Home Blog Page 2323

সোমবাৰে অমিত শ্বাহে ক’ত কি কৰিলে? অসমত নতুনকৈ কি দিলে?

দুদিনীয়া অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ উপৰিও তামুলপুৰ আৰু আমিনগাঁৱত তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতে গুৱাহাটীস্থিত জি এম চি এইছত নৱ নিৰ্মিত ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জি এম চি এইছত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কৃষিমন্ত্ৰী অতুল বৰা, লোকনিৰ্মাণ মন্ত্ৰী অজন্তা নেওগ, শিক্ষামন্ত্ৰী ৰণোজ পেগু, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, ইউ জি ব্ৰহ্ম, অশোক সিংঘাল, বিমল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, সাংসদ কুইন ওজা, বৈজয়ন্ত পাণ্ডা আদি। এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আগন্তুক ৫ বছৰত অসমত ২৫ খন মেডিকেল কলেজ স্থাপন হ’ব বুলি ঘোষণা কৰে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যৰ পুৰণি প্ৰতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ স্থাপন হ’ব বুলি কোৱাৰ লগতে জাপানৰ বেংকে ইয়াৰ হাহে ৪০০০ কোটি লোণ দিছে বুলিও উল্লেখ কৰে। তেওঁ কয়, জাইকাৰ ধনেৰে শিলচৰ, দৰং, হোজাই, দিমাহাছাওত মেডিকেল কলেজ নিৰ্মাণ কৰিব। এই ৪০০ কোটিৰ ভিতৰত অসম চৰকাৰে ১০০০ কোটি টকা ঘূৰাই দিলেই হ’ব। তেওঁ কয়, অসমক চিকিৎসা খণ্ডৰ মডেল ৰাজ্য হিচাপে গঢ়ি তুলিব বিচৰা হৈছে। আনহাতে, ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন উদ্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, উত্তৰ পূৱ চিকিৎসা কেন্দ্ৰ হোৱাৰ সপোন দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে জি এম চি এইছত শ্বাহে মুকলি কৰা এই ছুপাৰ স্পেচিয়েলিটি হাস্পতালত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্র মুকলি কৰিলে গৃহমন্ত্রীয়ে। এই চিকিৎসালয়ত আছে ১৬৮ খন বিছনাৰ সুবিধা। ৰোগীৰ বাবে আছে ৩৮টা কেবিন, আছে ICUৰ ব্যৱস্থা। ইয়াত অত্যাধুনিক প্রযুক্তিৰে কৰা হ’ব চিটি স্কেন, এম আৰ আই, এক্সৰে’। ইয়াৰ উপৰিও হাস্পতালখনত আছে ইউ এছ জি, ই চি জি, ইক’ কাৰ্ডিঅ’গ্ৰাফি, টি এম টি।হাস্পতালখনত থাকিব হল্টাৰ, ২০ টা অ’ পি ডি কনচাল্টেচন কক্ষ। প্রায় ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে হাস্পতালখন।

সোমবাৰে পুৱা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে গৃহমন্ত্ৰীগৰাকীয়ে। এই সময়ছোৱাত তেওঁক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি এছ এফৰ শীৰ্ষ বিষয়া আদিয়ে সংগ দিয়ে। এই সময়তে তেওঁ সীমান্তৰ ভাৰতীয় লোকৰ সৈতে মত বিনিময়তো লিপ্ত হোৱা দেখা যায়। ইয়াৰ পিছতে মানকাচৰৰ গৃহমন্ত্ৰীগৰাকী তামুলপুৰৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে।তামুলপুৰত নিৰ্মাণ কৰা হ’ব বি এছ এফৰ অস্ত্ৰাগাৰ নিৰ্মাণ আৰু মেৰামতিৰ এটা কাৰখানা। ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ জিলাৰ গীতানগৰ কালচেনীত অমিত শ্বাহে উত্তৰ-পূবৰ সৰ্ববৃহৎ অস্ত্ৰভাণ্ডাৰ আৰু কাৰখানাৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ বৰনদীৰ পাৰৰ ২০০ বিঘা মাটিত স্থাপন হ’ব এই অস্ত্ৰভাণ্ডাৰ।

এই অনুষ্ঠানতে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ বাবে উগ্ৰপন্থী গোটসমূহৰ সৈতে শান্তি আলোচনা সম্পন্ন হোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয়, ৭ বছৰ পূৰ্বে অসমলৈ আহিছিলোঁ। তেতিয়া যুৱকসকলে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সংঘৰ্ষ কৰি আছিল। তেতিয়া ইয়াত হিংসাৰ ৰাজনীতি চলি আছিল। বহু যুৱকৰ হত্যা হৈছিল। তাৰ পিছতেই আমি প্ৰতিশ্ৰুতি দিছিলোঁ সন্ত্ৰাসবাদক অসমৰ পৰা বাহিৰ কৰি দিয়া হ’ব। আৰু ৭ বছৰ পাছত মই ইয়ালৈ আহিছোঁ। এতিয়া অসমত শান্তি স্থাপন হোৱা দেখিছোঁ। ইয়াৰ পিছতে অমিত শ্বাহ আহি উপস্থিত হয় আমিনগাঁৱত। আমিনগাঁৱত তেওঁ শুভ উদ্বোধন কৰে লোকপিয়ল সঞ্চালকায় গৃহ। এই লোকপিয়ল সঞ্চালকালয়ৰ গৃহক উত্তৰ-পূবৰ ষ্টোৰ আৰু স্কেনিং কেন্দ্র হিচাপে ব্যৱহাৰ হ’ব। ভৱনটো নিৰ্মাণত ব্যয় হৈছে ৩২ কোটি টকা। এই অনুষ্ঠানত অমিত শ্বাহে কয়, পৰিয়াল নিয়ন্ত্রণৰ ক্ষেত্রত অসম চৰকাৰে কাম কৰা উচিত। লগতে তেওঁ ইয়াতেই ঘোষণা কৰে যে আগন্তুক সময়ত লোকপিয়ল ডিজিটেল মাধ্যমত হ’ব। মৃত্যু হোৱা লোকৰ সংখ্য ইয়াৰ পৰা ডিলিট হ’ব। আনহাতে জনবসতি ঘন থকা ৰাজ্যত জনসংখ্যা গণনা কৰাটো অতি আৱশ্যক বুলি উল্লেখ কৰি তেওঁ কয়, পৰিকল্পনা সঠিক নহ’লে উন্নয়ন তথা বিকাশ অসম্ভৱ।

সাংবাদিক ৰাজু বৰুৱাক প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ…

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে এগৰাকী সাংবাদিক। ৰাজু বৰুৱা নামৰ সাংবাদিক গৰাকী বৰ্তমান অসুস্থ। ৰাজু বৰুৱা নিউজ-18 অসম নৰ্থ ইষ্টত কৰ্মৰত অৱস্থাত আছিল। ৰাজু লিভাৰ চিৰোছিছত আক্ৰান্ত হৈ গুৱাহাটীৰ আয়ুৰসন্দ্ৰা হস্পিতালত চিকিৎসাধীন হৈ আছে।

চিকিৎসকে জনাইছে যে তাৎক্ষণিক ভাৱে তেওঁৰ লিভাৰ ট্ৰান্সপ্লান্ট কৰা আৱশ্যক। উল্লেখ্য যে, গুৱাহাটীত লিভাৰ ট্ৰান্সপ্লান্টৰ ব্যৱস্থা নাই। সেয়ে তেওঁক এয়াৰ এম্বুলেঞ্চ যোগেৰে চেন্নাইলৈ নিব লাগিব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত তেওঁৰ চিকিৎসাৰ বাবে প্ৰায় ৪০ লাখ টকাৰ প্ৰয়োজন। এই সময়চোৱাত পৰিয়ালটোক আৰ্থিক সহায়ৰ অত্যন্ত প্ৰয়োজন। কোনোৱে যদি ৰাজুলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে তলত বেংক একাউন্টৰ তথ্য দিয়া হ’ল-

RAJU BARUAH
SBI TEZPUR
AC— 32823336143
IFSC— SBIN0000195
Google pay No. 9706245425

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ…

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ ৷বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃত্যুৰ ঘটনাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত প্ৰতিবাদ ৷ দেওবাৰে বেকী নৈৰ পৰা উদ্ধাৰ হৈছিল মহাবিদ্যালয় খনৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃতদেহ ৷ ৬ মেৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰজনৰ মৃত্যুৰ ঘটনাৰ সৈতে জৰিত সকলক বিচাৰি উলিয়াবলৈ দাবী আৰক্ষীক ৷

বৰপেটা চহৰৰ মাজেৰে সমদল কৰি আহি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান কৰি হিমজ্যোতি দাসৰ মৃত্যুৰ তদন্তৰ দাবী জনায় ৷ইপিনে ছাত্ৰজনৰ আত্মহত্যাৰ ঘটনাৰ সৈতে পাঠশালাৰ এগৰাকী যুৱক জৰিত থকা বুলি উঠা অভিযোগৰ ওপৰতো তদন্তৰ দাবী জনায় ছাত্ৰ- ছাত্ৰীসকলে ৷

উল্লেখ্য যে, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কলা শাখাৰ ষষ্ঠ সান্মাষিকৰ ছাত্ৰ হিমজ্যোতি দাসে প্ৰেমজনিত কাৰনত ৬ মেত আত্মহত্যা কৰিছিল ৷সন্ধিয়া ঘৰৰ পৰা বৰপেটালৈ ওলাই অহা ছাত্ৰজনৰ মৃতদেহ ৮ মেত বেকী নৈত উদ্ধাৰক লৈ বৰপেটাত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ …

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ ৷ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। উন্মত্ত লোকৰ এটা দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী মহিলাক। বৰ্তমান উক্ত ঘটনাৰ লগত জড়িত ১১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাটোৰ লগত জড়িত পাঁচগৰাকী ব্যক্তিক এতিয়াও গ্ৰেপ্তাৰ নকৰাত ক্ষোভ প্ৰতিবাদকাৰীসকলৰ ৷

হাতত মাতৃৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী কন্যাই হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ ৷ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰ দ-বাৰিচোৱা গাঁৱত হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম জোনমনি বৰা। গাঁওখনৰে দিলীপ গগৈ নামৰ লোকজন আৰু তেওঁৰ পৰিয়ালবৰ্গই একেগাঁৱৰে মালিৰাম বৰাৰ গৃহত বলপূৰ্বক প্ৰবেশ কৰি মৰিয়াই মৰিয়াই হত্যা কৰিছিল মালিৰাম বৰাৰ পত্নী জোনমনি বৰাক। লগতে মৃত জোনমনি বৰাৰ কন্যা পৰিস্মিতা বৰাও উন্মত্ত দলটোৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল। ভূমিকেন্দ্ৰিক এক সংঘাতৰ বাবে কাজিয়াৰ সূত্ৰপাত হৈছিল অভিযুক্ত দিলীপ গগৈ আৰু মালিৰাম বৰাৰ পৰিয়ালৰ মাজত।

অৱশেষত সেই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে ৩০ মাৰ্চৰ সন্ধিয়া। গৃহস্থ মালিৰাম বৰা ঘৰত নথকা অৱস্থাত দিলীপ গগৈ আৰু পৰিয়ালৰ লোকসকলে হাতে হাতে লাঠি লৈ ঘৰৰ দুৱাৰ ভাঙি মালিৰাম বৰাৰ গৃহত প্ৰবেশ কৰি লুটপাট আৰম্ভ কৰে।দলটোৱে ঘৰৰ আচবাব ভাঙি চুড়মাৰ কৰি অচেতন অৱস্থাত জোনমনি বৰাক এৰি সেই স্থান ত্যাগ কৰাৰ পাছত গাঁৱৰ একাংশ লোকে মুমুৰ্ষ অৱস্থাত জোনমনি বৰাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গোলাঘাটৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পাছত জোনমনি বৰাক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও অৱশেষত চিকিৎসালয়তে মৃত্যুক আকোৱালি লয় মহিলাগৰাকীয়ে।

আনহাতে ঘটনাৰ লগত জড়িত ১১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে যদিও পাঁচগৰাকীক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ পাঁচগৰাকী অভিযুক্ত ক্ৰমে নুমলী গগৈ, পূৰবী নেওঁগ গগৈ, বন্তি গগৈ, চিবানী গগৈ আৰু দিপান্ত গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবীত সোমবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক গাঁওবাসীয়ে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাই ৷

বৰপেটাৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উদ্যোগত দুদিনীয়াকৈ ৰবীন্দ্ৰ জয়ন্তী উদযাপন…

বৰপেটাৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উদ্যোগত দুদিনীয়াকৈ ৰবীন্দ্ৰ জয়ন্তী উদযাপন । কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ অংশগ্ৰহণ ।

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা ৰোডত ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে।ৰাতিপুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হোৱা অনুস্থানত পতকা উত্তোলনৰ পিছতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় যত অংশগ্ৰহণ কৰে কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ চৰণীয়াই।এই শুভাযাত্ৰাত বাৰে বিভিন্ন জন গোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।আজি আৰু কালি নিশা অনুষ্ঠিত হব সাংস্কৃতিক কাৰ্য্যসূচী যত অংশগ্ৰহণ কৰিব শ্ৰীলংকা ,বাংলাদেশ আৰু শান্তি নিকেটন পশ্চিম বংগৰ শিল্পী বৃন্দৰ দ্বাৰা পৰিবেশিত ৰবীন্দ্ৰ অনুস্ঠান।

হাইলাকান্দিত স্বাস্থ্য পৰিসেৱা বিচাৰি ৰাইজৰ হাহাকাৰ

হাইলাকান্দিত স্বাস্থ্য পৰিসেৱা বাবে হাহাকাৰ। হাইলাকান্দিত স্বাস্থ্য পৰিসেৱা বিচাৰি ৰাইজৰ হাহাকাৰ ।কৰ্মৰত চিকিৎসক ব্যস্ত প্ৰাইভেট প্ৰেকটিচত । চিকিৎসালয়ত মৃত্যুৰ লগত যুঁজ ৰোগীৰ ।


হাইলাকান্দি জিলাৰ লালা স্বাস্থ্য কেন্দ্ৰৰ দৃশ্য এইয়া। বিষ পান কৰাৰ ফলত সংকটজনক এজনী ৰোগী । কিন্তু , এই সংকটজনক ৰোগীৰ স্বাস্থ্য পৰিসেৱাৰ নাই কোনো চিকিৎসক । নাই নাৰ্ছ আন চিকিৎসা কৰ্মীও ।
ৰোগীৰ আত্মীয় উপায় অন্তৰ হৈ অৱশেষত প্ৰাইভেট প্ৰেকটিচত ব্যস্ত চিকিৎসকক ঘৰৰ পৰা মাতি আনিলে । এই চিকিৎসকজনৰ নাম ডঃ অমলেন্দু দাস । পিছে চিকিৎসক জনৰ কৰ্তব্যত গাফিলতিৰ কাৰন ও আছে । কিন্তু, ৰাইজৰ অধীকাংশ চৰকাৰী চিকিৎসালয়ৰ কৰুণ চিত্ৰ লালাৰ এই ঘটনায় উদঙাই দিছে ।

ডিগবৈ মহিলা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

ডিগবৈ মহিলা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ৷ আলোচনা চক্ৰৰ বিষয় শংকৰদেৱ আৰু উত্তৰ- পূৱৰ নৱ- বৈষ্ণব আন্দোলন ‘ ৷ ডিগবৈ মহিলা মহাবিদ্যালয়ৰ বাংলা বিভাগৰ উদ্যোগত আৰু ‘ইণ্ডিয়ান কাউন্সিল অফ ফিলোছফিকেল ৰিচাৰ্ছৰ’ বিত্তীয় অনুদানৰ পৰিচালনাত আলোচনা চক্ৰ ৷

আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত শংকৰদেৱ আৰু উত্তৰ- পূৱৰ নৱ- বৈষ্ণব আন্দোলন ‘ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইণ্ডিয়ান কাউন্সিল অফ ফিলোছফিকেল ৰিচাৰ্ছৰ ড° বিনোদ কুমাৰ, সহকাৰী নিৰ্দেশক মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসমৰ প্ৰখ্যাত লেখক আৰু সমালোচক ময়ুৰ বৰাৰ লগতে ইণ্ডিয়ান কাউন্সিল অফ ফিলোছফিকেল ৰিচাৰ্ছৰ ড. প্ৰবীণ কুমাৰ।আলোচনা চক্ৰত শংকৰদেৱৰ সময়ৰ সমাজ ব্যৱস্থা আৰু জাতি বৈষম্যমূলক স্থিতি, শংকৰদেৱৰ ধৰ্ম – প্ৰচাৰ, সত্ৰ- সংস্কৃতি, নামঘৰ, কলা- সংস্কৃতি আদিৰ সম্পৰ্কে বক্তব্য দাঙি ধৰে।

আই পি এল ২০২২: জেচিম লোৰাৰ পৰা চাচি মাৰৱাহলৈকে, কেকেআৰ খেলুৱৈসকলৰ সুন্দৰ ফটো চাওক

যিহেতু শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত কলকাতা নাইট ৰাইডাৰ্ছে সোমবাৰে (৯ মে) আই পি এল ২০২২ৰ ৫৬ নম্বৰৰ খেলখনত মুম্বাই ইণ্ডিয়ানছৰ সৈতে আজি ৰাতি খেলিব, কেকেআৰৰ খেলুৱৈসকলে ষ্টেণ্ডৰ পৰা খেলপথাৰৰ বাহিৰৰ পৰা তেওঁলোকৰ পত্নী আৰু প্ৰেমিকাৰ সমৰ্থন লাভ কৰিব।

ইংলিছ বেটছমেন এলেক্স হেলছ ডানি গিচবোৰ্ণৰ সৈতে সম্পৰ্কত আছে। তাই চুইমৱেৰ কাপোৰৰ ব্ৰেণ্ডৰ গৰাকী। দুয়োজনে ২০১৬ চনত ডেটিং আৰম্ভ কৰিছিল।

নিউজিলেণ্ডৰ পেচাৰ টিম চাউথীয়ে ব্ৰিয়া ফাহিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে যি এগৰাকী মেকআপ শিল্পী আৰু “দ্য চেম্পল ৰুম” নামৰ চেলুনত কাম কৰে। এইটো জানিব পৰা গৈছে যে দম্পতীহাল ২০১১ চনত প্ৰেমত পৰিছিল আৰু তাৰ পিছত এটা ব্যক্তিগত বিবাহ অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল।

ইংলেণ্ডৰ উইকেটকিপাৰ-বেটাৰ ছেম বিলিংছে ছাৰাহ কেণ্টলেৰ সৈতে বাগদান কৰিছে, যি পেছাত এগৰাকী টেনিছ খেলুৱৈ। তেওঁ টেনিছত কুইন্স ক্লাবৰ খেলুৱৈক প্ৰতিনিধিত্ব কৰে আৰু কেণ্টৰ শীৰ্ষ তিনিজন খেলুৱৈৰ ভিতৰত স্থান লাভ কৰে।

পেট কামিন্স বেকি বষ্টনৰ সৈতে সম্পৰ্কত আছে যি এজন ইণ্টিৰিয়ৰ ডিজাইনাৰ আৰু এটা অনলাইন দোকান চলায়, ঘৰুৱা সজ্জাৰ সামগ্ৰী বিক্ৰী কৰে। খবৰ অনুসৰি, দম্পতীহালে 2014 চনৰ পৰা ডেটিং কৰি আছে আৰু অক্টোবৰ 2021-ত লৰা এটা কেঁচুৱাৰ আশীৰ্বাদ লাভ কৰিছিল।

নীতিশ ৰাণাৰ জীৱন সংগী হৈছে চাচি মাৰৱাহ, যি পেছাত এজন আভ্যন্তৰীণ ডিজাইনাৰ। তেওঁ চাচী আৰু নৱনীত ডিজাইন ষ্টুডিঅ’ৰ গৰাকী। চাচী নীতিশৰ বন্ধুৰ ভগ্নী আছিল আৰু তেওঁলোকে ২০১৬ চনত ডেটিং আৰম্ভ কৰিছিল। দম্পতীহালে 2018 চনত বাগদান কৰিছিল আৰু এবছৰ পিছত 2019 চনত, তেওঁলোকে বিবাহ পাশত আৱদ্ধ হৈছিল।

কেকেআৰৰ বিপদজনক অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে জেচিম লোৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, যি এগৰাকী ফেশ্বন মডেল আৰু ব্লগাৰ। তাই প্ৰায়ে বিভিন্ন ব্ৰেণ্ডৰ বাবে সাহসী দৃশ্যগ্ৰহণৰ শিৰোনাম তৈয়াৰ কৰে। লোৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ মিয়ামিৰ বাসিন্দা আৰু তেওঁ 2011 চনত ৰাছেলৰ সৈতে ডেটিং আৰম্ভ কৰিছিল। 3 বছৰ ডেটিং কৰাৰ পিছত, দুয়ো2014 চনত বাগদান কৰে আৰু 2016 চনত বিবাহ পাশত আৱদ্ধ হয়। দম্পতীহালে ২০১৯ চনত এটা কন্যা সন্তানৰ সৈতে আশীৰ্বাদ লাভ কৰিছিল।

কেকেআৰৰ তাৰকা অলৰাউণ্ডাৰ সুনীল নাৰিনে এঞ্জেলিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, যি হৈছে ইণ্ডিজ ক্ৰিকেটাৰৰ দ্বিতীয় পত্নী। নাৰিনে আগতে নন্দিতা কুমাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, যি ভাৰতীয় বংশোদ্ভূত আছিল। তেওঁলোকে ২০১৩ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু কেইবছৰমানৰ পিছত ইজনে সিজনৰ পৰা পৃথক হৈছিল।

দিছৈ ভেলিত অসম আৰক্ষী আৰু বন বিভাগৰ উচ্ছেদ অভিযান

যোৰহাট জিলাৰ তিনিখন সংৰক্ষিত বনাঞ্চলৰ প্রায় নবৈ শতাংশ বন্য ভূমি নিজৰ দখললৈ নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। শান্তি চুক্তি উলংঘা কৰি দিচৈ ভেলিত পূনৰ নগাই আৰাম্ভ কৰিছে অগ্ৰাসন।মৰিয়নি অসম নাগালেণ্ডৰ সীমান্তৰ দিছৈ ভেলি সংৰক্ষিত বনাঞ্চলত নিৰ্মান কাৰ্য্য চলোৱা উদ্দেশ্যৰে নগা জমা কৰা বহু সা সামগ্ৰী আজি মৰিয়নি আৰক্ষী আৰু মৰিয়নি বন বিভাগে জব্দ কৰে।আজি পূৱা মৰিয়নি বনাঞ্চলিক বিষয়া অনিমেশ কলিতা আৰু মৰিয়নি থানাৰ অচি চিত্ৰৰঞ্জন বৰগোহাঁ‌ইৰ লগতে খণ্ড বন বিষয়া ভাস্কৰ বৰ গোহাঁ‌ইৰ নেতৃত্বত যোৱা অসম বেটেলিয়ানৰ জোৱান আৰু বন বিভাগৰ এটা দলে অভিযান চলাই সামগ্ৰী খিনি জব্দ কৰে।

উল্লেখ্য যে২০২১চনৰ মে মাহত দিছৈ ভেলিত সংগঠিত হোৱা গুলিকাণ্ডৰ পিছতে অসম আৰক্ষীয়ে যুদ্ধ কালিন গতিৰে দিছৈ ভেলিত নগাৰ বে দখল উচ্ছেদ কৰি শিবিৰ স্থাপন কৰিছিল।কিন্তু পৰৱৰ্তী সময়ত নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত অনুস্থিত হোৱা শান্তী আলোচনাত নগাই দিছৈ ভেলিত কোনো ধৰনৰ অগ্ৰাসন বা নিৰ্মান কাৰ্য্য নকৰাৰ চুক্তী সম্পন্ন হোৱাত অসম চৰকাৰে আৰক্ষীৰ শিবিৰ স্থানান্তৰ কৰিছিল।কিন্তু নগাইশান্তিচুক্তি উলংঘন কৰি দিছৈ ভেলিত সংগোপনে অব্যাহত ৰাখিছে অগ্ৰাসন।

নীলা পোছাকত ৰশ্মি দেশাই আকৰ্ষণীয় ৰুুপত ৰশ্মি দেশাই

অভিনেত্ৰী ৰশ্মি দেশাই হটনেছৰ স্তৰ বৃদ্ধি কৰিছে আৰু আমাৰ সোমবাৰৰ ব্লুজক এটা চেক্সি নীলা পোছাকত আঁতৰাই দিছে। ৰশ্মিয়ে আকৰ্ষণীয় ভংগীমা মাৰিছিল আৰু তাইৰ শেহতীয়া ফটোশ্বুটত হত্যাকাৰী অভিব্যক্তি দিছিল। অভিনেত্ৰীগৰাকীৰ পোছাকটো পছ এফেয়াৰৰ আৰু তাইৰ মেক আপ তন্বী ৱাঘেলাৰ দ্বাৰা কৰা হৈছে। তাইৰ শ্বাসৰুদ্ধকাৰী ফটোবোৰ চাওক।

ৰশ্মিক এটা প্লাংগিং নেকলাইন নীলা মিডি পোছাকত গৰম লাগিছিল।

আপোনাৰ সোমবাৰৰ ব্লুজআঁতৰ কৰিবলৈ, ৰশ্মীয়ে এখন ধুনীয়া নীলা মিডি পোছাকত পোজ দিছিল।

ৰশ্মিৰ পোছাকটো পছ এফেয়াৰ লেবেলৰ দ্বাৰা।

ৰশ্মি এগৰাকী চমৎকাৰ অভিনেত্ৰী আৰু আশ্চৰ্যজনক সংবেদনশীল ভংগীমা দিছিল।

ৰশ্মি নীলা পোছাকত সাহসী আৰু ধুনীয়া হয়।