Home Blog Page 2404

হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন

ফ্ল’ৰেন্স নাইটিংগলৰ জন্ম দিনটো সমগ্ৰ বিশ্বৰ ধাত্ৰী (নাৰ্ছ) সকলে ধাত্ৰী দিৱস হিচাপে পালন কৰি আহিছে।ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ লগতে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্যকেন্দ্ৰতো আজি দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে বিশ্ব ধাত্ৰী দিৱস উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি শোভাযাত্ৰা,বন্তি প্ৰজ্বালনৰ পিছতে সভা অনুষ্ঠিত হ’য়। সভাৰ সভাপতিত্ব কৰে হাজো মহকুমা স্বাস্থ্যবিষয়া ডা° গৌৰাংগ দাসে।সভাৰ উদ্দেশ্য বাখ্যা কৰে স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই।সমান্তৰালভাৱে সভাত সম্বৰ্ধনা কাৰ্যসূচী,সমবেত সংগীত,বৰগীত পৰিবেশন,লোকগীত,নৃত্য গীত আদি বিভিণ্ণ কাৰ্যসূচীৰে পালন কৰা হ’য় ধাতৃ দিৱস।উল্লেখ্য যে Lady of the Lamp খ্যাত ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মদিনটো সমগ্ৰ বিশ্বই আন্তজাৰ্তিক ধাত্ৰী দিৱস হিচাপে উদযাপন কৰাৰ লগতে ধাত্ৰীসকলে প্ৰতিমূহুৰ্ততে জনসাধৰণৰ সেৱাত মনোনীত হৈ দেশমাতৃৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই আহিছে বুলি আজিৰ সভাতেই উল্লেখ কৰে ডা° গৌৰাংগ দাসে।সভাত জিলা ভিত্তিক পৰ্যায়ৰ বিষয়া,চিকিৎসক,নাৰ্চ,কৰ্মচাৰী,আশাকৰ্মীকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক লোক উপস্থিত থাকে।

ফ্ল’ৰেন্স নাইটিংগলৰ জন্ম দিনটো সমগ্ৰ বিশ্বৰ ধাত্ৰী (নাৰ্ছ) সকলে ধাত্ৰী দিৱস হিচাপে পালন কৰি আহিছে।ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ লগতে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্যকেন্দ্ৰতো আজি দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে বিশ্ব ধাত্ৰী দিৱস উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি শোভাযাত্ৰা,বন্তি প্ৰজ্বালনৰ পিছতে সভা অনুষ্ঠিত হ’য়। সভাৰ সভাপতিত্ব কৰে হাজো মহকুমা স্বাস্থ্যবিষয়া ডা° গৌৰাংগ দাসে।সভাৰ উদ্দেশ্য বাখ্যা কৰে স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই।সমান্তৰালভাৱে সভাত সম্বৰ্ধনা কাৰ্যসূচী,সমবেত সংগীত,বৰগীত পৰিবেশন,লোকগীত,নৃত্য গীত আদি বিভিণ্ণ কাৰ্যসূচীৰে পালন কৰা হ’য় ধাতৃ দিৱস।

উল্লেখ্য যে Lady of the Lamp খ্যাত ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মদিনটো সমগ্ৰ বিশ্বই আন্তজাৰ্তিক ধাত্ৰী দিৱস হিচাপে উদযাপন কৰাৰ লগতে ধাত্ৰীসকলে প্ৰতিমূহুৰ্ততে জনসাধৰণৰ সেৱাত মনোনীত হৈ দেশমাতৃৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই আহিছে বুলি আজিৰ সভাতেই উল্লেখ কৰে ডা° গৌৰাংগ দাসে।সভাত জিলা ভিত্তিক পৰ্যায়ৰ বিষয়া,চিকিৎসক,নাৰ্চ,কৰ্মচাৰী,আশাকৰ্মীকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক লোক উপস্থিত থাকে।

এফালে ৰাজ্যত গুণোৎসৱ আনফালে টীয়ক নগৰৰ নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা….

এফালে ৰাজ্যত গুণোৎসৱ আনফালে টীয়ক নগৰৰ নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা । নাই প্ৰয়্যাপ্ত শিক্ষক, নাই প্ৰয়্যাপ্ত আন্ত:গাঁঠনি , বনপানীৰ সময়ত বন্ধ থাকে বিদ্যালয় । অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যত  প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হোৱাৰ সময়তে পোহৰলৈ আহিছে । যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াৰে নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ এক দুৰৱস্থাৰ ছবি।

উল্লেখযোগ্য যে১৯৮৩ চনতে প্ৰতিষ্ঠা হোৱা নতুন চাপৰি প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকে আজি  ছাত্ৰ-ছাত্ৰীৰ বাবে এক সুস্থ শৈক্ষিক পৰিৱেশ আনি দিবৰ বাবে বিভাগৰ ওচৰত বাৰম্বাৰ অনুৰোধ জনাই ভাগৰি পৰিব লগা হৈছে। যিহেতু বিদ্যালয়খনত নাই উন্নত আন্তঃগাঠনি, নাই প্ৰয়্যাপ্ত শিক্ষক।

কেৱল এজন শিক্ষকেৰে চলিছে বিদ্যালয়খন ৷চৰকাৰী  বিভিন্ন কামৰ বাবে প্ৰধান শিক্ষক গৰাকী বিদ্যালয়ত উপস্থিত নাথাকিলে স্তব্ধ হৈ পৰে শিক্ষা ব্যৱস্থা ৷উল্লেখ্য যে টীয়ক নৈৰ বাঢ়নিপানীয়ে বুৰাই পেলাৱাৰ বাবে বিদ্যালয় খন বছৰটোৰ বাৰিষা কালত তিনি মাহ প্ৰায়ে বন্ধ থাকে।বিদ্যালয় খনৰ চৌহদত নাই কোনো বেৰা ৷

যাৰ বাবে কন কন ছাত্ৰ-ছাত্ৰীক লৈ ভয় আৰু সংষয়ত দিন কটাইছে প্ৰধান শিক্ষক গৰাকীয়ে ৷তদুপৰি তথৈবচ ৰান্ধনী ঘৰৰ অৱস্থা। সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশত প্ৰস্তুত হোৱা মধ্যাহ্নভোজন গ্ৰহণ কৰি আছে কন কন শিক্ষাৰ্থী সকলে। এনে ধৰণৰ এশ এবুৰি সমস্যাই জৰ্জৰিত বিদ্যালয় খনৰ পয়ালগা ছবিয়ে চকু কঁপালত তুলিছে সচেতন ৰাইজৰ।

এনে অশৈক্ষিক পৰিৱেশত কিমান দূৰ সফল হ’ব গুণোৎসৱৰ মূল্যায়ন পদ্ধতি ৷ বৰ্তমান এনে ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাইজৰ মাজত।

সুৰা সেৱনত শীৰ্ষস্থান দখল কৰিছে অসমৰ নাৰীয়ে

সুৰা সেৱনত প্ৰথম অৰুণাচলৰ নাৰী আৰু তৃতীয় স্থানত অসমৰ নাৰী

পিছে পুৰুষৰ শিতানত প্ৰথম ৫খনৰ ভিতৰত নাই অসম

National Health and Family Survey ত প্ৰকাশ পাইছে এই তথ্য

১৫ৰ পৰা ৪৯বছৰৰ কেৱল ১ শতাংশ নাৰীয়ে মদ্যপান কৰে

বিপৰীতে ২২ শতাংশ পুৰুষে সেই কাম কৰে

অৰুণাচলত প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই সুৰা সেৱন কৰে

সীমান্ত ৰাজ্যখনত ১৮ শতাংশ মহিলাই সুৰাপান কৰে

১৪.৮ শতাংশৰে নাৰী সুৰাপান কৰাৰ শাখাত দ্বিতীয় স্থানত আছে ছিকিম

৫.৫ শতাংশৰে তৃতীয় স্থান দখল কৰিছে অসমে

পুৰুষৰ শিতানত ৫৭ শতাংশ সুৰাপায়ীৰে দেশৰে ভিতৰত দ্বিতীয় অৰুণাচল প্ৰদেশ

৫৯ শতাংশৰে প্ৰথম স্থানত গোৱা

সৰ্বভাৰতীয় পৰ্যায়ত ১৭ শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে

৩৭ শতাংশই সপ্তাহত এবাৰ এই কাম কৰে

২০১৯-২১বৰ্ষত পুৰুষৰ মদ খোৱাৰ পৰিসংখ্যা ২৯ শতাংশৰ পৰা ২২শতাংশলৈ হ্ৰাস পাইছে

আজি ১২ মে’ ৪৮ তম আন্তৰ্জাতিক ধাত্ৰী দিৱস

মহীয়সী নাৰী ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন । আজি নাৰ্ছ দে।নাৰ্ছ বৃত্তিৰ প্ৰতিভু ফ্লৰেঞ্চ নাইটিংগেলৰ জন্মদিন।মানৱ সেৱাৰ অন্যতম বৃত্তি নাৰ্ছ যুগ যুগ ধৰি সন্মান আৰু প্ৰশংসাৰ পাত্ৰ হৈ আহিছে।নাইটিংগেলৰ জন্মদিন অনুসৰি আজিৰ দিনটো বিশ্বৰ নাৰ্ছ সমাজে উদযাপন কৰে।

আধুনিক চিকিৎসা বিজ্ঞানৰ এক অপৰিহাৰ্য্য অংগ হৈছে নার্ছিং সেৱা। পৃথিৱীৰ ভিতৰত একমাত্ৰ নাৰীসকলে ৰূপায়ণ কৰি অহা একমাত্ৰ সেৱাটোৱেই হৈছে নার্ছিং সেৱা। নাৰ্ছ অর্থাৎ পৰিচাৰিকা। এই নার্ছ সকলক সেৱা ,শান্তি আৰু যুদ্ধ সকলো কালতে প্রয়োজন হয়। চিকিৎসকৰ বাওঁহাত স্বৰূপ হৈছে এই নার্ছ সকল। যিকোনো অসুখত ভুগি থকা ৰোগী ,আকস্মিক দুৰ্ঘটনা , যুদ্ধ ক্ষেত্ৰত আঘাতপ্ৰাপ্ত, অস্ত্ৰোপচাৰ, বৃদ্ধ এই সকলোকে হাঁহিমুখে যতন লৈ যায় এগৰাকী নার্ছে।

১৮৩৬ চনত জার্মানীত থিয়ডৰ ফ্লিনদাৰ নামৰ এজন লোকে এখন চিকিৎসালয় স্হাপন কৰি তাত নার্ছসকলক প্রক্ষিশণ দিয়াৰ ব্যৱস্থা কৰিছিল। ১৮৪০ চনত লণ্ডনত এলিজাবেথ ফ্ৰাই নামৰ এগৰাকী মহিলাই অনুৰূপ নার্ছিং বিদ্যাৰ প্রশিক্ষণৰ সুবিধা দিছিল। নার্ছিং বা ৰোগী পৰিচৰ্যাৰ দিশত স্মৰণীয় নাৰীগৰাকী হৈছে ফ্লোৰেন্স নাইটিংগেল। ১৮৫৪ চনৰ ক্রিমিয়াৰ ৰণত নাইটিংগেলে ৩৮ গৰাকী প্রশিক্ষিতা নার্ছক লৈ যুদ্ধক্ষেত্ৰত আহত সৈনিক সকলক শুশ্ৰুষাৰ বাবে দেহে কেহে লাগিছিল। নাইটিংগেলৰ এনে কর্পস্পৃহা দেখি নার্ছিং বিষয়টোৰ ওপৰত আৰু অধিক মনোনিৱেশ কৰিবলৈ প্রেৰণা দিয়ে ইয়াৰ ফলস্বৰূপে ১৮৬০ চনত লণ্ডনত চেইন্ট থমাচ হস্পিতালত এখন নার্ছিং বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। নার্ছৰ শিক্ষাৰ এইয়াই আছিল প্ৰথম প্ৰচেষ্টা ।
ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিনটো অর্থাৎ মে’ মাহৰ ১২ তাৰিখটো আন্ত:জার্তিক নার্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে ১৯৭৪ চনৰ পৰা। মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গা কৰা এই দৰদী নাৰী গৰাকীক “দা লেডী উইথ দা লেম্প” নামেৰে জনাজাত আছিল। ক’ভিড মহামাৰীৰ এই বিপদাপন্ন সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এইসকল ধাত্রীয়ে মানৱ সেৱাত ব্ৰতী হৈ মহানুভুদিতাৰ যি পৰিচয় দি আহিছে সেইয়া সঁচাই শলাগৰ যোগ্য ।

বিশ্বৰ লগতে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উদযাপন কৰা হয়।শিৱসাগৰ নগৰৰ আদিত্য নাৰ্ছিং হোমত এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ এটা দলে গৈ নাৰ্ছ সকলক শুভকামনা জ্ঞাপন কৰে।

বাঘবৰৰ আলোপতি-মাজৰচৰত মূল্যবৃদ্ধিক লৈ আমছুৰ প্ৰতিবাদ, দুঘন্টীয়া অৱস্হান ধৰ্মঘট …..

বাঘবৰৰ আলোপতি-মাজৰচৰত মূল্যবৃদ্ধিক লৈ আমছুৰ প্ৰতিবাদ, দুঘন্টীয়া অৱস্হান ধৰ্মঘট ৷ বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দক্ষিণ বৰপেটা জিলা আমছুৰ দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচীৰ লগতে সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ৷

আলোপতিচৰ আৰক্ষী থানাৰ সন্মুখত জিলা আমছুৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ (আমছুৰ) কেন্দ্ৰী সমিতিৰ নিৰ্দেশ মৰ্মে নিত্য ব্যৱহৃত সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে দক্ষিণ বৰপেটা জিলা আমছুয়ে বিভিন্ন ধৰণৰ শ্লোগান আওৰাই চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ লগতে দুঘন্টীয়া অৱস্হান ধৰ্মঘট কৰ্যসূচী ৰূপায়ণ কৰে ৷

অচিৰেই চৰকাৰ তথা যোগান বিভাগে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত তীব্ৰভাবে গণতান্ত্ৰিক আন্দোলনৰ কৰ্যসূচী হাতত লব বুলিও আমছুয়ে চৰকাৰক সকিয়াই দিয়ে ৷

ক’ত ক’ত পৰৱৰ্তী ৪ দিনৰ বাবে উত্তাপ অব্যাহত থাকিব,ক’ত হ’ব বৰষুণ?

গৰমৰ ঢৌৱে তীব্ৰ তাপ প্ৰবাহৰ সৈতে সমগ্ৰ দেশজুৰি ইয়াৰ প্ৰভাৱ অব্যাহত ৰাখিছে। দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, বিহাৰ আৰু মধ্য প্ৰদেশকে ধৰি অন্যান্য ৰাজ্যত, পাৰা প্ৰায় ৪৪ ৰ পৰা ৪৫ ডিগ্ৰী আছে। বতৰ বিভাগে কৈছে যে এই পৰিস্থিতি পৰৱৰ্তী ৪-৫ দিনলৈ অব্যাহত থাকিব পাৰে। জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণিয়ে কৈছে যে অহা ৪-৫ দিনৰ বাবে ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ কিছু অংশত, পৰৱৰ্তী ৩ দিনৰ বাবে মধ্যপ্ৰদেশত তাপ প্ৰবাহৰ পৰিস্থিতি থাকিব। দিল্লী আৰু ইয়াৰ আশে-পাশে ৩-৪ দিনত কোনো সকাহ পোৱাৰ সম্ভাৱনা নাই । আইএমডিৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণিয়ে কৈছিল যে দিল্লী, পঞ্জাৱ আৰু হাৰিয়ানাত হিটৱেভ পৰিস্থিতি ১৩ ৰ পৰা ১৪ মে’লৈ অব্যাহত থাকিব পাৰে।

১৬ মে’ৰ আশে পাশে এক সক্ৰিয় পশ্চিমীয়া বিভ্ৰান্তি আহি আছে আৰু তাৰ পিছত দিল্লীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ঘূৰ্ণীবতাহটো পূব দিশত আগবাঢ়িছে, সেয়েহে অন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। উৰিষ্যা, পশ্চিম বংগৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে?দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে এই সন্দৰ্ভত

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়, ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। উচ্চ ন্যায়ালয়খনৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ ওপৰত পৃথক ৰায় দিয়ে। এনে পৰিপ্ৰেক্ষিতত এই বিষয়টোৰ ওপৰত কোনো নিৰ্দিষ্ট মত পোৱা নগ’ল। ন্যায়াধীশ ৰাজীৱ শাকধৰে (Justice Rajiv Shakdher) বৈবাহিক ধৰ্ষণক অপৰাধ বুলি অভিহিত কৰিছিল। একে সময়তে, ন্যায়াধীশ চি. হৰিশংকৰে ইয়াক অপৰাধ বুলিবলৈ সন্মত হোৱা নাছিল। যেতিয়া সিদ্ধান্তটোৰ ওপৰত একমত হোৱা নাছিল, দুয়োজন ন্যায়াধীশে বিষয়টোৰ সমাধান উচ্চতম ন্যায়ালয়ত হোৱাটো বিচাৰে।আবেদনকাৰীসকলে আইপিচিৰ ধাৰা ৩৭৫ (ধৰ্ষণ)ৰ অধীনত বৈবাহিক ধৰ্ষণক (Marital Rape)  প্ৰত্যাহ্বান জনাইছিল এইবুলি যে ই বিবাহিত মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰে, যিসকলক তেওঁলোকৰ স্বামীয়ে যৌন নিৰ্যাতন কৰে।

আইপিচিৰ ধাৰা ৩৭৫ক লৈ অভিযোগ আছে যে ই বৈবাহিক ধৰ্ষণক অপৰাধৰ শ্ৰেণীৰ পৰা বাদ দিয়ে আৰু দেখুৱাই যে বৈবাহিক সম্পৰ্কত এজন পুৰুষৰ দ্বাৰা তেওঁৰ পত্নীৰে বলপূৰ্বক যৌন সম্ভোগ কৰাটো ধৰ্ষণ নহয়।

নগাঁৱত এফ এছ এছ এম প্ৰকল্প বিষয়ক প্ৰশিক্ষণ

নগাঁও পৌৰসভাৰ উদ্যোগত তথা বেচৰকাৰী সংস্থা নাৰী উন্নয়ন কেন্দ্ৰ আৰু ইউনিছেফৰ সহযোগত নগাঁৱত যোৱা ১০ মে’ত এফ এছ এছ এম প্ৰকল্পৰ বিষয়ে এক প্ৰশিক্ষণমূলক কাৰ্যসূচী আয়োজন কৰা হয়। দিনজোৰা এই কাৰ্যসূচীত নগাঁৱৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়-কৰ্মচাৰী উপস্হিত থাকে ।

নগাঁৱৰ বিভিন্ন চৰকাৰী বিভাগ যেনে সমাজ-কল্যাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, জন-স্বাস্হ্য কাৰিকৰী বিভাগকে ধৰি বিভিন্ন বিভাগৰ সৰ্বমুঠ ৩৩ গৰাকী বিষয়া-কৰ্মচাৰী উপস্হিত থাকে । নগাঁও পৌৰসভাৰ কাৰ্যকৰী বিষয়া প্ৰিতম ৰাজা শৰ্মাই এই অনুষ্ঠান উদ্বোধন কৰে।ভাষণ প্ৰসংগত তেওঁ এফ এছ এছ এম প্ৰকল্পটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰে ।

ইউনিছেফৰ ফালৰ পৰা অহা বিষয়-ববীয়াসকল, লগতে নগাঁও পৌৰসভাৰ স্বচ্ছ ভাৰত অভিযানৰ জিলা প্ৰকল্প বিষয়া আৰু নাৰী উন্নয়ন কেন্দ্ৰৰ বিষয়-ববীয়াসকলে, এফ এছ এছ এম প্ৰকল্পটোৰ বিভিন্ন দিশ উপস্হাপন কৰাৰ লগতে আৰু যাৱতীয় তথ্য প্ৰদান কৰে । এই কাৰ্যসূচীত উপস্থিতসমূহ বিষয়া-কৰ্মচাৰীক নগাঁও পৌৰসভাই হাতত লোৱা “মল শোধনাগাৰ” নিৰ্মাণ কাৰ্যৰ বিষয়ে অৱগত কৰি এই কাৰ্যসূচী সফল কৰিবলৈ সহযোগিতা কৰিবলৈ নগাঁও পৌৰসভাই অনুৰোধ জনাই ।

২নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দিনাই উত্তপ্ত পৰিস্থিতি….

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ২নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ৰীনা বৰ্মনৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ ভিত্তিৰ ধন আত্মসাৎ কৰা, একাউন্ট খোলাৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা ৫ শকৈ টকা লোৱা, আন্তঃগাঁথনিৰ ধন আত্মসাৎ কৰা, মাজেসময়েহে মধ্যাহ্ন ভোজনৰ আহাৰ যোগান ধৰা, পৰিচালনা সমিতিক গুৰুত্ব নিদি পৈতৃক সম্পত্তিৰ দৰে বিদ্যালয় ব্যৱহাৰ কৰাৰ অভিযোগ তুলিলে পৰিচালনা সমিতি ও স্হানীয় ৰাইজে।

গুণোৎসৱৰ চলি থকাৰ বাবে আন বিদ্যালয়ৰ পৰা ডেক্স বেঞ্চ আনিছে। বিদ্যালয়গৃহৰ তথৈবচ অৱস্থা বুলি গুনসৱৰ নিৰীক্ষে মন্তব্য কৰিছে। প্ৰধান শিক্ষয়ত্ৰী ৰীনা বৰ্মনে টকা লোৱাৰ কথা স্বীকাৰ কৰে। সেয়ে চৰকাৰক বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে ।

গোঁসাইগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দুই যুৱক অসম আৰক্ষীত বাছনি …

গোসাঁইগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দুই যুৱক অসম আৰক্ষীত বাছনি । বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ যুৱকৰ । স্বচ্ছতাৰে অসম আৰক্ষীৰ বাছনিত সন্তষ্ট পৰিয়াল । আজি ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ হংস বিল গাঁৱৰ দুই যুৱক অসম আৰক্ষীত বাছনি হোৱাত আনন্দ বিৰাজ কৰিছে।

এজনো চৰকাৰী চাকৰি নথকা দৰিদ্ৰ পৰিয়ালৰ দুই যুৱকে গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।গাঁওখনৰ বাসিন্দা সামান্ আলীৰ পুত্ৰ তথা মটৰ গেৰেজৰ শ্ৰমিক সাহাদত হুছেইন (২৭) আৰু চিৰাজ আলীৰ পুত্ৰ তথা ৰাজ মিস্ত্ৰী কাম কৰা ৰূপচান আলী (২৩) অসম আৰক্ষীত বাছনি হয়।

এটা টকা খৰচ নকৰি দক্ষতা আৰু স্বচ্ছতাৰে চাকৰি লাভ কৰাত বিজেপি চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে বিশেষকৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।মুখ্যমন্ত্ৰীগৰাকী নিবনুৱা যুৱক যুৱতীৰ বাবে পদক্ষেপ লোৱাত বিনা পইচাত চাকৰি পোৱা বুলি প্ৰকাশ কৰে দুই যুৱকে।জানিব দিয়া মতে দুইৰো ঘৰ হংসবিল গাঁৱত।