Home Blog Page 2358

ৰৌতা সমবায় সমিতি লিমিটেডত  আজাদি কা  অমৃত  অন্ন  যোজনা  মহোৎসৱ  উদযাপন 

ৰৌতা  সমবায়  সমিতি  লিমিটেডত  আজাদি কা  অমৃত  অন্ন  যোজনা  মহোৎসৱ  উদযাপন । ওদালগুৰি সদৰ মহকুমা আজাদি কা অমৃত  অন্ন যোজনা  মহোৎসৱটি ২৩ এপ্ৰিলৰ দিনা দিনজোৰাকৈ ৰৌতা  সমবায় সমিতি লিমিটেডখনৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় ।

সেইবাবে সেইদিনা অনুষ্ঠিত অনুষ্ঠানটোত খাদ্য যোগান আৰু বিভাগৰ উচ্চ পদস্থ বিষয়া এগৰাকীৰ লগতে পৰিদৰ্শক  ৰাণা দত্ত , পাৰ্থপ্ৰতিম হাজৰিকা,  ৰৌতা সমবায় সমিতি লিমিটেডখনৰ সভাপতি তৰুণ দৈমাৰী, ৰৌতা সমবায় সমিতি লিমিটেডখনৰ সঞ্চালক প্ৰধান তথা সম্পাদক হৰেণ কোচ, উপ সভাপতি জীৱন দাসে উপস্থিত থাকি সভাত বক্তব্য আগবঢ়ায় । 

সভাত ৰৌতা সমবায় সমিতি  লিমিটেডখনৰ  সঞ্চালক  মণ্ডলীৰ এলেকাত  থকা  সমবায়ৰ  সুলভ মূল্যৰ দোকানী তথা এজেণ্টসকলৰ লগতে অংশীদাৰ সকলো উপস্থিত আছিল ।

নাজিৰাত দুই সমাজ হিতৈষীলৈ সাংবাদিকৰ বিহুৰ ওলগণি

বিহু গীতৰ নামত আধুনিক গীত সৃষ্টি কৰি বিজতৰীয়া সুৰ – শব্দৰ পৰিত্যাগৰ আহ্বান শিল্পী সমাজলৈ । নাজিৰাৰ গেলেকীৰ সমাজ-কৰ্মী বয়োজ্যেষ্ঠ নাগৰিক অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ গগৈয়ে ২৪ এপ্ৰিলত নাজিৰা প্ৰেছ ক্লাৱ সভাকক্ষত আয়োজিত বিহুৰ ওলগণি অনুষ্ঠানৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰে । তেওঁৰ শিক্ষকতাৰ সেৱাৰ লগতে বিস্তৃত কৰ্মময় জীৱনত বিদ্যালয়, মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগতে গেলেকীৰ বজাৰ ব্যৱস্থাৰ বিকাশৰ হেতু প্ৰচেষ্টা চলাই যোৱাৰ সেৱা কৰ্মক স্মৰণ কৰে ।

চাইকেল চলাই সমাজৰ বিভিন্ন স্তৰত সমন্বয় সংযোগ ঘটাই বিকাশৰ পথ ত্বৰান্বিত কৰাৰ বাবেই নাজিৰা জিলা সাংবাদিক সংস্থাই তেওঁক সম্বৰ্দ্ধনা জনোৱাত পৰম কৃতজ্ঞতা প্ৰকাশ কৰি ইয়াৰ জড়িয়তে তেওঁৰ জীৱনৰ আয়ুস বঢ়াই তুলিছে বুলি প্ৰকাশ কৰে । আনহাতে জীৱনৰ ৮২ তম বৰ্ষত ভৰি দি একাদিক্ৰমে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ-বৰ্গৰ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰা সামাজিক সেৱাৰ সৈতে জড়িত হৈ ৰোৱা সত্যেন্দ্ৰনাথ বৰঠাকুৰকো সম্বৰ্দ্ধনা জনোৱাৰ পাছতে সম্বৰ্দ্ধিতজনৰ জীৱন-কৰ্মৰ বিষয়ে নাজিৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা বীৰেণ শৰ্মাই বৰ্ণনা দাঙি ধৰে ।

নাজিৰা জিলা সাংবাদিক সংস্থাৰ  সভাপতি দুৰ্লভ বুঢ়া গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত এই  সভাত অধ্যাপক ড’ জীৱন কলিতাই বিহু গীত গাই ওলগণি অনুষ্ঠান জীপাল কৰি তোলাৰ লগতে নাজিৰাৰ মহকুমা জনসংযোগ বিষয়া ড’ বৰ্ণালী দত্তই জেং বিহুৰ ঠাঁচেৰে বিহুগীত পৰিৱেশন আৰু নৃত্যৰে সভাগৃহ ৰঙীন কৰি তোলে । 

বিহু গীতৰ কলি আওঁৰাই  জ্যেষ্ঠ সাংবাদিক অনুজ ৰাজখোৱাই আঁত ধৰি যোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নাজিৰা জিলা সাংবাদিক সংস্থাৰ সম্পাদক অনন্ত কলিতাই । সংস্থাৰ উপ-সভাপতি ভাস্কৰ জ্যোতি বৰগোহাঞিয়ে বক্তব্য দাঙি ধৰি বিহুৰ স্বকীয়তা জীয়াই ৰাখিবলৈ মঞ্চৰ শিল্পী সকলে ৰাইজৰ মনত বাজি থকা স্বকীয় পৰিচিতিৰ বিহুগীতৰ অন্বেষণত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰাৰ লগতে আধুনিক গীতৰ শাৰীত বিহুগীতক থিয় কৰাব বিচৰা এচাম শিল্পীয়ে বিজতৰীয়া সুৰ-শব্দৰ প্ৰয়োভৰ ঘটোৱাৰ প্ৰতি আঙুলিয়াই দিয়ে ।

সভালৈ শিল্পী অকণমাণ গগৈকো সম্বৰ্ধনাৰ বাবে নিমন্ত্ৰণ জনায় যদিও তেওঁ সভাত উপস্থিত হ’ব নোৱাৰিলে । শৰাই আগবঢ়াই বয়োজ্যেষ্ঠক ওঁলগ যচাৰ লগতে বিহুগীতত মিলিত সাংবাদিক সকলে গামোচা লৈ ৰাজহুৱা জলপান গ্ৰহণেৰে আপ্যায়িত হয় । সভাত শিক্ষাবিদ গোপাল বৰুৱা, ৰাজেশ দত্ত  আদিয়ে  সাংবাদিকসকলে সহযোগ কৰে । 

মানিমুনিৰ আছে বহু ঔষধি গুণাগুণ…..

মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷গা-গছৰ ঠাৰিডাল দীঘল হয় । ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি ৷ বৰ্তমান ঋতুত অতি সুলভ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী ৷

বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে ৷ মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে ৷ কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয় পথ্য ৷ মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে ৷ বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে ৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে ৷ এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷

দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ ৷

ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড মণ্ডলত খাংখালাবাৰী গাঁৱত মন কী বাত……

২৪এপ্ৰিলত ওদালগুৰি জিলা অন্তৰ্গত ভৈৰৱকুণ্ড মণ্ডলত খাংখালাবাৰী গাঁৱৰ ১৮০ নং বুথত,বুথ সভাপতি পপি দে ৰ নেতৃত্বত ভাৰতৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৮৮ সংখ্যক মন-কী-বাত ৰ কাৰ্যসুচী,ডিজিটেল মাধ্যমত অনাটাৰ দুৰদৰ্শনৰ জৰিয়তে সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়  ।

এই কাৰ্যসুচীত প্ৰধানকৈ ভাৰতীয় জনতা পাৰ্টি,ওদালগুৰি জিলা সহ-কাৰ্যলয় সম্পাদক অনুপম শৰ্মা,বুথ সভাপতি পপি দে,সদস্য সকল ক্ৰমে মেঘালী শৰ্মা,দুলাৰী চৌহান,গুঞ্জ চৌহান,বিৰবল চৌহান,ঘনশ্যাম চৌহান,শুভকাংক্ষী আদি  কৰ্মকৰ্তা সকলে  অংশগ্ৰহন কৰে ।  মন-কী-বাত ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, প্ৰধানমন্ত্ৰী সংগ্ৰাহালয় ভ্ৰমণকৰা লোকসকলৰ অভিজ্ঞতা ভাগ -বতৰা কৰিছে, নাগৰিকসকলক নমো এপত অংশ ল’বলৈ আহ্বান জনাইছে তেওঁ কয় যে যিকোনো স্থানীয় সংগ্ৰহালয় দৰ্শন কৰি ব্যৱহাৰ কৰি আপোনাৰ অভিজ্ঞতা ভাগ বতৰা কৰক,মন কী বাট ৰ সময়ত ,ডাঙৰ ডিজিটেল অৰ্থনীতি গঢ়ি তোলা সৰু অনলাইন পৰিশোধ আদি ।

দৈনিক প্ৰায় ২০ হাজাৰ কোটি টকাৰ অনলাইন লেনদেন ঘটিছে,ক্ৰীড়াৰ দৰেই দিব্যাংগজনেও কলা, শিক্ষাবিদ আৰু আন বহুতো ক্ষেত্ৰত বিস্ময়কৰ কাম কৰি আছে। প্ৰযুক্তিৰ শক্তিৰ দ্বাৰা তেওঁলোকে অধিক উচ্চতা অৰ্জন কৰিছে ।লগতে তেওঁ জানিবলৈ দিয়ে অমৃত মহোৎসৱৰ সময়ত দেশৰ প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰা হ’ব ।কেলকুলাছৰ পৰা কম্পিউটাৰলৈ – এই সকলো বোৰ বৈজ্ঞানিক আৱিষ্কাৰ শূন্যৰ ওপৰত আধাৰিত গণিত আমাৰ ভাৰতীয়সকলৰ বাবে কেতিয়াও কঠিন বিষয় হোৱা নাছিল। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে আমাৰ বৈদিক গণিত ।

অম্লান বৰগোহাঁইক মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা….

পুৰুষৰ ২০০মি: দৌৰত নতুন অভিলেখ গঢ়ি এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰা অম্লান বৰগোঁহাইৰ উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে । অহা সপ্তাহত তেওঁক ইউৰোপলৈ প্ৰেৰণ কৰিব ৰিলায়েন্স ফাউণ্ডেচন ওডিষা এথলেটিকছ হাই পাৰৰ্ফৰমেঞ্চ চেণ্টাৰে । ২০০ মি: দৌৰত দেশৰ নতুন চাঞ্চল্য অম্লানে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ।

এই সম্পৰ্কত টুইট যোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে , “চলিত বছৰৰ শেষৰ ফালে চীনৰ হাংঝাওত হ’বলগা এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰা অম্লান বৰগোহাঁইক লগ পাই সুখী হলো । তেওঁ কেৰালাত অনুষ্ঠিত ২০২২ বৰ্ষৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছৰ পুৰুষৰ ২০০ মি: দৌৰত এক নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে । তেওঁৰ সকলো ধৰণৰ ভৱিষ্যত প্ৰয়াসৰ সাফল্য কামনা কৰিলো ।” ২৩ বছৰীয়া অম্লানে ফেডাৰেচন কাপত পুৰুষৰ ২০০ মি: শাখাত এছিয়ান গেমছলৈ যোগ্যতা নিৰ্ণয়ৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰচনে ধার্য কৰি দিয়া যোগ্যতা নিৰ্ণায়ক সময় অতিক্ৰম কৰে ।

যোগ্যতা নিৰ্ণায়ক সময় ধাৰ্য কৰা হৈছিল ২০.৬০ ছেকেণ্ড আৰু পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ আছিল ২০.৬৩ ছেকেণ্ড । কিন্তু অম্লানে ২০.৫২ ছেকেণ্ডেৰে দুয়োটা সময়কে অতিক্ৰম কৰিলে । ৰিলায়েন্স ফাউণ্ডেচন ওডিষা এথলেটিকছ হাই পাৰ্ফৰমেঞ্চ চেণ্টাৰৰ এই খেলুৱৈগৰাকীৰ প্ৰদৰ্শনে সকলোকে চমকিত কৰিছে । ২০২০ ৰ এপ্ৰিলৰ পৰা অম্লান জেমছ হিলিয়াৰৰ অধীনত উক্ত কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ৰিলায়েন্স ফাউণ্ডেচনে অম্লানক ২০১৭ চনতে চিহ্নিত কৰিছিল । সেইবাৰ তেওঁক ৰিলায়েন্স ফাউণ্ডেচন য়ুথ স্পৰ্টছ ( আৰ এফ ৱাই এছ ) এলীট কেম্পলৈ আমন্ত্ৰণ জনোৱা হৈছিল ।

২০১৮ ৰ আৰ এফ ৱাই এছৰ ৰাষ্ট্ৰীয় ফাইনেলত তেওঁ ১০০ মি: দৌৰত ১০.৮৪ ছেকেণ্ড আৰু ২০০ মি: দৌৰত ২২.০৬ ছেকেণ্ডত অতিক্ৰম কৰিছিল । মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰৰ তদাৰকত অম্লানে ইউৰোপত উন্নত মানৰ দৌৰবিদৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে কিছু প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব উদীয়মান খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে মুখ্যমন্ত্ৰীডঃ হিমন্ত বিশ্ব শৰ্মাই

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভু্ত হল টীয়কৰ কণমানি ছাত্ৰীৰ

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত টীয়কৰ কণমানি ছাত্ৰীৰ নাম অন্তৰ্ভু্ত । যুৱ ছাত্ৰৰ সম্বৰ্ধনা । নিজ চেষ্টাৰ ফলত মাথোঁ ৬ বছৰ বয়সতে টীয়ক চাকুলীবৰ নিবাসী তথা বেন গাৰ্ডেন স্কুলৰ ছাত্ৰী প্রাচীনা বৰাই গণিতৰ বৰ্গমূল ২০ৰ পৰা ১লৈকে ওলোটাকৈ চকু বান্ধি ১মিনিট ৩৩চেকেণ্ডত কৈ ইণ্ডিয়া  বুক  অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰি টীয়ক তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ হৈ  সভাপতি হিমাংশু বৰুৱাৰ নেতৃত্বত যোৱা এটি সজাতি দলে ছাত্ৰী গৰাকীৰ গৃহত গৈ সম্বৰ্ধনা জনোৱাৰ লগতে তেঁওৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।উক্ত কাৰ্যসূচীত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সদস্য বিতু ৰাজখোৱা উপস্থিত থাকে।

নলবাৰীৰ বৃহত্তৰ খালিহাপাৰা নৱদোয় সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন….

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত খালিহাপৰা গাঁৱত যোৱা ১০ বহাগ ২৪ এপ্ৰিল ৰবিবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়।ভূপেন ডেকাক সভাপতি,অজিত তালুকদাৰক উপ-সভাপতি, বাপন ডেকা,অম্বৰীশ ডেকাক সম্পাদক ,ৰাকেশ ডেকা, চাণক্য ডেকাক সহ: সম্পাদক,জয়ন্ত ঠাকুৰীয়া, ৰাজীৱ ডেকা, নিবাৰণ তালুকদাৰক সাংস্কৃতিক সম্পাদক, ৰাকেশ ডেকা, ধ্ৰুৱজ্যোতি তালুকদাৰ, অংকু ডেকাক খেল সম্পাদক হিচাপে লৈ গঠিত বিহু উদযাপন সমিতিয়ে

জানিবলৈ দিয়া মতে স্বচ্ছ অভিযান, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপন, বিহুৰ পতাকা উত্তোলন , খেল ধেমালি প্ৰতিযোগিতা,ভেশচন প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা,আধুনিক নৃত্য প্ৰতিযোগিতা আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়। আধুনিক নৃত্য প্ৰতিযোগিতাৰ ফিটা কাটি দ্বাৰ মুকলি কৰে মুকালমুৱা আৰক্ষী থানাৰ নলবাৰী চক্ৰ সংগঠক চৈয়দ নজৰুল ইছলামে।

জানক শৰীৰৰ ওজন হ্ৰাস কৰাৰ ৫ টা সহজ উপায়……

শৰীৰৰ অত্যধিক ওজন বৃদ্ধিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। পৰিৱৰ্তিত জীৱনশৈলীৰ ফলত Obesity বা মেদবহুলতা বৰ্তমান সকলো বয়সৰ লোকৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে।

মেদবহুলতাৰ এক অন্যতম প্ৰধান কাৰণ হৈছে আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন। অধিক পৰিমাণৰ সংশোধিত খাদ্যবস্তু যেনে জাংৰ ফুদ আদি গ্ৰহণৰ ফলত মেদবহুলতাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। সেয়ে এনে খাদ্য খোৱাৰ পৰা আমি পৰাপক্ষত বিৰত থাকিব লাগে।

শৰীৰৰ ওজন হ্ৰাস কৰাত আমাক কেইবিধমান খাদ্যই সহায় কৰে।

১. কমলা, নেমু, মৌচম্বী আদি টেঙা ফল চৰ্বি কমোৱাত আন খাদ্যতকৈ অধিকৰুপে কাম কৰে। দিনৰ যিকোনো সময়ত টেঙা ফল খাব পাৰি যদিও ৰাতিপুৱাৰ সময়ছোৱাত ৰস হিচাপে খালে ই আটাইতকৈ লাভদায়ক হয়।

২. নিমৰ বহুতো গুণ আছে। আপুনি যদি শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে তেন্তে নিমৰ ৰস খাব পাৰে। নিমৰ ৰসৰ মৌ মিহলি কৰি খোৱা কৰিলে এই ক্ষেত্ৰত সুফল পাব পাৰি।

৩. গ্ৰীন টী আমাৰ শৰীৰৰ বাবে এবিধ লাগতিয়াল পানীয়৷ গ্ৰীন টীত ই জি চি জি নামৰ এক উপাদান থাকে৷ এই উপাদানবিধে শৰীৰৰ মেটাবলিজম বঢ়োৱাৰ লগতে কেলৰি বাৰ্ন কৰে৷

৪. পাচলিৰ ভিতৰত বন্ধাকবিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ আৰু আঁহ পোৱা যায়। এইবিধ যিহেতু কলেষ্টৰেলমুক্ত পাচলি, গতিকে ই আমাৰ চৰ্বি কমোৱাত সহায় কৰে।

৫. ওটমিল আৰু আখৰোটৰ সংমিশ্ৰণে ওজন হ্ৰাস কৰাত সহায় কৰে। ওটমিলত যথেষ্ট পৰিমাণে আঁহজাতীয় পদাৰ্থ থাকে, ই চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী সকলক টুইটযোগে কৃতজ্ঞতা নৰেন্দ্ৰ মোডীৰ ……….

ঘোষিত হোৱা গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী সকলক টুইটযোগে কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ লিখিছে, ‘ধন্যবাদ গুৱাহাটী! এই আকৰ্ষণীয় চহৰখনৰ লোকসকলে বিকাশৰ নীতি গঢ়ি তুলিবলৈ @BJP4Assamক জনাদেশ প্ৰদান কৰিছে ৷ তেওঁলোকে মুখ্যমন্ত্ৰী @himantabiswaৰ অধীনত ৰাজ্য চৰকাৰখনৰ কঠোৰ পৰিশ্ৰমৰ বাবেও আশীৰ্বাদ কৰিছে ৷ প্ৰতিজন বিজেপি কৰ্মকৰ্তা আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক মই কৃতজ্ঞতা জনাইছো।’

উল্লেখ্য যে, বিজেপি মিত্ৰজোঁটে বৃহৎ জয়লাভেৰে পৌৰনিগম দখল কৰিবলৈ সক্ষম হয়। বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড, আম আদমী পাৰ্টীয়ে ১টা আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হয়। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৫নং,৬নং আৰু ২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।

হাৰাফুটাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰনোজ পেগু,পৃথি মাঝিৰ পুত্তলিকা দাহ সদৌ চাওতাল ছাত্ৰ সন্থাৰ…

অসমত বসবাস কৰা চাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ লগত সাঙুৰি লোৱা ঘটনাত জাঙুৰ খাই উঠিছে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠন ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আদিবাসী সকলক চাহ জনগোষ্ঠী বুলি নামাকৰন কৰাত সদৌ চাঁওতাল ছাত্ৰ সন্থা চমুকৈ এছুৱে আজি গোসাইগাঁও মহকুমাৰ হাৰাফুটাত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী ৰনোজ পেগু আৰু চাহ জনগোষ্ঠীৰ জাতীয় সন্মিলনীৰ সভাপতি পৃত্থি মাঝিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

এছুৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত পুত্তলিকা কাৰ্যসুচীত অংশগ্ৰহনকাৰীসকলে চাঁওতাল সকলক চাহ জনগোষ্ঠী নামাকৰণ নচলিব,মুখ্যমন্ত্ৰী হায় হায়,ৰনোজ পেগু মুৰ্দাবাদ,পৃত্থি মাঝি মুৰ্দাবাদ,আদি প্ৰতিবাদী শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷ কাৰ্যসুচীত এছুৰ কেন্দ্ৰীয় সাধাাৰণ সম্পাদক ৰিমান চাকু চৰেনে চৰকাৰক সমালোচনা কৰি কয় এনে নামাকৰনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৷