Home Blog Page 2381

ইলন মাস্কে গ্ৰহণ কৰিছে ‘পইজন পিল’

শ্বেয়াৰহোল্ডাৰ অধিকাৰ পৰিকল্পনা, বা ‘পইজন পিল’ হৈছে লক্ষ্য কোম্পানীবোৰে গ্ৰহণ কৰা এক প্ৰতিৰক্ষা কৌশল য’ত লক্ষ্যৰ বিদ্যমান শ্বেয়াৰধাৰকসকলে ৰেহাই মূল্যত কোম্পানীৰ অতিৰিক্ত শ্বেয়াৰ ক্ৰয় কৰে, ইলন মাস্কৰ টুইটাৰৰ প্ৰতিকূল অধিগ্ৰহণৰ প্ৰতিৰোধ কৰিবলৈ মাইক্ৰ’ব্লগিং ৱেবছাইটৰ বোৰ্ডে শুকুৰবাৰে সৰ্বসন্মতিক্ৰমে ‘বিষাক্ত বড়ি’ বা শ্বেয়াৰহোল্ডাৰ অধিকাৰ পৰিকল্পনা গ্ৰহণ কৰে বুলি সংবাদ সংস্থা  এএফপিয়ে প্ৰকাশ কৰিছে।

 যদি এজন ক্ৰেতাই বোৰ্ডৰ দ্বাৰা অনুমোদিত নোহোৱা লেনদেনত টুইটাৰৰ বকেয়া উমৈহতীয়া ষ্টকত ১৫ শতাংশ বা অধিক অংশ কয়াকৈ অধিগ্ৰহণ কৰে তেন্তে বোৰ্ডৰ অধিকাৰ পৰিকল্পনা কাৰ্যকৰী হ’ব। টুইটাৰে এক বিবৃতিত কয়, “অধিকাৰ পৰিকল্পনাই সকলো শ্বেয়াৰধাৰকক উপযুক্ত নিয়ন্ত্ৰণ প্ৰিমিয়াম পৰিশোধ নকৰাকৈ মুকলি বজাৰ সংগ্ৰহৰ জৰিয়তে যিকোনো সংস্থা, ব্যক্তি বা গোটে টুইটাৰৰ নিয়ন্ত্ৰণ লাভ কৰাৰ সম্ভাৱনা হ্ৰাস কৰিব।

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আৰু টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে বৃহস্পতিবাৰে টুইটাৰ অধিগ্ৰহণৰ বাবে এক অনাকাংক্ষিত প্ৰচেষ্টা ঘোষণা কৰিছিল য’ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বাক স্বাধীনতাৰ প্ৰচাৰ ক’লে ইয়াক তেওঁৰ “সৰ্বশ্ৰেষ্ঠ আৰু অন্তিম প্ৰস্তাৱ” বুলি অভিহিত কৰা হৈছে। বৃহস্পতিবাৰে ৰাজহুৱা কৰা চিকিউৰিটিজ এক্সচেঞ্জ কমিছনৰ ওচৰত দাখিল কৰা এক নথিপত্ৰত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ মূল্যাঙ্কন প্ৰায় ৪৩ বিলিয়ন ডলাৰ ৰাখি ৫৪.২০ ডলাৰ প্ৰতি শ্বেয়াৰ আগবঢ়াই এখোজ আগুৱাই গৈছিল ।যোৱা সপ্তাহত মাস্কে টুইটাৰত তেওঁৰ ৯.২ শতাংশ মালিকীস্বত্বৰ অংশীদাৰীত্ব প্ৰকাশ কৰিছিল, যদিও তেওঁ কোম্পানীৰ বোৰ্ডৰ এখন আসন প্ৰত্যাখ্যান কৰিছিল।

সঠিক পৰিমানে পানী সেৱন নকৰিলে শৰীৰত হব পাৰে বহু ৰোগ ………

পানীয়ে হৈছে মানুহৰ প্ৰাণ। পানীৰ অবিহনে মানুহৰ জীৱন অসম্ভৱ।স্বাস্থ্য ভালে ৰাখিবলৈ পানী বেছিকৈ খোৱাটো
অত্যন্ত আৱশ্যক ৷পানী খোৱাৰ কিছুমান নিয়ম আছে। যধে – মধে বা যেতিয়া তেতিয়াই পানী খালে আমাৰ শৰীৰত অপকাৰহে হ’ব পাৰে।

উল্লেখযোগ্য যে পানী খোৱাৰ নিয়ম নজনাৰ বাবেই শৰীৰত গাঁঠিৰ বিষ, কুষ্ঠ কাঠিন্য ,চুলি সৰা ,ছাল শুকাই যোৱা , শৰীৰৰ ওজন বৃদ্ধি হোৱা , শৰীৰ দূৰ্বল অনুভৱ কৰা ,মুখত কলা দাগ ,কিডনী সমন্ধীয় বেমাৰ, গেছ আদি বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতি জন ব্যক্তিৰ আকাৰ, ওজন বতৰ আৰু প্ৰতিজন ব্যক্তিৰ কাৰ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে।

বহু সংখ্যক লোকে পানী থিয় হৈ খোৱা দেখা যায়। কিন্তু আয়ুৰ্বেদ অনুসৰি পানী সদায় বহি খাব লাগে। থিয় হৈ পানী খোৱাটো শৰীৰৰ কাৰণে অত্যন্ত অপকাৰী । বহি পানী খালে আমাৰ শৰীৰৰ শিৰা উপসিৰাসমূহে কাম কৰিবলৈ সুবিধা পায় ৷আকৌ আমি কেতিয়াবা শুইও পানী খাও। শুই পানী খোৱাটো অত্যন্ত বেয়া অভ্যাস। কেতিয়াবা এনেদৰে পানী খোৱাৰ ফলত ভয়ংকৰ বিপদৰো সন্মূখীন হোৱা দেখা যায়।

পানী আমি একে উশাহতে নাখাই লাহে লাহে খাব লাগে।কাৰণ আমি যেতিয়া খাদ্য বস্তু গ্ৰহণ কৰো তেতিয়াও লাহে লাহে খাওঁ বা একেবাৰতে খাদ্যসমূহ গ্ৰহণ নকৰি অলপ অলপকৈ খাদ্য গ্ৰহণ কৰো । ঠিক তেনেদৰে আধা লিটাৰ পানীক একেলগে খোৱাতকৈ এই পানীকে তিনিৰ পৰা চাৰিঘন্টাৰ ভিতৰত ৫ বা ৬ বাৰ খাব লাগে ।

এনেদৰে পানী খালে পেট ফুলা,গেছ আৰু হাইপাৰ টেনশ্যন আদিৰ পৰা মুক্ত হ’ব পাৰে।আমি খাদ্য খোৱাৰ আগত বা পিছতেই পানী খাব নালাগে ৷ খাদ্য খোৱাৰ ৩০ মিনিটৰ আগত বা খাদ্য খোৱাৰ ৪৫ মিনিটৰ পাছতহে পানী খাব লাগে। এই নিয়মত পানী খালে খাদ্য ভালদৰে হজম হয় ।

ভাতখোৱাৰ আগত বা ভাতখোৱাৰ থিক পাছতে পানী খোৱাৰ ফলত পেট ফুলাৰ ৰোগে দেখা দিব পাৰে৷

বহু লোকে বটলৰ দ্বাৰা ওপৰলৈ মূৰ কৰি পানী খোৱা দেখা যায়৷ কিন্তু এনেকৈয়ে পানী খালে পাচন তন্ত্ৰৰ ক্ষতি হয়।

আমি গৰমত ফ্ৰিজৰ পানী খাবলৈ পালে ভাল পাওঁ। কিন্তু একেবাৰে ঠাণ্ডা পানীয়ে আমাৰ পাচন প্ৰণালীক ধ্বংস কৰাৰ লগতে গেচৰ সমস্যা সৃষ্টি কৰিব পাৰে।

ৰাতিপুৱা খালি পেটত কুহুমিয়া পানী খুৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।পানীয়ে শৰীৰৰ মেটাবলিজমক বৃদ্ধি কৰি ওজনক নিয়ন্ত্ৰিত কৰে। পানীয়ে তেজৰ চলাচল কৰাত সহায় কৰে।

যিসকলৰ ব্যক্তি কিডনী সম্পৰ্কীয় ৰোগ থাকে ৷ তেওঁলোকে দৈনিক দুই লিটাৰকৈ হ’লেও পানী খাব লাগে।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

দৈ আপোনাৰ প্ৰিয় নেকি ? সাৱধান ! দৈয়ে শৰীৰত কৰিব পাৰে ক্ষতি …….

অসমীয়া সমাজত দৈ খুব জনপ্ৰিয়। দৈ খোৱা বা দৈৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দৈত অত্যাধিক পুষ্টিকৰ উপাদান থাকে। সেয়েহে দৈক জীৱনদায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হৈছে।

দৈত মানুহৰ দেহৰ বাবে প্রয়োজনীয় মূল্যৱান প্ৰ’টিন, আৱশ্যকীয় ভিটামিন, লেকটিক এচিড আৰু খনিজ লৱণ একেলগে পোৱা যায়।এই সকলোবোৰ গুণৰ বাবে ইয়াক দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু কেতিয়াবা দৈৰ সুৱাদ বঢ়াবৰ বাবে দৈৰ লগত কেতিয়াবা কিছুমান বস্তু একেলগে খাও। দৈৰ লগত কিছুমান বস্তু একেলগে খোৱাৰ ফলত আমাৰ শৰীৰত ক্ষতি সাধন কৰিব পাৰে। সেয়েহে আজি আমি আলোচনা কৰিম দৈ লগত একেলগে কি খাব নালাগে।

গৰমৰ দিনবোৰত দেখা যায় কিছুমান মানুহে প্ৰায়ে ঘৰত ৰায়তা তৈয়াৰ কৰে। দৈত পিঁয়াজ যোগ দিয়ে। কিন্তু দৈ লগত পিয়াজ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। যাৰ ফলত এলাৰ্জি, এচিডিটি, বমি হ’ব পাৰে।

আমৰ সৈতে দৈ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। যাৰ ফলত চালৰ সমস্যা হ’ব পাৰে।

মাছৰ সৈতে দৈ খোৱাটো অতি ভয়ানক যাৰ ফলত বদহজম হোৱাৰ লগতে পেটৰ বিষৰ দৰে সমস্যা হ’ব পাৰে।

দৈৰ লগত গাখীৰ খোৱাটো অতি ক্ষতিকাৰক বুলি ধৰা হয়। দুয়োটা একেলগে খালে বদহজম, গেছ, পেটৰ বিষ, বমি আদি হ’ব পাৰে।

দৈৰ সৈতে ৰহৰ দাইল একেলগে খাব নালাগে। যাৰ ফলত এচিডিটি, পেটফুলা আদিৰ দৰে সমস্যা হ’ব পাৰে ।সেয়েহে এই দুয়োটা কেতিয়াও একেলগে খাব নালাগে।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

বাক্সাৰ বাগানপাৰাত নিশা প্ৰচণ্ড ধুমুহা আৰু ধাৰাষাৰ বৰষুণৰ তাণ্ডৱ …..

বাক্সাৰ বাগানপাৰাত নিশা প্ৰচণ্ড ধুমুহা আৰু ধাৰাষাৰ বৰষুনৰ তাণ্ডৱ ।প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে শৰনীয়া কছাৰীৰ কেন্দ্ৰীয় বাহ গোসাই উৎসৱৰ বৃহৎ ৰভা আৰু মঞ্চ ।

১৯ আৰু ২০ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া আছিল শৰনীয়া কছাৰীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ ।

প্ৰাকৃতিক দুৰ্যোগে বিস্তৰ -ক্ষতি কৰা ৰভা আৰু মঞ্চ পুনৰ নতুক কৈ সজাই তুলিবলৈ প্ৰায় শতাধিক শৰনীয়া কছাৰীৰ কৰ্মী পুনৰ মেৰামতিত লগা পৰিলক্ষিত হৈছে ।

প্ৰাকৃতিক দুৰ্যোগে পেণ্ডেলৰ তচনচ কৰা পৰিস্থিতিৰ বুজ লয় স্থানীয় এমচিএল এ তথা বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে ।

নিশা পদূলিয়ে পদূলিয়ে কঁকাল ঘূৰাই ঘূৰাই নাচনী হৈ নাচিছে যুৱকে

মধ্য অসমৰ প্ৰায়ে জিলাত নিশা পদূলিয়ে পদূলিয়ে কঁকাল ঘূৰাই ঘূৰাই নাচনী হৈ নাচিছে এই সকল যুৱকে ।এইয়া অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহু ।ঢোল পেপাৰ শব্দত ৰজনজনাইছে আকাশ -বতাহ । কিন্তু আগৰ যেন সেই পৰিৱেশ নাই । ঘৰে ঘৰে ঢুলীয়া নাচনী গৈ হুঁচৰি পৰিবেশন কৰা সেই দিনবোৰ যেন আধুনিকতাৰ মাজত ক্ৰমাৎ কৰবাত হেৰাই গৈছে । এতিয়া বিহু কেৱল মঞ্চত । কিন্ত মৰিগাঁও জিলাৰ গৰমাৰী গাওঁৰ এই সকল যুৱকৰ প্ৰয়াস সেই পাহৰণিৰ দিনবোৰ উভতাই অনাৰ ।

এনেদৰে গাওঁৰ পৰা আহি চহৰত বিহু পৰিবেশন কৰিছে এই সকল যুৱকে ।কিন্তু নাচনীৰ অভাৱ । সেয়েহে যুৱক নাচনীয়ে এনেদৰে বিহুৰ তালে তালে কঁকাল ঘূৰাই নাচিছে । উদেশ্য এটাই অসমীয়াৰ বাপুতিসাহোন বিহুটি জীয়াই ৰখাৰ ।আনহাতে আজিৰে পৰা উক্ত জিলাকেইখনৰ প্ৰায়ে গাৱঁত চলিব পৰম্পৰাগত গোসাঁই উলিওৱা উৎসৱ বা মেলা। এতিয়া উক্ত অঞ্চলৰ ৰাইজ সাজু হৈ পৰিছে মেলাৰ বাবে।

পুষ্পা 2-ৰ বাবে কোনে কিমান মাননি ললে ?

মুক্তিৰ পিছৰে পৰা, আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দন্না অভিনীত ‘পুষ্পা দ্য ৰাইজ’য়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। দৰ্শকে এতিয়া এই ছবিখনৰ দ্বিতীয় চিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কোৱাৰ প্ৰয়োজন নাই, এই ছবিখন প্ৰথম খন ছবিতকৈ অধিক সফল হ’ব। সেয়েহে, অভিনেতা আৰু অভিনেত্ৰীসকলেও আহিবলগীয়া ছবিখনৰ বাবে পাৰিশ্ৰমিকৰ পৰিমাণ বৃদ্ধি কৰিছে বুলি কোৱা হয়।

আল্লু অৰ্জুন, ৰশ্মিকা মান্দন্নাৰ পৰা ফাহাদ ফাচিললৈকে, সকলোৱে ছবিখনৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আহিবলগীয়া চলচ্চিত্ৰখনত তেওঁলোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। গতিকে তেওঁলোকে পাৰিশ্ৰমিকৰ পৰিমাণো বৃদ্ধি কৰিছিল। এতিয়া জানক অভিনেতা আৰু অভিনেত্ৰীসকলে ‘পুষ্পা’ৰ দ্বিতীয় অংশৰ বাবে কিমান পৰিশোধ কৰিছে।

আল্লু অৰ্জুনঃ আল্লু অৰ্জুনে ছবিখনত নাম চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ সংলাপৰ পৰা আৰম্ভ কৰি, তেওঁৰ খোজ কঢ়া আৰু কথা কোৱাৰ শৈলীয়ে সামাজিক মাধ্যমত প্ৰৱণতা সৃষ্টি কৰিছে।এই ছবিখন তেওঁৰ কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।ছবিখনে তেওঁক সমগ্ৰ ভাৰততে যথেষ্ট জনপ্ৰিয়তা আনিছে। তেওঁ যথেষ্ট প্ৰশংসা লাভ কৰিছিল।আহিবলগীয়া ছবিখনৰ সফলতাৰ কথা বিবেচনা কৰি আল্লুৱে তিনিবাৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিছে।তেওঁ ‘পুষ্পা’ৰ চিকুৱেলৰ বাবে ৫০ কোটি টকা লৈছে।

ৰশ্মিকা মান্দন্নাঃ পুষ্পাৰ লগতে ‘শ্ৰীবল্লী’ক আজি সমগ্ৰ বিশ্বই জানে। ৰশ্মিকাই তাইৰ অভিনয়ৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰিছে। তেওঁ এজন ৰাষ্ট্ৰীয় ক্ৰাছ। তেওঁ পুষ্পাৰ চিকুৱেলৰ বাবে দুগুণ পাৰিশ্ৰমিক লৈছে। খবৰ অনুসৰি পুষ্পা ছবিখনৰ বাবে তেওঁক ৮-১০ কোটি টকা পৰিশোধ কৰা হৈছিল।

ফাহাদ ফাশিল: ‘পুষ্পা’ৰ প্ৰথম খন চলচ্চিত্ৰত, তেওঁ মাত্ৰ কেইমিনিটমানৰ বাবে উপস্থিত হৈছিল। ইয়াৰ মাজতে, পুষ্পাক এজন পৰিদৰ্শকৰ ভূমিকা দিয়া হৈছিল। এইবাৰ আচলতে তাই ছবিখনত আল্লু অৰ্জুনৰ সৈতে এটা ডাঙৰ সংঘৰ্ষ হ’বলৈ গৈ আছে। সেয়েহে, ফাহাদ ফাচিলেও পূৰ্বতকৈ বহু বেছি পাৰিশ্ৰমিক বৃদ্ধি কৰিছে।

নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পন্ন ……

তীৰ্থনগৰী হাজোত সোৱানচাহ আভা পুথিভঁৰাল ,নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পণ্ণ ।সম্বনয়স্থলীৰ পৰা সমূহ দেশবাসীলৈ সম্বনয়ৰ বাৰ্তা প্ৰেৰণ শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনৰ।

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱানচাহস্থিত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে সোৱানচাহ আভা পুথিভঁৰাল ,নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পণ্ণ কৰা হৈছে।সেই অনুসৰি পুৱাৰ ভাগত বিভিণ্ণ খেল -ধেমালী প্ৰতিযোগিতা,পতাকা উত্তোলন,প্ৰাচীৰ পত্ৰিকা উন্মোচন ,বৃক্ষৰোপন,বাৰেবৰণীয়া সাংস্কৃতি শোভাযাত্ৰা,গঞা ৰাইজৰ মিলন সমাৰোহ,শ্ৰদ্ধাঞ্জলী,বন্তি প্ৰজ্বলন,আৰু সন্ধিয়াৰ ভাগত স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন,আধুনিক নৃত্য প্ৰতিযোগিতা ইত্যাদি বিভিণ্ণ কাৰ্যসূচীৰে এক উখল -মাখল বাৰেৰহনীয়া সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হ’য়।


অৱশ্যে আজিৰ কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে বাৰেবৰনীয় সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্ধোধনৰে সমূহ অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাতীয় উৎসৱ বিহু পালনৰে সম্বনয়ৰ বাৰ্তা প্ৰেৰণ ৰে সমাজত শান্তি,শৃংখলা,ভাতৃত্ববোধৰ এক গঠনমূলক বাখ্যা আগবঢ়ায়।তদুপৰি আজিৰ কাৰ্যসূচীত আজিৰ কাৰ্যসূচীত বিশেষভাৱে আমন্ত্ৰিত অতিথি তথা বিশিষ্ট সমাজসেৱক ৰবিউল হুছেইনক এখনি ফুলাম গামোছা,ফুলাম জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে পুথিভঁৰাল ও সংঘৰ সভাপতি অচ্যুত বৈশ্যই।

বলীউডৰ 5 জন চুপাৰষ্টাৰ আচলতে কাশ্মীৰী পণ্ডিত

বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ পূৰ্ণ গতিত চলি আছে। চলচ্চিত্ৰখন ১৯৯০ চনৰ পটভূমিত ভূমি-স্বৰ্গীয় কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত সংঘটিত অকথ্য অত্যাচাৰৰ এক জীৱন্ত দস্তাবেজ। কাশ্মীৰী পণ্ডিতসকলক (বলীউডৰ কাশ্মীৰ পণ্ডিত) তেওঁলোকৰ বাসগৃহৰ পৰা উচ্ছেদ কৰাৰ পিছত আজি সমগ্ৰ দেশতে সিঁচৰতি হৈ আছে। তেওঁলোকৰ কিছুমান আজি বলীউডৰ চুপাৰষ্টাৰ।

মোহিত ৰাইনাঃ হিন্দী টেলিভিছনৰ এগৰাকী চুপাৰষ্টাৰ অভিনেতা মোহিত ৰাইনাৰো জন্ম জম্মুত হৈছিল। ১৯৮২ চনৰ ১৪ আগষ্টত তেওঁৰ জন্ম হৈছিল। অভিনেতাজন জম্মুত ডাঙৰ দীঘল হৈছিল। তেওঁ তাত স্কুলত পঢ়িছিল। তেওঁ আজি কামৰ বাবে মুম্বাইত আছে। তেওঁ কেইবাখনো দূৰদৰ্শন আৰু ৱেব শৃংখলা আৰু পিছৰ চলচ্চিত্ৰতো কাম কৰিছিল। তেওঁক এতিয়াও দৰ্শকে ‘দেৱো কে দেৱ মহাদেৱ’ ধাৰাবাহিকৰ মহাদেৱ হিচাপে স্মৰণ কৰে।

কুনাল খেমুঃ বলীউডৰ বহুতে নাজানে যে পতৌদি নৱাব গোত্ৰৰ জামাই কুনাল খেমুও এজন কাশ্মীৰী পণ্ডিত। তেওঁ কাশ্মীৰৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিছত, তেওঁৰ পৰিয়াল মুম্বাইলৈ স্থানান্তৰিত হয়। বলীউডৰ কেইবাখনো চলচ্চিত্ৰত কাম কৰিছে। কুনালে তেতিয়া চেইফ আলী খানৰ ভগ্নী ছোহা আলী খানক বিয়া কৰাইছিল।

এম কে ৰাইনাঃ বলীউডঅভিনেতাজনৰ সম্পূৰ্ণ নাম মহাৰাজ কৃষ্ণ ৰাইনা। অভিনেতাজনে ‘গঙ্গুবাই কাঠিয়াৱাড়ী’, ‘তাৰে জমিন পাৰ’, ‘ৰব নে বানা দি জোড়ী’ত অভিনয় কৰিছিল। ১৯৪৮ চনৰ ২৪ জুলাইত কাশ্মীৰৰ শ্ৰীনগৰত তেওঁৰ জন্ম হৈছিল।

কিৰণ কুমাৰ: বলীউডৰ এই খলনায়কজন কাশ্মীৰী পণ্ডিত পৰিয়ালৰ সদস্য। কিৰণ কুমাৰে চলচ্চিত্ৰৰ লগতে কেইবাটাও দূৰদৰ্শন অনুষ্ঠানতো কাম কৰিছে। অৱশ্যে, তেওঁৰ পুত্ৰৰ জন্মৰ আগতে তেওঁৰ দেউতাক কাশ্মীৰৰ পৰা মুম্বাইলৈ গুচি যায়। কিৰণ কুমাৰৰ জন্ম মুম্বাইত হৈছিল।

ৰাজ কুমাৰঃ বলীউডৰ এই প্ৰবীণ অভিনেতাজনক সকলোৱে জানে। ৰাজকুমাৰ নিজেএজন কাশ্মীৰী পণ্ডিত আছিল। তেওঁৰ প্ৰকৃত নাম কুলভূষণ পণ্ডিত। তেওঁ বলীউডত সুনাম অৰ্জন কৰিবলৈ নিজৰ নাম সলনি কৰিছিল। তেওঁৰ জন্ম বৰ্তমানৰ পাকিস্তানৰ লৰেলাইত হৈছিল।

কঁঠাল খাই আপুনি বেয়া পায় নেকি ? কঁঠালৰ গুণাগুৰ বিষয়ে শুনিলে আচৰিত হৈ পৰিব আপুনি …..

কঁঠাল হৈছে পুষ্টিৰে ভৰপূৰ, স্বাস্থ্যৰ পক্ষে অতি উপকাৰী এবিধ সুস্বাদু ফল। গা‌ওঁ অঞ্চলত প্ৰায় সকলোৰে ঘৰত কঠালৰ গছ দেখিবলৈ পোৱা যায়।ফল হিচাপে কঠালৰ আকৃতি যথেষ্ট ডাঙৰ।

কঁঠালৰ ফল, কঠালৰ তৰকাৰী আৰু কঠালৰ বীজ খাই হয়তো সকলোৱে ভাল পায়।

সাধাৰণতে কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল।আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰো ৰাজ্যিক ফল এই কঁঠাল। এই পুষ্টিকাৰক ফলবিধেনো আমাৰ শৰীৰত কেনেদৰে উপকাৰ কৰে তাৰ বিষয়ে জানো আহক-

কঁঠালে আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

পকা কঁঠাল কোষ্ঠকাঠিন্য ৰোগৰ বাবে অতি উপকাৰী।

পকা কঁঠালে হজম শক্তিৰ উন্নত কৰাত সহায় কৰে।

কঁঠালত কৰ্কট ৰোগ প্ৰতিৰোধী কৰিব পৰা ক্ষমতা আছে।

কঁঠালে থাইৰয়ডৰ সমস্যা দূৰ কৰে।

কঁঠালত যথেষ্ট পৰিমাণে প্ৰʼটিন থাকে।

কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে ।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

মুম্বাইত প্ৰতিষ্ঠিত অসমীয়া সংগীত শিল্পী অনুৰাগ শইকীয়াক ছাত্ৰসন্থাৰ ‘বৰপেটা বঁটা’ প্ৰদান ৷

উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য জুৰি অসমীয়াই পালন কৰিছে ৰঙালী বিহু ৷ ৰঙালীৰ ৰঙত উচাতন অসমীয়াই ভিন্ন স্থানত আয়োজন কৰিছে ৰঙালী বিহুৰ ৷ সত্ৰনগৰী বৰপেটাতো আজি স্থানীয় ছাত্ৰসন্থাই পৌৰসভাৰ খেলপথাৰত আয়োজন কৰিছে মুকলি বিহুৰ ৷ বিহুৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনেৰে ৰঙালীক আদৰাৰ মাজতেই আজি পহিলা ব’হাগৰ দিনটোতে অসমৰ নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিষ্ঠিত ।


সংগীত পৰিচালক অনুৰাগ শইকীয়াক ২০২২ বৰ্ষৰ ‘বৰপেটা বটা’ প্ৰদান কৰা হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ৰঙালী বিহুৰ অনুষ্ঠানৰ মাজতে আজি বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচাল আৰু বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পহিলা ব’হাগৰ পবিত্ৰ দিনটোতে সংগীত শিল্পী গৰাকীক বৰপেটা বটা প্ৰদান কৰে ৷

উল্লেখ্য যে, প্ৰতি বছৰে পহিলা ব’হাগৰ দিনটোত ৰাজ্যৰ একোগৰাকী বিশিষ্ঠ ব্যক্তিক ‘বৰপেটা বটা’ প্ৰদান কৰা হয় ৷অসমীয়া লোক সংগীতক বিশেষকৈ প্ৰজেক্ট ভূমি আৰু প্ৰজেক্ট বৰগীতৰ জৰিয়তে অসমীয়া সংগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰা অনুৰাগ শইকীয়া সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিভাধৰ সংগীতশিল্পী হিচাপে মুম্বাইতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এনে এগৰাকী সংগীতশিল্পীক বৰপেটা বটা প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি মন্তব্য কৰে বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷

ইপিনে বহাগৰ প্ৰথমতো দিনতে এনেদৰে বৰপেটা বঁটা গ্ৰহন কৰি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছে সংগীতশিল্পীগৰাকীয়ে ৷
অৱশ্যে এই বঁটাটোৰ বাবে তেও যোগ্য হয়নে সেয়া দহ বছৰ পিচতহে অনুভৱ কৰিব আৰু ইয়াৰ বাবে আৰু অধিক কষ্ট কৰিব বুলি তেও মন্তব্য কৰে ৷আনহাতে তেওৰ লগতে আন দহজনকো সংগীতৰ জগতখনত আগবঢ়াই নিয়াটোৱেই তেওঁৰ জীৱনৰ সাৰ্থকতা বুলি অনুভৱ প্ৰকাশ কৰে যুৱ সংগীতশিল্পী গৰাকীয়ে ৷

ইপিনে মুকলি বিহুৰ অনুষ্ঠানত বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই বিহুৰ মুখপত্ৰ ৰঙীয়াল, হিতেশ শৰ্মাৰ জীৱন জিন্দাবাদ আৰু হিৰন্ময় দেউৰীৰ কামৰূপী লোকগীতৰ সংগ্ৰহ বাঁহী নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰে ৷