Home Blog Page 2323

বালিপৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বানপানী, এচ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান

বিগত কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা জৰাসৰ নৈ বাঢ়নি পানীয়ে আজি পুৱতি নিশাৰে পৰা প্লাৱিত কৰিলে বালিপৰাৰ কেইবাখনো গাওঁ ৷ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দীঘলী বালিজান, উদমাৰী গাওঁ, ঢেকেৰী গাও, এৰাগাওঁ আদি কেইবাখনো গাঁৱৰ কেইবা সহস্পাধিক লোক আৱদ্ধ হৈ পৰিছে বানপানীত৷তদুপৰি বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ জলমগ্ন হোৱাৰ বাবে ততাতয়াকৈ প্ৰসূতি ৰোগীসকলক চাৰিদুৱাৰ স্বাস্থ্য কেন্দ্ৰ প্ৰেৰণ কৰা হৈছে৷

ইতিমধ্যে এককাল এবুকু পানীত আৱদ্ধ হৈ পৰা ৰাইজক এচ ডি আৰ আফ বাহিনীৰ দ্বাৰা উদ্ধাৰ কৰি নিৰাপদ স্হানলৈ স্হানান্তৰ কৰি থকা হৈছে । আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো এবুকু বানপানী সৃষ্টি হোৱা দেখা।গৈছে।

সদ্য সমাপ্ত মেট্ৰিক পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈও চৰ্চালৈ আহিছে টেঙাখাতৰ এগৰাকী ছাত্ৰী

সদ্য সমাপ্ত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত  প্ৰথম, দ্বিতীয় নহয় তৃতীয় বিভাগত উত্তীৰ্ণ হৈও বিশেষ চৰ্চালৈ আহিছে টেঙাখাত পানধোৱা গাঁৱৰ নিবাসী ঘনকান্ত গগৈ আৰু ৰঞ্জিতা গগৈৰ জীয়ৰী যোগমায়া গগৈ। দিন হাজিৰা কৰি জীৱন-যাপন কৰা ঘনকান্ত গগৈ আৰু ৰঞ্জিতা গগৈৰ জীয়ৰী যোগমায়া গগৈয়ে নিজ হাতেৰে তৈয়াৰ কৰা বাঁহ-বেতৰ সজুলী বিক্ৰী কৰি, ৰাজ মিস্ত্ৰী যোগালী, ইটা ভাটাৰ শ্ৰমিক হিচাবে কাম কৰি নিজে উপাৰ্জন কৰি নিজৰ পঢ়া-শুনাৰ খৰচ বহন কৰাৰ উপৰিও ঘৰ চলোৱাত  অৰিহণা যোগায়।

মেট্ৰিকৰ দেওনা পাছতেই উচ্চ শিক্ষা গ্ৰহণৰ বাবে যথেষ্ট অৰ্থ প্ৰয়োজন হোৱাত চিন্তিত হৈ পৰিছে তাই লগতে আৰ্থিক ভাৱে পিছ পৰা তাইৰ পৰিয়ালবৰ্গ । আৰ্থিক দৈন্যতাই কোঙা কৰিব নোৱাৰা যোগমায়া গগৈয়ে বিছাৰিছে অকণমান সহায়ৰ হাত। 

ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে পৰ্তুগালত তেওঁৰ সপোনৰ ঘৰ নিৰ্মাণৰ বাবে ১৭ মিলিয়ন তকৈ অধিক টকা খৰচ কৰিছে

ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে এতিয়া তেওঁৰ অৱসৰৰ ঘৰ নিৰ্মাণৰ বাবে £17 মিলিয়ন পৰিশোধ কৰিব।৩৭ বছৰীয়া ম্যানচেষ্টাৰ ইউনাইটেড ফৰৱাৰ্ডে প্ৰথমতে £১০ মিটাৰ আঁতৰাই ৰাখিছিল। চুপাৰষ্টাৰে ছেপ্টেম্বৰত কুইন্টাল দা মাৰিনহাৰ এটা ভূমি ক্ৰয় কৰিছিল
অঞ্চলটোক ‘পোৰ্টুগিজ ৰিভিয়েৰা’ বুলি কোৱা হয় কিয়নো ই ইমান সন্মানীয় আৰু ব্যয়বহুলখবৰ অনুসৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে অৱসৰ লোৱাৰ সময়ত ‘পৰ্তুগীজ ৰিভিয়েৰা’ত তেওঁৰ নতুন ঘৰ নিৰ্মাণৰ বাবে এতিয়া £১৭ মিলিয়ন পৰিশোধ কৰিব লাগিব।

৩৭ বছৰীয়া ম্যানচেষ্টাৰ ইউনাইটেড ফৰৱাৰ্ডে ছেপ্টেম্বৰত এক সন্মানীয়, ব্যয়বহুল এলেকা হিচাপে মৰ্যাদা দিয়া ‘পৰ্তুগীজ ৰিভিয়েৰা’ নামৰ নিজৰ দেশ পৰ্তুগালৰ পশ্চিম উপকূলত থকা কুইন্টাল দা মাৰিনহা, কাস্কাইছত এক বৃহৎ ভূমি ক্ৰয় কৰিছিল।প্ৰাক্তন ৰিয়েল মাদ্ৰিদ আৰু জুভেণ্টাছ তাৰকাগৰাকীয়ে আগতে নিৰ্মাণৰ বাবে £10 মিটাৰ ৰাখিছিল, কিন্তু সামগ্ৰীৰ মূল্য বৃদ্ধি, আৰু ৰোনাল্ডোৰ ‘নিখুঁততা’ৰ আকাংক্ষাৰ বাবে সেয়া এতিয়া প্ৰায় দুগুণ হৈছে।এজন সু-প্ৰতিষ্ঠিত সূত্ৰই দ্য চানক এইদৰে কৈছিল: ‘তেওঁ তেওঁৰ সমগ্ৰ ফুটবল কেৰিয়াৰত নিখুঁততাৰ বাবে চেষ্টা কৰি আছে আৰু তেওঁ পিটছৰ পৰাএকে বিচাৰে।’ও ওর আর ওর পরিবারের জন্য সব ঠিক চায়।আন এজন ভিতৰুৱা ব্যক্তিয়ে কৈছিল: ‘প্ৰাৰম্ভিক বাজেট আছিল প্ৰায় £১০ মিলিয়ন কিন্তু সেয়া এতিয়া ১৭ মিলিয়ন £।’বহুতো মূল্য বৃদ্ধি নিৰ্মাণ সামগ্ৰীৰ ব্যয় বৃদ্ধিৰ সৈতে সম্পৰ্কিত।’সবাই জানে যে তারা উঁচুতে উঠেছে। এটা একটা সমস্যা যা শুধু পর্তুগালকে প্রভাবিত করেনি।ৰেড ডেভিলছ তাৰকাগৰাকীয়ে 2020 চনত পৰ্তুগালৰ ৰাজধানী চহৰ লিছবনত বিক্ৰী হোৱা আটাইতকৈ ব্যয়বহুল ফ্লেটটোত ছিটিকি পৰিছিল – জিম আৰু এটা ইনড’ৰ চুইমিং পুলৰ সৈতে এভেনিডা ডা লিবাৰডেডত অত্যাধুনিক 3,100 বৰ্গফুটৰ পেডৰ বাবে £6.5 মিটাৰ পৰিশোধ কৰিছিল।

দাপোন দ্যা মিৰৰ আমাৰ গাঁৱত নাট কৰ্মশালা সামৰণি

ওদালগুৰি জিলাৰ অন্তৰ্গত আমাৰ গাওঁ স্থিত নাট্যকাৰ পবিত্ৰ ৰাভাৰ দাপোন দ্যা মিৰৰত চলি থকা নাট কৰ্মশালা খন আজি অন্ত পৰে। নাট্যকাৰ বিক্ৰম মোহনৰ পৰিচালনাত অনুষ্ঠিত হোৱা “ইণ্ড গেম” নামৰ উক্ত নাট খনত ২৫ জন শিশু শিল্পীয়ে অভিনয় কৰে।দক্ষিণ দিল্লীৰ বাসিন্দা পৰিচালক বিক্ৰম মোহনে Amsterdamঅত Performing artsঅৰ শিক্ষালৈ ভাৰতৰ বিভিন্ন ঠাইত নাট কৰ্মশালা পাতি ছাত্র ছাত্ৰীক প্ৰশিক্ষণ দি আছে বুলি ব্যক্ত কৰি কয়।টংলাৰ দাপোন দ্যা মিৰৰত স্থানীয় ল’ৰা-ছোৱালী কেইজনমানক লৈ কৰা দহ দিনীয়া কৰ্মশালা এটাৰ অন্তত এই অনুষ্ঠান পতা হৈছিল। এক ব্যতিক্ৰমী অনুষ্ঠান।ইয়াত কোনো নিৰ্দিষ্ট কাহিনী নাই।

পানী, বতাহ, শক্তি, সুন্দৰ, বৰষুণৰ পৰা ইউক্ৰেইন, অলকাইদা, ডিক্টেটৰলৈ কিছুমান ধাৰণা (concept, idea) লোৱা হৈছে আৰু অংগ সঞ্চালনৰ দ্বাৰা সেইবোৰ উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। এটা চৰিত্ৰ ৰূপায়ণৰ পূৰ্বে সেই চৰিত্ৰটোৰ সৈতে কিদৰে নিজক সংযুক্ত কৰিব লাগে, শৰীৰৰ বিভিন্ন অংগ সঞ্চালনৰ দ্বাৰা কিদৰে সেই চৰিত্ৰ নিখুঁত ভাবে ফুটাই তুলিব পাৰি এয়া তাৰেই প্ৰশিক্ষণ। অনস্বীকাৰ্য, এয়া খুবেই প্ৰয়োজনীয় প্ৰশিক্ষণ বুলি ধাৰণা কৰিব পাৰি।

চিপচ, কুৰকুৰে, চাওমিনৰ বিষয়ে বহু নজনা কথা, জানিবলৈ পঢ়ক…

(১)আজিৰপৰা কিছুবছৰ আগতে ঘৰলৈ আলহী আহিলে হাতত বিস্কুট বা মিঠাইৰ টোপোলা লৈহে আহিছিল; কিন্তু আজিকালি লৈ আহে বিভিন্ন ৰং বিৰঙৰ চিপচ,ৰিংছ অথবা কুৰকুৰেৰ পেকেট | আমি নিজেও যেতিয়া অতিথি হৈ কাৰোবাৰ ঘৰত যাও সেইবোৰেই লৈ যাও | কিয় নো লৈ নাযাম য’ত ভাল বিস্কুট বা মিঠাই কিনিলে হয়তো এশ টকা লাগিলহেতেন তাৰ ঠাইত ২০ টকাতে চিপচৰ ৰঙচঙীয়া ডাঙৰ পেকেট এটা পাও | কিন্তু এইসকল ব্যক্তিয়ে নিজৰ সন্তানক এইবোৰ খুৱাই জানো? নিশ্চয় নুখুৱাই| কিয় নুখুৱাই, কিয় আমিও খুৱাব বা খাব নালাগে?

মই নিজে এগৰাকী শিশুৰোগ বিশেষজ্ঞ নহয় যদিও মোৰ বিচাৰত দৈনন্দিন বহিঃবিভাগত শিশুসকল বিশেষকৈ, ৫ ৰ পৰা ৬/৭ বছৰৰ শিশুসকলে সঘনাই চিকিতসালয়ত আহিবলগীয়া বিভিন্ন কাৰণৰ ভিতৰত মুখ্য কাৰণ কিছুমান হ’ল পেটৰ বিষ,পাইখানা খোলোচা নোহোৱা,খাবলৈ ইচ্ছা নকৰা ইত্যাদি ইত্যাদি আৰু ৰোগ পুংখানুপুংখ অধ্যয়নৰ পিছত দেখিছো যে অধিকাংশৰে ৰোগৰ কাৰণ হৈছে ওপৰোক্ত বস্তুসমূহৰ মাত্ৰাধিক গ্ৰহণ| উল্লেখনীয় যে পুষ্টীকৰ উপাদানৰ ফালৰপৰা চাবলৈ গ’লে এইধৰণৰ সামগ্ৰীত কোনোধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে কোনো লাগতিয়াল উপাদান দেখা পোৱা নাযায়| তাৰ পৰিবৰ্তে অতিমাত্ৰা লৱণ(Salt)আৰু চৰ্বি(Fats) থাকে যাৰ দৈনিক ভোজনে এজন ব্যক্তিক চিৰ ৰুগীয়া কৰিবলৈ যথেষ্ট| গৱেষণাৰপৰা দেখা গৈছে যে ১৫ ৰপৰা ২০ খন(এপেকেট চিপচ)চিপচত প্ৰায় ১০ গ্ৰাম চৰ্বি (Fat) আৰু প্ৰায় ১৫০ কেলৰি থাকে| যাৰ দৈনিক ভোজনৰ ফলত উচ্চ ৰক্তচাপ তথা হৃদৰোগ, অতিস্হৌল্যতা (Obesity) ইত্যাদি সমস্যাই দেখা দিব পাৰে| তদুপৰি এইবোৰত ব্যৱহৃত মছলা জাতীয় বস্তুৰ বাবে বুকু জ্বলাপোৰা(gastritis), বমি ভাব (Nausea or vomiting) আদিও হোৱা পৰিলক্ষিত হয়| মছলাসমূহ খাদ্যনলীৰ ভিতৰত(Intestinal wall) লাগি ধৰে যিবোৰে অনবৰত খাদ্যনলীটোক irritate কৰি থাকে যাৰ ফলত ভোক নলগা,পেট ফুলা,পেটৰ বিষ,শৌচ খোলোচা নোহোৱা সমস্যাসমূহে দেখা দিয়ে|(২)চাওমিন খাই ভাল নোপোৱা ব্যক্তি হয়তো নোলাব| স্বাস্হ্যৰ প্ৰতি অত্যন্ত সজাগ ব্যক্তি এজনেও চাওমিন জাতীয় ফাষ্ট ফুডবোৰ দেখিলে হয়তো সকলোবোৰ পাহৰি যায়| কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে উঠি অহা যুৱচামৰ মাজত মেদবহুলতা,উচ্চ ৰক্তচাপ আদিৰ দৰে সমস্যাই গা কৰি উঠাৰ মূলতে হৈছে এইধৰণৰ ফাষ্ট ফুডৰ জনপ্ৰিয়তা| উল্লখনীয় যে চাওমিনৰ দৰে খাদ্যবোৰৰ প্ৰস্তুতকৰণত এনে এবিধ উপাদান ব্যৱহাৰ হয় যিটোয়ে নিৰৱ ঘাতক (Silent killer)হিচাপে আমাক আক্ৰমণ কৰি আছে,যাক আমি সকলোৱে Ajinomoto বা MSG বুলি সকলোৱে জানো |

MSG( Monosodium Glutamate) এবিধ মানৱদেহৰ বাবে অতিশয় ক্ষতিকাৰক উপাদান| ইয়াৰ ব্যৱহাৰ খাদ্যবস্তুৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়,যিয়ে আমাৰ জিভাৰ স্বাদকোষবোৰক উত্তেজিত (Stimulate) কৰে |যাৰ ব্যৱহাৰৰ বাবেই চাওমিন জাতীয় বস্তুবোৰ বেছিপৰিমাণে খাব পৰা যায়| প্ৰায়বোৰ চাইনিজ ফুডতে MSG ব্যৱহাৰ হয়|Journal of Nutrition and Metabolism ৰ গৱেষণা অনুসৰি অতিমাত্ৰা MSG সেৱনে কলেষ্টেৰ’লৰ বৃদ্ধি, উচ্চ ৰক্তচাপ, ডায়েবেটিচ, মেদবহুলতা, কিডনী বিকল হোৱা আদি বিভিন্ন প্ৰাণঘাতক সমস্যাই দেখা দিয়ে| ইয়াৰোপৰি হাত মুখৰ পোৰণি, শ্বাসকষ্ট, মুৰৰ বিষ, বমি ভাৱ, বুকুৰ ধপধপনি আদি লক্ষণসমূহ দেখা দিব পাৰে যিবোৰক Chinese restaurant syndrome বুলি কোৱা হয়| মহিলাৰ ক্ষেত্ৰত MSG ৰ ব্যৱহাৰে প্ৰজনন ক্ষমতাৰ হ্ৰাস কৰে | গতিকে এইবোৰ জানি শুনিও এইধৰণৰ খাদ্যবস্তু খোৱাটো নিশ্চয়কৈ বুধিয়কৰ কাম নহ’ব।

লেখিকা: ডাঃ মেদিণী বৰ্মণ

আজিও বন্ধ গুৱাহাটী সকলো শিক্ষানুষ্ঠান।এই ঘোষণা কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ

আজিও বন্ধ গুৱাহাটী সকলো শিক্ষানুষ্ঠান।

এই ঘোষণা কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে সতৰ্কবাণী। যি সমূহ পৰীক্ষা অনুষ্ঠিত হৈ আছিল সেই সমূহ অনুষ্ঠিত কৰাৰ পৰামৰ্শ

তামুলপুৰৰ কচুকাটাত অনুষ্ঠিত হয় Community Festival

তামুলপুৰৰ কচুকাটা ক্লাষ্টাৰৰ বৰ বালিশিহা আঞ্চলিক এম.ই. স্কুলত সামূহিক উৎসৱ অনুষ্ঠিত হৈ যায়।বাক্সা জিলা আৰু তামুলপুৰ শিক্ষাখণ্ডৰ উদ্যোগত কচুকাটা ক্লাষ্টাৰৰ বৰ বালিশিহা আঞ্চলিক এম.ই স্কুলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে Community Festival অৰ্থাৎ সামূহিক উৎসৱ অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ, বৃক্ষৰোপন, যোগ প্ৰদৰ্শন ও খেল ধেমালী প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, একক আধুনিক নৃত্য প্ৰতিযোগিতা তথা সন্ধিয়া বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে।

ঠিক তেনেদৰেই দ্বিতীয় তথা শেষৰ দিনা ৰাতিপুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই অনুষ্ঠানটোৰ লগত সঙ্গতি ৰাখি মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত বিটিআৰৰ মনোনীত এমচিএল হেমন্ত কুমাৰ ৰাভাকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়।

ঔটেঙাৰ আছে বহু ঔষধি গুণ

ঔটেঙা, টেকীয়া, পুঠি মাছৰ জোল,
খালেহে বুজিবা সোৱাদৰে মূল।”
হয়, ঔটেঙাৰ কথা ওলালেই আমাৰ সকলোৰে জিভাৰ পানী পৰিবলৈ ধৰে। ঔটেঙা হ’ল এনে এবিধ টেঙা  পাচলি, যাক নোখোৱা মানুহ হয়তো খুব কমেই ওলাব। বিশাল আকৃতিৰ বৃক্ষ ঔটেঙাৰ উচ্চতা প্ৰায় ১৫ মিটাৰ হয়। ঔটেঙাৰ ফুল জুন মাহৰ পৰা প্ৰায় ৩ সপ্তাহলৈকে ফুলে। ইয়াৰ পূৰঠ ফলবোৰ অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে উপলব্ধ হয়।

ঔটেঙাৰ বৈজ্ঞানিক নাম ‘Dillenia Indica’ । ইয়াক সংস্কৃতত ‘অৱৰ্তকী’, ইংৰাজীত ‘Elephant apple’, হিন্দীত ‘চালতা’ আৰু নেপালীত ‘ৰামফল’ নামেৰে জনা যায়। ভাৰতীয় তথা অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে। ইয়াক প্ৰধানকৈ দাইল বা তৰকাৰীত আনুসংগিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষকৈ পুঠি, খলিহনাৰ দৰে সৰু সৰু মাছৰ পৰা আৰম্ভ কৰি ৰৌ, বৰালিৰ দৰে ডাঙৰ আকাৰৰ মাছ দি ৰন্ধাত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে।

পাচনতন্ত্র সুস্থ ৰখাৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ঔষধ হিচাপে কৰে। ঔটেঙাত কম বেছি পৰিমাণে প্ৰটিন, আঁহ, চৰ্বি,ফাইবাৰ, কেলছিয়াম,ফছফৰাছআৰু এচক’ৰবিক এচিড পোৱা যায়। ঔটেঙা খালে পেট পৰিষ্কাৰ হয়, যাৰ দ্বাৰা অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত হাৰি থাকিব পাৰি । ইয়াৰ বীজলেৰে চুলি ধুলে মূৰৰ উফি নাশ হয় আৰু চুলিৰ উজ্জলতা বাঢ়ে। তদুপৰি মধূমেহ ৰোগীসকলৰ বাবেও ঔটেঙাক এক সুপথ্য হিচাপে গণ্য কৰা হয় ।

বিশেষ দষ্ট্ৰব্যঃ- ঔটেঙা খাবলৈ সুস্বাদু আৰু পুষ্টিগুণযুক্ত হলেও কিছুমান ক্ষেত্ৰত ই বিৰুদ্ধ আহাৰ হিচাপে পৰিগণিত হয়। বিশেষকৈ কাহ, লিভাৰৰ সংক্ৰমণ, ব্ৰংকাইটিচ আদিৰ দৰে ৰোগৰ উপসৰ্গই দেখা দিলে ঔটেঙা খোৱা উচিত নহয়।

পকা চুলি ৰোধ কেনেকৈ কৰিব। জানিবলৈ পঢ়ক…

একোছা চিক্‌চিকিয়া ক’লা শুৱনি চুলি সকলোৱে পছন্দ কৰে। কিন্তু বয়সজনিত কাৰণত চুলি পকিলে ইয়াৰ উপায় একো নাই। কিছুমানৰ আকৌ কোমল বয়সতে চুলি পকা দেখা যায়। দু:শ্চিন্তা, জলবায়ু, ভেজাল খাদ্যৰ কাৰণেও চুলি পকিব পাৰে।

১) আধাৰ লিটাৰ নাৰিকলৰ তেল, ২৫০ গ্ৰাম আমলখি গোটাই লওঁক। আমলখিখিনি পতাত থেতেলি লৈ নাৰিকলৰ তেলৰ লগত গৰম কৰক। উতলি উতলি আমলখিৰ ৰস তেলৰ লগত মিহলি হৈ যাব। কিছুপৰ সিজোৱাৰ পিছত তেলৰ ৰং ৰঙচুৱা বা ক’লা হ’ব। জুইৰ পৰা তেলখিনি নমাই ঠাণ্ডা হ’বলৈ দিয়ক। ঠাণ্ডা হ’লে ভালদৰে চেকি লৈ বটলত ভৰাই লওঁক। এই তেল নিয়মিত ব্যৱহাৰ কৰিলে চুলি ক’লা হয়, মূৰ ঠাণ্ডা থাকিব আৰু উফিও নাইকিয়া হ’ব। চুলি সৰা বন্ধ হ’ব। বটলটো মাজে মাজে ৰ’দাই থাকিব।

২) সাধাৰণতে ভাত খোৱাৰ পিছত বজ্ৰাসনত বহা হয়। এই অৱস্থাত দিনে অন্তত: দুবাৰ চুলি আচুৰিব লাগে। চুলি সহজে পকিবলৈ সুবিধা নাপায়।

৩) ভিটামিন ‘এ’ আৰু ‘ডি’ প্ৰচুৰ পৰিমাণে খাব লাগে।

৪) আলু সিজোৱা পানীৰে মূৰ ধূলে চুলি কেঁচাই থকাত সহায় কৰে।

৫) মেহেন্দি চুলিৰ বাবে বৰ উপকাৰী। এক চামুচ আমলখিৰ ৰস, এক চামুচ মেহেন্দি, এক চামুচ চাহপাত, একাপ গৰম পানীত মিহলাই তাত অকণমান নিমখ আৰু নেমুৰ ৰস মিহলাই লওঁক। সেই মিশ্ৰণখিনি চাৰি-পাঁচ ঘন্টা তেনেদৰে থৈ দিয়ক। তাৰ পিছত ভালদৰে চেকি লৈ চুলিৰ গুৰিয়ে গুৰিয়ে ভালদৰে মালিচ কৰক। দুঘন্টামান ৰাখি মূৰ ধুই পেলাওঁক। এনেদৰে মাজে মাজে কৰিব পাৰিলে চুলিৰ অকালপক্কতা আতঁৰি যাব।

৬) এক চামুচ ত্ৰিফলা চূৰ্ণ প্ৰতিদিনে ছমাহ খাব লাগে। ৰাতি ত্ৰিফলা তিয়াঁই থোৱা পানীৰে পিছদিনা মূৰ ধুলেও চুলি নপকে।

৭) শিলিখাৰ গুড়ি, আমৰ ছাল, নিমপাত, ডালিম ফুলৰ কলি আৰু জেতুকাৰ পাত সম পৰিমাণৰ মিহিকৈ বটি মূৰত লেপ ল’লে চুলি ক’লা হয়।

৮) ২ টা শিলিখা, ৬ টা আমলখি আৰু ৫ টা আমৰ গুটিৰ শাহ একেলগে পিহি লোহাৰ বাচনত এৰাতি তিয়াই থৈ পিছদিনা দুঘন্টা চুলিত সানি থ’ব লাগে। তাৰ পিছত চুলি ধুলে চুলি ক’লা আৰু চিক্‌চিকিয়া হয়।

৯) আমলখি, জেষ্ঠমধু, তিল, পদুম ফুলৰ কেশৰ মিহিকৈ বটি মৌৰ লগত মিহলাই চুলিত লগালে চুলি ক’লা হয়।

১০) খাটি সৰিয়হ তেল, নাৰিকল তেল লগালেও চুলি নপকে।

লেখিকা: সুমিত্ৰা গোস্বামী।

সৌন্দৰ্য চৰ্চাত জেতুকা পাতৰ প্ৰয়োজন কি? জানিবলৈ পঢ়ক…

সৌন্দৰ্য চৰ্চাত জেতুকাপাত

  • জেতুকাৰ পাত চুলিৰ বাবে খুবেই উপকাৰী। জেতুকাৰ পাত পিহি তাৰ লগত আমলখিৰ ৰস মিহলাই নিয়মিত চুলিত লগালে অকালপক্কতাৰ পৰা হাত সাৰিব পাৰি।
  • যিসকলৰ চুলি পকিছে, তেওঁলোকে জেতুকাপাতৰ দ্বাৰা চুলিখিনি ৰঙচুৱা কৰি ল’ব পাৰে।
  • জেতুকাপাতৰ ৰসে চুলিৰ ৰং সজীৱ কৰে আৰু মস্তিষ্ক ঠাণ্ডা ৰাখে।
  • জেতুকাপাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে উফি দূৰ হয়।
  • জেতুকাপাত ভালদৰে পিহি তাৰ লগত দৈ আৰু কণী মিহলাই নিয়মিতভাৱে মূৰত লগালে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়।

চুলিৰ নিচিনাকৈ ছালৰো সৌন্দৰ্য বঢ়াবলৈ জেতুকাপাতৰ গুণাগুণ অসীম। কাৰণ বিবাহেই হওক বা বিহুৱেই হওক হাত বা ভৰিৰ সৌন্দৰ্য বঢ়াবলৈ প্ৰায় সকলো মহিলায়েই জেতুকা লগোৱা দেখা যায়। বিয়ালৈ সাজু হোৱা কইনাজনীয়ে যদি হাতত জেতুকা নলগায়, তেন্তে কইনাৰ গোটেই সাজটোৱেই আধৰুৱা আধৰুৱা যেন লাগে। হাত আৰু ভৰিৰ সৌন্দৰ্য বঢ়াবলৈ জেতুকাপাত ব্যৱহাৰ কৰা হয় যদিও ই চুলিৰ নিচিনাকৈ ছালৰো বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে।

  • জেতুকাপাত মিহিকৈ বটি নখত লগালে নখৰ সৌন্দৰ্য বঢ়াৰ লগতে নখৰ যিকোনো ৰোগ ভাল হয়।
  • ছালত খজুৱতি হ’লে নিয়মিত জেতুকাপাতৰ ৰস লগালে খজুৱতি কমে।
  • যিসকলৰ বলিৰেখা পৰিছে, তেওঁলোকে জেতুকাপাত সিদ্ধ কৰি সেই পানীৰে দিনে দুবাৰকৈ মুখ ধুলে লাহে লাহে বলিৰেখা আঁতৰে।
  • বহুতৰে শৰীৰৰ পৰা দুৰ্গন্ধ ওলোৱা দেখা যায়। বিশেষকৈ গ্ৰীষ্মকালত। এওঁলোকে গা ধোৱা পানীত জেতুকাপাতৰ ৰস মিহলাই গা ধুলে শৰীৰৰ দুৰ্গন্ধ নোহোৱা হয়।
  • ঘামচি হোৱা স্থানত জেতুকাপাতৰ ৰস লগালে ঘামচি কমে। গতিকে জেতুকাৰ ৰস ব্যৱহাৰ কৰি আমি সৌন্দৰ্য বৰ্ধনৰ লগতে বিভিন্ন ধৰণৰ ছাল আৰু চুলিৰ ৰোগৰ পৰাও হাত সাৰিব পাৰো।