Home Blog Page 2441

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ সহ উপাধ্যক্ষৰ উপস্থিতিত দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা

দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ(SITA) ৰ সহ উপাধ্যক্ষ ৰমেন ডেকাই  দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আচঁনি সমূহৰ বিষয়ে সভা খনত বিস্তৃতভাৱে আলোচনা কৰা হয় । মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াও সভাখনত উপস্থিত থাকে । উল্লেখযোগ্য যে আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিছ পৰি থকা জিলা সমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে।

ইয়াৰ অধীনত জিলা সমূহৰ মাজত প্রতিযোগিতামূলক ভাৱৰ জৰিয়তে ৫ টা অর্থ-সামাজিক ক্ষেত্ৰত যেনে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জল সম্পদ, অর্থনৈতিক অর্ন্তভুক্তি আৰু কৌশল বিকাশ, আন্তঃগাঠনিৰ ৪৯ টা মূল প্রদর্শন সূচাংকৰ (Key Performance Indicator) ডেল্টা ৰেংকিংত উন্নয়ণ সাধন কৰিবলৈ পদক্ষেপ গ্রহন কৰে ।

বিভিন্ন শিতানত দৰং জিলাই সাধন কৰিবলৈ সক্ষম হোৱা উন্নয়নৰ প্রশংসা কৰি সহ উপাধ্যক্ষ গৰাকীয়ে কয় যে জিলাখনক দেশৰ ভিতৰতে এক উন্নত জিলা হিচাপে পৰিগণিত কৰিবৰ বাবে জিলা প্রশাসন আৰু সকলো বিভাগে উন্নয়নমূলক আচঁনি সমূহক ত্বৰানিত গতিৰে ৰূপায়ণ কৰিব লাগিব। আকাংক্ষিত জিলা প্রকল্পৰ সময়সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখনৰ সকলো স্তৰৰ বাসিন্দাসকল লাভান্বিত হ’ব বুলি তেওঁ কয় । ইয়াৰ লগতে তেওঁ পিছপৰি থকা দিশসমূহৰ প্রদর্শনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ নির্দেশ প্রদান কৰে। আজিৰ সভাখনত দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে।

লাহৰীঘাটৰ ধিঙ্গৰআটিত নগদ ধন সহ ১ ড্ৰাগছ সৰবৰাহকাৰী আটক…..

লাহৰীঘাটৰ ধিঙ্গৰআটিত নগদ ধন সহ ১ ড্ৰাগছ সৰবৰাহ কাৰী আটক । যোৱা নিশা মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত ধিঙ্গৰআটি গাঁৱৰ পৰা ছফিকুল ইছলাম (৩৫ ) নামৰ ১ কুখ্যাত ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নগদ ৫৮ হাজাৰ টকা আৰু ৯ টা সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে। উল্লেখ্য যে দীর্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি গোপনে অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ ব্যৱসায় কৰি আছিল।

ৰাজ্যত পুনৰবাৰ কুলাংগাৰ পুত্ৰ আৰু বোৱাৰীৰ নিৰ্যাতনৰ বলি পিতৃ-মাতৃ….

পুত্ৰ আৰু বোৱাৰীৰ হাতত অত্যাচাৰৰ বলি হোৱা ভাই, বোৱাৰীক উদ্ধাৰ কৰিবলৈ যোৱাত নিজ খুৰায়েকক নাৰী নিৰ্যাতনৰ অভিযুক্ত সজালে ভতিজা শ্বহিদুল ইছলাম।ভতিজাৰ বেৰোণীয়া বাহিনীৰ আক্ৰমণত খুৰা ময়নুল হকে মৃত্যুৰ সৈতে যুজিছে জি এম চি এইছ’ত।

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।উল্লেখ যে মহিমাৰী গাঁৱৰ আব্দুল মজিদৰ কুলাংগাৰ পুত্ৰ শ্বহিদুল ইছলামৰ সৈতে দীৰ্ঘদিনৰ পৰা চলি আছে পাৰিবাৰিক কন্দল।পুত্ৰ আৰু বোৱাৰীৰ হাতত একাধিক বাৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আব্দুল মজিত আৰু তেওঁৰ পত্নী।শুক্ৰবাৰে পুত্ৰ শ্বহিদুল ইছলাম আৰু তেওঁৰ পত্নীয়ে মিলি বৃদ্ধ পিতৃ- মাতৃৰ ওপৰত চলাই অকত্য নিৰ্যাতন।

শ্বহিদুল ইছলামৰ পিতৃ-মাতৃৰ চিঞৰ-বাখৰৰ শব্দ শুনি ঘটনাস্হলীত উপস্থিত হয় ওচৰ চুবুৰীয়াৰ লগতে শ্বহিদুল ইছলামৰ খুৰায়েক শিক্ষক ময়নুল হক। পিছত শ্বহিদুল ইছলাম আৰু তেওঁৰ পত্নীয়ে মিলি খুৰায়েক ময়নুল হকৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ শালিনতা হানি কৰাৰ অভিযোগ তুলি আৰক্ষীত এজাহাৰ দাখিল কৰে।

ইফালে শ্বহিদুল ইছলামৰ পত্নীয়ে আৰক্ষীত শিক্ষক ময়নুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত ময়নুল হকে গৰৈমাৰীৰ পৰা ঘৰমুৱা হ‌ওতে শ্বহিদুলৰ সৈতে তেওঁৰ ভেৰোণীয়া বাহিনীয়ে বাটত আগুছি ধৰি পুনৰ আক্ৰমণ কৰি গুৰুতৰবাবে আহত কৰে ময়নুল হকক। সম্প্ৰতি শিক্ষক ময়নুল হকে মৃত্যুৰ সৈতে যুজঁ দি আছে জি এম ছি এইছ’ত।

ধেমাজিত ড° বনজিৎ ভট্টৰ ‘লেহেতি নাচনী’ শুভ উদ্ধোধন

চহা জীৱনৰ প্ৰেম-বিৰহৰ প্ৰতিচ্ছবি পোৱা যায় বনগীতত। পথাৰৰ  প্ৰকৃত গ্ৰাম্য পটভূমি লুকাই থাকে বনগীতত। বৰ্তমান এই বনগীতৰ আমাৰ সমাজৰ বৰকৈ শুনা নাযায়। এদিন এনেকৈ হেৰাই যাব নেকি খেতিয়কৰ পথাৰ আৰু কেচঁমাটিৰ পৰশিত বনগীত সমূহ? এয়া মোৰ মনৰ মাজত তীব্ৰ আক্ষেপ। যাৰ বাবে পথাৰ ভাল পোৱা মানুহৰ ওচৰলৈ গৈ ম‌ই ভিক্ষা খোজিছিলো মোক এটা গীত‌ লাগে। বনগীত। যি গীতে আকৌ জোৱাৰ আনিব পাৰে কৰ্মযোগী ৰংমন-ৰাংঢালীৰ মন আৰু প্ৰাণ।

এদিন লগ পাই গলো বনগীতৰ সাগৰত সাঁতুৰি মুকুতা বুটলা ডিব্ৰুগড়ৰ দীননাথ তামুলীক।এই এটি মুকুতা লৈ আনিলো ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ। আৰু আজি যাৰ ফল নিৰলা পঁজা নিৱেদন ‘লেহেতি নাচনী’। পথাৰ ভালপোৱা ৰাইজলৈ উৰ্চগা কৰি মুকলি কৰি দিলো মোৰ সপোনৰ ‘লেহেতি নাচনী’। -এই বক্তব্য সংগীতশিল্পী তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বনজিৎ ভট্টৰ। ধেমাজি ৰেক্ট্ৰিক্স বিদ্যালয়ৰ প্ৰাঙ্গনত এই বনগীতটি মুকলি কৰে ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গুনিন্দ্ৰ ডেকাই। দীননাথ তামুলীৰ ৰচনাৰ গীতটি সজাই পৰাই দিছে শিল্পী ড° ভট্টৰ লগতে পৰিকল্পনা-পৰিচালনাত ভৱেন তামুলী, চিত্ৰগ্ৰহণত আকাশদ্বীপ গগৈ, সংগীতত প্ৰদীপ ৰঞ্জন দত্ত, সংগীত সংমিশ্ৰণত মহেন্দ্ৰ দত্ত, গ্ৰাফিক সম্পাদনা  হোমেন শ‌ইকীয়া, গিৰিণ কছাৰী,প্ৰণৱ চুতীয়া আদিয়ে। সম্পূৰ্ণ গ্ৰাম্য পটভূমি সম্বলিত দৃশ্যগ্ৰহণ কৰা  ভিডিঅ’টিত অভিনয় ক্ৰমে বিশ্বজিৎ কোঁচ,আটলাটিকা গগৈ আৰু শিশু অভিনেত্ৰী চিন্ময়।

গীতটি মুকলি কৰি উন্মোচন আৰক্ষী বিষয়াই কয়- সংগীতৰ যোগেদি মানুহৰ সুখ-দুখ ভগাব পাৰি। শিল্পীয়ে সজাই দিয়া গীতৰ মাজতে লুকাই আছে প্ৰকৃত শিপা। শিপা বিচৰাটো আমাৰ দায়িত্ব বুলি উল্লেখ কৰে। একদৰে অনুষ্ঠান অতিথি হিচাপে লেখক-অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলিন বৰগোহাঁই কয়- বিশ্বত অস্থিৰ পৰিৱেশ। এই পৰিবেশত গানে দিয়ে সাহস আৰু  জীয়াই থকাৰ প্ৰেৰণা। তাতে প্ৰকৃতাৰ্থত গ্ৰাম্য জীৱনৰ পটভূমি এটি শ্ৰাব্য আৰু দৃশ্যগ্ৰহণ কৰিলো সুন্দৰ বনগীত বুলি মন্তব্য কৰে। একেদৰে ধেমাজিৰ সাংস্কৃতিক কৰ্মী নিপ কোঁৱৰে এয়া প্ৰজন্মৰ প্ৰতি অনন্য চিন্তক বাৰ্তা বুলি মত ব্যক্ত কৰে। লগতে ধেমাজিত এক সাংস্কৃতিক পৰিৱেশ ঘূৰি অহা বুলিও সদৰি কৰে। অনুষ্ঠানত নাট্যকাৰ হেমন্ত বৰপাত্ৰগোঁহায়ে গীতিকাৰ চিত্তকল্প আৰু শিল্পী যুগলবন্দীৰ কথা চমূ অৱলোকন কৰে।

অনুষ্ঠানত অধ্যাপক দিগন্ত কাকতিয়ে বনগীত পুনৰ জীয়াই ৰখাৰ স্বাৰ্থত শিল্পী কলা-কুশলীক আৰু অধিক মনোনিবেশ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানত ৰেক্ট্ৰিক্স বিদ্যালয়ৰ পৰিচালক সঞ্চালক লক্ষী হাজৰিকা কবি নবীন বুঢ়াগোহাঁই, সাংস্কৃতিক কৰ্মী ৰূপজ্যোতিৰ লগতে যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে।

শিৱসাগৰৰ সংস্কৃতিবান হিন্দু যুৱকে খুৱালে চে্হৰীৰ আহাৰ

হিন্দু কি মুছলমান,একে আল্লাৰ ফৰমান,মোৰ মনত একেটি ভাব”সাত সাগৰ তেৰ নদী পাৰ হৈ সূদুৰ পাৰস্যৰ পৰা আহি অসম মুলুকৰ শিৱসাগৰ জিলাত থিতাপি লৈ জনসাধাৰণৰ মাজত ঐক্য-সম্প্ৰীতিৰ বাণী বিলোৱা চুফী সাধক আজানপীৰ চাহেবৰ এই ঐক্য-সম্প্ৰীতিৰ আৰু ভাতৃত্ববোধৰ বাণী আকৌ এবাৰ জীপাল হৈ উঠিল ১৮৩৮ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত ঐতিহাসিক নাজিৰা পুৰণা মছজিদত অনুষ্ঠিত এক চে্হৰী অনুষ্ঠানত।যি সময়ত ভাৰত তথা অসমৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক বিষবাষ্পৰে একাংশই পৰিৱেশ কলুষিত কৰিছে,সেই সময়ত শিৱসাগৰ জিলাৰ চেৰেকাপাৰ বগৰীতলৰ সমাজকৰ্মী প্ৰয়াত অনিল চন্দ্ৰ বড়াৰ সংস্কৃতিৱান পুত্ৰ পাৰ্থপ্ৰতিম বড়াই ঐতিহাসিক নাজিৰা পুৰণা মছজিদত ৰোজাদাৰ সকলক চেহৰীৰ আহাৰ খুৱাই এক সুন্দৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে।

উল্লেখ্য যে নাজিৰাৰ এই ঐতিহাসিক পুৰণা মছজিদ পৰিচালনা সমিতিৰ সভাপতি আলহাজ ৰেকীবুদ্দিন আহমেদ আৰু সম্পাদক ফাৰুকুদ্দিন আহমেদৰ উদ্যোগত আৰু জামাতৰ বিভিন্নজন শুভাকাংক্ষীৰ সহযোগত চলিত ৰমজান মাহৰ প্ৰথমৰ পৰাই মাদ্ৰাছাৰ দৰিদ্ৰ ছাত্ৰ আৰু বিভিন্ন স্হানৰ পৰা অহা অতিথিসকলক বিনামূলীয়াকৈ চে্হৰী আৰু নাজিৰা পুৰণা মছজিদ ডেকা জামাতৰ উদ্যোগত ইফটাৰৰ ব্যৱস্থা কৰি আহিছে।

এই চে্হৰীৰ অনুষ্ঠানতে ২৯এপ্ৰিলৰ পুৱতি নিশালৈ চেৰেকাপাৰৰ সংস্কৃতিবান-সমাজকৰ্মী যুৱক পাৰ্থপ্ৰতিম বড়াই মছজিদৰ অন্তৰ্গত প্ৰায় অৰ্ধশতাধিক ৰোজাদাৰক চে্হৰীৰ আহাৰ খুৱাই ঐক্য-সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।এই উদ্দেশ্য পাৰ্থপ্ৰতিম বড়াই পুৱতি নিশা ২-০০ বজাত শুৱাৰ পৰা উঠি পুৱতি নিশা ২-৪৫বজাত ঐতিহাসিক মছজিদত অনুষ্ঠিত চে্হৰী অনুষ্ঠানত অংশ গ্ৰহণ কৰি নিজেও চে্হৰীৰ আহাৰ গ্ৰহণ কৰাৰ লগতে এক ৰাজহুৱা দোৱাত অংশ গ্ৰহণ কৰে।ৰোজাদাৰ সকলে ঐক্য-সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা সংস্কৃতিৱান যুৱক পাৰ্থপ্ৰতিম বড়াৰ মঙ্গল কামনা কৰি দোৱা কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে দোৱা কৰে।ইফালে পুৱতি নিশা ৰোজাদাৰক চে্হৰীৰ আহাৰ খুৱাই আত্ম সন্তুষ্টি লাভ কৰাৰ কথা ব্যক্ত কৰে পাৰ্থপ্ৰতিম বৰাই।

হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক,এ.এন.এম, স্বাস্থ্যকৰ্মীক বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক,এ.এন.এম, স্বাস্থ্যকৰ্মীকে আদি কৰি ৬ গৰাকীকৈ বিদায়ী প্ৰাৰ্থীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন ।

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত আজি চিকিৎসক,এ.এন.এম, স্বাস্থ্যকৰ্মীকে আদি কৰি প্ৰায় ৬ গৰাকীকৈ বিদায় প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰৰ্থে এখনি বিদায় সভা সম্পন্ন হ’য় । সভাৰ সভাপতিত্ব কৰে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা° গৌৰাংগ দাসে।সভাৰ উদ্দেশ্য বাখ্যা কৰে স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই।

সভাত সদ্য অৱসৰ প্ৰাপ্ত ৬ গৰাকীকৈ স্বাস্থ্য কৰ্মী তথা চিকিৎসক ক্ৰমে ডা° হলিৰাম দাস,এল.এইটচ.এচ. মিলন ৰাজবংশী,এ.এন.এম নিৰদা কলিতা,এ.এন.এম নিৰলা দাস,ফাৰ্মাৰ্চিষ্ট তাইজুদ্দিন আহমেদ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কমলেশ্বৰ পাটোৱাৰীক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হ’য়।প্ৰত্যেককে এখনি ফুলাম গামোছা,এটি পিতলৰ শৰাই আৰু এখনি মানপত্ৰৰে আনুষ্ঠানিকভাৱে আজি বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হ’য়।ইয়াৰ পিছতে শিৱ বন্দনা পৰিৱেশনৰে অনুষ্ঠানটি জীপাল হৈ পৰে।লগতে বিদায় প্ৰাৰ্থীবৃন্দই সুদীৰ্ঘ কৰ্মজীৱনৰ স্মৃতি আলোকপাত পাত কৰি কিছু পৰিমানে আৱেগিক হৈ পৰা পৰিলক্ষিত হ’য় ।

অনান্য সতীৰ্থসকলেও ভাষণ প্ৰসংগৰে বিদায় প্ৰাৰ্থীবৃন্দৰ অনাগত জীৱন সুখময় আৰু সু- স্বাস্থ্য কামনাৰে শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰে। সভাৰ শেষত স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত সভাৰ সফল সামৰণি পৰে।তদুপৰি সভাত চিকিৎসালয়ত কৰ্মৰত প্ৰায়সংখ্যক চিকিৎসক,নাৰ্চ,এ.এন.এম,আশা কৰ্মীকে প্ৰমূখ্য কৰি প্ৰায় শতাধিক লোক উপস্থিত থকা পৰিলক্ষিত হৈছে।

কেজিএফ’ তাৰকা ৰকিৰ দৰে দাড়ি পাবলৈ সহজ উপায়

আজিৰ সময়ত ঘন আৰু দীঘল দাড়ি বহুত ট্ৰেণ্ড হৈ আছে। সকলোৱে ঘন আৰু দীঘল দাড়ি ৰখাৰ বহুতো উপায় গ্ৰহণ কৰি আছে। ‘কেজিএফ’ ৰকি চলচ্চিত্ৰখনৰ তাৰকা (ৰকি ওৰফে দাড়িৰ বহুতো লোক অনুৰাগী আৰু তেওঁলোকৰ দৰে দাড়ি ৰাখিব বিচাৰে। যদি আপুনিও সেই লোকসকলৰ মাজৰ এজন, তেন্তে আপুনি প্ৰবন্ধটোত দাড়ি কেনেদৰে গজাব লাগে শিকিব। ‘কেজিএফ’ বোলছবিখনত, অভিনেতা ৰকিৰ দীঘল দাড়ি, গোঁফ আৰু চুলিয়ে তেওঁৰ গেংষ্টাৰক যথেষ্ট বিখ্যাত দেখাইছিল। চিনেমাখনৰ পৰা সকলোৱে তেওঁৰ দৰে ঘন আৰু ক’লা দাড়ি ৰখাৰ চেষ্টা কৰিছিল আৰু দাড়ি বৃদ্ধিৰ বাবে বহুতো পদ্ধতি গ্ৰহণ কৰিছিল। কিন্তু কিছুমান লোক আছে যিয়ে ডাঠ দাড়ি আৰু গোঁফ ল’ব বিচাৰে, কিন্তু এক নিযুত প্ৰচেষ্টাৰ পাছতো, দাড়িৰ দৈৰ্ঘ্য বৃদ্ধি হোৱা নাই ।

যদি আপুনিসেই লোকসকলৰ মাজৰ এজন যাৰ দাড়ি বাঢ়ি থকা নাই, তেনেহ’লে আপুনি কিছুমান প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰিব লাগিব। যদি আপুনি কেজিএফ তাৰকা ৰকিৰ দৰে ঘন দাড়ি ওলব বিচাৰে, তেন্তে প্ৰবন্ধটোত উল্লেখ কৰা প্ৰাকৃতিক দাড়ি বৃদ্ধিপদ্ধতি গ্ৰহণ কৰক, যাতে নিমিষতে ই বাঢ়িব।

অমিতা আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী

অমৃত ফল অমিতা আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।অমিতাৰ উপকাৰীতাৰ কথা আমি সকলোৱে জানো। পাচলি বা ফল হিচাপেও অমিতা সকলোৰে বাবে অতিকৈ প্ৰিয়। কিন্তু অমিতা গছৰ পাত ফলতকৈয়ো যে অধিক গুণসম্পন্ন সেই বিষয়ে আমি সকলোৱে নাজানো। অমিতা পাতৰ বিশেষ গুণ-

* অমিতা গছৰ পাতত কেঞ্চাৰ আৰু মেলেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা আছে।

* অমিতা গছৰ পাতত থকা পেপেইন আৰু কাইমʼপেপেইন এ আমি খোৱা খাদ্যৰ প্ৰʼটিন খিনি সহজতে হজম কৰি পেলোৱৰ লগতে পেটৰ বদ হজম দূৰ কৰে।

* অমিতাৰ পাতত দেহৰ ইনছুলিন হ’ৰমন উদ্দিপ্ত কৰাৰ ক্ষমতা আছে।যি ডাইবিটিছ ৰোগৰ বাবে উপকাৰী।

* অমিতা পাতৰ থকা এন্টি অক্সিজেন সমূহে দেহৰ অক্সিডেটিভ ষ্টেছ দূৰ কৰিবলৈ সক্ষম হয়

* অমিতা পাতৰ ৰসত লিভাৰ সংশোধন কৰিব পৰা শক্তিশালী গুণ আছে।

* অমিতা গছৰ পাত জন্ডিচ আৰু ফেটি লিভাৰৰ সমস্যাৰ বাবে উপযোগী।
ইয়াৰ উপৰিও অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহে আমাৰ স্বাস্থ্যত ভাবিব নোৱাৰাকৈ উপকাৰ সাধন কৰে। এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টি ষ্পাষ্মদিক, এন্টি-ইনফ্লেমেটকী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টি অক্সিজেন হিচাপে কাম কৰিব পাৰে।
লগতে অমিতাত প্ৰচুৰ মাত্ৰ ত পোৱা যায়-কেলছিয়াম, পটাছিয়াম, চডি‌য়াম, মেগনেছিয়াম, আইৰণ আদি।

এম.এছ. ধোনীৰ ফাৰ্মহাউচৰ পৰা হাৰ্দিক পাণ্ডিয়াৰ পেন্টহাউচলৈকে, ভাৰতীয় ক্ৰিকেটাৰ সকলৰ মালিকানাধীন ৬ টা আটাইতকৈ ব্যয়বহুল ঘৰ

আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছৰে পৰা, এম.এছ. ধোনী বেছিভাগ তেওঁৰ ৰাঁচী ফাৰ্মহাউচত নিয়োজিত হৈ আছে, যেতিয়া আন ব্যৱসায়িক উদ্যোগত গুৰুত্ব নিদিয়ে। দৰাচলতে, তেওঁ দুয়োটাকে একত্ৰিত কৰিছে। বিজনেছ টুডেৰ মতে, ধোনীয়ে তেওঁৰ ফাৰ্মহাউচত উৎপাদিত পাচলিবোৰ ডুবাইলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় ক্ৰিকেটাৰসকলৰ মালিকানাধীন অন্যতম শ্ৰেষ্ঠ ঘৰ, ধোনীৰ ৰাঁচী ফাৰ্মহাউচ চহৰখনত থকা তেওঁৰ ঘৰৰ পৰাঅলপ দূৰত্বত আছে। অৱশ্যে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেট অধিনায়ক আৰু উইকেটকিপাৰ একমাত্ৰ আকৰ্ষণীয় বাসস্থান নহয়। একে দামৰ সৈতে এই অত্যাধিক সম্পত্তিবোৰ পৰীক্ষা কৰক।এম.এছ. ধোনীৰ ফাৰ্মহাউচ হাৰ্দিক পাণ্ডিয়াৰ পেন্টহাউচলৈ, ভাৰতীয় ক্ৰিকেটাৰসকলৰ দামী ঘৰ আৰু তেওঁলোকৰ মূল্য কিমান

বিৰাট কোহলীয়ে এইমাত্ৰ আন এটা মাইলৰ খুঁটি স্পৰ্শ কৰিছে, এইবাৰ ছ’চিয়েল মিডিয়াত। ভাৰতীয় ক্ৰিকেট অধিনায়কজন ইনষ্টাগ্ৰামত 100 নিযুত অনুসৰণকাৰী থকা প্ৰথম ভাৰতীয়, এছিয়ান আৰু ক্ৰিকেটাৰ হৈছিল। শেহতীয়াকৈ তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনোৱা কোহলী আৰু অনুষ্কা শৰ্মাৰ সমগ্ৰ দেশতে সম্পত্তি আছে। গুৰগাওঁত তেওঁলোকৰ বাংলো আৰু আলিবাগৰ এটা হলিডে হোমৰ উপৰিও, তেওঁলোকৰ মুম্বাই এপাৰ্টমেণ্টটো ৱাৰ্লিৰ ওমকাৰ 1973 ত আছে আৰু ইয়াৰ মূল্য 34 কোটি টকা, টাইমছ অৱ ইণ্ডিয়াৰ মতে।

উপ-অধিনায়ক ৰোহিত শৰ্মা আৰু তেওঁৰ পৰিয়ালে অধিনায়ক বিৰাট কোহলীৰ এপাৰ্টমেণ্টৰ ওচৰত ৱৰ্লিৰ এটা বিলাসী ঘৰত বাস কৰে। 53 মহলীয়া আহুজা টাৱাৰৰ 29 তম মহলাত ধুনীয়াকৈ বহি, ৱৰ্লি সাগৰীয় মুখৰ মন্ত্ৰমুগ্ধ দৃশ্য প্ৰদান কৰি, ই আটাইতকৈ ব্যয়বহুল ক্ৰিকেটাৰ ঘৰবোৰৰ ভিতৰত এটা। ভাৰতীয় ক্ৰিকেটাৰজনে প্ৰতি ইটিত 30 কোটি টকাত এই সম্পত্তি ক্ৰয় কৰিছিল।

ভাৰতৰ আটাইতকৈ ব্যয়বহুল আৰু আটাইতকৈ ডাঙৰ ক্ৰিকেটাৰ ঘৰবোৰৰ ভিতৰত এটা, এম.এছ. ধোনীৰ বিশাল সম্পত্তি 7 একৰ ভূমিত বহে। এম.এছ. ধোনীৰ ফাৰ্মহাউচটো মুখ্যতঃ দুটা বস্তুৰ দ্বাৰা চিহ্নিত: এটা বিশাল মুকলি পথাৰ আৰু প্ৰাক্তন অধিনায়কে ভাল পোৱা সকলো বস্তুৰ উপস্থিতি। স্থাপত্য ডাইজেষ্টৰ মতে, এইটো এটা আবেগ প্ৰকল্প আছিল যিটো নিৰ্মাণ কৰিবলৈ তিনি বছৰতকৈও অধিক সময় লাগিছিল।

সুৰেশ ৰাইনাই তেওঁৰ পত্নী, প্ৰিয়ংকা আৰু সন্তান গ্ৰেচিয়া আৰু ৰিঅ’ৰ সৈতে তেওঁৰ গাজিয়াবাদৰ ঘৰত অৱসৰৰ পিছৰ দিনবোৰ অতিবাহিত কৰি আহিছে। গাজিয়াবাদৰ ৰাজ নগৰত অৱস্থিত, সুৰেশ ৰাইনাৰ গৃহচহৰ, ঘৰটোৰ ব্যয় ₹18 কোটি। তেওঁৰ নম্ৰ বাসস্থানটোৱে এটা মুচমুচে ডিজাইনৰ গাঁথনি অনুসৰণ কৰে আৰু ইয়াত এক সমসাময়িক অনুভৱ আছে। ইয়াক সেউজীয়া সেউজীয়াৰে আগুৰি আছে আৰু বাৰান্দাখন কিছুমান সুন্দৰ দৃশ্যৰ বাবে মুকলি হয়।

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ দৰে একেটা ভৱনতে যুৱৰাজ সিঙৰ ওচৰত কেইটামান এপাৰ্টমেণ্ট আছে, যাক তেওঁ ঘৰলৈ মাতে। অভিনেত্ৰী হেজেল কিচৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সিঙৰ 35 তম মহলাত দুটা ফ্লেট আছে, 1973 চনত ওমকাৰৰ তিনিটা অট্টালিকাৰ এটাত। প্ৰতি টো খৃষ্টাব্দত এই সম্পত্তি বিনিয়োগে ভাৰতীয় ক্ৰিকেটাৰজনক ৬৪ কোটি টকা ঘূৰাই আনিছে।

হাৰ্ডিক পাণ্ডিয়া আৰু ক্ৰিকেটাৰ ভাতৃ ক্ৰুণাল পাণ্ডিয়াই কেইবছৰমান আগতে টাইমছ অৱ ইণ্ডিয়াৰ সৈতে কথা পাতি থাকোতে (সেই সময়ত তেওঁলোকে তেওঁলোকৰ পেণ্টহাউচ ক্ৰয় কৰিছিল) কৈছিল যে তেওঁলোকৰ পৰিয়ালৰ বাবে একেলগে বাস কৰাৰ বাবে এটা ঘৰ নিৰ্মাণ কৰাটো তেওঁলোকৰ সপোন আছিল। অলিভচ ক্ৰেৰ সৃষ্টিশীল পৰিচালক অনুৰাধা আগৰৱালে ডিজাইন কৰা বদোদৰাত তেওঁলোকৰ বিশাল পেন্টহাউচটো ৬,০০০ বৰ্গফুট জুৰি বিয়পি পৰিছে।

ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ বিদেশত উচ্চ বেতনৰ চাকৰি এৰি যোৱা আইএএছ বিষয়া অভিষেক সুৰানা কোন হয় জানেনে?

অভিষেক সুৰানাই আইআইটি দিল্লীত বৈদ্যুতিক অভিযান্ত্ৰিক অধ্যয়ন কৰিছিল। স্নাতক হোৱাৰ পিছত, সুৰানাই ছিংগাপুৰৰ বাৰ্ক্লেজ ইনভেষ্টমেণ্ট বেংকত উচ্চ বেতনৰ কৰ্পোৰেট চাকৰি লাভ কৰে আৰু পিছত লণ্ডনত বেংকৰ বাবেও কাম কৰে।ইনভেষ্টমেণ্ট বেংকাৰ-আইএএছ বিষয়া সুৰানাই নিজৰ এটা মোবাইল-আধাৰিত এপ ষ্টাৰ্ট-আপ কোম্পানী প্ৰতিষ্ঠা কৰিছিল আৰু চিলিত কাম কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ছোৱাত অভিষেকে অনুভৱ কৰিছিল যে তেওঁৰ জীৱনত এতিয়াও কিবা হেৰাই গৈছে।২০১৪ চনত, অভিষেক সুৰানাই ভাৰতলৈ ঘূৰি আহিবলৈ আকাংক্ষা কৰিছিল, যিটো তেতিয়াই তেওঁ অসামৰিক সেৱাৰ বাবে প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছিল।নিৰ্মাণত এটা সফলতাৰ কাহিনী ইউ.পি.এছ.চি. আই.এ.এছ. পৰীক্ষা, যাক আনুষ্ঠানিকভাৱে অসামৰিক সেৱা পৰীক্ষা বুলি জনা যায়, বছৰি ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন (ইউ.পি.এছ.চি.)ৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। এইটো কেৱল দেশৰ আটাইতকৈ কঠিন পৰীক্ষাবোৰৰ ভিতৰত এটা নহয়, ই আজিৰ যুৱসকলৰ মাজত আটাইতকৈ বেছি বিচৰা পৰীক্ষা।

সঠিক পদ্ধতি আৰু সঠিক পৰিকল্পনাই এজন আকাংক্ষীক তেওঁলোকৰ প্ৰথম প্ৰচেষ্টাত উৰণীয়া ৰঙেৰে আইএএছ পৰীক্ষাৰ মাজেৰে পাৰ হ’ব পাৰে।বৰ্তমান জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আইএএছ বিষয়া অভিষেক সুৰানাই অসামৰিক সেৱা পৰীক্ষা ২০১৮ ত দশম স্থান লাভ কৰিছে। ইয়াৰ আগতে, অভিষেক সুৰানাই তেওঁৰ প্ৰথম দুটা প্ৰচেষ্টাত ইউপিএছচি পৰীক্ষাত সফল হ’ব নোৱাৰিলে কিন্তু তেওঁ নিজৰ আত্মা এৰি দিয়া নাছিল। তৃতীয় চেষ্টাত, তেওঁ পৰীক্ষাত উত্তীৰ্ণ হৈছিল কিন্তু তেওঁ ২৫০ তম স্থান লাভ কৰিছিল, অভিষেকৰ আইএএছ সপোন সম্পূৰ্ণ কৰিবলৈ সেই স্থান পৰ্যাপ্ত নাছিল। সেয়েহে, তেওঁ তেওঁৰ চতুৰ্থ প্ৰয়াস কৰিছিল আৰু সৰ্বভাৰতীয় দশম স্থান লাভ কৰি আইএএছ বিষয়া হৈছিল।এক সাক্ষাৎকাৰত, অভিষেকে কৈছিল যে তেওঁ ইউপিএছচিৰ বাবে মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব লাগিব। ইউপিএছচি যাত্ৰাৰ সময়ত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। প্ৰাৰ্থীজনে এই সকলোবোৰৰ ওপৰত উঠি তেওঁৰ লক্ষ্যত মনোনিবেশ কৰিব লাগিব।তেওঁৰ অভিজ্ঞতা ভাগ বতৰা কৰি অভিষেকে কয় যে মেইনচ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ, এজনে বিতংভাৱে অধ্যয়ন কৰিব লাগিব। কিতাপবোৰ সীমিত ৰাখিব আৰু সেইবোৰ বাৰে বাৰে পঢ়িব। অভিষেকে সংশোধন আৰু টোকা প্ৰস্তুত কৰাৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰে। অভিষেকে কয় আপুনি আপোনাক যি পঢ়িছে, প্ৰায়ে সংশোধন কৰা উচিত, অন্যথা, অধ্যয়ন কৰাৰ কোনো লাভ নাই।