Home Blog Page 2384

কোঁচ ৰজাৰ দিনৰে পৰম্পৰা ৰক্ষা দীঘলী বিলত সমূহীয়া মাছ ধৰা পৰ্ব….

তাহানিৰ কোঁচ ৰজাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে বিহুৰ উৰুকাৰ দিনা চলি অহা ৰীতি সাৰোগত কৰি আজি নগাঁও জিলাৰ হাতীচোং মৌজাৰ ঐতিহাসিক দীঘলী বিলত কেবাশতাধিক গঞাই সমূহীয়া মাছ ধৰা উৎসৱত ভাগ লয়।

হাতে -হাতে জাকৈ-খালৈ, জুলুকী, জাল, প’ল লৈ দীঘলি বিলত অঞ্চলটোৰ প্ৰায় ২০ খন গাঁৱৰ ৰাইজে এই সমূহীয়া মাছ ধৰা উৎসৱত অংশ লৈ মাছ ধৰে।আজি  পুৱাৰ ভাগতেই হাতীচোং মৌজাৰ মাজগাঁও, ৰজাগাঁও , দীঘলপাৰ ,কুজীডাঁহ, মেধিচুক,  ক্ষেত্ৰীগাঁও, গজপুৰীয়া, চাউলখোৱা, খাটোৱাল, দৰঙীয়াল, বৰডুবীয়া, পুখুৰীপাৰ, নমাটি, ৰাইডঙীয়া, আইভেটি ,কাছমাৰী আদি ঠাইৰ পৰা গঞাৰাইজ সদলবলে ওলাই আহি দীঘলবিলৰ পাৰত সমবেত হয় ৷

দীঘলী বিলৰ দুয়োপাৰে সমূহীয়া মাছ ধৰা পৰ্ব উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। কোনোবাই শ’ল-বৰালিকে ধৰিলে আৰু কোনোবাই আকৌ মোৱা- পুঠি-খলিহনাতে সন্তুষ্ট থাকিব লগা হ’ল। আনহাতে, মাছ ধৰাৰ সমান্তৰালভাৱে বিলৰ পাৰতে বিহুগীত জুৰি, নৃত্য কৰি  উৰুকাৰ আনন্দত  আত্মহাৰা হৈ পৰা দেখা যায় ৷

গৰুৰ বিহুৰ দিনা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমণি কণী যুঁজ প্ৰতিযোগীতা

গৰুৰ বিহুৰ দিনা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমণি কণী যুঁজ প্ৰতিযোগীতা আয়োজন কৰা হয়। অসমৰ জাতীয় জীৱনত গৰুৰ বিহু দিনা পৰম্পৰাগত খেল ধেমালীৰ লগতে কণী যুঁজ অনুষ্ঠিত হৈ আহিছিল যদিও বৰ্তমানৰ যান্ত্ৰিকতা যুগত বিলুপ্তি প্ৰায় হৈছে এই কণী যুঁজ। ঐক্যৰ উদ্যোগত এই পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগীতা কেইবা বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে। এই কণী যুঁজ প্ৰতিযোগীতাখনী উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে।

প্ৰথম উদ্বোধনী কণী যুজঁ খেল খন শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননিগোপাল মহন্ত মাজত অনুষ্ঠিত হয়।উক্ত অনুষ্ঠান লগত সংগতি ৰাখি ‘ঐক্য’ নামৰ এখন স্মৃতি গন্থ উন্মোচন কৰে।এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী প্ৰধান ব্যক্তিগত সচিব প্ৰশান্ত প্ৰতিম কটকটীয়া আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননিগোপাল মহন্ত।

আজি গৰু বিহু,গৰু বিহুৰ বাবে বজাৰত উপলব্ধ হৈছে বিভিন্ন পঘা

হেঁপাহৰ ৰঙালী বিহুটি এতিয়া প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে ।সাত বিহুৰ পৰম্পৰা ৰক্ষাৰ্থে সাজু হৈছে সকলো। পৰম্পৰা অনুসৰি আজিৰে পৰা ৰাজ্যখনত উদযাপন হব গৰু বিহু ৷ইতিমধ্যে গৰু বিহু উদযাপনৰ বাবে সাজু হৈ পৰিছে প্ৰতিজন অসমীয়াই । গৰু বিহুৰ পূৰ্বে বজাৰত উপলব্ধ হৈছে ভিন্ন ধৰণৰ পঘা ।বাক্সা জিলাৰ মুছলপুৰৰ লগতে বিভিন্ন ঠাইৰ বজাৰত উপলব্ধ হৈছে ভিন্ন ধৰণৰ পঘা। ডাঙৰ গৰু, দামুৰী তথা ছাগলী আদিৰ বাবে উভৈনদী হৈ পৰিছে পঘা ।

বাক্সাৰ দীঘলদঙাৰ অজয় শীল নামৰ এজন ব্যৱসায়ীয়ে বিহুৰ পূৰ্বে তৈয়াৰ কৰিছে পঘা। নিজ হাতেৰে তৈয়াৰ কৰা এই সমূহ পঘা বিশৰ পৰা পচিশ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে ৷ অৱশ্যে পূৰ্ৱৰ তুলনাত পঘাৰ বিক্ৰী কম বুলি জানিব দিয়ে অজয় শীলে৷

হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই ২ কোটি মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ কৰে

হাইলাকান্দিত জব্দ ২ কোটি মূল্যৰ বাৰ্মিজ চুপাৰি, মিজোৰামৰ পৰা অহা ৰে’লত উদ্ধাৰ।হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুই ৱাগন ভৰ্তি বাৰ্মিজ চুপাৰি । হাইলাকান্দি জিলাৰ জামিৰা ৰে’ল ষ্টেচনত আৰক্ষীয়ে জব্দ কৰে এই চুপাৰি। মিজোৰামৰ ভৈৰৱীৰ পৰা শিলচৰ অভিমুখে যোৱা ০৫৫৬৮ নম্বৰৰ যাত্ৰীবাহী ট্ৰেইনৰ লগতে যুক্ত আছিল এই দুটা ৱাগন। জব্দকৃত চুপাৰিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি অনুমান কৰা গৈছে ।

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দিত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। মিজোৰামৰ পৰা স্থলপথেৰে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ পিছতে এতিয়া ৰে’লযোগে এই অবৈধ বেহা আৰম্ভ কৰিছে ক’লা ব্যবসায়ীসকলে।

বঙাইগাঁৱৰ নোৱাগাঁৱত এটি বিহুসুৰীয়া আধুনিক গীতৰ শুভমুক্তি

বাপোতি সাহোন ৰঙালী বিহুৰ উখল মাখল আগমূহুৰ্তত বঙাইগাঁও জিলাৰ নোৱাগাঁৱত এটি বিহুসুৰীয়া আধুনিক গীতৰ শুভমুক্তি দিয়ে।”মিঠা সপোন” শীৰ্ষক গীতটিত কণ্ঠ নিগৰাইছে প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী ধীৰু জুহিয়ে।গীতটিৰ কথা দেৱৰ, সুৰ আৰু সঙ্গীত সিদ্ধাৰ্থ পাপ্লুৰ।ইতিমধ্যে “মেঘৰ ডেউকা”, “হায়ৈ কলিজা” গীতেৰে ৰাইজৰ মাজত সমাদৃত হৈছে ধীৰু জুহি।

“মিঠা সপোন” গীতটিও ৰাইজে আকোঁৱালি ল’ব বুলি ধীৰু জুহি আশাবাদী হৈ সংগীত প্ৰেমী সকলোৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছে।

সকলো জল্পনা কল্পনাৰ অন্তত নিৰ্দলীয়ই গঠন কৰিলে মৰিয়নি পৌৰসভা

মৰিয়নি পৌৰসভাৰ শপত গ্ৰহন অনুষ্ঠানত পৌৰপতি আৰু উপ পৌৰপতি নিৰ্বাচনক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।তিতাবৰ মহকুমাৰ মহকুমাধিপতি গায়ত্ৰী হাৰ্লিঙ্গ, কাৰ্য্যবাহি দণ্ডাধীশ ৰাজা বৈশ্য, মৰিয়নি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ বৰাৰ উপস্থিতিত পৌৰপতি নিৰ্বাচনৰ বাবে মৌখিক ভোটৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।বিজেপিৰ পৌৰপতি পদৰ দাবীদাৰ কস্তুৰি আগৰৱালা গগৈয়ে ৩ টা মৌখিক ভোট লাভ কৰাৰ পিছতে প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়া স্থগিত ৰাখে।

মহকুমাধিপতি গায়ত্ৰী হাৰ্লিঙ্গাই পুনৰ গোপন ভোট গ্ৰহন কৰাত বিজেপিৰ পৌৰপতিৰ প্ৰাৰ্থী কস্তুৰি আগৰৱালা গগৈয়ে তিনিতা আৰু উপ পৌৰপতিৰ প্ৰাৰ্থী গায়ত্ৰী চক্ৰৱৰ্তীয়ে তিনিতা ভোট পোৱাৰ বিপৰিতে নিৰ্দলীয় পৌৰপতিৰ প্ৰাৰ্থী বিশ্বপ্ৰভা শইকিয়াই ৭টা আৰু উপ পৌৰপতিৰ প্ৰাৰ্থী প্ৰদীপ দাসে ৭টা ভোট লাভ কৰি মৰিয়নি পৌৰসভা গঠন কৰে।

১২২ বছৰ জীয়াই থকা এগৰাকী মহিলাৰ ৰহস্য ফাদিল

যি গৰাকী মহিলাই তেওঁ আটাইতকৈ বেছি জীয়াই আছিল, তেওঁ ১২২ বছৰ জীয়াই থকাৰ বাবে এক অভিলেখ গঢ়িছিল।ইডেন গেটে পৃথিৱীৰ আটাইতকৈ পুৰণি লোকসকলৰ ওপৰত অধ্যয়ন কৰি তেওঁলোকৰ দীৰ্ঘ জীৱনৰ ৰহস্য আৱিষ্কাৰ কৰিছে তেওঁলোকৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ ৰহস্য বিচাৰি বলৈ, গৱেষকসকলে ১০০ বছৰতকৈ অধিক জীয়াই থকা ছয়জন লোকৰ ওপৰত গৱেষণা কৰিছিল, আৰু তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৱান আৰু দীৰ্ঘজীৱনৰ আঁৰত চাৰিজন কৰিছিল।

ইউকে-ভিত্তিক চিবিডি কোম্পানী ইডেন গেটে তেওঁলোকৰ ওপৰত এটা অধ্যয়ন চলাই পৃথিৱীৰ আটাইতকৈ পুৰণি লোকসকলৰ দীৰ্ঘজীৱনৰ ৰহস্য আৱিষ্কাৰ কৰিছে তেওঁলোকৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ ৰহস্য বিচাৰি উলিয়াবলৈ, গৱেষকসকলে ১০০ বছৰতকৈ অধিক জীয়াই থকা ছয়জন লোকৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ স্বাস্থ্যকৰ আৰু দীৰ্ঘজীৱনৰ আঁৰৰ চাৰিটা মুখ্য কাৰণৰ ওপৰত দৃষ্টি ৰাখিছিল – চলাচল, আৰ্থ-সামাজিক স্থিতি, চাপৰ স্তৰ আৰু আহাৰ। আহাৰৰ কাৰক টো এনেকুৱা যে কোনবোৰ মানুহৰ ওপৰত আটাইতকৈ বেছি নিয়ন্ত্ৰণ থাকিব লাগিব।

আজি গৰু বিহু

আজি গৰু বিহু,বিহালীৰ ৰাংছালীত উদযাপন গৰু বিহু,চ’ত আৰু বহাগ মাহৰ আজি সংক্ৰান্তি অৰ্থাৎ গৰু বিহু।লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা,মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ বৰ গৰু ।আজিৰে পৰা অসমীয়াৰ হিয়াৰ আমঠু জাতিৰ দাপোন স্বৰূপ ৰঙালী বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চুকে কোণে সকলোতে উলহ মালহেৰে পালন কৰিছে বিহু। বিহালী সমষ্টিৰ ৰাংছালী আদৰ্শ গাঁওৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গৰুক গা ধুৱা পৰিলক্ষিত হৈছে শ শ গঞাই।।

আজি চ’ত মাহৰ শেষৰটো দিন আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু পালন কৰা হয়। গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰি আহিছে গৰু বিহু । ৰাংছালী অঞ্চলৰ কৃষক সকলে পুৱাতেই ওচৰৰে ব্ৰহ্মপুত্ৰ নৈত গৰুবোৰ গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা । এনেদৰেই বিহালীৰ ৰাংছালীত উলহ মালহেৰে পালন কৰিছে গৰু বিহু।

গায়িকা-ৰেপাৰ মেলিছা ভিভিয়েনৰ শৰীৰ প্ৰদৰ্শন

গায়িকা-ৰেপাৰ মেলিছা ভিভিয়েন জেফাৰচনক লিজ্জো বুলি জনা যায়। লিজ্জোৱে সদায় শৰীৰৰ ভংগীমা টিভিটিৰ ওপৰত গুৰুত্ব দি আহিছে। তেওঁ কাৰোবাৰ শকত কৌতুকটো খুব কমহে উৰুৱাই দিয়া হয়। তেওঁলোকে আনকো শৰীৰৰ প্ৰতিটো আকাৰৰ প্ৰতি সন্মান আৰু মৰম ৰখাৰ বাবে অনুপ্ৰাণিত কৰে। লিজ্জো নিজেও প্লাছ চাইজ আৰু তাই তাইৰ শৰীৰটো প্ৰদৰ্শন কৰাৰ সময়ত প্ৰতিদিনে সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি থাকে।

লিজ্জো এই বছৰ নৱবৰ্ষৰ প্ৰাকক্ষণত ওজন বঢ়াই সুখী হৈছিল। তেওঁ বাথৰুমৰ ভিডিঅ’টো চেল্ফ-মিচচুট পিন্ধি শ্বেয়াৰ কৰিছিল। ভিডিঅ’ত, তেওঁলোকে ধুনীয়া ছোৱালীবোৰৰ গান গায়, গায়কজনে মানুহৰ সন্মুখত শৰীৰৰ প্ৰতিচ্ছবিৰ বিষয়ে বহুবাৰ কৈছে। তেওঁ ২০২১ চনৰ ফেব্ৰুৱাৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁক তেওঁৰ বেইলীৰ সৈতে কথা পাতি থকা দেখা গৈছিল ।

বুন্দাইজাৰনী গাঁৱৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰৰ অনুষ্ঠিত নাম প্ৰসংগত অজস্ৰ ভক্তৰ সমাগম

গুৰুজনাৰ নাম প্ৰসঙ্গত মুখৰিত হ’ল বৰছলা বিধানসভা সমষ্টিৰ বুন্দাইজাৰনী গাঁৱৰ আকাশ -বতাহ৷বিশ্বজুৰি  অস্থিৰতাৰ সৃষ্টি কৰা অপশক্তিৰ বিনাশ ঘটাই বিশ্বত ঐক্য,শান্তি,প্ৰগতি,ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰাৰ মানহেৰে পিৰাকটা গাওঁ পঞ্চায়ত এলেকাৰ বুন্দাইজাৰনী গাঁৱৰ ৰঘুনাথ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ল গুৰুজনাৰ নাম প্ৰসংগ৷নাম প্ৰসংগৰ সমান্তৰালকৈ নিশাৰ ভাগত বুন্দাইজাৰনী ৰঘুনাথ সত্ৰ প্ৰাংগনত পৰিচালনা সমিতিয়ে আয়োজন কৰিলে গুৰুজনাৰ সৃষ্টি ভাওনাৰ৷১৯৫৫ চনতে পিৰাকটা আৰু চিৰাজুলি গাওঁ পঞ্চায়ত এলেকাৰ বুন্দাইজাৰনী গাৱঁৰ বাহিন্দা প্ৰয়াত বলিৰাম দৈমাৰী,বিমল বসুমতাৰী,নুৰ্বু দৈমাৰী,টিকাৰাম বৰমহলীয়া ভোলা ৰাভা আৰু সুকুমাৰ বসুমতাৰীৰ, বিৰল ত্যাগ আৰু বৃহত্ত্বৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ নেৰানেপেৰা প্ৰচেষ্টাত স্থাপিত হোৱা শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ৷৬৭ বছৰ গৰকা শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো ৰাইজৰ সহায়সহযোগিতাৰে যোৱা ৩ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ  কৰা হয় নাম প্ৰসংগৰ ৷

৩ এপ্ৰিলৰ পৰা শুভাৰম্ভ হোৱা নাম প্ৰসংগ আৰু ভাওনাৰ ৬ এপ্ৰিল  তাৰিখে অজস্ৰ ভক্তৰ উপস্থিতিত  আনন্দ-উলাহৰ মাজত সফল সামৰণি পৰে৷ বুন্দাইজাৰনীৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ  পৰিচালনা সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি  গুৰুজনাৰ নাম প্ৰসংগ  সামৰণি অনুষ্ঠানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য উপস্থিত হৈ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই কয় বুন্দাইজাৰনীস্থিত ৰঘুনাথ সত্ৰ পৰিচালনা সমিতিৰ মহৎ চিন্তাধাৰা সচাকৈয়ে প্ৰশংসনীয়৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই লগতে কয় যি সময়ত দেশজুৰি হিংসা,অত্যাচাৰ,হত্যাৰ  দৰে অপৰাধজনিত ঘটনা প্ৰতিদিনে বৃদ্ধি পাইছে জনতাৰ মনত আক্ৰোশ,অশান্তি,প্ৰতিশোধৰ দৰে মানহীকতা ভৰি পৰিছে তেনে সময়ত  পিৰাকটাৰ বুন্দাইজাৰনী গাৱঁৰ  শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত অনুষ্ঠিত হোৱা গুৰুজনাৰ নাম প্ৰসংগই  সকলোৰে মনলৈ শান্তিৰ বাৰ্তা কঢ়িয়াই আনক৷লগতে অপশক্তিৰ বিনাশ ঘটাই সকলোকে সঠিক পথত গতি কৰিবলৈ গুৰুজনাই সকলোকে সুমতি প্ৰদান কৰক৷ৰঘুনাথ সত্ৰত নাম প্ৰসংগ আৰু ভাওনাৰ  সামৰণি অনুষ্ঠানত বুন্দাইজাৰনী গাৱঁৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তীৰ্থ দৈমাৰী সম্পাদক গগণ চন্দ্ৰ বিষ্মিৎ,সহকাৰী সম্পাদক সুভন মুছাহাৰী,উপদেষ্টা বিপিন দৈমাৰী,ডিম্বেশ্বৰ বসুমতাৰী,পোনাৰাম বসুমতাৰী সদস্য ক্ৰমে সুমিত দৈমাৰী,দৈমালু বসুমতাৰী,উপেন্দ্ৰ বসুমতাৰী,ৰাজেন দৈমাৰী,চন্দন বসুমতাৰী,সুৰেশ বড়ো,চন্দন বৰমহলীয়া,সুবিন বসুমতাৰী, চানচুমা বৰমহলীয়াৰ লগতে  পৰিচালনা সমিতিৰ প্ৰতিগৰাকী সদস্যই উক্ত ধৰ্মীয় অনুষ্ঠানটিত স্বতঃস্ফূৰ্তভাৱে সহায় সহযোগ কৰা আৰু নিশাৰ ভাওনা উপভোগ কৰাৰ কাৰণে সকলো ধৰ্মপ্ৰাণ ৰাইজকে আন্তৰিক অভিনন্দন জনায়৷