Home Blog Page 2356

বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া অসমৰ মালভোগ কল । জানিলে আচৰিত হব আপুনি

অসমৰ মালভোগ কল ডুবাইলৈ ৰপ্তানি হৈছে। স্পাইচজেটৰ এখন বিমানযোগে এই প্ৰথমবাৰৰ বাবে ১.২ মেট্ৰিকটন পৰিমাণৰ মালভোগ কল ডুবাইলৈ পৰিবহন কৰা হয়।

বাণিজ্য আৰু উদ্যোগ মনত্ৰ্যালয়ৰ অধীনস্থ শীৰ্ষতম সংস্থা ‘কৃষিজাত আৰু প্ৰসংস্কৃত খাদ্য উৎপাদন ৰপ্তানি প্ৰাধিকৰণ’ৰ (Agricultural and Processed Food Products Export Development Authority) পৃষ্ঠপোষকতাত এই কলবিধ ৰপ্তানি কৰা হ’ব।


২০১৬-১৭ চনত ভাৰতৰ পৰা ৰপ্তানি কৰা মুঠ সতেজ কলৰ প্ৰায় ৩০ শতাংক কল সংযুক্ত আৰব এমিৰাইটছে ক্ৰয় কৰে। ইয়াৰ মুছঠ পৰিমাণ হৈছে ২৪,২৭৭ মেট্ৰিকটন যাৰ মূল১ ১১৮ কোটি টকা।

কলৰপ্তানি কৰা ক্ৰিয়ামেৰি ক্ৰাফ্‌ৰ স্বত্বাধিকাৰী শিবনাথ ভট্টাচাৰ্যই কয় যো মালভোগ কল স্পাইচফ্ৰেছ ব্ৰেণ্ডৰ নামত ৰপ্তানি কৰা হৈছে। স্পাইচজেট মাৰচেণ্ডাইজ প্ৰাঃ লিঃ হৈছে স্পাইচজেটৰ এটা অংশ।

এই কলখিনিগোৱালপাৰাৰ দৰংগিৰিৰ পৰা উঠোৱা হৈছে আৰু এইখন হৈছে সমগ্ৰ উত্তৰ পূব ভাৰতৰেই কলৰ সৰ্ববৃহৎ বজাৰ।অসমত ৪১,৮৮৫ হেক্টৰ কৃষিভূমিত কলখেতি কৰা হয় আৰু ইয়াত ৫,৮১,৮৮৪ মেট্ৰিকটন কল উৎপন্ন হয়।

১৫বিধ কলৰ ভিতৰত বাণিজ্যিকভৱে ৰপ্তানিযোগ্য কলৰ জাত হৈছে জাহাজী, মালভোগ, অঋত সাগৰ, কাচকল আৰু চেনীচম্পা। দলংগিৰিতেই কলৰ বাণিজ্য কেন্দ্ৰীভূত হৈ আছে। যোৰহাটৰ জাহাজী, নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাই সৰ্বোত্তোম মানৰ মালভোগ কল উৎপাদন কৰে বুলি উদ্যানশস্য বিভাগৰ এটা প্ৰতিৱেদনত প্ৰকাশ

বিলাসীপাৰাত মাইক্রফাইনেছ ঋন মাফৰ চেক নোপোৱাত মহিলাৰ উত্তাল প্ৰতিবাদ…

বিলাসীপাৰাত বন্ধন বেংকৰ ৰাঁখি দলৰ মহিলাসকলৰ উত্তাল প্ৰতিবাদ। বন্ধন বেংকৰ মাইক্রফাইনেছ ঋন মাফৰ নামত অসম চৰকাৰে মহিলা সকলক বিনামূলীয়াকৈ চেক আৱন্টণ দি আহিছে।


যদিও বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নায়েৰ আলগা ব্লকৰ ৰাঁখি দলৰ মহিলাসকলক অসম চৰকাৰে বিনামূলীয়াকৈ চেক আৱন্টণ নিদিয়াৰ ফলত


বিলাসীপাৰা থানামোৰৰ ওচৰত থকা বন্ধন বেংকৰ সন্মূখত ৰাঁখি দলৰ মহিলা সকলোৱে অসম চৰকাৰ আৰু বন্ধন বেংকৰ বিৰুদ্ধে,বিভিন্ন শ্বলো গানৰে,এনেদৰে উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে।

শিৱানী বাৰ্মাৰ পৰা কিদৰে হল বি কে শ্বিৱানী

ভাৰতৰ ব্ৰহ্মকুমাৰী আধ্যাত্মিক আন্দোলনৰ এগৰাকী গুৰুমা আৰু নেত্ৰী হ’ল বি কে শ্বিৱানী ৷ জনসমাজত তেখেতক বিভিন্ন সন্মানসূচক নামেৰে জনা যায়,যেনে- চিষ্টাৰ শ্বিৱানী , ব্ৰহ্মকুমাৰী শ্বিৱানী , বি কে শ্বিৱানী আদি ৷

বি কে শ্বিৱানী অৰ্থাৎ শ্বিৱানী বৰ্মাৰ জন্ম হৈছিল ১৯৭২ চনৰ ৩১ মে’ তাৰিখে মহাৰাষ্ট্ৰৰ পুণেত ৷ পুণে বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইলেক্ট্ৰনিক কৌশল বিদ্যা বিভাগত স্বৰ্ণ পদকসহ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰে ৷ ইয়াৰ উপৰিও তেখেতে কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷

শিক্ষা জীৱন অন্ত কৰাৰ পিছতেই তেখেতে বিশাল বৰ্মা নামৰ ব্যক্তিৰ লগত বিবাহপাশত আবদ্ধ হয় ৷ পঢ়ি থকা কালছোৱাতেই ব্ৰহ্মকুমাৰী কেন্দ্ৰৰ লগত শ্বিৱানী বৰ্মা জড়িত আছিল ৷ বহ্মকুমাৰী কেন্দ্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ আগতে তেখেতে ‘ ভাৰতীয় বিদ্যাপীঠ ‘ নামৰ এখন মহাবিদ্যালয়ত তিনি বছৰ প্ৰৱক্তা কৰিছিল ৷ প্ৰথম অৱস্থাত দিল্লীৰ দূৰদৰ্শনত ‘ ব্ৰহ্মকুমাৰী দূৰদৰ্শন উপস্থাপনৰ’ নেপথ্যৰ বিভিন্ন কামৰ লগত জড়িত আছিল ৷

বৰ্তমান তেখেত ভাৰতৰ বাহিৰৰ বিভিন্ন দেশ তথা অঞ্চল ভ্ৰমণ কৰি মানুহৰ মাজত আধ্যাত্মিক জ্ঞানৰ বক্তৃতা দিয়ে ৷ ২০১৭ চনত বিশ্ব মানসিক ৰোগ সংস্থা তথা শুভেচ্ছা দূত ৰূপে তেখেতক নিযুক্ত কৰিছিল ৷

২০১৪ চনত এচচিয়েটছ চেম্বাৰচ অব কমাৰ্চ এণ্ড ইন্দ্ৰাষ্ট্ৰী লেডিজ লিগ কতৃপক্ষই ‘ দশকৰ মহিলা অৰ্জনকাৰী ‘ পুৰস্কাৰে সন্মান জনাইছিল ৷ ২০১৯ চনত ভাৰত চৰকাৰে তেখেতক ‘ নাৰী শক্তি পুৰস্কাৰ ‘ প্ৰদান কৰিছিল ৷

প্ৰেম ! প্ৰেমিকাই মৰমত দিয়া উপহাৰ Jubilee diamond বিক্ৰী কৰি গঢ় দিছিল প্ৰতিষ্ঠান । কিন্তু কোনে …

আপুনি জানে নে ভাৰতত তাজ মহলত কৈও এটা এনেকুৱা বিশেষ ভালপোৱাৰ প্ৰতীক আছে য’ত হাজাৰ হাজাৰ মানুহ কান্দি কান্দি যায় আৰু হঁহি হাঁহি ঘূৰি আহে। সেই বিশেষ ঠাইলৈ গ’লে প্ৰৱেশৰ বাবেও কোনো ধৰণৰ পইচা দিব নালাগে কিন্তু ক’ত আছে এই বিশেষ ঠাই টুকুৰা।

আমাৰ এই কাহিনীৰ নায়ক হৈছে ছাৰ দোৰাবজী টাটা ( DORABJI TATA )হয় সেই জনেই যি জন ভাৰতৰ হকী খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ তেওঁৰ ব্যক্তিগত ধনেৰে লৈ গৈছিল আৰু পিছলৈ ভাৰতৰ বাবে স্বৰ্ণ পদক আনিবলৈ সক্ষম হৈছিল।

১৪ ফেব্ৰুৱাৰী ১৮৯৮ চনৰ valentine’s day ৰ দিনা দােৰাবজী টাটা এ আমাৰ কাহিনীৰ নায়িকাৰ মেহেৰবায়ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সকলোৱে দিয়াৰ দৰে তেওঁ তেওঁৰ পত্নীক এটুকুৰা হীৰা উপহাৰ দিছিল। এই উপহাৰ তো সাধাৰণ নাছিল কহিনুৰ হীৰাত কৈ দুগুণ ডাঙৰ Jubilee diamond.

আজিৰ সময়ত তাৰ মূল্য প্ৰায় ১৩১ কোটি টকা। টাটাৰ পৰিয়ালৰ দ্বিতীয় বিশ্ব যুদ্ধ পিছত বেয়া সময় আহিছিল। টাটা ৰ পৰিয়ালৰ অৰ্থৰ অভাৱ হৈছিল আৰু সেই সময়ত টাটা প্ৰতিষ্ঠানত কাম কাৰা শ্ৰমিক সকলৰ দুৰ্ভিক্ষই দেখা দিছিল আৰু অৰ্থৰ অভাৱত শ্ৰমিক বোৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল ।

নিজৰ পৰিয়ালৰ আৰু প্ৰতিষ্ঠানৰ এই পৰিস্থিতি দেখি মেহেৰবায়ে তেওঁৰ সকলো আ- অলংকাৰৰ লগতে সেই বিশেষ উপহাৰ Jubilee diamond টুকুৰাও বন্ধকত দি শ্ৰমিক সকলৰ মজুৰি দিছিল আৰু টাটা প্ৰতিষ্ঠানক পুনৰ ঘূৰাই আনিছিল। মেহেৰবাইয়ে ১৯৩১ চনত তেওঁৰ ৫০ বছৰীয়া জয়ন্তী পালন কৰিছিল।

যেতিয়া তেওঁৰ কৰ্কট ৰোগৰ বিষয়ে গম পাইছিল দোৰাবজী টাটায়ে আৰু তেতিয়া বিভিন্ন দেশ বিদেশৰ ডাক্টৰৰ লগত কথা পাতি গাম পাইছিল যে তেওঁৰ হাতত বেছি আৰু সময় নাছিল। ১৯৩১ দোৰাবজী টাটা ক এৰি মেহেৰবায় গুচি গৈছিল পৃথিৱীৰ পৰা ,যেতিয়া তেওঁৰ কৰ্কট ৰোগৰ বিষয়ে গম পাইছিল দোৰাবজী টাটায়ে আৰু তেতিয়া বিভিন্ন দেশ বিদেশৰ ডাক্টৰৰ লগত কথা পাতি গাম পাইছিল যে তেওঁৰ হাতত বেছি আৰু সময় নাছিল। ১৯৩১ দোৰাবজী টাটা ক এৰি মেহেৰবায় পৃথিৱীৰ পৰা গুচি গৈছিল । তাৰ পিছৰ বছৰত দোৰাবজী টাটা মৃত্যু হৈছিল। ।

কিন্তু মৃত্যু ৰ আগত তেওঁ তেওঁৰ প্ৰেমিকাৰ স্মৃতিত মৰম দিয়া উপহাৰ Jubilee diamond তো বিক্ৰী কৰি এটা প্ৰতিষ্ঠান গঢ় দি থৈ গৈছিল । যিটো প্ৰতিষ্ঠানত হাজাৰ হাজাৰ মানুহ প্ৰতিদিনে সহায় বিচাৰি যায় । সেই প্ৰতিষ্ঠানতো হৈছে “টাটা মেমৰিয়েল কেন্সাৰ হস্পিতাল” ।

য’ত প্ৰতি বছৰে ৬৪,০০০ হাজাৰ ৰোগী যায় আৰু তাত যোৱা ৭০ % ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে । ভাল পোৱাৰ কি? এজন ৰজাই এটা স্মৃতিক ইমান বেছি ভাল পাইছিল যে সেই স্মৃতিতোক গঢ় দিয়া মানুহ জনৰ হাত দুখন কাটি দিছিল যাতে সেই স্মৃতি আৰু কোনেও নকল কৰিব নোৱাৰে কিন্তু আমাৰ এই কাহিনীৰ নায়ক দোৰাবজী টাটা কৈ গৈছে যে তেওঁৰ এই স্মৃতিতো নকল কৰক আৰু পৃথিৱীৰ সকলো ঠাইত এই প্ৰতিষ্ঠান তো গঢ় লৈ উঠক।

Mumbai, Kolkata, Varanasi, Tripura, Bhubenshwor, Ranchi, Prayagraj mangalore এই সকলো ঠাইত “টাটা মেমৰিয়েল কেন্সাৰ হস্পিতাল আছে।চৰকাৰৰ সহযোগত Assam, Urisha. Jharkhand, telengana আৰু nagaland তো এই প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। চিম্বল কি সেই তো গুৰুত্বপূৰ্ণ নহয় সেই চিম্বল তোয়ে মানুহৰ মাজত কি প্ৰভাৱ বা মানুহক কেনেকৈ সহায় কাঢ়িছে সেইটো গুৰুত্বপূৰ্ণ। সঁচাকৈয়ে এই প্ৰেম কাহিনী স্মৰণীয় ।

চিকিৎসাধীন হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা

জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ।

৫ দিন ধৰি চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী।

মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে জুবলী।

কোভিডৰ পিছৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছে জুবলী। বৰ্তমান কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।

নামনি অসমৰ ধুবুৰী জিলা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় গৃহ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহি:বিভাগটো উদ্ধোধন কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

প্ৰাপ্ত বাতৰি মতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন মুকলি কৰাৰ পিছত তেওঁ চিকিৎসক আৰু চিকিৎসা শিক্ষক সকলোৰ সৈতে মত বিনিময় কৰে ।

উক্ত অনুষ্ঠানত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন ,জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক আদি বিশিষ্ট আমোলা -বিষয়া দলীয় নেতা -কৰ্মী সকল উপস্থিত আছিল । পিছত মন্ত্ৰী কেশৱ মহন্তয় এক সংবাদ মেলত অংশ গ্ৰহণ কৰে ।

অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে সুখবৰ।৬ হাজাৰ ফুট উচ্চতাতো লাভ কৰিব অক্সিজেন চিলিণ্ডাৰ, ম’বাইল টাৱাৰ।

অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে সুখবৰ।৬ হাজাৰ ফুট উচ্চতাতো লাভ কৰিব অক্সিজেন চিলিণ্ডাৰ, ম’বাইল টাৱাৰ।৩০ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা।২০২০ চনত মহামাৰীৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ পিছত এয়া প্ৰথম অমৰনাথ যাত্ৰা।

যাত্ৰীৰ সুবিধাৰ্থে যাত্ৰাৰ সময়ত সকলো শ্ৰেণীৰ পৰিবহণ সেৱা বৃদ্ধিৰ নিৰ্দেশ দিছে মোদী চৰকাৰে।ক’ভিড–১৯ৰ বাবে অতিৰিক্ত স্বাস্থ্য সতৰ্কতা অৱলম্বন কৰিব কেন্দ্ৰীয় চৰকাৰে অমৰনাথ যাত্ৰীৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ।অধিক উচ্চতাৰ কাৰণে,স্বাস্থ্যৰ সমস্যা থকাসকলৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।যাতায়াত, থকাৰ ব্যৱস্থা, বিদ্যুত‍, পানী, যোগাযোগ আৰু স্বাস্থ্য সেৱাসহ প্ৰয়োজনীয় সকলো সুবিধাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে মোদীয়ে।

অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে ৬,০০০ ফুটৰো অধিক উচ্চতাত পাব অক্সিজেন চিলিণ্ডাৰ আৰু মেডিকেল সুবিধা।স্থাপন কৰা হ’ব ম’বাইল টাৱাৰ। জৰুৰীকালীন অৱস্থাত এম্বুলেঞ্চ আৰু হেলিকপ্টাৰো মোতায়েন কৰা হ’ব।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত বাৰ্ষিক তীৰ্থযাত্ৰাৰ পৰ্যালোচনা কৰাৰ পিছত দুখনকৈ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

হেৰাই গ’ল এক যাদুকৰী কণ্ঠ, বাল্যকালৰ প্ৰেম কাহিনী এতিয়া অনুৰাগীৰ মুখে মুখে….

হেৰাই গ’ল এক যাদুকৰী কণ্ঠ।ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যু।মঙলবাৰে নিশা কলকাতাত এক সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে অসুস্থ হৈ পৰা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যু হয়।অসুস্থ হৈ পৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

হাস্পতালত চিকিৎসকে কণ্ঠশিল্পীগৰাকীক মৃত ঘোষণা কৰে।কিন্তু তেওঁৰ মৃত্যু এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।তেওঁৰ মৃত্যুৰ সন্দৰ্ভত কলকাতাৰ নিউ মাৰ্কেট থানাত ৰুজু হৈছে অস্বাভাৱিক মৃত্যুৰ গোচৰ।আজি এছ এছ কে এমত প্ৰয়াত সংগীতশিল্পী কে কেৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।শাৰীৰিক অসুস্থতা নে অন্য কাৰণত মৃত্যু হৈছে সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ কি আছিল ঠিক সেই কথা বুজিব পৰা যাব।

কেকেৰ ওঁঠ আৰু মূৰত ক’লা দাগ পোৱাৰ বিষয়টো আৰক্ষীয়ে বিশেষ ভাবে অনুসন্ধান কৰিব বুলি জানিব পৰা গৈছে।বিগত দুদিন কলকাতাৰ নজৰুল মঞ্চত আছিল তেওঁৰ অনুষ্ঠান।মঙলবাৰেও হাঁহিমুখীয়া আৰু সজীৱ শিল্পীগৰাকীয়ে মঞ্চত ইটোৰ পিছত সিটো গীত গাইছিল।

মাজে সময়ে তেওঁক ঘাম মচি থকা দেখা গৈছে।লগতে টেবুলৰ তলত ৰখা পানীৰ বটলৰ পৰা পানী খোৱা দেখা গৈছে শিল্পীগৰাকীক।তীব্ৰ গৰমত তেওঁ যে অস্বস্তি বোধ কৰিছিল,সেয়া স্পষ্টকৈ বুজা গৈছে।প্ৰচণ্ড গৰম বুলি কোৱাও শুনা যায় তেওঁক।ইংগিতেৰে মঞ্চৰ ওপৰৰ লাইটবোৰ দেখুৱাই কৈছিল, ‘‘নুমাই দিয়ক।’’জনপ্ৰিয় শিল্পীগৰাকীৰ এনে মৃত্যুক মুঠেও সহজ ভাবে ল’ব পৰা নাই তেওঁৰ অনুৰাগীসকলে৷শিল্পীগৰাকীৰ ওঁঠ আৰু মূৰত ক’লা দাগ পোৱাৰ কথাই তেওঁৰ মৃত্যুক অধিক সন্দেহৰ মাজলৈ ঠেলি দিছে৷এইগৰাকী যাদুকৰী কণ্ঠৰ গায়কৰ এই আকস্মিক মৃত্যুত এতিয়া দেশৰ লাখ-লাখ অনুৰাগী শোকত ম্ৰিয়মান হৈ পৰিছে।

জানিব পৰা মতে, কে কেৰ পত্নী আৰু পুত্ৰ ৰাতিপুৱাই কলকাতাত উপস্থিত হৈছে।মৰণোত্তৰ পৰীক্ষাৰ পিছত, তেওঁৰ মৃতদেহ পৰিয়ালক চমজাই দিয়ে ।

সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত  গীত গাই সামাজিক মাধ্যমত  বিতৰ্কৰ সন্মুখীন জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেন …

গত সপ্তাহত গোলাঘাটৰ লেটেকুজানত অনুষ্ঠিত বহাগী বিদায় ৰ সাংস্কৃতিক অনুষ্ঠানত এটি জনপ্ৰিয় গীত “আছাম দেশেৰ” শীৰ্ষক চাহ জনগোষ্ঠীয় গীতটি পৰিৱেশন কৰিছিল মৰিয়নি নকচাৰিৰ জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেনে। সামাজিক মাধ্যমত সেই গীতটি গায় থকা এটি video ভাইৰেল হোৱাৰ পাছতে চিৰাং জিলাৰ দুৰ্গা চৰেন নামৰ এজন যুৱকে গায়কজনৰ বিৰুদ্ধে জাতিগত অপমান সূচক অভব্য কমেণ্ট কৰে।

অপমানিত আৰু আশাহত হৈ জাঙোৰ খাই উঠিছে কণ্ঠ শিল্পীজন। জানিব পৰা মতে চাওঁতাল জনগোষ্ঠীয় সমাজক চাহ জনগোষ্ঠীৰ পৰা পৃথক পৰিচয় আৰু মৰ্য্যদা দিবৰ বাবে উঠি পৰি লাগি থকা সময়তে এজন চাওঁতাল শিল্পীয়ে চাহ জনগোষ্ঠীৰ গীত গোৱাৰ বাবেই দূৰ্গা চৰেনে এনেদৰে মন্তব্য কৰিছে বুলি কণ্ঠ শিল্পী জনে জানিবলৈ দিয়ে। অভব্য কমেণ্ট কৰা যুৱক দূৰ্গা চৰেনে ৰাজহুৱাকৈ ক্ষমা নিবিচাৰিলে আইনৰ কাষ চাপিবলৈ বাধ্য হব বুলিও স্পষ্ট কৰে শিল্পী গৰাকীয়ে।

বঙাইগাঁওৰ কীৰ্ত্তনপাৰাত ভয়াবহ পথ দুৰ্ঘটনা, চৰকাৰী PMAY ঘৰৰ ধন হল কাল।

বঙাইগাঁওৰ কীৰ্ত্তনপাৰাত ভয়াবহ পথ দুৰ্ঘটনা। চৰকাৰী PMAY ঘৰৰ ধন হল কাল। কালি PMAY ঘৰৰ ধন উলিওৱালৈ খোজ কাঢ়ি বেংকলৈ গৈ থকাৰ সময়তে দ্ৰুত-গতিত অহা বাইকে মুহুতিয়াই নিয়ে পথচাৰীক। দুৰ্ঘটনাত দুজন আহত, তাৰে এজনৰ অৱস্থা সংকটজনক।


আহত ক্ৰমে আবুল কায়ুম আৰু তোফাজ্জল হক বুলি জানিব পৰা গৈছে। আবুল কায়ুম নামৰ ব্যক্তিজনৰ অৱস্থা সংকটজনক। বাবু গেৰেজৰ স্বত্তাধিকাৰ তোফাজ্জলে নিয়ন্ত্ৰণ হেৰুৱাই অধিক বেগত বাইক লৈ আহি আবুল কায়ুম নামৰ ব্যক্তিজনক মুহুতিয়াই নিয়ে। দুজনকে চিকিৎসাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে।