Home Blog Page 2365

মৈৰাবাৰীত নাৰী সচেতনৰ উদ্দেশ্যি সজাগতা সভা

মৈৰাবাৰীত নাৰী সচেতনৰ উদ্দেশ্যি সজাগতা সভা অনুষ্ঠিত । আজি মৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত Instructional Values & Best Practice Cell (IQAC)’ৰ দ্বাৰা আয়োজিত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।
মহিলা তথা স্কুল-কলেজীয়া ছাত্ৰী সকলক ঋতুস্ৰাৱৰ পৰা হোৱা নানান বেমাৰ সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যি আয়োজন কৰা হয় এই সজাগতা সভাখন।

মৈৰাবাৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড° ৰেহেনা আহমেদৰ তত্বাৱধানত অনুষ্ঠিত সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী হস্পিতালৰ চিকিৎসক ড° স্বামীমা আলম।

প্ৰায় দুই ঘণ্টা যোৰা সজাগতামূলক অনুষ্ঠানটোত মহিলা সকলক- ঋতুস্ৰাৱৰ পৰা হব পৰা বিভিন্ন বেমাৰৰ বাবে প্ৰয়োজনীয় পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে আলোচনা কৰা হয়। আগন্তুক দিনত মহিলা সকলক লৈ এনে সজাগতা সভা অনুষ্ঠিত কৰি মহিলা সকলৰ মাজত সজাগতা আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আমন্ত্ৰিত চিকিৎসক গৰাকীয়ে উল্লেখ কৰে।

শিখা শৰ্মাই কি কলে মুৰ্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে …

কংগ্ৰেছৰ পৰা বিভাজিত হৈ ৰিপুন বৰাৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতি গঠন কৰাৰ পিছত ধেমাজিত আজি দলটোৱে আহি তৃণমূল কংগ্ৰেছৰ জিলা সমিতি গঠনৰ কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰা বহু কৰ্মীক আজি তৃণমূল কংগ্ৰেছত যোগদান কৰাই ৷

উক্ত সভাত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা. আৰু ৰাজ্যিক নেত্ৰী শিখা শৰ্মাইও অংশ লয় ৷ উক্ত সভাতে  ৰণোজ পেগুৰ আৰু মুৰ্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উদাত্ত ভাষণ দিয়ে ৷

কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোত জনজাগৰণ আৰু বিশেষ সম্বৰ্দ্ধনা সভা সম্পন্ন

ৰাজ্যৰ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি বকোত আয়োজন কৰা হৈছে জনজাগৰণ আৰু বিশেষ সম্বৰ্দ্ধনা সভাৰ। আজি বকো আৰক্ষী থানাৰ অধিনৰ বকোস্থিত বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত এক জনবহুল পৰিবেশত আয়োজন কৰা হয় বিশেষ সম্বৰ্দ্ধনা আৰু জনজাগৰণ সভা। ইফালে কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক অনুপম দাসে জনোৱা মতে আজি সংগঠনটোৰ সভাপতি বিষ্ণু ৰাম দাসে পূৱা পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে।

পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়াই। কাৰ্য্যসুচীত চিলাৰায়ৰ বৃহৎ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাণাদিত্য বৰ্মণে। অনুস্থানত দিনৰ ভাগত অনুষ্ঠিত হয় জনজাগৰণ আৰু সম্বৰ্দ্ধনা সভা। সভাপতি বিষ্ণু ৰাম দাসে সঞ্চালনা কৰা সভা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়ে। ইফালে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা বিষয়টো চৰকাৰী ভাৱে কি ব্যৱস্থা কৰা হৈছে তাক লৈ অসম বিধানসভাত সৰব হৈ পৰা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক উষ্ণ আদৰণি আৰু সম্বোৰ্ধনা জনোৱা হয়। নিমন্ত্ৰিত অতিথিৰ ভাষণত বিধায়ক কলিতাই কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ সমাধান বিচাৰি অসম বিধানসভাৰ মজিয়াত সজোৰে দাবী উত্থাপন কৰাৰ আশ্বাস দিয়ে।

অনুস্থানত অসম গণ পৰিষদৰ নেত্ৰী তথা নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক ; বিশিষ্ট সমাজকৰ্মী পৰমানন্দ বড়ো ; অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জ্যেষ্ঠ জ্ঞাতি গীৰিন্দ্ৰ কুমাৰ চৌধুৰী ; কোচ ৰাজবংশী জনগোষ্ঠীৰ পুৰোধা ব্যক্তি ডিম্বেশ্বৰ দাস ; যুৱ নেতা পৰাণজ্যোতি দাস ; ৰজিত বড়ো আদিকে ধৰি বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। জনজাগৰণ সভাত বহু কেইজন অতিথিয়ে জনগোষ্ঠীটোৰ সমস্যাৰ সমাধান কল্পে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত আলোকপাত কৰে। অনুস্থানত কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বকীয় সত্তাৰ নৃত্য গীত পৰিৱেশন কৰা হয়।

আনহাতে জনজাগৰণ সভাৰ জৰিয়তে সভাপতি বিষ্ণু ৰাম দাসে অসম চৰকাৰক অতি শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ সজোৰে আহ্বান জনায়। সভাত ৰাণাদিত্য বৰ্মণ আৰু দীপক কুমাৰ ৰয়ে জনগোষ্ঠীটোৰ স্বকীয় বৈশিষ্ট্যৰ কৃষ্টি সংস্কৃতিৰ উত্তোৰণৰ লগতে সমস্যা সমাধান বিচাৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুধাবিভক্ত সংগঠন সকলোক একত্ৰিত হোৱাৰ আহ্বান জনায়। শেষত সভাপতিয়ে অনুস্থানটো সফল ৰূপায়ণ কৰাত সহায় সহযোগ আগবঢ়োৱা বাবে সকলোকে শলাগ লয়। ইফালে সন্ধিয়া পৰত অনুস্থানৰ সফল সামৰণিৰ বন্তি প্ৰজ্বলন কৰে উপদেষ্টা গৌৰাংগ চৌধুৰীয়ে।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাবৰ হিচাপ নিৰ্ণয় কৰিব নোৱাৰিলে, জেদী ছাত্ৰী, মাংগালোৰ বিশ্ববিদ্যালয়ত হিজাব পিন্ধি মহাবিদ্যালয়ত উপস্থিত হ’ল ছাত্ৰী

কিন্তু যেতিয়া তেওঁলোকক শ্ৰেণীত প্ৰৱেশ কৰিবলৈ হিজাব খুলিবলৈ কোৱা হৈছিল, তেওঁলোকে অস্বীকাৰ কৰিছিল। তাৰ পিছত তেওঁলোক উভতি গ’ল।
হিজাবক লৈ বিতৰ্ক পুনৰ কৰ্ণাটকত আৰম্ভ হৈছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে শ্ৰেণীত পোছাক পিন্ধিবলৈ নিৰ্দেশ দিয়া স্বত্বেও, মাংগালোৰ বিশ্ববিদ্যালয়ৰ ছোৱালীসকলে হিজাব পিন্ধি মহাবিদ্যালয়লৈ অহাৰ বাবে অটল হৈ আছে। শনিবাৰেও, তাই হিজাব পিন্ধি মহাবিদ্যালয়ত উপস্থিত হৈছিল কিন্তু যেতিয়া তাইক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ হিজাব খুলিবলৈ কোৱা হৈছিল, তাই অস্বীকাৰ কৰিছিল। তাৰ পিছত তেওঁলোক উভতি গ’ল। ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে, কিছুমান ছোৱালী ছাত্ৰীয়ে হিজাব পৰিধান নকৰাৰ বাবে মহাবিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। বিতৰ্কৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই আৰু শিক্ষা মন্ত্ৰী বি চি নাগেশে কয় যে আদালতে ইতিমধ্যে গোচৰটোৰ ৰায় প্ৰদান কৰিছে। শ্ৰেণীসমূহত কেৱল পোছাকৰ অনুমতি দিয়া হ’ব।

কৰ্ণাটকত এই বছৰৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৰাজ্যখনৰ মালালী মন্দিৰ মছজিদ বিবাদ আৰু এতিয়া আকৌ এবাৰ শ্ৰেণীকোঠাত হিজাব পিন্ধাক লৈ বিতৰ্ক আৰম্ভ হৈছে। বৃহস্পতিবাৰে মাংগালোৰৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ এদল ছোৱালীয়ে শ্ৰেণী বৰ্জন কৰি চৌহদত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত বৃহস্পতিবাৰে ৰাজ্যখনত হিজাবৰ বিষয়টো পুনৰ পোহৰলৈ আহে। কিছুমান মুছলমান ছোৱালী ছাত্ৰীয়ে মূৰত স্কার্ফ পিন্ধি শ্ৰেণীত উপস্থিত আছিল। শনিবাৰে, হিজাব পিন্ধা কিছুমান ছাত্ৰী মহাবিদ্যালয়ত উপস্থিত হৈছিল কিন্তু অধ্যক্ষ অনুচুয়া ৰায়ে তেওঁলোকক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল। ইয়াৰ পিছত, তেওঁলোক পুথিভঁৰাললৈ গৈছিল কিন্তু তেওঁলোককো তাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। তাৰ পিছত তেওঁলোক উভতি গ’ল।

চাপৰ আৰক্ষীৰ সফলতা

চাপৰ আৰক্ষীৰ সফলতা।নিশা অভিযান চলায় চাপৰ আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰিলে দুজন কৈ চোৰ। চাপৰৰ এখন গুদামত সংঘটিত কৰিছিল চুৰি কাণ্ড।

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত যোৱা চাপৰ বজাৰৰ অধিকাৰী কমপ্লেক্সত FLIPKART ৰ সামগ্ৰী মজুত কৰি ৰখা এখন দোকানত যোৱা ২৪ তাৰিখ নিশা এক চুৰিকাণ্ড সংঘটিত হয় ।

উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত ভূক্তভোগীয়ে চাপৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ চিৰস্তা ছফিউল আলম আজাদৰ নেতৃত্বত এক অভিযান চলাই যোৱা নিশা দুজনকৈ চোৰক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰ দুজনৰ পৰা ইতিমধ্যে কিছু সা-সামগ্ৰীও জব্দ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আটকাধীন চোৰ দুজন ক্ৰমে চাপৰ শান্তিপুৰৰ গোবিন্দ নম: দাস আৰু চাপৰ কাজিপাৰাৰ ইছমাইল আলী বুলি জানিব পৰা গৈছে। আটকাধীন চোৰ দুজনক ইতিমধ্য আৰক্ষীয়ে জেল হাজোলৈ প্ৰেৰণ কৰে।

মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতত প্ৰাক্তন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

আজি ডিফুৰ বিজেপি পূৱ কাৰ্বি আংলং জিলা পাৰ্টিকাৰ্যালয়ত ২০০ তকৈও অধিক প্ৰাক্তন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে। ইয়াৰ ভিতৰত আছে কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ জি.এছ. শ্ৰী ডেনিয়েল ইংটি, মহিলা কংগ্ৰেছ জিলা সমিতিৰ সভাপতি শ্ৰীমতী কানম এংটিপি আৰু অন্যান্য বিভিন্ন বিশিষ্ট লোক।


মন্ত্ৰী পিযুষ হাজৰিকাই এই সভাত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াললৈ সকলোকে আদৰণি জনায় আৰু দলটোৰ নীতি আৰু আদৰ্শ পালন কৰি সকলোকে ত্যাগ আৰু নিষ্ঠাৰ ভাৱনাৰে আমাৰ মাতৃভূমিৰ সেৱা কৰিবলৈ আহ্বান জনায়।


মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ড০ তুলিৰাম ৰংহাং, বিধায়ক , বিদিয়া ছিং এংগেলং, সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিজেপি প্ৰাৰ্থী, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দলৰ কৰ্মকৰ্তা সকল উপস্থিত আছিল।

অভিবক্তাক প্ৰাণৰ ভাবুকি দিয়া কাণ্ডক লৈ মুখ খুলিলে ধুবুৰীৰ আৰক্ষী অধীক্ষকে

ধুবুৰীৰ আদালতত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে পিষ্টল ওলাই অভিবক্তাক প্ৰাণৰ ভাবুকি দিয়া কাণ্ডক লৈ মুখ খুলিলে ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ দিলীপ গগৈয়ে। সম্পূৰ্ণ ঘটনাৰ তদন্ত কৰা হব,কলে অধীক্ষক গৰাকী।

যোৱা কালিৰ ঘটনা সম্পূৰ্ণৰূপে দুৰ্ভাগ্যজনক বুলি অবিহীত। গৰুৰ ছিণ্ডিকেট বহু পৰিমানে কমিছে বুলি দাবী অধীক্ষক গৰাকীৰ। গৰুৰ চিণ্ডিকেট বা অবৈধ গৰুৰ ব্যৱসায়ে ৰে গঢ়ি তোলা চোৰাং বেপাৰীৰ সম্পত্তি ব্যজায়াপ্ত কৰা হব বুলি জানিব দিলে অধীক্ষক গৰাকী। ধুবুৰীত গৰুৰ ব্যৱসায় বন্ধ কৰা টো ধুবুৰী আৰক্ষীৰ প্ৰথম কৰ্তব্য বুলিও ভাষ্য প্ৰদান আৰক্ষী অধীক্ষক অভিজিৎ দিলীপ গগৈৰ।

ৰাজ্যত বিজ্ঞানসন্মতভাৱে কত হয় গাখীৰ উৎপাদন

ৰাজ্য চৰকাৰে দৈনিক দহ হাজাৰ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য হিচাপে লৈ নতুন প্ৰজন্মক এই ব্যৱসায়ৰ প্ৰতি আকৰ্ষণ কৰাৰ সময়তে যোৰহাটৰ এগৰাকী ব্যৱসায়ীয়ে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে গাখীৰ উৎপাদন কৰি ৰাজ্যখনতে সমাদৰ লাভ কৰাৰ লগতে তেওঁৰ ডায়েৰী ফাৰ্মখন সহস্ৰজনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷
২০১৫ চনতে প্ৰথমবাৰৰ বাবে মিল্ক পাৰ্লাৰ স্থাপন কৰি সম্পূৰ্ণ স্বাস্থ্যসন্মত পৰিৱেশত দুগ্ধ উৎপাদন কৰি অহা যোৰহাটৰ আগশাৰীৰ মধুৰ ডায়েৰীৰ স্বত্বাধিকাৰীগৰাকী হ’ল ৰাতুল বৰুৱা৷

বিজ্ঞানসন্মতভাৱে গোহালি নিৰ্মাণ কৰি উন্নতজাতৰ গৰু আনি আৰম্ভ কৰা মধুৰ ডায়েৰী এতিয়া ৰাজ্যৰ ভিতৰতে লেখত ল’বলগীয়া ফাৰ্মত উপনীত হৈছে৷
প্ৰথমে ২০১৫ চনত তিনিজনী গৰু লৈ আৰম্ভ কৰা বৰ্তমান ফাৰ্মখনত হলেষ্টিয়ান ফিজিয়ান আৰু জাৰ্চি প্ৰজাতিৰ গৰু আছে৷ মধুৰ ডায়েৰীৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে অসমৰ জলবায়ুৰ বাবে জাৰ্চি প্ৰজাতিৰ গৰুৰ গাখীৰ উৎপাদন ভাল৷


লক্ষণীয় যে মধুৰ ডায়েৰীত দৈনিক ৩৪০ লিটাৰ গাখীৰ উৎপাদন হয় আৰু স্থানীয় গাখীৰ উৎপাদকসকলৰ পৰা ৬০০ লিটাৰ গাখীৰ লয়৷ আনহাতে পুৱাই প্ৰতিদিনে গাঁৱৰ লগতে নগৰৰ ৱাৰ্ডতে মধুৰ ডায়েৰীৰ ৬খন মিল্ক ভেনেৰে প্ৰায় ৭০০ লিটাৰ নিৰ্ভেজাল গাখীৰৰ আধা লিটাৰকৈ পাউচ বিক্ৰীৰ ব্যৱস্থা কৰে৷
উল্লেখ্য যে মধুৰ ডায়েৰীত পোনপ্ৰথমে মিল্ক পাৰ্লাৰ স্থাপন কৰি হাইজেনিক ছিষ্টেমত গাখীৰ খীৰোৱা কাম কৰি আহিছে৷ ২০১৬ চনতে মিল্ক পাৰ্লাৰ আনি গাখীৰ খীৰোৱা ৰাজ্যত অন্য ফাৰ্ম নাই বুলি তেওঁ জানিবলৈ দিয়ে৷
লক্ষণীয় যে মধুৰ ডায়েৰীৰ এই মিল্ক পাৰ্লাৰত একেলগে ১২জনী গৰুৰ গাখীৰ খীৰাব পাৰি৷ গাখীৰখিনি মেচিনাৰীৰ যোগেদি খীৰাই কুলিং ছিষ্টেমলৈ যায়৷ ডায়েৰীখনত গাখীৰ খীৰোৱাৰ পৰা পেকেজিং কৰালৈকে মানুহৰ প্ৰয়োজন নহয়৷ অত্যাধুনিক মেচিনাৰীৰ যোগেদি এই কাম সমাধা হয়৷


স্বত্বাধিকাৰী ৰাতুল বৰুৱাই জনোৱা মতে ভৱিষ্যতে প্ৰতি ঘণ্টাত এহেজাৰ লিটাৰ গাখীৰ পেষ্টুৰাইজড কৰিব পৰা কেপাচিটিৰ মেচিন অনাৰ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে ইয়াৰ জৰিয়তে লাচি, ফেডাড মিল্ক পনীৰ, দৈ আদি বিভিন্ন প্ৰকাৰৰ প্ৰডাক্ট তৈয়াৰ কৰিব পৰা যাব৷

ছয়গাঁৱৰ বামুণীগাঁৱত ৰাইজে মেৰামতি কৰিলে পথ

ছয়গাঁও সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ পথ বামুণীগাঁও জামবাৰী গৰৈমাৰী পথ ৷ পথটোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কামাখ্যা যোগীঘোপা ৰে’লপথৰ ওচৰলৈ পকীকৰণ হ’ল ৷ কিন্তু ৰে’লপথৰ পৰা প্ৰায় ৪০০ মিটাৰ এলেকা পকীকৰণ নহ’ল ৷ কিন্তু তাৰ পিচৰ গোটেই অংশ পকীকৰণ হৈছে ৷

কিন্তু মাজতে পকীকৰণৰ বাবে ৰৈ গ’ল প্ৰায় ৪৪ মিটাৰ এলেকা ৷ এই পথছোৱা পকীকৰণ কৰাৰ বাবে স্থানীয় ৰাইজ অৰ্থাৎ হলংজুলি আৰু নমল চৌধুৰীপাৰাৰ ৰাইজে গাঁও পঞ্চায়তকে ধৰি গড়কাপ্তানি বিভাগৰ ওচৰত অনুনয় বিননয় তথা লিখিত আবেদন কৰাৰ পিচতো ৰাইজৰ আবেদনৰ কোনো কাম নাহিল ৷

পথটো মেৰামতি নকৰাৰ ফলত একেবাৰে শোচনীয় হৈ পৰাত পথছোৱাৰে যাতাতয়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজ ৷ বিশেষকৈ ওচৰতে থকা বামুণীগাঁও হাইস্কুল আৰু মজলীয়া বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট আহুকালৰ সন্মুখীন হৈ আহিছে ৷ অৱশেষত স্থানীয় হলংজুলি আৰু নমত চৌধুৰীপাৰা গাঁৱৰ ৰাইজে লগ হৈ শুকুৰবাৰে নিজে পথটো মেৰামতিৰ কামত লাগি পৰে ৷

স্থানীয় ৰাইজে হাতে হাতে কোৰ পাচি আদি লৈ পথটো মেৰামতিৰ কামত নামি পৰে ৷ ৰাইজে প্ৰায় ৩ লাখ টকা খৰচ কৰি চেণ্ড গ্ৰেভেল আৰু বালি পেলাই পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলে ৷ উল্লেখযোগ্য যে বামুণীগাঁৱল সোমাজেৰে জামবাৰী গৰৈমাৰীলৈ যোৱা পথটোত ৰে’ল পথৰ তলৰ সুৰংগটো পানীত বুৰ যোৱাৰ ফলত হলংজুলি হৈ যোৱা পথটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ বৰ্তমান উক্ত পথটোৰে সকলো যান বাহন চলাচল হৈ আছে ৷ সেয়েহে স্থানীয় ৰাইজে অতিশীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷

ৰাতি শোৱাৰ সময়ত ঘামিলে কেঞ্চাৰ ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে, তেন্তে আপোনাৰ কৰণীয় কি ?

সাধাৰণতে গৰমকালি শোৱাৰ সময়ত উৎকট গৰমৰ বাবে দেহটো ঘামেৰে তিতি থাকে৷ এইটো এটা সাধাৰণ কথা৷ শোৱাৰ পৰিৱেশ, খাদ্য, শোৱাৰ সময়ত পিন্ধা কাপোৰ আদিয়েও ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ কিন্তু কেতিয়াবা এনেকুৱাও হোৱা দেখা যায় যে শোৱাৰ সময়ত ঘামেৰে গোটেই গাটো জুৰুলি-জুপুৰি হৈ পৰে৷ ইয়াৰ আদ্ৰৰ্ পৰিৱেশ তথা অন্য কথা নাথাকে৷ এইদৰে শোৱাৰ সময়ত ঘামিলে ইয়াৰ নিশ্চয় অন্য কিবা কাৰকে ক্ৰিয়া কৰে৷ সেয়েহে ৰাতি শোৱাৰ সময়ত কি কাৰণত ঘামিব পাৰে সেইটো জনাটো অত্যন্ত জৰুৰী আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ হতে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন৷


মহিলাসকলৰ ক্ষেত্ৰত যদি ৰাতি শোৱাৰ সময়ত অত্যধিক ঘামি যায়, তেতিয়া এইটো মেনোপজৰ লক্ষণ হ’ব পাৰে৷ হৰমনৰ পৰিৱৰ্তনৰ কাৰণে বয়স্ক মহিলাসকলক বেছিকৈ গা ঘামিব পাৰে৷ মহিলাসকলৰ বয়স যদি ৪৫-৫০ বছৰ হয়, অতিৰিক্ত ঘমাৰ কাৰণ এইটোও হ’ব পাৰে৷
যিসকল লোকে অধিক পৰিমাণৰ ঔষধ সেৱন কৰে, সেইসকলৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শোৱাৰ সময়ত ঘামিব পাৰে৷
আনহাতে যিসকল লোকৰ শৰীৰত ব্লাড ছুগাৰ খুব কম থাকে, তেতিয়াও সেইসকলৰ ৰাতি শোৱাৰ সময়ত গা ঘামিব পাৰে৷ সাধাৰণতে এই সমস্যাটো ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত বেছি দেখা যায়৷
ৰাতি শোৱাৰ সময়ত ঘামিলে সংক্ৰমণ বা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে৷ যিসকল লোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেনে লোকৰ ক্ষেত্ৰত ৰাতি শোৱাৰ সময়ত ঘমা দেখা যায়৷
ৰাতি মদ্যপান কৰিলে গা অত্যধিক ঘামিব পাৰে৷ এলকহল শৰীৰৰ ভিতৰলৈ যাওঁতে বতাহৰ ছিদ্ৰবোৰ চেপি ধৰে৷ এই অৱস্থাত শৰীৰৰ পৰা বায়ু বাহিৰ হোৱাৰ কাৰণে বেছি শক্তিৰ প্ৰয়োজন হয়, যাৰ ফলত ঘাম আকাৰে শৰীৰ পৰা বাহিৰ হয়৷
ৰাতি শোৱাৰ সময়ত ঘামিলে কেঞ্চাৰ ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ এইটো সাধাৰণতে ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়৷
মানসিক উদ্বেগ-উদ্বিগ্নতা ৰাতি শোৱাৰ সময়ত ঘমাটোও এটা কাৰণ হ’ব পাৰে৷ যেতিয়া কিবা ঘটনা বা বিষয়ক লৈ চিন্তা কৰি থকা হয়, তেতিয়া মনটো স্থিৰ হৈ নাথাকে৷ এই সময়ত হৃদস্পন্দন বাঢ়ি শৰীৰৰ পৰা ঘাম বাহিৰ হ’ব পাৰে৷
সেয়েহে উপৰিউক্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মন প্ৰফুল্লিত ৰাখক, নিয়মমতে বিছনালৈ যাওক, মদ্যপান পৰিত্যাগ কৰক৷