Home Blog Page 2428

AFSPA সন্দৰ্ভত সমমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি ক’লে ?

AFSPA সন্দৰ্ভত প্ৰতিক্ৰিয়া আছু তথা নেছুৰ উপদেষ্টা সমমুজ্জ্বল ভট্টাচাৰ্যৰ।

আংশিকভাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কিছু কিছু অঞ্চল পৰা AFSPA প্ৰত্যাহাৰ কৰাটো আদৰণীয়।

কিন্তু আমি বিচাৰো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰাই প্ৰত্যাহাৰ কৰক এই আইন।

কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ এই দাবী বহু পুৰণি।

ইৰম শৰ্মিলাই গোটেই জীৱন এই আইনৰ বিৰুদ্ধে অনশন কৰিলে।

যদি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নোহোৱালৈ আছু তথা নেছুৰ আন্দোলন অব্যাহত থাকিব।

ধুবুৰী – ফুলবাড়ি দলং নিৰ্মাণ কামৰ শ্ৰমিক সকলৰ প্ৰতিবাদ।

ধুবুৰী -ফুলবাড়ি দলং নিৰ্মাণ কামৰ শ্ৰমিক সকলৰ প্ৰতিবাদ ।পিছে হঠাৎ কিয় প্ৰতিবাদ সাব্যস্ত কৰি গৰজি উঠিল এই সকল শ্ৰমিকে।শ্ৰমিক সকলৰ এই প্ৰতিবাদ হৈছে এল এণ্ড টি নামৰ কোম্পানীটোৰ বিৰুদ্ধে ।প্ৰায় ৩০/৩৫ জন শ্ৰমিক সকলে ধুবুৰী -ফুলবাড়ি দলং নিৰ্মাণত কাম কৰি আহিছিল যদিও পাচ মাহ ধৰি কামৰ প্ৰাপ্ত ধন পোৱা নাই ।পিছে ঠিকাদাৰৰ অধিনত থকা এই সকল শ্ৰমিকক ঠিকাদাৰেও দিব পৰা শ্ৰমিক সকলৰ মজুৰি ।আচলতে এল এণ্ড টি নামৰ কোম্পানীটোৱে সময় মতে প্ৰদান কৰা নাই শ্ৰমিক সকলৰ প্ৰাপ্ত ধন বুলি অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী শ্ৰমিক সকলে । ১২ ঘন্টা কাম কৰাৰ পাছত সময় মতে প্ৰাপ্ত ধন নোপোৱা ফলত এই সকল শ্ৰমিকৰ পৰিয়ালত হৈছে চৰম কষ্ট ।


ইয়াৰ উপৰিও কম্পানীটোৰ পৰা শ্ৰমিক সকলে নিজৰ প্ৰাপ্ত ধন বিছাৰিলে কাম এৰি দিবলৈ কয় বুলি অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী শ্ৰমিক সকলে ।দৰাচলতে শ্ৰমিক সকলে নিজৰ প্ৰাপ্ত ধন আদায় বাবে উপায়হীন হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ।

গোৱালপাৰাত আৰক্ষীৰ গুলীত নিহত তিনি জনকৈ দুধৰ্ষ ডকাইত

গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তর্গত টুকুৰাত যোৱা নিশা ন’ মান বজাত আৰক্ষীৰে হোৱা সংঘৰ্ষত তিনি জনকৈ দুধৰ্ষ ডকাইত নিহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰামতে ডকাইত কেইজনে এখন বলেৰ’ পিকআপ বাহনত খাপপিটি তামোলভৰ্তি ট্ৰাকত ডকাইতি কৰিবলৈ চেষ্টা চলাই আছিল ! এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে উক্ত খবৰ লাভ কৰি বলেৰ’ পিক আপ বাহনক লক্ষ্য কৰি আগবাঢ়ি যায় যদিও বাহন খনৰ ভিতৰত থকা ডকাইত কেইজনে প্ৰথমে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে প্ৰত্ত্যুতৰত আৰক্ষীয়েওঁ গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত প্ৰায় দহ মিনিট সময় ধৰি সংঘৰ্ষ হয় ! পিছত আৰক্ষীৰ গুলীত 3 জন কৈ দুধৰ্ষ ডকাইত নিহত হয় ! নিহত ডকাইত কেইজনক ছাহজাহান আলী , নজমুল হক আৰু সুজল হক বুলি চিনাক্তকৰণ কৰা হৈছে আৰু ইতিমধ্যে নিহত ডকাইত কেইজনৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিতসালয়ৰ মর্গত ৰখা হৈছে বুলি জানিব পৰা গৈছে।


আৰক্ষীৰ বাবে মষ্ট ওৱান্টেড নিহত ডকাইত কেইজনে জিলাখনৰ বিভিন্ন প্ৰান্তত চুৰি , ডকাইতি , অপহৰণ আদি কাণ্ড সংঘটিত কৰি সন্ত্ৰাস চলাই আহিছিল ! উল্লেখযোগ্য যে কিছুদিন পুর্বে গোৱালপাৰাৰ ৰাক্ষসিনী অঞ্চলত আৰক্ষীয়ে চলোৱা এনকাউন্টাৰত আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এজন দুধৰ্ষ ডকাইত গুৰুতৰভাৱে আহত হৈছিল ! উক্ত ৰিংকুৰে সহযোগী আছিল যোৱা নিশা নিহত দুধৰ্ষ ডকাইত কেইজন।

চিৰাঙত আমছুৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দুদিনীয়া কাৰ্য্যসুচিৰ সামৰণী

বিটিচিত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিক যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, তাৰ বাবে বিটিচি প্ৰশাসনে গুৰুত্ব সহকাৰে বিষয়টো বিবেচনা কৰিছে ৷ এই মন্তব্য কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ আজি চিৰাং জিলাৰ আইনৈৰ পাৰত হাগ্ৰামা দলঙৰ কাষত তুলসীঝৰা গাঁৱত অনুষ্ঠিত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ডি ভোটাৰৰ বিষয়টো ৰাজ্য চৰকাৰৰ ৷ বিটিচিত যাতে প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে বিটিচি প্ৰশাসনে কেবাজনো অধিবক্তা নিয়োগ কৰা ইয়াৰ পৰামৰ্শ গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷ তেওঁ প্ৰকাশ কৰে যে, বিগত ২০০৩ চনৰ ২০ ফেব্ৰুৱাৰীৰ পাছত অহা কোনো লোককে বিটিচিত থাকিবলৈ দিয়া নহব ৷

সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ত্ৰিপুৰাৰ সমাজকৰ্নী, সংখ্যালঘু আৰু জনজাতি ৰাইজৰ হকে কাম কৰি অহা প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱশৰ্মাই দেশৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ লাভৰ বাবে প্ৰতিজন নাগৰিকে যুঁজ দিব লাগিব বুলি মন্তব্য কৰে ৷ তেওঁ অসমৰ সংখ্যালঘূ সকলৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ ৰাজনৈতিক দল সমূহৰ নেতা সকলে ৰাইজৰ ভোট লাভৰ জৰিয়তে ক্ষমতা দখল কৰি ৰাইজৰ দুখ দুৰ্দশা, সমস্যাৰ কথা পাহৰি যায় বুলি কয় ৷ একেদৰে গণতন্ত্ৰৰ নামত প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি দায়বদ্ধ হলে ৰাজনৈতিক নেতা সকলে কৰি অহা বঞ্চনা পৰিহাৰ কৰিব বুলি প্ৰকাশ কৰে৷

সভাত মণিপুৰ ৰাজ্যৰ পৰা মণিপুৰ মুছলীম ছাত্ৰ সন্থাৰ সভাপতি খাঁ আয়ুয় শ্বাহ সন্মানীয় অতিথিৰূপে উপস্থিত থাকি মণিপুৰৰ মুছলিম সমাজৰ ইতিহাস, সমাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে ৷ আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে মুকলি কৰি আমছুৰ কাম কাজ আৰু অধিক মৌলিক হোৱাটো কামনা কৰাৰ লগতে বিটিচিত সংখ্যালঘু জনগোষ্ঠীটোৰ উন্নয়ন কৰাৰ বাবে এগৰাকী কাৰ্যকৰী সদস্য মনোনীত কৰাৰ বাবে বিটিচি প্ৰশাসনক আহ্বান জনায় ৷ সভাত আমছুৰ প্ৰাক্তন সভাপতি ছানছুল হক, ছবিৰ ৰহমান, সাংবাদিক আফ্ৰিদা হুছেইন সহ কেবাজনো অতিথিয়ে ধৰ্মীয় সংখ্যালঘু সমাজ আজিও চৰকাৰৰ পৰা অৱহেলিত হৈ অহা বুলি আক্ষেপ প্ৰকাশ কৰে ৰাজ্য খনৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি আৰু কেবাহেজাৰ লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানত এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে এখনি আলোচনী উন্মোচন কৰা হয় ৷

উল্লেখযোগ্য যে,আমছুৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৱে দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্ৰথম দিনা ছাত্ৰ- ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ চিৰাং জিলাৰ তুলসীঝৰা আই নৈৰ পাৰত চিৰাং জিলা সমিতিৰ উদ্যোগত আৰু বিজনী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত বুধবাৰে মূল পতাকাৰ লগতে ৪২ খন পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসত আলোচনা চক্ৰ, ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ, সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বৃহস্পতি বাৰে আমছুৰ দুদিনীয়া কাৰ্য্যসুচিৰে অনুষ্টিত প্ৰতিষ্টা দিৱসৰ সামৰণী পৰে। নিশা বাবু বৰুৱাকে আদি কৰি কেবাগৰাকি শিল্পিৰ সাংস্কৃতিক সন্ধীয়াৰ অনুষ্টান অনুষ্টিত হয়।

ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত ক্ৰাইষ্টচাৰ্চ…

৩ এপ্ৰিলত মহিলা বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডে। নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত মহিলা বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত দুই শক্তিধৰ মহিলা। এই ফাইনেলতে ইতিহাস ৰচিব এগৰাকী ভাৰতীয়ই। প্ৰথমবাৰলৈ আই চি চি আন্তৰাষ্ট্ৰীয় পেনেলৰ মেচ ৰেফাৰী ভাৰতৰ জি এছ লক্ষ্মীয়ে ফাইনেলখনত দায়িত্ব পালন কৰিব মেচ ৰেফাৰী হিচাপে।

পুৰুষৰ মেচতো মেচ ৰেফাৰীৰ দায়িত্বত থকা প্ৰথম গৰাকী মহিলা জি এছ লক্ষ্মী। কেৱল সেয়াই নহয় প্ৰথমবাৰলৈ ৪গৰাকী মহিলা আম্পায়াৰে চম্ভালিব বিশ্বকাপ ফাইনেলৰ দায়িত্ব। যাৰ বাবে আজি ICC-এ টুইটাৰ যোগে প্ৰকাশ কৰে – ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চ।

মাত্ৰ ৬দিনতে ৭০০ কোটি টকা উপাৰ্জনৰ দিশে RRR…

বাহুবলীৰ পিছত এছ.এছ. ৰাজামৌলীৰ আন এটা মেগা উপহাৰ RRR। সমগ্ৰ বিশ্বতে এতিয়া ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ছবিখনে। মুক্তিৰ মাত্ৰ ৬ দিনতে ছবিখনে এতিয়া ৭০০ কোটি টকা উপাৰ্জনৰ দিশে আগবাঢ়িছে। ছবিখনে মুক্তি লাভ কৰাৰ পিছত প্ৰতিটো দিনতে ১০০ কোটিৰ আশে-পাশে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

যদি ছবিখনে আগন্তুক ৪ দিনত একে গতি ধৰি ৰাখে তেন্তে ১০০০ কোটিৰ ক্লাবত অন্তৰ্ভুক্ত হ’ব। আৰু ভাৰতীয় ছবিৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰায় সকলো অভিলেখ ভংগ কৰিব।উত্তৰ আমেৰিকাত ছবিখনে ১০ মিলিয়ন আমেৰিকান ডলাৰৰো অধিক উপাৰ্জন কৰিছে। যি ভাৰতীয় টকাৰ হিচাপত ৭৫ কোটিৰো অধিক। খবৰ অনুসৰি বুধবাৰে ছবিখনৰ বক্স অফিচ কালেকশ্যন পূৰ্বৰ তুলনাত কিছু হ্ৰাস হৈছে।

আৰ আৰ আৰৰ ৱৰ্ল্ড ৱাইড কালেকশ্যনঃ

প্ৰথম দিনাঃ ২৫৭.১৫ কোটি।
দ্বিতীয় দিনাঃ ১১৪.৩৮ কোটি।
তৃতীয় দিনাঃ ১১৮.৬৩ কোটি।
চতুৰ্থ দিনাঃ ৭২.৮০ কোটি।
পঞ্চম দিনাঃ ৫৮.৪৬ কোটি।পঞ্চমদিনাৰ অন্তত ৬২১.৪২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল দক্ষিণ ভাৰতৰ বহুচৰ্চিত ছবিখনে।

মন্দিয়াত মূল্য বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতি…

দেশ তথা ৰাজ্যত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। ইতিমধ্যে ৰাজ্যত পেট্ৰ’লে শতকৰ দেওনা অতিক্ৰম কৰাৰ পাছত গৰজি উঠিল বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি  সংগ্রাম সমিতি। আজি বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া বজাৰ পুৰণি বাছ আস্থানত দেশৰ প্ৰধান মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে বিভিন্ন শ্লোগানেৰে  পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বৰ্তমান পেট্ৰোল আৰু ডিজেলৰ দাম আৰু ঘৰ নিৰ্মাণৰ সামগ্ৰীত আকাশলংঘী মূল্য বৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে সাধাৰণ খাটি খোৱা ৰাইজক।

আনকি পাঁচ হাজাৰ টকীয়া ৰড ন হাজাৰৰ দেওনা পাৰ কৰিলে। তাকে লৈ সৰৱ হোৱা পৰিলক্ষিত হৈছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত  বৰপেটা জিলাৰ কৃষক মুক্তিৰ সভাপতি কাজী নাজিমুল হকৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হক আদি উপস্থিত থাকে।

চামগুৰিৰ গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়ত সম্বৰ্ধনা সভা…

 নগাঁও জিলাৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ এজন অৱসৰ প্ৰাপ্ত সহ শিক্ষকক আজি স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ তৰফৰ পৰা বিদায়ী সম্বৰ্ধনা জনোৱা হয় ৷ গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি মিলন দাসগুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সভা তথা সম্বৰ্ধনা সভাখনত বিদ্যালয় খনৰ অৱসৰ প্ৰাপ্ত সহ শিক্ষক ধীৰেন কলিতাক স্থানীয় ৰাইজ আৰু গটঙা অঞ্চলৰ দুটা মছজিদৰ লগতে বিদ্যালয় খনৰ তৰফৰ পৰা চেলেং গামোছা জাপি শৰাই আদিৰে বিপুল ভাবে সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত অনুষ্ঠানতে গটঙা বাঙালী প্ৰাথমিক বিদ্যালয়কে ধৰি  বহুকেইখন বিদ্যালয়ৰ তৰফৰ পৰা গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক ধীৰেন কলিতাক গামোছা আদিৰে সম্বৰ্ধনা জনাই ৷ ১৯৮৭ চনতে  গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয় খনত চাকৰি জীৱন আৰম্ভ কৰা ধীৰেন কলিতাই পৰৱৰ্তী সময়ত সমল ব্যক্তি হিচাপে বৰবাৰী অঞ্চলৰ বিদ্যালয়ত যোগদান কৰে যদিও ২০১৪ চনত গটঙা অঞ্চলৰ ৰাইজে শিক্ষা বিভাগৰ ওচৰত দাবী জনাই ধীৰেন কলিতাক পুনৰ গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰি আনিছিল ৷

উল্লেখ্য যে শিক্ষক ধীৰেন কলিতাই উক্ত বিদ্যালয় খনৰ জৰিয়তে   অঞ্চলটোলৈ এক শৈক্ষিক পৰিৱেশ অনাৰ লগতে স্থানীয় সমাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰিছিল বুলি আজি উক্ত সম্বৰ্ধনা সভাখনত বহুকেইজন লোক উপস্থিত থাকি ভাষন প্ৰসংগত উল্লেখ কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷ চলিত বৰ্ষৰ তথা ৩১ জানুৱাৰীৰ ২০২২ বৰ্ষত অবসৰ গ্ৰহন কৰা শিক্ষক ধীৰেণ কলিতাক আজি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে উক্ত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলৰ লগতে বৰ্তমানৰ ছাত্ৰছাত্ৰী সকলৰ অভিভাৱক আৰু স্থানীয় বহুকেইজন লোকে সম্বৰ্ধনা জনাই ৷গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেব চাংমাইয়ে আতঁধৰা সম্বৰ্ধনা সভাখনত গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হাৰুন ৰছিদ, প্ৰসেনজিৎ দাসগুপ্তা, সৰস্বতী বনিক, তাইজুল ইছলাম, সুধাংশু দাস, সুশান্ত দাসগুপ্তাকে ধৰি বহুকেইজন লোক উপস্থিতি থাকে ৷ উক্ত সভাখনত ছাত্ৰী ৰেছমা বেগমে গীত পৰিবেশন কৰি উপস্থিত ৰাইজক আকৰ্ষণ কৰে ৷

অৱশেষত লক্ষীপুৰত আফিং খেতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ …

 গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু চুনাৰী থানাৰ অন্তৰ্গত চৰাঞ্চল সমূহত এটি দুষ্ট চক্ৰই  হেক্টৰে হেক্টৰে অবৈধ ভাবে কৰা আফিং খেতিৰ মূল অভিযুক্ত আব্দুল জব্বৰ অৱশেষত আৰক্ষী  জালত । আজি এই মূল অভিযুক্ত গৰাকীক লক্ষীপুৰ আৰু  চুনাৰীৰ থানাৰ যৌথ অভিযানত চুনাৰী বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে লক্ষীপুৰ আৰু চুনাৰী থানাৰ অন্তৰ্গত লতিবাৰী ,জাইখোৱা , পাঠা কাটা , চিতলমাৰী, মাজেৰ চৰ , পুথিমাৰী , বালিকাচি, হাগুৰীপাৰা আদি চৰ সমুহত এটি দুষ্ট চক্ৰই হেক্টৰে হেক্টৰে এই বৰ বিষ আফিং খেতি কৰিছিল ।

এনে আফিং খেতিৰ বিৰুদ্ধে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি , অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকা , উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা , বৰ্ডাৰ ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাহাৰী কোঁৱৰ , লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগু সহ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দলে এঘাৰ বাৰকৈ অভিযান চলাই প্ৰায় ছয় শ বিঘা আফিং খেতি ধ্বংস কৰিবলৈ সক্ষম হৈছিল । ইতিমধ্যে আৰক্ষীয়ে ইয়াৰ পূৰ্বে তিনিজনকৈ আফিং খেতিৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও  এই মূল অভিযুক্ত আব্দুল জব্বৰ পলাতক অৱস্থাত আছিল ।  এই গৰাকী মূল অভিযুক্ত আব্দুল জব্বৰ হত্যাৰ গোচৰতো জড়িত বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই জানিবলৈ দিয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে আব্দুল জব্বৰক সোধ পোছ অব্যাহত ৰাখিছে ।

ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে কি ক’লে?

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানে পাকিস্তানত গুৰুত্বপূৰ্ণ আস্থা ভোটৰ পূৰ্বে আগবঢ়াইছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। এক সাক্ষাৎকাৰত ৰেহমে কয় যে, ‘ইমৰান খান ভ্ৰমত ভুগি আছে। তেওঁ কাৰো পৰামৰ্শ শুনিব নিবিচাৰে। যদি তেওঁ সঁচাকৈয়ে পৰামৰ্শ শুনিলে হেতেন, তেন্তে মই এতিয়াও তেওঁৰ পত্নী হৈ থাকিলোহেঁতেন। হয়তো বাকীসকলেও তেওঁক এৰি নাথাকিলহেঁতেন।’ ৰেহমে কয়, ‘তেওঁ নিজকে ঈশ্বৰ আৰু এজন তাৰকা বুলি ভাবে, যি সদায় নিজৰ প্ৰশংসা শুনিব বিচাৰে। তেওঁৰ নামৰ সৈতে ধুমুহাৰ দৰে হাততালিৰ শব্দ শুনিব বিচাৰে।’ আগন্তুক আস্থা ভোট সন্দৰ্ভত ৰেহেমে কয়, ‘তেওঁক বহুলোকে কৈছে যে আপুনি এৰি যাব লাগে আৰু কমেও আপোনাৰ মূল্য ৰক্ষা কৰা হ’ব। কিন্তু মই নাভাবো যে তেওঁৰ অভিধানত সন্মানজনক পোষ্ট আছে। যদি তেনে হ’লহেঁতেন, ইমৰাণ সেই পথেৰে নাহিলহেঁতেন। দৰাচলতে, সন্মান শব্দটো তেওঁৰ সৈতে মিলাব নোৱাৰি। ইমৰাণৰ গুণাগুণ, যিটো মই শেষবাৰৰ বাবে আমাৰ বিয়াৰ দিনা দেখিছিলো।’

একে সময়তে, ৰেহমে ইমৰাণৰ দেশ চলোৱাৰ পদ্ধতিক সমালোচনা কৰে। ‘মই সঁচাকৈয়ে নাজানো কিয় ইমৰাণক বিগত চাৰি বছৰ ধৰি দেশ চলাবলৈ অনুমতি দিয়া হৈছিল। সেয়েহে আজি এয়া হৈছে দেশ, ৰাষ্ট্ৰৰ দুৰ্দশা।’ ইমৰানে অভিযোগ কৰিছিল যে চৰকাৰখন কৰ্তন কৰাৰ তেওঁৰ প্ৰয়াস প্ৰকৃততে এটা বৃহত্তৰ বিদেশী ষড়যন্ত্ৰৰ অংশ আছিল। ইয়াৰ প্ৰত্যুত্তৰত ৰেহমে কয়, ‘ইমৰাণে যি গপ্পো বিয়পাইছে সেয়া আনকি দ্বিতীয় শ্ৰেণীৰ চলচ্চিত্ৰতো দেখা নাযায়।’দেওবাৰে ইছলামাবাদত অনুষ্ঠিত এক ৰাজহুৱা সভাত ইমৰানে দাবী কৰে যে পানীৰ দৰে বিদেশী ধন খৰচ কৰি তেওঁৰ চৰকাৰ কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। ইমৰাণৰ ফালৰ লোকসকলকো ব্যৱহাৰ কৰা হৈছে। একে সময়তে, ইমৰাণে কয় যে যিমানেই চাপ সৃষ্টি নহওক, তেওঁ অন্যায়ৰ সৈতে আপোচ নকৰে।