰা আদি সমস্যা ৰোধ কৰে। দিনটোত দুই তিনি কাপ পর্যন্ত আদাৰ চাহ পান কৰিব পাৰিলে ভাল। দুই-তিনি কাপ পানীত কেইটুকুৰামান আদা কাটি দহ মিনিটমান উতলাব লাগে। সেই পানীও এচামুচ মৌ মিহলাই কুহুমীয়া কৰি খালে হজম শক্তি বৃদ্ধি পায়।

এগিলাচ গৰম পানীত এচামুচ আপেল চাইডাৰ ভিনেগাৰ, এচামুচ মৌ আৰু এফাল নেমুৰ ৰস মিহলাই দিনটোত দুই-তিনিবাৰ পান কৰিব লাগে। আপেল চাইডাৰ ভিনেগাৰ এন্টিহিষ্টামিনযুক্ত তথা ইয়াত থকা অন্যান্য উপাদানে বিভিন্ন ফুড এলাৰ্জিৰ পৰা উপশম ঘটায়।

যিবোৰ খাদ্য খালে এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে তেনে খাদ্য এৰি চলিবলৈ যত্ন কৰিব লাগে। সাধাৰণতে চীনা বাদাম, কণী, গাখীৰ, চয়া, সামুদ্ৰিক খাদ্য, মিছা মাছ, গো মাংস আদি খাদ্যৰ বাবে এলার্জি হোৱা দেখা যায়। কেনেধৰণৰ খাদ্যৰ বাবে এলাৰ্জি হৈছে সেই বিষয়ে জানিবলৈ দুই-তিনিদিনৰ খাদ্যৰ এখন তালিকা প্রস্তুত কৰি ল’ব লাগে। আৰু এই তালিকাৰ পৰা বিচাৰি উলিয়াবলৈ সহজ হ’ব কোনবিধ খাদ্য আপোনাৰ এলাৰ্জিৰ কাৰণ আৰু সেই বিশেষ এৰি চলাই আপোনাৰ মংগল।

গাজৰ আৰু তিয়ঁহৰ ৰস একেলগে মিহলাই পান কৰিব লাগে। গাজৰ আৰু তিয়হত থকা এন্টি এলাৰ্জিক উপাদানে ছালৰ চিটচিটনি ভাব দূৰ কৰাৰ লগতে ৰঙা পৰাৰ পৰাও মুক্তি দিয়ে।

গ্ৰীন টীৰ এন্টি অক্সিডেন্ট তথা এন্টি ইনফ্লেমেটৰী উপাদানে ফুড এলাৰ্জি দূৰ কৰাত সহায় কৰে। গ্ৰীন টীৰ লগত মৌ আৰু নেমু মিহলাই দিনে তিনি-চাৰিবাৰকৈ পান কৰিব পাৰিলে ভাল। নেমুৱে ৰোগ প্ৰতিৰোধ বৃদ্ধি কৰি ফুড এলাৰ্জি প্রতিৰোধ কৰে। একাপ কুহুমীয়া পানীত এটা নেমুৰ ৰস আৰ এচামুচ মৌ মিহলাই পুৱা খালী পেটত নিয়মিত পান কৰিব পাৰিলে ভাল। যদি আপোনাৰ নেমুৰে এলাৰ্জি আছে তেন্তে এনে উপায় আপোনাৰ বাবে বিপজ্জনকহে হ’ব।

প্ৰতিদিনে দুই-তিনি ফোটা নহৰু চোবাই খাব লাগে। নহৰুত থকা কোয়াৰচিটেনে ফুড এলাৰ্জি প্ৰতিৰোধ কৰে। ফুড এলাৰ্জি প্ৰতিৰোধৰ বাবে এনেধৰণৰ সাধাৰণ ঘৰুৱা কিটিপ ব্যৱহাৰ কৰিলেও চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্রয়োজনীয়।

উৎস: সাদিন

শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুনৰ প্ৰতিবাদ যৌথ সংগ্ৰামী মঞ্চৰ। ৩৭ নং ফ’ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নামত ১০০ কোটিৰো অধিক টকা কেলেংকাৰী হোৱাৰ অভিযোগ সংগঠনটোৰ

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ পুনৰ প্ৰতিবাদ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ।ডিমৌৰ পৰা জাঁজী পৰ্যন্ত ৩৭ নং ফ’ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাৰ অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছে যে, সাধাৰণ ৰাইজে এতিয়া জিয়াটো ভূগিব লগা হৈছে । জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিঃ মি এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল । উক্ত কোম্পানীয়ে ভি এছ ডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল । যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰে ।তেতিয়াৰ পৰা ৪৪ কিঃ মিঃ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ নোহোৱাকৈ বিধ্বস্ত অৱস্থাত পৰি আছে ।

এই ফ’ৰলেণ্ড যুক্ত পথৰ কামত বহুতো চৰকাৰী আমোলা, ৰাজনৈতিক নেতা- পালিনেতা, ঠিকাদাৰ, মণ্ডল, উচ্চ পদস্ত বিষয়া কৰ্মচাৰী জড়িত হৈ থকাৰ কথা ইতিমধ্যে চৰ্চালৈ আহিছে । গতিকে চৰকাৰে ৰাইজৰ বৃহৎ স্বাৰ্থত এই বিয়াগোম কেলেংকাৰীৰ উচিত তদন্ত ঘোষণা কৰাক লৈ এতিয়া বিভিন্ন মহলত দাবী উত্থাপন হৈছে । এই প্ৰতিবাদী কাৰ্যসূচীৰে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি সমাগত ৭ টা দিনৰ ভিতৰত একো ব্যৱস্থা নললে ৩৭ নং ফ’ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ যৌথ সংগ্ৰামী মঞ্চৰ ।